Saturday 30 May 2020

সীমিত গতি আৰু অসীমৰ ঠিকনা


সূৰ্যৰ পিছতেই আমাৰ সকলোতকৈ ওচৰৰ নক্ষত্রটো হ'ল প্রক্সিমা ছেণ্টাৰাই (ছেঞ্চুৰী) যাৰ দূৰত্ব আমাৰ পৃথিৱীখনৰ পৰা ৪.২২ আলোকবর্ষ। অৰ্থাৎ প্রক্সিমা ছেণ্টাৰাইৰ পৰা একাজলি পোহৰ আহি আমাৰ চকুত ধৰা পৰিবলৈ সময় লাগিব ৪.২২ বছৰ। একেদৰেই আমি যদি পোহৰৰ বেগত যাব পৰা কোনো মহাকাশযানেৰে সূর্যৰ নিকটৱর্তী এই নক্ষত্রটোলৈ যাব বিচাৰো, তেন্তে তাত উপস্থিত হ'বলৈ আমাক সময় লাগিব ৪.২২ বছৰ।

আধুনিক পদার্থ বিজ্ঞানৰ প্ৰসাৰতাৰ কথা বিবেচনা কৰি আমি এটা আশা কৰিব পাৰো যে, মানুহৰ দ্বাৰা তৈয়াৰী মহাকাশযান নিশ্চয় এদিন আন্ত নাক্ষত্ৰিক পৰিভ্রমণ কৰাৰ বাবে সাজু হৈ উঠিব। সিদিনা হয়তো দুৰস্থিত কোনো নক্ষত্ৰৰ চৌপাশে ঘূৰি থকা গ্ৰহ এটাৰ বুকুৰ পৰা পৃথিৱীৰ ছবি তথ্য হিচাবে আমাৰ পৃথিৱীলৈ আহিব। কিন্তু এয়া বাৰু সম্ভৱ হৈ উঠিবনে? কাৰণ কোনো মানুহ যদি অন্য এক নক্ষত্ৰ জগতলৈ যাব বিচাৰে, তেন্তে সেই মানুহজন প্ৰথমেই অমৰ হ'ব লাগিব। কিন্তু কিয়?

এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ আগতেই আন এটি প্ৰশ্নই আমাক জোকাৰি যাব - আমি কি সঁচাকৈয়ে পোহৰৰ গতিৰে মহাবিশ্বৰ বুকুত পৰিভ্রমণ কৰিব পাৰিম? প্ৰতি ছেকেণ্ডত পোহৰৰ দৰেই প্রায় তিন লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাতো কি সহজ কথা? এই গতিত পৰিভ্ৰমণ কৰিব পাৰিলে আমি মাত্র এক ছেকেণ্ডতেই প্ৰায় সাতবাৰ পৃথিৱীৰ চৌদিশে প্রদক্ষিণ কৰিব পাৰিম !

মানুহে সজা বন্দুকৰ গুলী এটাৰ বায়ুত সর্বোচ্চ বেগ ১৫০০ মিটাৰ/ছেকেণ্ড। অৰ্থাৎ বন্দুকৰ গুলী এটাই প্ৰতি ছেকেণ্ডত প্ৰায় ১.৫ কিলোমিটাৰ দুৰ অতিক্ৰম কৰিব পাৰে। সেইদৰে মানৱ নিৰ্মিত ভয়েজাৰ-১ নামৰ মকাশযানখনৰ গতিবেগ প্ৰতি ছেকেণ্ডত প্ৰায় ১৭ কিলোমিটাৰ ! আচৰিত নহ'ব, আমি বাসকৰা পৃথিৱীখনেও সূর্যৰ চৌদিশে কক্ষপথত প্ৰতি ছেকেণ্ডত প্ৰায় ৩০ কিলোমিটাৰকৈ দুৰত্ব অতিক্ৰম কৰি আছে। মানুহে সাজি উলিওৱা সবাতোকৈ দ্ৰুত বেগ সম্পন্ন হিলিয়াছ-২ নামৰ "ছোলাৰ প্রোব"টোৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৭০ কিলোমিটাৰ মাত্ৰ। অথচ পোহৰৰ গতিবেগ হ'ল প্ৰতি ছেকেণ্ডত ৩ লাখ কিলোমিটাৰ !

তেনেক্ষেত্ৰত আজি পর্যন্ত মানুহে তৈয়াৰ কৰা সবাতোকৈ দ্ৰুত বেগ সম্পন্ন হিলিয়াছ-২ নামৰ ছোলাৰ প্রোবটোৰ গতিতো যদি আমি আন্ত নাক্ষত্রিক পৰিভ্রমণ কৰাৰ কথা বিবেচনা কৰো, তেন্তে আমাৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ প্রক্সিমা ছেণ্টাৰাইলৈ যাবলৈয়ে আমাক সময় লাগিব প্ৰায় ১৯ হেজাৰ বছৰ !! আৰু উভতি আহিবলৈ পুনৰ ১৯০০০ বছৰ। অর্থাৎ মানুহৰ পক্ষে তেওঁৰ জীৱনকালত এই দূৰত্ব অতিক্রম কৰাতো কেতিয়াও সম্ভব নহয়। যদিহে এয়া সম্ভৱ কৰিব লাগে, তেন্তে নিশ্চিত ভাবেই মানুহে প্ৰথমতেই পাব লাগিব অমৰত্ব। আগন্তুক সময়চোৱাত বিজ্ঞানীসকলে আন্ত নাক্ষত্ৰিক পৰিভ্ৰমণৰ বাবে কেনে বাস্তৱসন্মত পৰিকল্পনা গ্ৰহণ কৰে সেয়ে নিসন্দেহে এক লক্ষ্যণীয় বিষয় হ'ব।

Monday 25 May 2020

দুৰ্বল হৈ অহা পৃথিৱীৰ চুম্বকক্ষেত্ৰখন


সমগ্ৰ মহাবিশ্বতেই বিভিন্ন মহাজাগতিক ৰশ্মিৰ বিকিৰণ হৈ আহিছে অহৰহ। এই মহাজাগতিক ৰশ্মিবোৰৰ বেছি ভাগেই কিন্তু সমস্ত জীৱকুলৰ বাবে প্রাণঘাতী। তথাপিও বাৰু পৃথিৱীখনত সমগ্ৰ জীৱকুল কেনেদৰে সুকলমে জীয়াই আছে? ইয়াৰ প্ৰধান কাৰণ হ'ল ক্ষতিকাৰক এই মহাজাগতিক ৰশ্মিবোৰ পৃথিবীৰ বাতাবৰণত প্রৱেশই কৰিব নোৱাৰে। এই ক্ষতিকাৰক ৰশ্মিবোৰক বাধা দিবলৈ আমাৰ পৃথিৱীৰ আছে এক শক্তিশালী কৱচ, যাৰ নাম পৃথিৱীৰ চুম্বকক্ষেত্র। কিন্তু এই ৰক্ষাকাৰী কৱচ স্বৰূপ পৃথিৱীৰ চৌদিশৰ চুম্বকক্ষেত্ৰখনেই এতিয়া দিনে দিনে দুর্বল হৈ পৰিছে!

ইউৰোপিয়ান স্পেছ এজেঞ্চিৰ উচ্চ প্রযুক্তিসম্পন্ন তিনিটা কৃত্ৰিম উপগ্ৰহই বিগত ২০১৩ চনৰ পৰাই পৃথিৱীৰ আশপাশে কক্ষপথত ঘূর্ণীয়মান নক্ষত্রপুঞ্জবোৰৰ লগত পৃথিৱীৰ আকর্ষণ আৰু বিকর্ষণ বলৰ তথ্য প্ৰদান কৰি আহিছে। এই তথ্য সমূহৰ আধাৰতেই ইউৰোপিয়ান স্পেছ এজেঞ্চিৰ বিজ্ঞানীসকলে পৃথিৱীৰ সমুদ্রতলৰ বিভিন্ন স্থানত ভূচুম্বকীয় বলৰেখাবোৰৰ পৰিমাপ নিৰ্ধাৰণ কৰি আহিছে।

২০২০ চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ  বিজ্ঞানী সকলে চলোৱা গৱেষণাত আকস্মিক ভাৱে ধৰা পৰে যে বিগত সময়চোৱাত পৃথিবীৰ  চৌম্বক ক্ষেত্রখনৰ কিছু অংশ ধীৰে ধীৰে দুর্বল হৈ আহিছে। ইউৰোপিয়ান মহাকাশ সংস্থাৰ বিজ্ঞানী সকলে জনাইছে যে আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন স্থানৰ লগতে দক্ষিণ আটলান্টিক মহাসাগৰৰ বিভিন্ন স্থানত ইতিমধ্যে ভূচুম্বকীয় বলৰেখাবোৰ বিশেষ ভাবে দুর্বল হৈ পৰিছে। তেওঁলোকৰ মতে এই স্থান সমূহত পৃথিৱীৰ চৌম্বকক্ষেত্রৰ শক্তি ইয়াৰ স্বাভাৱিক মান ২৪,০০০ নেন'টেছলাৰ পৰা কমি ২২,০০০ নেন'টেছলা হৈছে। তাতকৈয়ো গুৰুতৰ কথাটো হ'ল, বিগত তিনিটা বছৰত গড় হিচাবে প্রতি বছৰত প্ৰায় ৪০০ বৰ্গ কিলোমিটাৰ দুৰত্বলৈ চৌম্বকক্ষেত্রৰ দুর্বলতা ক্ৰমে বাঢ়ি আহিছে।

হয়তো মনলৈ এটা প্ৰশ্ন আহিছে - পৃথিৱীৰ চুম্বকক্ষেত্ৰ কি ? আমি সকলোৱেই জানো যে ভূপৃষ্ঠৰ অভ্যন্তৰত গলিত লাভা আছে আৰু এই গলিত লাভাবোৰ লো আদি বিভিন্ন ধাতু তথা ধাতবীয় খনিজ পদার্থৰে গঢ়া। ভূগৰ্ভৰ প্রচণ্ড উত্তাপ আৰু চাপৰ প্ৰভাৱত এই ধাতু বা ধাতবীয় যৌগবোৰ গলিত হৈ ভাসমান অবস্থাত আছে। ভূপৃষ্টৰ পৰা প্রায় ৩০০০ কিলোমিটাৰ তলত এই গলিত লৌহ জাতীয় পদাৰ্থবোৰ কিন্তু একেঠাইতে স্থিৰে থাকিব নোৱাৰে। বৰং পৃথিৱীৰ অতি দ্ৰুত হাৰত হোৱা ঘূৰ্ণনৰ বাবে এই গলিত লাভাবোৰো পৃথিৱীৰ আভ্যন্তৰত অতিশয় গতিশীল হৈ থাকে। ভূগৰ্ভত থকা এই গলিত লৌহ জাতীয় পদাৰ্থবোৰৰ গতিশীলতাৰ বাবেই পৃথিৱীৰ চৌদিশে এখন চৌম্বকক্ষেত্র সৃষ্টি হয়। আৰু এই চৌম্বক্ষেত্ৰখনেই সূৰ্যৰ পৰা অহা ক্ষতিকাৰক বিকিৰণৰ লগতে বিভিন্ন মহাজাগতিক ৰশ্মিবোৰৰ পৰা আমাৰ পৃথিৱীখনক সুৰক্ষা প্ৰদান কৰি আহিছে, থিক যেনেদৰে বায়ুমণ্ডলৰ অজ'ন স্তৰে আমাক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা বচাই আহিছে।

বিজ্ঞানীসকলৰ মতে চৌম্বকক্ষেত্র এখন যিমানেই শক্তিশালী হয়, সিমানেই ক্ষতিকাৰক বিকিৰণক বাধা প্ৰদান কৰাত ই সক্ষম হয়। কিন্তু চিন্তাৰ বিষয় এই যে দক্ষিণ আটলান্টিক মহাসাগৰ প্ৰমুখ্যে আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত বিগত তিনিটা বছৰত পৃথিৱীৰ চুম্বকক্ষেত্ৰখন বাৰুকৈয়ে দুৰ্বল হৈ পৰিছে। ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানী সকল বৰ্তমান চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হোৱাৰ প্ৰকৃত কাৰণ জানিবৰ বাবে ভূগর্ভৰ সমস্ত গলিত লাভাৰ চালচলন আৰু ইয়াৰ বিভিন্ন পৰিবর্তনবোৰ বুজিবলৈ গৱেষণা আৰম্ভ কৰিছে।

বিজ্ঞানীসকলৰ মতে পৃথিবীৰ চৌম্বকক্ষেত্র দুর্বল হোৱাৰ অন্যতম এটা কাৰণ হ'ল পৃথিবীৰ চুম্বকীয় মেৰু পৰিবর্তন। পৃথিবীৰ চুম্বকীয় উত্তৰ আৰু দক্ষিণ মেৰুৱে সময়ে সময়ে নিজৰ স্থান পৰিবৰ্তন কৰে। প্ৰায় ২.৫ লাখ বছৰৰ মুৰে মুৰে এনেদৰে পৃথিবীৰ চুম্বকীয় মেৰু পৰিবর্তন হোৱাতো এক স্বাভাৱিক প্ৰক্ৰিয়া। এইখিনিতেই উল্ল্যেখ কৰা উচিত যে পৃথিৱীৰ উত্তৰ মেৰু আৰু ভূচুম্বকীয় উত্তৰ মেৰু একে নহয়। এই চুম্বকীয় মেৰু পৰিবর্তনৰ ফলত বিভিন্ন  ক্ষতিকাৰক মহাজাগতিক ৰশ্মিবোৰ পৃথিবীৰ বাতাৰণত সহজেই প্ৰবেশ কৰিব পাৰে। আৰু ই সমস্ত জীৱকুলৰ বাবেই এক ভয়াবহ মহাজাগতিক অভিশাপ হৈ পৰিব পাৰে। তদুপৰি ইয়াৰ ফলত বিভিন্ন কৃত্ৰিম উপগ্রহবোৰো অকামিলা হৈ সমস্ত যোগাযোগ ব্যৱস্থাটোৱেই স্থৱিৰ কৰি তুলিব পাৰে। যাৰ ফলত টেলিকম নেটৱর্ক, মোবাইল ফোন, বতৰ বিজ্ঞান, দুৰসংবেদন, উৰাজাহাজৰ চলাচল আদি বাৰুকৈয়ে প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে।


অৱশ্যে এটা কথা সঁচা যে পৃথিৱীৰ চুম্বকীয় উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ স্থান পৰিবর্তন এক অতি লেহেমীয়া প্ৰক্ৰিয়া আৰু ইয়াক পূৰ্ণ হ'বলৈ আৰু বহুত সময়ৰ প্ৰয়োজন হ'ব। সেয়েহে আমাৰ বিজ্ঞানীসকল আশাবাদী যে যথাসময়ত তেওঁলোকে এই মহাজাগতিক অভিশাপৰ পৰা জীৱকুলক ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা উদ্ভাৱন কৰিব পাৰিব।

Sunday 24 May 2020

পৃথিৱীৰ নিকটতম দূৰত্বত ব্লেকহোল


বিশ্বব্রহ্মাণ্ডৰ ৰহস্য অনেক। তাৰ মাজতেই এই মহাবিশ্বৰ আন এক বিপুল ৰহস্যৰ ভাণ্ডাৰ হ'ল কৃষ্ণগহ্বৰ বা ব্লেকহোল। এইবাৰ পৃথিবীৰ তেনেই কাষতেই সন্ধান পোৱা গ'ল এটি কৃষ্ণগহ্বৰৰ। আমাৰ পৃথিৱীখনৰ পৰা মাত্র ১০০০ আলোকবর্ষ অৰ্থাৎ ৫.৮৮ লাখ কোটি মাইল দূৰত নতুন কৈ আৱিষ্কাৰ হৈছে HR6819 নামৰ কৃষ্ণগহ্বৰটো। মহাকাশৰ বিশালতা আৰু কৃষ্ণগহ্বৰৰ প্ৰচণ্ড মহাকৰ্ষণ শক্তিৰ আগত ১০০০ আলোকবৰ্ষ তেনেই এক সামান্য দূৰত্ব। এই কৃষ্ণ গহ্বৰটো আৱিষ্কাৰ হোৱাৰ আগত বিজ্ঞানী সকলে দিয়া তথ্য অনুসৰি পৃথিৱীৰ নিকটতম কৃষ্ণগহ্বৰটো আছিল প্ৰায় ৩১০০ আলোকবৰ্ষ দূৰত। অৰ্থাৎ সদ্য আৱিষ্কৃত কৃষ্ণগহ্বৰটো বৰ্তমান সময়ত আমাৰ নিকটতম কৃষ্ণগহ্বৰ।

২০২০ চনৰ মে মাহৰ ৬ তাৰিখ বুধবাৰে  ইউৰোপিয়ান ছাদার্ন অৱজাৰভেট'ৰিৰ বিজ্ঞানী থমাছ ৰিভিনিয়াচ আৰু ডিয়েট্ৰিচ বাডৰ গৱেষণা পত্রত প্ৰকাশ হৈছে এই চাঞ্চল্যকৰ তথ্য। চিলিত অৱস্থিত এটি বিশাল ৰেডিও টেলিস্কোপ ব্যৱহাৰ কৰি তেখেতসকলে আৰা আৰু পাভো তাৰকামণ্ডলৰ মাজত অৱস্থিত টেলিস্কোপিয়াম নক্ষত্ৰপুঞ্জৰ দক্ষিণ পশ্চিম দিশত সূৰ্যতকৈও প্ৰায় চাৰি গুণ ডাঙৰ তিনিটা নক্ষত্ৰযুক্ত অন্য এখন সৌৰজগতৰ ওপৰত অধ্যয়ণ কৰি আহিছিল। এই তিনি তাৰকাযুক্ত সৌৰজগতখনৰ দুটা B-type উজ্জল নক্ষত্ৰ আৰু আনটো নক্ষত্ৰ প্ৰায় অস্পষ্ট। উল্ল্যেখযোগ্য যে এই সৌৰজগতত কোনো গ্ৰহ নাই।

পৰ্যবেক্ষণৰ সময়ত তেওঁলোকে দেখিছিল যে প্ৰায় ৪০.৩৩ দিনত এই নক্ষত্ৰ তিনিটাই অস্বাৱাভিক ভাবে কোনো অদৃশ্য বস্তুক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি আছে। এই তথ্যই তেওঁলোকক আচৰিত কৰি তুলিছিল। থমাছ ৰিভিনিয়াচ আৰু ডিয়েট্ৰিচ বাডে জনাইছে যে টেলিস্কোপিয়াম নক্ষত্ৰপুঞ্জৰ দক্ষিণ পশ্চিম দিশত সূৰ্যতকৈও প্ৰায় চাৰি গুণ ডাঙৰ নক্ষত্ৰ তিনিটাৰ মাজৰ দুটা নক্ষত্ৰ পৃথিৱীৰ দক্ষিণ গোলাৰ্ধৰ পৰা খালী চকুৰেই দেখা পোৱা যায় আৰু ভালদৰে পৰ্যবেক্ষণ কৰিলে ৪০.৩৩ দিনত এই তৰা দুটাই পৰিভ্ৰমণ কৰা ঘটনাটোও অনুধাৱন কৰিব পৰা যায়। 

সূর্যেতকৈও বিশাল এই তিনিওটা নক্ষত্রই কোনো এক অজ্ঞাত বিন্দুক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি থকা পৰিঘটনাটোৱে বিজ্ঞানী কেইজনক চিন্তিত কৰি তুলিলে। তেওঁলোকে গৱেষণাত অধিক মনোনিবেশ কৰি অৱশেষত সিদ্ধান্তত উপনীত হয় যে তিনিওটা বিশাল নক্ষত্ৰই দৰাচলতে এটা কৃষ্ণগহ্বৰৰ প্ৰচণ্ড মহাকৰ্ষণৰ বাবে কৃষ্ণগহ্বৰটোৰ চৌদিশে পৰিভ্ৰমণ কৰি আছে। ব্লেক হোলৰ আকর্ষণ ক্ষমতা ইমানেই বেছি যে ইয়াত যিয়েই প্রৱেশ কৰে তাৰপৰা আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰে, আনকি পোহৰো। সেয়েহে কৃষ্ণগহ্বৰবোৰ অদৃশ্য তথা ইয়াক আৱিষ্কাৰ কৰা সহজ নহয়। বিজ্ঞানী দুজনে দুসপ্তাহ আগতে আৱিষ্কাৰ কৰা কৃষ্ণগহ্বৰটোৰ চাৰিওপিনে পৰিভ্ৰমণ কৰি থকা তৰা তিনিটাক "নৃত্যৰত তৰা" বুলি অভিহিত কৰিছে। 

ইউৰোপিয়ান ছাদার্ন অৱজাৰভেট'ৰিৰ বিজ্ঞানী সকলৰ মতে নতুনকৈ আৱিষ্কাৰ হোৱা এই কৃষ্ণগহ্বৰটো অতি প্ৰাচীন আৰু যথেষ্ঠ শান্ত সমাহিত। কাৰণ কৃষ্ণগহ্বৰটোৱে তাৰ আশেপাশে থকা নক্ষত্রবোৰক এতিয়াও গ্রাস কৰা নাই। আমাৰ বাবে ই এক সুখৱৰ। অন্যথা পৃথিৱীৰ অতি ওচৰতে থকা HR6819 নামৰ কৃষ্ণগহ্বৰটোৱে নিজৰ ক্ষুধা নিবাৰণৰ বাবে আমাৰ পৃথিৱীখনো গ্ৰাস কৰি থ'লেহেতেন !

Friday 22 May 2020

গান্ধীজীৰ এপেণ্ডিক্সৰ অপাৰেচনটো


তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধী পুণেৰ য়েৰৱডা কেন্দ্ৰীয় কাৰাগাৰত। দুদিনমান আগৰে পৰা তেওঁৰ পেটৰ বিষ। ১৯২৪ চনৰ ১২ জানুৱাৰীৰ দিনা জাতিৰ পিতা মহাত্মা গান্ধীৰ পেটৰ বিষৰ তীব্ৰতা বৃদ্ধি হোৱাত জেল কৰ্তৃপক্ষই ততাতৈয়াকৈ তেওঁক পুণেৰ ছেচন হস্পিতাললৈ স্থানান্তৰিত কৰে। চিকিৎসক সকলে পৰীক্ষা কৰি ৫০ বছৰ বয়সীয়া মহাত্মা গান্ধীৰ পেটৰ বিষৰ মূল কাৰণটো এপেণ্ডিছাইটিচ বুলি নিশ্চিত হয় আৰু ইয়াৰ বাবে অপাৰেচন জৰুৰী বুলি জনায়। 

আজিৰ পৰা ৯৫ বছৰ আগৰ সেই সময়চোৱাত এপেণ্ডিছাইটিচৰ অপাৰেচন ইমান সহজ নাছিল। পুণেৰ ছেচন হস্পিতালৰ ৪০০ বৰ্গমিটাৰ পৰিসৰৰ অপাৰেচন থিয়েটাৰত বিদ্যুত যোগানৰ লগতে অন্যান্য সুবিধাবোৰো পৰ্যাপ্ত নাছিল। পুণে ছেচন হস্পিতালৰ Dr. Colonel Maddock নামৰ ব্ৰিটিছ ডাক্তৰজনে ইতিমধ্যে জনাই দিছিল যে গান্ধীজীৰ অপাৰেচন খুব সোনকালেই কৰিব লাগিব অন্যথা তেওঁৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পাৰে।

ডাক্তৰৰ পৰামৰ্শ অনুসৰি গান্ধীজীয়ে অপাৰেচনৰ বাবে নিজৰ সন্মতি দিয়ে। কিন্তু তেওঁ হস্পিতাল কৰ্তৃপক্ষ আৰু ব্ৰিটিছ চৰকাৰক অনুৰোধ জনালে যে বোম্বাইৰ (বৰ্তমানৰ মুম্বাই) দুই বিখ্যাত চিকিৎসক Dr. Dalal আৰু Dr. Jeevrajক যেন তেওঁৰ অপাৰেচনৰ বাবে নিমন্ত্ৰণ জনোৱা হয়। গান্ধীজীৰ প্ৰস্তাৱ মানি লোৱা হ'ল আৰু  সময়মতেই দুয়োজন চিকিৎসকেই  বোম্বাইৰ পৰা আহি পুণেত উপস্থিত হয়। 

সেইদিনাই নিশা প্ৰায় ১০:৩০ বজাত গান্ধীজীক অপাৰেচন থিয়েটাৰলৈ নিয়া হ'ল। প্ৰায় ৪০ মিনিট জোৰা অপাৰেচনটোৰ সময়তেই পুণেত হৈ থকা ধুমুহা বৰষুণজাকৰ বাবে বিদ্যুত যোগান ব্যাহত হৈ পৰে। হস্পিতাল কৰ্তৃপক্ষই এই পৰিস্থিতিৰ সতে মোকাবিলা কৰিবলৈ হাৰিকেন লেম্প এটা পোহৰৰ বাবে ব্যৱস্থা কৰি ৰাখিছিল। অৱশ্যে দুই অভিজ্ঞ চিকিৎসকৰ নিপুণতাৰ বাবে সুকলমেই গান্ধীজীৰ অপাৰেচনটো হৈ গৈছিল। গান্ধীজী সুস্থ হৈ উঠাৰ পিছত তেওঁক পুনৰ জেললৈ স্থানান্তৰিত কৰা হয় যদিও ব্ৰিটিছ চৰকাৰে চৰ্তহীন ভাবে গান্ধীজীৰ ৬ বছৰীয়া শাস্তিৰ ম্যাদ কমাই আনি ১৯২৪ চনৰ ৫ ফেব্ৰুৱাৰীত জেলৰ পৰা মুকলি কৰি দিয়ে।

পুণেৰ ছেচন হস্পিতালৰ ৪০০ বৰ্গমিটাৰ পৰিসৰৰ সেই অপাৰেচন থিয়েটাৰটোৰ লগতে গান্ধীজীৰ অপাৰেচনত ব্যৱহৃত সা-সৰঞ্জাম সমূহ আৰু হাৰিকন লেম্পৰ পোহৰত গান্ধীজীৰ অপাৰেচন কৰা এখন পেইণ্টিং বৰ্তমানেও ছেচন হস্পিতালত সংৰক্ষণ কৰি ৰখা হৈছে।

পোষ্টটোৰ লগত সংলগ্ন ছৱিখন মহাত্মা গান্ধীৰ তেজৰ প্ৰলেপযুক্ত এখন শ্লাইড। পুণেৰ ছেচন হস্পিতালত এপেণ্ডিছাইটিচৰ অপাৰেচনৰ পিছত গান্ধীজীৰ নিয়মিত স্বাস্থ্য পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা তেজৰ নমুনাৰ এই শ্লাইডখন পিছত লণ্ডনত নিলাম কৰা হয় আৰু ভাৰতীয় মুদ্ৰামান অনুসৰি প্ৰায় ৫.৮ লাখ টকাত বিক্ৰী কৰা হয়।

https://m.hindustantimes.com/world/mahatma-gandhi-s-blood-goes-for-rs-5-8-lakhs/story-G6rD8LQOjT0WKFFqIqteSI.html

Thursday 21 May 2020

সৌৰ নূন্যতম বা Solar Minimum


সমগ্ৰ বিশ্বতেই বিভিন্ন মিডিয়াত আৰু বিজ্ঞান মহলত বৰ্তমানৰ আন এক আলোচ্য বিষয় হ'ল Solar Minimum বা "সৌৰ নূন্যতম"। বিজ্ঞানীসকলৰ সকলৰ প্ৰতিবেদন অনুসৰি নিউয়ৰ্ক টাইমচে লিখিছে যে সূৰ্যৰ উষ্ণতা সাম্প্ৰতিক সময়চোৱাত নূন্যতম মানলৈ নামি আহিছে। তাতকৈও ডাঙৰ কথাটো হ'ল বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে যে সৌৰ নূন্যতম অৱস্থাত প্ৰচণ্ড তুষাৰপাত, ভূমিকম্প, অগ্নিকাণ্ড আনকি দুর্ভিক্ষৰ দিনো আহিব। পৃথিৱীৰ প্ৰতি সূৰ্যৰ কাৰ্যকলাপ নাটকীয় ভাবে কমি আহিছে আৰু ইয়াৰ লগে লগে পৃথিৱীৰ তাপমাত্ৰাও অতি দ্ৰুত হাৰত কমি আহিব। পৃথিৱীত আৰম্ভ হ'ব হিমযুগ। কিন্তু  বৈজ্ঞানিক বাস্তৱতাৰ ক্ষেত্ৰত সৌৰ নূন্যতম বা "ছোলাৰ মিনিমামৰ" লগত ওপৰত উল্ল্যেখ কৰাৰ দৰে এনে প্ৰাকৃতিক দুৰ্যোগবোৰৰ সম্পর্ক স্থাপন কৰা খুবই কঠিন বা এনে ভৱিষ্যত বাণীবোৰৰ বৈজ্ঞানিক সত্যতা প্ৰমাণিত নহয়।

কিন্তু কি এই ছোলাৰ মিনিমাম? সহজ ভাষাত ক'বলৈ হলে সোলাৰ মিনিমাম বা সৌৰ নূন্যতম হ'ল সূর্যৰ তাপ উৎপাদন প্ৰক্ৰিয়াৰ এক স্বাভাৱিক তথা চক্ৰীয় বিজুতি। বৈজ্ঞানিক সকলে এই বিষয়টো অধ্যয়ন কৰিবলৈ সূর্যৰ পৃষ্ঠত দেখা যোৱা ক'লা ৰঙৰ দাগ বা সৌৰ কলংকবোৰৰ সংখ্যা গণনা কৰে। বিজ্ঞানৰ মতে যেতিয়াই সূর্যৰ উপৰিভাগত চৌম্বকীয় কার্য ক্রমনিকা বৃদ্ধি হয়, তেতিয়াই সূর্যৰ পৃষ্ঠত ক'লা বৰণৰ কিছুমান দাগ বা সৌৰ কলংক সৃষ্টি হয়। আনহাতে এই চৌম্বকীয় ক্ষেত্ৰৰ কার্য ক্রমনিকা তেতিয়াই সৃষ্টি হয় যেতিয়া সূর্যৰ পিঠিৰ পৰা "ছোলাৰ ফ্লেয়াৰ" বা সৌৰ ধুমুহা সৃষ্টি হয়। মহাকাশ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা "এ.আৰ ২৬৬৫" নামৰ সৌৰ ধুমুহাটো সূৰ্য পৃষ্ঠৰ পৰা ৭৫ হাজাৰ কি:মি: দূৰলৈ বিস্তৃত আৰু এই সৌৰ ধুমুহাটো পৃথিৱীৰ পৰাও সহজতে সাধাৰণ ঘৰুৱা যতন ব্যৱহাৰ কৰি চাব পাৰি।

এই ছোলাৰ ফ্লেয়াৰবোৰ হ'ল এনে একোটি ক্রিয়া যাৰ ফলত সূর্যটো অতি  উজ্জ্বল হৈ পৰে। যেতিয়াই এই পৰিঘটনাটো সংঘটিত হয়, তেতিয়াই বৈজ্ঞানিক সকলে এক বিশেষ টেলিস্কোপৰ সহায়ত সূর্যৰ উপৰিভাগত সৃষ্টি হোৱা সৌৰ কলংকবোৰ দেখা পায়। এই সৌৰ কলংকবোৰৰ সংখ্যা এক নির্দিষ্ট সীমাৰ ভিতৰত থাকিলে বুজা যায় যে সূর্যৰ তাপ উৎপাদন প্ৰক্ৰিয়া স্বাভাৱিক গতিত চলি আছে।

যেতিয়াই সৌৰ কলংকবোৰৰ সংখ্যা এক নির্দিষ্ট সীমাতকৈ কমি যায়, তেতিয়াই এইটো প্ৰতীয়মান হয় যে সূৰ্যৰ বুকুত তাপ উৎপাদন প্ৰক্ৰিয়াটো স্তিমিত হৈ পৰিছে, অৰ্থাৎ সূৰ্যটো আপেক্ষিক ভাৱে শীতল হৈ পৰিছে। আগতেই উল্ল্যখ কৰিছোঁ যে এইটো সূৰ্যৰ বুকুত ঘটি অহা এটা স্বাভাবিক প্ৰক্ৰিয়া আৰু প্রতি ১১ বছৰৰ মুৰে মুৰে  এনেদৰে সূৰ্যটো শীতল হৈ পৰে। সূৰ্যৰ এই শীতল অৱস্থা ছয় মাহ স্থায়ী হয়। সম্প্ৰতি বিজ্ঞানীসকলৰ গণনাত এইটো প্ৰমাণিত হৈছে যে ২০২০ চনৰ জুন মাহত আমাৰ সূৰ্যটো পুণৰ শীতল হৈ পৰিব আৰু আগন্তুক ছয় মাহলৈ অৰ্থাৎ  ২০২০ চনৰ নৱেম্বৰ মাহৰ শেষলৈ আমি আন এটা "ছোলাৰ মিনিমাম" বা সৌৰ নূন্যতমৰ মুখামুখি হ'ম।

তেন্তে কি আমাৰ বিপদ অনিবাৰ্য? ইয়াৰ ফলত কি সঁচাকৈয়ে পৃথিৱীৰ জলবায়ুত কোনো মাৰাত্মক পৰিবর্তন হ'ব? অথবা তুষাৰপাত, হিমবাহ,  ভূমিকম্প বা দুর্ভিক্ষ আদিয়ে আমাক কোঙা কৰি যাব? বাস্তৱ ক্ষেত্ৰত ছোলাৰ মিনিমামৰ লগত এইধৰণৰ প্ৰাকৃতিক দুৰ্যোগবোৰৰ কোনো সম্পর্ক আছে নে নাই সেই বিষয়ে কোনো নিশ্চিত বৈজ্ঞানিক তথ্য নাই। ১৮১৬ চনত সৌৰ নূন্যতমৰ সময়ত প্রবল ভূমিকম্পই পৃথিৱীৰ বহু কেইখন দেশক  জোকাৰি গৈছিল। সেই বছৰটোত পৃথিবীৰ বহুকেইখন দেশত শীতৰ প্ৰকোপ বঢ়াৰ লগতে বৰষুণৰ পৰিমানো অতি কম আছিল। ফলস্বৰূপে কৃষি ক্ষেত্ৰখনো বেয়াকৈ ক্ষতিগ্ৰস্থ হৈ পৰাত বহুদেশত দুৰ্ভিক্ষ হৈছিল। কিন্তু পৰবৰ্তী সময়ত এই বিষয়ে হোৱা গৱেষণাৰ পৰা সিদ্ধান্ত লোৱা হৈছিল যে এই সকলোবোৰ প্ৰাকৃতিক দুৰ্যোগেই একো একোটা কাকতালীয় ঘটনাহে আছিল। এইবোৰৰ লগত ছোলাৰ মিনিমামৰ কোনো সম্পৰ্ক নাছিল। 

ছোলাৰ মিনিমাম সূৰ্যৰ বুকুত সংঘটিত হোৱা এক নিয়মিত আৰু স্বাভাৱিক প্রক্রিয়া। এজন মানুহে যেনেদৰে নিজৰ জীৱনকালত শিশুৰ পৰা বৃদ্ধাৱস্থালৈ ধাপে ধাপে গতি কৰে থিক তেনেকৈয়ে আমাৰ সূৰ্যটোৱেও ইয়াৰ জীৱনকালত বিভিন্ন দশাৰ মাজেৰে ইয়াৰ জীৱন অতিবাহিত কৰে। ছোলাৰ মিনিমামৰ ফলত অৱশ্যে আমাৰ পৃথিৱীত যোগাযোগ ব্যৱস্থা কিছু পৰিমানে ব্যাহত হোৱাৰ শংকা নথকা নহয়। কিন্তু এইটো ইমান চিন্তনীয় বিষয় নহয়। 

Saturday 16 May 2020

ৰঙীণ পৃথিৱীৰ শুধ বগা কাউৰীবোৰ


যেনিয়ে চকু যায়, চৌদিশে কেবল ৰং। ৰঙেৰে ধুই নিয়া নীলিম আকাশখন অথবা দুৰৰ অস্পষ্ট পাহাৰখন, সূৰ্যাস্তৰ ৰঙীণ আভা বুকুত সাৱতি বৈ যোৱা প্ৰবাহমান নৈখন অথবা চোতালৰ দুৱৰিডৰা - সকলোতেই ৰঙৰ আভা। কিন্তু ইয়াৰ বিপৰীতে শুধ বগা, বৰণহীনতাও বহু সময়ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। বৰণহীন প্ৰাণী বা এলবিনো প্রাণীৰ কথাকেই ধৰকচোন। হয়, শিৰোনামাত উল্ল্যেখ কৰা শুধ বগা কাউৰীজনীৰ কথাকেই কৈছো। সৌ সিদিনা বাতৰি কাকতত নিশ্চয় পঢ়িবলৈ পাইছে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য ক্ষেত্রীয় কার্যালয়ৰ সমীপত নগেন বৰুৱাদেৱৰ কেমেৰাৰ লেন্সত ধৰা দিয়া বিৰল শুধ বগা কাউৰীজনীৰ কথা ! 

বৰণহীন এনে প্ৰাণীবোৰ "শুধ বগা" হয়। নিশ্চয় এইখিনিতেই মনত এটা প্ৰশ্ন উদয় হৈছে যে বগা জানো এটা ৰং নহয়? বিজ্ঞানৰ মতে ৰং বা বৰণ হ'ল বিদ্যুৎ-চুম্বকীয় তৰংগ মাত্ৰ। পদাৰ্থবোৰে বিদ্যুৎ-চুম্বকীয় তৰংগৰ ৰূপত শক্তি নিৰ্গত কৰে। এই বিদ্যুৎ-চুম্বকীয় তৰংগবোৰ এটা নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্যৰ সীমাৰ ভিতৰত থাকে আৰু পদাৰ্থটোৱে নিৰ্গত কৰা এই বিদ্যুৎ-চুম্বকীয় তৰংগ বোৰকেই আমি পদাৰ্থটোৰ ৰং হিচাপে দেখা পাও। বগা ৰঙৰ (?) নিজস্ব কোনো বিদ্যুৎ-চুম্বকীয় তৰংগ নাই আৰু সেইবাবেই দৃশ্যমান ৰঙৰ তালিকাৰ "বগা" বুলি কোনো ৰং নাই। সেইবাবেই বগা ৰঙৰ প্ৰাণীবোৰক বৰণহীন (এলবিনো) বুলি কোৱা হয়।

বিশ্বৰ বিভিন্ন দেশত এলবিনো (albinos) প্ৰাণীবোৰৰ প্ৰতি স্থানীয় লোকসকল অত্যন্ত শ্রদ্ধাশীল আৰু বহুতে এই ধৰণৰ প্ৰাণীবোৰক ভাগ্যৰ প্ৰতীক বুলি জ্ঞান কৰে। আমেৰিকাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে শুধ বগা বাইচনক শক্তি আৰু সৌভাগ্যৰ প্রতীক বুলি মানে। বগা অজগৰ, বগা হাতী, বগা কেংগাৰু, বগা ঘৰিয়াল অথবা বগা ময়ুৰ ইত্যাদি অসংখ্য এলবিনো প্ৰাণী এই জীৱকুলতেই বিদ্যমান। এনে ধৰণৰ অসংখ্য উদাহৰণ বিচাৰিলেই পোৱা যাব। মানুহৰ মাজতো "এলবিনিজম" দেখা যায়। বিজ্ঞানীসকলৰ মতে প্ৰতি ১০০ জন লোকৰ ভিতৰত অন্ততঃ এজন লোকৰ দেহত এলবিনিজমৰ জিন থাকে। অৱশ্যে এজন লোক এলবিনিজমত আক্ৰান্ত হ'বলৈ তেওঁৰ পিতৃ আৰু মাতৃ দুয়োজনৰ দেহত এলবিনিজমৰ জিন থাকিব লাগিব।

এলবিনো মানৱ শিশু বা এলবিনো প্ৰাণীৰ জন্মৰ বাবে পিতৃ আৰু মাতৃ উভয়ৰে দেহত ত্রুটিযুক্ত জিন থকাতো জৰুৰী। দেহত স্বাভাৱিক বৰণ সৃষ্টি কৰাৰ বাবে প্ৰাণীৰ দেহত এযোৰ প্ৰভাৱী বা সংকৰ জিন থাকে। যদিহে প্ৰাণীদেহৰ এই জিনযুগ্মৰ এটা জিন স্বাভাবিক আৰু আনটো ক্ৰুটিযুক্ত এলবিনিজম জিন হয়, তেন্তে স্বাভাবিক জিনটোৱে প্ৰাণীটোৰ দেহত যথেষ্ট মেলানিন বা আন বৰণযুক্ত ৰঞ্জক পদাৰ্থ তৈয়াৰ কৰে। আনহাতে যদিহে প্ৰাণীটোৱে পিতৃ আৰু মাতৃ উভয়ৰে পৰা এযোৰ ক্ৰটিযুক্ত জিনহে লাভ কৰে, তেন্তে প্ৰাণীটোৱে দেহত বৰণ সৃষ্টি কৰিব পৰা কোনো ৰঞ্জক দ্ৰব্য সৃষ্টি কৰিব নোৱাৰে আৰু তাৰফলত প্ৰাণীটোৰ ছাল, নোম অথবা সমস্ত দেহ বৰণহীণ বা শুধ বগা হৈ পৰে।


আমি সাধাৰণতে কাউৰী ক'লা ৰঙৰেই দেখা পাও।  যদি অকস্মাতে ক'ৰবাত শুধ বগা কাউৰী দেখা পাও, তেন্তে আচৰিত হোৱাৰেই কথা। কিন্তু এইটোও সঁচা যে প্ৰকৃতিৰ বুকুত শুধ বগা কাউৰীও আছে। অৱশ্যে সংখ্যাত খুবেই কম। এইটো সেই বিশেষ কাউৰীজনীৰ জিন সম্বন্ধীয় এটা জন্মগত ত্রুটি মাথোন। জীৱবিজ্ঞানৰ ভাষাত এই কাউৰীবোৰক ‌"এলবিনো কাউৰী" বা "এলবিনো ক্রো" বুলি কোৱা হয়। সাধাৰণতে এনে শুধ বগা কাউৰীবোৰৰ ঠোট আৰু ভৰি দুখন গোলপীয়া বৰণৰ হ'লেও সমস্ত শৰীৰ আবৃত কৰি ৰখা পাখিবোৰ শুধ বগা। আফ্রিকা মহাদেশ আৰু  আমেৰিকাত বগা কাউৰী তুলনামুলক ভাবে বেছি কৈ দেখা যায়। এনে বগা কাউৰীক "পাইড ক্রো" বুলিও কোৱা হয়। এই বগা কাউৰীবোৰ আমি  সাধাৰণতে দেখা ক'লা ৰঙৰ কাউৰীৰ দৰে একেটা প্ৰজাতিৰেই অন্তৰ্গত যিবোৰ "পিগমেণ্ট" বা ৰঞ্জক পদাৰ্থজনিত সমস্যাৰ বাবে বৰণহীন হৈ পৰে।


Monday 4 May 2020

অত্যন্ত বিৰল তেজ : বম্বে ব্লাড গ্ৰুপ



সেয়া ১৯৫২ চনৰ কথা। স্থান "বম্বে", বৰ্তমানৰ মুম্বাই। কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালত ভর্তি কৰোৱা হৈছে এজন বিশেষ ৰোগী। দুৰ্ঘটনাত পতিত হৈ তেওঁ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত। চিকিৎসাৰ বাবে তেওঁক তাৎক্ষণিক ভাবে তেজৰ দৰকাৰ। ৰোগীৰ তেজৰ গ্ৰুপ "O+ve" আৰু সেয়েহে ততাতৈয়াকৈ "O+ve" গ্ৰুপৰ তেজ সংগ্ৰহ কৰি ৰোগীৰ দেহত প্ৰয়োগ কৰাৰ আগে চিকিৎসালয়ৰ নিয়মানুসৰি "ক্ৰচ ম্যেচিং" কৰা হ'ল……

কিন্তু কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক ডা° ভেণ্ডে, ডা° দেশপাণ্ডে আৰু ডা° এইচ.এম. ভাটিয়া আচৰিত হৈ পৰিল কাৰণ "ক্ৰচ ম্যেচিঙ"ৰ সময়ত ৰোগীৰ "O+ve" গ্ৰুপৰ তেজৰ লগত যেতিয়া সংগ্ৰহ কৰি অনা "O+ve" গ্ৰুপৰ তেজ টেষ্টটিউবত মিহলোৱা হৈছিল, তেতিয়া তেজবোৰ মূহুৰ্তৰ ভিতৰতে গোট মাৰিছিল। নিশ্চয় ক'ৰবাত এটা সাংঘাতিক ভুল হৈছে। কিন্তু কিয় এনে হ'বলৈ পালে?

তেখেতসকলে পুনৰ ৰোগী আৰু ৰক্তদাতা, উভয়ৰে তেজৰ পৰীক্ষা কৰি চালে। নাই, তাত কোনো ভুল দেখা নেপালে তেওঁলোকে। উপায়হীন হৈ চিকিৎসক সকলে বিভিন্ন ব্লাড বেংকৰ লগত যোগাযোগ কৰিলে যদিও কোনো সুফল নেপালে। এইবাৰ আৰম্ভ হ'ল বিভিন্ন ৰক্তদাতা সকলৰ লগত পোনপটীয়া যোগাযোগ। বম্বেৰ (বৰ্তমান মুম্বাই) প্ৰায় ৬০০ জন বিভিন্ন "O+ve" গ্ৰুপৰ ৰক্তদাতাৰ তেজৰ নমুনাৰ পুনৰ পৰীক্ষণৰ অন্তত যেনিবা এজন ৰক্তদাতাৰ তেজৰ নমুনাৰ লগত ৰোগীজনৰ "ক্ৰচ ম্যেচিঙ"ৰ ফলাফল সন্তোষজনক হ'ল আৰু সুচাৰুৰূপে তেজ দিব পৰাত ৰোগীজনৰ জীৱন ৰক্ষা পৰিল।

যদিও ৰোগীজন ৰক্ষা পৰিল, ডা° ভেণ্ডে কিন্তু বিষয়টো সম্বন্ধে অধিক আগ্ৰহী হৈ পৰিল আৰু তেখেতে এই বিষয়ে গৱেষণা আৰম্ভ কৰি দিলে। গৱেষণাৰ প্ৰাথমিক পৰ্য়ায়তেই তেখেত ধৰা পেলালে যে সেই বিশেষ ৰোগীজন আৰু তেওঁক তেজ দান কৰা ৰক্তদাতা দুয়োজনৰেই তেজৰ গ্ৰুপ যদিও "O+ve" বুলি পৰীক্ষাত ধৰা পৰিছে, সেয়া শুদ্ধ নহয়। বৰং দুয়োজনৰেই তেজৰ গ্ৰুপ তথাকথিত ABO systemৰ আওতাতেই নপৰে। অৰ্থাৎ তেওঁলোক দুয়োজনৰেই তেজৰ গ্ৰুপ A, B,  AB অথবা Oৰ ভিতৰত এটাও নহয়, বৰং ইমান দিনে কাৰো চকুত ধৰা নপৰাকৈ থকা এটা নতুন ব্লাড গ্ৰুপহে ! "বম্বে" স্থিত কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক ডা° ভেণ্ডেই নতুন কৈ আৱিষ্কাৰ কৰা এই তেজৰ গ্ৰুপটোৰ নাম থলে hh Blood Group বা (Bombay Blood Group) বম্বে ব্লাড গ্ৰুপ। ১৯৫২ চনৰ ৩ মেত "The Lancet" নামৰ চিকিংসা বিজ্ঞানৰ এক গবেষণাপত্রত সর্বপ্রথম ডা° ভেণ্ডে, ডা° দেশপাণ্ডে আৰু ডা° এইচ.এম. ভাটিয়াই বোম্বে ব্লাড গ্ৰুপ সম্পর্কে তেওঁলোকৰ গৱেষণা পত্ৰ প্ৰকাশ কৰে।

সাধাৰণতে আমি জানো যে O ব্লাড গ্রুপৰ মানুহ সাৰ্বজনীন দাতা অৰ্থাৎ সকলোকে তেজ দিব পাৰে। কিন্তু তেজ ল'বলগীয়া হ'লে কেবল O ব্লাড গ্রুপৰ মানুহৰ পৰাহে তেজ লব পাৰে। মানুহৰ তেজত এগ্লুটিনোজেন-A আৰু এগ্লুটিনোজেন-B নামৰ দুবিধ এণ্টিজেন থাকে। A ব্লাড গ্ৰুপৰ তেজত A এণ্টিজেন, B ব্লাড গ্ৰুপত B এণ্টিজেন, AB ব্লাড গ্ৰুপত AB দুয়োটা এণ্টিজেন আৰু O ব্লাড গ্ৰুপৰ তেজত কোনো এণ্টিজেন নেথাকে। কিন্তু "The Lancet"ত প্ৰকাশিত গৱেষণা পত্ৰই জানিব দিয়ে যে O ব্লাড গ্রুপৰ তেজতো এবিধ বিশেষ এগ্লুটিনোজেন থাকে। এই এগ্লুটিনোজেনৰ নাম ৰখা হয় এগ্লুটিনোজেনৰ-H আৰু ইয়াক তেজৰ লোহিত ৰক্ত কণিকাত পোৱা যায়।

এগ্লুটিনোজেনৰ-Hৰ এটা বিশেষ গুণ হ'ল এই যে, ই তেজত থকা আন দুবিধ এন্টিজেন A আৰু Bৰ প্রিকাৰ্চৰ বা পূৰ্ববৰ্তী অৱস্থা হিচাপে কাম কৰে। প্ৰিকাৰ্চৰ মানে কিছুমান বিশেষ ৰসায়নিক যৌগ যিবোৰে কোনো উপযুক্ত উদ্দীপনা পালে অন্য কোনো পদার্থলৈ নিজকে ৰূপান্তৰিত কৰিব পাৰে। অর্থাৎ এই বিশেষ এগ্লুটিনোজেন-H ৰ পৰাই  উৎপন্ন হয় তেজত থকা আন দুটা বিশেষ এণ্টিজেন যাৰ নাম এগ্লুটিনোজেন-A আৰু এগ্লুটিনোজেন-B। এগ্লুটিনোজেন Hৰ পৰা এণ্টিজেন A আৰু B উৎপন্ন হ'বলৈ আমাৰ কোষৰ ক্ৰমোজোমৰ প্ৰয়োজনীয় উদ্দীপনা যোগায়।

এগ্লুটিনোজেন-H সৃষ্টিৰ বাবে আমাৰ ক্ৰমোজোমত  HH জিনোটাইপ থাকিব লাগে। H হ'ল মেণ্ডেলীয় বংশাৱলীৰ প্রভাৱশালী জিন আৰু h হ'ল মেণ্ডেলীয় অপ্ৰভাৱী জিন। অৰ্থাৎ HH আৰু Hh, এই দুয়োটা জিনোটাইপৰ যিকোনো এটা জিনোটাইপ থাকিলেই সেইজন মানুহৰ তেজত এগ্লুটিনোজেন-H থাকিব আৰু সেইবাবে তেওঁৰ তেজত তিনিওবিধ এণ্টিজেন যেনে এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H থাকে বা থকাৰ সম্ভাৱনা থাকে।

কিন্তু যিসকল মানুহৰ জিনোটাইপ hh হয়, তেওঁলোক অপ্ৰভাৱী জিনোটাইপ বিশিষ্ট হোৱা বাবে তেওঁলোকৰ তেজত এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H এটাও নাথাকে। সাধাৰণতে তেজত এণ্টিজেন A আৰু এণ্টিজেন B দুয়োটা নাথাকিলে মানুহজনৰ তেজৰ গ্ৰুপ O হয়, কিন্তু যিহেতু এই বিশেষ ব্যক্তিজনৰ তেজত এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H এটাও নাই, সেয়ে ওপৰে ওপৰে চালে তেওঁৰ তেজৰ গ্ৰুপ O যেন লাগিলেও সেয়া O গ্ৰুপৰ তেজ নহয় , বৰং আমি আলোচনা কৰি থকা অত্যন্ত বিৰল তেজৰ গ্ৰুপ যাৰ নাম hh Blood Group বা "বম্বে ব্লাড গ্ৰুপ"।

Saturday 2 May 2020

এক মহাজাগতিক আগন্তুকৰ অপেক্ষাত



২০১৯ চনৰ ২৮ ডিচেম্বৰ। সৌ সিদিনাৰ কথা। Asteroid Terrestrial-impact Last Alert System, বা চমুকৈ ATLASৰ বিজ্ঞানীসকলে  আৱিষ্কাৰ কৰিলে এটা ধুমকেতু। ধুমকেতুটোৰ নাম দিয়া হ'ল C/2019 Y4 (ATLAS)। তেতিয়াৰ পৰাই বিশ্বৰ সকলো প্ৰান্তৰ বিজ্ঞানীসকলে ধুমকেতুটোৰ ওপৰত নজৰ ৰাখি আহিছিল আৰু তেওঁলোকে আশাও কৰিছিল যে ২০২০ চনৰ মাৰ্চ মাহৰ শেষৰ পিনে পৃথিৱীৰ পৰা খালী চকুৰেই সাধাৰণ মানুহেও ধুমকেতুটোৰ সৌন্দৰ্য দেখা পাব। কিন্তু যোৱা ২২ মাৰ্চৰ দিনা পৃথিৱীৰ নিকটৱৰ্তী অৱস্থান প্ৰাপ্ত হোৱাৰ আগতেই এই ধুমকেতুটো মহাকাশৰ বুকুত খণ্ড বিখণ্ড হৈ পৰিল। যাৰ বাবে আমাৰ দৰে সাধাৰণ মানুহৰ দৃষ্টিগোচৰ নোহোৱাকৈয়ে ধ্বংসস্তুপত পৰিণত হ'ল C/2019 Y4 নামৰ ধুমকেতুটো।

কিন্তু আগ্ৰহী সকলৰ বাবে আন এটা ভাল খৱৰ আছে। ২০২০ চনৰ ১১ এপ্ৰিলৰ দিনা নাছাৰ Solar and Heliospheric Observatory, বা চমুকৈ SOHOৰ শক্তিশালী SWAN (Solar Wind Anisotropies instrument) নামৰ কেমেৰাই পঠিওৱা তথ্যসমূহৰ বিশ্লেষণ কৰাৰ দ্বায়িত্বত আছিল অষ্ট্ৰেলিয়াৰ জ্যোতিৰ্বিজ্ঞানী মাইকেল মেটিয়াযো। তথ্যসমূহৰ বিশ্লেষণত মেটিয়াযোৱে দেখা পাালে যে সূৰ্যৰ কক্ষপথেদি এটা অচিনাক্ত পোহৰৰ উৎস ধাৱমান হৈ আছে। অধিক গৱেষণাৰ অন্তত তেওঁ যোৱা ২৫ মাৰ্চত ঘোষণা কৰে যে এই চলমান পোহৰৰ উৎসটো এটা ধুমকেতুৰ বাহিৰে আন একো নহয়। SOHOৰ শক্তিশালী কেমেৰা SWANৰ নাম অনুসৰি এই ধুমকেতুটোৰ নাম ৰখা হয় C/2020 F8 বা SWAN" ধুমকেতু।

সেই সময়ত C/2020 F8 (SWAN) নামৰ ধুমকেতুটো পৃথিৱীৰ পৰা 1.1 AU বা 16 কৌটি কিমি দূৰত অৱস্থিত আছিল আৰু দক্ষিণ গোলাৰ্ধৰ পৰা টেলিস্কোপেৰে দেখা পোৱাও গৈছিল। বিজ্ঞানীসকলৰ মতে চলিত মে মাহৰ দ্বিতীয় সপ্তাহত পৃথিৱীৰ পৰা এই ধুমকেতুটো খালী চকুৰেই দেখা পোৱা যাব। অৱশ্যে বাইনোকুলাৰৰ সহায় ল'লে অধিক পৰিষ্কাৰ কৈ ধৰা দিব নীলা ৰঙৰ নেজযুক্ত ধুমকেতুটোৱে।

মাৰ্চ মাহৰ শেষৰ পিনে আকাশত ধুমকেতুটোৰ অৱস্থান আছিল Piscis নক্ষত্ৰপূঞ্জ বা মীনৰাশিৰ মূল নক্ষত্ৰ ফোমালহাটৰ ওচৰত। বৰ্তমান এই  ধুমকেতুটো মেষ ৰাশি আৰু পৰশু মেঘ বা Perseus cloudৰ সমীপেৰে সূৰ্যৰ চৌদিশে কক্ষপথত অগ্ৰসৰ হৈ আছে। 

বিজ্ঞানীসকলৰ গণনা অনুসৰি C/2020 F8 (SWAN) ধুমকেতুটো অহা ১৩ মেৰ দিনা পৃথিৱীৰ কক্ষপথৰ নিকটতম দূৰত্বত অৱস্থান কৰিব অৰ্থাৎ আমাৰ পৰা মাত্ৰ ৬.৪ কৌটি কিমি দূৰত্বৰে সূৰ্যৰ চাৰিওদিশৰ কক্ষপথেৰে অগ্ৰসৰ হ'ব। পৰৱৰ্তী সময়ত অৰ্থাৎ ২৭ মেত ই পৃথিৱীৰ পৰা ক্ৰমে দূৰলৈ গুছি যাবলৈ আৰম্ভ কৰিব। সেয়েহে ১৩ মেৰ পৰা ২৭ মে লৈ এই ধুমকেতুটো পৃথিৱীৰ পৰা খালী চকুৰেই দেখা পোৱা যাব। অৱশ্যে তাৰ বাবে আমাক লাগিব এখন পৰিষ্কাৰ, অন্ধকাৰ আৰু মেঘহীন আকাশ। উল্লেখযোগ্য যে এই ধুমকেতুটো দক্ষিণ গোলাৰ্ধৰ পৰা অধিক পৰিষ্কাৰ ৰূপত দেখা যাব। এতিয়া অপেক্ষা মে মাহৰ ১৩ তাৰিখলৈ।