Wednesday 3 February 2021

দ্য গ্ৰীণ গুডবাই

ৰসৰাজৰ সাধুকথাৰ সাউদনীয়ে তেজীমলাক মাৰি কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাত গাঁত এটা খান্দি পুতি থোৱাৰ কিছুদিনৰ পিছতেই তাত এজোপা লাওগছ গজি লহ-পহ কৰে বাঢ়ি আহি গছ ভৰি ভৰি লাও লাগিছিল। ৰসৰাজৰ অমৰ সৃষ্টি "তেজীমলা"ৰ সাধুটোৰ দৰেই মানুহৰ মৃতদেহ এটাক অন্তিম সংস্কাৰৰ দ্বাৰা গছ এজোপালৈ পৰিণত কৰাৰ এক অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছে ইটালীৰ আন্না ছিটেলি আৰু ৰাউল ব্রেটজেল নামৰ দুজন বিজ্ঞানীয়ে!!!

"এনেদৰে থাকোতেই হঠাতে এদিন আহি

কাল পচোৱাই দিব চাকিটি নুমাই

নিচিনা বাটেদি মোক নজনা দেশৰ পিনে

নিয়তিয়ে হাত ধৰি নিব আগুৱাই"

- যতীন্দ্ৰনাথ দুৱৰা

"মৃত্যু" এক নিষ্ঠুৰ চিৰন্তন সত্য৷ ইয়াৰ পৰা কাৰো পৰিত্ৰাণ নাই ৷ স্ৰষ্টাৰ সকলো সৃষ্টিৰেই এক অন্তিম পৰিনতি আছে৷ মৃত্যু এক বেদনাদায়ক সত্য। আপোনজনৰ মৃত্যুৱে যেতিয়া আমাক ব্যাথিত কৰি তোলে, তেতিয়া দুখৰ দাবানলে অন্তৰখন থানবান কৰি পেলালেও আমি ধৰ্মীয় নীতি অনুসৰি আপোনজনৰ মৃতদেহৰ অন্তিম সংস্কাৰ কৰো। হিন্দু ধৰ্মৰ লোকসকলে মৃতদেহ শ্মশানৰ চিতাত তুলি দিয়াৰ সলনি ইছলাম তথা খ্ৰীষ্টান ধৰ্মৰ লোকসকলে মৃতদেহক কবৰস্থ কৰে৷ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। ক্ষন্তেকীয়া জীৱনৰ হাঁহি ধেমালিবোৰ, দুখ বেদনাবোৰ মৃত্যুৰ লগতেই লীন হৈ যায়৷ যিটো তেজ-মঙহৰ শৰীৰক লৈ আমি গৌৰৱবোধ কৰো, মৃত্যুৰ পিচতেই সেই সকলোবোৰ শেষ হৈ যায়…

তথাপিও আপোনজনৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আমি সাজি উলিয়াও স্মৃতি সৌধ। পিছে, এইবাৰ এক নতুন ধাৰনাক বাস্তৱ ৰূপ দিয়া হৈছে। এতিয়া ইচ্ছা কৰিলেই আপোনজনৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটো মনে বিচৰা এডাল জীৱন্ত গছলৈ ৰূপান্তৰিত কৰি নিজৰ চৌহদতেই ৰাখিব পৰা যাব!!! 

বিগত কেইবছৰ মানৰ আশাশুধীয়া প্ৰচেষ্টাৰে ইটালীৰ দুজন বিজ্ঞানী আন্না ছিটেলি আৰু ৰাউল ব্রেটজেলয়ে এক অভিনৱ (!) পদ্ধতি আৱিষ্কাৰ কৰিছে যাৰ নাম - "কেপচুলা মাণ্ডি" ! দৰাচলতে ই এক বিশেষ ধৰণৰ জৈৱিক পদাৰ্থৰ সংমিশ্ৰণেৰে তৈয়াৰী এক বিশেষ ধৰণৰ ডিম্বাকৃতিৰ পাত্ৰ। বিজ্ঞানী দুজনৰ মতে লোক এজনৰ মৃত্যুৰ পিছত এই ডিম্বাকৃতিৰ "কেপচুলা মাণ্ডি" নামৰ জৈৱ কফিনটোৰ ভিতৰত তেওঁৰ শৱদেহটোত এক বিশেষ ধৰণৰ জৈৱ ৰসায়নিক পদাৰ্থৰ প্ৰলেপ সানি গৰ্ভস্থ সন্তান মাতৃৰ গৰ্ভত থকাৰ দৰে ভংগীমাত স্থাপন কৰা হ'ব। তাৰপিছত এই ডিম্বাকৃতিৰ "কেপচুলা মাণ্ডি" নামৰ জৈৱ কফিনটো মাটিৰ তলত পুতি থৈ কেপচুলটোৰ থিক ওপৰৰ এক নিৰ্দিষ্ট স্থানত এটি গছ পুলি ৰোপন কৰা হ'ব অথবা গছৰ এটি বীজ ৰোপন কৰা হ'ব।

লাহে লাহে মাটিত থকা বিভিন্ন বেক্টেৰীয়াই এই জৈৱ কফিনটোৰ আৱৰণখনৰ মূল জৈৱ উপাদানবোৰক পচাই পেলাই বা decompose কৰি মৃতদেহৰ জৈৱিক উপাদানবোৰক কেপচুলা মাণ্ডিৰ ওপৰত ৰোপন কৰা গছজোপাৰ পৰিপুষ্টিৰ বাবে উপযোগী কৰি তুলিব। ফলস্বৰূপে, ৰোপন কৰা গছজোপা মৃতদেহটোৰ জৈৱিক উপাদেনেৰে পুষ্টি লাভ কৰি লহপহকৈ বাঢ়ি আহিব। 

আন্না ছিটেলি আৰু ৰাউল ব্রেটজেলৰ লগতে বহুতো পৰিবেশ বিজ্ঞানীয়ে মৃতদেহক গছলৈ পৰিণত কৰিব বিচৰা এই পদ্ধতিটো পৰিবেশৰ বাবে অনুকুল আৰু বিজ্ঞানসন্মত বুলি মত পোষণ কৰিলেও, সমগ্ৰ ধাৰণাটো এক বিতৰ্কিত বিষয় হৈ পৰিছে। কংক্ৰিটৰ স্মৃতি সৌধ বা অন্যান্য স্মাৰকবোৰতকৈ সদ্য আৱিষ্কৃত "কেপচুলা মাণ্ডি" যদিও পৰিবেশৰ বাবে অনুকুল বুলি ধাৰণা কৰা হৈছে, ইয়াৰ লগত জড়িত হৈ থকা ধৰ্মীয় অনুভূতিয়ে সমগ্ৰ ধাৰণাটোকেই এক বিতৰ্কিত বিষয়লৈ পৰিণত কৰি তুলিছে। আনকি আৱিষ্কাৰক দুজনৰ গৃহভূমি ইটালীতেই ইয়াৰ বিৰুদ্ধাচৰণ কৰা লোকৰ অভাৱ হোৱা নাই। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ Green Burial Councilয়ে এই নৱ আৱিষ্কৃত মৃতদেহৰ সৎকাৰ পদ্ধতিক আদৰণি জনাইছে। ইটালীৰ বিভিন্ন পৰিবেশ প্ৰেমী সংগঠন সমূহেও পৃথিৱীৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত "কেপচুলা মাণ্ডি"ক আইনগত স্বীকৃতি প্ৰদানৰ বাবে গণ স্বাক্ষৰ সংগ্ৰহ অভিযানত লাগি পৰিছে।

https://googleweblight.com/sp?u=https://www.capsulamundi.it/en/project/&grqid=QFnBWVe8&hl=en-IN