Sunday 15 April 2018

শৰণীয়া কছাৰীসকলৰ বাঁহ-গোঁসাই উৎসৱ



শৰণীয়া কছাৰীসকল অসমৰ এটা অন্যতম জনজাতি। এই শৰণীয়া কছাৰীসকলৰ বিহুকেন্দ্ৰিক আৰু ধৰ্মীয় উৎসৱমূলক গীত-মাতবোৰ অসমৰ লোক সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। এওঁলোকৰ সাংস্কৃতিক পৰম্পৰা সমূহৰ মাজত বাঁহ-গোসাঁই উৎসৱ হ’ল ব'হাগ মাহত অনুষ্ঠিত কৰা এক পৰম্পৰাগত লোক-উৎসৱ।
শৰণীয়া কছাৰী সকলৰ বাঁহ-গোসাঁই উৎসৱক গোঁসাই বাঁহ ফুৰোৱা উৎসৱ বুলিও কোৱা হয়। অসমীয়া নৱবৰ্ষ ও বহাগ বিহুৰ লগত সংগতি ৰাখি শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে এই বাঁহ গোসাঁই উৎসৱত বিভিন্ন ৰঙৰ গামোচা বাঁহত বান্ধি পূজা অৰ্চনা কৰে। বাঁহ-গোসাঁই এক প্ৰতীকধৰ্মী লোক উৎসৱ। গোঁসাই বাঁহক বিষ্ণু বা শিৱৰ প্ৰতীক হিচাপে জ্ঞান কৰা হয়। ব'হাগ মাহৰ গৰু বিহুৰ দিনা শৰণীয়া জনগোষ্ঠীৰ ৰাইজে গোঁসাই বাঁহ সাজি উলিয়ায়। ইয়াৰ বাবে গঞা ৰাইজ নামঘৰত সমবেত হয় আৰু নামঘৰৰ দেউৰীজনে ঠগী দিয়াৰ পিছত ৰাইজে নিৰ্বাচিত কৰি থোৱা বাঁহজুপিৰ পৰা পুৰঠ জাতি বাঁহ এডাল কাটি আনে। এই বাঁহডাল ধুই পখালি, চুচি-চাঁচি পৰিস্কাৰ কৰাৰ পিছত বগা কাপোৰৰ "জামা" পিন্ধাই দি তাৰ ওপৰত ৰুমাল, ফুলাম গামোছা আদি ৰচীৰে টানকৈ বান্ধি দিয়া হয়। ওপৰৰ পিনে কলডিল আকৄতিৰ ১০ বা ১২ ই‍ঞ্চি দীঘল পিতলৰ ‘চুলা’ লগাই তাত এটি সৰু টিলিঙা আঁৰি দি টিলিঙাটো চকুত নপৰাকৈ ফুলৰ মালাৰে ঢাকি ৰখা হয়। নামঘৰ বা হৰি মন্দিৰৰ ভিতৰত ঢোল, তাল, শংখ, ঘণ্টা, বৰকাঁহ আদি বজাই এই উৎসৱৰ শুভাৰম্ভ কৰা হয়। প্ৰথমে গাঁওবুঢ়া বা মুৰব্বী মানুহৰ ঘৰলৈ নি তাৰ পিছত গাঁৱৰ প্ৰতিঘৰ মানুহৰ পদূলিৰে বাঁহ-গোঁহাইক পৰিভ্ৰমণ কৰোৱা হয় ।
জনবিশ্বাস মতে, এই পূজা শ্ৰদ্ধাৰে ভক্তিৰে কৰিলে কৃষিকাৰ্যত কোনো বিঘিনি নঘটে। তদুপৰি খেতি-বতি নদন-বদন হোৱাৰ লগতে সেৱকৰ মনোকামনাও পূৰণ হয়।
তথ্যখিনি সংগ্ৰহিত :
https://as.m.wikipedia.org/wiki/বাঁহ-গোসাঁই_উৎসৱ

No comments:

Post a Comment