Monday, 20 July 2026

CERN-ত শিৱৰ নটৰাজ মূৰ্তি

 

এফালে পৃথিৱীৰ সৰ্বাধুনিক কণা-পদাৰ্থবিজ্ঞান গৱেষণাগাৰ আৰু আনফালে হাজাৰ হাজাৰ বছৰৰ পুৰণি ভাৰতীয় দৰ্শনৰ এক অনুপম প্ৰতীক -- নটৰাজ শিৱ। এই দুই ধাৰাৰ মিলন কেৱল কাকতালীয় নে ইয়াৰ আঁৰত আছে এক গভীৰ তাৎপৰ্য? 

CERN বা European Organization for Nuclear Research ১৯৫৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল। পদাৰ্থবিজ্ঞানৰ এই গৱেষণাগাৰটো ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। ইয়াত পৃথিৱীৰ আটাইতকৈ শক্তিশালী কণা ত্বৰক বা Large Hadron Collider (LHC) আছে। ইয়াত বিজ্ঞানীসকলে অনুসন্ধান কৰা প্ৰধান বিষয়বোৰ হ'ল : পদাৰ্থ কেনেকৈ সৃষ্টি হ'ল? বিগ বেংৰ পিছত কি হৈছিল? হিগ্‌ছ বোজন (Higgs Boson) কি? বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক কণাবোৰ কেনেকৈ আচৰণ কৰে? ইত্যাদি ইত্যাদি…

পৃথিৱীৰ সৰ্ববৃহৎ কণা-পদাৰ্থবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান CERN-ৰ চৌহদত এটা ব্ৰঞ্জেৰে নিৰ্মিত ৬.৫ ফুট উচ্চতাৰ ভগৱান শিৱৰ নটৰাজ মূৰ্তি স্থাপন কৰা হৈছে। এখন আধুনিক বৈজ্ঞানিক প্ৰতিষ্ঠানত হিন্দু দেৱতা শিৱৰ মূৰ্তি কিয়? CERN-ৰ বিজ্ঞানীসকলৰ মতে নটৰাজ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ চিৰন্তন গতি, শক্তি, সৃষ্টি আৰু ৰূপান্তৰৰ এক অসাধাৰণ প্ৰতীক। কণা-পদাৰ্থবিজ্ঞানত সকলো কণাই গতিশীল। ইলেকট্ৰনে গতি কৰি থাকে। কোৱাৰ্কসমূহ সদায় পাৰস্পৰিক ক্ৰিয়াত লিপ্ত। শক্তি পদাৰ্থলৈ আৰু পদাৰ্থ শক্তিলৈ ৰূপান্তৰিত হয়। নতুন কণা জন্ম হয়, কিছুমান কণা বিলুপ্ত হয়। এই অবিৰাম গতিশীলতাক ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ সতে প্ৰতীকীভাৱে তুলনা কৰা হয়। আৰু সেই বাবেই CERN-ৰ চৌহদত ভগৱান শিৱই শোভা বৰ্ধন কৰিছে।

অষ্ট্ৰিয়াৰ পদাৰ্থবিজ্ঞানী Fritjof Capra-ই তেওঁৰ বিখ্যাত গ্ৰন্থ "The Tao of Physics"ত লিখিছে যে আধুনিক কণা-পদাৰ্থবিজ্ঞানত যি গতিশীল বিশ্বব্ৰহ্মাণ্ডৰ চিত্ৰ দেখা যায়, সেয়া শিৱৰ "কচমিক ডাঞ্চ" বা তাণ্ডৱ নৃত্যৰ প্ৰতীকৰ সৈতে বিস্ময়কৰভাৱে সাদৃশ্যপূৰ্ণ। তেওঁৰ মতে, "প্ৰত্যেক উপ-পাৰমাণৱিক কণাৰ সৃষ্টি, বিনাশ আৰু পাৰস্পৰিক ক্ৰিয়া যেন এক অন্তহীন মহাজাগতিক নৃত্য।"…এয়া বিশ্ববিখ্যাত কণিকা পদাৰ্থবিজ্ঞানী Fritjof Capra-ৰ এক দাৰ্শনিক তুলনা।

পৃথিৱীৰ বুকুত পৰি থকা এটা শিল স্থিৰ যেন লাগে। কিন্তু কণা-পদাৰ্থবিজ্ঞানীয়ে জানে—তাৰ ভিতৰত অগণন পৰমাণু আৰু উপ-পাৰমাণৱিক কণাই অবিৰত ভাবে গতি কৰি আছে। ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে "গ্ৰহবোৰে সূৰ্যৰ চৌদিশে ঘূৰাৰ দৰে ঘূৰে" বুলি কোৱা হয় যদিও কোৱাণ্টাম তত্ত্ব অনুসৰি সেইবোৰৰ গতি আৰু আচৰণ অধিক জটিল। স্থিৰতা হৈছে আমাৰ অনুভৱ; কিন্তু প্ৰকৃত বাস্তৱতা হৈছে গতি। এই অবিৰাম গতিকেই নটৰাজৰ তাণ্ডৱৰ প্ৰতীকী ৰূপে কল্পনা কৰা হৈছে।

CERN-ত অৱস্থিত নটৰাজ মূৰ্তিৰ কাষত থকা ফলকত শিৱৰ তাণ্ডৱ নৃত্যক সৃষ্টি আৰু সংহাৰৰ মহাজাগতিক নৃত্যৰ প্ৰতীক বুলি বৰ্ণনা কৰা হৈছে। তাত Fritjof Capra-ৰ ভাবধাৰাৰ উল্লেখো আছে, য'ত কোৱা হৈছে যে আধুনিক কণিকা পদাৰ্থবিজ্ঞানৰ গতিশীলতা আৰু নটৰাজৰ নৃত্যৰ মাজত এক মনোমোহা দাৰ্শনিক সাদৃশ্য দেখা গৈছে।

CERN-ৰ বিজ্ঞানীসকলৰ ভাষাত --"যি সত্য গণিত, পৰীক্ষা আৰু যন্ত্ৰৰ জৰিয়তে বিচাৰ কৰা হয়, ভাৰতীয় ঋষিসকলে সেই সত্যক প্ৰতীক, দৰ্শন আৰু কাব্যৰ ভাষাত প্ৰকাশ কৰিছিল। এই বিষয়ে Fritjof Capra-ই লিখিছিল, - "আধুনিক পদাৰ্থবিজ্ঞানৰ দৃষ্টিত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড এক অন্তহীন নৃত্য। এই নৃত্য সাইলাখ শিৱৰ তাণ্ডৱ নৃত্য!"

দৰাচলতে নটৰাজৰ মূৰ্তি CERN নামৰ গৱেষণা প্ৰতিষ্ঠানটোলৈ ভাৰতৰ এটা সাংস্কৃতিক উপহাৰ। ২০০৪ চনত ভাৰত চৰকাৰে ভাৰতৰ বিজ্ঞানী আৰু CERN-ৰ বৈজ্ঞানিক গৱেষণাৰ সহযোগিতাৰ স্মাৰক হিচাপে এই ব্ৰঞ্জৰ নটৰাজ মূৰ্তিটো CERN-লৈ উপহাৰ স্বৰূপে আগবঢ়াইছিল। ভাৰত চৰকাৰে নটৰাজৰ এই মূৰ্তিটো বিজ্ঞান, শিল্প, দৰ্শন আৰু সংস্কৃতিৰ মাজত এক সৃষ্টিশীল সংলাপৰ প্ৰতীক হিচাবে CERN-লৈ উপহাৰ স্বৰূপে আগবঢ়াইছিল। CERN-ৰ বিজ্ঞানীসকলে অনুধাৱন কৰিলে যে আধুনিক পদাৰ্থবিজ্ঞানে বিশ্বব্ৰহ্মাণ্ডৰ গতি আৰু ৰূপান্তৰক গণিত আৰু পৰীক্ষাৰে ব্যাখ্যা কৰে, আনহাতে নটৰাজ সেই একে বিস্ময়ক শিল্প আৰু প্ৰতীকৰ ভাষাত প্ৰকাশ কৰে। সেয়েহে CERN কৰ্তৃপক্ষই নটৰাজৰ এই মূৰ্তিটো মহাজাগতিক গতি আৰু ৰূপান্তৰৰ প্ৰতীক হিচাপে CERN-ৰ চৌহদত স্থাপন কৰে।

বিজ্ঞান আৰু আধ্যাত্মিকতা একেটা পথেৰে নাযায়, কিন্তু দুয়োটাই একেখন মহাবিশ্বক বুজিবলৈ চেষ্টা কৰে। বিজ্ঞানে মহাবিশ্বৰ নিয়মবোৰ বিচাৰে আনহাতে দৰ্শনে বিচাৰে সেই নিয়মবোৰৰ অৰ্থ। সম্ভৱত সেইবাবেই, পৃথিৱীৰ আটাইতকৈ আধুনিক বিজ্ঞান গৱেষণা কেন্দ্ৰৰ বুকুত, কণা আৰু শক্তিৰ অনন্ত খেলৰ মাজত, নটৰাজে নৃত্য কৰি আছে—চিৰন্তন গতি, ৰূপান্তৰ আৰু বিশ্বব্ৰহ্মাণ্ডৰ অন্তহীন ছন্দৰ এক অবিনশ্বৰ প্ৰতীক হিচাপে।

হৰ হৰ মহাদেৱ!

Saturday, 18 July 2026

ভাৰতৰ ব্যক্তিগত মহাকাশ যুগৰ সফল আৰম্ভণি

 

ভাৰতৰ মহাকাশ অভিযানৰ ইতিহাসত আজিৰ দিনটোৱে এক নতুন অধ্যায়ৰ সূচনা কৰিলে। আজি, ১৮ জুলাই, ২০২৬ৰ দিনা হায়দৰাবাদস্থিত ব্যক্তিগত মহাকাশ প্ৰতিষ্ঠান Skyroot Aerospace-এ সফলতাৰে উৎক্ষেপণ কৰিলে ভাৰতবৰ্ষৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত কক্ষপথগামী (Orbital-class) উৎক্ষেপণ যান, বিক্ৰম-১ (Vikram-1)। এই সাফল্যই ভাৰতৰ মহাকাশ খণ্ডত চৰকাৰী সংস্থা ISRO-ৰ লগতে ব্যক্তিগত উদ্যোগৰ সামৰ্থ্যও বিশ্বৰ সন্মুখত উজলাই ধৰিলে।

বিক্ৰম-১ৰ উৎক্ষেপণ সম্পন্ন হয় অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ মঞ্চৰ পৰা। "Mission Aagaman" নামেৰে পৰিচিত এই অভিযানত ৰকেটখনে সফলতাৰে নিম্ন পৃথিৱী কক্ষপথত (Low Earth Orbit) ছয়টা পেল'ড স্থাপন কৰে। এই সাফল্যৰ জৰিয়তে ভাৰতে বিশ্বৰ সেই কেইখনমান দেশৰ শাৰীত স্থান লাভ কৰিলে, য'ত ব্যক্তিগত কোম্পানীয়ে নিজস্বভাৱে অৰ্বিটেল ৰকেট বিকাশ আৰু সফল উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছে।

বিক্ৰম-১ৰ প্ৰাৰম্ভিক নিৰ্ধাৰিত উৎক্ষেপণ সময় আছিল পুৱা ১১:৩০ বজাত। কাউণ্টডাউনৰ অন্তিম পৰ্যায়ত, অৰ্থাৎ উৎক্ষেপণৰ প্ৰায় ৫ মিনিট পূৰ্বে স্বয়ংক্ৰিয় ব্যৱস্থাই এটা সৰু কাৰিকৰী অসংগতি ধৰা পেলোৱাত উৎক্ষেপণ সাময়িকভাৱে স্থগিত ৰাখি সমস্যাটো সমাধান কৰাৰ পিছত প্ৰায় ৩৫ মিনিট পলমকৈ ৰকেটটো আজি দুপৰীয়া ১২:০৫ বজাত সফলতাৰে উৎক্ষেপণ কৰা হয়। উৎক্ষেপণৰ ১৫ মিনিটৰ ভিতৰত ৰকেটটোৱে ইয়াৰ লগত সংলগ্ন সকলোবোৰ পেল'ড পৃথিৱীৰ পৰা ৪৫০ কিলোমিটাৰ উচ্চতাৰ নিম্ন পৃথিৱী কক্ষপথত (LEO) স্থাপন কৰে।

Skyroot Aerospace-ৰ প্ৰতিষ্ঠাপকসকল মূলতঃ ISRO-ৰ প্ৰাক্তন বিজ্ঞানী। তেওঁলোকৰ লক্ষ্য আছিল ভাৰতৰ ব্যক্তিগত মহাকাশ উদ্যোগক বিশ্বমানৰ পৰ্যায়লৈ লৈ যোৱা। ২০২২ চনত বিক্ৰম-এছ (Vikram-S) নামৰ উপ-কক্ষপথীয় ৰকেটৰ সফল উৎক্ষেপণৰ পিছত বিক্ৰম-১ হৈছে তেওঁলোকৰ প্ৰথম পূৰ্ণাঙ্গ অৰ্বিটেল উৎক্ষেপণ যান। এই সফলতাই দীৰ্ঘদিনীয়া গৱেষণা, উদ্ভাৱন আৰু অধ্যৱসায়ৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। বিক্ৰম-১ আধুনিক প্ৰযুক্তিৰে সমৃদ্ধ এক উৎক্ষেপণ যান। ইয়াত উন্নত কম্প'জিট সামগ্ৰী, আধুনিক এভিঅনিক্স, উচ্চ-নিখুঁত নেভিগেচন ব্যৱস্থা আৰু নতুন প্ৰজন্মৰ প্ৰপালচন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে ক্ষুদ্ৰ উপগ্ৰহসমূহ কম ব্যয়ত আৰু অধিক দক্ষতাৰে পৃথিৱীৰ কক্ষপথলৈ প্ৰেৰণ কৰা। বিশ্বজুৰি ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণৰ বজাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিক্ৰম-১ ভাৰতৰ বাবে এক উল্লেখযোগ্য বাণিজ্যিক সুযোগ সৃষ্টি কৰিছে।

ভাৰত চৰকাৰে ২০২০ চনৰ ক'ভিড মহামাৰীৰ পিছত মহাকাশ খণ্ড ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত এনে উদ্যোগসমূহে নতুন গতি লাভ কৰে। IN-SPACe-ৰ দৰে নীতি আৰু প্ৰতিষ্ঠানসমূহে ব্যক্তিগত উদ্যোগক উৎক্ষেপণ সুবিধা, কাৰিকৰী সহায় আৰু নীতিগত সমৰ্থন আগবঢ়োৱাৰ ফলস্বৰূপে আজিৰ এই ঐতিহাসিক সাফল্য সম্ভৱ হৈছে। বিক্ৰম-১ৰ সফল উৎক্ষেপণ কেৱল এটা ৰকেট উৎক্ষেপণ নহয়; ই ভাৰতৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী শক্তিৰ এক শক্তিশালী ঘোষণা। চন্দ্ৰযান, মংগলযান, আদিত্য-L1 আৰু আগন্তুক গগনযান অভিযানৰ সফল ধাৰাবাহিকতাৰ মাজতে এই ব্যক্তিগত সাফল্যই দেখুৱাইছে যে ভাৰতীয় যুৱ বিজ্ঞানী, অভিযন্তা আৰু উদ্যোগপতিসকলে বিশ্বৰ যিকোনো উন্নত দেশৰ সৈতে সমানে প্ৰতিযোগিতা কৰিব পাৰে।

বিক্ৰম-১ ভাৰতৰ মহাকাশ অভিযানত এক নতুন দিগন্তৰ সূচনা। এই সাফল্যই দেশৰ বিজ্ঞানমনস্ক যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে ভাৰতক বিশ্বৰ আগশাৰীৰ মহাকাশ শক্তি হিচাপে অধিক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Thursday, 16 July 2026

পিতৃৰ এটা বাক্যই সলনি কৰি দিলে এজন পুত্ৰৰ জীৱন

 

১৯৬৫ চন। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পালে। এজন মেধাৱী ছাত্ৰই কটন কলেজৰ পৰা বিজ্ঞান শাখাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিলে। ঘৰখন আনন্দত উথলি উঠিল। আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, শুভাকাংক্ষী সকলোৰে মুখত কেৱল অভিনন্দন আৰু প্ৰশংসা। যেন সফলতাৰ উৎসৱ চলিছে! 

কেইদিনমান পিছত, যেতিয়া অভিনন্দনৰ ভিৰ অলপ কমিল, পিতৃয়ে পুত্ৰক ওচৰলৈ মাতি মৰমেৰে ক'লে— "বোপা, আজিৰ সফলতাই আমাক গৌৰৱান্বিত কৰিছে। কিন্তু এটা কথা কোৱাচোন, যোৱা বছৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত ষষ্ঠ স্থান লাভ কৰা ছাত্ৰজনৰ নাম তোমাৰ মনত আছেনে?"

পুত্ৰই বহুত ভাবিও উত্তৰ দিব নোৱাৰিলে। পিতৃয়ে তেতিয়া মৃদু হাঁহি এটা মাৰি ক'লে— "দেখিলা! মানুহে ফলাফল উদযাপন কৰে, কিন্তু সেয়া বেছি দিন মনত নাৰাখে। যদি জীৱনত সঁচাকৈয়ে কিবা হ'ব বিচৰা, তেন্তে এনে কাম কৰা যাতে তোমাৰ নম্বৰ নহয়, তোমাৰ কৰ্মই তোমাক যুগে যুগে মানুহৰ হৃদয়ত জীয়াই ৰাখে।"

পিতৃৰ এই কথা কেইটাই পুত্ৰৰ অন্তৰত যেন একুৰা জুই জ্বলাই দিলে! সেইদিনাৰ পৰাই তেওঁ কেৱল পৰীক্ষাত ভাল নম্বৰ লাভ কৰাৰ বাবে নহয়, জ্ঞানৰ জৰিয়তে দেশ আৰু সমাজলৈ অৰিহণা যোগোৱাৰ লক্ষ্যৰে অধিক একাগ্ৰতাৰে অধ্যয়নত মনোনিৱেশ কৰিলে।

বছৰবোৰ পাৰ হ'ল। সেই ছাত্ৰজনেই পাছলৈ হ'ল অসমৰ গৌৰৱ, ভাৰতৰ অন্যতম বিশিষ্ট মহাকাশ বিজ্ঞানী, চন্দ্ৰযান–১ অভিযানৰ মুখ্য বিজ্ঞানী, Physical Research Laboratory (PRL) আহমেদাবাদৰ প্ৰাক্তন সঞ্চালক, শান্তিস্বৰূপ ভাটনাগৰ বঁটা, NASA's Public Service Group of Achievement Award, পদ্মশ্ৰী বঁটা আৰু অসম ৰত্ন সন্মানেৰে সন্মানিত ড° জিতেন্দ্ৰ নাথ গোস্বামী।

ড° জিতেন্দ্ৰ নাথ গোস্বামীৰ এই কথাখিনিৰ পৰা আমি বুজিব পাৰো যে সফলতাই আমাক মাত্ৰ সাময়িক পৰিচয় দিয়াব পাৰে, কিন্তু মহান কৰ্মই মানুহক অমৰ কৰি ৰাখে।

পদবী এদিন শেষ হয়,  পুৰস্কাৰবোৰত এদিন ধূলি জমি উঠে আনকি ফলাফলো এদিন মানুহে পাহৰি যায়। কিন্তু মানুহৰ কল্যাণৰ বাবে কৰা কামবোৰ  ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে জিলিকি ৰৈ যায়।

এজন পিতৃৰ কেইটামান সাধাৰণ বাক্যই কেতিয়াবা সন্তানক  এখন বিশ্ববিদ্যালয়ে দিয়া শিক্ষাতকৈও ডাঙৰ শিক্ষা দিব পাৰে।

Wednesday, 8 July 2026

TIFR, Mumbai in 2016


Attending an international workshop at the Tata Institute of Fundamental Research (TIFR), Mumbai, in 2016 was an extraordinary opportunity to engage with some of the most exciting developments in modern astronomy.

The workshop took place at a pivotal moment in space science. Scientists presented fresh findings from NASA's New Horizons mission, revealing Pluto as a geologically active world with glaciers, a blue atmospheric haze, and fascinating moons with chaotic rotations. At the same time, breakthroughs from the ALMA observatory were transforming our understanding of star formation by providing unprecedented views of protostars and protoplanetary disks.

The event also brought together researchers from India, South Korea, Saudi Arabia, Iran, and Turkey, reflecting the truly global nature of astronomical research. Discussions highlighted India's growing achievements in space science, including the success of Mangalyaan and the launch of AstroSat, alongside significant contributions from other nations.

Overall, the workshop offered a unique blend of cutting-edge discoveries, international collaboration, and inspiring scientific dialogue, making it a memorable milestone in understanding the universe.

Monday, 6 July 2026

বিজ্ঞানে ঈশ্বৰৰ সন্ধান দিব পাৰিবনে?

 

মানৱ সভ্যতাৰ ইতিহাসত কিছুমান প্ৰশ্নই যুগে যুগে মানুহৰ মনক আলোড়িত কৰি আহিছে। সেইবোৰৰ ভিতৰত অন্যতম হৈছে—"ঈশ্বৰ আছেনে?" যদিহে ঈশ্বৰ আছে, তেন্তে বিজ্ঞানে ঈশ্বৰৰ সন্ধান দিব পাৰিবনে? এই প্ৰশ্নবোৰৰ কোনো সহজ উত্তৰ নাই। এই বিষয়টো কেৱল বিজ্ঞানৰ বিষয় নহয়; ইয়াৰ লগত জড়িত হৈ আছে দৰ্শন, যুক্তি, মহাকাশবিজ্ঞান, জীৱবিজ্ঞান, মনোবিজ্ঞান, স্নায়ুবিজ্ঞান, বিশ্বাস আৰু আধ্যাত্মিকতা।

আধুনিক যুগত বিজ্ঞানৰ অসাধাৰণ সফলতাই বহু লোকক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছে যে বিজ্ঞানেই এদিন সকলো প্ৰশ্নৰ উত্তৰ দিব। আনহাতে বহুতে এইটোও বিশ্বাস কৰে যে "ঈশ্বৰ" বিজ্ঞানৰ পৰিসীমাৰ বাহিৰৰ এক সত্তা। এই দুই মতৰ মাজত সত্য ক'ত আছে, তাক সাউতকৈ বিচাৰি উলিওৱা সহজ নহয়।

বিজ্ঞান প্ৰকৃতিৰ নিয়মসমূহ বুজিবলৈ সৰ্বসম্মত এক অনুসন্ধান পদ্ধতি। বিজ্ঞানে পৰ্যবেক্ষণ, পৰীক্ষা, তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু ফলাফলৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত দিয়ে। কোনো দাবী বা অন্ধবিশ্বাসৰ ভিত্তিত গ্ৰহণ কৰা তথ্যক বৈজ্ঞানিকভাবে প্ৰমাণ নোহোৱালৈ তাক গ্ৰহণ নকৰাটোৱেই বিজ্ঞানৰ মূল লক্ষ্য। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বিজ্ঞানে সকলো ধৰণৰ বাস্তৱতাক অধ্যয়ন কৰিব পাৰে। বিজ্ঞানে মূলতঃ পদাৰ্থ, শক্তি, স্থান, সময় আৰু প্ৰকৃতিৰ নিয়মসমূহৰ ওপৰত কাম কৰে, অধ্যয়ন কৰে আৰু পৰীক্ষা কৰে। 

আনহাতে, ধৰ্মীয় বিশ্বাস অনুসৰি ঈশ্বৰ হৈছে মহাবিশ্বৰ সৃষ্টিকৰ্তা। এই ঈশ্বৰ, সময় আৰু স্থানৰ উৰ্ধত অসীম শক্তি আৰু জ্ঞানৰ অধিকাৰী এক সত্তা। অৰ্থাৎ ঈশ্বৰ পদাৰ্থৰ সীমাৰ বাহিৰত থকা এক চিৰন্তন সত্তা। যদি ঈশ্বৰৰ সংজ্ঞা এয়ে হয়, তেন্তে বিজ্ঞানৰ বাবে সমস্যাই দেখা দিয়ে, কাৰণ বিজ্ঞানৰ সকলো যন্ত্ৰ বা সূত্ৰই পদাৰ্থ আৰু শক্তিৰ পৰিসৰৰ মাজতেই কাম কৰে। গতিকে পদাৰ্থৰ বাহিৰত থকা কোনো সত্তাক বিজ্ঞানৰ যন্ত্ৰ অথবা সূত্ৰই প্ৰত্যক্ষভাৱে অধ্যয়ন কৰাটো সম্ভৱ নহয়।

বহুতে ভাবিব পাৰে যে বিজ্ঞানৰ কোনো সীমা নাই। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে বিজ্ঞানে নিজেই নিজৰ সীমা অংকন কৰি লৈছে। আজি বিজ্ঞান তৎক্ষণাত কৈ দিব পাৰে— পৃথিৱীৰ বয়স কিমান? সূৰ্যই কেনেকৈ শক্তি উৎপন্ন কৰে? ডিএনএবোৰে কেনেকৈ কাম কৰে? গছ-গছনিয়ে কেনেকৈ খাদ্য প্ৰস্তুত কৰে? মহাকৰ্ষণ বলে কেনেকৈ কাম কৰে? জুই জ্বলিলে কিয় ধোঁৱা ওলায়? ইত্যাদি ইত্যাদি…

কিন্তু বিজ্ঞানৰ বাবে এনে বহুতো প্ৰশ্ন আছে যাৰ উত্তৰ দিবলৈ বিজ্ঞানে খৰখেদা নকৰে। যেনে ধৰক, মহাবিশ্বৰ নিয়মবোৰ কেনেকৈ সৃষ্টি হ'ল? এই নিয়মবোৰ কোনে বনালে? জীৱনৰ উদ্দেশ্য কি? শক্তিৰ সৃষ্টি বা বিনাশ যদি নাই, শক্তি আহিল ক'ৰ পৰা? ব্ৰহ্মাণ্ড সৃষ্টি হোৱাৰ আগত শক্তি ক'ত আছিল? বিশ্বব্ৰহ্মাণ্ডখন কিয় আছে? ব্ৰহ্মাণ্ডৰ বাহিৰত কিবা আছে নে নাই ? যদি আছে, কি আছে? যদিহে নাই, কিয় নাই? 

এইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বিজ্ঞানৰ লগতে দৰ্শন আৰু আধ্যাত্মিকতাও সমানভাৱেই প্ৰাসংগিক।আধুনিক বিজ্ঞানৰ মতে প্ৰায় ১৩.৮ বিলিয়ন বছৰৰ আগতে মহাবিশ্বৰ আৰম্ভণি হৈছিল। এই ঘটনাক "বিগ বেং" বা মহানাদ বুলি কোৱা হয়। কিন্তু বিগ বেং বা মহানাদে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ লগত জড়িত সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। বৰং ই কেতবোৰ নতুন প্ৰশ্নৰ হে জন্ম দিছে। যেনে : বিগ বেং কিয় ঘটিল? বিগ বেঙৰ আগতে কি আছিল? পদাৰ্থবিজ্ঞানৰ নিয়মবোৰ কেনেকৈ সৃষ্টি হ'ল? মহাবিশ্বৰ মৌলিক ধ্ৰুৱকসমূহ জীৱনৰ উপযোগীভাৱে ইমান সূক্ষ্মভাৱে নিৰ্ধাৰিত কিয়? ইত্যাদি। 

এই প্ৰশ্নবোৰৰ নিশ্চিত উত্তৰ আজিও নাই। এনে প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কিছুমান বিজ্ঞানীয়ে Multiverse বা বহু-বিশ্বৰ ধাৰণা আগবঢ়াইছে। আন কিছুমানে আকৌ এই সূক্ষ্ম সমন্বয়ৰ আঁৰত এক বুদ্ধিমান সৃষ্টিকৰ্তাৰ সম্ভাৱনাও নুই কৰা নাই। বিজ্ঞানে এতিয়াও এই বিতৰ্কৰ চূড়ান্ত মীমাংসা কৰিব পৰা নাই।

বিজ্ঞানীসকলে জীৱৰ বিবৰ্তনৰ বিষয়ে বহু কথাই জানে। কিন্তু প্ৰথম জীৱন্ত কোষটো কেনেকৈ সৃষ্টি হ'ল, তাৰ সম্পূৰ্ণ ব্যাখ্যা এতিয়াও লাভ কৰা হোৱা নাই। ৰাসায়নিক বিবৰ্তনৰ তত্ত্বসমূহে সম্ভাৱ্য পথ এটা দেখুৱায়, কিন্তু পৰীক্ষাগাৰত এতিয়াও জড় পদাৰ্থৰ পৰা সম্পূৰ্ণ জীৱন্ত কোষ সৃষ্টি কৰিব পৰা হোৱা নাই। সেয়েহে এই বিষয়টো আজিও সক্ৰিয় গৱেষণাৰ ক্ষেত্ৰতেই আছে। তেনেদৰে "চেতনা" —বিজ্ঞানৰ সন্মুখত এক ডাঙৰ ৰহস্য। মানুহৰ মগজুৰ কোটি কোটি স্নায়ুকোষৰ কাৰ্যকলাপ অধ্যয়ন কৰি বিজ্ঞান বহু তথ্য লাভ কৰিছে। কিন্তু বহুতো প্ৰশ্নৰ উত্তৰ আজিও অসম্পূৰ্ণ — আমি সচেতন কিয়? আমি সপোন দেখো কিয়? মানুহৰ মন কি? নৈতিকতাৰ বৈজ্ঞানিক ব্যখ্যা কি? আমাৰ দৈনন্দিন জীৱনৰ এনে বহুতো অভিজ্ঞতাক কেৱল শৰীৰৰ ভিতৰত চলি থকা জৈৱ-ৰাসায়নিক বিক্ৰিয়াৰে সম্পূৰ্ণ ব্যাখ্যা কৰিব পৰা গৈছেনে? এই প্ৰশ্নবোৰ বহুতো দাৰ্শনিক আৰু বিজ্ঞানীক আজিও চিন্তিত কৰি ৰাখিছে। সেই চিন্তাই মানুহক ঈশ্বৰ বিশ্বাসী কৰি গঢ়ি তোলে। 

এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল - "বিজ্ঞানে ঈশ্বৰ নাই বুলি প্ৰমান কৰিব পাৰিছেনে?" অথবা প্ৰশ্নটো এনেদৰেও কৰিব পাৰি - "বিজ্ঞানে ঈশ্বৰৰ সন্ধান দিব পাৰিবনে?"

বিজ্ঞানত কোনো বিষয় প্ৰমাণ কৰিবলৈ পৰ্যবেক্ষণ, পৰীক্ষা আৰু ফলাফলৰ প্ৰয়োজন হয়। যদিহে ঈশ্বৰৰ অস্তিত্ব সময়, স্থান আৰু পদাৰ্থৰ বাহিৰত, তেন্তে ঈশ্বৰ বিজ্ঞানৰ পৰীক্ষাগাৰত অথবা বিজ্ঞানৰ সূত্ৰৰ গণ্ডীলৈ নহাটো স্বাভাৱিক। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰ নাই। কোনো বস্তু এটা ধৰা নপৰা আৰু তাৰ অস্তিত্ব নথকা -- এই দুয়োটা একে কথা নহয়। তেনেক্ষেত্ৰত বিজ্ঞান আৰু আধ্যাত্মিকতা, দুয়ো দুয়োৰে বিৰোধী নে পৰিপূৰক? বহুতে বিজ্ঞান আৰু আধ্যাত্মিকতাক পৰস্পৰৰ প্ৰতিদ্বন্দ্বী বুলি ভাবে। কিন্তু গভীৰভাৱে চালে দেখা যায়, দুয়োটাৰ অনুসন্ধানৰ দিশ দুটা পৃথক। বিজ্ঞান ব্যাখ্যা কৰে - হৃদযন্ত্ৰই কেনেদৰে কাম কৰে। কিন্তু মানুহে আন এজন মানুহক হৃদয়ৰেৰে কিয় ভাল পায় অথবা অকৃত্ৰিম হৃদয়ৰ মৰম, চেনেহ, প্ৰেম আদিবোৰ দৰ্শনৰ বিষয়। জীৱনৰ উদ্দেশ্য কি, মৃত্যুৰ পিছত কি আছে—এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰে দৰ্শন আৰু আধ্যাত্মিকতাই হে।

মানুহৰ জ্ঞানৰ জগতখনত দুয়ো শক্তিয়ে কাম কৰে - যুক্তি আৰু বিশ্বাস। অন্ধবিশ্বাস বিপজ্জনক, কিন্তু অন্ধ সংশয়বাদো সমানে সীমাবদ্ধ। বিজ্ঞানৰ অগ্ৰগতিৰ বাবে যুক্তিৰ প্ৰয়োজন আৰু মানৱীয় মূল্যবোধ, নৈতিকতা, সহানুভূতি আৰু জীৱনৰ গভীৰ অৰ্থ আদিবোৰৰ উপলব্ধিৰ বাবে অন্তৰ্দৃষ্টি আৰু আধ্যাত্মিক চিন্তাও প্ৰয়োজন। সেয়ে বিজ্ঞান আৰু বিশ্বাসৰ মাজত সংঘাত সৃষ্টি কৰাৰ পৰিৱৰ্তে, দুয়োটাৰ মাজত সংলাপ গঢ়ি তোলাটোৱেই অধিক ফলপ্ৰসূ হ'ব। বিশ্বাস আৰু যুক্তিৰ সমন্বয়ত আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰো।

"বিজ্ঞানে ঈশ্বৰৰ সন্ধান দিব পাৰিবনে?"—এই প্ৰশ্নৰ উত্তৰ এতিয়াও নিশ্চিতভাৱে "হয়" বা "নহয়" বুলি ক'ব নোৱাৰি।বিজ্ঞানে ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিব পৰা নাই, কিন্তু খণ্ডনো কৰিব পৰা নাই। কাৰণ বিজ্ঞানৰ অনুসন্ধানৰ ক্ষেত্ৰ আৰু ঈশ্বৰৰ ধাৰণাৰ ক্ষেত্ৰ দুখন একে নহয়। হয়তো বিজ্ঞান যিমানেই আগবাঢ়িব, মহাবিশ্বৰ বিষয়ে আমাৰ জ্ঞান সিমানেই গভীৰ হ'ব। কিন্তু জ্ঞানৰ লগতে ৰহস্যও বাঢ়িব। সেই ৰহস্যৰ সন্মুখত মানুহৰ অনুসন্ধিৎসা, বিনয় আৰু সত্যৰ প্ৰতি আকাংক্ষাও বাঢ়িয়েই থাকিব। সম্ভৱতঃ ঈশ্বৰক কেৱল দূৰবীন, কণা-ত্বৰক বা গণিতৰ জটিল সমীকৰণেৰে কেতিয়াও বিচাৰি পোৱা নাযাব। আনহাতে কেৱল বিশ্বাসৰ আধাৰতো সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা সম্ভৱ নহয়। তথাপিও এইটো অনস্বীকাৰ্য যে সত্যৰ সন্ধানত বিজ্ঞান, দৰ্শন আৰু আধ্যাত্মিকতা—এই তিনিওটা পথেই মানুহক সমৃদ্ধ কৰে। এই তিনিওটা পথৰ সমন্বয়েই হয়তো আমাক এদিন অস্তিত্বৰ গভীৰতম সত্যৰ ওচৰলৈ লৈ যাব। মাত্ৰ আমি অন্ধবিশ্বাসী হ'ব নেলাগে আৰু ধৰ্ম বা ঈশ্বৰক কলংকিত কৰিব পৰা কোনো কাম কৰিব নেলাগে। বিজ্ঞানীসকলৰ আশাশুধীয়া চেষ্টাই এদিন হয়তো আমাক স্পষ্ট কৰি দিব যে -- বিজ্ঞানে ঈশ্বৰৰ সন্ধান দিব পাৰিবনে?