মোৰ আৰু পৃথিৱীৰ
এনেকৈয়ে আছোঁ: দুখ মোৰ কোলাৰ কেঁচুৱা,
বাৰে বাৰেদুহাতেৰে দাঙি ল’ব লাগে |
জিভাত দুখৰ ঘৰৰ লোণ,ওকালিত ওলাই আহে ভাতৰ নিসনি |
খং মোৰ সহজতে নুঠে |
দায়িত্বশীল পিতাৰ দৰে মই জানোখং কেনেকৈ সামৰি থ’ব লাগে;
ক্ষমায়েই বা কাক বোলে |
প্ৰচুৰ দায়িত্ব মোৰ |
দুখবোৰ তুলি-তালি মানুহ কৰাৰ গধুৰ দায়িত্ব,
একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা,
কিবা এটা ক’ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰেঅজানিত তেজ
মুখৰ ভিতৰে-বাহিৰে |
No comments:
Post a Comment