Wednesday 18 May 2016

উৎক্ষেপণৰ বাবে সাজু ভাৰতৰ প্ৰথম মহাকাশ যান RLV-TD


ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ISROৰ বিজ্ঞানী সকলে সাজু কৰি তুলিছে ভাৰতৰ প্ৰথমখন মহাকাশ যান RLV-TD বা Reusable Launch Vehicle - Technology Demonstrator. বিগত সময়চোৱাত ভাৰতে বহুতো মহাকাশ অভিযান সফলতাৰে সম্পন্ন কৰিছে যদিও এই সকলোবোৰ অভিযানত প্ৰক্ষেপক যান PSLV বা GSLVৰ সহায়ত কৃত্ৰিম উপগ্ৰহ আৰু কেতবোৰ ৰকেট তথা Orbiter হে প্ৰক্ষেপ কৰিছিল। শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰি উলিয়াইছে 6.5 মিটাৰ ওখ আৰু 1.75 টন ভৰ বিশিষ্ট RLV-TD নামৰ মহাকাশ যানখন। ISROৰ বিজ্ঞানী সকলে জানিবলৈ দিয়া মতে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশ অভিমুখে উৰা মাৰিব লগীয়া এই মহাকাশ যানখন পৌণপৌণিক ভাবে ব্যৱহাৰ কৰিব পৰা যাব। উৎক্ষেপণৰ ক্ষন্তেক পিছতেই অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিসীমাৰ ভিতৰতেই এই যানখনে শব্দৰ বেগ অতিক্ৰম কৰিব পাৰিব আৰু সেয়ে এই পৰীক্ষামূলক উৰণটোক বিজ্ঞানী সকলে Hyper Sonic Experiment বা HEX নামেৰে নামাকৰণ কৰিছে। যদিহে অহা 23 মে, 2016ৰ পুৱা 9:30 বজাৰ এই পৰীক্ষামূলক উৰণটো সফলতাৰে সম্পন্ন হয়, তেন্তে ই হ'ব ভাৰতীয় মহাকাশ বিজ্ঞানৰ বাবে আন এক মাইলৰ খুটি। ISROৰ এই বিশেষ মহাকাশ প্ৰকল্পটো সফলতাৰে সম্পন্ন হওঁক- এই কামনা কৰাৰ লগতে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ।

No comments:

Post a Comment