Saturday 17 March 2018

উপেক্ষিত বিজ্ঞানী : জৰ্জ চাইমন ওম


জাৰ্মানীৰ এৰলাংগেন নামৰ এখন সৰু চহৰত পুৰণি তলা ভাল কৰা এজন সাধাৰণ তলামিস্ত্ৰী য়োহান ওম। তলা ভাল কৰা সাধাৰণ ব্যৱসায়েৰে তিনিটা সন্তান আৰু পত্নীক পোহপাল দিয়াৰ ক্ষেত্ৰত য়োহান ওম যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছিল। সেয়ে তেওঁৰ পত্নী মাৰিয়া এলিজাবেথে ঘৰতে কাপোৰ চিলোৱা কাম কৰি পৰিয়ালটো চলি যোৱাত সহায় কৰিছিল। য়োহান আৰু এলিজাবেথৰ সাতটা সন্তানৰ তিনিটাহে জীৱিত হৈ ৰৈছিল। তেওঁলোক হ'ল ক্ৰমে জৰ্জ চাইমন ওম, মাৰ্টিন ওম আৰু একমাত্ৰ জীয়াৰী এলিজাবেথ বাৰবাৰা। ১৭৮৯ চনৰ ১৬ মাৰ্চত জন্ম গ্ৰহন কৰা জৰ্জ চাইমন ওম পিছলৈ এজন প্ৰসিদ্ধ বিজ্ঞানী হিচাবে প্ৰতিস্থিত হোৱাৰ উপৰিও তেওঁৰ ভাতৃ মাৰ্টিন ওমো এজন বিশ্ববিখ্যাত গণিতজ্ঞ।

১৮০৬ চনত যেতিয়া জৰ্জ চাইমন ওম ১৭ বছৰীয়া তেতিয়াই নিজৰ পঢ়াৰ খৰছ উলিয়াবলৈ তেওঁ Gottstadt Bay Schoolত গণিতৰ শিক্ষক হিচাবে নিযুক্ত হয় আৰু ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ অধ্যয়নো চলাই নিয়ে। ১৮০৯ চনত তেওঁ শিক্ষকতাৰ বৃত্তি এৰি এৰলাংগেন বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰ হিচাবে নাম ভৰ্তি কৰে আৰু ১৮১১ চনৰ শেষৰ ভালে তেখেতে ডক্তৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গণিত আৰু জ্যামিতিৰ স্কুলীয়া পাঠ্যপুথি লিখা কামত ব্ৰতী হয়। ১৮১৩ চনত তেওঁ পুণৰ স্কুল পৰ্যায়ৰ শিক্ষক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰে আৰু সমান্তৰাল ভাবে গণিতৰ লগতে পদাৰ্থ বিজ্ঞানৰ বিভিন্ন গৱেষণামূলক কামত নিজকে নিয়োজিত কৰে।

১৮২৫ চনত চাইমন ওমে জাৰ্মান ভাষাত তেখেতৰ গৱেষণা গ্ৰন্থ "Die Galvanische Kette, Mathematisch Bearbeitet" প্ৰকাশ কৰে। গৱেষণা গ্ৰন্থখনত তেখেতে উল্ল্যেখ কৰিছিল যে কোনো বিদ্যুত পৰিবাহীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হওঁতে, প্ৰবাহিত বিদ্যুতৰ মান পৰিবাহীৰ দুয়ো মুৰে প্ৰয়োগ কৰা বিভৱ পাৰ্থক্যৰ সমানুপাতিক। আজি এই আৱিষ্কাৰক আমি ওমৰ সূত্ৰ বুলিয়েই জানো। কিন্তু পৰিতাপৰ কথা এয়ে যে ওমৰ এই সূত্ৰক সেই সময়ৰ বিজ্ঞানী সকলে মানি ল'ব খোজা নাছিল।

১৮২৭ চনত ওমে আন এখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰে।এই গৱেষণা পত্ৰত তেখেতে উল্ল্যেখ কৰে যে বিদ্যুত পৰিবাহীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হওঁতে, প্ৰবাহিত বিদ্যুতৰ পৰিমান বিভৱ পাৰ্থক্যৰ উপৰিও পৰিবাহীৰ প্ৰস্থচ্ছেদ আৰু পৰিবাহীৰ দৈৰ্ঘৰ ওপৰতো নিৰ্ভৰশীল। গৱেষণা পত্ৰ দুখনত তেওঁৰ পৰীক্ষাৰ বিতং বৰ্ণনাৰ লগতে গাণিতিক বিশ্লেষণো সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছিল।

ওমৰ গৱেষণা পত্ৰ দুখনে বিজ্ঞান সমাজত সমাদৰ পোৱাতো দুৰৰ কথা, বৰং তেওঁৰ সমসাময়িক বিজ্ঞানীসকলে ওলোটাই তেওঁক তিৰস্কাৰহে কৰিছিল। তেওঁলোকৰ মতে এই গৱেষণা পত্ৰ দুখন বিজ্ঞানৰ গৱেষণাৰ নামত বলিয়ালিৰ নামান্তৰ মাথোন ! হতাশাই ওমক আমনি কৰিছিল। তেনে সময়তেই চাইমন ওমক বিদ্যালয় কৰ্তৃপক্ষই চাকৰিৰ পৰা ইস্তাফা দিবলৈ হেঁচা প্ৰয়োগ কৰিলে। বিদ্যালয় কৰ্তৃপক্ষৰ মতে বিজ্ঞানৰ নামত ওমে যিবোৰ বলিয়ালি কৰিছে, সেইবোৰে শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিৰূপ প্ৰভাৱ পেলাব। বাধ্য হৈ ১৮২৮ চনত তেওঁ চাকৰীৰ পৰা অব্যাহতি লৈ ১৮৩৩ চনলৈ সুদীৰ্ঘ পাঁচ বছৰ কাল এক প্ৰকাৰ বেকাৰ জীৱন অতিবাহিত কৰিব লগা হৈছিল।

পিছে গুণীৰ গুণ বুজা মানুহো থাকে। ১৮৩৩ চনত Polytechnic School of Nurembergএ জৰ্জ চাইমন ওমক গণিতৰ অধ্যাপক হিচাবে নিযুক্তি দিলে। লাহে লাহে ওমৰ জীৱনলৈ ভাল দিনবোৰ ঘূৰি আহিবলৈ ধৰিলে। ওমে Polytechnic School of Nurembergত ষোল্ল বছৰ অধ্যাপনা কৰে। ১৮৪১ চনত Royal Society of Londonৰ পৰা জৰ্জ চাইমন ওমে এখন পত্ৰ পালে। পত্ৰখন পঢ়ি ওমৰ দুচকুত বিৰিঙি উঠিল আনন্দৰ চকুলো। কাৰণ পত্ৰখনত লিখা আছিল : ……১৮২৫ চনত আপুনি প্ৰকাশ কৰা গৱেষণা গ্ৰন্থ "Die Galvanische Kette, Mathematisch Bearbeitet"ত উল্ল্যেখিত তথ্যবোৰ বিজ্ঞান জগতলৈ এক অমূল্য অৱদান, যিয়ে বিদ্যুত বিজ্ঞানক সঠিক পথৰ সন্ধান দিব। আপোনাৰ এই বহুমূলীয়া অৱদানৰ বাবে Royal Society of Londonএ আপোনাক "Copley Medal for Extraordinary Effort" প্ৰদান কৰিবলৈ ওলাইছে। আপোনাক পুৰস্কাৰটি গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হ'ল……।

১৮৪১ চনত Royal Society of Londonৰ দৰে পৃথিৱী বিখ্যাত অনুস্থানৰ দ্বাৰা স্বীকৃতি পোৱাৰ লগে লগে জৰ্জ চাইমন ওম ৰাতিটোৰ ভিতৰতেই বিখ্যাত হৈ পৰিল। আগতে লেই লেই চেই চেই কৰা সকলে এতিয়া তেওঁৰ এটি সাক্ষাৎকাৰৰ বাবে দৌৰা দৌৰি আৰম্ভ কৰিবলৈ ধৰিলে। ১৮৪৯ চনত মিউনিখৰ Bavarian Academy’s Physics নামৰ জাৰ্মানীৰ পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ সংস্থাটোৱে তেওঁক সন্মানীয় "Curator" পদৱীত নিযুক্তি দিয়ে। তিনি বছৰ এই পদত কাৰ্য নিৰ্বাহ কৰাৰ পিছত মিউনিখ বিশ্ববিদ্যালয়ে তেওঁক ১৮৫২ চনত University of Munichত পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ আসনখনত অধিস্থিত কৰে। তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত ওমে সেই আসনখন শুৱনি কৰি ৰাখিছিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে পৰিবাহীৰ "ৰোধ"ৰ এককটোক "ওম" বুলি নামাকৰণ কৰা হয়। ৬ জুলাই, ১৮৫৪ত এই মহান বিজ্ঞানীজনৰ দেহাৱসান হয়।

আকাশৰ তৰাবোৰৰ ভাৰতীয় নাম


বিশ্বৰ প্ৰায় প্রতিটো সংস্কৃতিতেই আকাশৰ তৰাবোৰে বিশেষ গুৰুত্ব বহন কৰি আহিছে। প্ৰাচীন কালৰে পৰাই ধর্মীয় আদৰ্শৰ প্ৰসাৰ আৰু অধ্যয়নৰ ক্ষেত্ৰত তৰাবোৰ বহুলভাবে ব্যবহাৰ হৈছিল। কম্পাচ আৱিষ্কাৰ হোৱাৰ আগত নিশাৰ আকাশত জিকমিকাই থকা তৰাবোৰৰ সহায়তেই নাবিকসকলে দিকনির্ণয় কৰি সাগৰৰ বিশালতা অতিক্ৰম কৰিছিল। ঋতু পৰিবৰ্তনৰ লগত আকাশৰ তৰাবোৰৰ আপেক্ষিক স্থান পৰিবৰ্তনৰ সম্পর্কটো লাহে লাহে মানুহে বুজি পাবলৈ আৰম্ভ কৰিলে। প্রাচীন জ্যোতির্বিদ সকলে (জ্যোতিষী নহয়) আকাশৰ তৰাবোৰক কিছুমান তৰামণ্ডলত ভাগ কৰি সেই তৰামণ্ডলসমূহ সাপেক্ষে সৌৰজগতত সূর্যৰ অৱস্থান আৰু সৌৰজগতৰ গ্রহবোৰৰ গতি সম্বন্ধে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। প্ৰাচীন কালৰে পৰাই মিচৰ, চীন, আৰব, ইউৰোপ প্ৰভৃতি দেশৰ জ্যোতির্বিদ সকলৰ লগতে ভাৰততো তৰা বা নক্ষত্ৰবোৰৰ ওপৰত বিশদ অধ্যয়ন চলিছিল। ভাৰতীয় জ্যোতির্বিদ সকলে সেই সময়তেই আকাশৰ তৰাবোৰ চিনাক্ত কৰি সেইবোৰৰ নাম ৰাখিছিল। সেইবোৰৰ ভিতৰত কেইটামানৰ বিষয়ে তলত উল্ল্যেখ কৰিছোঁ :

১) অশ্বিনী : পৌৰাণিক আখ্যান অনুসৰি অশ্বিন মুনিৰ পত্নীৰ নাম অশ্বিনী। ঘোঁৰাৰ মুৰৰ গঠনৰ লগত সাদৃশ্য থকা α, β আৰু γ Arietis নামৰ তিনিটা প্ৰধান তৰাৰে গঠিত তৰামণ্ডলতেই অশ্বিনী নক্ষত্ৰৰ অৱস্থান। ঘোঁৰা বা অশ্বৰ দৰে গঠনযুক্ত হোৱা বাবেই এই তৰাটোৰ নাম অশ্বিনী ৰখা হৈছিল। পৃথিৱীৰ পৰা প্ৰায় ৬৬ আলোক বৰ্ষ দূৰৰ মেষ ৰাশিত অৱস্থিত এই তৰাটো আকাৰত আমাৰ সূৰ্যতকৈ প্ৰায় দুগুণ ডাঙৰ। 

২) ভৰণী : মেষ ৰাশিৰ অন্তৰ্গত Arietis তাৰকামণ্ডলৰ আন এটা নক্ষত্ৰ হ'ল ভৰণী। ভৰণী (মূল সংস্কৃত) শব্দৰ অৰ্থ ধাৰণ কৰা বা বহন কৰা। ঋগ্বেদৰ আখ্যান মতে ভৰণী নক্ষত্ৰ হ'ল যমৰজাৰ দূত যিয়ে মৃতকৰ আত্মাক পৃথিৱীৰ পৰা কঢ়িয়াই নিয়ে। ভৰণী নক্ষত্ৰ পৃথিৱীৰ পৰা প্ৰায় ৭৩ আলোক বৰ্ষ আঁতৰত অৱস্থিত আৰু ই সূৰ্যতকৈ প্ৰায় ৩.৫ গুণ ডাঙৰ।

৩) কৃত্তিকা : ঋগ্বেদত উল্ল্যেখ থকা মতে শিৱৰ সন্তান কাৰ্তিকেয় (কাৰ্তিক)ৰ এগৰাকী শুশ্রূষাকাৰিণী হ'ল কৃত্তিকা। ই বৃষ ৰাশিত অৱস্থিত Pleiades তাৰকা মণ্ডলৰ ছটা নক্ষত্ৰৰ মাজৰ এটি নক্ষত্ৰ। গ্ৰীক আখ্যান অনুসৰি কৃত্তিকা হ'ল অগ্নি বা জুইৰ অধিপতি।

৪) ৰোহিনী : বৃষ ৰাশিৰ উজ্বল নক্ষত্ৰ আলফা আলদাবেৰান বা α-Aldebaran আকাশৰ চতুৰ্দশ উজ্বল নক্ষত্ৰ। এই তৰাটোৰ ভাৰতীয় নামেই হ'ল ৰোহিনী নক্ষত্ৰ। ৰঙা বৰণৰ এই তৰাটো আমাৰ সূৰ্যতকৈ প্ৰায় ৩৫০ গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৭০ আলোকবৰ্ষ। 

৫) মৃগশিৰা : পৰস্পৰৰ ওচৰা ওচৰিকৈ দেখা যোৱা ক্ষীণ পোহৰৰ ৩টা তৰাৰে মিলি গঠন হৈছে এক তাৰকা মণ্ডল যাৰ নাম Orion বা অৰায়ন। ঋগ্বেদৰ মতে ইয়াক যজ্ঞসোম বুলিও জনা যায়। তাৰকা মণ্ডলটোৰ গঠন হৰিণৰ মূৰৰ দৰে হোৱা বাবে ইয়াক মৃগশিৰা বুলিয়েই জনা যায়। আধুনিক জ্যোতির্বিজ্ঞান অনুসৰি এই নক্ষত্রটোৰ নাম Meisah বা λ Orionis।

৬) আৰ্দ্ৰা : ৰাতিৰ আকাশৰ অগণন তৰাৰ মাজত অতি সহজে চিনি উলিয়াব পৰা এটি তৰা হ'ল বিটলজুচ বা আৰ্দ্ৰা নক্ষত্ৰ। কালপুৰুষৰ সোঁবাহুৰ উজ্জ্বল ৰঙচুৱা নক্ষত্ৰটোৱই বিটলজুচ বা আৰ্দ্ৰা। বিজ্ঞানী সকলৰ ভাষাত এই তৰাটোৰ নাম Alpha Orionis. আমাৰ সূৰ্যতকৈ 25 গুণ অধিক ভৰ বিশিষ্ট বিটলজুচ আয়তনৰ ক্ষেত্ৰতো সূৰ্যতকৈ প্ৰায় 500 গুণ ডাঙৰ। অতি বৃহৎ আকাৰৰ M শ্ৰেণীৰ এই তৰাটোক এটা ৰঙা অতিদানব বা Red Supergiant বুলি কোৱা হয়। আচৰিত হ'লেও এইটো সঁচা যে আকাৰত অতি বৃহৎ হোৱা স্বত্তেও এই তৰাটো আমাৰ সূৰ্যতকৈ শীতল। বিটলজুচৰ উষ্ণতা 6000 ডিগ্ৰী ফাৰেনহাইট, আনহাতে আমাৰ সূৰ্যৰ উষ্ণতা প্ৰায় 10,000 ডিগ্ৰী ফাৰেনহাইট। পৃথিৱীৰ পৰা প্ৰায় 640 আলোকবৰ্ষ আঁতৰৰ এই তৰাটোৰ বয়স প্ৰায় 10 মিলিয়ন বছৰ। সূৰ্যৰ তুলনাত প্ৰতি ছেকেণ্ডত প্ৰায় 700 গুণ অধিক হাইড্ৰজেন ইন্ধন হিচাবে জ্বলোৱা বিটলজুচৰ ইতিমধ্যে ইন্ধনৰ অভাৱ ঘটিছে আৰু তৰাটোৰ নিউক্লিয় বিক্ৰিয়া অতি স্তিমিত হৈ পৰিছে। বিজ্ঞানী সকলে গাণিতিক ভাবে বিশ্লেষণ কৰি আগবঢ়োৱা তথ্য অনুসৰি বিটলজুচ বৰ্তমান এটি অকালতে বৃৃদ্ধ হৈ পৰা তৰা। ইয়াৰ কেন্দ্ৰত ঘটা হাইড্ৰজেনৰ নাটনিয়ে বৰ্তমান এক জটিল অৱস্থা পাইছে আৰু সেয়েহে যিকোনো মূহুৰ্ততে তৰাটো মৃত্যুমুখত পৰাটো নিশ্চিত। 

৭) পুণৰ্বসু : ভাৰতীয় জ্যোতির্বিজ্ঞান অনুসৰি ৭ম নক্ষত্ৰ পুণৰ্বসু প্ৰকৃততে যুগ্ম তৰা। প্রাচীন ঋগ্বেদীয় ঋষি সকলৰ মতে এই তৰা দুটাৰ নাম অদিতি ও দিতি। আধুনিক জ্যোতির্বিজ্ঞান অনুসৰি এই নক্ষত্র দুটা মিথুন ৰাশিৰ উজ্জ্বলতম দুই তৰা Pollux (বিটা জেমিনি) আৰু Castor (আলফা জেমিনি)।

৮) পুষ্যা : ডেল্টা কংক্ৰায়, গামা কংক্ৰায়, আৰু থেটা কংক্ৰায় নামৰ কৰ্কট ৰাশিৰ তিনিটা অনুজ্বল নক্ষত্ৰক প্রাচীন ঋগ্বেদীয় ঋষিসকলে পুষ্যা বুলি নামাকৰণ কৰিছে। পুষ্যা নক্ষত্ৰ পৃথিৱীৰ পৰা ১৮০ আলোক বৰ্ষ দূৰত অৱস্থিত।

৯) অশ্লেষা : উত্তৰ-পশ্চিম আকাশত কর্কট ৰাশিৰ পৰা তুলা ৰাশিল কাল্পনিক ৰেখা অংকন কৰি তাক বঢ়াই নিলে দক্ষিণ-পূব দিশত দেখা যায় হাইড্রা তাৰকা মণ্ডল। ই এক বৃহত্তম তৰা মণ্ডল হলেও ইয়াত এটাই মাত্র উজ্বল তৰা আছে যাৰ নাম আলফা হাইড্রি বা σ Hydrae। এই তৰাটোৱেই অশ্লেষা নক্ষত্ৰ।

১০) মঘা : সিংহ ৰাশিৰ উজ্বলতম নক্ষত্ৰটো হ'ল ৰেগুলাচ বা মঘা। আধুনিক বিজ্ঞানত এই তৰাটোৰ নাম α Leonis বা আলফা লিওনিচ। সিংহ ৰাশিত মঘা নক্ষত্ৰ বা α Leonisৰ ওচৰতেই আন দুটা অনুজ্বল তৰা দেখা পোৱা যায়। এই তৰা দুটাক γ Leonis আৰু ζ Leonis বোলা হয়। পৃথিৱীৰ পৰা মঘা নক্ষত্ৰৰ দূৰত্ব প্ৰায় ৭৯ আলোক বৰ্ষ আঁতৰত অৱস্থিত।

১১) পূর্ব ফাল্গুনী : পৃথিৱীৰ পৰা প্ৰায় ৫৯ আলোকবৰ্ষ দূৰৰ সিংহ ৰাশিৰ অন্তৰ্গত ডেল্টা লিওনিচ (δ Leonis) নামৰ অতি বিশালাকাৰ নীলা বৰণৰ নক্ষত্ৰটো আৰু ইয়াৰ লগতে আকাশৰ প্ৰায় একে স্থানতেই দেখা যোৱা থিটা লিওনিচ (θ Leonis) নামৰ ঈষৎ ৰঙচুৱা নক্ষত্ৰ দুটাই হ'ল পূৰ্ব ফাল্গুনী। 

১২) উত্তৰ ফাল্গুনী : সিংহ ৰাশিৰ β Leonis বা বিটা লিওনিচ নামৰ নীল বৰণৰ নক্ষত্ৰটো আমাৰ সূৰ্যতকৈ প্ৰায় ৫ গুণ ডাঙৰ। β Leonis সূৰ্যতকৈ কেইবা গুণে উজ্বল আৰু সেয়েহে পৃথিৱীৰ পৰা ৩৬ আলোক বৰ্ষ দূৰত থকা স্বত্তেও এই নক্ষত্ৰটো আমি খালী চকুৰেই দেখা পাওঁ। সিংহ ৰাশিৰ β Leonis নামৰ এই নক্ষত্ৰটোকেই আমি উত্তৰ ফাল্গুনী বুলি জানো।

১৩) হস্তা : পৌৰাণিক আখ্যান অনুসৰি হস্তা নক্ষত্ৰ জীৱৰ জন্ম আৰু বিবাহৰ অধিপতি। পাচটা কিছু উজ্বল নক্ষত্ৰ ক্ৰমে α-Corvi, β-Corvi, γ-Corvi, δ-Corvi আৰু ε-Corvi মিলি গঠন হোৱা Corvus (কোৰভাচ) তাৰকাৰাজ্যৰ সকলোতকৈ উজ্বল তৰা α-Corviকেই হস্তা নক্ষত্ৰ বোলা হয়। সূৰ্যতকৈ প্ৰায় ১২ গুণ ডাঙৰ হস্তা নক্ষত্ৰটো আমাৰ পৰা ৪৯ আলোকবৰ্ষ দূৰত অৱস্থিত।

১৪) চিত্ৰা : ৰাতিৰ আকাশত মংগল গ্ৰহ আৰু শনি গ্ৰহৰ প্ৰায় ওচৰতে এটি নক্ষত্ৰ দেখা পোৱা যায়। এই নক্ষত্ৰটোক আধুনিক বিজ্ঞানত স্পাইকা (Spica) বা α Virginis বুলি জনা যায়। কন্যা ৰাশিৰ উজ্বলতম এই নক্ষত্ৰটোৰ নামেই হ'ল চিত্ৰা বা স্পাইকা। ই পৃথিৱীৰ পৰা ২৫০ আলোক বৰ্ষ দূৰত অৱস্থিত।

১৫) স্বাতী : বুটিচ তাৰকাৰাজ্যৰ এটি উজ্বল নক্ষত্ৰ হ'ল α Boötes বা আৰ্কটুৰাচ (Arctaurus)। এই তৰাটো এতিয়া ৰঙা দানৱ বা red giant দশাত আছে। বুটিচ তাৰকাৰাজ্যৰ এই তৰাটো উত্তৰ গোলাৰ্ধৰ আকাশত নিশাৰ ভাগত যিকোনো ঠাইৰ পৰা খালী চকুৰে দেখা পোৱা যায়। বিজ্ঞানী সকলৰ মতে তৰাটোৰ মৃত্যুৰ পিছত ইয়াৰ অৱশিষ্ট অংশবোৰ এটা শ্বেত বামন বা white dwarf হিচাবে ৰৈ যাব। ভাৰতীয় জ্যোতির্বিদ সকলে এই তৰাটোক স্বাতী নামেৰে নামাকৰণ কৰিছে।

১৬) বিশাখা : তুলা ৰাশিত তিনিটা উজ্বল তৰা দেখা যায়। এই তৰা কেইটাৰ বিজ্ঞান সন্মত নাম α, β আৰু γ- Libra (লিব্ৰা)। এই তৰা কেইটাৰ ভিতৰত α-Libra দৰাচলতে যুগ্ম তৰাহে। অৰ্থাৎ α¹-Libra আৰু α²-Libra নামৰ দুটা তৰাক একেলগে দেখা যায়। খালী চকুৰে অৱশ্যে তৰা দুটা পৃথক যেন নেলাগে। প্ৰাচীন ভাৰতীয় বিজ্ঞানী সকলে α¹-Libra আৰু α²-Libra নামৰ দুটা তৰাক একেলগে বিশাখা নামেৰে নামাকৰণ কৰিছে।

১৭) অনুৰাধা : বৃশ্চিক ৰাশিত একাধিক উজ্বল তৰা আছে। সেইবোৰক একেলগে Scorpionis বুলি কোৱা হয়। এই Scorpionisবোৰৰ ভিতৰত বৃশ্চিক ৰাশিত β, δ আৰু π Scorpionisক অনুৰাধা বুলি জনা যায়। পৃথিৱীৰ পৰা প্ৰায় ৪০০ আলোক বৰ্ষ আঁতৰৰ এই তৰা কেইটা আমাৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ।

১৮) জেষ্ঠা : আগতেই কোৱা হৈছে যে বৃশ্চিক ৰাশিত একাধিক উজ্বল তৰা আছে। আন কেইটামান তেনে উজ্বল তৰা হ'ল α-Scorpionis, σ-Scorpionis আৰু τ-Scorpionis। ইয়াৰ ভিতৰত α-Scorpionis সকলোতকৈ উজ্বল। এই α-Scorpionis নামৰ তৰাটোৱেই হ'ল জেষ্ঠা নক্ষত্ৰ।

১৯) মূলা : বৃশ্চিক ৰাশিৰ আন কেইটামান উল্ল্যেখযোগ্য তৰা হ'ল ε, ζ, η, θ, ι, κ, λ, μ আৰু ν স্কৰপিওনিচ। এই তৰা কেইটাৰ ভিতৰত আটাইতকৈ উজ্বল তৰাটো হৈছে θ-স্কৰপিওনিচ বা মূলা নক্ষত্ৰ।

২০) পূর্বাষাঢ়া : ধনু ৰাশিৰ উজ্বল তৰাৰ সংখ্যাও কম নহয়। γ, δ, ε, η, μ1, μ2, σ, ζ, φ, χ, আৰু τ-চেজিটেৰায় নামৰ ১১টা কম বেছি পৰিমানে উজ্বল তৰাৰে গঠিত ধনু ৰাশিত প্ৰকৃততে μ1 আৰু μ2 চেজিটেৰায় নামৰ তৰা দুটা যুগ্ম তৰাহে। এই তৰা দুটাক একেলগে পূর্বাষাঢ়া নক্ষত্ৰ বোলা হয়।

২১) উত্তৰাষাঢ়া : ধনু ৰাশিৰ উজ্বল তৰাবোৰৰ ভিতৰত π, τ, ν, ψ, ω, α, আৰু ζ-চেজিটেৰায় অন্যতম। এই সাতটা তৰাৰ মাজত α-চেজিটেৰায় অন্যতম আৰু এই তৰাটোকেই উত্তৰাষাঢ়া নক্ষত্ৰ বোলা হয়।

২২) অভিজিত : মকৰ ৰাশিৰ অন্তৰ্গত হাৰকিউলিচ (লিৰা) তাৰকামণ্ডলৰ এটা উজ্বল তৰাৰ নাম ভেগা। ভেগা নক্ষত্ৰ আমাৰ সূৰ্যতকৈ প্ৰায় 2.5 গুণ ডাঙৰ আৰু আমাৰ পৰা 25 আলোকবৰ্ষ আতৰত অৱস্থিত। সূৰ্যাস্তৰ পিছতেই জোনাকবিহীন সন্ধিয়াত এই ভেগা নক্ষত্ৰটো উত্তৰ-পশ্চিম আকাশত দেখা পোৱা যায়। আকাশৰ তৰাবোৰৰ লগত যদি আপুনি পৰিচিত, তেন্তে এই নক্ষত্ৰটো সহজেই চিনি উলিয়াব পাৰিব। মকৰ ৰাশিৰ তিনিটা উজ্বল নক্ষত্ৰ α, ε আৰু ζ- লিৰাৰ ভিতৰত α-লিৰা সবাতোকৈ উজ্বল আৰু এঈ তৰাটোৱেই অভিজিত নক্ষত্ৰ।

২৩) শ্রৱণা : পৃথিৱীৰ পৰা ১৬.৭ আলোকবৰ্ষ দূৰত একুইলা তাৰকামণ্ডলত তিনিটা উজ্বল তৰা আছে। সেইবোৰ হ'ল α, β আৰু γ-একুইলি। এই তিনিটাৰ ভিতৰত α-একুইলি আটাইতকৈ উজ্বল। বিজ্ঞানী সকলৰ মতে ইয়াৰ নাম Altair (এল্টায়াৰ)। নিশাৰ আকাশৰ উত্তৰ পশ্চিম কোনত খালী চকুৰে দেখা পোৱা এই তৰাটোৰ ভাৰতীয় নাম হ'ল শ্ৰৱনা নক্ষত্ৰ।

২৪) ধনিষ্ঠা : মংগল গ্ৰহৰ কাষত নিশাৰ আকাশত অষ্টবসু তৰামণ্ডলত আঠটা তৰা আছে। এই তৰাবোৰৰ ভিতৰত উল্ল্যেখযোগ্য তৰা কেইটা হ'ল α, β, γ, δ, আৰু ε-ডেলফিনি। ইয়াৰ ভিতৰত α-ডেলফিনি সকলোতকৈ উজ্বল আৰু এই তৰাটোৱেই হ'ল ধনিষ্ঠা নক্ষত্ৰ।

২৫) শতভিষা : পৃথিৱীৰ পৰা ৩৯০ আলোকবৰ্ষ দূৰত কুম্ভ ৰাশিত অৱস্থিত লামডা একুৱাৰি (λ Aquarii) নামৰ তৰাটো প্ৰায় ওচৰা-ওচৰিকৈ থকা আন এশটা তৰাতকৈ বেছি উজ্বল। এশটা তৰাৰ এই সমষ্টিটোক "শততাৰা" বুলিও জনা যায়। কুম্ভ ৰাশিত অৱস্থিত লামডা একুৱাৰি নামৰ তৰাটোক শতভিষা বুলি জনা যায়। 

২৬) পূৰ্বভাদ্ৰপদ : পৃথিৱীৰ পৰা ৫০.৯ আলোকবৰ্ষ আঁতৰৰ পেগাছাচ তাৰকাৰাজ্যৰ চাৰিটা প্ৰধান তৰা হ'ল α, β, ε আৰু γ পেগাছি। ইয়াৰ ভিতৰত α আৰু ε পেগাছি বেছি উজ্বল। পেগাছাচ তাৰকা ৰাজ্যখন দেখাত পাখিযুক্ত ঘোঁৰাৰ দৰে। ইয়াক আকাশৰ উত্তৰ পূব কোনত এণ্ড্ৰোমেডা তাৰকা ৰাজ্যৰ কাষত দেখা পোৱা যায়। পেগাছাচৰ α-পেগাছি নামৰ উজ্বল তৰাটোকেই পূৰ্বভাদ্ৰপদ বুলি জনা যায়।

২৭) উত্তৰভাদ্ৰপদ : ওপৰত উল্ল্যেখ কৰা পেগাছাচ তাৰকাৰাজ্যৰ প্ৰধান চাৰিটা তৰা α, β, ε আৰু γ পেগাছিৰ ε-পেগাছি নামৰ তৰাটোৱেই হ'ল উত্তৰভাদ্ৰপদ। 

২৮) ৰেৱতী : মীন ৰাশিত দেখা পোৱা ৩২টা তৰাৰ ভিতৰত ζ Piscium (যেটা পিছিয়াম) নামৰ তৰাটো এটা বাদামী ৰঙৰ বামন তৰা। এই তৰাটোক প্ৰাচীন ভাৰতীয় বিজ্ঞানী সকলে ৰেৱতী নক্ষত্ৰ বুলি নামাকৰণ কৰিছে।


Wednesday 7 March 2018

যশোধৰাৰ সিদ্ধাৰ্থ যেতিয়া বুদ্ধ হৈছিল


যশোধৰা আৰু তেওঁৰ বুকুৰ মাজত উমলৈ শুই থকা দেৱশিশুটিৰ পিনে এপলক চাই চকুহাল ঘূৰাই আনিলে শাক্যই। তেওঁৰ মনতে ভাবিবলৈ ধৰিলে - ক্ষন্তেক আগত জন্ম হোৱা এই দেৱশিশুটিয়ে সাংসাৰিক মায়াৰ বান্ধোন অধিক দৃঢ় কৰি তুলিব নেকি ? নাই, নাই… এইটো হ'বলৈ দিয়া অনুুচিত। সাংসাৰিক মায়াৰ বান্ধোনে নিৰ্বাণৰ পথ দেখুৱাব নোৰাৰে। যশোধৰা তেতিয়া পুত্র জন্ম দিয়াৰ আনন্দ আৰু ক্লান্তিৰ গভীৰ নিদ্রাত মগ্ন ! মূহুৰ্তৰ ভিতৰতেই ৰাজকুমাৰ শাক্য ওৰফে সিদ্ধাৰ্থ যশোধৰাৰ শয়ণ কক্ষৰ পৰা হাতত সাৰে, ভৰিত সাৰে ওলাই আহিল। তেওঁ ৰাজপ্ৰসাদৰ বাহিৰৰ মুকলি ঠাই এডোখৰত ক্ষন্তেক ৰৈ ভাবিবলৈ ধৰিলে : ক'ত পোৱা যাব পৰম সত্যৰ সন্ধান অথবা নিৰ্বাণৰ মসৃণ পথ, যি পথে সমগ্ৰ মানুহজাতিক দিব পাৰিব মুক্তি, সুখ আৰু অনাবিল শান্তিৰ ঠিকনা……
যশোধৰা ষোড়শী সুন্দৰী। সিদ্ধাৰ্থৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত দুয়োৰ বয়স ১৬বছৰ। বিয়াৰ ১৩ বছৰ পিছত পুত্ৰ ৰাহুলৰ জন্ম। নিশাৰ আকাশৰ জোনবাইটো ৰাহুৱে গিলি থোৱা (!) চন্দ্ৰগ্ৰহনৰ থিক পিছতেই জন্ম হোৱা পুত্ৰৰ নাম ৰাহু নামৰ অনুসৰণত ৰাহুল ৰখা হ'ল। চন্দ্ৰগ্ৰহনৰ সেই নিশাটোতেই সদ্যজাত পুত্ৰ ৰাহুল আৰু পত্নী যশোধৰাক এৰি থৈ ৰাজকুমাৰ সিদ্ধাৰ্থই ঘৰ-সংসাৰ সকলো ত্যাগ কৰি গুচি গ'ল সত্যৰ সন্ধানত, নিৰ্বাণৰ পথ বিচাৰি।
ৰাজহাউলীত কান্দোনৰ ৰোল উঠিল। যশোধৰাৰ শয়ণকক্ষৰ বাহিৰতেই সেই কান্দোনৰ ৰোল। ভাগৰুৱা অৱশ শৰীৰটো কোনোমতে চম্ভালি লৈ যশোধৰা শয়ণকক্ষৰ ওলাই আহিল। ৰাজহাউলীৰ লিগিৰীবোৰে চিঞৰি চিঞৰি কান্দিছে। যশোধৰাক দেখি কান্দোনৰ ৰোল বাঢ়ি আহিল। এগৰাকী বয়স্ক লিগিৰীয়ে যশোধৰাক সাৱটি ধৰি কান্দি কান্দি ক'লে : শাক্যই তোমাৰ লগতে তোমাৰ পুত্ৰ ৰাহুলক এৰি থৈ গুছি গৈছে। তুমি এতিয়া কেনেকৈ জীয়াই থাকিবা যশোধৰা ! সেয়া চোৱা যশোধৰা, চোৱা; সেয়া কাৰো বাধা নেমানি শাক্য ৰাজহাউলীৰ পৰা ওলাই গৈছে……
বাহিৰৰ ঘন এন্ধাৰৰ মাজতে যশোধৰাই ছায়ামায়াকৈ দেখিলে কোবাকুবি খোজেৰে সিদ্ধাৰ্থ আগুৱাই গৈছে। ক্লান্ত শৰীৰটোত শক্তি গোটাই যশোধৰা দৌৰি গ'ল সিদ্ধাৰ্থৰ পিছে পিছে। তেওঁ চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে : শাক্য, তোমাৰ পুত্ৰই এইমাত্ৰ চকু মেলি চাব। পুৱাৰ সুৰুযৰ প্ৰথম কিৰণৰ লগত আজি চিনাকী হ'ব তোমাৰ পুত্ৰ। অন্ততঃ তোমাৰ পুত্ৰৰ বাবে ৰৈ যোৱা সিদ্ধাৰ্থ…!
সিদ্ধাৰ্থই এবাৰলৈ ঘূৰি চালে আৰু খোজবোৰ বেছি খৰকৈ আগবঢ়ালে। ক্লান্ত যশোধৰাই আৰু বেছি আগবাঢ়িব নোৱাৰিলে। তেওঁ মাটিত বাগৰি পৰিল। ইতিমধ্যে সিদ্ধাৰ্থ নিশাৰ অন্ধকাৰত বিলীন হৈ গৈছিল।
যশোধৰা ভাঁগি পৰিল। তেওঁ যেন হেৰুৱাই পেলালে জীৱনৰ সকলো অৰ্থ ! দুখ আৰু মানসিক যন্ত্ৰণাত কাতৰ যশোধৰা মৌন হৈ ৰ'ল। দুগালেৰে মাথোন পাৰ ভাঙি চকুলো বৈ আহিল। চকুলোৱেতো বাধা নেমানে ! কোনোবাই আগবাঢ়ি আহি দুবাহুত ধৰি যশোধৰাক তুলি ধৰিলে। লাহে লাহে তেওঁ যশোধৰাক ৰাজহাউলীৰ পিনে আগবঢ়াই আনিলে। মুক, মৌন যশোধৰাই পুত্ৰ ৰাহুলৰ ওচৰলৈ দৌৰি গৈ সাৱটি ধৰিলে আৰু সংকল্প ল'লে যে পুত্ৰ ৰাহুলৰ বাবেই তেওঁ জীয়াই থাকিব লাগিব, সাহসেৰে……
সংকল্পমতেই তেওঁ জীয়াই থকাৰ বাবে প্রয়োজনীয় নুন্যতম খিনিক লৈয়ে আৰম্ভ কৰিলে এক সাধাৰণ জীৱন। শৰীৰৰ গহনা পাতি, আ-অলংকাৰ সকলো খুলি পেলাই মাত্র এখন বস্ত্রৰে দেহ ঢাকি ৰাখিবলৈ আৰম্ভ কৰিলে। দিনটোত মাত্র এবাৰ আহাৰ গ্রহণ কৰি ভগৱানৰ ওচৰত নিজকে সঁপি দিলে। মনটো দৃঢ় কৰি ল'লে। পুত্ৰ ৰাহুলক জ্ঞানী মানুহ হিচাবে গঢ়ি তুলিব লাগিব !
সময়বোৰ বাগৰি যাবলৈ ধৰিলে। যশোধৰাই এতিয়াও আশাৰে ৰৈ থাকে। তেওঁৰ মনটোৱে যেন মাজে সময়ে কাণে কাণে কয়হি - অপেক্ষা কৰা, তোমাৰ শাক্য ওভটি আহিব। বহু দেশৰ ৰাজকুমাৰে যশোধৰাক বিবাহৰ প্রস্তাৱ দিলে। বন্ধু-বান্ধৱী, ইষ্ট-কুটুম সকলোৱে আহি পৰামৰ্শ দিয়েহি : "তুমি পাহৰি যোৱা সেই মানুহজনক ! সিদ্ধাৰ্থই তোমাক পাহৰি গৈছে। তুমি তোমাৰ জীৱনটো ধ্বংস নকৰি নতুনকৈ জীৱনটো আৰম্ভ কৰা……।" কিন্তু যশোধৰাই সকলো প্রতাখ্যান কৰি গ'ল।

সময় বাগৰি গ'ল। এদিন সঁচাকৈয়ে সিদ্ধাৰ্থ উভতি আহিল ৰাজহাউলীলৈ। কোনোবাই দৌৰি আহি যশোধৰাক ক'লেহি : শাক্য ওভটি আহিছে। মূহুৰ্তৰ বাবে যেন যশোধৰাই নিজৰ কান দুখনকেই বিশ্বাস কৰিব পৰা নাই ! তেওঁ দৌৰি গ'ল। প্ৰচলিত নিয়ম অনুসৰি শাক্যই প্ৰথমে লগ ধৰিব পিতৃ শুদ্ধোধন আৰু পুত্ৰ ৰাহুলক। তাৰ পিছত পত্নী যশোধৰাক। অধীৰ আগ্ৰহেৰে যশোধৰাই অপেক্ষা কৰি ৰ'ল সিদ্ধাৰ্থলৈ।
অৱশেষত সিদ্ধাৰ্থ আহি যশোধৰাৰ কাষ পালেহি। বহুদিন আগতে অতৰ্কিতে সংসাৰৰ মায়া মোহ এৰি থৈ যোৱা সেই দেখনীয়াৰ ৰাজকুমাৰ সিদ্ধাৰ্থক চিনি পাবলৈ যশোধৰাৰ যেন অসুবিধা হ'ল এক্ষন্তেক ! কিছু অৰ্থপূৰ্ণ মৌন সময় অতিবাহিত হোৱাৰ পিছত ধীৰে ধীৰে অনুচ্চ কণ্ঠেৰে যশোধৰাই ক'লে -
: শুনিছো মানুহে এতিয়া তোমাক বুদ্ধ বুলি কয় !
: হয়, ময়ো শুনিছোঁ তেনেকৈয়ে। - সিদ্ধাৰ্থই বিনম্রতাৰে উত্তৰ দিলে।
: কিন্তু ইয়াৰ অৰ্থ কি বাৰু শাক্য ? - চকুত চকুথৈ যশোধৰাই সুধিলে।

: ইয়াৰ অৰ্থ জ্ঞানেৰে উদ্ভাসিত হোৱা। - সিদ্ধাৰ্থই ক'লে।
যশোধৰাই মিচিকিয়াঁই হাঁহিলে।
সিদ্ধাৰ্থই কৈ গ'ল : বুদ্ধ শব্দৰ অৰ্থ আলোকপ্ৰাপ্ত ব্যক্তি বা দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি।
: অৰ্থাৎ সংসাৰৰ পৰা আঁতৰি থাকি তুমি দিব্যজ্ঞানৰ অধিকাৰী হ'লা ? -যশোধৰাৰ প্ৰশ্ন।
সিদ্ধাৰ্থই তললৈ মুৰ কৰি সন্মতি সুচক ইংগিত দিলে।
: কিন্তু মোক এবাৰো নজনোৱাকৈ তুমি কিয় গুছি গ'লা সিদ্ধাৰ্থ ? মোৰ ওপৰত তোমাৰ ইমানখিনিও বিশ্বাস নাছিলনে ? - যশোধৰাই সুধিলে।
: মই তোমাক ধন্যবাদ জনাবলৈ আহিছো যশোধৰা। তোমাৰ ত্যাগ আৰু মহানতাৰ বাবেই মই আজি বুদ্ধ নামেৰে পৰিচিত হ'ব পাৰিছো। - অত্যন্ত বিনয়েৰে সিদ্ধাৰ্থই উত্তৰ দিলে।
: মই ভাবোঁ, এই সময়চোৱাত তুমি যেনেদৰে দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি হ'বলৈ শিকিলা, থিক তেনেদৰে ময়ো কিছু শিকিলোঁ।
সিদ্ধাৰ্থই আগ্ৰহেৰে সুধিলে : কি শিকিলা যশোধৰা ?
: তোমাৰ জ্ঞানে পৃথিৱীৰ মানুহৰ আত্মাক সমৃদ্ধ কৰিব আৰু মই লাভ কৰা জ্ঞান দূৰ্ভাগ্যৱশতঃ চিৰদিন মানুহৰ অজ্ঞাতেই ৰৈ যাব।
: কিন্তু কি সেই জ্ঞান যশোধৰা ? - সিদ্ধাৰ্থই পৰম কৌতুহলেৰে সুধিলে।
যশোধৰাৰ অশ্রুসিক্ত চকুযুৰি যেন হীৰাৰ দৰে জিলিকি উঠিল। সুদীৰ্ঘ বাৰটা বছৰৰ ক্ষোভে যেন আজি প্ৰকাশৰ বাট বিচাৰি পাইছে ! কৰুণ এটি হুমুনিয়াহ এৰি যশোধৰাই ক'লে : এগৰাকী সহনশীলা আৰু সাহসী নাৰীক নিজকে সম্পূৰ্ণ ৰূপে গঢ়ি তোলাৰ বাবে কোনো পুৰুষৰ সহায় নহলেও চলে……!
বুদ্ধৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাছিল। কোঠাটোত তেতিয়া কেৱল মৌনতাই বিৰাজ কৰিছিল।
(প্ৰসিদ্ধ লিখক Vikram Bhattacharyaৰ মূল ইংৰাজী লিখনি Metamorphosise : Buddha's wifeৰ আধাৰত প্ৰস্তুত কৰা এই লিখনিটো প্ৰতিগৰাকী নাৰীলৈ শ্ৰদ্ধা আৰু শুভকামনাৰে নাৰী দিৱসৰ লগত সংগতি ৰাখি আগবঢ়ালোঁ। - প্ৰণৱজ্যোতি দাস)