Wednesday 7 March 2018

যশোধৰাৰ সিদ্ধাৰ্থ যেতিয়া বুদ্ধ হৈছিল


যশোধৰা আৰু তেওঁৰ বুকুৰ মাজত উমলৈ শুই থকা দেৱশিশুটিৰ পিনে এপলক চাই চকুহাল ঘূৰাই আনিলে শাক্যই। তেওঁৰ মনতে ভাবিবলৈ ধৰিলে - ক্ষন্তেক আগত জন্ম হোৱা এই দেৱশিশুটিয়ে সাংসাৰিক মায়াৰ বান্ধোন অধিক দৃঢ় কৰি তুলিব নেকি ? নাই, নাই… এইটো হ'বলৈ দিয়া অনুুচিত। সাংসাৰিক মায়াৰ বান্ধোনে নিৰ্বাণৰ পথ দেখুৱাব নোৰাৰে। যশোধৰা তেতিয়া পুত্র জন্ম দিয়াৰ আনন্দ আৰু ক্লান্তিৰ গভীৰ নিদ্রাত মগ্ন ! মূহুৰ্তৰ ভিতৰতেই ৰাজকুমাৰ শাক্য ওৰফে সিদ্ধাৰ্থ যশোধৰাৰ শয়ণ কক্ষৰ পৰা হাতত সাৰে, ভৰিত সাৰে ওলাই আহিল। তেওঁ ৰাজপ্ৰসাদৰ বাহিৰৰ মুকলি ঠাই এডোখৰত ক্ষন্তেক ৰৈ ভাবিবলৈ ধৰিলে : ক'ত পোৱা যাব পৰম সত্যৰ সন্ধান অথবা নিৰ্বাণৰ মসৃণ পথ, যি পথে সমগ্ৰ মানুহজাতিক দিব পাৰিব মুক্তি, সুখ আৰু অনাবিল শান্তিৰ ঠিকনা……
যশোধৰা ষোড়শী সুন্দৰী। সিদ্ধাৰ্থৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত দুয়োৰ বয়স ১৬বছৰ। বিয়াৰ ১৩ বছৰ পিছত পুত্ৰ ৰাহুলৰ জন্ম। নিশাৰ আকাশৰ জোনবাইটো ৰাহুৱে গিলি থোৱা (!) চন্দ্ৰগ্ৰহনৰ থিক পিছতেই জন্ম হোৱা পুত্ৰৰ নাম ৰাহু নামৰ অনুসৰণত ৰাহুল ৰখা হ'ল। চন্দ্ৰগ্ৰহনৰ সেই নিশাটোতেই সদ্যজাত পুত্ৰ ৰাহুল আৰু পত্নী যশোধৰাক এৰি থৈ ৰাজকুমাৰ সিদ্ধাৰ্থই ঘৰ-সংসাৰ সকলো ত্যাগ কৰি গুচি গ'ল সত্যৰ সন্ধানত, নিৰ্বাণৰ পথ বিচাৰি।
ৰাজহাউলীত কান্দোনৰ ৰোল উঠিল। যশোধৰাৰ শয়ণকক্ষৰ বাহিৰতেই সেই কান্দোনৰ ৰোল। ভাগৰুৱা অৱশ শৰীৰটো কোনোমতে চম্ভালি লৈ যশোধৰা শয়ণকক্ষৰ ওলাই আহিল। ৰাজহাউলীৰ লিগিৰীবোৰে চিঞৰি চিঞৰি কান্দিছে। যশোধৰাক দেখি কান্দোনৰ ৰোল বাঢ়ি আহিল। এগৰাকী বয়স্ক লিগিৰীয়ে যশোধৰাক সাৱটি ধৰি কান্দি কান্দি ক'লে : শাক্যই তোমাৰ লগতে তোমাৰ পুত্ৰ ৰাহুলক এৰি থৈ গুছি গৈছে। তুমি এতিয়া কেনেকৈ জীয়াই থাকিবা যশোধৰা ! সেয়া চোৱা যশোধৰা, চোৱা; সেয়া কাৰো বাধা নেমানি শাক্য ৰাজহাউলীৰ পৰা ওলাই গৈছে……
বাহিৰৰ ঘন এন্ধাৰৰ মাজতে যশোধৰাই ছায়ামায়াকৈ দেখিলে কোবাকুবি খোজেৰে সিদ্ধাৰ্থ আগুৱাই গৈছে। ক্লান্ত শৰীৰটোত শক্তি গোটাই যশোধৰা দৌৰি গ'ল সিদ্ধাৰ্থৰ পিছে পিছে। তেওঁ চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে : শাক্য, তোমাৰ পুত্ৰই এইমাত্ৰ চকু মেলি চাব। পুৱাৰ সুৰুযৰ প্ৰথম কিৰণৰ লগত আজি চিনাকী হ'ব তোমাৰ পুত্ৰ। অন্ততঃ তোমাৰ পুত্ৰৰ বাবে ৰৈ যোৱা সিদ্ধাৰ্থ…!
সিদ্ধাৰ্থই এবাৰলৈ ঘূৰি চালে আৰু খোজবোৰ বেছি খৰকৈ আগবঢ়ালে। ক্লান্ত যশোধৰাই আৰু বেছি আগবাঢ়িব নোৱাৰিলে। তেওঁ মাটিত বাগৰি পৰিল। ইতিমধ্যে সিদ্ধাৰ্থ নিশাৰ অন্ধকাৰত বিলীন হৈ গৈছিল।
যশোধৰা ভাঁগি পৰিল। তেওঁ যেন হেৰুৱাই পেলালে জীৱনৰ সকলো অৰ্থ ! দুখ আৰু মানসিক যন্ত্ৰণাত কাতৰ যশোধৰা মৌন হৈ ৰ'ল। দুগালেৰে মাথোন পাৰ ভাঙি চকুলো বৈ আহিল। চকুলোৱেতো বাধা নেমানে ! কোনোবাই আগবাঢ়ি আহি দুবাহুত ধৰি যশোধৰাক তুলি ধৰিলে। লাহে লাহে তেওঁ যশোধৰাক ৰাজহাউলীৰ পিনে আগবঢ়াই আনিলে। মুক, মৌন যশোধৰাই পুত্ৰ ৰাহুলৰ ওচৰলৈ দৌৰি গৈ সাৱটি ধৰিলে আৰু সংকল্প ল'লে যে পুত্ৰ ৰাহুলৰ বাবেই তেওঁ জীয়াই থাকিব লাগিব, সাহসেৰে……
সংকল্পমতেই তেওঁ জীয়াই থকাৰ বাবে প্রয়োজনীয় নুন্যতম খিনিক লৈয়ে আৰম্ভ কৰিলে এক সাধাৰণ জীৱন। শৰীৰৰ গহনা পাতি, আ-অলংকাৰ সকলো খুলি পেলাই মাত্র এখন বস্ত্রৰে দেহ ঢাকি ৰাখিবলৈ আৰম্ভ কৰিলে। দিনটোত মাত্র এবাৰ আহাৰ গ্রহণ কৰি ভগৱানৰ ওচৰত নিজকে সঁপি দিলে। মনটো দৃঢ় কৰি ল'লে। পুত্ৰ ৰাহুলক জ্ঞানী মানুহ হিচাবে গঢ়ি তুলিব লাগিব !
সময়বোৰ বাগৰি যাবলৈ ধৰিলে। যশোধৰাই এতিয়াও আশাৰে ৰৈ থাকে। তেওঁৰ মনটোৱে যেন মাজে সময়ে কাণে কাণে কয়হি - অপেক্ষা কৰা, তোমাৰ শাক্য ওভটি আহিব। বহু দেশৰ ৰাজকুমাৰে যশোধৰাক বিবাহৰ প্রস্তাৱ দিলে। বন্ধু-বান্ধৱী, ইষ্ট-কুটুম সকলোৱে আহি পৰামৰ্শ দিয়েহি : "তুমি পাহৰি যোৱা সেই মানুহজনক ! সিদ্ধাৰ্থই তোমাক পাহৰি গৈছে। তুমি তোমাৰ জীৱনটো ধ্বংস নকৰি নতুনকৈ জীৱনটো আৰম্ভ কৰা……।" কিন্তু যশোধৰাই সকলো প্রতাখ্যান কৰি গ'ল।

সময় বাগৰি গ'ল। এদিন সঁচাকৈয়ে সিদ্ধাৰ্থ উভতি আহিল ৰাজহাউলীলৈ। কোনোবাই দৌৰি আহি যশোধৰাক ক'লেহি : শাক্য ওভটি আহিছে। মূহুৰ্তৰ বাবে যেন যশোধৰাই নিজৰ কান দুখনকেই বিশ্বাস কৰিব পৰা নাই ! তেওঁ দৌৰি গ'ল। প্ৰচলিত নিয়ম অনুসৰি শাক্যই প্ৰথমে লগ ধৰিব পিতৃ শুদ্ধোধন আৰু পুত্ৰ ৰাহুলক। তাৰ পিছত পত্নী যশোধৰাক। অধীৰ আগ্ৰহেৰে যশোধৰাই অপেক্ষা কৰি ৰ'ল সিদ্ধাৰ্থলৈ।
অৱশেষত সিদ্ধাৰ্থ আহি যশোধৰাৰ কাষ পালেহি। বহুদিন আগতে অতৰ্কিতে সংসাৰৰ মায়া মোহ এৰি থৈ যোৱা সেই দেখনীয়াৰ ৰাজকুমাৰ সিদ্ধাৰ্থক চিনি পাবলৈ যশোধৰাৰ যেন অসুবিধা হ'ল এক্ষন্তেক ! কিছু অৰ্থপূৰ্ণ মৌন সময় অতিবাহিত হোৱাৰ পিছত ধীৰে ধীৰে অনুচ্চ কণ্ঠেৰে যশোধৰাই ক'লে -
: শুনিছো মানুহে এতিয়া তোমাক বুদ্ধ বুলি কয় !
: হয়, ময়ো শুনিছোঁ তেনেকৈয়ে। - সিদ্ধাৰ্থই বিনম্রতাৰে উত্তৰ দিলে।
: কিন্তু ইয়াৰ অৰ্থ কি বাৰু শাক্য ? - চকুত চকুথৈ যশোধৰাই সুধিলে।

: ইয়াৰ অৰ্থ জ্ঞানেৰে উদ্ভাসিত হোৱা। - সিদ্ধাৰ্থই ক'লে।
যশোধৰাই মিচিকিয়াঁই হাঁহিলে।
সিদ্ধাৰ্থই কৈ গ'ল : বুদ্ধ শব্দৰ অৰ্থ আলোকপ্ৰাপ্ত ব্যক্তি বা দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি।
: অৰ্থাৎ সংসাৰৰ পৰা আঁতৰি থাকি তুমি দিব্যজ্ঞানৰ অধিকাৰী হ'লা ? -যশোধৰাৰ প্ৰশ্ন।
সিদ্ধাৰ্থই তললৈ মুৰ কৰি সন্মতি সুচক ইংগিত দিলে।
: কিন্তু মোক এবাৰো নজনোৱাকৈ তুমি কিয় গুছি গ'লা সিদ্ধাৰ্থ ? মোৰ ওপৰত তোমাৰ ইমানখিনিও বিশ্বাস নাছিলনে ? - যশোধৰাই সুধিলে।
: মই তোমাক ধন্যবাদ জনাবলৈ আহিছো যশোধৰা। তোমাৰ ত্যাগ আৰু মহানতাৰ বাবেই মই আজি বুদ্ধ নামেৰে পৰিচিত হ'ব পাৰিছো। - অত্যন্ত বিনয়েৰে সিদ্ধাৰ্থই উত্তৰ দিলে।
: মই ভাবোঁ, এই সময়চোৱাত তুমি যেনেদৰে দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি হ'বলৈ শিকিলা, থিক তেনেদৰে ময়ো কিছু শিকিলোঁ।
সিদ্ধাৰ্থই আগ্ৰহেৰে সুধিলে : কি শিকিলা যশোধৰা ?
: তোমাৰ জ্ঞানে পৃথিৱীৰ মানুহৰ আত্মাক সমৃদ্ধ কৰিব আৰু মই লাভ কৰা জ্ঞান দূৰ্ভাগ্যৱশতঃ চিৰদিন মানুহৰ অজ্ঞাতেই ৰৈ যাব।
: কিন্তু কি সেই জ্ঞান যশোধৰা ? - সিদ্ধাৰ্থই পৰম কৌতুহলেৰে সুধিলে।
যশোধৰাৰ অশ্রুসিক্ত চকুযুৰি যেন হীৰাৰ দৰে জিলিকি উঠিল। সুদীৰ্ঘ বাৰটা বছৰৰ ক্ষোভে যেন আজি প্ৰকাশৰ বাট বিচাৰি পাইছে ! কৰুণ এটি হুমুনিয়াহ এৰি যশোধৰাই ক'লে : এগৰাকী সহনশীলা আৰু সাহসী নাৰীক নিজকে সম্পূৰ্ণ ৰূপে গঢ়ি তোলাৰ বাবে কোনো পুৰুষৰ সহায় নহলেও চলে……!
বুদ্ধৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাছিল। কোঠাটোত তেতিয়া কেৱল মৌনতাই বিৰাজ কৰিছিল।
(প্ৰসিদ্ধ লিখক Vikram Bhattacharyaৰ মূল ইংৰাজী লিখনি Metamorphosise : Buddha's wifeৰ আধাৰত প্ৰস্তুত কৰা এই লিখনিটো প্ৰতিগৰাকী নাৰীলৈ শ্ৰদ্ধা আৰু শুভকামনাৰে নাৰী দিৱসৰ লগত সংগতি ৰাখি আগবঢ়ালোঁ। - প্ৰণৱজ্যোতি দাস)

No comments:

Post a Comment