Thursday 21 July 2016

ইতিহাসৰ পাতত জুইৰ আদিমতম ব্যৱহাৰ



নিসন্দেহে জুইৰ ব্যৱহাৰে আমাক সভ্যতাৰ বাটত খোজ দিবলৈ শিকাইছিল। জুইৰ ব্যৱহাৰ শিকাৰ পিছৰ পৰাই মানুহে (মানুহৰ পূৰ্বপুৰুষে) বাস্তবিকতে খাদ্য সেকি বা পুৰি খাবলৈ লৈছিল। ক্ৰমান্বয়ে তেওঁলোকে শিকিছিল যে নিশাৰ অন্ধকাৰ নাশিবলৈ জুইৰ আৱশ্যক। একেদৰেই তেওঁলোকে বুজি উঠিছিল যে জুইকুৰা দীৰ্ঘ সময়ৰ বাবে ধৰি ৰাখিবলৈ ইন্ধনৰ প্ৰয়োজন। অৰ্থাৎ তেওঁলোকে পৰ্যায়ক্ৰমে জুই একুৰা নিয়ন্ত্ৰণ কৰিবলৈ শিকিলে। লাহে লাহে আমাৰ পূৰ্বপুৰুষ সকলে বন্য জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ অথবা কৃষিৰ বাবে প্ৰয়োজনীয় একোখন ক্ষেত্ৰ মুকলি কৰিবলৈ হাবি জংঘল পুৰিবলৈ জুইৰ ব্যৱহাৰ কৰিবলৈ শিকে। তেওঁলোকে দেখিছিল যে জুয়ে পোৰা মাটি কঠিন হয়। সেই পৰ্যবেক্ষণে তেওঁলোকক অনুপ্ৰাণিত কৰিছিল মাটিৰ পাত্ৰ গঢ়িবলৈ। এনেদৰে ক্ৰমান্বয়ে আমাৰ পূৰ্বপুৰুষ সকল সভ্যতাৰ জখলাৰে বগাই কাৰিকৰী দিশতো পাৰ্গত হৈ পৰিছিল। পিছলৈ ধাতুৰ আৱিষ্কাৰ হোৱাত, জুইৰ ব্যৱহাৰ দুগুণে চৰিল। তেওঁলোকে জুইৰ সহায়ত ধাতু গলাবলৈ শিকে আৰু ধাতুৰ অস্ত্ৰৰ লগতে বিভিন্ন পাত্ৰ আদি তৈয়াৰ কৰিবলৈ শিকে। শেহতীয়াকৈ প্ৰকাশিত Journal of Human Evolution নামৰ গৱেষণা গ্ৰন্থখনত বিজ্ঞানী সকলে প্ৰকাশ কৰা মতে প্ৰায় 2.8 মিলিয়ন বছৰ আগতে হোমো গণ (Genus- Homo)ৰ অন্তৰ্গত Homo habilis নামৰ আমাৰ পূৰ্বপুৰুষ সকলে সৰ্বপ্ৰথম জুইৰ বিষয়ে জ্ঞাত হৈছিল। কিন্তু 1.9 মিলিয়ন বছৰ আগেয়ে Homo erectus নামৰ আমাৰ পূৰ্বপুৰুষ সকলেহে জুইৰ প্ৰথম ব্যৱহাৰ শিকিছিল। আজিৰ পৰা প্ৰায় 1.5 মিলিয়ন বছৰ আগৰ Homo antecessor সকলে জুইৰ ব্যৱহাৰ কিছু বিস্তৃত ভাবে শিকিছিল আৰু 1.2 মিলিয়ন বছৰ আগতে মানুহ বা Homo sepiens সকল জুইৰ ব্যৱহাৰত পাকৈত হৈ পৰিছিল।

Sunday 17 July 2016

ফৰমেলিনেৰে সংৰক্ষণ কৰা মাছ আৰু আমাৰ স্বাস্থ্য


বজাৰত কিনিবলৈ পোৱা চালানী মাছবোৰ বহুদিনলৈ সতেজ কৰি ৰাখিবলৈ মাছ বেপাৰী সকলে বৰফ ব্যৱহাৰ কৰে বুলি আমি সকলোৱে জানো। মাছ বেপাৰী সকলে পিছে বৰফৰ উপৰিও মাছবোৰ সতেজ কৰি ৰাখিবলৈ ফৰমেলিন নামৰ এবিধ বিষাক্ত ৰসায়নিক পদাৰ্থও ব্যৱহাৰ কৰে। ফৰমেলদিহাইড বা মিথানালৰ 40% সংপৃক্ত দ্ৰৱণক ফৰমেলিন বোলা হয়। এই বিষাক্ত দ্ৰব্য বিধ সাধাৰণতে জীৱদেহৰ বিভিন্ন কলাৰ পৰা পানী শোষণ কৰাৰ লগতে বিষাক্ত অনুজীৱ যেনে বেক্টেৰীয়া আদি ধ্বংস কৰাত ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য যে আপেক্ষিক বা সম্পূৰ্ণ শুষ্ক অৱস্থাত থকা কোষ বা কলাত বেক্টেৰীয়া থাকিব নোৱাৰে আৰু সেয়েহে তেনে কলা সমূহ বহুদিন ভালে থাকে। উদাহৰণ স্বৰূপে শুকান ফলমূলৰ কথাটো মনলৈ আনিব পাৰে। বেক্টেৰীয়া সমূহ শীতল পৰিবেশতো প্ৰায় অক্ষম হৈ পৰে। সেয়ে শীতলীকৰণ যন্ত্ৰ বা ৰিফ্ৰিজেৰিটৰত খাদ্য বহুপৰ ভালে থাকে। মাছ বেপাৰী সকলে উপৰোক্ত দুয়োটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাছ সংৰক্ষণৰ বাবে বৰফৰ টুকুৰাবোৰত নিৰ্দিষ্ট পৰিমাণৰ ফৰমেলিন ছটিয়াই দিয়ে। এই ফৰমেলিনখিনি মাছৰ কলাতন্ত্ৰত প্ৰবেশ কৰে আৰু মাছবোৰ বহুদিনলৈ সতেজ কৰি ৰাখে। পিছে আমাৰ বাবে আটাইতকৈ ভয়াবহ কথাটো হ'ল, এই ফৰমেলিন যিহেতু বিষাক্ত পদাৰ্থ, এই পদাৰ্থ বিধ খাদ্য শৃংখলৰ মাধ্যমত আমাৰ দেহত প্ৰৱেশ কৰে আৰু শৰীৰত বিভিন্ন বিসংগতিৰ সৃষ্টি কৰে। বিজ্ঞানী সকলৰ মতে ফৰমেলিনে মানুহৰ খাদ্যনলী আৰু পাকস্থলীৰ কোমল কলা সমূহক ক্ষতিগ্ৰস্থ কৰে। ফৰমেলিনে সৃষ্টি কৰা ফৰমেলদিহাইড গেছে মানুহৰ মূূৰৰ বিষ সৃষ্টি কৰে। সঘনাই চালানী মাছ খোৱা সকলৰ দেহত "জৈৱ-বিবৰ্ধন" বা Biological Magnificationৰ বাবে ফৰমেলিনৰ মাত্রা বৃদ্ধি পায় আৰু তেনে লোকৰ পাকস্থলীত ঘাঁ হৈ তীব্ৰ বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞৰ মতে ইয়াৰ ফলত পাকস্থলীৰ ভিতৰত ৰক্তক্ষৰণ পৰ্যন্ত হ'ব পাৰে। মাত্ৰাধিক ফৰমেলিনে মানুহৰ বৃক্ক আৰু স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাব পেলায় আৰু মানুহৰ দেহত জটিল ব্যাধিৰ সৃষ্টি কৰিব পাৰে।

Saturday 9 July 2016

তিনিবাৰ সূর্যোদয়-সূর্যাস্ত হোৱা দৈত্যকায় গ্ৰহ আবিষ্কাৰ


পৃথিবীৰ পৰা 340 আলোকবর্ষ দূৰৰ এটি নতুন গ্রহৰ সন্ধান পাইছে মহাকাশ বিজ্ঞানীসকলে। এই গ্রহৰ আয়তন আমাৰ সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ চাৰি গুণ। এই গ্রহটোৰ বয়স অন্তত 1 কোটি 60 লাখ বছৰ। সেইদিশৰ পৰা এই গ্ৰহটো এতিয়ালৈকে আবিষ্কৃত আটাইতকৈ কম বয়সীয়া গ্রহ। আচৰিত হ'লেও সত্য যে এই গ্রহটোৱে তিনিটা নক্ষত্রক প্রদক্ষিণ কৰে। ফলস্বৰূপে প্ৰতি দিনে গ্ৰহটোৰ বুকুত তিনিবাৰ কৈ ‘সূর্যোদয়’ আৰু ‘সূর্যাস্ত’ হয়। মার্কিন যুক্তৰাষ্ট্ৰৰ এৰিযোনা বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে এই গ্রহটোৰ সন্ধান পাইছে। এই বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড্যানিয়েল এপাৰ মতে, সদ্য আবিষ্কৃত গ্রহটোোৰ নাম HD 131399 AB। গ্রহটোৰ আয়তন অনুসৰি ইয়াৰ ভৰো বৃহস্পতিকৈ চাৰি গুণ বেছি। এই গ্রহৰ তাপমাত্রা 580 ডিগ্রী চেলচিয়াছ। অৰ্থাৎ বাস্তবিকতে এই গ্ৰহটোত জীৱনৰ কোনো সম্ভাৱনা নাই। গবেষক দলটোৰ আন এজন সদস্য কেভিন ওৱাগনাৰৰ মতে গ্রহটোৰ পৰা বছৰৰ প্ৰতিটো মূহুৰ্ততেই তিনিওটা নক্ষত্র একেলগে দেখা যায়। উল্লেখযোগ্য যে পৃথিবীৰ হিচাপত 550 বছৰ এই নব্য আৱিষ্কৃত গ্ৰহটোৰ বাবে মাত্ৰ এক বছৰ !

Wednesday 6 July 2016

যিসকল বিজ্ঞানীৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাছিল


আজি বিজ্ঞানৰ প্ৰায় প্ৰতিটো পাততেই সততে পঢ়িবলৈ পোৱা বিভিন্ন বিজ্ঞান বিষয়ক আৱিষ্কাৰ সমূহৰ মূল হোতা কেইবাজনো বিজ্ঞানীয়ে বিদ্যালয় পৰ্যায়ৰ পঢ়াশুনাই সমাপ্ত কৰিব পৰা নাছিল। অথচ তেখেত সকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু একাগ্ৰতাৰ বাবে আজি তেওঁলোক একোজন নমস্য ব্যক্তি। তেনে কেইজনমান বিজ্ঞানী হ'ল: মাইকেল ফেৰাডে, টমাচ আলভা এডিচন, শ্ৰীনিবাস ৰামানুজন, উইলিয়াম হাৰ্চেল, গ্ৰেগৰ জোহান্স মেণ্ডেল।
বিদ্যালয়ত শব্দৰ প্ৰকৃত উচ্চাৰণ কৰিব নোৱাৰা বাবে শিক্ষকে মাইকেল ফেৰাডেক শাস্তি দিছিল আৰু তাৰবাবে তেওঁৰ আনুষ্ঠানিক শিক্ষা বিদ্যালয়ৰ নিম্ন শ্ৰেণীতেই সমাপ্ত হৈছিল।
টমাচ আলভা এডিচনক শিক্ষকে "ঘোলা কণী" বুলি মাতিছিল আৰু বিদ্যালয়লৈ আহিব নেলাগে বুলি এডিচনৰ ঘৰলৈ চিঠি লিখিছিল।
ভাৰতীয় গণিতজ্ঞ ৰামানুজনৰ কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাছিল, অথচ তেখেতে গণিতৰ জগতত আলোড়ন সৃষ্টি কৰিছিল।
ইউৰেনাচৰ আৱিষ্কাৰক উলিয়াম হাৰ্চেল আছিল এজন সংগীতজ্ঞ। তেখেতৰো নাছিল বিশ্ববিদ্যালয়ৰ কোনো সন্মানীয় ডিগ্ৰী, অথচ কোনো বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিব নোৱাৰা ইউৰেনাচ গ্ৰহটো এখেতেই আৱিষ্কাৰ কৰিছিল।
জোহান্স মেণ্ডেল আছিল মূলতঃ এজন ধৰ্ম যাজক। বিদ্যালয়ত শিক্ষক হ'বলৈ প্ৰয়োজনীয় যোগ্যতা নিৰূপক পৰীক্ষাত অনুতীৰ্ণ এইজন মেণ্ডেলেই বিশ্ববাসীক উপহাৰ স্বৰূপে দি থৈ গ'ল বংশগতি বিজ্ঞান যাৰ আলমত আজি গঢ় লৈ উঠিছে জিনীয় অভিযন্ত্ৰণৰ দৰে আধুনিক বিজ্ঞানৰ বিষয়বোৰ।
এনে অলেখ উদাহৰণ কিতাপৰ পাতে পাতে পঢ়িবলৈ পোৱা যায়।