Monday 27 February 2023

মহাকাশত গুলীচালনা


মহাকাশৰ পৰিবেশ পৃথিৱীতকৈ সম্পূৰ্ণ পৃথক। তাত বায়ুমণ্ডল নাই, নাই মাধ্যাকৰ্ষণ বল। অসীমলৈ বিস্তৃত কেৱল নীৰৱতা। পৃথিৱীৰ বুকুত সংঘটিত বিভিন্ন ঘটনাৰাজিৰ ফলাফলৰ দৰে মহাকাশত একে ধৰণৰ ফলাফল পোৱা নেযায়। এনেক্ষেত্ৰত ধৰি লোৱা হওঁক এজন মহাকাশচাৰীয়ে বন্দুকৰ সহায়ত মহাকাশত যদি গুলী চলাই, তেন্তে কি হ'ব? গুলীটো ফুটিবনে? অথবা গুলীটো ক'লৈ যাব বা কিমান দূৰলৈ যাব? 

অক্সিজেন অবিহনে জুই জ্বলিব নোৱাৰে। মহাকাশত যিহেতু অক্সিজেন নাই, গতিকে আমাৰ মনলৈ অহা প্ৰথমটো প্ৰশ্নই হ'ব মহাকাশত বন্দুকৰ গুলী ফুটিবনে? আধুনিক আগ্নেয়াস্ত্ৰবোৰত বিস্ফোৰণৰ স্ফুলিঙ্গ তৈয়াৰ কৰিবলৈ অক্সিডাইজাৰ সামগ্ৰী থাকে। সেয়েহে, মহাকাশত গুলী চালনাৰ ক্ষেত্ৰত কোনো কাৰিকৰী সমস্যা নাই। অৱশ্যে কোনো বায়ুমণ্ডল নথকাৰ বাবে মহাকাশত গুলীচালনাৰ কোনো শব্দ শুনা নাযায়। মাধ্যাকৰ্ষণৰ অতি নিম্নমানৰ বাবে অথবা সম্পূৰ্ণ ভাবে মাধ্যাকৰ্ষণ নথকা বাবে গুলীটো ফুটাৰ পিছত বিস্ফোৰণৰ ধোঁৱাবোৰ তৎক্ষণাত নাইকিয়া নহ'ব আৰু বন্দুকৰ নলৰ সন্মুখত ধোঁৱাৰ এটা গোলক ভাঁহি ৰ'ব বহু সময়লৈ।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু ছেটি ইনষ্টিটিউটৰ জ্যোতিৰ্বিজ্ঞানী মাটিজা কুকৰ মতে, মহাকাশত গুলীচালনা কৰাৰ সময়ত নিউটনৰ গতিৰ তিনিটা সূত্ৰৰ উৎকৃষ্ট প্ৰমাণ দেখা যায়। প্ৰথমতে, মহাকাশত বাহ্যিক বলৰ প্ৰভাৱ নথকা বাবে বন্দুকৰ গুলীটো নিৰ্দিষ্ট গতিত সৰল ৰৈখিক ভাবে অব্যাহত থাকিব চিৰকাল। 

গুলীচালনাৰ ফলত বন্দুকৰ ওপৰত নিউটনৰ গতিৰ তৃতীয় সূত্ৰটোৱেও প্ৰভাৱ দেখুৱাব। যিহেতু বন্দুকৰ গুলীটো সন্মুখলৈ তীব্ৰ বেগেৰে ধাৱমান হ'ব, এই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া বলে বন্দুকটোৰ বিপৰীত দিশত সমান পৰিমানৰ বল প্ৰয়োগ কৰিব। যিহেতু বন্দুকটো মহাকাশচাৰীজনৰ হাতত আছে, সেয়ে তেওঁ বন্দুকটোৰ সৈতে মহাকাশত গুলীটোৰ বিপৰীত দিশে গতি কৰিবলৈ আৰম্ভ কৰিব। অৱশ্যে, বন্দুক হাতত লৈ থকা মহাকাশচাৰীজনৰ গতি বন্দুকৰ গুলীটোতকৈ যথেষ্ট কম হ'ব যদিও মাধ্যাকৰ্ষণহীন পৰিবেশত তেওঁক কোনোবাই নৰখালে বা কোনো মহাজাগতিক পদাৰ্থৰ লগত সংঘৰ্ষত পতিত নহ'লে বেচেৰা মহাকাশচাৰীজনৰ এই গতি চলি ৰ'ব অহৰহ।

Friday 24 February 2023

মহাকাশত দুটুকুৰা ধাতুৰ স্পৰ্শ আৰু...

 


আচৰিত হ'লেও এইটো সঁচা যে একে ধৰণৰ ধাতুৰ দুটা সমতল আৰু পৰিষ্কাৰ টুকুৰা যদি মহাকাশত ইটোৰ লগত সিটোক হেঁচি ধৰা হয়, তেন্তে ধাতুৰ টুকুৰা দুটা লগ হৈ এটা টুকুৰা হৈ পৰিব। বায়ুশূণ্য পৰিবেশত ধাতুবোৰৰ পৰমাণুবোৰে ইলেকট্ৰণ ভাগ বতৰা কৰি স্থায়ীভাৱে বান্ধনি তৈয়াৰ কৰি ধাতুৰ টুকুৰা দুটাক সংলগ্ন কৰে। কেৱল চাপ প্ৰয়োগ কৰি এনেদৰে ধাতুৰ দুটা টুকুৰাক সংযোজিত কৰা এই প্ৰক্ৰিয়াক বিজ্ঞানৰ ভাষাত ইয়াকে "কোল্ড ৱেল্ডিং" বা Solid state diffusion বুলি কোৱা হয়।

কোল্ড ৱেল্ডিঙৰ বিষয়ে ধাৰণা কৰিবলৈ আপুনি বৰফৰ দুটা টুকুৰা লৈ এটাক আনটোৰ লগত কিছুপৰ জোৰেৰে হেঁচি ৰাখক। আপুনি দেখা পাব যে বৰফৰ টুকুৰা দুটা ইটোৱে সিটোৰ লগত যুক্ত হৈ পৰিছে। মহাকাশত থিক একে ধৰণৰ পৰিঘটনা দুটুকুৰা ধাতুৰ মাজত দেখা যায়। সাধাৰণতে  ধাতুৰ জ্বালাই বা "ৱেল্ডিঙ"ৰ বাবে উষ্ণতাৰ প্ৰয়োজন। কিন্তু মহাকাশত এই প্ৰক্ৰিয়া উষ্ণতাৰ অবিহনে শীতল পৰিবেশতেই সম্ভৱ হয় বাবে ইয়াক "কোল্ড ৱেল্ডিং" বোলা হয়।

প্ৰায় তিনিশ বছৰ আগতে অৰ্থাৎ ১৭২৪ চনত ৰেভাৰেণ্ড জে. আই. ডেচাগুলিয়াৰ নামৰ এজন বিজ্ঞানীয়ে এটা পৰীক্ষা চলাই থাকোতে "কোল্ড ৱেল্ডিঙ"ৰ প্ৰক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল। পৰীক্ষাৰ সময়ত তেওঁ দুটা সীহ ধাতুৰ বল হেঁচি ধৰিছিল। কিন্তু তেওঁ মন কৰিছিল যে সীহৰ বল দুটা যেন ক্ৰমান্বয়ে ইটোৰ লগত সিটো সংযুক্ত হৈ পৰিছে।

বৰ্তমান কোল্ড ৱেল্ডিং প্ৰক্ৰিয়াৰ ব্যৱহাৰ ব্যাপকভাৱে সম্প্ৰসাৰিত হৈছে। যিবোৰ বৈজ্ঞানিক গৱেষণাত তাপ প্ৰয়োগ সম্ভৱ নহয়, তেনেবোৰ গৱেষণাত ধাতুৰ জ্বালাইৰ বাবে কোল্ড ৱেল্ডিং একমাত্ৰ সমাধান। তদুপৰি নেনোফেব্ৰিকেচনৰ এটা অতি কাৰ্যকৰী পদ্ধতি হ'ল কোল্ড ৱেল্ডিং। মহাকাশযানত ধৰা পৰা বিসংগতি সমূহৰ নিৰাময়তো কোল্ড ৱেল্ডিং ব্যৱহাৰ কৰা হয়।

পিছে চাপ প্ৰয়োগৰ দ্বাৰা  দুটুকুৰা ধাতুৰ সংযোজীকৰণ কেনেদতে সম্ভৱ? ইয়াৰ আঁৰৰ কাৰণ হৈছে আমি ব্যৱহাৰ কৰা ধাতুবোৰৰ পৃষ্ঠত থকা আয়ন বা মুক্ত ইলেক্ট্ৰন। অধিক চাপ দিয়াৰ ফলত এটুকুৰা ধাতুৰ পৃষ্ঠৰ মুক্ত ইলেকট্ৰণবোৰ আন এটা এটুকুৰা ধাতুৰ মুক্ত ইলেকট্ৰনৰ খুব ওচৰলৈ আহে আৰু ইলেকট্ৰণৰ ভাগ বতৰা কৰি বান্ধনি গঠন কৰে। ইয়াৰ ফলত ধাতুৰ টুকুৰা দুটা লগ লাগি যায়। 


Tuesday 14 February 2023

ইউৰেনাছৰ দুটা জোনবাইৰ সংঘৰ্ষ

 

ইউৰেনাছ প্ৰতি ৮৪ পৃথিৱী বছৰত এবাৰকৈ সূৰ্যক প্ৰদক্ষিণ কৰা বৰফৰ এক দৈত্যকায় গ্ৰহ। এই ৰহস্যময় গ্ৰহটো অপেছাদাৰী দূৰবীণেৰে কেৱল এটা ক্ষুদ্ৰ বিন্দু হিচাপে দেখা পোৱা যায়। ইউৰেনাছৰ এক পাতল আঙুঠি প্ৰণালীত ইয়াৰ ২৭টা জোনবায়ে গ্ৰহটোক প্ৰদক্ষিণ কৰি আছে। কিন্তু আচৰিত কথাটো হ'ল এই যে ইউৰেনাছৰ ২৭টা জোনবাইৰ সংখ্যাটো স্থিৰ নহয়। ইয়াৰ দুটা জোনবাইৰ মাজত নিয়মিত সংঘৰ্ষ হয় আৰু দুয়োটাই ধ্বংসপ্ৰাপ্ত হয়। সংঘৰ্ষত ধ্বংসপ্ৰাপ্ত এই জোনবাই দুটাৰ ধ্বংসাৱশেষ বোৰে পুনৰাই লগ হৈ কালক্ৰমত দুটা নতুন জোনবাই গঠন কৰে। এনেদৰেই ইউৰেনাছৰ জোনবাইৰ সংখ্যা ২৫ৰ পৰা ২৭টাৰ মাজত সময়ানুসৰি সালসলনি হৈ থাকে।

আইডাহো বিশ্ববিদ্যালয়ৰ ৰবাৰ্ট চাঞ্চিয়া আৰু তেওঁৰ সহকৰ্মীসকলে ইউৰেনাছৰ "ইটা" (Eta) আঙুঠিটোৰ ওপৰত গৱেষণা কৰোতে আৱিষ্কাৰ কৰিছিল যে আঙুঠিটোৰ আকৃতি সম্পূৰ্ণৰূপে বৃত্তাকাৰ অথবা ডিম্বাকাৰ নহয়। ইয়াৰ পৰিৱৰ্তে ই ত্ৰিভুজাকাৰ ! এই বিকৃতিৰ কাৰণ হৈছে ক্ষুদ্ৰ ইউৰেনাছৰ ক্ষূদ্ৰ জোনবাই "ক্ৰেচিডা" যাৰ ব্যাস মাত্ৰ ৮২ কিলোমিটাৰ। আঙুঠিটোৰ বিকৃতিৰ পৰিমাণ আৰু আকৃতিৰ ওপৰত আধাৰ কৰি বিজ্ঞানীৰ দলটোৱে "ক্ৰেছিডা"ৰ ভৰ আৰু ঘনত্ব সঠিকভাৱে জোখাত সক্ষম হৈছিল। তেওঁলোকে এই তথ্য সমূহ ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰিছিল যে ক্ৰেচিডা আৰু ইয়াৰ ওচৰৰ ইউৰেনাছৰ আন জোনবাইবোৰৰ মাজত মহাকৰ্ষণীয় আন্তঃক্ৰিয়াৰ অৰ্থ হ'ব ক্ৰেচিডা আৰু ইউৰেনাছৰ আন এটা জোনবাই "ডেচডেমোনা"ৰ মাজত সংঘৰ্ষ আসন্ন।

বৰ্তমান মাত্ৰ ৯০০ কিলোমিটাৰ দূৰত্বত প্ৰদক্ষিণ কৰি থকা ক্ৰেছিডা আৰু ডেচডেমোনাৰ মাজত অহা ৮-৯ লাখ বছৰৰ ভিতৰত সংঘৰ্ষ হ'ব আৰু এই সংঘৰ্ষত এই দুয়োটা জোনবাই ধ্বংসস্তুপত পৰিণত হ'ব। ২০১২ চনত, ছেটি ইনষ্টিটিউটৰ গৱেষক ৰবাৰ্ট ফ্ৰেঞ্চ আৰু মাৰ্ক শ্বোৱাল্টাৰে নিৰ্ধাৰণ কৰিছিল যে এতিয়াৰ পৰা ১০ নিযুত বছৰৰ ভিতৰত ইউৰেনাছৰ আন দুটা জোনবাই "কিউপিড" আৰু "বেলিণ্ডা"ৰ মাজতো একে ধৰণে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে।