Saturday 17 March 2018

উপেক্ষিত বিজ্ঞানী : জৰ্জ চাইমন ওম


জাৰ্মানীৰ এৰলাংগেন নামৰ এখন সৰু চহৰত পুৰণি তলা ভাল কৰা এজন সাধাৰণ তলামিস্ত্ৰী য়োহান ওম। তলা ভাল কৰা সাধাৰণ ব্যৱসায়েৰে তিনিটা সন্তান আৰু পত্নীক পোহপাল দিয়াৰ ক্ষেত্ৰত য়োহান ওম যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছিল। সেয়ে তেওঁৰ পত্নী মাৰিয়া এলিজাবেথে ঘৰতে কাপোৰ চিলোৱা কাম কৰি পৰিয়ালটো চলি যোৱাত সহায় কৰিছিল। য়োহান আৰু এলিজাবেথৰ সাতটা সন্তানৰ তিনিটাহে জীৱিত হৈ ৰৈছিল। তেওঁলোক হ'ল ক্ৰমে জৰ্জ চাইমন ওম, মাৰ্টিন ওম আৰু একমাত্ৰ জীয়াৰী এলিজাবেথ বাৰবাৰা। ১৭৮৯ চনৰ ১৬ মাৰ্চত জন্ম গ্ৰহন কৰা জৰ্জ চাইমন ওম পিছলৈ এজন প্ৰসিদ্ধ বিজ্ঞানী হিচাবে প্ৰতিস্থিত হোৱাৰ উপৰিও তেওঁৰ ভাতৃ মাৰ্টিন ওমো এজন বিশ্ববিখ্যাত গণিতজ্ঞ।

১৮০৬ চনত যেতিয়া জৰ্জ চাইমন ওম ১৭ বছৰীয়া তেতিয়াই নিজৰ পঢ়াৰ খৰছ উলিয়াবলৈ তেওঁ Gottstadt Bay Schoolত গণিতৰ শিক্ষক হিচাবে নিযুক্ত হয় আৰু ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ অধ্যয়নো চলাই নিয়ে। ১৮০৯ চনত তেওঁ শিক্ষকতাৰ বৃত্তি এৰি এৰলাংগেন বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰ হিচাবে নাম ভৰ্তি কৰে আৰু ১৮১১ চনৰ শেষৰ ভালে তেখেতে ডক্তৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গণিত আৰু জ্যামিতিৰ স্কুলীয়া পাঠ্যপুথি লিখা কামত ব্ৰতী হয়। ১৮১৩ চনত তেওঁ পুণৰ স্কুল পৰ্যায়ৰ শিক্ষক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰে আৰু সমান্তৰাল ভাবে গণিতৰ লগতে পদাৰ্থ বিজ্ঞানৰ বিভিন্ন গৱেষণামূলক কামত নিজকে নিয়োজিত কৰে।

১৮২৫ চনত চাইমন ওমে জাৰ্মান ভাষাত তেখেতৰ গৱেষণা গ্ৰন্থ "Die Galvanische Kette, Mathematisch Bearbeitet" প্ৰকাশ কৰে। গৱেষণা গ্ৰন্থখনত তেখেতে উল্ল্যেখ কৰিছিল যে কোনো বিদ্যুত পৰিবাহীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হওঁতে, প্ৰবাহিত বিদ্যুতৰ মান পৰিবাহীৰ দুয়ো মুৰে প্ৰয়োগ কৰা বিভৱ পাৰ্থক্যৰ সমানুপাতিক। আজি এই আৱিষ্কাৰক আমি ওমৰ সূত্ৰ বুলিয়েই জানো। কিন্তু পৰিতাপৰ কথা এয়ে যে ওমৰ এই সূত্ৰক সেই সময়ৰ বিজ্ঞানী সকলে মানি ল'ব খোজা নাছিল।

১৮২৭ চনত ওমে আন এখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰে।এই গৱেষণা পত্ৰত তেখেতে উল্ল্যেখ কৰে যে বিদ্যুত পৰিবাহীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হওঁতে, প্ৰবাহিত বিদ্যুতৰ পৰিমান বিভৱ পাৰ্থক্যৰ উপৰিও পৰিবাহীৰ প্ৰস্থচ্ছেদ আৰু পৰিবাহীৰ দৈৰ্ঘৰ ওপৰতো নিৰ্ভৰশীল। গৱেষণা পত্ৰ দুখনত তেওঁৰ পৰীক্ষাৰ বিতং বৰ্ণনাৰ লগতে গাণিতিক বিশ্লেষণো সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছিল।

ওমৰ গৱেষণা পত্ৰ দুখনে বিজ্ঞান সমাজত সমাদৰ পোৱাতো দুৰৰ কথা, বৰং তেওঁৰ সমসাময়িক বিজ্ঞানীসকলে ওলোটাই তেওঁক তিৰস্কাৰহে কৰিছিল। তেওঁলোকৰ মতে এই গৱেষণা পত্ৰ দুখন বিজ্ঞানৰ গৱেষণাৰ নামত বলিয়ালিৰ নামান্তৰ মাথোন ! হতাশাই ওমক আমনি কৰিছিল। তেনে সময়তেই চাইমন ওমক বিদ্যালয় কৰ্তৃপক্ষই চাকৰিৰ পৰা ইস্তাফা দিবলৈ হেঁচা প্ৰয়োগ কৰিলে। বিদ্যালয় কৰ্তৃপক্ষৰ মতে বিজ্ঞানৰ নামত ওমে যিবোৰ বলিয়ালি কৰিছে, সেইবোৰে শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিৰূপ প্ৰভাৱ পেলাব। বাধ্য হৈ ১৮২৮ চনত তেওঁ চাকৰীৰ পৰা অব্যাহতি লৈ ১৮৩৩ চনলৈ সুদীৰ্ঘ পাঁচ বছৰ কাল এক প্ৰকাৰ বেকাৰ জীৱন অতিবাহিত কৰিব লগা হৈছিল।

পিছে গুণীৰ গুণ বুজা মানুহো থাকে। ১৮৩৩ চনত Polytechnic School of Nurembergএ জৰ্জ চাইমন ওমক গণিতৰ অধ্যাপক হিচাবে নিযুক্তি দিলে। লাহে লাহে ওমৰ জীৱনলৈ ভাল দিনবোৰ ঘূৰি আহিবলৈ ধৰিলে। ওমে Polytechnic School of Nurembergত ষোল্ল বছৰ অধ্যাপনা কৰে। ১৮৪১ চনত Royal Society of Londonৰ পৰা জৰ্জ চাইমন ওমে এখন পত্ৰ পালে। পত্ৰখন পঢ়ি ওমৰ দুচকুত বিৰিঙি উঠিল আনন্দৰ চকুলো। কাৰণ পত্ৰখনত লিখা আছিল : ……১৮২৫ চনত আপুনি প্ৰকাশ কৰা গৱেষণা গ্ৰন্থ "Die Galvanische Kette, Mathematisch Bearbeitet"ত উল্ল্যেখিত তথ্যবোৰ বিজ্ঞান জগতলৈ এক অমূল্য অৱদান, যিয়ে বিদ্যুত বিজ্ঞানক সঠিক পথৰ সন্ধান দিব। আপোনাৰ এই বহুমূলীয়া অৱদানৰ বাবে Royal Society of Londonএ আপোনাক "Copley Medal for Extraordinary Effort" প্ৰদান কৰিবলৈ ওলাইছে। আপোনাক পুৰস্কাৰটি গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হ'ল……।

১৮৪১ চনত Royal Society of Londonৰ দৰে পৃথিৱী বিখ্যাত অনুস্থানৰ দ্বাৰা স্বীকৃতি পোৱাৰ লগে লগে জৰ্জ চাইমন ওম ৰাতিটোৰ ভিতৰতেই বিখ্যাত হৈ পৰিল। আগতে লেই লেই চেই চেই কৰা সকলে এতিয়া তেওঁৰ এটি সাক্ষাৎকাৰৰ বাবে দৌৰা দৌৰি আৰম্ভ কৰিবলৈ ধৰিলে। ১৮৪৯ চনত মিউনিখৰ Bavarian Academy’s Physics নামৰ জাৰ্মানীৰ পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ সংস্থাটোৱে তেওঁক সন্মানীয় "Curator" পদৱীত নিযুক্তি দিয়ে। তিনি বছৰ এই পদত কাৰ্য নিৰ্বাহ কৰাৰ পিছত মিউনিখ বিশ্ববিদ্যালয়ে তেওঁক ১৮৫২ চনত University of Munichত পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ আসনখনত অধিস্থিত কৰে। তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত ওমে সেই আসনখন শুৱনি কৰি ৰাখিছিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে পৰিবাহীৰ "ৰোধ"ৰ এককটোক "ওম" বুলি নামাকৰণ কৰা হয়। ৬ জুলাই, ১৮৫৪ত এই মহান বিজ্ঞানীজনৰ দেহাৱসান হয়।

No comments:

Post a Comment