Friday 12 February 2016

মহাকৰ্ষণ তৰংগ



বিগত দুটা দিনত বিজ্ঞান জগতত তুমুল আলোড়ন সৃষ্টিকাৰী বিষয়টো হ'ল মহাকৰ্ষণ তৰংগ। বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে তেখেতৰ সাধাৰণ আপেক্ষিকতাবাদত উল্লেখ কৰি যোৱা মহাকৰ্ষণ তৰংগ শেহতীয়াকৈ US Observatoryৰ লগত জড়িত বিজ্ঞানী সকলে বিচাৰি পোৱা বুলি ঘোষণা কৰিছে। পিছে আমাৰ মনলৈ প্ৰথমেই অহা প্ৰশ্নটো হ'ল- মহাকৰ্ষণ তৰংগনো কি ? বিশ্বব্ৰহ্মাণ্ডৰ কোনো অজানতিমুলুকত সংঘটিত হোৱা প্ৰলয়ংকাৰী পৰিঘটনা সমূহৰ বাতৰি কঢ়িয়াই অনা তথা বিজ্ঞান জগতত সততে আলোচ্য "স্থান-কাল"ক প্ৰভাৱিত কৰিব পৰা অতি ক্ষীণ কেতবোৰ কম্পনকেই সাধাৰণ ভাবে আমি মহাকৰ্ষণ তৰংগ বা Gravitational Wave বুলি ক'ব পাৰো। উদাহৰণ স্বৰূপে, প্ৰায় 1.3 বিলিয়ন আলোকবৰ্ষ আঁতৰত দুটা ব্লেক-হোলৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ সেই স্থানত যি প্ৰলয়ংকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰভাৱত বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে প্ৰসাৰিত হৈ পৰিছে কেতবোৰ তৰংগ। তেনে কিছুমান ক্ষীণ তৰংগ প্ৰলয়ৰ বাৰ্তা লৈ আমাৰ সৌৰজগত বা পৃথিৱীলৈও আহে। আমাৰ সমস্যা হ'ল এইটোৱেই যে আমি সেইবোৰ ধৰা পেলাব পৰা নাই অথবা সেই ক্ষীণ তৰংগবোৰৰ ভাষা বুজি পোৱা নাই। কিন্তু বৰ্তমান বিজ্ঞানী সকলে তেনে পৰিঘটনাৰ বাতৰি কঢ়িয়াই অনা মহাকৰ্ষণ তৰংগ US Observatoryত ধৰা পেলোৱা বুলি দাবী কৰিছে। যেতিয়া দুটা অধিক ভৰ যুক্ত পদাৰ্থৰ ত্বৰণ হয়, যেনে দুটা নিকটবৰ্তী ব্লেক-হোল পৰস্পৰৰ আকৰ্ষণৰ ফলত এটাই আনটোৰ চৌদিশে ঘূৰিবলৈ লয়, তেতিয়াই ঘূৰ্ণীয়মান ব্লেক-হোল দুটাই বক্ৰ স্থান-কালৰ মাধ্যমেৰে বিশ্বব্ৰহ্মাণ্ডৰ চৌপাশে কেতবোৰ তৰংগ প্ৰেৰণ কৰে। পদাৰ্থবোৰৰ ভৰ যিমানেই বেছি হয় পদাৰ্থবোৰে প্ৰেৰণ কৰা তৰংগবোৰ সিমানেই শক্তিশালী হয় আৰু তেনে শক্তিশালী তৰংগ ধৰা পেলাবলৈও সহজ হয়। মহাকৰ্ষণ তৰংগবোৰ বিশ্বব্ৰহ্মাণ্ডৰ সকলো স্থানলৈ কোনো হৰন-ভগন নোহোৱাকৈ প্ৰসাৰিত হ'ব পাৰে কিয়নো মহাকৰ্ষণ তৰংগ মহাজাগতিক পদাৰ্থৰ দ্বাৰা বাধা প্ৰাপ্ত নহয়। যদিহে বিজ্ঞানী সকলে দাবী কৰাৰ দৰে মহাকৰ্ষণ তৰংগ সঁচাকৈয়ে ধৰা পৰিছে তেন্তে ই নিশ্চিত ভাবে এক যুগান্তকাৰী আৱিষ্কাৰ হ'ব কাৰণ এই আৱিষ্কাৰে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদক নতুন ৰূপেৰে সজাই তুলিব। মহাকৰ্ষণ তৰংগই সহজ কৰি তুলিব বিশ্বব্ৰহ্মাণ্ডত মহাজাগতিক পদাৰ্থসমূহ যেনে নক্ষত্ৰ, তাৰকামণ্ডল সমূহৰ মাজৰ দূৰত্ব নিৰ্ধাৰণ পদ্ধতি। বৰ্তমানলৈকে ব্লেক-হোল সমূহ বিজ্ঞানৰ আলোচ্য বিষয়বস্তু। কিন্তু ব্লেক-হোলৰ উপস্থিতি এতিয়াও সন্দেহৰ আবৰ্তত। সবাতোকৈ উল্লেখযোগ্য এইটো যে মহাকৰ্ষণ তৰংগৰ আৱিষ্কাৰ যদি সঁচা হয়, তেন্তে ব্লেক-হোলৰ উপস্থিতি সম্বন্ধে আৰু কোনো সন্দেহৰ অৱকাশ নেথাকিব। আমি যদিও ব্লেক-হোল কেতিয়াও চকুৰে দেখা নেপাও, মহাকৰ্ষণ তৰংগই আমাৰ চকুত আঁকি দিবহি বিশ্বব্ৰহ্মাণ্ডৰ কোনোবা এঠাইত সংগোপনে ৰৈ থকা ব্লেক-হোলবোৰৰ ছবি।

No comments:

Post a Comment