Wednesday 24 October 2018

দুবাৰ জন্ম লোৱা ছোৱালীজনী


গৰ্ভধাৰণৰ ১৬ সপ্তাহ পিছত ২০১৬ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা দিনত নিয়মানুসৰি চেক-আপ কৰাৰ বাবে স্বামীৰ সতে একেলগে চিকিৎসকৰ কাষ চাপিল মার্গাৰেট বোয়েমাৰ নামৰ মহিলা গৰাকী। চিকিৎসকে আল্ট্ৰাচাউণ্ড যন্ত্ৰৰ সহায়ত মার্গাৰেটৰ গৰ্ভস্থ সন্তানটিৰ বৃদ্ধি আৰু বিকাশৰ বিভিন্ন দশাসমূহ পুংখানুপুংখ ভাবে পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিলে।

স্থান আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাচ চহৰ। মাৰ্গাৰেট আৰু তেওঁৰ স্বামীক ইতিমধ্যে জনাই দিয়া হৈছিল যে তেওঁলোক এগৰাকী কন্যা সন্তানৰ পিতৃ মাতৃ হ'ব। উল্ল্যেখযোগ্য যে আমেৰিকাত জন্মৰ আগেয়ে সন্তানৰ লিংগ নিৰূপন কৰাটো আইনৰ ফালৰ পৰা দোষণীয় নহয়। আমাৰ দেশত অৱশ্যে ১৯৯৪ চনৰ পৰা আইন মতে Pre-Conception and Pre-Natal Diagnosis এক দণ্ডনীয় অপৰাধ। যিয়েই নহওঁক বাৰু, পিতৃ মাতৃয়ে মৰমতে উপজিব লগা সন্তানৰ নাম ৰাখিলে "লিনলি"। তেওঁলোকৰ চকুত অযুত সপোন। শয়ণে সপোনে কেবল লিনলি আৰু লিনলি……

আল্ট্ৰাচাউণ্ড যন্ত্ৰৰ লগতে সংলগ্ন হৈ থকা মনিটৰত চিকিৎসকৰ লগতে মাৰ্গাৰেট আৰু তেওঁৰ স্বামীয়েও একেথৰে চাই ৰৈছে। মাৰ্গাৰেটৰ গৰ্ভত একলা দুকলাকৈ বাঢ়ি অহা লিনলিৰ সৰু সৰু হাত ভৰিবোৰৰ সঞ্চালন দেখি মাৰ্গাৰেট আৰু তেওঁৰ স্বামী পুলকিত হৈ পৰিছে। কিন্তু চিকিৎসকগৰাকী যে নিৰ্বিকাৰ ! মাৰ্গাৰেটে মন কৰিলে যে চিকিৎসকজন কিছু চিন্তিত, শংকিত ! 
: ᴡʜᴀᴛ ᴛʜᴇ ᴍᴀᴛᴛᴇʀ ɪs ᴅᴏᴄᴛᴏʀ ? -মাৰ্গাৰেটৰ প্ৰশ্ন।
: ᴅᴏɴ'ᴛ ᴡᴏʀʀʏ, ɴᴏᴛʜɪɴɢ sᴇʀɪᴏᴜs --ডাক্তৰৰ উত্তৰ।

যথাসময়ত আল্ট্ৰাচাউণ্ড শেষ হ'ল। চিকিৎসকজনে তেওঁলোকক কিছুপৰ বহিবলৈ দি আন এটি কোঠাত সোমাল। কিছুপৰ পিছত মাৰ্গাৰেট আৰু তেওঁৰ স্বামীক সেই কোঠাটোলৈ মাতি পঠিওৱা হ'ল। কোঠাটোত তিনিজনমান ডাক্তৰ একেলগে বহি আছিল। এজন ডাক্তৰে মাত লগালে --

: আপোনালোকক এটি গুৰুত্বপূৰ্ণ কাৰণত ইয়ালৈ মাতি আনিছোঁ। বহক, আমি কথা পাতো। 

মাৰ্গাৰেট আৰু তেওঁৰ স্বামী দুয়ো পৰস্পৰে পৰস্পৰৰ চকুলৈ চাই চকীত বহিল। আল্ট্ৰাচাউণ্ড কৰা চিকিৎসকজনে এইবাৰ মাৰ্গাৰেটলৈ চাই অনুচ্চ কণ্ঠেৰে মাত লগালে --
: ᴡᴇ ᴀʀᴇ ʀᴇᴀʟʟʏ sᴏʀʀʏ ᴛᴏ ɪɴғᴏʀᴍ ʏᴏᴜ ᴛʜᴀᴛ ᴛʜᴇ ᴄʜɪʟᴅ ʏᴏᴜ'ʀᴇ ᴄᴀʀʀʏɪɴɢ ʜᴀs ᴅᴇᴠᴇʟᴏᴘᴇᴅ sᴀᴄʀᴏ ᴄᴏᴄᴄʏɢᴇᴀʟ ᴛᴇʀᴀᴛᴏᴍᴀ... 
: ωнαт....!!! - মাৰ্গাৰেটে চিৎকাৰ কৰি উঠিল। 
: ɪᴛ ɪs ᴀ ʀᴀʀᴇ ᴛᴜᴍᴏʀ ᴛʜᴀᴛ ᴀᴘᴘᴇᴀʀᴇᴅ ᴀᴛ ᴛʜᴇ ʙᴀsᴇ ᴏғ ᴛʜᴇ ʙᴀʙʏ's ᴛᴀɪʟʙᴏɴᴇ. ʙᴜᴛ ᴅᴏɴ'ᴛ ᴡᴏʀʀʏ, ᴡᴇ ᴄᴀɴ sᴀᴠᴇ ʜᴇʀ. --ডাক্তৰে ক'লে।

মাৰ্গাৰেট আৰু তেওঁৰ স্বামীক ডাক্তৰৰ কথাত পতিয়ন যোৱা যেন নেলাগিল। হয়তো ডাক্তৰেও কথাটো বুজিব পাৰিছিল। তেওঁলোকে বুজাই দিলে যে লিনলিৰ টিউমাৰটো বেছি চিন্তা কৰিবলগীয়া কৈ ভয়াবহ হৈ উঠা নাই। তদুপৰি লিনলি এতিয়া মাথোন ১৬ সপ্তাহৰ এটি গৰ্ভস্থ শিশু। আমি ২১ সপ্তাহলৈ লিনলিক পৰ্যবেক্ষণ কৰিম। তাৰপিছতহে আমি এই টিউমাৰটোৰ কথা চিন্তা কৰিম। এতিয়া আপোনালোক নিচিন্ত মনে ঘৰলৈ যাব পাৰে। 

ডাক্তৰৰ পৰামৰ্শ অনুসৰি মাৰ্গাৰেট আৰু তেওঁৰ স্বামীয়ে ২১ সপ্তাহলৈ অপেক্ষা কৰি পুনৰ আল্ট্ৰাচাউণ্ডৰ বাবে গ'ল। আল্ট্ৰাচাউণ্ডৰ ৰিপোৰ্ট চাই ডাক্তৰে ক'লে -- 
: লিনলিৰ টিউমাৰটো ক্ৰমে ডাঙৰ হৈ আহিছে আৰু টিউমাৰটোৱে গৰ্ভস্থ শিশুটিৰ তেজ শোষণ কৰিবলৈ আৰম্ভ কৰিছে। তদুপৰি বাঢ়ি অহা টিউমাৰটোৱে লিনলিৰ হৃদযন্ত্ৰৰ ওপৰত চাপ দিয়া বাবে হৃদস্পন্দনো অনিয়মিত হৈ পৰিছে। এয়া শুভ লক্ষণ নহয়। অনতিপলমে গৰ্ভস্থ শিশুটিৰ অস্ত্ৰোপচাৰ নকৰিলে, শিশুটিৰ লগতে মাতৃৰ জীৱনৰ প্ৰতিও ভাবুকি আহিব। সেয়েহে আমি অনতিপলমে অস্ত্ৰোপচাৰ কৰিম। আপুনি সাজু হওঁক। 

এয়া এক ভয়ংকৰ কথা, অন্ততঃ মাৰ্গাৰেট আৰু তেওঁৰ স্বামীৰ বাবে। এই অস্ত্ৰোপচাৰত মাৰ্গাৰেটৰ লগতে গৰ্ভস্থ লিনলিৰো অস্ত্ৰোপচাৰ হ'ব। দুঃচিন্তা আৰু হতাশাই তেওঁলোক দুয়োজনকে বিচলিত কৰি তুলিলে।

২০১৬ চনৰ এপ্ৰিল মাহত অৰ্থাৎ গৰ্ভধাৰণৰ ২৩ সপ্তাহ ৫ দিনৰ দিনা মাৰ্গাৰেটক অপাৰেচন থিয়েটাৰলৈ নিয়া হ'ল। সকলোবোৰ থিক-থাক কৰি ১০জন চিকিৎসকৰ এটি দলে মাৰ্গাৰেটৰ উদৰৰ নিম্ন অংশটো কাটি ২৩ সপ্তাহৰ গৰ্ভস্থ ভ্ৰূণ লিনলিক মাতৃদেহৰ পৰা বাহিৰলৈ আনি লিনলিৰ টিউমাৰটো ৰাজহাড়ৰ নিম্নাংশৰ পৰা কাটি পৃথক কৰি পেলালে। প্ৰক্ৰিয়াটো আছিল অতি জটিল কিয়নো মাত্ৰ ২৩ সপ্তাহৰ ভ্ৰূণ এটি মাতৃ গৰ্ভৰ বাহিৰত জীৱিত অৱস্থাত ৰখাতো এটা অসম্ভৱ প্ৰায় কাম। তদুপৰি লিনলিৰ হৃদস্পন্দন আছিল অনিয়মিত। অস্ত্ৰোপচাৰৰ সময়ত এবাৰ লিনলিৰ হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম হৈছিল। কিন্তু চিকিৎসকৰ তৎপৰতাত যেনিবা হৃদযন্ত্ৰ বন্ধ হ'বলৈ নেপালে। 

প্ৰায় চাৰি ঘণ্টা যোৰা অস্ত্ৰোপচাৰটো সুকলমে সম্পন্ন কৰাৰ পিছত ২৩ সপ্তাহৰ ভ্ৰূণটো পুনৰ মাতৃ মাৰ্গাৰেটৰ গৰ্ভত স্থাপন কৰি টেক্সাচৰ চিকিৎসক সকলে এক অসম্ভৱ কাম সম্ভৱ কৰি তুলিলে। তাৰ থিক আঢ়ৈ মাহ পিছত, অৰ্থাৎ ২০১৬ চনৰ জুন মাহৰ ৬ তাৰিখে ৫ পাউণ্ড ওজনৰ লিনলিৰ জন্ম হয়। লিনলি আৰু তেওঁৰ মাতৃ দুয়ো বৰ্তমান সুস্থ। ২০১৬ চনৰ জুন মাহৰ ৬ তাৰিখে ওপজা লিনলিয়ে স্বাভাৱিক ভাবে জন্ম হোৱাৰ আগতেও অৰ্থাৎ ২০১৬ চনৰ এপ্ৰিল মাহত অস্ত্ৰোপচাৰৰ সময়ত প্ৰায় তিনি ঘণ্টা মাতৃ গৰ্ভৰ পৰা বাহিৰত থাকি পৃথিৱীৰ পোহৰৰ দেখা বাবে তেওঁক একেটা জীৱনতে দুবাৰকৈ জন্মগ্ৰহণ কৰা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ মানুহ বুলি জনা যায়। লিনলিৰ পিতৃ মাতৃয়েও বছৰত দুবাৰকৈ জন্মদিন উদযাপন কৰে।সাম্প্ৰতিক সময়চোৱাত দুবছৰীয়া শিশু লিনলি নিসন্দেহে চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ এটা উল্ল্যেখনীয় মাইলষ্টোন !

তলৰ লিংকটো চাব পাৰে :
https://youtu.be/uHgwij1hIF8

Sunday 21 October 2018

পোহৰৰ মেলাত কৃত্ৰিম জোনবাই


২০২০ চনৰ পৰা পৃথিৱীৰ চৌদিশৰ কক্ষপথত এটি নতুন জোনবায়ে প্ৰদক্ষিণ কৰা আৰম্ভ কৰিব। পৰবৰ্তী সময়ত আৰু দুটা নতুন জোনবায়ে ভূমুকি মাৰি ৰাতিৰ আকাশত ৰূপোৱালী জোনৰ জোনালী পাতিব। কল্পনা কৰকচোন, ৰাতিৰ আকাশৰ একাধিক জোনৰ ৰূপালী জোনাক…!! আপুনি নিশ্চয় জানিবলৈ উৎসুক হৈ পৰিছে যে এয়া কেনেদৰে সম্ভৱ ?

বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰেই এক প্ৰধান সমস্যা হ'ল শক্তিৰ নাটনি। অৰ্থনৈতিক তথা প্ৰযুক্তিৰ বিকাশৰ লগত ইন্ধন বা বৈদ্যুতিক শক্তিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। ইন্ধনৰ বাবে পশ্চিমীয়া দেশ সমূহৰ দক্ষিণ-পশ্চিম এচিয়াৰ দেশবোৰৰ ওপৰত নিৰ্ভৰশীলতা বৈদ্যুতিক শক্তি আৰু ইন্ধনৰ নাটনিৰ এক জীৱন্ত সাক্ষী। 

বৰ্তমান উন্নত আৰু উন্নয়নশীল দেশবোৰে অপৰম্পৰাগত শক্তি আহৰণৰ বাবে বিভিন্ন পন্থা হাতত লৈছে। সৌৰশক্তি, বায়ুকল, সমুদ্ৰৰ জোৱাৰ শক্তি, ভূগৰ্ভৰ শক্তি, পাৰমাণৱিক শক্তি আদিৰ পৰা বৈদ্যুতিক শক্তি আহৰণৰ অপৰম্পৰাগত পদ্ধতি সমূহ ক্ৰমে কাৰ্যক্ষম আৰু জনপ্ৰিয় হৈ আহিছে। 

এইক্ষেত্ৰত শেহতীয়াকৈ অপৰম্পৰাগত শক্তি আহৰণৰ আন এটি নতুন পদ্ধতিৰ নাম সঘনে উচ্চাৰিত হৈছে। এই নতুন পদ্ধতিত মানবসৃষ্ট জোনবায়ে পৃথিবীৰ পৰা এক নিৰ্দিষ্ট উচ্চতাৰ কক্ষপথেৰে ঘূৰি নিশাৰ ভাগত পৃথিবীত সূৰ্যৰ পোহৰৰ প্ৰতিফলিত কৰি বাট-পথ পোহৰাই তুলিব। 

সম্প্ৰতি বিজ্ঞানীসকলে তেনে এক অভিলাসী আঁচনিয়েই প্ৰস্তুত কৰি তুলিছে। ফ্ৰান্সৰ এজন বিশেষজ্ঞৰ কল্পনাক বাস্তৱত ৰূপ দিবলৈ চীনৰ Chengdu Aerospace Science Centreৰ বিশেষজ্ঞ বিজ্ঞানী Wu Chunfengৰ তত্বাৱধানত সূৰ্যৰ পোহৰ সংগ্ৰাহী কৃত্ৰিম জোনবাই বা কৃত্ৰিম উপগ্ৰহ তৈয়াৰ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। তেওঁলোকে তাৰবাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক পৰীক্ষাবোৰো সমাপ্ত কৰি ঘোষণা কৰিছে যে প্ৰকল্পটোৰ কাম কাজবোৰ আশাকৰা ধৰণেই সঠিক দিশত আগবাঢ়িছে। এই প্ৰকল্পটোৰ জৰিয়তে অহা ২০২০ চনত তেওঁলোকে কৃত্ৰিম জোনবাইটো মহাকাশত স্থাপন কৰি প্ৰাৰম্ভিক ভাবে দক্ষিণ পশ্চিম চীনৰ এখন প্ৰধান চহৰ Chengduক নিশা আলোকিত কৰি ৰখাৰ মন মেলিছে। 

চীনৰ এই প্ৰকল্পটোৰ দ্বাৰা প্ৰায় ৮০ বৰ্গ কিলোমিটাৰ এলেকা এটিত নিশাৰ ভাগত কৃত্ৰিম জোনবায়ে পাতিব পোহৰৰ মেলা। ইতিমধ্যে ৰাছিয়া আৰু ফ্ৰান্সেও একে ধৰণৰ উদ্যোগ গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে। এই প্ৰকল্পটো সফল হৈ উঠিলে নিসন্দেহে অপৰম্পৰাগত শক্তি আহৰণৰ বাবে আন এটি পথ মুকলি হ'ব। এতিয়া মাথোন অপেক্ষা ২০২০ চনলৈ…।

Saturday 20 October 2018

সৌৰকেন্দ্ৰিক সৌৰজগত আৰু গেলিলিও গেলিলি


1564 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ।আজিৰ পৰা 453 বছৰ আগৰ কথা। স্থান পিছা, ইটালী। সংগীতজ্ঞ ভিনচেনঞ্জোৰ ঘৰত এটি পুত্ৰ সন্তান জন্ম হয়। একলা-দুকলাকৈ বাঢ়ি অহা মৰমৰ পুত্ৰ গেলিলিও পিতৃ আৰু তেওঁৰ ডাঙৰ ককায়েকৰ দৰেই সংগীতৰ প্ৰতি আসক্ত হৈ পৰিল আৰু আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ লগতে সংগীতময় ঘৰুৱা পৰিবেশত থাকি সুন্দৰ কৈ Lute নামৰ এবিধ বিশেষ Chordophone জাতীয় বাদ্য যন্ত্ৰ বজাবলৈ পৰা হ'ল। সময় উলিয়াই প্ৰায়েই দেউতাক আৰু ককায়েকৰ সৈতে সংগীতৰ আখৰা বা বিভিন্ন অনুষ্ঠানত বাদ্য যন্ত্ৰ সংগত কৰি গেলিলিওৱে ভাল পাইছিল।

স্কুলীয়া শিক্ষা সাং কৰি 1581 চনত 17 বছৰীয়া গেলিলিও গ'ল পিছা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান পঢ়াৰ বাবে। কিন্তু চিকিৎসা বিজ্ঞানৰ ব্যৱহাৰিক জ্ঞানৰ বাবে ব্যৱচ্ছেদ কৰিবলৈ দিয়া মানুহৰ মৃতদেহ দেখি চিকিৎসা বিজ্ঞানে তেওঁক আমুৱালে। কিছুদিনৰ ভিতৰতে চিকিৎসা বিজ্ঞান এৰি একেখন বিশ্ববিদ্যালয়ত তেওঁ অংকশাস্ত্ৰ পঢ়িবলৈ লয়। 1583 চনত ছাত্ৰাৱস্থাতেই তেওঁ গীৰ্জাৰ দুলি থকা লণ্ঠন এটা দেখি আৱিষ্কাৰ কৰে সৰল দোলকৰ গতিৰ নিয়ম।

1589 চনত তেওঁ পিছা বিশ্ববিদ্যালয়ৰ অংকৰ প্ৰফেচৰ হিচাবে নিযুক্তি লাভ কৰাৰ পিছত 1608 চনত তেখেতে পিছাৰ হেলনীয়া স্তম্ভৰ বিখ্যাত পৰীক্ষালানি কৰি আৱিষ্কাৰ কৰে Laws of Falling Bodies. তেখেতে এই তথ্য সমূহ 1610 চনত লিখিত হিচাবে প্ৰকাশ কৰে। একে সময়তেই তেখেতৰ কাণত পৰিল যে হলেণ্ডত দূৰবীন যন্ত্ৰ আৱিষ্কাৰ হৈছে। এই কথাটোৱে গেলিলিওক নিজাকৈ এটি অধিক কাৰ্যক্ষম দূৰবীন সাজিবলৈ অনুপ্ৰাণিত কৰে আৰু তেখেতে নিজে আইনা ঘঁহি ঘঁহি সজা লেন্স ব্যৱহাৰ কৰি শক্তিশালী দূৰবীন এটা সাজি উলিয়াই জোনবাইৰ সমতল ভূমি, পৰ্বত, সৌৰকলংক, শুক্ৰ গ্ৰহৰ দশা আদি বিভিন্ন তথ্য আৱিষ্কাৰ কৰে।

১৬০৯ চনৰ শেষৰ পিনে নিজৰ বাসগৃহৰ চোতালৰ পৰাই দূৰবীণ যন্ত্ৰৰ সহায়ত বৃহস্পতি গ্ৰহ আৰু ইয়াৰ চৌপাশে চাৰিটা পোহৰৰ বিন্দু আৱিষ্কাৰ কৰে। তেখেতে মন কৰিছিল যে এই পোহৰৰ বিন্দু কেইটাই আপেক্ষিক ভাবে নিজৰ নিজৰ স্থান পৰিবৰ্তন কৰি আছে। কিছুদিন ভালদৰে পৰ্যবেক্ষণ কৰি তেওঁ নিশ্চিত হয় যে এই পোহৰৰ বিন্দু কেইটাই দৰাচলতে বৃহস্পতি গ্ৰহৰ চৌদিশে ঘুৰিব লাগিছে। অৰ্থাৎ এই পোহৰৰ বিন্দু কেইটা বৃহস্পতিৰ উপগ্ৰহ। তেওঁ উপগ্ৰহ কেইটাৰ নাম ৰাখিলে ইউৰোপা, ইও, কেলিষ্টো আৰু গেনিমেড। এই উপগ্ৰহ কেইটাৰ আৱিষ্কাৰে গেলিলিওৰ মনত এটা ধাৰণাৰ জন্ম দিলে। ১৬০৯ চনৰ সেই সময়চোৱাৰ প্ৰচলিত ধৰ্মীয় বিশ্বাস অনুসৰি সূৰ্যকে ধৰি আকাশৰ সকলোবোৰ গ্ৰহই পৃথিৱীৰ চৌদিশে ঘূৰে। অৰ্থাৎ পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ। কিন্ত বৃহস্পতিৰ উপগ্ৰহ ইউৰোপা, ইও, কেলিষ্টো আৰু গেনিমেডে বৃহস্পতিৰ চৌদিশে ঘূৰি থকাটো নিশ্চিত হোৱাৰ পিছত পৃথিৱী কেন্দ্ৰিক সৌৰজগতৰ যি ধৰ্মীয় চিন্তাধাৰা, সেই চিন্তাধাৰা সত্য নোহোৱাটো চূড়ান্ত হৈ পৰে।

১৬১০ চনত তেখেতে এই সকলোবোৰ তথ্য সামৰি "The Starry Messenger" নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায় আৰু গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে গেলিলিওৰ জনপ্ৰিয়তাই চূড়ান্ত শিখৰ পায়। কিন্তু প্ৰচলিত ধৰ্মীয় বিশ্বাসত আঘাত হনাৰ দোহাই দি ৰোমান কেথোলিক গীৰ্জা কৰ্তৃপক্ষই এই তথ্য সমূহৰ বিৰোধিতা কৰে। গেলিলিওৱে এইবোৰলৈ ভ্ৰূক্ষেপ নকৰি নিজৰ কাম কৰি যোৱাৰ সিদ্ধান্ত ল'লে। তেখেতে গীৰ্জাৰ কৰ্তৃপক্ষক দূৰবীন যন্ত্ৰৰে আকাশ দৰ্শন কৰি নিজৰ স্থিতি সলনি কৰাৰ আহ্বানো জনালে। গীৰ্জাই তেওঁৰ আহ্বান গ্ৰহন নকৰিলে আৰু দুয়োপক্ষৰ মাজত এখন শীতল যুজ চলি থাকিল।

ইতিমধ্যে বিজ্ঞানী কপাৰনিকাচ যেতিয়া মৃত্যুশয্যাত, তেওঁৰ শিষ্যসকলে তেখেতৰ সৌৰকেন্দ্ৰিক সৌৰজগতৰ তত্ব প্ৰকাশ কৰি উলিয়ায়। 1614 চনত গেলিলিওৱে এই তত্বক সঁচা বুলি কৈ পুনৰ গীৰ্জাৰ ৰোষত পৰে। গীৰ্জাৰ গোচৰৰ ভিত্তিত তেওঁৰ ওপৰত মোকৰ্দমা চলোৱা হ'ল। বিচাৰৰ ৰায়দানত গেলিলিওক ভৱিষ্যতে এনে ধৰ্ম বিদ্বেষী তথ্য প্ৰচাৰ নকৰিবলৈ সাবধান কৰি দিয়া হ'ল।

পিছে 1632 চনত গেলিলিওৱে পুনৰ দুজন মানুহৰ কথোপকথনৰ কাল্পনিক চৰিত্ৰ সৃষ্টি কৰি কপাৰনিকাচৰ সৌৰকেন্দ্ৰিক সৌৰজগতৰ যুক্তিযুক্ততা প্ৰমাণ কৰিবলৈ লিখি উলিয়ালে 'Dialogue Concerning the Two Chief World Systems' নামৰ বিশেষ গ্ৰন্থখন। এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে হৈ ছৈ লাগি গ'ল। এইবাৰো গেলিলিওক বিচাৰৰ বাবে ৰোমলৈ মাতি পঠিওৱা হ'ল। বিচাৰত গেলিলিওক দোষী সাব্যস্ত কৰি আজীৱন  কাৰাদণ্ড বিহাৰ লগতে 'Dialogue Concerning the Two Chief World Systems' গ্ৰন্থৰ কথাবোৰ মিছা বুলি ক'বলৈ দিয়া হ'ল। গেলিলিওৱে অৱশ্যে কথাটো মানি লোৱা নাছিল। সেয়েহে তেখেতৰ শাস্তিৰ ম্যাদো নকমিল। বন্দীত্বৰ শেষৰ পিনে তেওঁক গৃহ বন্দী হিচাবে ৰখাৰ সিদ্ধান্ত লোৱা হয়। 

1638 চনত তেখেতে দৃষ্টিশক্তি হেৰুৱাই অন্ধ হৈ পৰে। বন্দী জীৱনৰ সময়চোৱাতো তেখেতে বৈজ্ঞানিক তথ্যবোৰ লিখি যোৱাৰ উপৰিও থাৰ্মমিটাৰ তৈয়াৰ কৰা কামত ব্ৰতী হৈছিল। 1641 চনৰ পৰা গেলিলিও ক্ৰমে অসুস্থ হৈ পৰে। হৃদযন্ত্ৰৰ অসুস্থতাই তেখেতক বৰ কষ্ট দিছিল। 1641 চনৰ ডিচেম্বৰ মাহত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। জ্বৰ আৰু হৃদযন্ত্ৰৰ বিকাৰত ভোগা এই মহান বিজ্ঞানীজনে 1642 চনৰ 8 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে।

এই ঘটনাৰ 359 বছৰ পিছত পোপ জন পোল (দ্বিতীয়)এ 1992 চনত আক্ষেপ প্ৰকাশ কৰি কয় যে : "1633 চনৰ 13 ফেব্ৰুৱাৰীৰ সেই একপক্ষীয় বিচাৰখনত গেলিলিওৰ লগতে বিজ্ঞান আৰু বিশ্বাসৰ প্ৰতিও অন্যায় কৰা হৈছিল। আজি বিশ্বৰ প্ৰতিজন নাগৰিকৰ লগতে মই তথা প্ৰতিজন ৰোমান কেথলিক চাৰ্চৰ সদস্যই সূৰ্যক সৌৰজগতৰ কেন্দ্ৰ বুলি মানি লৈছোঁ।"

Wednesday 17 October 2018

সৌৰজগতৰ সাম্ভাব্য নৱম গ্ৰহটো


১৯৩০ চনত যেতিয়া প্লুটো আৱিষ্কাৰ হৈছিল, তেতিয়া ইয়াক সৌৰজগতৰ নৱম গ্রহ বুলিয়েই ধৰা হৈছিল। কিন্তু আৱিষ্কাৰৰ ৭৬ বছৰ পিছত, অৰ্থাৎ ২০০৬ চনত "ইণ্টাৰনেচনেল  এষ্ট্ৰোনোমিকেল ইউনিয়ন"ৰ দ্বাৰা গৃহীত গ্রহৰ নতুন সংজ্ঞা অনুসৰি প্লুটোৱে গ্রহৰ স্বীকৃতি হেৰুৱাই আৰু প্লুটোক বামন গ্ৰহ বা বাওনা গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰা হয়। যদিও প্লুটোক বামন গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰা হয়, বহুতো বিজ্ঞানীয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰাও দৃষ্টিগোচৰ হৈছিল। সেয়া যিয়েই নহওঁক কিয়, ইণ্টাৰনেচনেল  এষ্ট্ৰোনোমিকেল ইউনিয়নৰ মতে বৰ্তমান সৌৰজগতৰ গ্ৰহৰ সংখ্যা আঠটা।

সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্রৰ "কেলিফ'র্নিয়া ইনষ্টিটিউট অফ টেকন'লজি"ৰ জ্যোতির্বিজ্ঞানীসকলে সৌৰজগতৰ কেন্দ্ৰৰ পৰা বহু আঁতৰত এটি নতুন গ্ৰহৰ উপস্থিতিৰ তথ্য সদৰী কৰিছে। সৌৰজগতৰ দূৰবর্তী স্থানসমূহৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহৰ গতিপথ বিশ্লেষণ কৰি বিজ্ঞানী সকলে এই সিদ্ধান্তত উপনীত হৈছে। পৃথিৱীতকৈ প্ৰায় দহ গুণ বেছি ভৰবিশিষ্ট এই গ্ৰহটোক ইতিমধ্যে "প্লেনেট এক্স" বা "প্লেনেট নাইন" বুলি নামাকৰণ কৰা হৈছে।

সৌৰজগতৰ অন্যান্য গ্রহসমূহে প্রায় বৃত্তাকাৰ কক্ষপথেৰে সূর্যক প্রদক্ষিণ কৰে। কিন্তু সম্ভাব্য এই গ্রহটোৰ কক্ষপথ উপবৃত্তাকাৰ। সূর্যক এবাৰ প্রদক্ষিণ কৰিবলৈ এই গ্ৰহটোক সময় লাগে প্ৰায় ১০ হেজাৰ বছৰ ! এই গ্রহটোৱে বর্তমান নেপচুন পৰা কেইবাশ কোটি কিলোমিটাৰ দূৰৰ এটি উপবৃত্তাকাৰ কক্ষপথেৰে সূৰ্যক পৰিভ্রমণ কৰি আছে। বিজ্ঞানীসকলৰ হিচাব অনুযায়ী বর্তমান সূর্যৰ পৰা আটাইতকৈ দূৰৰ গ্রহ নেপচুনতকৈও ২০ গুণ দূৰৰ কক্ষপথেৰে সূৰ্যক প্ৰদক্ষিণ কৰি আছে এই  নতুন গ্রহটিয়ে। উল্লেখযোগ্য যে সৌৰজগতৰ অষ্টম গ্রহ নেপচুনৰ দূৰত্বও সূর্যৰ পৰা প্রায় ৪৫০ কোটি কিলোমিটাৰ।

বিজ্ঞানীসকলৰ মতে এই গ্রহটো এটি অতি বিশাল এক "চুপাৰ আর্থ"। সৌৰজগতৰ শেষ প্রান্তত অৱস্থিত "কুইপাৰ বেল্ট"ৰ মহাজাগতিক বস্তু আৰু বিস্তৃত বৰফৰ মাজৰ কোনো এটি অংশৰ মাজতেই এই গ্ৰহটোৰ কক্ষপথ অৱস্থিত। সাম্ভাব্য নৱম গ্রহটো মাধ্যাকর্ষণ ইমানেই বেছি যে, বিজ্ঞানী সকলৰ মতে  বিগত কেইবা হাজাৰ বছৰত এই গ্ৰহটোৱে সৌৰজগতৰ আন গ্রহবোৰক  নিজ নিজ মেৰুদণ্ড সাপেক্ষে সামান্য পৰিমানে বেঁকা কৰি পেলাইছে। কেলিফ'র্নিয়া ইনষ্টিটিউট অফ টেকন'লজিৰ জ্যোতির্বিজ্ঞানী বেটিজিনৰ মতে কুইপাৰ বেল্টৰ পৰা সৌৰজাগতিক পদাৰ্থসমূহ সৌৰজগতৰ বাহিৰলৈ ছিটিকি যোৱাৰ ৰহস্যৰ আঁৰত আছে এই সাম্ভাব্য নৱম গ্রহটোৰ মাধ্যাকৰ্ষণ বল।

বিভিন্ন পৰ্যবেক্ষণ, সৌৰজগতৰ দূৰবর্তী স্থানসমূহৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহৰ গতিপথ অধ্যয়ণৰ লগতে গাণিতিক বিশ্লেষণেৰে বিজ্ঞানীসকলে সৌৰজগতৰ অন্তিম প্ৰান্তত "প্লেনেট এক্স"ৰ উপস্থিতিৰ সম্ভাৱনাৰ তথ্য দাঙি ধৰিলেও, বৰ্তমানলৈ চাক্ষুষ ভাৱে এই গ্ৰহটো দেখা পোৱা নাই। বৰ্তমান কেলিফ'র্নিয়া ইনষ্টিটিউট অফ টেকন'লজিৰ জ্যোতির্বিজ্ঞানীসকলৰ লগতে নাছাৰ বিজ্ঞানীসকলো ব্যস্ত হৈ পৰিছে "প্লেনেট এক্স"ক বিচাৰি উলিয়াবলৈ। হয়তো অতি সোনকালেই নতুন গ্ৰহটোৰ আৱিষ্কাৰে আমাৰ সৌৰজগতৰ মানচিত্ৰখনকেই সলনি কৰি পেলাব।

Saturday 13 October 2018

নিউক্লিয় আৱৰ্জনাৰ পৰা ডায়মণ্ড বেটাৰী


নিউক্লিয় বিভাজন হল নিউক্লিয় পদার্থবিজ্ঞানৰ এনে এটি প্রক্রিয়া য'ত পদাৰ্থৰ পৰমাণুৰ মাজত অৱস্থিত নিউক্লিয়াচটো ভাঙি দুটা বা তাতকৈ বেছি সৰু সৰু নিউক্লিয়াচ তৈয়াৰ কৰা হয়। এই প্ৰক্ৰিয়াত উপজাতক বা অপদ্ৰব্য হিচাবে কিছুমান অতিৰিক্ত কণাও নির্গত হয়। এই কণাবোৰৰ ভিতৰত মুক্ত নিউট্রন, গামা ৰশ্মি, ফোটন, বিটা কণা আৰু আলফা কণাই প্ৰধান নিউক্লিয় অপদ্ৰব্য।

নিউক্লিয় বিভাজনৰ বিভিন্ন স্তৰত নানা হানিকাৰক আৱৰ্জনাৰ সৃষ্টি হয় যিবোৰ আমাৰ লগতে প্ৰাণী আৰু উদ্ভিদজগতৰ সকলোৰে বাবে বিপদজনক। সেয়ে নিউক্লিয় ইন্ধন ব্যৱহাৰৰ পিছৰ অৱশিষ্ট সমূহৰ ব্যৱস্থাপনা কৰাতো এটা ডাঙৰ সমস্যা।বৰ্তমান সময়ত নিউক্লিয় বিভাজনৰ সময়ত সৃষ্টি হোৱা বিভিন্ন তেজস্ক্ৰিয় অপদ্ৰব্যসমূহ গ্ৰেফাইটৰ মাজত আৱদ্ধ কৰি ৰাখি প্ৰক্ৰিয়াটো চলাই নিয়া হয়। 


সম্প্ৰতি ব্ৰিষ্ট'ল ইউনিভাৰ্চিটিৰ বিশেষজ্ঞ বিজ্ঞানী টম স্কটৰ তত্বাৱধানত গৱেষক বিজ্ঞানীসকলে এই সমস্যাৰ পৰা হাত সাৰিব পৰা এটি অতি গুৰুত্বপূৰ্ণ তথা আশাব্যঞ্জক পথ উদ্ভাৱন কৰিছে। তেওঁলোকে নিউক্লিয় আৱৰ্জনাৰ পৰা ডায়মণ্ড বেটাৰী তৈয়াৰ কৰিছে যিবোৰ বেটাৰী ১০০০ বছৰলৈ কাৰ্যক্ষম হৈ ৰ'ব। তাৰবাবে বিজ্ঞানীসকলে তেজস্ক্ৰিয় অপদ্ৰব্যসমূহ  আৱদ্ধ কৰি ৰখা  গ্ৰেফাইট সমূহ নিম্ন চাপত অতি বেছি উষ্ণতালৈ উত্তপ্ত কৰাৰ এক নিৰ্ভৰযোগ্য উপায় উদ্ভাৱন কৰিছে। এনেদৰে উত্তপ্ত কৰিলে তেজস্ক্ৰিয় গ্ৰেফাইট সমূহ বাষ্পীভূত হয় আৰু পৰবৰ্তী সময়চোৱাত এই বাষ্পীভূত গ্ৰেফাইটবোৰ চেঁচা কৰিলে গ্ৰেফাইটৰ বাষ্পবোৰ হীৰাৰ স্ফটিকলৈ সলনি হয়। এনেদৰে সৃষ্টি কৰা কৃত্ৰিম হীৰাবোৰ যদি তেজস্ক্ৰিয় ক্ষেত্ৰ এখনত ৰখা হয়, তেন্তে এই হীৰাৰ স্ফটিকবোৰে নিৰবচিন্ন ভাবে বিদ্যুৎ উৎপাদন কৰিব পাৰে। 

এই পৰীক্ষামূলক আৱিষ্কাৰটোৰ বাস্তৱ ক্ষেত্ৰত সফল প্ৰয়োগ সম্ভৱ হৈ উঠিলে নিউক্লিয় প্ৰদূষণৰ পৰা হাত সৰাৰ লগতে দীৰ্ঘম্যাদী বিদ্যুৎ শক্তি আহৰণৰ বাবে আমি এটা উত্তম পদ্ধতি পাম। অদূৰ ভৱিষ্যতে মহাকাশ যান, উৰাজাহাজ, আনবিক ঘড়ী আদিবোৰত এনে ডায়মণ্ড বেটাৰীৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিব। হৃদৰোগী সকলৰ বাবে তৈয়াৰ কৰা "পেচ-মেকাৰ" যন্ত্ৰৰ বেটাৰীৰ সমস্যাৰ লগতে বাৰে বাৰে চাৰ্জ কৰিব লগীয়া ইনভাৰ্টাৰৰ বেটাৰীৰ যুগৰো যৱনিকা পৰিব। 

Tuesday 2 October 2018

সৌৰজগতৰ বিক্ষিপ্ত বৰষুণ এজাক



"হে আকাশ…
মই তোমাৰ প্ৰেমত পৰিছোঁ।
বিষণ্ণ গধুলিবোৰত 
মোৰ বুকুৰ সেউজ উপত্যকালৈ 
তুমিয়েইতো নামি আহা
এজাক বৰষুণ হৈ……"

বৰষুণ - শব্দটোৱেই এক মাদকতা কঢ়িয়াই লৈ ফুৰে। এই বৰষুণক লৈ কবিয়ে কবিতা ৰচে, গৰমত আতুৰ হৈ পৰা পথিকে বৰষুণত তিতি আত্মহাৰা হয়। পথাৰখন শইছেৰে নদন বদন কৰা বৰষুণজাক নাহিলে ভেঁকুলীৰ বিয়া পতা সেই দিনবোৰলৈ মনত নপৰেনে বাৰু ? এৰা, বৰষুণ এক নষ্টালজিয়া।

কিন্তু সৌৰজগতৰ আন গ্ৰহৰ বুকুত বা অজানতিমুলুকৰ কোনোবা অন্য গ্ৰহৰ বুকুত আহেনে হেপাহৰ বৰষুণ এজাক ? আমাৰ বিজ্ঞানী সকলৰ মতে পৃথিৱীৰ বাহিৰেও আন গ্ৰহতো বৰষুণ হয় ! বিশ্বাস কৰকেই বা নকৰক বৃহস্পতি আৰু শনিগ্ৰহৰ বুকুত বৰষুণত টোপাটোপে সৰে হীৰাৰ টুকুৰা ! বৃহস্পতিৰ অশান্ত বায়ুমণ্ডলৰ মিথেন গেছ কাৰ্বনলৈ সলনি হয়। এই কাৰ্বন পৰমাণুবোৰ বায়ুমণ্ডলত ক্ৰমে গ্ৰেফাইটলৈ আৰু পিছত গ্ৰেফাইটৰ চাপ বৃদ্ধি হৈ হীৰালৈ পৰিবৰ্তিত হয়। এই হীৰাৰ টুকুৰাবোৰ পৰবৰ্তী সময়ত বৰষুণৰ ৰূপত সৰি পৰে। শনি আৰু বৃহস্পতি গ্ৰহৰ উপৰিও ইউৰেনাচ আৰু নেপচুন গ্ৰহটো হীৰাৰ বৰষুণ হয়।

শুক্ৰ গ্ৰহৰ বুকুতো বৰষুণ হয়। শুক্ৰৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পই ছালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এচিদ সৃষ্টি কৰে আৰু বৰষুণ ৰূপে সৰি পৰে। শুক্ৰগ্ৰহ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত আৰু গ্ৰহটোৰ বুকুত সৰি পৰা বৰষুণত থকা লেড (সীহ) আৰু ছালফাৰে শুক্ৰগ্ৰহত এক নৰক সদৃশ পৰিবেশৰ সৃষ্টি কৰি ভৱিষ্যতে মানুহৰ উপস্থিতি বা অৱতৰণৰ বাবে গ্ৰহটোক অনুপযোগী কৰি তুলিছে।

কেচিনি মহাকাশ যানে প্ৰেৰণ কৰা তথ্য অনুসৰি শনি গ্ৰহৰ উপগ্ৰহ টাইটানত তৰল মিথেন গেছৰ বৰষুণ হয় আৰু বৰষুণত নামি অহা তৰল মিথেন গেছবোৰে টাইটানৰ বুকুত মিথেনৰ মহাসাগৰ সৃষ্টি কৰিছে।

পৃথিৱীৰ পৰা প্ৰায় ৬৩ আলোকবৰ্ষ দূৰৰ এটা নীলাভ গ্ৰহ। গ্ৰহটোৰ নাম HD189733b। ইয়াৰ উষ্ণতা প্ৰায় ১০০০ ডিগ্ৰী ছেণ্টিগ্ৰেড।  HD189733b নামৰ সৌৰজগতৰ বাহিৰৰ এই গ্ৰহটোৰ বুকুত নামি অহা বৰষুণত সৰে কেবল আইনাৰ টুকুৰা। আনহাতে COROT-7b নামৰ বহিৰ্বিশ্বৰ শিলাময় গ্ৰহটোৰ বুকুত বৰষুণত সৰি পৰে কঠিন শিলৰ অজস্ৰ টুকুৰা !!!

২০০৩ চনত আৱিষ্কাৰ হোৱা ভিন্ন গ্ৰহ OGLE-TR-56b বৰ্তমানলৈ  আৱিষ্কৃত গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ দূৰৰ গ্ৰহ। বিজ্ঞানীসকলৰ মতে আইৰণ অক্সাইডেৰে পূৰ্ণ এই গ্ৰহটোৰ উষ্ণতা প্ৰায় ২০০০-২৫০০ ডিগ্ৰী ছেণ্টিগ্ৰেড। এই উষ্ণতাত গ্ৰহটোৰ পৃষ্ঠৰ পৰা লো বাষ্পীভূত হৈ গ্ৰহটোৰ পৃষ্ঠৰ পৰা সামান্য উচ্চতাত লোৰ ডাৱৰ সৃষ্টি কৰে আৰু পৰবৰ্তী সময়ত OGLE-TR-56b নামৰ গ্ৰহটোৰ বুকুলৈ নামি আহে লোৰ এজাক গধুৰ বৰষুণ !!!