Tuesday, 7 April 2026

আইনষ্টাইনৰ চুৰি হোৱা মগজুটো

 

থমাস হার্ভে। পেশাত তেওঁ এজন চিকিৎসাবিদ। ১৯৫৫ চনৰ এক মৃত্যুই তেওঁৰ জীৱন ধাৰাকেই সলনি কৰি পেলালে। সেই মৃত্যু পিছে কোনো সাধাৰণ লোকৰ নাছিল। সেই মৃত্যু আছিল বিজ্ঞানৰ ইতিহাস ওলট পালট কৰি দিয়া কিংবদন্তি বিজ্ঞানী আলবার্ট আইনষ্টাইনৰ। 

১৯৫৪ চনৰ পৰাই এলবাৰ্ট আইনষ্টাইনৰ পেটৰ বিষটো ক্ৰমে বেছি হৈ আহিছিল। মাজে সময়ে এই পেটৰ বিষটোৱে তেখেতক বৰকৈ আমনি দি আহিছিল। পিছে অধ্যয়ন আৰু ব্যস্ততাপূৰ্ণ দৈনিক কাৰ্যক্ৰমনিকাৰ বাবে আইনষ্টাইনে বিষটোক বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু বিষটো অসহ্যকৰ হৈ অহা বাবে তেওঁ স্থানীয় প্ৰিন্সটোন হস্পিতাললৈ ডাক্তৰৰ পৰামৰ্শ বিচাৰি গ'ল। 

পৰীক্ষা কৰি ডাক্তৰে বুজি পাইছিল যে পেটৰ বিষৰ কাৰণটো সাধাৰণ নহয়। বৰং আইনষ্টাইনৰ শৰীৰলৈ তেজ পৰিবাহী মূল সিৰাডালৰ নিম্ন অংশটো উখহি উঠিছে, যাৰ ফলত পেটৰ বিষ হোৱাৰ লগতে শৰীৰত তেজ পৰিবহনৰ ক্ষেত্ৰত জটিলতা আহিছে। চিকিৎসা বিজ্ঞানত এই ৰোগক abdominal aortic aneurysm বুলি কোৱা হয়। ডাক্তৰে চিকিৎসাৰ প্ৰাৰম্ভিক দায়িত্ব গ্ৰহন কৰি আইনষ্টাইনক খোৱা-বোৱা, নীতি-নিয়ম আদিবোৰ বুজাই দি দৰব পাতিবোৰ দিলে। 

আইনষ্টাইনে নীতি-নিয়ম ক'ত মানে ! ব্যস্ততাৰ বাবে সকলো পাহৰি থাকে। ক্ৰমান্বয়ে আইনষ্টাইনৰ ৰোগটো বেছি হৈ আহিব ধৰিলে। বন্ধু বান্ধৱসকলে তেওঁক উন্নত চিকিৎসাৰ বাবে খাটনি ধৰিলে। পিছে আইনষ্টাইন নাচোৰবান্দা। চিকিৎসাৰ বাবে বাহিৰলৈ গ'লে তেওঁৰ আধৰুৱা হৈ থকা কামবোৰ কেনেকৈ সম্পূৰ্ণ হ'ব ! 

এনেদৰেই কিছুদিন পাৰ হ'ল। বিষটোৱে আইষ্টাইনক উঠা বহাৰ ক্ষেত্ৰটো কষ্ট দিবলৈ আৰম্ভ কৰাত তেওঁ পুনৰ প্ৰিন্সটোন হস্পিতাললৈ গ'ল। এইবাৰ ডাক্তৰে তেওঁক হস্পিতালত ভৰ্তি হ'বলৈ পৰামৰ্শ দিলে। যন্ত্ৰণাত ইচাটি বিচাটি কৰি থকা আইনষ্টাইনে উপায়ন্তৰ হৈ ডাক্তৰৰ কথা মতেই হস্পিতালত ভৰ্তি হ'ল। চিকিৎসা আৰম্ভ হ'ল। কেইদিনমান অপেক্ষা কৰাৰ পিছতো দৰৱ পাতিবোৰে লক্ষনীয় ভাবে একো কাম নকৰাত ডাক্তৰে আইনষ্টাইনক ক'লে : মহাশয়, আপোনাৰ ৰোগটোৱে জটিল ৰূপ লৈছে। সেয়েহে দৰবে বিশেষ কাম দিয়া নাই। শীঘ্ৰে আৰোগ্য লাভৰ বাবে আপোনাৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।

কিছু বিৰক্তিৰে মুৰটো জোকাৰি আইনষ্টাইনে ক'বলৈ ধৰিলে : তোমালোকে মোক ধৰি ৰাখিব বিচাৰিছা। মই মোৰ ইচ্ছানুসৰি পৃথিৱীৰ পৰা আঁতৰি যাবলৈ পালে ভাল পাম। কৃত্ৰিমভাৱে জীয়াই থাকি মই জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰিম। মই যদি যাবই লাগে গুছি যামগৈ, কিয়নো মোৰ কৰণীয় কামবোৰ ইতিমধ্যে কৰিয়েই পেলাইছো। মই হাঁহি মুখেৰেই গুছি যামগৈ ডাক্তৰ। এতিয়া অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। 

১৭ এপ্ৰিল, ১৯৫৫। প্ৰিন্সটন হস্পিতালৰ বিচনাত চিৎকাৰ কৰি উঠিল বিজ্ঞানী আইনষ্টাইন। দৌৰি আহিল কৰ্তব্যৰত নাৰ্চ আৰু ডাক্তৰবোৰ। ততাতৈয়াকৈ আইনষ্টাইনক জৰুৰী বিভাগলৈ স্থানান্তৰ কৰা হ'ল। পৰীক্ষা কৰি গ'ম পোৱা গ'ল যে আইনষ্টাইনৰ তলপেটৰ ওচৰত abdominal aortic aneurysmত আক্ৰান্ত ৰক্তবাহী সিৰাডাল ফাটি প্ৰচুৰভাবে আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈছে। ডাক্তৰসকল অসহায় হৈ পৰিল। কোনো প্ৰকাৰেই যে চিকিৎসা বিজ্ঞানে একো কৰিব নোৱাৰে…!

১৮ এপ্ৰিল, ১৯৫৫। সময় ৰাতিপুৱা। হস্পিতালৰ কোঠাটোত এগৰাকী নাৰ্চ আৰু ওচৰৰে বিচনাখনত অসুস্থ এলবাৰ্ট আইনষ্টাইন সাৰসুৰ নোহোৱাকৈ শুই আছে। আচলতে বিষ নিৰাময় আৰু টোপনি আহিবলৈ দিয়া ইঞ্জেকচনৰ বাবে তেওঁ টোপনিৰ কোলাত ঢলি পৰিছিল। নাৰ্চ গৰাকীয়ে মন কৰিলে যে আইনষ্টাইনে হাতেৰে কিবা ইংগিত দিব বিচাৰিছে। কথাটো অনুধাৱন কৰিবলৈ তেওঁ আইনষ্টাইনৰ ওচৰলৈ আগবাঢ়ি আহিল। এনেতে জাৰ্মান ভাষাত আইনষ্টাইনে বিৰবিৰকৈ কিবা এটা ক'লে। আমেৰিকান নাৰ্চ গৰাকীয়ে জাৰ্মান বুজি নোপোৱা বাবে এখন্তেক বাহিৰলৈ ওলাই আন কাৰোবাক মাতি অনাৰ কথা ভাবিলে। তেওঁ আকৌ আইনষ্টাইনৰ মুখলৈ চালে। নাই, চকু দুটা মুদি আইনষ্টাইন শুই আছে। 

: May I help you sir ? - নাৰ্চ গৰাকীয়ে সুধিলে।

আইনষ্টাইনৰ পৰা কোনো উত্তৰ নাহিল। তেওঁ কথাষাৰ আকৌ এবাৰ সুধিলে। এইবাৰো প্ৰত্যুত্তৰ নাহিল। সন্দেহবশতঃ নাৰ্চ গৰাকীয়ে আগবাঢ়ি আহি আইনষ্টাইনৰ হাতখনৰ নাড়ী পৰীক্ষা কৰিলে। শান্ত, সৌম্য ভাৱে শুই থকা আইনষ্টাইনৰ নাড়ীৰ স্পন্দন ইতিমধ্যে বন্ধ হৈ গৈছিল। বিশ্বৰ আটাইতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহজন যেন মূহুৰ্তৰ ভিতৰতেই হেৰাই গ'ল এক প্ৰহেলিকাৰ দৰে।

সিদিনা লোকে লোকাৰণ্য হৈ পৰিছিল প্ৰিন্সটন চিকিৎসালয়ৰ প্রাঙ্গণ। ভক্ত, সাংবাদিক, কেমেৰা মেনৰ ভিৰত ভৰি থ'বলৈও যেন ক'তো ঠাই নাই ! ইতিমধ্যে আইনষ্টাইনৰ নশ্বৰ দেহ মর্গলৈ স্থানান্তৰিত কৰা হৈছিল। পোষ্টমর্টেমৰ দায়িত্ব দিয়া হ'ল ডা° থমাস হার্ভেক। পোষ্টমর্টেমৰ টেবুলত আইনষ্টাইনৰ নশ্বৰ দেহৰ ওপৰত চুৰীৰে ছেদ কৰি থকাৰ সময়তেই ডা° হাৰ্ভেৰ মনলৈ আহে এক অদ্ভূত চিন্তা। আগ পিছ একো নেভাবি তেওঁ আইনষ্টাইনৰ শৱদেহ ব্যবচ্ছেদৰ সময়তেই বিজ্ঞানীজনৰ মগজুটো লাওখোলাৰ পৰা উলিয়াই আনি সংগোপনে এটা আইনাৰ বিশেষ বটলত সংৰক্ষণ কৰি ৰাখিলে। কামটো তেওঁ ইমান সংগোপনে সমাধা কৰে যে চিকিৎসালয়ৰ কৰ্মকৰ্তা আনকি আইনষ্টাইনৰ পৰিয়ালৰ কোনো লোকেও ইয়াৰ বিষয়ে একো গমকেই নেপালে। 

https://youtu.be/W9YwPZe3SQk?si=L9golzGsXdp-feVv

ডা° হার্ভেৰ মনত এটা চিন্তাই বাঁহ লৈছিল। এনেকুৱা কি আছে আইনষ্টাইনৰ মগজুটোত, যাৰ বাবে আইনষ্টাইন বিশ্বৰ কৌটি কৌটি মানুহৰ মাজত তেওঁ এজন অসাধাৰণ প্ৰতিভা সম্পন্ন ব্যক্তি হিচাবে পৰিগণিত হৈছিল !! 

তাৰ কিছুদিন পিছত ডা° হার্ভেই অতি সংগোপনে আইনষ্টাইনৰ মস্তিষ্কটা বিশেষ আইনাৰ বটলটোৰ সৈতে প্রিন্সটন হস্পিতালৰ পৰা নিজৰ বাসগৃহলৈ লৈ আনি এটা বাকচৰ ভিতৰত ভৰাই তলা লগাই থৈ দিলে। ইতিমধ্যে প্রিন্সটন হস্পিতালৰ এগৰাকী নাৰ্চৰ লগত ডা° হাৰ্ভেৰ এটা নিবিড় সম্পর্কৰ কথা চৰ্চালৈ আহে। সেই চৰ্চাৰ আলম লৈ হস্পিতাল কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে। তাৰ কেইদিনমান পিছতেই কেনেবাকৈ আইনষ্টাইনৰ মগজুটো চুৰি হোৱাৰ কথাটো ৰাজহুৱা হৈ পৰে। মূহুৰ্তৰ ভিতৰতে যেন ডা° হাৰ্ভেও লোকচক্ষুৰ পৰা অদৃশ্য হৈ গ'ল। হঠাৎ তেওঁ ক'লৈ গুছি গ'ল কোনেও গমকেই নেপালে।

সেয়া ১৯৭৮ চনৰ কথা। ইতিমধ্যে সুদীর্ঘ ২৩ বছৰ পাৰ হৈ গৈছে আইনষ্টাইনৰ পৰলোক প্ৰাপ্তি হোৱাৰ। মানুহে ডা° হার্ভেৰ কথা লাহে লাহে পাহৰি পেলাইছিল। মানুহে বিজ্ঞানী আইনষ্টাইনৰ চুৰি হোৱা মগজুটোৰ কথাও যেন পাহৰি পেলাইছিল !! তেনেতেই "নিউ জাৰ্চি মান্থলি" নামৰ এখন বাতৰি কাকতত ষ্টিভেন লেভী নামৰ এজন সাংবাদিকে ডা° থমাস হার্ভেক বিচাৰি পোৱাৰ লগতে বিজ্ঞানী আইনষ্টাইনৰ চুৰি হোৱা মগজুটোৰ সন্ধান পোৱা বুলি সংবাদ পৰিবেশন কৰে। সংবাদটোত তেওঁ যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিৰ পৰা ১২০০ কিঃমিঃ আঁতৰৰ ওৱাইচিটা নামৰ এখন সৰু চহৰত ডা° হাৰ্ভে পেথ'লজিকেল লেব'ৰটৰীৰ ব্যৱসায়ত জড়িত হৈ থকাৰ কথা উল্ল্যেখ কৰে। তেওঁ ডা° হাৰ্ভেৰ লগত ব্যক্তিগত ভাৱে কথা পতাৰ লগতে আইনষ্টাইনৰ মগজুৰ প্ৰসংগটো লৈ প্ৰশ্ন কৰাত হাৰ্ভেই লেব'ৰটৰীৰ এচুকত পৰি থকা এটা আইনাৰ বটল দেখুৱাইছিল বুলি সংবাদটোত উল্ল্যেখ কৰিছিল।

সংবাদটোৱে জনসাধাৰণৰ লগতে বিজ্ঞানীমহলতো তোলপাৰ লগাই দিলে। বহুতো বিজ্ঞানীয়ে আইনষ্টাইনৰ মগজুটোৰ ওপৰত গৱেষণা কৰাৰ ইচ্ছা প্রকাশ কৰে। দুই এজন বিজ্ঞানীয়ে ব্যক্তিগত ভাৱে সাংবাদিক ষ্টিভেন লেভীৰ লগতো যোগাযোগ কৰে। জনসাধাৰণে ডা° হাৰ্ভেক বিভিন্ন মাধ্যমেৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে। সকলোৰে উদ্দেশ্য আছিল এইটো যে বিগত ২৩ টা বছৰত হাৰ্ভেই আইনষ্টাইনৰ মগজুটোৰ ওপৰত কিবা গৱেষণা কৰিছিল নেকি? যদিহে কৰিছিল তেন্তে কেনে ধৰণৰ তথ্য তেওঁৰ হাতত মজুত আছে…। 

ডা° হার্ভেই সকলোকে ধৈর্য ধৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল যে সময় হলেই তেওঁ সকলো তথ্য সদৰী কৰিব। সময় গৈ থাকিল। কিন্তু হাৰ্ভেই কোনো তথ্য দিব নোৱাৰিলে। হাৰ্ভেই চেষ্টা কৰিছিল। মগজুটোৰ ওজন লৈছিল, ছৱি তুলিছিল, মগজুটো কাটি সৰু সৰু ২৪০টা টুকুৰাৰ অনুবীক্ষণীয় স্লাইড বনাই পৰ্যবেক্ষণো কৰিছিল। কেইজনমান বিজ্ঞানীয়েও এনে অনুবীক্ষণীয় স্লাইড গৱেষণাৰ বাবে হাৰ্ভেৰ পৰা সংগ্ৰহ কৰিছিল। কিন্তু শেষ পর্যন্ত ডা° হাৰ্ভে বা আন বিজ্ঞানীসকলে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে। সুদীর্ঘ ৪৩ বছৰ হাৰ্ভেই আইনষ্টাইনৰ মগজুটো লৈ ঘূৰি ফুৰিছিল। অৱশেষত বার্ধক্যৰ ওচৰত তেওঁ হাৰ মানিবলৈ বাধ্য হ'ল।

১৯৯৮ চনত তেওঁ আইনষ্টাইনৰ মগজুটোক প্রিন্সটন হস্পিতাল কৰ্তৃপক্ষক পুনৰ ওভটাই দিয়াৰ কথা চিন্তা কৰে।সেই মৰ্মে তেওঁ হস্পিতাল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে। হস্পিতাল কৰ্তৃপক্ষই ডা° হাৰ্ভেৰ এই সিদ্ধান্তক আদৰণি জনায়। সেই মৰ্মে ডা° থমাচ হাৰ্ভেই ১৯৯৮ চনৰ এপ্ৰিল মাহত প্ৰিন্সটন হস্পিতালৰ মূখ্য পেথ'লজিস্ট ডা° এলিয়ট ক্লাউছৰ হাতত আনুস্থানিক ভাৱে আইনষ্টাইনৰ মগজুটো হস্তান্তৰ কৰে। বৰ্তমান বিজ্ঞানী আইনষ্টাইনৰ মগজুটো পেঞ্চিলভেনিয়াৰ এটা মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে।


Friday, 3 April 2026

Edison's Last Breath

 


১৯৩১ চনৰ শৰৎকাল। আমেৰিকাৰ নিউ-জাৰ্ছীৰ West Orange নামৰ এখন শান্ত, নীৰৱ চহৰ। সেই চহৰ খনতেেই শুই আছিল এজন লোক, যিজনে পৃথিৱীৰ এন্ধাৰ আঁতৰাই পোহৰ আনিছিল। সেইজনেই আছিল Thomas Edison।

যিজনে মানুহে নিজৰ আৱিষ্কাৰেৰে যেনে ইলেক্ট্ৰিক বাল্ব, ফোনোগ্ৰাফ, চলচিত্ৰ আদিৰে মানুহৰ জীৱন সলনি কৰি পেলাইছিল, আজি, সেই মহান আৱিষ্কাৰক জনেই নিজৰ জীৱনৰ শেষ অন্তিম ক্ষণত উপনীত হৈছিল। সময় যেন লাহে লাহে থমকি ৰৈছিল।

এটা নীৰৱ কোঠাত শয্যাশায়ী হৈ জীৱনৰ অন্তিম ক্ষণলৈ অপেক্ষা কৰি আছিল এডিচনে। ঘৰটোৰ পৰিবেশ অতি শান্ত। পৰিয়ালৰ মানুহবোৰ নিস্তব্ধ হৈ বহি আছে। সকলোৰে মুখত উদ্বেগৰ ছাপ। ঘৰটোৰ বাহিৰতো গুণমুগ্ধ লোক, সাংবাদিক, ফটোগ্ৰাফাৰ আদিয়ে গিজগিজাই আছে। সকলোৰে চকুত উদ্বেগ আৰু বেদনাৰ চিন।

এডিচনৰ এই অৱস্থা দেখি বৰকৈ ব্যাথিত হৈ পৰিছিল এসময়ত তেওঁৰ অধীনত কাম কৰা স্বনামধন্য বিজ্ঞানী হেনৰি ফ'ৰ্ড। পিছলৈ তেওঁ এডিচনৰ সকলোতকৈ প্ৰিয় বন্ধু হৈ পৰিছিল। হেনৰী ফ'ৰ্ডে এডিচনক হেৰুৱাবলৈ যেন মুঠেও প্ৰস্তুত নাছিল। সেয়ে এদিন তেওঁ টমাচ এলভা এডিচনৰ পুত্ৰ চাৰ্লচ এডিচনক মতাই আনি এক অদ্ভুত প্ৰস্তাৱ দাঙি ধৰিলে। 

তেওঁ চাৰ্লছৰ হাতত কেইটামান খালী টেষ্ট টিউব দি ক'লে : চাৰ্লছ, তুমি তোমাৰ পিতৃৰ অন্তিমটো শ্বাস এই টেষ্টটিউবৰ ভিতৰত ধৰি ৰাখি টেষ্টটিউবকেইটা মোক ওভটাই দিব লাগিব। তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ এই অন্তিম শ্বাসটো মোৰ জীৱনৰ এক প্ৰেৰণা হৈ ৰ'ব। 

এডিচন মধুমেহ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈছিল। লাহে লাহে তেওঁৰ শৰীৰৰ অৱস্থা বেছি বেয়ালৈ ঢাল খাইছিল। চিকিৎসকৰ মতে এয়া তেওঁৰ অন্তিম সময়। পৰিয়ালৰ মানুহবোৰ আহি গোট খাইছেহি। কাৰণ, তেওঁলোক সকলোৱেই এইটো গম পাইছিল যে মহান বিজ্ঞানী এডিচনে জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্যৰ "মৃত্যু"ৰ সতে হয়তো আৰু বেছি যুঁজিব নোৱাৰিব।

ইতিমধ্যে এডিচনৰ শয্যাৰ কাষৰ এখন টেবুলত কিছুমান সৰু সৰু টেষ্টটিউৱ ৰাখি থোৱা হৈছিল। একো একোটা সাধাৰণ কাঁচৰ টিউৱ। কিন্তু সেইবোৰৰ ভিতৰত এটা অসাধাৰণ মুহূৰ্ত ধৰি ৰাখিবলৈ ইতিমধ্যে সাজু হৈ ৰৈছিল এডিচনৰ পুত্ৰ চাৰ্লছ আৰু এডিচনৰ চিকিৎসক। 

১৮ অক্টোৱৰ, ১৯৩১ চনৰ এটা দুপৰীয়া। এডিচনৰ নিশ্বাসবোৰ লাহে লাহে ক্ষীণ হৈ আহিছিল। কোঠাটো একেবাৰেই নিৰৱ হৈ পৰিছিল। আত্মীয় স্বজন আৰু গুণমুগ্ধ সকলৰ দুচকুত বিষাদৰ ছাঁ। কিছুপৰৰ অস্বস্তিকৰ নীৰৱতাৰ পিছত যেতিয়া এডিচনৰ দেহটো প্ৰায় অসাৰ হৈ আহিছিল, তেতিয়াই চাৰ্লছ আৰু চিকিৎসকজনে এটা টেষ্টটিউৱ এডিচনৰ মুখৰ ওচৰত দাঙি ধৰি এডিচনৰ অন্তিমটো নিশ্বাস সংগ্ৰহ কৰি টেষ্টটিউৱটোৰ মুখখন বন্ধ কৰি দিলে। তেওঁলোকে এনেদৰে ৮টা টেষ্টটিউৱ ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ চিল কৰি সংৰক্ষণ কৰিছিল।

সেই সময়ত এনে লাগিছিল যেন তেওঁলোকে টিউৱবোৰৰ ভিতৰত কেৱল বায়ু নহয়, এজন মহান বিজ্ঞানীৰ জীৱনৰ কিবা এটা অদৃশ্য অংশ সংৰক্ষণ কৰি পেলালে।

এডিচন গ'লগৈ। কিন্ত, সযতনে সংগ্ৰহ কৰি ৰখা এডিচনৰ অন্তিমটো শ্বাসৰ টেষ্টটিউৱবোৰ তেওঁৰ প্ৰাণৰ বন্ধু হেনৰী ফ'ৰ্ডৰ ঘৰলৈ পঠিওৱা হ'ল। হেনৰি ফৰ্ডে এই টেষ্টটিউৱবোৰ নিজৰ ব্যক্তিগত সংগ্ৰহত বহু বছৰ ধৰি ৰাখিছিল। পিছলৈ এই ঐতিহাসিক টেষ্টটিউৱবোৰ Henry Ford Museum of American Innovation লৈ স্থানান্তৰ কৰা হয়। 

বৰ্তমান এডিচনৰ অন্তিম শ্বাসটো সংৰক্ষণ কৰি ৰখা এই টেষ্টটিউৱটো চাবলৈ সমগ্ৰ বিশ্বৰ মানুহে ভিৰ কৰেহি। যিজন ব্যক্তিয়ে সমগ্ৰ পৃথিৱীখন পোহৰাই পোহৰাই তুলিছিল, তেৱো মৃত্যুৰ ৰহস্য ভেদ কৰিব নোৱাৰি কোনো অজানতিমুলুকৰ এখন অন্ধকাৰ দেশলৈ গুছি গ'ল, কিন্তু এৰি থৈ গ’ল—

এটা নিশ্বাস, কিছু অনুভূতি, আৰু এটা কাঁচৰ টিউবত বন্ধ হৈ থকা অনন্ত ৰহস্য…

https://youtu.be/ChxLMVi2Y_w?si=ikXJiY1lT9JcoDA_