Tuesday 13 February 2018

ষ্টিফেন হকিঙৰ "সময়ৰ সংক্ষিপ্ত বুৰঞ্জী"


আধুনিক পদার্থবিজ্ঞানৰ এজন শ্রেষ্ঠ বিজ্ঞানী Stephen Hawkingৰ “A Brief History of Time” বা “সময়ৰ সংক্ষিপ্ত বুৰঞ্জী” নামৰ কিতাপখন মহাকাশ বিজ্ঞান তথা মহাবিশ্ব সম্পর্কে এখন অন্যতম শ্রেষ্ঠ বৈজ্ঞানিক গ্ৰন্থ। এই গ্ৰন্থখন পদার্থবিদ্যা, জ্যোৰ্তিবিজ্ঞান আৰু মহাবিশ্ব সম্বন্ধে এক অমূল্য জ্ঞানৰ ভাণ্ডাৰ আৰু হকিঙৰ এই গ্ৰন্থখনি পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থবোৰৰ ভিতৰত অন্যতম। বহুতেই এই গ্ৰন্থখনৰ মূল ইংৰাজী প্ৰকাশনটো পঢ়িছে যদিও অসমীয়া ভাষালৈ এই গ্ৰন্থখনিৰ অনুবাদ হ'লে অসমীয়া "বিজ্ঞান সাহিত্যৰ" ভঁড়ালটো অধিক চহকী হ'ব। আজি ষ্টিফেন হকিঙৰ “A Brief History of Time"ৰ চমু সাৰংশ এটি আগবঢ়াব খুজিছোঁ।

প্ৰথম পৰ্ব : মহাবিশ্ব সম্পর্কে আমাৰ চিত্র

ষ্টিফেন হকিঙৰ “A Brief History of Time"ৰ প্ৰথম পৰ্বটো হ'ল Our Picture of the Universe । এই পৰ্বটোত আমাৰ মহাবিশ্ব মূলতঃ দেখাত কেনে ধৰণৰ - সেই বিষয়ে লিখিবলৈ গৈ হকিঙে বিজ্ঞানৰ আৰম্ভনি কালৰ পৰাই বিভিন্ন দার্শনিক তথা বিজ্ঞানীসকলে মহাবিশ্ব সম্পৰ্কে আগবঢ়োৱা বিভিন্ন ধাৰণা আৰু  তত্ববোৰৰ ওপৰত আলোকপাত কৰি সেইবোৰৰ কোনবোৰ সঠিক আৰু কোনবোৰ ভুল, সেই বিষয়ে আলোচনা কৰিছে। লগতে সময়ৰ লগেলগে আধুনিক বিজ্ঞানত মহাবিশ্ব সম্পৰ্কে কেনেদৰে নতুন নতুন ধাৰণাবোৰৰ উত্তৰণ ঘটে সেই বিষয়েও সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ প্ৰথম অধ্যায়ত সুন্দৰকৈ বৰ্ণনা কৰিছে।

দ্বিতীয় পৰ্ব : স্থান আৰু কাল 

সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ দ্বিতীয় অধ্যায় হ'ল Space and Time বা স্থান আৰু কাল। এই মহাবিশ্বৰ এটি গুৰুত্বপূর্ণ তথা বিস্ময়কৰ মাত্রাৰ নামেই হ'ল সময়।  এই পৰ্বটোত স্থান আৰু কালৰ মাত্রা কেনেদৰে একত্রিত হৈ "স্থান-কাল" সৃষ্টি হৈছে তথা স্থান আৰু কালৰ সহায়ত কেনেদৰে কোনো এটা বিশেষ ঘটনাৰ অৱস্থান ব্যাখ্যা কৰা সম্ভৱ সেই বিষয়ে সাৱলীল বৰ্ণনা পোৱা যায়। এই অধ্যায়টোত তেখেতে স্থান আৰু কালে পৰস্পৰে পৰস্পৰক কিদৰে প্রভাবিত কৰে সেই বিষয়েও সবিস্তাৰে লিখিছে। 

তৃতীয় পৰ্ব : প্রসাৰণশীল মহাবিশ্ব

প্রসাৰণশীল মহাবিশ্ব বা The Expanding Universe গ্ৰন্থখনৰ তৃতীয় পৰ্ব। মহানাদ বা বিগ বেঙৰ পৰাই মহাবিশ্বৰ আৰম্ভণি। তাৰ পিছৰে পৰাই এই মহাবিশ্ব যতিবিহীন ভাৱে কেৱল প্রসাৰিত হৈ আহিছে। বিজ্ঞানী সকলে কেনেদৰে  বিভিন্ন পৰীক্ষালব্ধ ফলাফলৰ সহায়ত প্রসাৰণশীল মহাবিশ্বৰ ধাৰণাটোক সত্য বুলি প্ৰমাণ কৰিছে সেই বিষয়ে ষ্টিফেন হকিঙে এই অধ্যায়ত সুন্দৰ ভাবে উপস্থাপন কৰিছে।

চতুৰ্থ পৰ্ব : অনিশ্চয়তাৰ নীতি

আধুনিক বিজ্ঞানলৈ হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ নীতি বা Uncertainty Principle এক উল্ল্যেখযোগ্য অৱদান। কোৱাণ্টাম বলবিদ্যাৰ এটি অবিচ্ছেদ্য অংশই হল অনিশ্চয়তাৰ নীতি। নিউটনৰ গতিবিজ্ঞান আৰু বলবিজ্ঞানৰ তত্বসমূহ আমাৰ দৈনন্দিন জীবনত সদায়ে দেখি অহা বৃহদাকাৰ বস্তুৰ ক্ষেত্রত অতিশয় কার্যকৰী, কিন্তু যেতিয়া আমি ইলেকট্রন, প্রটন বা ফোটনৰ দৰে অতি ক্ষুদ্র কণাৰ ক্ষেত্রত এই নীতিবোৰ প্ৰয়োগ কৰো, তেতিয়া নিউটনীয় বলবিদ্যা অচল হৈ পৰে। তেতিয়াই আমাক প্ৰয়োজন হয় আইনষ্টাইনৰ Theory of relativity বা আপেক্ষিকতাবাদৰ। এই অতি ক্ষুদ্র কণাৰ জগতত পিছে জটিল এক সমস্যা আছে, যাক আমি অনিশ্চয়তাৰ নীতি বুলিয়েই জানো। এই তত্ত্ব অনুযায়ী, অতি ক্ষুদ্র কণাৰ অৱস্থান আৰু গতি কেতিয়াও একেলগে বা একে সময়তে নির্ভুলভাবে গণনা কৰা সম্ভব নহয়। যদি কণাটোৰ গতি খুব সূক্ষ্মতাৰে নির্ণয় কৰা হয়, তেন্তে কণাটোৰ অৱস্থানৰ ক্ষেত্রত আহি পৰিব এক অনিশ্চয়তা। আনহাতে যদি কণাটোৰ অৱস্থান নির্ণয় কৰা হয়, তেনে অৱস্থানৰ নিৰ্ভুলতা বঢ়াৰ লগে লগে কণাটোৰ গতিৰ নির্ভুলতা দ্ৰুত ভাবে কমি যাব। কি কাৰণত পদাৰ্থৰ সূক্ষ্ম কণা এটাৰ এই বিশেষ দুটা পৰিমাপ নির্ভুলভাবে তথা একেলগে নিৰূপণ কৰা সম্ভব নহয়, সেই বিষয়ে হকিঙে তেখেতৰ গ্ৰন্থখনৰ চতুৰ্থ পৰ্বটোত সাৱলীল ভাবে বৰ্ণনা কৰিছে।

পঞ্চম পৰ্ব : মৌলিককণা আৰু প্রাকৃতিক বল

ইলেকট্রন, প্রটন বা নিউট্রনেই হ'ল পদাৰ্থৰ সর্বশেষ মৌলিক কণা -  এই ধাৰণাটো শুদ্ধ নহয়। প্ৰকৃততে  ইলেকট্রন, প্রটন বা নিউট্রনবোৰো আন কেতবোৰ ক্ষুদ্রতম কণাৰে গঠিত। এতিয়া মৌলিক কণাৰ তালিকাখন যথেষ্ঠ দীঘল য'ত ইলেকট্রন, প্রটন বা নিউট্রনৰ উপৰিও আৰু বহুতো ক্ষূদ্র ক্ষূদ্ৰ কণাৰ নাম পোৱা যায়। আধুনিক কণিকা বিজ্ঞানত আনকি এনে কিছুমান ন কৈ আবিষ্কৃত ক্ষূদ্র কণাৰ মাত্রা, যেনে দৈর্ঘ্য-প্রস্থ-উচ্চতা আদিবোৰ সঠিক ভাবে জুখি উলিওৱা হৈছে যাৰ মান দৃশ্যমান পোহৰৰ বৰ্ণালী সমূহৰ আটাইতকৈ ক্ষূদ্র তৰংগ দৈর্ঘ্যৰ বেগুনীয়া ৰঙৰ তৰংগ দৈর্ঘ্যতকৈও কম। হকিঙে এই অধ্যায়টোত লিখিছে যে চাৰিটা মূল প্রাকৃতিক বলে এই মহাবিশ্বখন নিয়ন্ত্রণ কৰি আছে। এই বল সমূহৰ কাৰণ হ'ল অতিশয় ক্ষূদ্র এই কণাসমূহ। এই প্রাকৃতিক বলবোৰৰ কোনটো কাৰ ওপৰত নিৰ্ভৰশীল তথা এই কণাবোৰৰ স্বৰূপ আৰু বৈশিষ্ট্যবোৰৰ সম্বন্ধেই  এই অধ্যায়ত বিতং ভাবে আলোচনা কৰা হৈছে।

ষ্ঠ পৰ্ব :  কৃষ্ণগহ্বৰ

এই মহাবিশ্বৰ এক বিষ্ময়কাৰী অংশ Black Hole বা কৃষ্ণগহ্বৰবোৰ। পোহৰৰ বেগতকৈও অধিক গতি সম্পন্ন কোনো কণা বা তৰংগৰ অবিহনে এই কৃষ্ণগহ্বৰবোৰ চিৰদিন মানুহৰ দৃষ্টিৰ অগোচৰেই ৰৈ যাব। যদিও কৃষ্ণগহ্বৰ কেতিয়াও চকুৰে দেখা পোৱা সম্ভৱ নহয়, তথাপিও বিজ্ঞানী সকলে পৰোক্ষভাবে বিভিন্ন পৰীক্ষা আৰু গাণিতিক পদ্ধতিৰে এটি বৃহৎ আকাৰৰ তৰা বা নক্ষত্র জীবনৰ শেষ মূহুৰ্তত কিদৰে ইন্ধনৰ অভাৱত কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয়, সেই বিষয়ে বিভিন্ন তথ্য আৱিষ্কাৰ কৰিছে। আচৰিত হ'লেও এইটো সত্য যে এই কৃষ্ণগহ্বৰবোৰেই হ'ল মহাবিশ্বৰ এনে এক স্থান, য'ত বিজ্ঞানৰ সকলো সূত্র বা নিয়মেই অসাৰ। ইয়াকেই বিজ্ঞানৰ ভাষাত "সিঙ্গুলাৰিটি" বা অনন্যতা বুলি কোৱা হয়। সিঙ্গুলাৰিটিৰ ভিতৰৰ কোনো তথ্যই আমি নেপাম বা পাব নোৱাৰো। সিঙ্গুলাৰিটিৰ নিষেধাজ্ঞা স্বত্তেও মানুহৰ মস্তিষ্ক আৰু বিজ্ঞানে সন্মিলিত ভাবে কাম কৰি কিদৰে কৃষ্ণগহ্বৰৰ অস্তিত্ব ধৰা পেলাইছে সেই বিষয়ে বিস্তাৰিত ব্যাখ্যাৰে হকিঙে সজাই তুলিছে সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ এই ষষ্ঠ অধ্যায়টো।

সপ্তম পৰ্ব : কৃষ্ণগহ্বৰবোৰ ক'লা নহয়

হকিঙৰ ভাষাত Black Holes Ain’t So Black বা কৃষ্ণগহ্বৰবোৰ ক'লা নহয়। এই কথাটো প্রতীকী অর্থত ব্যবহাৰ কৰা হৈছে। পোহৰৰ যিটো ৰশ্মি কৃষ্ণগহ্বৰৰ প্ৰচণ্ড আকর্ষণ বলৰ প্ৰভাৱত কৃষ্ণগহ্বৰত লীন হৈ যায়, সেই ৰশ্মিটো কৃষ্ণগহ্বৰৰ পৰা পুনৰ ওলাই আহিব নোৰাৰে। কিন্তু পোহৰৰ যিটো ৰশ্মি কৃষ্ণগহ্বৰৰ ভিতৰত লীন নহৈ কৃষ্ণগহ্বৰৰ চৌদিশে চক্ৰাকাৰে ঘূৰি ৰয়, সেই পোহৰৰ ৰশ্মিটোৰ আচৰণ কেনেকুৱা ? কৃষ্ণগহ্বৰৰ ভিতৰলৈ যিবোৰ বস্তু আৰু শক্তি প্রবেশ কৰিছে, সেইবোৰ বস্তু বা শক্তিৰ শেষ পৰিনতি কি ? সেইবোৰ বাৰু ধ্বংস হৈ গৈছে নে কৃষ্ণগহ্বৰৰ ভিতৰত স্থিতি লৈ সেইবোৰে কৃষ্ণগহ্বৰৰ শক্তি বৃদ্ধি কৰিছে ? এনে কেতবোৰ জটিল প্ৰশ্নৰ যথাযথ ব্যাখ্যাৰে হকিঙে তেখেতৰ গ্ৰন্থখনৰ সপ্তম পৰ্বটো সজাই তুলিছে।

অষ্টম পৰ্ব : মহাবিশ্বৰ উৎপত্তি আৰু শেষ পৰিণতি

এই অধ্যায়টোত বিস্তাৰিত ভাবে  সৃষ্টিৰ আদি মূহুর্তটো অর্থাৎ “বৃহৎ বিস্ফোৰণ” বা “Big Bang” তত্বটো ব্যাখ্যা কৰা হৈছে। কেনেদৰে অসীম ভৰ আৰু তাপমাত্রা সম্পন্ন “প্রায় শূন্য” আয়তনৰ পৰা অৰ্থাৎ  V → 0 ৰ পৰা আজিৰ এই মহাবিশ্ব সৃষ্টি হৈছে আৰু কেনেদৰে এই মহাবিশ্বৰ সমাপ্তি বা মৃত্যু ঘটিব, সেই বিষয়ে এই অধ্যায়টোত বৰ্ণনা কৰা হৈছে। মহাবিশ্বৰ সমাপ্তি কেনেদৰে ঘটিব, সেয়া নির্ভৰ কৰিছে মহাবিশ্বৰ কিছুমান জটিল সাংখ্যিক মানৰ ওপৰত। এই জটিল মানবোৰৰ ওপৰতেই নির্ভৰ কৰিছে যে এক প্ৰচণ্ড “মহা সংকোচন”ৰ মাধ্যমত এই মহাবিশ্ব ধ্বংস হ'ব নে অনন্ত কাললৈ আমাৰ মহাবিশ্বৰ সম্প্ৰসাৰণ ঘটিয়েই থাকিব।

নৱম পৰ্ব : সময়ৰ শৰ, ৱৰ্মহোল আৰু সময় পৰিভ্রমণ

আধুনিক পদার্থবিদ্যাত সময়ক দৈর্ঘ্য, প্রস্থ বা উচ্চতাৰ দৰেই এটি মাত্রা বা Dimension হিচাবে ধৰা হয়। কিন্তু পার্থক্য এই যে, আমি সময়ৰ মাত্রাত পৰিভ্রমণ কৰিব নোৱাৰো। তেন্তে সময়ৰ মাত্রাৰ স্বৰূপ কি ? সময় সদায় একমুখী হয়নে ? সময়ক পিছলৈ ঘূৰাই পঠিয়াব পাৰিনে অথবা সময়ৰ বোকোচাত উঠি সময়তকৈয়ো আগবাঢ়ি যোৱাটো সম্ভৱ হ'বনে ? সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিকোণেৰে সময়ৰ লগত জড়িত এনে জটিলতা সমূহ সমাধান কৰাৰ বিভিন্ন সম্ভাৱনা সমূহক বিষয়বস্তু হিচাবে লৈ এই অধ্যায়টো লিখি উলিওৱা হৈছে।

দশম পৰ্ব : পদাৰ্থবিজ্ঞানৰ একত্ৰিকৰণ

এই মহাবিশ্ব সম্পর্কে এটি স্বয়ংসম্পূর্ণ তত্ব প্রতিষ্ঠা কৰা কঠিন কাম। পদার্থবিজ্ঞানৰ মূল লক্ষ্য হ'ল, পদার্থবিদ্যাৰ বিভিন্ন অংশক ভাগ কৰি এটি চূড়ান্ত তত্ব প্রতিষ্ঠা কৰা, আৰু সেইবোৰৰ মাজত সমন্বয় ঘটোৱা। পদার্থ বিজ্ঞানৰ উৎকর্ষ সাধনৰ লগে লগে ই মহাবিশ্বৰ গতি, প্রকৃতি আৰু  আচৰণ নির্ধাৰণকাৰী তত্ব-সূত্রসমূহ আবিষ্কাৰ কৰি আহিছে। নিউটনৰ মহাকর্ষণ তত্ব আৰু সাধাৰণ গতিবিদ্যাৰ পিছত আহিল আইনষ্টাইনৰপোহৰৰ গতিৰ ধ্রুবক তত্ব, আপেক্ষিকতাবাদ আৰু তাৰপিছতেই তুলনা মূলকভাবে এটি নতুন তত্ব - কোৱাণ্টাম বলবিদ্যা। এই তত্ববোৰকেই একত্রিত কৰি মহাবিশ্বৰ ৰূপৰেখা পৰিষ্কাৰ ভাবে পাবলৈ এটা সাৰ্বজনীন বৈজ্ঞানিক তত্বৰ আবিষ্কাৰেই আধুনিক বিজ্ঞানৰ মূল লক্ষ্য।

মহাবিশ্বৰ মূল চাৰিটা বল হ'ল – মহাকর্ষীয় বল, দুর্বল নিউক্লীয় বল, সবল নিউক্লীয় বল আৰু বিদ্যুতচুম্বকীয় বল। এই চাৰিবিধ বলেই মহাবিশ্বৰ চূড়ান্ত নিয়ন্ত্রক। এই বলবোৰৰ কাৰণেই পদার্থ, শক্তি, গ্রহ, নক্ষত্রকে আদি কৰি সকলোবোৰ বৰ্তি আছে। এই চাৰিওটা বলৰ প্রকৃতি যেতিয়া একেলগে এটা মাত্ৰ তত্বৰ সহায়ত ব্যাখ্যা কৰাটো সম্ভৱ হ'ব, তেতিয়াই সেই তত্বটোক এটা “মহান ঐক্যবদ্ধ তত্ত্ব” বা “Grand Unified Theory” বুলি কোৱা হ'ব। এই তত্বৰ সহায়ত ব্যাখ্যা কৰাটো সম্ভৱ হৈ উঠিব মহাবিশ্বৰ প্ৰতিটো পৰিঘটনা।