Wednesday 22 March 2017

মৃত্যুশয্যাত প্ৰবাহমান সময়


সময় মহামূল্যবান, অথচ আমি সময়ক কেতিয়াও দেখা পোৱা নাই। চুই চাব পৰা নাই সময়। বোৱতী নদীৰ সোঁতৰ দৰে চিৰ প্ৰবাহমান হৈ মাথো বৈ গৈছে সময়। কলৈ, আমি নেজানো। সময়ে নীৰবে আমাক লৈ কঢ়িয়াই লৈ ফুৰিছে ভৱিষ্যতৰ অজান মূহুৰ্তৰে ভৰা সময়ৰ আন এখন জগতলৈ।
কিন্তু কি এই সময় যাৰ সঠিক খবৰ ৰাখিবলৈ আমি তাহানিৰ পৰাই সাজি আহিছো বালি ঘড়ীৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ শেহতীয়া সংযোজন - পাৰমানবিক ঘড়ী।
সময়েতো কাৰোবাৰ বাবে অপেক্ষাত নৰয়। অবিৰাম গতিত আগবাঢ়ে সময়। আমাৰ মৃত্যুৰ পিছতো চলমান হৈ ৰ'ব সময়। আমাৰ উত্তৰ পুৰুষেও সময়ক লৈ ব্যস্ত হ'ব। সময়ৰ আতিগুৰি বিচাৰি গৱেষণা অব্যাহত ৰাখিব - সময় অনন্ত ? নে সময় এদিন নোহোৱা হৈ যাব ?
অৰ্থাৎ সময়ৰ মৃত্যু !!! হয়, সময়ৰ মৃত্যু। সম্প্ৰতি বিজ্ঞানী সকলে ধৰি লৈছে যে- সময় অনন্ত নহয়। এই বিশ্বব্রহ্মাণ্ডখনে নির্দিষ্ট এক সময়ৰ হাতত ধৰিয়েই আজিৰ পৰা কেইবা বিলিয়ন বছৰ পূর্বেই যাত্রা আৰম্ভ কৰিছিল। এক নিৰ্দিষ্ট পর্যায়ৰ পিছত যিহেতু বিশ্বব্ৰহ্মাণ্ডখনেই ধ্বংসপ্ৰাপ্ত হ'ব, সেই ধ্বংসই সময়ৰো অন্তিম মূহুৰ্তটোক আমন্ত্ৰণ কৰিব। অৰ্থাৎ সময়ৰ মৃত্যু ঘটিব।
সময়ে ইতিমধ্যে শৈশব আৰু কৈশোৰ কাল অতিক্ৰম কৰি যৌৱনৰ দেওনাও অতিক্রম কৰিবলৈ ওলাইছে। এই মহাবিশ্বৰ সম্প্রসাৰণৰ লগে লগে সময়ৰ বয়সো বৃদ্ধি পাইছে। আমাৰ দৃশ্যমান মহাবিশ্বৰ অবস্থান ভেদে সময়ৰ মান ভিন ভিন হয়। মহাবিশ্বৰ কোনো এক স্থানৰ সময় এবছৰ হ'লে আমাৰ পৃথিবীত সেই সময় মাত্ৰ এদিনো হ'ব পাৰে। একেদৰে বিশ্বব্ৰহ্মাণ্ডৰ কোনো স্থানৰ ১ ছেকেণ্ড পৃথিবীৰ বাবে কেইবাবছৰো হ'ব পাৰে। সময়ৰ এই আপেক্ষিকতাৰ ধাৰণা সৰ্বপ্ৰথম এলবাৰ্ট আইনষ্টাইনে আগবঢ়াইছিল। আচলতে সময় নামৰ ৰাশিটোৰ মান বা গতিশীলতা কোনোটোৱেই ধ্ৰুৱক বা স্থিৰ নহয়।
সময়ে এক সুদীর্ঘ পথ অতিক্রম কৰিহে আমাৰ কাষলৈ আহিছে। এই মহাবিশ্বৰ যিদিনা জন্ম হৈছিল, ঠিক সেইদিনাই সময়ৰো জন্ম হৈছিল। তেনেক্ষেত্ৰত সময়ৰ বর্তমান বয়স ১৩.৮ বিলিয়ন বছৰ। সেয়েহে পৃথিৱীৰ সময় অনুযায়ী সময়ৰ বয়স তেৰশ আশী কোটি বছৰ। ক্ৰমে বাৰ্ধক্যৰ দিশে আগবঢ়া সময় বাৰু আৰু কিমান দিনলৈ জীয়াই থাকিব ?
সময়ৰ আসন্ন মৃত্যু সম্বন্ধে বিজ্ঞান সমাজত গুণাগঁথা ইতিমধ্যেই আৰম্ভ হৈছে। সম্প্ৰতি বিজ্ঞানীসকলে সময়ৰ মৃত্যু সম্বন্ধে ৫টা তত্ব আগবঢ়াইছে। এই তত্ব কেইটাৰ ভিতৰত ৪টা তত্বৰ সময় আৰু ৩.৫ বিলিয়ন বছৰ হে জীয়াই থাকিব। কিন্তু ৫মটো তত্বই আচৰ্যকৰ ভাবে তথ্য দাঙি ধৰিছে যে আপুনি এই লিখনিটো পঢ়ি শেষ কৰাৰ কিছু আগতেই সময়ৰ মৃত্যু হ'ব পাৰে।
অৰ্থাৎ সময়ৰ স্থায়ীত্ব এক অনিশ্চয়তাৰ বেহা। সময় যেন আজোককাৰ দিনৰেই পুৰণি ৱাল ক্লকটো হে, কেতিয়া বন্ধ হৈ যায় তাৰ একো নিশ্চয়তা নাই !!!

Monday 20 March 2017

ভৱিষ্যতৰ এখন নতুন তাৰকাৰাজ্য : মিল্কোমেডা


মহাজাগতিক প্ৰেক্ষাপটত এক শিহৰণ সৃষ্টিকাৰী পৰিঘটনাৰ কুচকাৱাজ আৰম্ভ হৈছে। আমি বাস কৰা তাৰকাৰাজ্য হাতীপটি আৰু বিশালকায় M31বা এন্ড্ৰমেডা তাৰকাৰাজ্য - দুয়োখনেই প্ৰতি ঘণ্টাত ৪,৩২,০০০ কিমি কৈ পৰস্পৰৰ দিশে আগবাঢ়ি আহি আছে। ইয়াৰ পৰিণতি স্বৰূপে আগন্তুক ২.৫ বিলিয়ন বছৰৰ পিছত এই দুই বিশাল তাৰকাৰাজ্যই পৰস্পৰক প্ৰথম স্পৰ্শ কৰিব। এই সংঘৰ্ষৰ ফলত দুয়োখন তাৰকাৰাজ্য একত্ৰিত হৈ আন এখন বিশাল আকাৰৰ নতুন তাৰকাৰাজ্য সৃষ্টি কৰিব। বিজ্ঞানী সকলে ভৱিষ্যতে সৃষ্টি হ'বলগীয়া এইখন তাৰকাৰাজ্য খনৰ নাম ৰাখিছে মিল্কোমেডা। অৱশ্যে এই বিশেষ ঘটনাটো সংঘটিত হৈ মিল্কোমেডা সৃষ্টি হ'বলৈ প্ৰায় ৪ (চাৰি) বিলিয়ন বছৰ সময়ৰ প্ৰয়োজন হ'ব। 

আমাৰ সৌৰজগতৰ জন্ম হৈছিল আজিৰ পৰা ৪.৭ বিলিয়ন বছৰ আগতে। বিজ্ঞানী সকলৰ মতে সেই সময়ত এন্ড্ৰমেডা আৰু হাতীপটিৰ মাজৰ দূৰত্ব আছিল ৪.২ মিলিয়ন আলোকবৰ্ষ। কিন্তু বৰ্তমান সময়ত এই দুই তাৰকাৰাজ্যৰ মাজৰ দূৰত্ব হৈছেহি মাত্ৰ ২.৬ মিলিয়ন আলোকবৰ্ষ। ইয়াৰ পৰা এইটো প্ৰতিপন্ন হয় যে দুয়োখন তাৰকাৰাজ্য অকল্পনীয় বেগত পৰস্পৰৰ দিশে আগবাঢ়ি আহিছে। এইখিনিতেই এটা প্ৰশ্ন হয় যে হাব'লৰ তত্ব অনুসৰি সম্প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডত তৰকাৰাজ্য সমূহ পৰস্পৰৰ পৰা আঁতৰি হে গৈছে। তেনেস্থলত হাতীপটি আৰু এন্ড্ৰমেডাৰ মাজৰ সংঘৰ্ষ কেনেদৰে সম্ভৱ ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানী T. J. Cox আৰু Abraham Loeb য়ে কয় যে সম্প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডত যদিও মহাজাগতিক পদাৰ্থসমূহ পৰস্পৰৰ পৰা আঁতৰি গৈ আছে, তুলনামূলক ভাবে নিকট দূৰত্বত থকা তাৰকাৰাজ্য সমূহ মহাকৰ্ষণীয় বলৰ দ্বাৰা আকৰ্ষিত হৈ পৰস্পৰৰ দিশে আগবাঢ়ি আহি আছে। তেনে মহাকৰ্ষণীয় বলৰ প্ৰভাবতেই আজি আমাৰ হাতীপটি আৰু এন্ড্ৰমেডা মুখামুখি সংঘৰ্ষৰ পথত। 

আমাৰ সৌৰজগতখনৰ আয়ুস প্ৰায় ১০ বিলিয়ন বছৰ। সেইমতে সূৰ্যকে আদি কৰি পৃথিৱী আৰু অন্যান্য গ্ৰহ উপগ্ৰহবোৰ আৰু ৫ বিলিয়ন বছৰ জীয়াই থাকিব। তেনেক্ষেত্ৰত হয়তো ২.৬ বিলিয়ন বছৰ পিছত আমাৰ উত্তৰ পুৰুষে এই মহাজাগতিক সংঘৰ্ষ প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। স্বাভাৱিকতেই আমাৰ মনলৈ এটা প্ৰশ্ন আহে - সেই সংঘৰ্ষৰ সময়ত আমাৰ সৌৰজগতৰ কি দশা হ'ব ?

T. J. Cox আৰু Abraham Loebৰ মতে এই দুই তাৰকাৰাজ্যই ২.৬ বিলিয়ন বছৰ পিছত যেতিয়া পৰস্পৰক প্ৰথম স্পৰ্শ কৰিব, তেতিয়া তাৰকাৰাজ্য দুখনৰ মূল থাল দুখনৰ পৰা প্ৰসাৰিত হৈ থকা বাহুবোৰে পৰস্পৰক খুন্দা মাৰিব। আমাৰ সৌৰজগতখন যিহেতু হাতীপটিৰ কেন্দ্ৰৰ পৰা আঁতৰৰ বাহুত অৱস্থিত, সেয়ে এই দুই তাৰকাৰাজ্যৰ প্ৰথম সংঘৰ্ষতেই আমাৰ সৌৰজগতখন হাতীপটি তাৰকাৰাজ্যৰ পৰা ছিটিকি গৈ এন্ড্ৰমেডা তাৰকাৰাজ্যৰ বাসিন্দা হৈ পৰিব। ইয়াৰ পিছত অবিৰত ভাবে এই সংঘৰ্ষ প্ৰক্ৰিয়া প্ৰায় ১.৪ বিলিয়ন বছৰ ধৰি চলি থাকিব আৰু পৰ্যায়ক্ৰমে এই দুই তাৰকাৰাজ্যই নিজৰ নিজৰ উপাদান সমূহ একত্ৰিত কৰি একাকাৰ হৈ পৰি গঢ়ি তুলিব আন এখন নতুন তাৰকাৰাজ্য - "মিল্কোমেডা" !

অধিক তথ্যৰ বাবে তলৰ ভিডিওটো চাব পাৰে :https://youtu.be/tq4Q-UIHpJc


নিজৰ দেহত বৈজ্ঞানিক পৰীক্ষা কৰা বিজ্ঞানীসকল


পৰীক্ষা, গৱেষণা আদিবোৰ বিজ্ঞানৰ অপৰিহাৰ্য অংগ। পৰীক্ষালব্ধ প্ৰমাণ অবিহনে বিজ্ঞানত একোৱেই গ্ৰহণযোগ্য নহয়। আজিৰ পৰা ৩০০ বছৰ আগত এনে ধৰণৰ বৈজ্ঞানিক পৰীক্ষাসমূহ সম্পন্ন কৰাৰ বাবে উন্নত মানৰ গৱেষণাগাৰ আৰু প্ৰয়োজনীয় যন্ত্ৰপাতিবোৰো নাছিল। তথাপিও সেই সময়চোৱাত বিজ্ঞানীসকল ক্ষান্ত হোৱা নাছিল। নিৰবছিন্ন ভাবে অতি সীমিত সা-সুবিধা খিনিকেই গ্ৰহণ কৰি তেওঁলোকে আৱিষ্কাৰ কৰি গৈছিল এটাৰ পিছত আনতোকৈ বিজ্ঞানৰ নতুন নতুন সত্য। এনে পৰীক্ষাবোৰৰ কোনোবাটো আছিল অতি জটিল, আনহাতে কোনোবাটো আকৌ অতি বিপদসংকুল। যদি কোনোবাটো পৰীক্ষা হাস্যকৰ, আন কোনোবাটো শিহৰণ সৃষ্টিকাৰী। এনে অসংখ্য পৰীক্ষাও আছে, যিবোৰ বিজ্ঞানীসকলে নিজৰ দেহতেই সম্পন্ন কৰিছিল। আজি দুটামান তেনে পৰীক্ষাৰ কথাকেই উনুকিয়াব খুজিছো।

ইটালীৰ Lazzaro Spallanzani নামৰ বিজ্ঞানীজনে পাকস্থলীত খাদ্যৰ পাচন প্ৰক্ৰিয়া কেনেদৰে সম্পন্ন হয় সেইটো জানিবলৈ linenৰ কিছুমান সৰু সৰু মোনা তৈয়াৰ কৰি তাত বিভিন্ন খাদ্য ভৰাই লৈ দৃঢ় তথা মিহি সূতাৰে বান্ধি গিলি থৈছিল। কেইঘণ্টামান উকলাৰ পিছত তেওঁ সূতাডালত ধৰি খাদ্যৰ সৰু মোনাবোৰ পুনৰ পেটৰ পৰা টানি টানি উলিয়াই আনি খাদ্যৰ পাচন ক্ৰিয়া সম্বন্ধে অধ্যয়ণ কৰিছিল।

১৬৭০ চনৰ কথা। চাৰ আইজাক নিউটনে তেতিয়া পোহৰৰ ধৰ্ম সম্বন্ধে অধ্যয়ণ কৰি আছিল। তেনেতে এজন মানুহে নিউটনক ক'লেহি যে তেওঁ প্ৰায়েই চকুৰ সন্মুখত বিভিন্ন ৰঙৰ ছায়ামায়া কিছুমান বিশেষ আকৃতিৰ বিন্দু সদৃশ গঠন উৰি ফুৰা দেখা পায়। কথাটোৱে নিউটনক ভাবিবলৈ নতুন খোৰাক এটি দিলে। এই বিশেষ ঘটনাটোৰ লগতে পোহৰৰ বৰ্ণালী সম্বন্ধে মনলৈ অহা বিভিন্ন ধাৰণা সমূহৰ ওপৰত পৰীক্ষা কৰাৰ মানসেৰে এইবাৰ তেওঁ ভাবি উলিয়ালে এটা শিহৰণকাৰী পৰীক্ষা। এটা ভোটা কাপোৰ চিলোৱা বেজী লৈ নিউটনে নিজৰ চকুৰ পতা আৰু চকুৰ মনিটোৰ মাজেৰে অক্ষিকোটৰত হেঁচি ধৰিলে যাতে বেজীটোৰ হেঁচাত চকুৰ মনিটোৰ বক্ৰতা (curvature) সলনি হয়। এই অদ্ভুত পৰীক্ষাটোৰ পৰা পোৱা ফলাফলে নিউটনক পোহৰৰ অধ্যয়নত প্ৰিজমৰ ব্যৱহাৰ কৰাৰ প্ৰেৰণা দিছিল।

১৯০৮ চনত লণ্ডণৰ এজন বিজ্ঞানী ডা° Henry Headয়ে এটি অতি ভয়াবহ পৰীক্ষা কৰি পেলাইছিল। পেছাত এজন ডাক্তৰ হিচাবে তেখেতৰ গৱেষণাৰ বিষয় আছিল প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অক্ষমতাই মানুহৰ সংবেদনাক কেনেদৰে প্ৰভাবিত কৰে। এই বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ নিজৰ দেহতেই অস্ত্ৰোপচাৰ কৰি প্ৰান্তীয় স্নায়ুতন্ত্ৰক অকামিলা কৰি লৈছিল। কোৱা বাহুল্য যে তেখেতৰ গৱেষণা গ্ৰন্থ "A human experiment in nerve division" চিকিৎসা বিজ্ঞানৰ এখন অমূল্য দস্তাবেজ।

অষ্ট্ৰেলিয়াৰ এজন ডাক্তৰ Barry Marshallয়ে পেপ্টিক আলচাৰৰ ওপৰত গৱেষণা কৰি থাকোতে তেওঁৰ ধাৰণা হৈছিল যে Helicobacter pylori নামৰ বেক্টেৰীয়াবোৰেই এই ৰোগৰ কাৰক। এই বিষয়ে সত্যতা নিৰূপণ কৰাৰ বাবে বিজ্ঞানী Barry Marshallএ Helicobacter pylori নামৰ বেক্টেৰীয়াৰে পৰিপূৰ্ণ পেট্ৰিডিচ এখনৰ সমূদায় কৰ্ষণ মাধ্যমখিনি গিলি পেলাইছিল। তেওঁৰ গৱেষণাই ফল দিলে কিয়নো পেপ্টিক আলচাৰ ৰোগৰ কাৰণ আৰু ইয়াৰ চিকিৎসা আৱিষ্কাৰ হ'ল। এই আৱিষ্কাৰৰ বাবে Barry Marshallক নোবেল বঁটাৰে সন্মানিত কৰা হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তত এসময়ত পোলিঅ ৰোগে মহামাৰীৰ ৰূপ লৈছিল। সেই সময়ত পলিঅ ৰোগৰ কোনো চিকিৎসাও নাছিল। বিশ্বৰ শিশুবোৰক পলিঅৰ আক্ৰমণৰ পৰা বচাবলৈ Jonas Salk নামৰ এজন ডাক্তৰে তেওঁৰ গৱেষণা আৰম্ভ কৰি দিলে। কিছুদিনৰ অন্তত তেওঁ পলিঅ নিৰ্মূল কৰিব পৰা এটা ভেকচিন আৱিষ্কাৰ কৰিলে। কিন্তু সমস্যাটো আহিল ভেকচিনটো নিৰাপদ হয়নে নহয় সেইটো নিৰ্ণয় কৰাক লৈ। শেষত Jonas Salkএ সেই পলিঅ ভেকচিনটো পৰীক্ষা কৰিবলৈ প্ৰথমে নিজৰ দেহত আৰু পিছত নিজৰ তিনি বছৰীয়া পুত্ৰৰ দেহত প্ৰয়োগ কৰি ভেকচিনটো নিৰাপদ বুলি প্ৰমাণ কৰে।

বিজ্ঞানৰ জগতখনত এনে আৰু বহুতো আচৰ্যকৰ পৰীক্ষা বিজ্ঞানী সকলে সম্পন্ন কৰিছে যিবোৰে আমাক আচৰিত কৰাৰ লগতে শিহৰিত কৰিও তোলে। 

Tuesday 14 March 2017

যেতিয়া সময় স্থবিৰ হৈ যায়


সময় গতিশীল। গতিশীলতাই সময়ৰ ধৰ্ম। সময়ক লৈ বিজ্ঞানী সকলৰ তৎপৰতা কেতিয়াও কমা নাই, বৰং সদায় বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে সময়ৰ ওপৰত বিভিন্ন গৱেষণা অব্যাহত ৰাখিছে। তেওঁলোকৰ মনত অযুত প্ৰশ্ন : সময় কি , সময় অনাদি-অনন্ত নেকি, সময়ৰ জন্ম হৈছিল নে অথবা সময়ৰ মৃত্যু সম্ভৱ নে ইত্যাদি ইত্যাদি…। 

কল্পনা কৰকচোন এখন এনে ঠাইৰ কথা য'ত সময়ৰ কোনো অস্তিত্বই নাই ! কেবল সময়েই নহয়, এনে এখন ঠাই য'ত কোনো দৃশ্যমান পদাৰ্থ, অনু-পৰমাণু, পোহৰ আদি একোৱেই নাই। এখন এনে ঠাই য'ত কোনো স্থান নাই, নাই আপুনি বা মই সদায়েই কৈ অহা প্ৰকৃতিৰ নিয়মবোৰো। য'ত আধুনিক বিজ্ঞানৰ সকলো নিয়ম, সূত্ৰ আদিবোৰ অৰ্থহীন !

আজি গতিশীল সময়ৰ গতিৰ সীমাবদ্ধতা সম্বন্ধে কিছু কথা অতি সৰল ভাবে আলোচনা কৰিব খুজিছো। আমি প্ৰতিজনেই ব্লেকহোল বা কৃষ্ণগহ্বৰৰ কথা শুনিছো। কৃষ্ণগহ্বৰ সম্বন্ধে এটা আমাৰ সাধাৰণ ভুল ধাৰণা হ'ল– এইবোৰে ভেকুৱাম ক্লিনাৰৰ দৰেই সকলো বস্তু শোষণ কৰি লয়। কিন্তু সেইটো সত্য নহয়। আচলতে ব্লেকহোলবোৰৰ ঘনত্ব অপৰিসীম আৰু সেয়ে ব্লেকহোলবোৰৰ কেন্দ্রৰ অভিকর্ষণ বলো কল্পনাতীত ভাবেই বেছি। বিজ্ঞানৰ ভাষাত ইয়াকেই gravitational singularity বুলি কোৱা হয়। এই gravitational singularityৰ আশেপাশে থকা প্ৰতিটো সৰু বৰ পদাৰ্থ আনকি পোহৰো ব্লেকহোলবোৰে নিজৰ কেন্দ্ৰৰ দিশে অবিৰাম শোষিত কৰে। কিন্তু এই সকলোবোৰেই সম্ভব এটা নির্দিষ্ট সীমা বা পৰিধিৰ ভিতৰত হে। আচলতে ব্লেকহোলৰ অভিকর্ষণ বল আৰু সময়ৰ গতিৰ মাজত এটা সুসম্পর্ক আছে। সময়ে সদায় সন্মুখলৈ গতি কৰিব বিচাৰে আনহাতে ব্লেকহোলৰ অভিকৰ্ষণ বলে সময়ক বিচাৰে বান্ধি ৰাখিবলৈ। সময়ক বান্ধি ৰাখিবলৈ প্ৰয়োজন হোৱাকৈ যদিহে ব্লেকহোল এটাৰ পৰ্যাপ্ত অভিকৰ্ষণ বল থাকে, তেন্তে সময় এনে এটা অভিকর্ষণ বলৰ দ্বাৰা পৰিবেষ্টিত হৈ পৰে যে তাৰ পৰা পোহৰ আৰু সময় দুয়ো নিস্তাৰ নাপায়।

প্রত্যেকটো ব্লেকহোলৰ চৌদিশে এক চক্রাকাৰ এলেকা আছে। এই এলেকাটোক ‘ঘটনা দিগন্ত' বা event horizon বোলা হয়। এই ইভেন্ট হৰাইজন হৈছে ‘পইন্ট অফ নো ৰিটাৰ্ণ’। অর্থাৎ এই ইভেন্ট হাৰাইজন ৰেখা অতিক্রম কৰি আগবাঢ়িলে ব্লেকহোলৰ প্ৰচণ্ড অভিকৰ্ষণ বলৰ প্ৰভাবৰ পৰা কোনো পদাৰ্থ অানকি সময়ো সাৰি যাব নোৱাৰে। ইয়াতেই সময় ৰৈ যাব। স্থবিৰ হৈ পৰিব সময় নামৰ গতিশীল ভৌতিক ৰাশিটো। সকলোবোৰ ঘড়ীয়েই হৈ পৰিব একোটা পুতলা। ব্লেকহোলৰ অপৰিসীম অভিকর্ষণ বলৰ বাবেই এই ইভেন্ট হৰাইজনৰ ইপাৰ আৰু সিপাৰৰ ঘটনাৰাজি ভিন্ন। কেতবোৰ বিচিত্র ঘটনা আৰু কাণ্ড-কাৰখানাৰে পৰিপূৰ্ণ এই ইভেণ্ট হৰাইজনৰ সিপাৰ। 

ধৰি লোৱা হ'ল আপুনি ঘটনা দিগন্তৰ এই পাৰে সম্পূৰ্ণ এক নিৰাপদ অৱস্থানত আছে। কিন্তু আপোনাৰ এজন বন্ধু ভুলবশত: ইভেন্ট হৰাইজনৰ সিপাৰলৈ গুছি গৈ ব্লেকহোলৰ ভিতৰ পালেগৈ। অবাস্তব হ'লেও যুক্তিৰ খাতিৰত ধৰি লওক ব্লেকহোলে আপোনাৰ বন্ধুক সুৰক্ষিত কৰিয়েই ৰাখিছে। সেইক্ষেত্রত আপুনি দেখিব যে আপোনাৰ বন্ধুৱে ব্লেকহোলৰ মাজেৰে তীব্ৰ গতিৰে ধাৱমান হৈছে কিন্তু ক্ৰমে তেওঁৰ গতিবেগ কমি আহিছে অাৰু এটা সময়ত তেওঁ স্থিৰ হৈ পৰিব। তাতোকৈ অাচৰিত এইটো যে তেওঁ ব্লেকহোলৰ ভিতৰত সেই স্থিতাৱস্থাতেই থাকি যাব আজীৱন ধৰি যিদিনালৈ বিশ্বব্রহ্মাণ্ড থাকিব, সিদিনালৈ। অর্থাৎ, আপোনাৰ বাবে বন্ধুজন আজীবন ব্লেকহোলৰ মাজত ওপঙি ৰ'ব যুগ যুগান্তৰলৈ। আপোনাৰ দৃষ্টিত আপোনাৰ বন্ধুজন কোনোকালেই বুঢ়া নহ'ব কিন্তু আপোনাৰ বন্ধুজনৰ ক্ষেত্রত এনে অনুভব নহ'ব। তেওঁ ঘটনা দিগন্তৰ বাহিৰত আপোনাক ৰৈ থকা অৱস্থাতেই ক্ৰমে বুঢ়া হোৱা দেখিব। আপোনাৰ লগতে আৰু অনাগত বহু প্রজন্মৰ উত্তৰ পুৰুষকো তেওঁ জন্ম হৈ মৃত্যু মুখত পৰা দেখিব। তেওঁৰ কাৰণে সকলোবোৰ প্ৰকৃতিৰ নিয়মৰ আধাৰত স্বাভাবিক ভাবেই চলিব। মাথোন ইভেণ্ট হৰাইজনৰ ভিতৰৰ বন্ধুজনৰ বাবে ব্লেকহোলৰ প্ৰচণ্ড অভিকৰ্ষণ বলৰ প্ৰভাবত সময় স্থবিৰ হৈ পৰিছে। গতিহীন স্থবিৰ সময়ে তেওঁক এক প্ৰকাৰ অমৰত্ব প্ৰধান কৰিছে !!!


১৪ মাৰ্চ পাই দিৱস আৰু আইনষ্টাইনৰ ওপজা দিন


পাইৰ মান ৩.১৪ আৰু সেয়েহে বছৰৰ তৃতীয়টো মাহ মাৰ্চৰ ১৪ তাৰিখটো পাই দিৱস হিচাবে পালন কৰা হয়। সেই একেটা দিনতেই এলবাৰ্ট আইনষ্টাইনৰো জন্ম হৈছিল। প্ৰকৃতিৰ নিয়মবোৰ সম্পূৰ্ণ নতুন দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰি বিজ্ঞান বিশ্বক চমকপ্ৰদ আৱিষ্কাৰেৰে মহিমা মণ্ডিত কৰা বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল আজিৰ পৰা ১৩৮ বছৰ আগৰ আজিৰ দিনটোতেই অৰ্থাৎ ১৮৭৯ চনৰ ১৪ মাৰ্চ তাৰিখে। তেখেতৰ গৱেষণাৰ ফলশ্ৰুতিতেই আজি বিজ্ঞান বিশ্বই পোহৰ, মহাকৰ্ষণ আৰু সময় সম্পৰ্কে সঠিক ধাৰণা পাবলৈ সক্ষম হৈছে। তেখেতে বিজ্ঞান সমাজলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান সমূহৰ ভিতৰত উল্ল্যেখনীয় কেইটামান হ'ল :

* ব্ৰাউনিয়ান গতিৰ অধাৰত সম্পন্ন কৰা তেখেতৰ গৱেষণাই পদাৰ্থৰ গঠনত অনু আৰু পৰমানু থকাটো নিশ্চিত কৰে।

* আলোক বিদ্যুৎ প্ৰভাবৰ সঠিক ব্যাখ্যাৰে পোহৰৰ ৰশ্মিক কেতবোৰ নিৰ্দিষ্ট পৰিমানৰ শক্তিৰ টোপোলা বা কোৱাণ্টা বুলি প্ৰতিপন্ন কৰে।

* গতিবেগৰ সীমাবদ্ধতাৰ ক্ষেত্ৰত বায়ুশূণ্য মাধ্যমত পোহৰে প্ৰতি ছেকেণ্ডত সৰ্বোচ্চ ৩০০০০০ কিমি পথহে অতিক্ৰম কৰিব পাৰে বুলি প্ৰমাণ কৰি তেখেতে তথ্য আগবঢ়াই যে গতিশীল কোনো পদাৰ্থ কণা এটাৰ গতিবেগ সাপেক্ষে সময় লেহেমীয়া বা খৰতকীয়া হয়।

* পদাৰ্থৰ ভৰ আৰু শক্তি দুয়ো দুয়োৰে পৰিপুৰক। অৰ্থাৎ ভৰক শক্তিলৈ বা শক্তিক ভৰলৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াৰ আলমতেই তেখেতে গণনা কৰি উলিয়ায় E = mc2 সমীকৰণটো।
তেখেতে নিউটনে আগবঢ়োৱা মহাকৰ্ষণৰ সংজ্ঞাক নতুন মাত্ৰা প্ৰদান কৰে। তেখেতে আগবঢ়োৱা সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি পদাৰ্থৰ উপস্থিতিয়ে স্থানক বক্ৰ কৰি তোলে আৰু এই বক্ৰতাৰ বাবেই মহাকৰ্ষণ বলৰ সৃষ্টি হয়।

* তেখেতে তথ্য আগবঢ়ায় যে মহাকৰ্ষণে পোহৰৰ গতিপথো বক্ৰ কৰি তোলে। পিছলৈ ই সত্য বুলি প্ৰমাণিত হয়। তেখেতৰ মতে মহাকৰ্ষণৰ প্ৰভাবৰ পৰা সময়ো মুক্ত নহয়।

* জীৱনৰ শেষ কালচোৱাত তেখেতে কোৱাণ্টাম পদাৰ্থ বিজ্ঞান আৰু সাধাৰণ আপেক্ষিকতাবাদক একত্ৰিত কৰাৰ চেষ্টাত ব্ৰতী হৈ আছিল। ১৯৫৫ চনৰ ১৮ এপ্ৰিলত এই মহান বিজ্ঞানীজনৰ পৰলোক প্ৰাপ্তি ঘটে।


Saturday 11 March 2017

সময়ে যেতিয়া স্ফটিকৰ ৰূপ লয়


সাধাৰণ দৃষ্টিত তেনেই আচহুৱা কিম্বা অবান্তৰ যেন লগা এটি ধাৰণা : যদিহে "সময়" নিমখৰ দানাবোৰৰ দৰেই স্ফটিক গঠনযুক্ত হয় !!! পিছে, অবাস্তৱ যেন ধাৰণা হোৱা তথা বিজ্ঞানৰ ৰূপকথাৰ দৰে লগা এই কথাটোৱেই আজিৰ দিনত বিজ্ঞানৰ জগতখনত তোলপাৰ লগাইছে। বাস্তৱ ক্ষেত্ৰত আমি সদায়ে দেখি অহা নিমখ বা চেনীৰ দানাবোৰৰ দৰেই কিছুমান স্ফটিকহে নেকি বাৰু "সময়" নামৰ ভৌতিক ৰাশিটো !!! প্ৰথমেই আমাৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিছে যে দানাকাৰ সময় বা "সময়-ফটিক" মানেই বা কি ? দৰাচলতে সময়-স্ফটিক হ'ল পদাৰ্থৰ এক অদ্ভুত পাৰমাণবিক গঠনযুক্ত স্ফটিক বা দানা যিয়ে নিৰ্দিষ্ট সময়ৰ ব্যবধানত শক্তিৰ সামান্যতমো ক্ষয় নোহোৱাকৈ নিৰবছিন্ন ভাবে দোদুল্যমান অৱস্থাত থাকে। কথাটো অলপ সহজকৈ বুজিবলৈ চেষ্টা কৰো আহক। ১২শ শতিকাত ভাৰতীয় গণিতজ্ঞ ভাষ্কৰ (দ্বিতীয়)ই এটা ধাৰণা আগবঢ়াইছিল। তেওঁৰ ধাৰণাটোত এটা বিশেষ ধৰণৰ চকৰি বা চক্ৰ আছিল যিটো বাহ্যিক বল অবিহনে নিৰবচিন্ন ভাবে ঘূৰ্ণীয়মান অৱস্থাত থাকিব পাৰে। তেখেতে চকৰিটোত কেইডালমান ফোপোলা বক্ৰ শলখা বা spoke ৰাখি সেইবোৰ আংশিক ভাবে পাৰা নামৰ ধাতুৰে পৰিপূৰ্ণ কৰিছিল। তেওঁৰ ব্যাখ্যা অনুসৰি যদিহে এই চকৰিটো প্ৰাথমিক ভাবে সামান্য বল প্ৰয়োগ কৰি ঘুৰাই দিয়া হয়, তেন্তে ঘূৰ্ণণৰ লগে লগে শলখাৰ মাজত থকা পাৰাবোৰ শলখাবোৰৰ মাজেৰে চকৰিটোৰ ওপৰৰ দিশলৈ বিয়পি পৰিব আৰু ইয়াৰ ফলত সৃষ্টি হোৱা ভৰৰ ভাৰসাম্যহীনতাই চকৰিটোৰ ওপৰৰ অংশত এক নিম্নমূখী বলৰ সৃষ্টি কৰিব। ইয়াৰ ফলত চকৰিটোৰ ওপৰৰ অংশটো আপোনা আপুনি তললৈ নামি আহিব আৰু এই প্ৰক্ৰিয়াটো পুন:পৌণিক ভাবে চলি থাকিব। অৰ্থাৎ এবাৰ গতিশীলতা পোৱাৰ পিছত এই চকৰিটো অনন্ত কালৰ বাবে বিৰামহীন ভাবে ঘুৰি থাকিব। অৱশ্যে মাধ্যাকৰ্ষণ, ঘৰ্ষণ আদি বিভিন্ন প্ৰকাৰৰ বল সমূহ আৱিষ্কাৰ হোৱাৰ পিছত ভাষ্কৰ দ্বিতীয়ই আগবঢ়োৱা এই বিৰামহীন চকৰিৰ ধাৰণাটো আধুনিক বিজ্ঞানত অসম্ভব বুলিয়েই বাদ দি থোৱা হৈছিল। পিছে ভাৰতীয় গণিতজ্ঞ ভাষ্কৰৰ সেই ধাৰণাটো আজি প্ৰায় ৮০০ বছৰ পিছত কোৱাণ্টাম বিজ্ঞানৰ জগতখনত পুনৰ জনপ্ৰিয় হৈ উঠিছে। সাম্প্ৰতিক সময়চোৱাত কোৱাণ্টাম বিজ্ঞানৰ ওপৰত যথেষ্ট গৱেষণা চলি আছে। ২০১২ চনত বিজ্ঞানী Alfred Shapere আৰু নোবেল বঁটা বিজয়ী বিজ্ঞানী Frank Wilczekএ ভাৰতীয় গণিতজ্ঞ ভাষ্কৰৰ ধাৰণাটোৰ ওপৰত ভিত্তি কৰি এলানি গৱেষণা আৰম্ভ কৰে আৰু সম্প্ৰতি পদাৰ্থৰ এক অদ্ভুত পাৰমাণবিক গঠনযুক্ত স্ফটিক বা দানা সৃষ্টি কৰি উলিয়াইছে যাৰ পৰমাণুবোৰে নিৰ্দিষ্ট সময়ৰ ব্যবধানত শক্তিৰ সামান্যতমো ক্ষয় নোহোৱাকৈ নিৰবছিন্ন ভাবে গঠনটোৰ আভ্যন্তৰত দোদুল্যমান অৱস্থাত থাকে। অৰ্থাৎ গণিতজ্ঞ ভাষ্কৰে ১২শ শতিকাতেই আগবঢ়োৱা ধাৰণটো অতি বাস্তবসন্মত। তেওঁলোকে এই বিশেষ ধৰণৰ গঠনটোক সময়-স্ফটিক বা টাইম ক্ৰিষ্টেল বুলি অভিহিত কৰিছে।

Sunday 5 March 2017

চাৰিডাল মমবাতিৰ কথাৰে



এটা অন্ধকাৰ কোঠালিত চাৰিডাল মমবাতি জ্বলি আছে। মম কেইডালৰ পোহৰত উদ্ভাষিত হৈ কোঠালিটোত এক মায়াময় পৰিবেশ সৃষ্টি হৈছে। কোঠালিটোৰ নিশব্দতাৰ মাজতেই ধিমিক-ধামাককৈ জ্বলি থকা মম চাৰিডালে অস্ফুট স্বৰত কথা পাতিছে :
১ম মমবাতি : মই শান্তি। মই জ্বলি জ্বলিয়েই বিলাব বিচাৰিছো শান্তিৰ বাৰ্তা। পিছে অাজি কোনেও মোৰ কথা শুনিব নিবিচাৰে। আজি মই নীৰবে জ্বলি পুৰি শেষ হৈ যোৱা এডাল সাধাৰণ মমবাতি মাথোন !
২য় মমবাতি: মই বিশ্বাস। মই সমগ্ৰ মানবজাতিৰ মাজত একতাৰ জৰীডালৰ গাঁঠিবোৰ মজবুত কৰি ৰাখো। কিন্তু এতিয়া যেন মই ক্ৰমে নিশকতীয়া হৈ আহিছো। মানুহৰ সমস্ত প্ৰয়োজনীয়তা পুৰ কৰি উঠি এই যেন ক্ষণ্তেকতেই মই নুমাই যাম চিৰকালৰ বাবে…!
৩য় মমবাতি: মই প্ৰেম। এতিয়া মোৰ মাজতো নাই সেই স্বৰ্গীয় অনুভূতি। দীৰ্ঘস্থায়ী ভাবে জ্বলি ৰ'বলৈ মোৰ মাজতো ইন্ধনৰ অভাব। হয়তো ময়ো কিছুপৰ পিছতেই নুমাই যাম প্ৰেমহীনতাৰ ঘনঘোৰ অন্ধকাৰৰ মাজৰ কোনোবাখিনিত !
৪ৰ্থ মমবাতি: মই অাশা। তোমালোকে ভয় নকৰিবা। মই তোমালোকক নুমাই যাবলৈ নিদিও। তোমালোক কেতিয়াও হেৰাই যাব নোৱাৰা। পোহৰৰ মেলাত কেতিয়াও বিঘিনি নঘটে। মই তোমালোকক প্ৰজ্বলিত কৰি ৰাখিম চিৰটি কাল।
(এটি ইংৰাজী কবিতা The Four Candlesৰ আধাৰত)

Thursday 2 March 2017

বিশ্বৰ অাটাইতকৈ তীক্ষ্ণ বুদ্ধিৰ মগজুটো


এলবাৰ্ট অাইনষ্টাইনৰ মগজুটো তেওঁ জীৱিত অৱস্থাতেই গৱেষণাৰ এটি বিষয় হৈ পৰিছিল। বিশ্বৰ সকলো প্ৰান্তৰ মানুহৰ মনত এটাই চিন্তা : মানুহ কেনেকৈ ইমান বিচক্ষণ, তীক্ষ্ণ বুদ্ধিসম্পন্ন হ'ব পাৰে ! আজিৰ পৰা প্ৰায় ৬২ বছৰ পূৰ্বে নিউজাৰ্চীৰ প্ৰিন্সটন হস্পিতালত বিশ্ববিখ্যাত এইজন মনিষীয়ে ইহলীলা সম্বৰণ কৰাৰ পিছতেই থমাচ হাৰ্ভি নামৰ এজন ডাক্তৰে অটোপ্সি (autopsy) কৰাৰ সময়ত আইনষ্টাইনৰ মগজুটো আইনষ্টাইন অথবা তেওঁৰ পৰিয়ালৰ অনুমতি অবিহনে আলফুলে লাওখোলাৰ পৰা পৃথক কৰি অানি এটা বিশেষ সংৰক্ষক দ্ৰৱত বুৰাই ৰাখিছিল। কেবল সেয়াই নহয়, হাৰ্ভিয়ে মগজুটোৰ আঁৰত লুকাই থকা বিচক্ষণতাৰ গূঢ় তত্বটোনো কি জানিবলৈ গৱেষণাৰ স্বাৰ্থত তেওঁৰ মগজুটোৰ বিভিন্ন অংশৰ পৰা কলাসমূহ চিনাক্ত কৰি ২৪০ টা মান নমুনাৰ প্ৰায় ১০০০ খন স্লাইড তৈয়াৰ কৰি ৰাখিছিল। পৰবৰ্তী সময়ত আইনষ্টাইনৰ মগজুৰ এই নমুনাবোৰ বিশ্বৰ বিভিন্ন স্থানৰ বিজ্ঞানী সকলৰ বাবে একোটি অমূল্য সম্পদ হিচাবে পৰিগণিত হয়। বিভিন্ন স্তৰত সম্পন্ন হোৱা এই গৱেষণা সমূহৰ পৰা আইনষ্টাইনৰ মগজু সম্বন্ধে তলত দিয়া তথ্যসমূহ আহৰণ কৰা হয় :

# আইনষ্টাইনৰ মগজুৰ সোঁ আৰু বাওঁ অংশক সংলগ্ন কৰি ৰখা ক'ৰপাচ কলোচাম নামৰ অংশটো সৰ্বসাধাৰণ লোকৰ তুলনাত যথেষ্ঠ ডাঙৰ।

# আইনষ্টাইনৰ মগজুৰ "ফ্ৰন্টেল ল'ব" নামৰ অংশটো আকাৰত যথেষ্ঠ ডাঙৰ আৰু আচৰ্যজনক ভাবে ইয়াত Sylvian fissure নামৰ অংশটো নাই।

# আইনষ্টাইনৰ মগজুটোৰ ভৰ সাধাৰণ মানুহৰ মগজুতকৈ কম আছিল যদিও তেখেতৰ মগজুৰ parietal অংশটো আন মগজুৰ তুলনাত ১৫ শতাংশ ডাঙৰ। উল্লেখযোগ্য যে মগজুৰ এই parietal অংশৰ সহায়তেই আমি গাণিতিক সমস্যা সমূহৰ সমাধান দিব পাৰো। 

# এণ্ডাৰচন নামৰ এজন গৱেষকৰ মতে Einsteinৰ মগজুৰ frontal cortex অংশটো সাধাৰণ মানুহৰ মগজুতকৈ পাতল আৰু ঠেক। কিন্তু এই অংশটোত স্নায়ুকোষৰ সংখ্যা যথেষ্ঠ বেছি থকা বাবে তেওঁৰ চিন্তা কৰিব পৰা শক্তি অামাতকৈ বহুত বেছি।

# বৰ্তমান আইনষ্টাইনৰ মগজুৰ বাকী অংশখিনি সুন্দৰকৈ সংৰক্ষণ দ্ৰৱত ভৰাই ফিলাডেলফিয়াৰ মুটাৰ সংগ্ৰহালয়ত ৰাখি থোৱা হৈছে। ইয়াৰ লগতে তেখেতৰ মগজুৰ ৪৬ খন স্লাইডো সংৰক্ষণ কৰি ৰখা হৈছে। 

বিশ্ববৰেণ্য বিজ্ঞানীজনৰ মগজুটো এবাৰ নিজ চকুৰে চোৱাৰ তাড়নাত নিতৌ মুটাৰ সংগ্ৰহালয়ত ভিৰ কৰেহি বিশ্বৰ বিভিন্ন প্ৰান্তৰ অগনন আবাল বৃদ্ধ বণিতাই।