Sunday 1 April 2018

মানৱদেহৰ নতুন অংগ : ইন্টাৰষ্টিচিয়াম


চিত্ৰশিল্পী লিওনার্দো দ্য ভিঞ্চিয়ে মানুহৰ দেহৰ বিভিন্ন অংগ, মাংসপেশী, হাড়, স্নায়ু আদিৰ আভ্যন্তৰীণ গঠনৰ চিত্ৰ অঁকাৰ স্বাৰ্থত অনুমতি সাপেক্ষে চিকিৎসালয়ৰ মৰ্গত পৰি ৰোৱা গৰাকীবিহীন মৃতদেহৰ ব্যৱচ্ছেদ কৰি মানৱদেহৰ আভ্যন্তৰীণ গঠন সম্বন্ধে জ্ঞান আহৰণ কৰিছিল। ১৫০৮ চনত যেতিয়া লিওনার্দো দ্য ভিঞ্চিয়ে মৃতদেহৰ ব্যৱচ্ছেদ কৰি চিত্ৰ অঁকাৰ লগতে বিশ্ববাসীক মানৱদেহৰ আভ্যন্তৰীণ গঠন সম্বন্ধে নতুন কথাবোৰ জানিব দিছিল, তেতিয়াই তেখেতে এটা অনুমান কৰিছিল যে মানৱদেহত এনে এটি অংগ আছে যিটো আমি চকুৰে দেখা পোৱা নাই, অথচ সেই অংগটোৱে মানৱদেহত কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰি আহিছে……

……আৰু অবশেষত লিওনার্দো দ্য ভিঞ্চিৰ  ৫১০ বছৰ আগৰ আনুমানিক ধাৰণাটোৰ সত্যতা প্রমাণ কৰিলে আধুনিক চিকিৎসা বিজ্ঞানে। মানুহৰ শৰীৰত যে আৰু এটি অংগ লুকাই আছে, সেইটো দুদিনমান আগলৈকে কোনেও জনাই নাছিল। The Lancet Medical Journal আৰু Scientific Reports নামৰ গৱেষণা গ্ৰন্থ দুখনৰ ২০১৮ চনৰ সংখ্যা দুটাত যোৱা ২৭ মাৰ্চ, ২০১৮ তাৰিখে প্ৰকাশ হোৱা দুটা গৱেষণামূলক প্ৰবন্ধত মানুহৰ দেহত আৱিষ্কাৰ হোৱা নতুন অংগটোৰ বিষয়ে বিস্তৃত তথ্য উল্ল্যেখ আছে। (প্ৰবন্ধটোৰ লিংকটো লিখনিৰ শেষত দিয়া হৈছে। ইচ্ছুক পাঠকে পঢ়ি চাব পাৰে)।

নতুনকৈ আৱিষ্কৃত এই অংগটিৰ নাম ৰখা হৈছে ইন্টাৰষ্টিচিয়াম (Interstitium)। ইন্টাৰষ্টিচিয়াম হ'ল মেচেণ্টেৰীৰ অংশ বিশেষ। দুদিন আগলৈ এই মেচেণ্টেৰী বোৰক পৌষ্টিক তন্ত্রৰ কিছুমান ক্ষুদ্র অংশ হিচাবেই গণ্য কৰা হৈছিল। কিন্তু নতুন গৱেষণাই নিশ্চিত ভাবে প্রমাণ কৰিছে যে ইন্টাৰষ্টিচিয়াম মানুহৰ দেহৰ এক স্বতন্ত্ৰ অংগ। ইন্টাৰষ্টিচিয়ামৰ আৱিষ্কাৰে মানুহৰ দেহৰ মুঠ অংগৰ সংখ্যা ৭৮ৰ পৰা বৃদ্ধি কৰি ৭৯ কৰিলে।

আয়াৰলেণ্ডৰ ইউনিভাৰচিটি হস্পিতাল "লিমাৰিক"ৰ বিশেষজ্ঞ চিকিৎসক ডা° কেলভিন কাফিয়ে মানৱদেহৰ এই ৭৯তম অংগটো আৱিষ্কাৰ কৰিছে। তেখেতৰ মতে, মেচেণ্টেৰীৰ অংগ হিচাবে অৱিষ্কৃত হোৱাটো এক গুৰুত্বপূৰ্ণ বিষয়। ক্ষুদ্রান্তক নিজৰ স্থানত সুদৃঢ় ভাবে ধৰি ৰখাত সহায় কৰা এই অংগটো পেৰিটোনিয়ামৰ ভাঁজে ভাঁজে থকা পাতল আস্তাৰণৰ এক পূর্ণাংগ অংগ। তদুপৰি মেচেণ্টেৰীৰ গঠনতন্ত্র আবিষ্কাৰ হোৱাৰ ফলত মানুহৰ দেহৰ জটিল ৰোগবোৰৰ সঠিক আৰু তাৎক্ষণিক নির্ণয় সম্ভব হ'ব। মানৱদেহত বিভিন্ন ৰোগৰ বেলিকা মেচেণ্টেৰীৰ ভূমিকা কেনেধৰণৰ - সেইটোও চিকিৎসা বিজ্ঞানৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

গৱেষণা পত্ৰৰ লিংকটো : https://www.nature.com/articles/s41598-018-23062-6

No comments:

Post a Comment