Monday 2 May 2016

বহিঃবিশ্বত প্ৰাণৰ সন্ধান



যিশুখ্রীষ্টৰ জন্মৰ প্ৰায় ছয়শ বছৰ আগতে দাৰ্শনিক তথা গণিতজ্ঞ থেলচে (Thales) সর্বপ্রথমে বহিঃবিশ্বৰ গ্রহৰ বুকুত প্রাণৰ ধাৰণাৰটো পোষণ কৰিছিল। তেওঁৰ মতে দৃশ্যমান গ্রহ সমূহৰ উপৰিও অন্য কোনো জীৱন বহুল জগত এখন নিশ্চয় আছে। দাৰ্শনিক পুটার্চৰ মতে জোনবাইৰ দেশ স্বর্গৰ দেৱতা সকলৰ আবাস ভূমি! অনুৰূপভাবে মধ্যযুগৰ জ্যোতির্বিদ সকলেও পৃথিবীৰ উপৰি অন্যান্য গ্রহত জীবনৰ কল্পনা কৰি সেই কল্পিত জগতৰ লগত যোগাযোগ স্থাপনৰ নিৰন্তৰ প্রয়াস কৰিছিল। বিখ্যাত গণিতজ্ঞ গাউচে চাইবেৰীয়াৰ ঘন অৰণ্যত বৃক্ষৰ সহায়ত এটি অতিকায় ত্রিকোণীয় আকৃতি তৈয়াৰ কৰি অন্য গ্রহৰ অধিবাসী সকলক আকৃষ্ট কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিছিল। জে জে ভন লিট্রোৱে আকৌ চাহাৰা মৰুভূমিত জ্যামিতীয় পদ্ধতি অনুসৰণ কৰি সুবৃহৎ আকৃতিৰ নলা তৈয়াৰ কৰি তাত নিশা ডাঙৰ জুই জ্বলাই আন গ্ৰহৰ প্ৰাণীলৈ সংকেত প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। একেদৰে দিনৰ বেলিকা অতিকায় অৱতল দাপোন ব্যৱহাৰ কৰি সূৰ্যৰ ৰশ্মি চৌদিশে প্ৰতিফলিত কৰি বহিঃগ্ৰহৰ প্ৰাণীৰ লগত সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টাও চলিছিল প্ৰায় পাঁচশ বছৰ আগলৈকে। এনেদৰেই প্রাচীন আৰু মধ্যযুগীয় দার্শনিক সকলে বহিঃজগতৰ লগত সংযোগ স্থাপনৰ একানপতীয়া প্রচেষ্টা কৰিছিল। ইয়াৰ পিছতেই আধুনিক যুগত ভিনগ্রহৰ প্রাণীৰ সন্ধানত নামি পৰে আধুনিক বিজ্ঞানৰ মনীষী সকল। পৃথিবীৰ পৰা মহাকাশলৈ আৰম্ভ কৰা হয় বিভিন্ন অভিযান। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল 1960 চনত স্থাপন হোৱা SETI বা Search for Extraterrestrial Intelligence নামৰ প্ৰতিষ্ঠানটো। SETIৰ প্রতিষ্ঠাপক হ'ল প্ৰখ্যাত জ্যোতির্বিজ্ঞানী ফ্রাঙ্ক ড্রেক। এই প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলে বেতৰ তৰঙ্গ ব্যবহাৰ কৰি পৃথিৱীৰ পৰাই ভিনগ্রহৰ প্রাণীৰ সন্ধান কৰে। বর্তমান পৃথিৱীৰ কেইবাখনো দেশত SETIৰ কার্যক্রমনিকা পৰিচালিত হৈ আছে। ভিনগ্রহৰ প্রাণী সম্পর্কে গাণিতিক, যুক্তিগত অথবা বিশ্বাসগত- কাৰণ যিয়েই নহওক কিয়, গবেষক সকল সদায়েই আকৰ্ষিত হৈ আহিছে বহিঃজগতত প্রাণৰ অস্তিত্ব সম্বন্ধে। NASAৰ বিজ্ঞানী সকলেও বহিঃবিশ্বত প্ৰাণৰ সন্ধান অব্যাহত ৰাখি জোনবাইৰ উপৰিও মংগল, বৃহস্পতি, শনি গ্ৰহৰ লগতে বৃহস্পতি আৰু শনিৰ উপগ্ৰহবোৰতো বিভিন্ন অভিযান চলাইছে। কিন্তু দুখৰ বিষয় এই যে এতিয়ালৈকে এই অভিযান সমূহে আমালৈ কঢ়িয়াই আনিব পৰা নাই বহিঃবিশ্বৰ প্ৰাণৰ বতৰা। তথাপিও যেন ক্লান্ত নহয় আমাৰ বিজ্ঞানী সকল! সৌৰজগতৰ বাহিৰত কোনো তাৰকাৰ চৌদিশে পৰিভ্ৰমণ কৰি ফুৰা অগণন বাসোপযোগী গ্ৰহৰ সন্ধান কৰি বৰ্তমান বিজ্ঞানী সকল ব্যস্ত এই গ্ৰহবোৰত প্ৰাণৰ স্পন্দন বিচাৰি। বিজ্ঞানী সকল উৎসাহী। তেওঁলোকৰ মতে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত ক'ৰবাত নহয় ক'ৰবাত লুকাই আছে জীৱনৰ অস্তিত্ব। বহিঃবিশ্বত প্ৰাণৰ অস্তিত্ব সম্বন্ধ আমিও অতি উৎসাহী। মোৰ দৰেই আপোনাৰ মনলৈও এই প্ৰশ্নটো নাহেনে বাৰু - আমি এই বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে অকলশৰীয়া নে ?

No comments:

Post a Comment