Thursday, 16 July 2026

পিতৃৰ এটা বাক্যই সলনি কৰি দিলে এজন পুত্ৰৰ জীৱন

 

১৯৬৫ চন। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পালে। এজন মেধাৱী ছাত্ৰই কটন কলেজৰ পৰা বিজ্ঞান শাখাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিলে। ঘৰখন আনন্দত উথলি উঠিল। আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, শুভাকাংক্ষী সকলোৰে মুখত কেৱল অভিনন্দন আৰু প্ৰশংসা। যেন সফলতাৰ উৎসৱ চলিছে! 

কেইদিনমান পিছত, যেতিয়া অভিনন্দনৰ ভিৰ অলপ কমিল, পিতৃয়ে পুত্ৰক ওচৰলৈ মাতি মৰমেৰে ক'লে— "বোপা, আজিৰ সফলতাই আমাক গৌৰৱান্বিত কৰিছে। কিন্তু এটা কথা কোৱাচোন, যোৱা বছৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত ষষ্ঠ স্থান লাভ কৰা ছাত্ৰজনৰ নাম তোমাৰ মনত আছেনে?"

পুত্ৰই বহুত ভাবিও উত্তৰ দিব নোৱাৰিলে। পিতৃয়ে তেতিয়া মৃদু হাঁহি এটা মাৰি ক'লে— "দেখিলা! মানুহে ফলাফল উদযাপন কৰে, কিন্তু সেয়া বেছি দিন মনত নাৰাখে। যদি জীৱনত সঁচাকৈয়ে কিবা হ'ব বিচৰা, তেন্তে এনে কাম কৰা যাতে তোমাৰ নম্বৰ নহয়, তোমাৰ কৰ্মই তোমাক যুগে যুগে মানুহৰ হৃদয়ত জীয়াই ৰাখে।"

পিতৃৰ এই কথা কেইটাই পুত্ৰৰ অন্তৰত যেন একুৰা জুই জ্বলাই দিলে! সেইদিনাৰ পৰাই তেওঁ কেৱল পৰীক্ষাত ভাল নম্বৰ লাভ কৰাৰ বাবে নহয়, জ্ঞানৰ জৰিয়তে দেশ আৰু সমাজলৈ অৰিহণা যোগোৱাৰ লক্ষ্যৰে অধিক একাগ্ৰতাৰে অধ্যয়নত মনোনিৱেশ কৰিলে।

বছৰবোৰ পাৰ হ'ল। সেই ছাত্ৰজনেই পাছলৈ হ'ল অসমৰ গৌৰৱ, ভাৰতৰ অন্যতম বিশিষ্ট মহাকাশ বিজ্ঞানী, চন্দ্ৰযান–১ অভিযানৰ মুখ্য বিজ্ঞানী, Physical Research Laboratory (PRL) আহমেদাবাদৰ প্ৰাক্তন সঞ্চালক, শান্তিস্বৰূপ ভাটনাগৰ বঁটা, NASA's Public Service Group of Achievement Award, পদ্মশ্ৰী বঁটা আৰু অসম ৰত্ন সন্মানেৰে সন্মানিত ড° জিতেন্দ্ৰ নাথ গোস্বামী।

ড° জিতেন্দ্ৰ নাথ গোস্বামীৰ এই কথাখিনিৰ পৰা আমি বুজিব পাৰো যে সফলতাই আমাক মাত্ৰ সাময়িক পৰিচয় দিয়াব পাৰে, কিন্তু মহান কৰ্মই মানুহক অমৰ কৰি ৰাখে।

পদবী এদিন শেষ হয়,  পুৰস্কাৰবোৰত এদিন ধূলি জমি উঠে আনকি ফলাফলো এদিন মানুহে পাহৰি যায়। কিন্তু মানুহৰ কল্যাণৰ বাবে কৰা কামবোৰ  ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে জিলিকি ৰৈ যায়।

এজন পিতৃৰ কেইটামান সাধাৰণ বাক্যই কেতিয়াবা সন্তানক  এখন বিশ্ববিদ্যালয়ে দিয়া শিক্ষাতকৈও ডাঙৰ শিক্ষা দিব পাৰে।

1 comment:

  1. The father’s advice is noble, but society rarely rewards people for serving society. It rewards people for creating economic value. In today’s world, your contribution often matters only after you’ve become successful enough for people to notice it.

    ReplyDelete