Sunday 10 April 2016

বাঁহ গছৰ ফুল


প্ৰতি দিনে প্ৰায় 10 ছে:মি: কৈ দীঘল হোৱা বাঁহ গছবোৰ অতি দ্ৰুত হাৰত বৃদ্ধি হোৱা উদ্ভিদ বোৰৰ ভিতৰত অন্যতম। বাঁহৰ কেতবোৰ প্ৰজাতি আকৌ প্ৰতি মিনিটত 0.5 মি:মি: পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। বাঁহ গছৰ আন এটা বৈশিষ্ট্য হ'ল এইয়ে যে গড়ে 50 বছৰ পৰমায়ু বিশিষ্ট বাঁহ গছক সম্পূৰ্ণ পৈণত হ'বলৈ সময়ৰ প্ৰয়োজন হয় মাত্ৰ 5 বা 6 বছৰ। এনে দ্ৰুত হাৰত বৃদ্ধি হোৱা এই বাঁহ গছবোৰক পিছে ফুল ফুলাৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ প্ৰয়োজন হয় অতি বেছি সময়ৰ। সাধাৰণতে বাঁহ গছত প্ৰতি 60 ৰ পৰা 90 বছৰৰ মূৰতহে ফুল ফুলা দেখা যায়। বাঁহ গছৰ এই অতি লেহেমিয়া হাৰত ফুল ফুলা প্ৰক্ৰিয়াটো উদ্ভিদ বিজ্ঞানী সকলৰ বাবেও এক জটিল আৰু ৰহস্যময় বিষয়। বাঁহ গছত ফুল ফুলাৰ পিছত বীজ সৃষ্টি হয়। এই বীজ বোৰক বাঁহৰ ধান বা Bamboo Rice বোলা হয়। এইদৰে বাঁহ গছত বীজ সৃষ্টি হোৱাৰ ফলত এন্দুৰ জাতীয় প্ৰাণীবোৰৰ বাবে খাদ্যৰ উভৈনদী হৈ পৰে আৰু এই প্ৰাণীবোৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। এনেদৰে হঠাতে অত্যাধিক হাৰত এন্দুৰ জাতীয় প্ৰাণীবোৰৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত মানুহৰ লগতে আন আন প্ৰাণীবোৰৰ মাজত টাইফয়ড, টাইফাচ, প্লেগ জাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়। সেই বাবেই আমাৰ সমাজত বাঁহ গছৰ ফুল ফুলা ঘটনাটো অমংগলৰ চিন বুলি প্ৰচলিত হৈ আহিছে।

No comments:

Post a Comment