Friday 29 April 2016

এটুকুৰা আকাশ আৰু অতীতত এভূমুকি


নিশাৰ ময়াময় আকাশে আপোনাৰ দৰেই মোকো আকৰ্ষিত কৰে। আকাশৰ কোনোবাখিনিত চকুদুটা থাপি থৈ কেতিয়াবা উভতি যাওঁ শৈশৱৰ সেই সোণোৱালী দিনবোৰলৈ; "জোনবাই এ বেজী এটি দিয়া...." এই আকাশে মানুহক হেনো দিয়ে উদাৰতাৰ পাঠ। পিছে আইতাৰ বোকোচাৰ পৰা নামি বিদ্যালয়ৰ শিক্ষাগুৰুৱে দিয়া পাঠত পালো আকাশৰ নিত্য নতুন কথা। আকাশৰ অগণন তৰাৰ মাজৰ কোনোবা এটি উজ্জ্বল তৰাৰ কথাকেই পাতো। এই তৰা বা নক্ষত্ৰবোৰ পৃথিৱীৰ পৰা অনেক দূৰত অৱস্থিত। এই তৰাবোৰৰ পৰা মহাশূণ্যৰ মাজেৰে বাটকুৰি বাই পোহৰ আহি আমাৰ চকুত পৰেহি। যিহেতু পোহৰক এই দূৰত্ব অতিক্ৰম কৰিবলৈ সময়ৰ প্ৰয়োজন, আমাৰ চকুত ধৰা দিয়া তৰাৰ তিৰবিৰনিয়ে প্ৰকৃতাৰ্থত আমাক দিয়েহি অতীতৰেই বতৰা। উদাহৰণ স্বৰূপে, ৰাতিৰ আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ 'ভেগা' আৰু এই তৰাটো আমাৰ পৰা প্ৰায় 25 আলোকবৰ্ষ দূৰত অৱস্থিত। সেয়ে ভেগা নক্ষত্ৰৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ পোহৰক প্ৰয়োজন হয় 25 টা বছৰৰ। অৰ্থাৎ আপোনাৰ বা মোৰ চকুত এই মূহুৰ্তত ধৰা দিয়া ভেগা নক্ষত্ৰটো প্ৰকৃততে 25 বছৰ আগৰ ভেগা নক্ষত্ৰ হে ! একেদৰে Orion বা কালপুৰুষ নক্ষত্ৰ মণ্ডলৰ এটি গুৰুত্বপূৰ্ণ নক্ষত্ৰ হ'ল Betelgeuse বা α Ori (আৰ্দ্ৰা নক্ষত্ৰ)। এই তৰাটো বিজ্ঞানী সকলৰ মতে এটা "ৰঙা দৈত্য" আৰু ই প্ৰায় মৃত্যুৰ দুৱাৰদলিত। যিকোনো মূহুৰ্তত এই তৰাটো এক প্ৰচণ্ড বিষ্ফোৰণত বিধ্বস্ত হৈ আকাশত এটি চুপাৰন'ভা হিচাবে দেখা দিব। পিছে এই তৰাটো পৃথিৱীৰ পৰা প্ৰায় 640 আলোকবৰ্ষ দূৰত অৱস্থিত হোৱা হেতুকে আমি এতিয়াৰ পৰা 640 বছৰ আগৰ আৰ্দ্ৰা নক্ষত্ৰটো হে দেখি আছো। যদি এই মূহুৰ্তত আৰ্দ্ৰা নক্ষত্ৰটো বিষ্ফোৰিত হয়, সেই বিষ্ফোৰণৰ খবৰটো পৃথিৱী পাবলৈ বা বিষ্ফোৰণটো পৃথিৱীৰ পৰা দেখা পাবলৈ আমি অপেক্ষা কৰিব লাগিব 640 বছৰ !! আকাশৰ আন আন তৰাবোৰ ইয়াতকৈও বেছি দূৰত থকা বাবে আমাৰ চকুত পৰা সেইবোৰ তৰাৰ তিৰবিৰনিয়ে আমাক কঢ়িয়াই নিয়ে দুৰ অতীতৰ অজানতিমূলুকলৈ।


No comments:

Post a Comment