Sunday 28 February 2016

28 ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

 

1928 চনৰ 28 ফেব্ৰুৱাৰীৰ দিনা এজন ভাৰতৰ যুৱ বিজ্ঞানীয়ে পৃথিৱীৰ বিজ্ঞান জগতখনলৈ এটি অমূল্য অৱদান আগবঢ়াইছিল। পোহৰৰ বিচ্চুৰণৰ ওপৰত এলানি গৱেষণা সম্পন্ন কৰি এইজন বিজ্ঞানীয়ে 1928 চনৰ আজিৰ দিনটোতেই তেখেতৰ গৱেষণা গ্ৰন্থখন প্ৰকাশ কৰিছিল। তেখেতৰ এই গ্ৰন্থখনত সন্নিবিষ্ট বিচ্চুৰিত পোহৰৰ গৱেষণালব্ধ তথ্যবোৰৰ মৌলিকতা, বাস্তৱ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আৰু এই তথ্যসমূহৰ সুদূৰ প্ৰসাৰী প্ৰভাৱৰ বাবে 1930 চনত এই ভাৰতীয় যুৱ বিজ্ঞানীজনক বিজ্ঞানৰ সৰ্বোচ্চ সন্মান নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। এই বিজ্ঞানী জনেই হ'ল চাৰ চন্দ্ৰশেখৰ ভেংকট ৰমণ। বৰ্তমান চাৰ চি ভি ৰমণৰ এই আৱিষ্কাৰক আমি সকলোৱে "ৰমণ প্ৰভাৱ" বা Raman Effect বুলি জানো। আজিৰ দিনটোত চাৰ চি ভি ৰমণৰ Raman Effect প্ৰকাশিত হোৱাৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষত 28 ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাবে পালন কৰাৰ বাবে 1986 চনত National Council for Science and Technology Communicationএ Union Governmentক আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি দি ভাৰতবৰ্ষত বিগত 2000 চনৰ পৰা 28 ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাবে পালন কৰি অহা হৈছে। তেতিয়াৰ পৰাই প্ৰতি বছৰে একোটাকৈ উদ্দেশ্য লৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰি অহা হৈছে। 2016 বৰ্ষৰ বাবেও নিৰ্বাচিত হৈছে এটা কেন্দ্ৰীয় মত বা উদ্দেশ্য। এই বছৰটোত ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল উদ্দেশ্য হৈছে To Raise Public Appreciation On Scientific Issues For The Development Of Nation.

সঁচাকৈয়ে আছেনে এখন অন্ধকাৰ জগত ?



অন্ধকাৰ বিষয়টো মূলতঃ আপেক্ষিক। মানুহৰ বা অন্যান্য প্ৰাণীৰ বাবে অন্ধকাৰ হ'ল দৃশ্যমান আলোক তৰঙ্গ বা 1.8→ 3.1 eV শক্তিৰ ফ'টন কণাৰ অনুপস্থিতি। এই অন্ধকাৰ কিন্তু সকলো প্রাণীৰ সাপেক্ষে একে নহয়। বহুতো প্রাণী বিশেষকৈ, কীট-পতঙ্গ আদিয়ে মানুহৰ বাবে অদৃশ্য অতি বেগুনীয়া অথবা কিছু পৰিমাণে IR ray বা অৱলোহিত ৰশ্মিৰ উপস্থিতিত দেখা পায়। অৰ্থাৎ আপোনাৰ বা মোৰ বাবে যিটো অৱস্থাক আমি অন্ধকাৰ বোলো সেই অন্ধকাৰ আন কিছুমান প্ৰাণীৰ বাবে এক অৰ্থহীন বিষয়। সেয়েহে অন্ধকাৰ শব্দটোৰ প্ৰকৃত ব্যাখ্যা দিয়াটো অসম্ভৱ। সাধাৰণ ভাবে আমি পোহৰৰ সম্পূৰ্ণ অনুপস্থিতিকেই অন্ধকাৰ বোলো। সেয়েহে অন্ধকাৰৰ বিষয়ে আলোচনা কৰিলে প্ৰকৃততে আমি পোহৰৰ অভাবটোৱেই আলোচনাৰ মেজলৈ আনো। পিছে, পোহৰ নো কি ? বিজ্ঞানৰ বিশ্লেষণ মতে পোহৰ এবিধ তৰঙ্গ, যিয়ে শূণ্যস্থানৰ মাজেৰে ছেকেণ্ডত ৩০০০০০০০০ মিঃ পথ অতিক্ৰম কৰিব পাৰে। আনহাতে অন্ধকাৰ হ'ল ইয়াৰ ঠিক বিপৰীত। গতিশীল পোহৰৰ কণিকা বা ফ'টন যি স্থানলৈ গৈ পোৱা নাই সেই স্থানেই হ'ল অন্ধকাৰ। এখন প্ৰকৃত অন্ধকাৰ জগতত কেবল দৃশ্যমান আলোক কণাই নহয় ,অন্যান্য ৰশ্মি যেনে, গামা ৰশ্মি, ইনফ্রাৰেড ৰশ্মি, অতি বেঙুনীয়া ৰশ্মি আদিও থাকিব নেলাগিব। কিয়নো মানুহৰ বাবে অদৃশ্য হ'লেও এইবোৰ ৰশ্মিৰ উপস্থিতিত সেই জগত খন আন বহুতো প্ৰাণীৰ বাবে সদায়েই আলোকময়।

Wednesday 24 February 2016

সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড বা অনন্ত কৌটি ব্ৰহ্মাণ্ড


আমি যিখন বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে অৱগত সেইখনেই একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নেকি ? বিংশ শতাব্দীৰ শেষৰ পিনে বিজ্ঞানৰ জগতখনত এই প্ৰশ্নটোৱে বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহকো জোকাৰি গৈছিল। সাধাৰণ দৃষ্টিত প্ৰশ্নটো বিস্ময়কৰ আৰু অবান্তৰ যেন লাগিলেও বিজ্ঞানী সকলে বিষয়টো গুৰুত্ব সহকাৰে লৈ গৱেষণা অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে আহৰণ কৰা তথ্য অনুসৰি "বহুবিশ্ব" বা সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ সম্ভাৱনাটো প্ৰকট হৈ পৰিছে। শেহতীয়াকৈ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্বন্ধে জনপ্ৰিয় হৈ উঠা "স্ট্ৰিং থিয়ৰি" অনুসৰি আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখন একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নহয়। এই বিশ্বব্ৰহ্মাণ্ডখনৰ উপৰিও আছে অনন্ত কৌটি বিশ্বব্ৰহ্মাণ্ড। স্ট্ৰিং থিয়ৰিৰ এজন প্ৰবক্তা হ'ল জাপানীজ বংশোদ্ভুত আমেৰিকান পদার্থ বিজ্ঞানী মিচিঅ কাকু। তেখেতৰ দ্বাৰা ৰচিত "Parallel Universe' নামৰ গ্ৰন্থখনত এনে ধাৰণাৰ সবিশেষ তথ্য পোৱা যায়। বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি আজিৰ পৰা 1370 কোটি বছৰ আগতে এটা ক্ষুদ্ৰ আদিম বিন্দুৰ পৰাই বিগ বেং নামৰ প্রচণ্ড এক বিস্ফোৰণৰ মাধ্যমত জন্ম হৈছিল আমাৰ এই দৃশ্যমান মহাবিশ্ব। পিছে বিগ বেঙৰ আগত কি আছিল - এই প্ৰশ্নৰ উত্তৰ বিগ বেং তত্বই দিব নোৱাৰে। বিগ বেঙৰ এই দুৰ্বলতাৰ বাবেই এচাম বিজ্ঞানীয়ে বিগ বেং এটা স্বয়ং সম্পূৰ্ণ তত্ব নহয় বুলি ক'ব খোজে। এই দুৰ্বলতাৰ আলম লৈয়ে স্ট্ৰিং থিয়ৰিয়ে গা কৰি উঠে। বস্তু এটা যেতিয়া কোনো ব্ল্যাক হোলৰ মাজৰ সিঙ্গুলাৰিটি নামৰ সেই বিশেষ স্থানৰ ভিতৰত গৈ পৰে তেতিয়া বস্তুটো অতি সংকুচিত হৈ এটা বিন্দুত হেৰাই যায়। কিন্তু বস্তুটো হেৰাই যায় ক'ত ? বিজ্ঞানীসকলৰ মতে ব্লেক হোলৰ বিপৰীত প্রান্তত "White Hole" বা শ্বেত গহ্বৰ নামৰ এটা পৰিঘটনা আছে। এই শ্বেত গহ্বৰত ঘটে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বিপৰীত ঘটনা। সেই স্থানত ব্লেক-হোলৰ হেৰাই যোৱা অতি সংকুচিত বস্তুটো পুনৰ প্রবল বেগে প্রসাৰিত হ'বলৈ আৰম্ভ কৰে। কিন্তু সেই ঘটনাটো ঘটে অন্য এক ডাইমেনশ্যন বা বিপৰীত ধৰণে। অৰ্থাৎ শ্বেত গহ্বৰত হয়তো ঘড়ীৰ কাটা ঘুৰে বিপৰীত দিশত ! যদিহে ব্লেক-হোলৰ বিপৰীত দিশৰ শ্বেত গহ্বৰত অতি সংকুচিত বস্তু এটা পুনৰ প্ৰচণ্ড বেগত প্ৰসাৰিত হয়, তেন্তে তাত্বিক দিশত এটা ব্লেক-হোলৰ সুৰঙ্গ পথৰ ঠিক বিপৰীত প্রান্তত আছে আমি সদায় আলোচনা কৰি অহা বিগ বেং নামৰ মহাবিস্ফোৰণটো ! ফলত আমি দেখিবলৈ পাইছো কেনেদৰে এটা বিন্দুৰ পৰা আৰম্ভ হোৱা প্রবল বিস্ফোৰণত জন্ম হৈছে আমাৰ এই মহাবিশ্ব। আৰু যদি সেয়াই হয়, তেনেহলে বিগ বেঙৰ আগতে কি আছিল সেই প্রশ্নৰ উত্তৰটোও সহজ হৈ পৰে। তেনে ক্ষেত্ৰত আমি স্বীকাৰ কৰিবই লাগিব যে বিগ বেঙৰ আগতেও আছিল আন এখন মহাবিশ্ব। বিগ বেঙৰ পিছৰ পৰা কেনেকৈ এটা ক্ষুদ্ৰ বিন্দুৰ প্ৰসাৰণ ঘটি এই বিশাল মহাবিশ্বৰ আকাৰ পালে ইয়াক লৈ ভিন্ন মতবাদ চলি আছে যদিও সর্বজন গ্রাহ্য তত্বটো হ'ল মহাক্রম প্রসাৰণ মহাবিশ্ব তত্ব। এই তত্বটো প্রথম আগবঢ়াইছিল পদার্থ বিজ্ঞানী এলেন গুথােই । এই তত্ব মতে মহাবিশ্ব সৃষ্টিৰ প্রথম এক ছেকেণ্ডৰ এশ কোটি ভাগ সময়ৰ ব্যৱধানতেই এক ৰহস্যময় অ্যান্টিগ্র্যাভিটি বলৰ ক্রিয়া আৰম্ভ হৈছিল আৰু এই বলৰ ক্রিয়াৰ ফলত আমি অনুমান কৰাতকৈও অধিক বেগত প্রসাৰিত হৈছিল নৱজাত বিশ্বব্ৰহ্মাণ্ড ! বিজ্ঞানী সকলৰ মতে আমাৰ পৰা বহু আঁতৰত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ এই বেগ পোহৰৰ বেগতকৈও বেছি। আমাৰ দৃষ্টিত ধৰা দিয়া বিশ্বব্ৰহ্মাণ্ডখন আচলতে বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ এটি ক্ষুদ্ৰ অংশ মাথোন। বিশালকায় ব্ৰহ্মাণ্ডৰ প্ৰতিটো ব্লেক-হোলৰ বিপৰীত প্ৰান্তত থকা White Hole বা শ্বেত গহ্বৰৰ মাজত সৃষ্টি হ'ব ধৰিছে একোখন নতুন বিশ্বব্ৰহ্মাণ্ড। অৰ্থাৎ ব্লেক-হোলৰ সিঙ্গুলাৰিটিত মৃত্যু হোৱা এখন বিশ্বব্ৰহ্মাণ্ডই ব্লেক-হোলৰ বিপৰীত প্ৰান্তৰ শ্বেত গহ্বৰত পুনৰ নতুন এখন বিশ্বব্ৰহ্মাণ্ড হিচাবে জন্ম হৈছে। বিজ্ঞানী সকলৰ ধাৰণা যদি সত্য হয়, তেন্তে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনেই একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নহয়। আমাৰ চৌপাশে আছে অনন্ত কৌটি ব্ৰহ্মাণ্ড !!!

Tuesday 23 February 2016

সৌৰজগতৰ গ্ৰহবোৰৰ জন্ম বৃত্তান্ত


বিজ্ঞানী সকলৰ মতে সৌৰজগতৰ সূৰ্যক সৃষ্টি কৰা মহাজাগতিক ধুলিকণাৰ ঘূৰ্ণীয়মান থালখনত থকা একেবোৰ পদাৰ্থৰ পৰাই গ্ৰহবোৰ সৃষ্টি হৈছে। বিজ্ঞানৰ ভাষাত এই থালখনক সৌৰ নেবুলা বা Solar Nebula বোলা হয়। মূলতঃ সৌৰ নেবুলা হাইড্ৰজেন আৰু হিলিয়ামৰ দ্বাৰা গঠিত যদিও অতি কম মাত্রাত অন্যান্য কেতবোৰ মৌলও থাকে। এই সৌৰ নেবুলাটো নতুনকৈ সৃষ্টি হোৱা সূৰ্যৰ চৌদিশে যেতিয়া ঘূৰ্ণীয়মান অৱস্থাত আছিল তেতিয়া ই এক কৌণিক ভৰবেগ বা Angular momentum লাভ কৰিছিল। ফলস্বৰূপে ঘূৰ্ণীয়মান এই থালখনত থকা বিভিন্ন পদাৰ্থকণাবোৰে পৰস্পৰৰ লগত সংঘৰ্ষত লিপ্ত হৈছিল। সংঘৰ্ষত পতিত হোৱা এনে পদাৰ্থকণাবোৰ মহাকৰ্ষণিক আকৰ্ষণৰ দ্বাৰা পৰস্পৰৰ লগত সংযোজিত হৈ ক্ৰমান্বয়ে আকৃতিত ডাঙৰ হ'বলৈ ধৰে। কেইবা মিলিয়ন বছৰ ধৰি এনেদৰে পদাৰ্থকণাৰ সংযোজন প্ৰক্ৰিয়া চলি থকাৰ ফলত আদিম সৌৰজগতত বিজ্ঞানী সকলৰ মতে 109 টা ক্ষুদ্ৰ গ্ৰহানু সদৃশ কিছুমান Planetesimals সৃষ্টি হৈছিল। এই ক্ষুদ্ৰ Planetesimals বোৰৰ ব্যাস 700 মিটাৰৰ পৰা 1 কিমি মানহে আছিল। পৰবৰ্তী সময়ত এই planetesimals বোৰে পৰস্পৰৰ লগত সংঘৰ্ষৰ দ্বাৰা মিলিত হৈ আমাৰ জোনবাইৰ সমান আকৃতিৰ কেতবোৰ আদিম গ্ৰহ বা Protoplanet সৃষ্টি কৰিছিল। বিজ্ঞানত গ্ৰহ সৃষ্টিৰ বাবে এনেদৰে প্ৰয়োজনীয় পদাৰ্থ সংযোজিত হোৱাৰ এই ধাৰণাটোক Accretion বুলি কোৱা হয়। আদিম সূৰ্যৰ পৰা নিৰ্গত গেছবোৰে ইতিমধ্যে আদিম সৌৰজগতৰ উষ্ণতা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল। সৌৰজগতৰ আভ্যন্তৰত এই উষ্ণতা 2000 কেলভিন আৰু বহিৰ্ভাগৰ উষ্ণতা 50 কেলভিন হৈছিল। যিহেতু সৌৰজগতৰ আভ্যন্তৰত উষ্ণতা যথেষ্ট বেছি আছিল, সেয়ে কেবল অধিক গলনাংকৰ পদাৰ্থকণা যেনে লো, এলুমিনিয়াম, ছিলিকন, মেগনেছিয়াম, ছালফাৰ আদি বোৰহে গোটা অৱস্থাত আছিল। অন্যান্য পদাৰ্থবোৰ বাস্পীভূত হৈ আঁতৰি গৈছিল। ইয়াৰ ফলত সৌৰজগতৰ আভ্যন্তৰীণ গ্ৰহবোৰ যেনে বুধ, শুক্ৰ, পৃথিৱী, মংগল আদি গ্ৰহবোৰ শিলাময় বা কঠিন। বাস্পীভূত হৈ বেছিভাগ পদাৰ্থই সৌৰজগতৰ আভ্যন্তৰৰ পৰা আঁতৰি যোৱা বাবে এই গ্ৰহবোৰ আকৃতিত সৰু। আনহাতে সৌৰজগতৰ বহিৰ্ভাগৰ উষ্ণতা কম হোৱা বাবে মিথেন, নাইট্ৰজেন, হাইড্ৰজেন আৰু হিলিয়াম আদি গেছীয় পদাৰ্থবোৰ আপেক্ষিক ভাবে কঠিন অৱস্থা প্ৰাপ্ত হৈ মহাকৰ্ষণিক আকৰ্ষণৰ দ্বাৰা বান্ধ খাই পৰিছিল আৰু গেছীয় গ্ৰহ সমূহ যেনে বৃহস্পতি, শনি, ইউৰেনাছ আদি গ্ৰহবোৰ সৃষ্টি কৰিছিল।

Saturday 20 February 2016

মেৰুপ্ৰভা: প্ৰাকৃতিক পোহৰৰ মেলা


পৃথিৱীৰ মেৰু অঞ্চলৰ আকাশত মাজনিশাৰ পৰা পুৱতি নিশালৈ সৌন্দৰ্যৰ অপৰূপ দৃশ্যই অগণন লোকক সন্মোহিত কৰি ৰাখে। মেৰু দেশৰ নিশাৰ আকাশত পোহৰৰ মেলা বহে। বৰ্ণিল পোহৰৰ এই মেলা চাবলৈ অগণন লোকে পাৰ কৰে উজাগৰী নিশা। পিছে, এই মেৰুপ্ৰভা নো কি ? মেৰুপ্ৰভা বা 'Aurora' মেৰু দেশৰ আকাশত দেখা ঈষৎ হালধীয়া, বেঙুনীয়া আৰু সেউজীয়া বৰণৰ পোহৰৰ মায়াময় এক প্ৰাকৃতিক পৰিঘটনা। উত্তৰ মেৰুত এনে পোহৰৰ মেলাক 'Aurora borealis' আৰু দক্ষিণ মেৰুত 'Aurora australis' বোলা হয়। সূৰ্যৰ পৃষ্ঠভাগৰ উষ্ণতা প্ৰায় 6000 ডিগ্ৰী চেলছিয়াচ। এই উষ্ণতাত সূৰ্য পৃষ্ঠৰ গেছীয় পদাৰ্থবোৰ আয়নিত হয় আৰু প্ৰচণ্ড বিষ্ফোৰণৰ জৰিয়তে এই আয়নিত কণাবোৰ সৌৰজগতৰ চৌদিশে বিস্তাৰিত হৈ পৰে। পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই এনে আয়নিত পদাৰ্থ কণাবোৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰাত বাধা দিয়ে যদিও মেৰু অঞ্চলত এই চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হোৱা বাবে সূৰ্যৰ পৰা অহা এনে আয়নিত কণাবোৰ মেৰু অঞ্চলৰ বায়ুমণ্ডলত প্ৰবেশ কৰে। সূৰ্যৰ পৰা নিৰ্গত হোৱা এনে আয়নিত পদাৰ্থকণা বোৰ তড়িৎ বেগেৰে আহি যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰে, তেতিয়া এই কণাবোৰে বায়ুমণ্ডলত থকা অক্সিজেন আৰু নাইট্ৰজেনৰ লগত সংঘৰ্ষত লিপ্ত হয়। ভূপৃষ্ঠৰ পৰা প্ৰায় 90 কিমি উচ্চতাৰ অক্সিজেনৰ লগত সংঘৰ্ষৰ ফলত হালধীয়া-সেউজীয়া বৰণৰ মেৰুপ্ৰভা আৰু প্ৰায় 450 কিমি উচ্চতাৰ অতি পাতল অক্সিজেনৰ লগত সংঘৰ্ষৰ ফলত বেঙুনীয়া-ৰঙা বৰণৰ মেৰুপ্ৰভা সৃষ্টি হয়। মেৰুপ্ৰভা যদিও এক নিয়মীয়া পৰিঘটনা, বিজ্ঞানী সকলৰ মতে প্ৰতি 11 বছৰৰ মুৰত মেৰুপ্ৰভা অধিক পৰিস্কাৰ কৈ দেখা পোৱা যায়।

Thursday 18 February 2016

বিজ্ঞানী লুই পেষ্ট'ৰ


ফ্ৰান্সৰ পূৱ দিশৰ পাহাৰীয়া অঞ্চলৰ ড’লে নামৰ এখন গাঁৱৰ এটা বৰ দৰিদ্ৰ পৰিয়াল। পৰিয়ালটোৰ সদস্য সকলে মৃত জন্তুৰ দেহৰ পৰা আলফুলে ছালখন চোকা অস্ত্ৰৰে আঁতৰাই আনি ৰ'দত শুকুৱাই বিক্ৰী কৰি তাৰ পৰা আহৰণ কৰা ধনেৰে কোনোমতে জীৱন নিৰ্বাহ কৰিছিল। এই দৰিদ্ৰ পৰিয়ালটোতেই 1822 চনৰ 27 ডিচেম্বৰত এটি পুত্ৰ সন্তানৰ জন্ম হয়। দৰিদ্ৰ পৰিয়ালত জন্ম লোৱা এই বিস্ময় বালকজনেই পিছলৈ এজন মহান বিজ্ঞানী হিচাবে প্ৰতিষ্ঠা লাভ কৰে। পৰিয়ালটোৰ নয়নমনি কনমানি লৰাজনৰ নাম ৰখা হ'ল লুই। সম্পূৰ্ণ নাম-লুই পেষ্ট’ৰ। সৰুৰে পৰাই বালক লুই পেষ্ট’ৰৰ ৰাপ আছিল চিত্ৰাংকণত। কালক্ৰমত মধ্যমীয়া প্ৰতিভাৰ ল’ৰাজনে স্কুলীয়া শিক্ষা সাং কৰি 1840 চনত ক’লা বিষয়ত স্নাতক আৰু 1842 চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। 1847 চনত পেৰিচৰ এক শিক্ষানুষ্ঠানৰ পৰা ডক্টৰেট সন্মানেৰে বিভূষিত হোৱাৰ পিছত লুই পেষ্ট'ৰে পদাৰ্থবিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়ত অধ্যাপনা আৰম্ভ কৰে। অধ্যাপনাৰ লগে লগে তেওঁ ৰসায়ন বিজ্ঞানৰ গৱেষনাতো মনোনিবেশ কৰিবলৈ ধৰে। ইতিমধ্যে লুই পেষ্ট'ৰৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ তিনিটি সন্তান টায়ফয়েড ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। ব্যাথিত পেষ্ট'ৰে কিন্তু হতাশাত ভাঙি নপৰি টায়ফয়েড ৰোগৰ নিৰাময়ৰ বাবে কিবা এটা কৰাৰ সংকল্প লৈ গবেষণাত মনোনিবেশ কৰিলে। গৱেষণাৰ অন্তত পেষ্টু’ৰে প্ৰকাশ কৰে যে বেচি ভাগ ৰোগৰ কাৰণ হ’ল বেক্টেৰিয়া আৰু এই বেক্টেৰিয়াবোৰ নাশ কৰিব পাৰিলেই ৰোগৰ পৰা উদ্ধাৰ পাব পাৰি ৷ বৰ্তমান আমি সকলোৱে পেষ্ট'ৰৰ এই তত্বক Germ Theory বুলি জানো। একাণপতিয়া গবেষণাৰ অন্তত তেওঁ আৱিষ্কাৰ কৰি উলিয়াই কলেৰাৰ প্ৰতিষেধক। তেওঁৰ অন্যতম আৱিষ্কাৰ হ'ল পগলা কুকুৰৰ কামোৰত হোৱা জলাতংক ৰোগৰ প্ৰতিষেধক। 1885 চনত জোচেফ মেইষ্টাৰ নামৰ 9 বছৰীয়া কিশোৰ এজনক 6 জুলাইৰ দিনাখন ৰেবিজ বা জলাতংক ৰোগৰ প্ৰতিষেধক বেজী প্ৰদান কৰি জোচেফৰ প্ৰাণ ৰক্ষা কৰে। ইয়াৰ পিছতেই লুই পেষ্টু’ৰৰ নাম জগতত জনাজাত হৈ পৰে। পেষ্টু’ৰে ইয়াৰ পিছতো গবেষণাৰ চলাই গ'ল আৰু এদিন সৰু আই আৰু যক্ষ্মা ৰোগৰ ভেকচিনো আৱিষ্কাৰ কৰি উলিয়ায়। পিছলৈ তেওঁ পেষ্টুৰাইজেচন নামৰ এটি খাদ্য বস্তু সংৰক্ষণৰ ব্যৱস্থাও উদ্ভাৱন কৰে। 1895 চনৰ 28 চেপ্তেম্বৰত এইজনা মহান বিজ্ঞানীৰ দেহাবসান ঘটে। মানুহৰ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিজ্ঞানী লুই পেষ্ট'ৰ সমগ্ৰ মানব জাতিৰ বাবে চিৰ নমস্য হৈ ৰ'ব।

বিজ্ঞানী গেলিলিওলৈ ওপজা দিনৰ শ্ৰদ্ধাৰে


1564 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ।আজিৰ পৰা 452 বছৰ আগৰ কথা। স্থান পিছা, ইটালী। সংগীতজ্ঞ ভিনচেনঞ্জোৰ ঘৰত এটি পুত্ৰ সন্তান জন্ম হয়। একলা-দুকলাকৈ বাঢ়ি অহা মৰমৰ পুত্ৰ গেলিলিও পিতৃ আৰু তেওঁৰ ডাঙৰ ককায়েকৰ দৰেই সংগীতৰ প্ৰতি আসক্ত হৈ পৰিল আৰু আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ লগতে সংগীতময় ঘৰুৱা পৰিবেশত থাকি সুন্দৰ কৈ Lute নামৰ এবিধ বিশেষ Chordophone জাতীয় বাদ্য যন্ত্ৰ বজাবলৈ পৰা হ'ল। সময় উলিয়াই প্ৰায়েই দেউতাক আৰু ককায়েকৰ সৈতে সংগীতৰ আখৰা বা বিভিন্ন অনুষ্ঠানত বাদ্য যন্ত্ৰ সংগত কৰি গেলিলিওৱে ভাল পাইছিল। স্কুলীয়া শিক্ষা সাং কৰি 1581 চনত 17 বছৰীয়া গেলিলিও গ'ল পিছা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান পঢ়াৰ বাবে। কিন্তু চিকিৎসা বিজ্ঞানে তেওঁক আমুৱালে। কিছুদিন পিছত চিকিৎসা বিজ্ঞান এৰি একেখন বিশ্ববিদ্যালয়ত তেওঁ অংকশাস্ত্ৰ পঢ়িবলৈ লয়। 1583 চনত ছাত্ৰাৱস্থাতেই তেওঁ গীৰ্জাৰ দুলি থকা লণ্ঠন এটা দেখি আৱিষ্কাৰ কৰে সৰল দোলকৰ গতিৰ নিয়ম। 1589ত তেওঁ পিছা বিশ্ববিদ্যালয়ৰ অংকৰ প্ৰফেচৰ হিচাবে নিযুক্তি লাভ কৰাৰ পিছত 1608 চনত তেখেতে পিছাৰ হেলনীয়া স্তম্ভৰ বিখ্যাত পৰীক্ষালানি কৰি আৱিষ্কাৰ কৰে Laws of Falling Bodies. তেখেতে এই তথ্য সমূহ 1610 চনত লিখিত হিচাবে প্ৰকাশ কৰে। একে সময়তেই তেখেতৰ কাণত পৰিল যে হলেণ্ডত দূৰবীন যন্ত্ৰ আৱিষ্কাৰ হৈছে। এই কথাটোৱে গেলিলিওক নিজাকৈ এটি অধিক কাৰ্যক্ষম দূৰবীন সাজিবলৈ অনুপ্ৰাণিত কৰে আৰু তেখেতে নিজে সজা শক্তিশালী দূৰবীনেৰে জোনবাইৰ সমতল ভূমি, পৰ্বত, সৌৰকলংক, শুক্ৰ গ্ৰহৰ দশা, বৃহস্পতি আৰু ইয়াৰ চাৰিটা উপগ্ৰহ ইউৰোপা, ইও, কেলিষ্টো আৰু গেনিমেড আৱিষ্কাৰ কৰে। তেখেতে এই সকলো তথ্য সামৰি "The Starry Messenger" নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায় আৰু গ্ৰন্থ খন প্ৰকাশ হোৱাৰ লগে লগে গেলিলিওৰ জনপ্ৰিয়তাই চূড়ান্ত শিখৰ পায়। কিন্তু প্ৰচলিত ধৰ্মীয় বিশ্বাসত আঘাত হনাৰ দোহাই দি ৰোমান কেথোলিক গীৰ্জা কৰ্তৃপক্ষই এই তথ্য সমূহৰ বিৰোধিতা কৰে। গেলিলিওৱে এইবোৰলৈ ভ্ৰূক্ষেপ নকৰি নিজৰ কাম কৰি যোৱাৰ সিদ্ধান্ত ল'লে। তেখেতে গীৰ্জাৰ কৰ্তৃপক্ষক দূৰবীন যন্ত্ৰৰে আকাশ দৰ্শন কৰি নিজৰ স্থিতি সলনি কৰাৰ আহ্বানো জনালে। গীৰ্জাই তেওঁৰ আহ্বান গ্ৰহন নকৰিলে আৰু দুয়োপক্ষৰ মাজত এখন শীতল যুজ চলি থাকিল। ইতিমধ্যে বিজ্ঞানী কপাৰনিকাচ যেতিয়া মৃত্যুশয্যাত, কপাৰনিকাচৰ শিষ্যসকলে তেখেতৰ সৌৰকেন্দ্ৰিক সৌৰজগতৰ তত্ব প্ৰকাশ কৰি উলিয়ায়। 1614 চনত গেলিলিওৱে এই তত্বক সঁচা বুলি কৈ পুনৰ গীৰ্জাৰ ৰোষত পৰে। গীৰ্জাৰ গোচৰৰ ভিত্তিত বিচাৰ কৰি গেলিলিওক ভৱিষ্যতে এনে ধৰ্ম বিদ্বেষী তথ্য প্ৰচাৰ নকৰিবলৈ সাবধান কৰি দিয়া হ'ল। 1632 চনত গেলিলিওৱে দুজন মানুহৰ কথোপকথনৰ কাল্পনিক চৰিত্ৰ সৃষ্টি কৰি কপাৰনিকাচৰ সৌৰকেন্দ্ৰিক সৌৰজগতৰ যুক্তিযুক্ততা প্ৰমাণ কৰিবলৈ লিখি উলিয়ালে 'Dialogue Concerning the Two Chief World Systems' নামৰ বিশেষ গ্ৰন্থখন। এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে হৈ ছৈ লাগি গ'ল। এইবাৰ গেলিলিওক বিচাৰৰ বাবে ৰোমলৈ মাতি পঠিওৱা হ'ল। বিচাৰত গেলিলিওক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ড বিহাৰ লগতে 'Dialogue Concerning the Two Chief World Systems' গ্ৰন্থৰ কথাবোৰ মিছা বুলি ক'বলৈ দিয়া হ'ল। গেলিলিওৱে অৱশ্যে কথাটো মানি লোৱা নাছিল। সেয়েহে তেখেতৰ শাস্তিৰ ম্যাদো নকমিল। বন্দীত্বৰ শেষৰ পিনে তেওঁক গৃহ বন্দী হিচাবে ৰখাৰ সিদ্ধান্ত লোৱা হয়। 1638 চনত তেখেতে দৃষ্টিশক্তী হেৰুৱাই অন্ধ হৈ পৰে। বন্দী জীৱনৰ সময়চোৱাতো তেখেতে বৈজ্ঞানিক তথ্যবোৰ লিখি যোৱাৰ উপৰিও থাৰ্মমিটাৰ তৈয়াৰ কৰা কামত ব্ৰতী হৈছিল। 1641 চনৰ পৰা গেলিলিও ক্ৰমে অসুস্থ হৈ পৰে। হৃদযন্ত্ৰৰ অসুস্থতাই তেখেতক বৰ কষ্ট দিছিল। 1641 চনৰ ডিচেম্বৰ মাহত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। জ্বৰ আৰু হৃদযন্ত্ৰৰ বিকাৰত ভোগা এই মহান বিজ্ঞানীজনে 1642 চনৰ 8 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে।

Friday 12 February 2016

মহাকৰ্ষণ তৰংগ



বিগত দুটা দিনত বিজ্ঞান জগতত তুমুল আলোড়ন সৃষ্টিকাৰী বিষয়টো হ'ল মহাকৰ্ষণ তৰংগ। বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে তেখেতৰ সাধাৰণ আপেক্ষিকতাবাদত উল্লেখ কৰি যোৱা মহাকৰ্ষণ তৰংগ শেহতীয়াকৈ US Observatoryৰ লগত জড়িত বিজ্ঞানী সকলে বিচাৰি পোৱা বুলি ঘোষণা কৰিছে। পিছে আমাৰ মনলৈ প্ৰথমেই অহা প্ৰশ্নটো হ'ল- মহাকৰ্ষণ তৰংগনো কি ? বিশ্বব্ৰহ্মাণ্ডৰ কোনো অজানতিমুলুকত সংঘটিত হোৱা প্ৰলয়ংকাৰী পৰিঘটনা সমূহৰ বাতৰি কঢ়িয়াই অনা তথা বিজ্ঞান জগতত সততে আলোচ্য "স্থান-কাল"ক প্ৰভাৱিত কৰিব পৰা অতি ক্ষীণ কেতবোৰ কম্পনকেই সাধাৰণ ভাবে আমি মহাকৰ্ষণ তৰংগ বা Gravitational Wave বুলি ক'ব পাৰো। উদাহৰণ স্বৰূপে, প্ৰায় 1.3 বিলিয়ন আলোকবৰ্ষ আঁতৰত দুটা ব্লেক-হোলৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ সেই স্থানত যি প্ৰলয়ংকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰভাৱত বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে প্ৰসাৰিত হৈ পৰিছে কেতবোৰ তৰংগ। তেনে কিছুমান ক্ষীণ তৰংগ প্ৰলয়ৰ বাৰ্তা লৈ আমাৰ সৌৰজগত বা পৃথিৱীলৈও আহে। আমাৰ সমস্যা হ'ল এইটোৱেই যে আমি সেইবোৰ ধৰা পেলাব পৰা নাই অথবা সেই ক্ষীণ তৰংগবোৰৰ ভাষা বুজি পোৱা নাই। কিন্তু বৰ্তমান বিজ্ঞানী সকলে তেনে পৰিঘটনাৰ বাতৰি কঢ়িয়াই অনা মহাকৰ্ষণ তৰংগ US Observatoryত ধৰা পেলোৱা বুলি দাবী কৰিছে। যেতিয়া দুটা অধিক ভৰ যুক্ত পদাৰ্থৰ ত্বৰণ হয়, যেনে দুটা নিকটবৰ্তী ব্লেক-হোল পৰস্পৰৰ আকৰ্ষণৰ ফলত এটাই আনটোৰ চৌদিশে ঘূৰিবলৈ লয়, তেতিয়াই ঘূৰ্ণীয়মান ব্লেক-হোল দুটাই বক্ৰ স্থান-কালৰ মাধ্যমেৰে বিশ্বব্ৰহ্মাণ্ডৰ চৌপাশে কেতবোৰ তৰংগ প্ৰেৰণ কৰে। পদাৰ্থবোৰৰ ভৰ যিমানেই বেছি হয় পদাৰ্থবোৰে প্ৰেৰণ কৰা তৰংগবোৰ সিমানেই শক্তিশালী হয় আৰু তেনে শক্তিশালী তৰংগ ধৰা পেলাবলৈও সহজ হয়। মহাকৰ্ষণ তৰংগবোৰ বিশ্বব্ৰহ্মাণ্ডৰ সকলো স্থানলৈ কোনো হৰন-ভগন নোহোৱাকৈ প্ৰসাৰিত হ'ব পাৰে কিয়নো মহাকৰ্ষণ তৰংগ মহাজাগতিক পদাৰ্থৰ দ্বাৰা বাধা প্ৰাপ্ত নহয়। যদিহে বিজ্ঞানী সকলে দাবী কৰাৰ দৰে মহাকৰ্ষণ তৰংগ সঁচাকৈয়ে ধৰা পৰিছে তেন্তে ই নিশ্চিত ভাবে এক যুগান্তকাৰী আৱিষ্কাৰ হ'ব কাৰণ এই আৱিষ্কাৰে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদক নতুন ৰূপেৰে সজাই তুলিব। মহাকৰ্ষণ তৰংগই সহজ কৰি তুলিব বিশ্বব্ৰহ্মাণ্ডত মহাজাগতিক পদাৰ্থসমূহ যেনে নক্ষত্ৰ, তাৰকামণ্ডল সমূহৰ মাজৰ দূৰত্ব নিৰ্ধাৰণ পদ্ধতি। বৰ্তমানলৈকে ব্লেক-হোল সমূহ বিজ্ঞানৰ আলোচ্য বিষয়বস্তু। কিন্তু ব্লেক-হোলৰ উপস্থিতি এতিয়াও সন্দেহৰ আবৰ্তত। সবাতোকৈ উল্লেখযোগ্য এইটো যে মহাকৰ্ষণ তৰংগৰ আৱিষ্কাৰ যদি সঁচা হয়, তেন্তে ব্লেক-হোলৰ উপস্থিতি সম্বন্ধে আৰু কোনো সন্দেহৰ অৱকাশ নেথাকিব। আমি যদিও ব্লেক-হোল কেতিয়াও চকুৰে দেখা নেপাও, মহাকৰ্ষণ তৰংগই আমাৰ চকুত আঁকি দিবহি বিশ্বব্ৰহ্মাণ্ডৰ কোনোবা এঠাইত সংগোপনে ৰৈ থকা ব্লেক-হোলবোৰৰ ছবি।

নিউজিলেণ্ডৰ বিস্ময়কৰ শিলবোৰ


নিউজিলেণ্ডৰ Koekohe সাগৰ তীৰৰ থিয় হৈ যেনিয়ে চায় দেখা পোৱা যায় অগণন ঘূৰণীয়া শিল, যেন কোনোবা সুনিপুণত শিল্পীয়ে সাজি থৈ গৈছে অপূৰ্ব ভাষ্কৰ্য। পাহাৰৰ ঢালৰ পৰা সাগৰৰ পানীৰ যুৱলিলৈ সিঁচৰতি হৈ পৰি আছে একোটা প্ৰকাণ্ড ঘূৰণীয়া শিল। স্থানীয় বাসিন্দা সকলৰ মাজৰ প্ৰচলিত বিশ্বাস অনুসৰি এইবোৰ হেজাৰ বছৰ পুৰণি কোনো সাগৰীয় ড্ৰেগনৰ কণী। বৈজ্ঞানিক সত্যতা নথকা এনে বিশ্বাসৰ পৰিধি অতিক্ৰম কৰি আজি সমগ্ৰ বিশ্বৰ মানুহৰ মনত কেতবোৰ প্ৰশ্নই দোলা দি গৈছে: ক'ৰ পৰা বা কেনেকৈ আহিল এই ঘূৰণীয়া শিলবোৰ ? এই শিলবোৰৰ ব্যাস 1 মিটাৰৰ পৰা 2.2 মিটাৰ পৰ্যন্ত আৰু ওজন সৰ্বোচ্চ 20 টন ! X-ray Crystallography পদ্ধতিৰ সহায়ত বৈজ্ঞানিক সকলে এই বিশেষ শিলবোৰৰ গঠন পৰীক্ষা কৰি নিশ্চিত হৈছে যে শিলবোৰ ঘাইকৈ সাগৰীয় বোকা, মিহি বালি, পলস, ড'লোমাইট, কোৱাৰ্টজ আৰু কেলচাইট নামৰ এবিধ খনিজ পদাৰ্থৰে তৈয়াৰী। বেছিভাগ শিলৰ আভ্যন্তৰ আচৰ্যকৰ ভাবে ফোপোলা। শিলবোৰৰ গাত কিছুমান বিশেষ ধৰণৰ সাঁচ দেখা যায় যিবোৰক Septaria বোলা হয়। নিউজিলেণ্ডৰ সাগৰ তীৰৰ এই শিলবোৰ প্ৰকৃতিৰ এক বিস্ময়।

Tuesday 9 February 2016

পৰ্যাবৃত্ত তালিকাৰ জনক: ডেমিট্ৰি মেণ্ডেলিভ


ছোভিয়েট ৰাছিয়াৰ ছাইবেৰিয়া প্ৰদেশত এজন শিক্ষকৰ ঘৰত 1834 চনৰ 8 ফেব্ৰুৱাৰীত এটি দেৱ শিশুৰ জন্ম হয়। পিতৃ-মাতৃয়ে মৰমতে নাম ৰাখিলে ডেমিট্ৰি। ডেমিট্ৰি মেণ্ডেলিভ। ঘৰৰ ওচৰৰে বিদ্যালয় এখনত মেণ্ডেলিভে আৰম্ভ কৰিলে আনুষ্ঠানিক শিক্ষা। দিনবোৰ ভালেই পাৰ হৈছিল। দেউতাকৰ এটা গ্লাছ ফেক্টৰীও আছিল। পিছে ব্যৱসায় বৰ ভাল নোহোৱা বাবে দেউতাকে ফেক্টৰীটো বন্ধ কৰাৰ সিদ্ধান্ত ল'লে। নিয়তিয়ে যেন কিবা এটা কুটিল হাঁহি মাৰিলে- কিছুদিনৰ পিছতেই ডেমিট্ৰিৰ পিতৃ এটা দুৰ্ঘটনাত পতিত হৈ অন্ধ হৈ পৰিল। শিক্ষকতাৰ চাকৰিটোও তেওঁ এৰিব লগা হ'ল। ঘৰখনলৈ যেন অন্ধকাৰ নামি আহিল। সতি সন্তানেৰে ভৰা ডাঙৰ পৰিয়ালটো ভৰণ পোষণ দিয়াত সমস্যা সৃষ্টি হ'ল। এনে এক দুৰ্যোগৰ সময়তেই এদিন ডেমিট্ৰিৰ পিতৃৰ মৃত্যু হয়। ডেমিট্ৰি তেতিয়া মাত্ৰ 13 বছৰীয়া। দেউতাকৰ মৃত্যুৰ পিছত ডেমিট্ৰিৰ মাতৃয়ে পুৰণি গ্লাছৰ ফেক্টৰীটো পুনৰ আৰম্ভ কৰিলে। ফেক্টৰীৰ সীমিত উপাৰ্জনেৰে পৰিয়ালটো যেনে তেনে চলি আছিল। পিছে বিধিয়ে দিলেও বিধাতাই নিদিয়ে। দুবছৰ পিছত ফেক্টৰীটোত জুই লাগি সম্পূৰ্ণ ছাঁই হৈ গ'ল। পৰিয়ালৰ মুৰত যেন সৰগ ভাগি পৰিল। উপায়হীন হৈ ডেমিট্ৰিৰ মাতৃয়ে আনৰ ঘৰত বনকৰা লিগিৰী হিচাবে থাকি ধন উপাৰ্জন কৰিব লগা হৈছিল। 16 বছৰীয়া ডেমিট্ৰি মেণ্ডেলিভে ইতিমধ্যে বহু কষ্ট আৰু অনাতনৰ মাজেৰে বিদ্যালয়ৰ শিক্ষা শেষ কৰি ঘৰৰ পৰা কিছু আঁতৰৰ ছেইন্ট পিটাৰবাৰ্গৰ কলেজত পঢ়িবলৈ গ'ল। 1855 চনত 21 বছৰীয়া ডেমিট্ৰি মেণ্ডেলিভে শিক্ষকতা আৰম্ভ কৰে। শিক্ষকতাৰ লগে লগে তেওঁ আগবঢ়াই নিছিল তেওঁৰ উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণা। 1856 চনত ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বৈজ্ঞানিক গৱেষণাত অধিক মনোনিৱেশ কৰে। 1859-1860 চনত তেওঁ জাৰ্মানীৰ হেইডেলবাৰ্গ বিশ্ববিদ্যালয়ত থকা সময়ত লগ পাইছিল প্ৰসিদ্ধ ৰসায়ন বিজ্ঞানী ৰবাৰ্ট বুনচেন আৰু গুস্তাভ' কিৰ্চফক। সেই বছৰতেই ডেমিট্ৰি মেণ্ডেলিভে আন্তৰাষ্ট্ৰীয় ৰসায়ন অধিবেশনত যোগদান কৰাৰ সুবিধা লাভ কৰে। এই অধিবেশনত যোগদান কৰাৰ পিছত তেওঁ মৌল সমূহৰ শ্ৰেণীবিভাজন কৰাৰ বাবে গৱেষণা আৰম্ভ কৰে। ইয়াৰ বাবে তেওঁ সেই সময়ত আৱিষ্কৃত 65 টা মৌলৰ নাম কেইখনমান কাৰ্ডত লিখি ল'লে। প্ৰতিখন কাৰ্ডত এটাকৈ মৌলৰ নামৰ লগত এই মৌলবোৰৰ পাৰমানবিক ভৰ আৰু বিভিন্ন ধৰ্মসমূহ লিখি কাৰ্ডবোৰ বিভিন্ন ধৰণে সজাই সেইবোৰ নিৰীক্ষণ কৰি থাকোতে গম পালে যে পাৰমানবিক ভৰৰ উৰ্ধক্ৰমত সজালে মৌলবোৰৰ ৰসায়নিক আৰু ভৌতিক গুণবোৰৰ পৰ্যায়ক্ৰমে পুণৰাবৃত্তি ঘটে। এয়া এক যুগান্তকাৰী আৱিষ্কাৰ। এই আৱিষ্কাৰৰ ফলত সহজ হৈ পৰিল ৰসায়ন বিজ্ঞানৰ অধ্যয়ন। মেণ্ডেলিভে আৱিষ্কাৰ কৰা এই তত্ব সমগ্ৰ বিশ্বত বন্দিত হ'ল। আজি আমি সকলোৱে মেণ্ডেলিভৰ দ্বাৰা সৃষ্ট এই তালিকাখনক মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বুলি জানো। বিজ্ঞানৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে বুজি পায় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ গুৰুত্ব। আজি তেওঁৰ জন্মদিনত আমাৰ হিয়াভৰা ওলগ আৰু আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ।

Thursday 4 February 2016

অসুস্থ নক্ষত্ৰ আৰু দুগৰাকী বিজ্ঞানী


ৰাতিৰ আকাশত দেখা অগণন তৰাবোৰৰ তিৰবিৰনিৰ মাজত যেতিয়া আমি আত্মবিভোৰ হৈ ৰও, তেতিয়া আকাশৰ অযুত তৰাৰ মাজত কোনোবা বৃদ্ধ তৰা এটিৰ মৃত্যুযন্ত্ৰণা অথবা কোনো অসুস্থ এটি তৰাৰ বেদনা সিক্ত মূহুৰ্তবোৰ আমাৰ দৰে সাধাৰণ আকাশ প্ৰিয় লোকৰ অগোচৰেই ৰৈ যায়। নক্ষত্ৰৰ অসুস্থতা স্বাভাৱিকতেই আমাৰ বাবে এটি আচহুৱা কথা। পিছে জন গুডৰিখ নামৰ এজন প্ৰতিবন্ধী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰে আকাশৰ নক্ষত্ৰৰ অসুস্থতা। তীব্ৰ জ্বৰত যেনেকৈ আমাৰ কঁপনি উঠে, থিক একেদৰেই কঁপি থকা এটি অস্থিৰ নক্ষত্ৰ। মুক-বধিৰ বিজ্ঞানী জন গুডৰিখে প্ৰতিটো নিশা টোপনি কাতি কৰি দূৰবীন যন্ত্ৰৰে আকাশখন পিটপিটাই ফুৰে। এনেদৰে দূৰবীনেৰে আকাশখন চাই থাকোতে এদিন তেওঁৰ চকুত ধৰা পৰে চেফিদ তাৰকামণ্ডলৰ δ Cephei নামৰ নক্ষত্ৰটো। গুডৰিখে লক্ষ্য কৰিছিল যে δ Cephei নামৰ তৰাটোৰ পৰা অহা পোহৰৰ তীব্রতা অতি অস্বাভাৱিক আৰু তাৎক্ষণিক ভাবে পৰিবৰ্তন হৈ থাকে। ফলত তৰাটো কঁপি থকা যেন লাগে। এইয়া নিসন্দেহে এক বিস্ময়কৰ অথচ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ, কাৰণ এই আৱিষ্কাৰৰ আঁত ধৰিয়েই পিছলৈ বিশ্বব্ৰহ্মাণ্ডৰ গঠন আৰু বিস্তাৰৰ তথ্যৰ লগতে তাৰকামণ্ডল সমূহৰ মাজৰ দূৰত্ব গণনা কৰা পদ্ধতিও উদ্ভাৱন কৰা হয়। ইতিমধ্যে জন গুডৰিখে ৰাতি ৰাতি টোপনি ক্ষতি কৰি দূৰবীনেৰে আকাশ পৰ্যবেক্ষন কৰি চপাই ললে নিউমোনিয়া ব্যাধি। এই ৰোগৰ কবলত পৰি মাত্ৰ 21 বছৰ বয়সতে 1786 চনৰ 20 এপ্ৰিলত গুডৰিখ স্বৰ্গগামী হয়। গুডৰিখৰ মৃত্যুৰ পিছত হেনৰিটা লেভিট নামৰ এগৰাকী আমেৰিকান বিজ্ঞানীয়ে মহাজাগতিক দূৰত্ব বা তাৰকামণ্ডলৰ মাজৰ দূৰত্ব নিৰূপণত চেফিদ তৰাৰ দীপন তীব্রতা ব্যৱহাৰ কৰি বিজ্ঞান জগতক এক নতুন মাত্ৰা প্ৰদান কৰে। কলেজত পঢ়ি থকা সময়তেই হেনৰিটা লেভিটে টান নৰিয়াত পৰি শ্ৰবন শক্তি হেৰুৱাই পেলাইছিল। শাৰীৰিক ভাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈও জন গুডৰিখ আৰু হেনৰিটা লেভিটে জ্যোতিৰ্বিজ্ঞানলৈ যি অৱদান আগবঢ়ালে, তাৰবাবে বিজ্ঞান জগত সদায় তেওঁলোকৰ ওচৰত ঋণী হৈ ৰ'ব।

Tuesday 2 February 2016

জাইকা ভাইৰাচৰ ভয়াবহতা


জাইকা ভাইৰাচ ফ্লেভিভিৰিডি গোত্ৰ আৰু ফ্লেভিভাইৰাচ গণৰ অন্তৰ্গত এবিধ ভাইৰাচ যিয়ে এডিচ এজিপ্তি নামৰ এবিধ মহৰ জৰিয়তে মানুহৰ দেহলৈ সংক্ৰমিত হয়। মানুহৰ দেহত এইবিধ ভাইৰাচে জাইকা জ্বৰ (Zika Fever) নামৰ এটা ৰোগ সৃষ্টি কৰে। 1947 চনত পোন প্ৰথম বাৰৰ বাবে এই বিধ ভাইৰাচ উগাণ্ডাৰ জাইকা অৰণ্যত বাস কৰা ৰেচাছ বান্দৰৰ দেহত চিনাক্ত কৰা হৈছিল আৰু সেই বাবেই এই বিধ ভাইৰাচক জাইকা ভাইৰাচ বোলা হয়। এই বান্দৰটোক বিজ্ঞানী সকলে পৰ্যবেক্ষনৰ বাবে সঁজাত আৱদ্ধ কৰি ৰখা অৱস্থাত 1948 চনত বান্দৰটোৰ দেহত জাইকা জ্বৰে দেখা দিয়ে। জীৱবিজ্ঞানী সকলে বান্দৰটোৰ তেজৰ নমুনাত জাইকা ভাইৰাচৰ উপস্থিতি ধৰা পেলায় আৰু তেতিয়াই জাইকা জ্বৰৰ কাৰক হিচাপে এইবিধ ভাইৰাচেই জগৰীয়া বুলি প্ৰমাণিত হয়। 1948 চনৰ পৰা 1968 চনলৈ এইবিধ ভাইৰাচ কেবল বান্দৰৰ দেহতহে পোৱা যায় বুলি ভবা হৈছিল যদিও 1968 চনৰ আগষ্ট মাহত নাইজেৰিয়াত পোন প্ৰথম বাৰৰ বাবে মানুহৰ দেহতো পোৱা গ'ল। তাৰ পিছত ক্ৰমে ইজিপ্ত, ছিৰিয়া লিৱন, টাঞ্জানিয়া আৰু উগাণ্ডাৰ বাসিন্দা সকলৰ দেহতো এই বিধ ভাইৰাচৰ সংক্ৰমণ দেখা গ'ল। লাহে লাহে এই বিধ ভাইৰাচ আফ্ৰিকা মহাদেশৰ বাহিৰলৈ বিস্তাৰিত হৈ ফিলিপাইন, ম্যানমাৰ, ইণ্ডোনেচিয়া, ভিয়েটনাম প্ৰভৃতি দেশত ধৰা পৰে। শেহতীয়াকৈ এইবিধ ভাইৰাচ লেটিন আমেৰিকা, ইউৰোপকে আদি কৰি পৃথিৱীৰ প্ৰায় সকলো দেশতেই ধৰা পেলোৱা হৈছে। এই ভাইৰাচৰ পৰা হোৱা ৰোগৰ উপযুক্ত চিকিৎসা এতিয়াও আৱিষ্কাৰ হোৱা নাই। সেয়েহে আমি সাবধানতা অৱলম্বন কৰি মহৰ কামোৰৰ পৰা বাচি থকাই বুদ্ধিমানৰ কাম হ'ব। জাইকা জ্বৰৰ লক্ষণসমূহ সাধাৰণ জ্বৰৰ দৰেই যেনে মূৰৰ বিষ, গাঁঠিৰ বিষ, চকু ৰঙা পৰা আৰু তীব্ৰ জ্বৰ। সময় অতিক্ৰম কৰাৰ লগে লগে জাইকা ভাইৰাচে স্নায়ু আৰু মগজুক আক্ৰান্ত কৰে। ভাইৰাচ বিশেষজ্ঞ আৰু চিকিৎসা বিজ্ঞানী সকলৰ মতে জাইকা ভাইৰাচ গৰ্ভৱতী মাতৃৰ দেহৰ পৰা এমনিওটিক ফ্লুইডৰ জৰিয়তে গৰ্ভস্থ সন্তানৰ গালৈ সংচাৰিত হ'ব পাৰে। বৰ্তমান সমগ্ৰ বিশ্বতেই এইবিধ ভাইৰাচৰ সংক্ৰমণৰ ভয়াবহতাই দেখা দিছে। ভাৰত চৰকাৰেও এই বিষয়ে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। একমাত্ৰ আমাৰ সাবধানতাইহে আমাক এইবিধ ভাইৰাচৰ সংক্ৰমণৰ পৰা বচাব পাৰিব।