Saturday 13 July 2019

পুনৰ জোনবাইৰ দেশলৈ ভাৰতবৰ্ষ



মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষই ইতিমধ্যেই বিশ্ববাসীৰ সন্মুখত এক দৃষ্টান্ত দাঙি ধৰি সকলোৰে সমীহ আদায় কৰিছে। চন্দ্রযান-১ৰ  সফল অভিযানৰ পিছত প্রথম প্ৰচেষ্টাতেই মংগল গ্ৰহৰ কক্ষপথত ভাৰতৰ মহাকাশযান স্থাপন কৰা ভাৰতবৰ্ষই হ'ল পৃথিৱীৰ একমাত্ৰ দেশ। এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) সাজু হৈছে জোনবাইৰ দেশলৈ দ্বিতীয়টো অভিযানৰ বাবে। সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ গৈছে।

ইছৰোৰ বাঙ্গালোৰস্থিত কাৰ্যালয়ৰ পৰা চন্দ্ৰযান-২ আৰু মহাকাশ বিজ্ঞানীসকল আহি উপস্থিত হৈছেহি অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাত। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰত "জিওচিঙ্ক্ৰোনাচ চেটেলাইট লঞ্চ ভেহিকোল মাৰ্ক থ্ৰি" (চমুকৈ GSLV Mk III) সাজু হৈ উঠিছে। ইছৰোৰ বিজ্ঞানীসকলে GSLVৰ এই উৎক্ষেপন যানৰ নাম ৰাখিছে "বাহুবলী"। অহা ১৫ জুলাইৰ নিশা ২ বাজি ৫১ মিনিটত বাহুবলীয়ে শ্রীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰৰ পৰা জোনবাইৰ দেশলৈ কঢ়িয়াই লৈ যাব ৪৪ মিটাৰ ওখ আৰু ৬৪০ টন ওজনৰ সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত চন্দ্রযান-২ নামৰ মহাকাশযানখন।

উৎক্ষেপনৰ ১৬ মিনিট পিছতেই পৃথিৱীৰ চৌদিশে এক নির্দিষ্ট কক্ষপথত স্থাপন কৰা হ'ব চন্দ্ৰযান-২ক। তাৰ পৰবৰ্তী সময়চোৱাত এই নিৰ্দিষ্ট  কক্ষপথেৰে চন্দ্ৰযান-২ক পৃথিৱীৰ চৌদিশে আৱৰ্তন কৰোৱাই ৰাখি যানখনক প্ৰয়োজনীয় গতিবেগ প্ৰদান কৰা হ'ব। নিৰ্দিষ্ট গতিবেগ আহৰণ কৰাৰ পিছত চন্দ্ৰযান-২ক ক্ৰমে অধিক ব্যাসাৰ্ধৰ কক্ষপথেৰে আৱৰ্তন কৰাই জোনবাইৰ দিশলৈ প্ৰক্ষেপ কৰা হ'ব।

জোনবাইৰ দেশলৈ পঠিয়াব ওলোৱা লঞ্চ ভেহিকোলখনত থাকিব এটা অর্বিটাৰ, বিক্রম নামৰ এখন লেণ্ডাৰ আৰু প্রজ্ঞান নামৰ এখন ৰোভাৰ। ২০১৯ চনৰ চেপ্টেম্বৰ মাহত চন্দ্রযান-২ জোনবাইৰ বুকুত অৱতৰণ কৰাৰ পিছত অর্বিটাৰটোৱে চন্দ্রপৃষ্ঠৰ ছবি তোলাৰ লগতে চন্দ্ৰপৃষ্ঠত থকা খনিজ পদাৰ্থৰ সন্ধান আৰু জোনবাইৰ মেপিং কৰিব। চন্দ্ৰযানত সংলগ্ন লেণ্ডাৰখনৰ ওজন ১,৪৭১ কিলোগ্রাম। এই লেণ্ডাৰখনে জোনবাইত হোৱা ভূমিকম্প (চন্দ্ৰকম্প!) আৰু জোনবাইৰ তাপমাত্রা সংক্রান্তীয় এলানি পৰীক্ষা কৰিব। প্রজ্ঞান নামৰ ৩০ কিলোগ্রামৰ ছয়চকীয়া চলমান ৰৱটিক যানখনে জোনবাইৰ মাটিৰ পৰীক্ষা-নিৰীক্ষাবোৰ সম্পন্ন কৰিব। তদুপৰি জোনবাইৰ বুকুত পানী আৰু জীৱনৰ সন্ধানতো ব্ৰতী হৈ থাকিব চন্দ্ৰযান-২।

১৫ জুলাইৰ নিশা ২.৫১ বজাত চন্দ্ৰযান-২ৰ উৎক্ষেপণ সমগ্ৰ বিশ্বই লাইভ দেখা পাব। দূৰদর্শনে এই উৎক্ষেপন লাইভ দেখুৱাৰ লগতে ইছৰোৰ কন্ট্রোল ৰুমেও লাইভ টেলিকাষ্ট কৰিব। আনকি ইউটিউবেও এই কাৰ্যসূচীৰ লাইভ দৃশ্য দেখুৱাব। ফেইচবুক ব্যৱহাৰকাৰী সকলেও ইচৰোৰ অফিচিয়েল পেইজটো "চাবস্ক্ৰাইব" কৰিলে ফেইচবুক লাইভত চন্দ্রযান-২ৰ উৎক্ষেপণ লাইভ দেখা পাব।

২০১৯ চনৰ আৰম্ভণিতেই ইজৰাইলে প্ৰথমবাৰৰ বাবে জোনবাইৰ দেশলৈ মহাকাশযান প্ৰেৰণ কৰিছিল। যান্ত্ৰিক বিজুতিৰ বাবে এই প্ৰচেষ্টা সফল নহ'ল। সেয়ে, ভাৰতৰ এই অভিযান সফল হলে জোনবাইৰ মাটিত পদাৰ্পন কৰা দেশবোৰৰ তালিকাত ভাৰতে চতুর্থ স্থান পাব। ইয়াৰ আগতে মার্কিন যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া আৰু চীনে এই কাম সম্পন্ন কৰিছে। 

ইছৰোলৈ আমাৰ শুভকামনা থাকিল। ইছৰো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰবময় অধ্যায়।

No comments:

Post a Comment