Saturday 20 July 2019

এজন মানুহৰ এটি ক্ষুদ্র পদক্ষেপ কিন্তু…



আজি ২০ জুলাই, ২০১৯ চন। জোনবাইৰ বুকুত মানুহৰ পদাৰ্পণৰ গৌৰৱময় ৫০ বৰ্ষপূৰ্তি। ১৯৬৯ চনৰ ১৬ জুলাইৰ দিনা সেই ঐতিহাসিক চন্দ্ৰ অভিযান আৰম্ভ হৈছিল "চাটাৰ্ণ-৫" নামৰ এটা শক্তিশালী ৰকেটে কঢ়িয়াই লৈ যোৱা ‘'এপ'লো-১১’'ৰ জৰিয়তে। যদিও সেই ঐতিহাসিক চন্দ্ৰ অভিযানৰ পিছত একাধিকবাৰ মানুহ চন্দ্ৰৰ বুকুলৈ গৈছে, তথাপিও এপ'লো-১১ অৱতৰণৰ ৫০ বছৰ পূৰ্ণ হোৱা সেই মাহেন্দ্রক্ষণটো মানৱ সভ্যতাৰ ইতিহাসৰ এক বৰ্ণিল অধ্যায়। এতিয়ালৈ জোনবাইৰ বুকুত ছটা সফল মানৱ অভিযান সম্পন্ন হৈছে আৰু সৰ্বমুঠ ১২ জন মানুহে জোনবাইত খোজ পেলাইছে।

১৬ জুলাই ১৯৬৯ চন। আমেৰিকা যুক্তৰাষ্ট্রৰ স্থানীয় সময় অনুসৰি সময় তেতিয়া ৰাতিপুৱা ৬ বাজি ৪৫ মিনিট। তিনিজন মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, এডুইন এলড্ৰিন আৰু মাইকেল কলিন্সে ৰাতিপুৱাৰ আহাৰ কৰি মহাকাশ অভিযানৰ বাবে প্ৰয়োজনীয় পোচাকবোৰ পিন্ধি ধীৰে ধীৰে প্ৰক্ষেপণৰ বাবে সাজু হৈ থকা ৰকেটেৰ ভিতৰত প্ৰৱেশ কৰিলে। সমগ্ৰ বিশ্বৰ মানুহৰ চকু টেলিভিচনৰ পৰ্দাত। পুৱা থিক ৯ বাজি ৩২ মিনিটত নাছাৰ ‘'চাটাৰ্ণ-৫’' ৰকেটেৰ ইঞ্জিনে গৰ্জন কৰি উঠে আৰু অগণন লোকৰ হৰ্ষধ্বনিৰ মাজতে চাটার্ন-৫ ৰকেটটো মহাকাশলৈ উৰা মাৰিলে।

চাটাৰ্ণ-৫ ৰকেটটোৰ উচ্চতা ৩৬৪ ফুট আৰু ইয়াৰ মুঠ ওজন আছিল ২ লাখ ৩৯ হাজাৰ ৭২৫ কিলোগ্রাম ! ৰকেটটোৱে কঢ়িয়াই নিয়া এপ'লো-১১ৰ ওজন আছিল ৪৫ হাজাৰ ৭০২ কিলোগ্রাম। এই বিশাল ৰকেটটোৰ উৎক্ষেপনৰ বাবে ইন্ধন প্ৰজ্বলনৰ কালত যি বিস্ফোৰণ হৈছিল, তাৰ প্ৰভাৱত উৎক্ষেপনস্থলীৰ চৌপাশে প্ৰায় ১০ কিমি ব্যাসাৰ্ধৰ স্থানত ভূমিকম্প সদৃশ জোকাৰণিৰ সৃষ্টি হৈছিল। 

উৎক্ষেপণৰ পিছত নিৰ্দিষ্ট কক্ষপথেৰে চাটাৰ্ণ-৫ ৰকেটটো পৃথিৱীৰ চৌদিশে ঘূৰিবলৈ আৰম্ভ কৰে। এনেদৰে ঘূৰি থকাৰ কাৰণ হ'ল পৃথিৱীৰ মাধ্যাকৰ্ষণ বল অতিক্ৰম কৰি চন্দ্ৰ অভিমূখে গতি কৰিবলৈ প্ৰয়োজনীয় "পলায়ন বেগ" (১১.২ কিমি প্ৰতি ছেকেণ্ড) লাভ কৰা। এনেদৰে ক্ৰমান্বয়ে অধিক ব্যাসাৰ্ধৰ কক্ষপথলৈ অগ্ৰসৰ হৈ শেষত জোনবাই অভিমূখে গতি কৰে চাটার্ন-৫ নামৰ ৰকেটটোৱে। 

চাটাৰ্ণ-৫ ৰকেটটো জোনবাইৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সময় লাগিছিল প্ৰায় ৭০ ঘণ্টা বা তিনি দিন। ১৯৬৯ চনৰ ২০ জুলাইৰ দিনা চাটার্ন-৫ৰ এপ'লো-১১ক জোনবাইৰ চৌদিশে এক কক্ষপথত সফলতাৰে স্থাপন কৰি জোনবাইৰ চৌদিশে প্রদক্ষিণৰত কৰি ৰাখি ৰকেটখনৰ পৰা ঈগল নামৰ লেণ্ডাৰখন আঁতৰ কৰাৰ এক জটিল পৰিক্ৰমা সমাপণ কৰা হয়। ইতিমধ্যে চন্দ্ৰত অৱতৰণৰ বাবে এপ'লো-১১ৰ পৰা নীল আৰ্মষ্ট্ৰং আৰু এডুইন (বাজ) এলড্ৰিনে "ঈগল"ত প্ৰৱেশ কৰিছিল। আনহাতে মাইকেল কলিন্সে অকলে এপ'লো-১১ক জোনবাইৰ চৌদিশে প্ৰদক্ষিন কৰোৱাই ৰাখিছিল।
  
লাহে লাহে "ঈগল" লেণ্ডাৰখন এপ'লো-১১ৰ পৰা আঁতৰি জোনবাইৰ বুকুলৈ ধাৱিত হ'ল। নাছাৰ কণ্ট্ৰ'ল ৰুমত বিজ্ঞানীসকলৰ লগতে বিশ্বৰ জনগন উৎকণ্ঠিত। সময়বোৰ যেন বৰ ধীৰ গতিৰে আগবাঢ়িছে। ২ ঘণ্টা ২১ মিনিট যোৰা এক জটিল পৰিক্ৰমাৰ জৰিয়তে ধীৰে ধীৰে ঈগল আগবাঢ়িছে জোনবাইৰ Sea of Tranquility নামৰ নিৰ্দিষ্ট স্থান টুকুৰাৰ দিশে। আৰু অৱশেষত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ঈগলে জোনবাইৰ বুকু স্পৰ্শ কৰে। ইয়াৰ ক্ষন্তেক পিছতেই এখন জখলাৰে ঈগলৰ পৰা নামি আহি জোনবাইৰ বুকুত প্ৰথমবাৰলৈ খোজ দিলে নীল আৰ্মষ্ট্ৰঙে। মানৱ সভ্যতাৰ ইতিহাসত ই এক উল্ল্যেখযোগ্য উপলব্ধি। জোনবাই বুকুত ভৰি থৈ নীল আৰ্মষ্ট্ৰঙে কৈ পেলাইছিল : The Eagle has landed. That's one small step for a man, one giant leap for mankind.

জোনবাইৰ বুকুত নীল আৰ্মষ্ট্ৰঙৰ অৱতৰণৰ কিছু সময় পিছত বাজ এলড্ৰিনো জোনবাইৰ বুকুত নামিল। দুয়ো মিলি আমেৰিকাৰ পতাকাখন জোনবাইৰ মাটিত পুতি অন্যান্য যাৱতীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰে। এটি বিশেষ বেগত তেওঁলোকে নমুনা হিচাবে প্ৰায় ২১ কিলোগ্রাম জোনবাইৰ মাটি আৰু শিল ভৰাই ল'লে। দুয়ো জোনবাইৰ বুকুত ইফালৰ পৰা সিফাললৈ দুপিয়াই দুপিয়াই খোজকাঢ়ি চালে, জপিয়াই চালে, কেমেৰাৰে অসংখ্য ফটো তুলিলে তদুপৰি পৃথিৱীৰ বিজ্ঞানীসকলৰ লগত কথাও পাতিলে। পৃথিৱীতেই নিৰ্ধাৰণ কৰি পঠিওৱাৰ দৰে দুয়ো জোনবাইৰ বুকুত মুঠ ২১ মিনিট ৩১ ছেকেণ্ড অতিবাহিত কৰি পুনৰ ঈগলত প্ৰৱেশ কৰে ওভটনি যাত্ৰাৰ বাবে। ঈগলে জোনবাইৰ দেশৰ পৰা পুনৰ উৰা মাৰি জোনবাইৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি থকা এপ'লো-১১ৰ লগত "ডকিং" (সংযোগ স্থাপন) কৰে। 

তাৰপিছত পৃথিৱীলৈ ওভটনি যাত্ৰা। মুঠ ৮ দিন ৩ ঘণ্টা ১৮ মিনিট ৩৫ ছেকেণ্ডৰ জোনবাইৰ দেশৰ যাত্ৰা সম্পূৰ্ণ কৰি ১৯৬৯ চনৰ ২৪ জুলাইৰ দিনা  দিনৰ ১২ বাজি ৫০ মিনিটত প্ৰশান্ত মহাসাগৰৰ মাজৰ হাৱাই দ্বীপপূঞ্জৰ পৰা প্ৰায় ৯০০ মাইল দূৰৰ পূৰ্ব নিৰ্ধাৰিত  স্থানত এপ'লো-১১ৰ তিনিও মহাকাশচাৰীয়ে নিৰাপদে অৱতৰণ কৰে।

নাছাৰ এই চন্দ্ৰ অভিযানক কিছুমান মানুহে সন্দেহৰ চকুৰেও চায়। তেওঁলোকৰ মতে নাছাই কেতিয়াও জোনবাইত অৱতৰণ কৰা নাই। ১৯৭৬ চনৰ মাজভাগৰ পৰা তেনে এক ধাৰণাক সজাই পৰাই Bill Kaysing নামৰ এজন লিখকে লিখি উলিয়াই তেওঁৰ self-published গ্ৰন্থ "We Never Went to the Moon"। ১৯৮০ চনত "Flat Earth Society"ৰ সদস্যসকলেও নাছাৰ চন্দ্ৰ অভিযানক এখন চিনেমা বুলি উপহাস কৰে। এনেবোৰ ভুল ধাৰণাৰ পৰা সৰ্বসাধাৰণক আঁতৰি থাকিব পৰাকৈ নাছাই প্ৰমাণ সহকাৰে তথ্যৰ যোগান ধৰিছে যদিও পৃথিৱীখন চেপেটা বুলি আজিও বিশ্বাস কৰা "Flat Earth Society"ৰ সদস্যসকলক সৈমান কৰাব পাৰিছে বুলি আমাৰ মনে ধৰা নাই। 

যা হওঁক, আজি ২০ জুলাই, ২০১৯ তাৰিখে মানুহৰ প্ৰথম চন্দ্ৰ অভিযানৰ ৫০তম বৰ্ষপূৰ্তিত নাছালৈ আমাৰ অভিনন্দন যাচিলোঁ।

Saturday 13 July 2019

পুনৰ জোনবাইৰ দেশলৈ ভাৰতবৰ্ষ



মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষই ইতিমধ্যেই বিশ্ববাসীৰ সন্মুখত এক দৃষ্টান্ত দাঙি ধৰি সকলোৰে সমীহ আদায় কৰিছে। চন্দ্রযান-১ৰ  সফল অভিযানৰ পিছত প্রথম প্ৰচেষ্টাতেই মংগল গ্ৰহৰ কক্ষপথত ভাৰতৰ মহাকাশযান স্থাপন কৰা ভাৰতবৰ্ষই হ'ল পৃথিৱীৰ একমাত্ৰ দেশ। এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) সাজু হৈছে জোনবাইৰ দেশলৈ দ্বিতীয়টো অভিযানৰ বাবে। সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ গৈছে।

ইছৰোৰ বাঙ্গালোৰস্থিত কাৰ্যালয়ৰ পৰা চন্দ্ৰযান-২ আৰু মহাকাশ বিজ্ঞানীসকল আহি উপস্থিত হৈছেহি অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাত। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰত "জিওচিঙ্ক্ৰোনাচ চেটেলাইট লঞ্চ ভেহিকোল মাৰ্ক থ্ৰি" (চমুকৈ GSLV Mk III) সাজু হৈ উঠিছে। ইছৰোৰ বিজ্ঞানীসকলে GSLVৰ এই উৎক্ষেপন যানৰ নাম ৰাখিছে "বাহুবলী"। অহা ১৫ জুলাইৰ নিশা ২ বাজি ৫১ মিনিটত বাহুবলীয়ে শ্রীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰৰ পৰা জোনবাইৰ দেশলৈ কঢ়িয়াই লৈ যাব ৪৪ মিটাৰ ওখ আৰু ৬৪০ টন ওজনৰ সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত চন্দ্রযান-২ নামৰ মহাকাশযানখন।

উৎক্ষেপনৰ ১৬ মিনিট পিছতেই পৃথিৱীৰ চৌদিশে এক নির্দিষ্ট কক্ষপথত স্থাপন কৰা হ'ব চন্দ্ৰযান-২ক। তাৰ পৰবৰ্তী সময়চোৱাত এই নিৰ্দিষ্ট  কক্ষপথেৰে চন্দ্ৰযান-২ক পৃথিৱীৰ চৌদিশে আৱৰ্তন কৰোৱাই ৰাখি যানখনক প্ৰয়োজনীয় গতিবেগ প্ৰদান কৰা হ'ব। নিৰ্দিষ্ট গতিবেগ আহৰণ কৰাৰ পিছত চন্দ্ৰযান-২ক ক্ৰমে অধিক ব্যাসাৰ্ধৰ কক্ষপথেৰে আৱৰ্তন কৰাই জোনবাইৰ দিশলৈ প্ৰক্ষেপ কৰা হ'ব।

জোনবাইৰ দেশলৈ পঠিয়াব ওলোৱা লঞ্চ ভেহিকোলখনত থাকিব এটা অর্বিটাৰ, বিক্রম নামৰ এখন লেণ্ডাৰ আৰু প্রজ্ঞান নামৰ এখন ৰোভাৰ। ২০১৯ চনৰ চেপ্টেম্বৰ মাহত চন্দ্রযান-২ জোনবাইৰ বুকুত অৱতৰণ কৰাৰ পিছত অর্বিটাৰটোৱে চন্দ্রপৃষ্ঠৰ ছবি তোলাৰ লগতে চন্দ্ৰপৃষ্ঠত থকা খনিজ পদাৰ্থৰ সন্ধান আৰু জোনবাইৰ মেপিং কৰিব। চন্দ্ৰযানত সংলগ্ন লেণ্ডাৰখনৰ ওজন ১,৪৭১ কিলোগ্রাম। এই লেণ্ডাৰখনে জোনবাইত হোৱা ভূমিকম্প (চন্দ্ৰকম্প!) আৰু জোনবাইৰ তাপমাত্রা সংক্রান্তীয় এলানি পৰীক্ষা কৰিব। প্রজ্ঞান নামৰ ৩০ কিলোগ্রামৰ ছয়চকীয়া চলমান ৰৱটিক যানখনে জোনবাইৰ মাটিৰ পৰীক্ষা-নিৰীক্ষাবোৰ সম্পন্ন কৰিব। তদুপৰি জোনবাইৰ বুকুত পানী আৰু জীৱনৰ সন্ধানতো ব্ৰতী হৈ থাকিব চন্দ্ৰযান-২।

১৫ জুলাইৰ নিশা ২.৫১ বজাত চন্দ্ৰযান-২ৰ উৎক্ষেপণ সমগ্ৰ বিশ্বই লাইভ দেখা পাব। দূৰদর্শনে এই উৎক্ষেপন লাইভ দেখুৱাৰ লগতে ইছৰোৰ কন্ট্রোল ৰুমেও লাইভ টেলিকাষ্ট কৰিব। আনকি ইউটিউবেও এই কাৰ্যসূচীৰ লাইভ দৃশ্য দেখুৱাব। ফেইচবুক ব্যৱহাৰকাৰী সকলেও ইচৰোৰ অফিচিয়েল পেইজটো "চাবস্ক্ৰাইব" কৰিলে ফেইচবুক লাইভত চন্দ্রযান-২ৰ উৎক্ষেপণ লাইভ দেখা পাব।

২০১৯ চনৰ আৰম্ভণিতেই ইজৰাইলে প্ৰথমবাৰৰ বাবে জোনবাইৰ দেশলৈ মহাকাশযান প্ৰেৰণ কৰিছিল। যান্ত্ৰিক বিজুতিৰ বাবে এই প্ৰচেষ্টা সফল নহ'ল। সেয়ে, ভাৰতৰ এই অভিযান সফল হলে জোনবাইৰ মাটিত পদাৰ্পন কৰা দেশবোৰৰ তালিকাত ভাৰতে চতুর্থ স্থান পাব। ইয়াৰ আগতে মার্কিন যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া আৰু চীনে এই কাম সম্পন্ন কৰিছে। 

ইছৰোলৈ আমাৰ শুভকামনা থাকিল। ইছৰো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰবময় অধ্যায়।

Friday 5 July 2019

পৰীক্ষাগাৰত চকুলোৰ ছবি



চকুলো আবেগ অনুভূতি আদিবোৰৰ বহিঃপ্রকাশৰ এক প্ৰাকৃতিক উপায়। মানৱ শিশুৱে কান্দোনেৰে যেনেদৰে পৃথিৱীলৈ অহাৰ জাননী দিয়ে, ঠিক একেদৰেই আপোনজনৰ চিৰ বিদায়ৰ সময়তো চকুলোৱেই দুগাল তিঁয়াই থৈ যায়। কেৱল মানুহেই নহয়, জীৱ-জন্তুৰ চকুতো দেখা যায় চকুলো। কান্দিলে আমাৰ দুচকুলৈ চকুলো নিগৰি আহে, আনহাতে কেতিয়াবা চকুলো নামি আহে সংগোপনে। আনন্দত আত্মহাৰা মানুহৰ চকুতো দেখা যায় চকুলো।

আমাৰ অক্ষিগোলকৰ ওপৰৰ পিনে বাদামী ৰঙৰ এটা গ্রন্থি আছে। এই গ্ৰন্থিটোৰ নাম ‘লেক্ৰাইমেল গ্লেণ্ড' বা "অশ্রু গ্রন্থি"। লেটিন শব্দ ‘লেক্ৰাইম’ মানে অশ্রু। এই গ্রন্থিটোৰ ভিতৰত যি তৰল পদার্থ থাকে, সেয়াই আমাৰ চকুলো বা অশ্ৰু। 

পানী, লৱণ, প্ৰতিদেহ পদাৰ্থ (antibody) আৰু কেতবোৰ এণ্টি মাইক্রোবিয়েল ৰসায়নিক পদাৰ্থৰ সংমিশ্রণেই হ'ল অশ্ৰু। অক্ষিগহ্বৰত অৱস্থিত অশ্ৰু গ্ৰন্থিৰ পৰা নিঃসৰিত চকুলোৱে আমাৰ চকুযুৰিক অনবৰত বিভিন্ন অণুজীবৰ আক্রমণৰ ৰক্ষা কৰে। বিজ্ঞানীসকলে মানুহ আৰু বিভিন্ন প্রাণীৰ চকুলোৰ ৰাসায়নিক মিশ্রণ সম্বন্ধে গবেষণা কৰি বহুতো চমকপ্রদ তথ্যৰ সন্ধান উলিয়াইছে। প্ৰখ্যাত ডাচ্চ চিত্ৰশিল্পী মৰিচ মিক্কাৰচ চিত্ৰশিল্পী হিচাবে পৰিচিত হোৱাৰ আগতে পূর্বে এজন লেৱৰ'টৰী টেকনিচিয়ান আছিল। লেৱৰ'টৰীত কাম কৰি থকাৰ সময়ত হঠাতে এদিন তেওঁৰ মনলৈ আহিল চকুলোৰ টোপাল এটা অনুবীক্ষণযন্ৰ বা মাইক্ৰ'স্কোপৰ তলত ৰাখি পৰ্যবেক্ষণ কৰাৰ কথা। কথামতেই কাম। ক'লা ৰঙৰ এখন পটভূমিত এটোপাল চকুলো লৈ অণুবীক্ষণ যন্ত্রৰ তলত সযতনে স্থাপন কৰি ল'লে মিক্কাৰচে। তাৰপিছত নিৰ্দিষ্ট পৰিমাপৰ পোহৰৰ উৎস ব্যৱহাৰ কৰি চকুলোৰ টোপালটো পৰীক্ষা কৰাত লাগি গ'ল। তেওঁ বৰ আচৰিত হৈ পৰিছিল, কিয়নো আলোকেৰে উদ্ভাসিত কৰা চকুলোৰ টোপালৰ মাজত তেওঁ দেখা পালে অসংখ্য অসাধাৰণভাবে সুন্দৰ কিছুমান স্ফটিকাকাৰ নমুনা। এই আকৃতিবোৰে তেওঁক চকুলোৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী কৰি তুলিলে।

বিজ্ঞানী সকলৰ মতে আমাৰ চকুলো তিনি প্ৰকাৰৰ। সেইবোৰ হ'ল :

১) স্বাভাৱিক চকুলো : সাধাৰণ অৱস্থাত আমাৰ চকুৰ অশ্ৰু গ্ৰন্থিত যি তৰল পদাৰ্থ উৎপন্ন হয়, তাকেই স্বাভাৱিক চকুলো বোলা হয়। এই চকুলোৱে আমাৰ চকুযুৰি সিক্ত আৰু পিছল কৰি ৰাখি চকুৰ দৃষ্টি থিকে ৰাখে। তদুপৰি স্বাভাৱিক চকুলোত থকা কেতবোৰ দ্ৰৱনীয় প্ৰটিনে আমাৰ চকুযুৰি সাধাৰণ বাহ্যিক সংক্ৰমণৰ পৰাও ৰক্ষা কৰি থাকে। এই চকুলোৰ লগত আবেগ অনুভূতিৰ সম্পৰ্ক নেথাকে।

২) প্ৰতিৱৰ্তী চকুলো : হঠাৎ বাহিৰৰ পৰা কোনো পদাৰ্থ যেনে ধূলি-বালি বা পোক পৰুৱা আহি আমাৰ চকুত পৰিলে নিগৰি অহা চকুলোবোৰেই প্ৰতিৱৰ্তী চকুলো। তদুপৰি হাঁচিয়ালে বা হাঁহিলে চকুৰ ওচৰে পাজৰে থকা মাংসপেশীত সৃষ্টি হোৱা চাপৰ বাবে অশ্ৰু গ্ৰন্থিত হেঁচা পৰে। তেতিয়াও প্ৰতিৱৰ্তী চকুলোৱে চকু সেমেকাই তোলে। এই চকুলোও আৱেগবৰ্জিত।

৩) আৱেগজনিত চকুলো : সুখ-দুখ, পীড়া অথবা মনোকষ্টৰ বাবে যেতিয়াই আমাৰ দুচকু সেমেকি উঠে, সেই চকুলোৱেই আৱেগজনিত চকুলো। বিজ্ঞানীসকলৰ গৱেষণাত ধৰা পৰা তথ্য অনুসৰি আৱেগজনিত চকুলোত আন দুবিধ চকুলোতকৈ ২৪ শতাংশ বেছি দ্ৰৱনীয় প্ৰটিন থাকে।

গবেষণাত দেখা গৈছে যে প্ৰথম আৰু দ্বিতীয় বিধ চকুলো বিভিন্ন প্রাণীৰ দেহত দেখা যায় যদিও আৱেগজনিত চকুলো কেৱল মানুহৰ হে থাকে। তেন্তে কি এই ৰহস্যময় আৱেগিজনিত চকুলো ??

আৱেগজনিত চকুলোৰ ৰাসায়নিক গঠন বিশ্লেষণ কৰি দেখা গৈছে যে ইয়াত বিভিন্ন ধৰণৰ স্ট্রেচ হৰমোন থাকে যিবোৰে দৰাচলতে আমাৰ দেহত প্ৰাকৃতিক "পেইন কিলাৰ" বা পীড়ানাশক হিচাবে কাম কৰে। সেয়েহে আৱেগজনিত চকুলো আচলতে অতিৰিক্ত দুখ বা মানসিক চাপৰ প্ৰভাৱৰ পৰা আমাৰ মস্তিষ্কক স্থিৰে ৰখা এক ধৰণৰ প্রাকৃতিক প্রতিৰোধ ব্যবস্থা। মানসিকভাবে খুব বেছিকৈ উত্তেজিত হ'লে বা অতিৰিক্ত দুখময় অবস্থাত এই চকুলোৱে আমাৰ দেহৰ স্ট্রেচ বা অৱসাদ দুৰ কৰি আমাৰ মগজুক জিৰণি দিয়ে। অভিনয়ৰ সময়ত নায়ক বা নায়িকাই গ্লিচাৰিণ ব্যবহাৰ কৰি যি কৃত্রিম অশ্রু নিৰ্গত কৰে, সেই অশ্ৰু যে মিছা তাক সহজেই ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি।

পুনৰ ঘূৰি আহিছো ডাচ্ছ চিত্ৰশিল্পী মৰিচ মিক্কাৰচৰ অনুবীক্ষণযন্ত্ৰৰ তলত ধৰা পৰা চকুলোৰ প্ৰতিচ্ছবিবোৰলৈ। তাৰবাবে তেওঁ বিভিন্ন মানুহৰ পৰা সংগ্ৰহ কৰা তিনিও বিধ চকুলোক বেলেগে বেলেগে মাইক্রোপিপেটৰ সহায়ত ক'লা ৰঙৰ মাইক্রোস্কোপিক ফলকৰ ওপৰত ২ প্ৰায় মিলিমিটাৰ আকাৰৰ একোটাকৈ টোপাল প্ৰস্তুত কৰি লৈছিল। তেওঁ মন কৰিছিল যে ৫ ৰ পৰা ২০ মিনিটেৰ ভিতৰত চকুলোৰ টোপালবোৰত থকা বিভিন্ন দ্ৰৱনীয় প্ৰটিন আৰু হ'ৰমোনবোৰ বায়ুৰ সংস্পৰ্শত আপোনা আপুনি স্ফটিকলৈ সলনি হয়। এতিয়া তেওঁ মাইক্রোস্কোপিক ফলকবোৰ মাইক্ৰস্কোপৰ তলত পৰ্যবেক্ষণ কৰি দেখা পাইছিল যে স্বাভাৱিক চকুলো, প্ৰতিৱৰ্তী চকুলো আৰু আৱেগজনিত চকুলোৰ স্ফটিকবোৰ বেলেগ বেলেগ। এই কথাটোৱে তেওঁক প্ৰথমবাৰলৈ ভাবিবলৈ প্ৰেৰণা দিছিল যে এই চকুলোৰ ৰাসায়নিক সংগঠনো বেলেগ হ'ব পাৰে। ইয়াৰ পৰবৰ্তী পৰ্যায়ত আন বিজ্ঞানীসকলো বিষয়টোৰ প্ৰতি আগ্ৰহী হৈ উঠে আৰু চকুলোৰ ৰসায়নিক গঠন সম্বন্ধে অধিক তথ্য পোহৰলৈ আহে। (পোষ্টটোৰ লগত সন্নিবিষ্ট ছবিখনত ১, ২ আৰু ৩ নম্বৰেৰে সূচিত চকুলোৰ স্ফটিকৰ ছবিবোৰ মৰিচ মিক্কাৰাচে অনুবীক্ষণযন্ত্ৰ পৰা সংগ্ৰহ কৰা।)

পিছে আমোদজনক কথাটো হ'ল বৈজ্ঞানিক সম্ভাৱনাৰ দুৱাৰখন মুকলি কৰি দি ডাচ্চ চিত্ৰশিল্পী মৰিচ মিক্কাৰচ এইবাৰ ব্যস্ত হৈ পৰে চকুলোৰ পৰা আহৰণ কৰা স্ফটিকৰ আধাৰত চিত্ৰ অংকণ কৰাত। সঁচাকৈয়ে বৰ খেয়ালী মনৰ অধিকাৰী এই শিল্পী আৰু বিজ্ঞানীসকল।

Monday 1 July 2019

পৃথিৱীৰ প্ৰথম শল্য চিকিৎসক : শুশ্ৰূত


আধুনিক চিকিৎসা বিজ্ঞানৰ যি অগ্রগতি সেয়া পৰ্যায়ক্ৰমে সম্পন্ন হৈ আহিছে। চিকিৎসা বিজ্ঞানৰ ইতিহাস অতি প্রাচীন। খ্রীষ্টপূর্ব প্রায় ৩ হাজাৰ বছৰ আগতেই মিচৰ, ভাৰতবৰ্ষ, গ্রীচ আৰু ৰোমত চিকিৎসা বিজ্ঞানৰ বীজ অংকুৰিত হৈছিল। পৰবৰ্তী কালত আৰব আৰু চীন দেশতো চিকিৎসা বিজ্ঞানে প্ৰসাৰ লাভ কৰিছিল। 

প্রাচীন কালত ভাৰতীয় উপমহাদেশৰ চিকিৎসা বিজ্ঞানৰ দুটা ধাৰা আছিল। তাৰে এটা আছিল "সিদ্ধা" আৰু আনটো "আয়ুর্বেদ"। সমগ্ৰ ভাৰতবৰ্ষৰ উপৰিও প্ৰাচীন বিশ্বৰ বিভিন্ন দেশত "আয়ুর্বেদ" পৰিচিত যদিও "সিদ্ধা" দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত সীমাবদ্ধ হৈ ৰৈছিল। 

আজি চৌদিশে চিকিৎসা বিজ্ঞানৰ জয়ধ্বনি। সৌ সিদিনা ২০১০ চনৰ এপ্রিল মাহত বিশ্বত প্রথম বাৰৰ বাবে স্পেনৰ চিকিৎসকৰ দল এটাই মানুহৰ সম্পূৰ্ণ মুখমণ্ডল প্লাষ্টিক চাৰ্জাৰিৰ জৰিয়তে প্রতিস্থাপন কৰি প্লাষ্টিক চাৰ্জাৰিৰ ইতিহাসত এক নতুন এক অধ্যায়ৰ সূচনা কৰিলে। 

বহুতৰ মনত হয়তো এটা ধাৰণা আছে যে প্লাষ্টিক চার্জাৰি শল্য চিকিৎসা বিজ্ঞানৰ এক নতুন সংযোজন। কিন্তু আচৰিত হ'লেও এইটো সত্য যে খ্রীষ্টপূৰ্ব প্ৰায় ১৫০০ বছৰৰ পৰাই অৰ্থাৎ  সিন্ধু সভ্যতাৰ সময়ৰ পৰাই প্রাচীন ভাৰতত প্লাষ্টিক চার্জাৰিৰ প্রচলন আছিল। 

খীষ্ট্রপূর্ব ৬০০ৰ পৰা ১০০০ বছৰৰ ভিতৰত বিশ্বৰ প্ৰথম জন শল্য চিকিৎসক শুশ্ৰূতৰ জন্ম হৈছিল ভাৰতৰ প্ৰাচীন বাৰানসীত। গঙ্গা নদীৰ তীৰত অৱস্থিত বাৰানসী চহৰতেই বৈদিক শিক্ষা গ্ৰহন কৰি পৰবৰ্তী সময়ত তেওঁ আয়ুৰ্বেদ অধ্যয়ন কৰে। তাৰপিছত বাৰানসী চহৰতেই  চিকিৎসক হিচাবে সমাজৰ সেৱা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক চিকিৎসা বিজ্ঞানৰ শিক্ষা দিবলৈ আৰম্ভ কৰে। এই সময়চোৱাতেই শুশ্রূতে চিকিৎসা বিজ্ঞানৰ এখন অমূল্য গ্ৰন্থ "শুশ্ৰূত সংহিতা" ৰচনা কৰে। এই গ্রন্থখনক আধুনিক চিকিৎসা বিজ্ঞানৰ অন্যতম পথ প্রদর্শক হিচাবে স্থান দিয়া হৈছে। গ্ৰন্থখনত  শুশ্রূতে ঔষধৰ বিৱৰণ, প্ৰয়োগবিধি আৰু শল্য চিকিৎসাৰ পদ্ধতি তথা অনুশীলনী সম্বন্ধে বিস্তাৰিত ভাবে ব্যাখ্যা কৰিছে। তদুপৰি শুশ্ৰূতে তেওঁৰ গ্ৰন্থ "শুশ্ৰূত সংহিতা"ত শল্য চিকিৎসাৰ পৰিকল্পনা, ৰোগীৰ যন্ত্ৰনা লাঘৱ কৰা উপায় আৰু ৰক্তক্ষৰণ বন্ধ কৰাৰ পদ্ধতি সম্পৰ্কেও বিশদ ভাবে বৰ্ণনা কৰিছে। 

প্রাচীন ভাৰতত চার্জাৰিক “শল্যতন্ত্র” বুলি কোৱা হৈছিল। ”শল্য” মানে  অস্ত্র বা যন্ত্র আৰু “তন্ত্র” মানে পদ্ধতি। সেয়ে শল্যতন্ত্ৰ হ'ল অস্ত্রৰ সহায়ত মানবদেহৰ ৰোগ নিৰাময়ৰ এটা ব্যৱস্থা। শুশ্রূতে প্রতিটো চার্জিকেল পদ্ধতিক কেইটামান ধাপত ভাগ কৰি লৈছিল। এইবোৰ হৈছে- 

১) Chedya (excision)- ছেদকৰণ বা কটা
২) Lekhya (sacrification)- সূক্ষ্ম ছেদন
৩) Vedya (puncturing)- ছিদ্রকৰণ
৪) Esya (exploration)- উন্মোচন
৫) Ahrya (extraction)- উৎপাতন
৬) Vsraya (evacuation)- উদ্ভাষণ
৭) Sivya (suturing)- চিলাই কৰা।

শুশ্রূতে কৰা অপাৰেচন বোৰৰ ভিতৰত Rhinoplasty আৰু চকুৰ Cataract operation উল্লেখযোগ্য। ৰাইনোপ্লাষ্টি  নাকৰ ৰোগ নিৰাময় আৰু সৌন্দর্য বৃদ্ধিৰ বাবে কৰা চার্জাৰি। বৰ্তমান ই প্লাষ্টিক চার্জাৰিৰ অন্তৰ্গত এক চাৰ্জাৰি। শুশ্রূত সংহিতাত বর্ণনা কৰা মতে শুশ্ৰূতৰ Rhinoplasty operation কৰাৰ পদ্ধতিৰ থুলমূল বিৱৰণ তলত উল্লেখ কৰা হ'ল-

নাকৰ যি অংশ শল্য চিকিৎসাৰ বাবে প্ৰয়োজন সেই অংশটো প্রথমে জুখি লৈ ঠাইখিনি পৰিষ্কাৰ কৰা হয়। তাৰপিছত বনৌষধ প্ৰয়োগ কৰি  বীজাণুৰ সংক্ৰমণ আগতীয়াকৈ বাধা দি ডিঙিৰ পৰা এটুকুৰা ছাল কাটি আনি নাকৰ নির্দিষ্ট অংশটো সঠিক ভাবে আবৃত কৰি লোৱা হয়। নাকত ছালৰ টুকুৰাটো সঠিকভাবে স্থাপন কৰিবলৈ চোকা অস্ত্ৰৰ সহায়ত নাকৰ ছাল অলপ  কাটি পেলোৱা হয়। তাৰপিছত ডিঙিৰ পৰা কাটি অনা ছাল নাকৰ নির্দিষ্ট স্থানত ৰাখি চিলাই কৰি দিয়া হয়। সংক্ৰমণৰ পৰা বাচিবলৈ তুলাৰে ক্ষতস্থান ভালদৰে মচি লৈ পুনৰ বনৌষধ প্ৰয়োগ কৰা হয়।

যিশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় ১০০০ বছৰ আগত সংজ্ঞাহীন কৰা উন্নত পদ্ধতি আৰু যন্ত্ৰপাতি অবিহনে প্ৰাচীন ভাৰতত শুশ্ৰূতে কৰা এনে ধৰণৰ নাক আৰু চকুৰ চাৰ্জাৰি সঁচাকৈয়ে অবিশ্বাস্য। 

(ভাৰতত আজিৰ দিনটো ডাঃ বিধানচন্দ্র ৰায়ৰ জন্মদিনৰ লগত সংগতি ৰাখি চিকিৎসক দিৱস ৰূপে পালন কৰা হয়। উল্লেখযোগ্য যে ১ জুলাইত এই মনিষী জনাৰ মৃত্যুও হৈছিল। এই চিকিৎসক দিৱস উপলক্ষে সকলো সন্মানীয় চিকিৎসকলৈ শুভেচ্ছাৰে)