Friday 8 April 2016

শক্তিৰ ঘাইশিপা বিচাৰি


বিগ বেং বা মহানাদৰ ফলত দৃশ্যমান বা অদৃশ্য পদাৰ্থকণা বোৰৰ লগতে বিশ্বব্ৰহ্মাণ্ডখনো সৃষ্টি হৈছিল। পিছে বিশ্বব্ৰহ্মাণ্ডত শক্তি ক'ৰ পৰা আহিল ? এই শক্তিৰ আদিমতম উৎসই বা কি ? প্ৰশ্নটো হয় বৰ জটিল অথবা অপ্ৰাসংগিক। কিয়নো বিজ্ঞানৰ সাধাৰণ সূত্ৰ অনুসৰি শক্তিৰ সৃষ্টি বা বিনাশ অসম্ভৱ। তেন্তে, শক্তি ক'ৰ পৰা আহিল ? বিগত নৱেম্বৰ, 2015 চনত মুম্বাইস্থিত ভাবা পাৰমাণবিক গৱেষণা কেন্দ্ৰ (BARC)ৰ TIFRত নাছাৰ পৰা অহা বিখ্যাত Planetary Scientist Dr Henry Throopক লগ পোৱাৰ সৌভাগ্য হৈছিল। তেখেতক এই বিষয়ে সুধিছিলো। উত্তৰত তেখেতে কৈছিল যে এইটো এটা অতি জটিল প্ৰশ্ন। তেখেতৰ মতে শক্তি এটা এনেকুৱা ৰাশি বিশ্বব্ৰহ্মাণ্ডত যাৰ মান সদায় স্থিৰ বা ধ্ৰুৱক। সেই দিশৰ পৰা শক্তিৰ আদিম উৎস কেৱল আমাৰ মনলৈ আহিব পৰা এটি উত্তৰবিহীন প্ৰশ্ন মাথোন। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ পিছত সংঘটিত বিভিন্ন পৰিঘটনাৰ পাকচক্ৰত সময়ে সময়ে শক্তি ভৰলৈ আৰু ভৰ শক্তিলৈ সলনা সলনি হৈ আহিছে। ভৰ আৰু শক্তিৰ এই সালসলনি প্ৰক্ৰিয়াৰ লগতে শক্তি ইয়াৰ বিভিন্ন প্ৰকাৰ যেনে গতিশক্তি, স্থিতিশক্তি, বৈদ্যুতিক শক্তি আদিৰ মাজত ৰূপান্তৰিত হৈ থাকে। এনেদৰে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ মূহুৰ্তৰ পৰাই আমাৰ লগত শক্তি আছে আছে বিশ্বব্ৰহ্মাণ্ডৰ অন্তিম মূহুৰ্তলৈ থাকিব। সেয়েহে Henry Throopৰ ভাষাত: Thus, finding the origin of energy is beyond the scope of our present day research.

No comments:

Post a Comment