১৯৯৭ চনৰ গ্ৰীষ্মকাল। আমেৰিকাৰ উইচকনচিন ৰাজ্যৰ ওচকছ চহৰৰ এখন কিন্ডাৰগাৰ্টেনত পাঁচ বছৰীয়া কণমানি ছাত্ৰী মেগানে টেবুলৰ সন্মুখত বহি ৰঙীন পেঞ্চিলবোৰেৰে এখন কাগজত অতি মনোযোগেৰে ৰং কৰি আছিল। তাইৰ নিষ্পাপ মনটোত তেতিয়া আছিল এক গভীৰ আনন্দ। কাৰণ, সেইদিনা আছিল পিতৃ দিৱসৰ বাবে বিশেষ উপহাৰ প্ৰস্তুত কৰাৰ দিন।
বিদ্যালয়ত শিক্ষকজনে প্ৰতিগৰাকী শিশুক নিজৰ দেউতাকৰ বাবে কাগজৰ টাই বনাবলৈ দিছিল। মেগানেও নিজৰ সমস্ত মৰম, কল্পনা আৰু শিশুসুলভ উচ্ছ্বাসেৰে এডাল ৰঙীন টাই আঁকি উলিয়ালে। সেই টাইডালৰ প্ৰতিটো ৰঙৰ আঁৰত যেন লুকাই আছিল তাইৰ মৰম, প্ৰতিটো আঁক-বাঁকৰ মাজত যেন সাঁচ বহি ৰৈছিল তাইৰ কণমানি হৃদয়ৰ সমস্ত অনুভৱ।
শিক্ষকজনে মেগানৰ টাইডাল লেমিনেট কৰি ডিঙিত পিন্ধিব পৰাকৈ এডাল সূতা লগাই দিলে। সেইদিনা ঘৰলৈ উভতি অহাৰ সময়ত মেগানৰ মুখত আছিল পৃথিৱীখন জয় কৰাৰ দৰে উচ্ছ্বাস। তাইৰ হাতত আছিল মৰমৰ দেউতাকৰ বাবে নিজ হাতেৰে সজা এটি উপহাৰ।
ঘৰ পাইয়ে তাই দৌৰি গৈ দেউতাক গ্লেন বেকাৰৰ হাতত টাইডাল তুলি দিলে। উপহাৰটো হাতত লৈ গ্লেনে জীয়েকৰ মুখলৈ চালে। তেওঁৰ চকু দুটা আনন্দত উজ্বলি উঠিল। হয়তো সেই মুহূৰ্তত তেওঁৰ বাবে পৃথিৱীৰ আটাইতকৈ দামী উপহাৰটো আছিল সেই সাধাৰণ কাগজৰ টাইডালেই। কাৰণ, তাৰ মাজত লুকাই আছিল তেওঁৰ পাঁচ বছৰীয়া জীয়েকৰ অকৃত্ৰিম মৰমবোৰ।
তেওঁ মৰমেৰে মেগানক বুকুৰ মাজত সাৱটি ধৰিলে আৰু ক’লে— “মাজনী, এদিন যেতিয়া তোমাৰ বিয়া হ’ব, তেতিয়া মই এই টাইডাল পিন্ধিম।” কণমানি মেগানে হয়তো সেই প্ৰতিশ্ৰুতিৰ গভীৰতা বুজি পোৱা নাছিল। তাইৰ বাবে সেয়া আছিল দেউতাকৰ মৰমভৰা কথা। কিন্তু গ্লেনৰ বাবে সেই মুহূৰ্তটো হৈ ৰ’ল জীৱনৰ এক অমূল্য স্মৃতি আৰু জীয়েকক দিয়া এক হৃদয়ৰ প্ৰতিশ্ৰুতি।
জীয়েকে নিজ হাতেৰে বনাই দিয়া সেই টাইডাল গ্লেনে নিজৰ শোৱা কোঠাৰ ড্ৰেছিং আইনাখনৰ কাষত সযতনে ওলোমাই ৰাখিলে। প্ৰতিদিনে আইনাখনৰ সন্মুখত থিয় হ’লে তেওঁৰ চকুত পৰিছিল সেই ৰঙীন কাগজৰ টাই ডাল। দিন পাৰ হ’ল। মাহ পাৰ হ’ল। বছৰৰ পাছত বছৰ বাগৰিল।
সৰু মেগানজনীও লাহে লাহে ডাঙৰ হ’ল। শৈশৱৰ ৰঙীন পৃথিৱীখন এৰি তাই ভৰি দিলে জীৱনৰ নতুন নতুন অধ্যায়ত। কিন্তু দেউতাকৰ বুকুত তাই সদায় সেই পাঁচ বছৰীয়া কণমানিজনী হৈয়েই থাকিল। মাজে মাজে গ্লেনে টাইডালত জমা হোৱা ধূলি মাকতিবোৰ চফা কৰি জীয়েকক সোঁৱৰাই দিছিল— “মাজনী, মনত আছেনে? তোমাৰ বিয়াত মই এই টাইডালেই পিন্ধিম!”
মেগানে হয়তো ভাবিছিল, দেউতাকৰো যে কি অদ্ভুত কথা! বিয়া হ’বলৈ তেতিয়াও বহু বছৰ বাকী। আৰু সেই পুৰণি কাগজৰ টাইডাল পিন্ধি কোনোবাই বাৰু বিয়ালৈ যায় নেকি!
কিন্তু তাই জনা নাছিল যে দেউতাকে সেই টাইডালত কেৱল কিছুমান ৰং আৰু কাগজেই দেখা নাছিল। তেওঁ দেখিছিল নিজৰ জীয়েকৰ শৈশৱ, তাইৰ অকৃত্ৰিম মৰম আৰু এটা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ অধীৰ অপেক্ষা।
ইয়াৰ মাজতে পৰিয়ালটো ওচকছৰ পৰা এপলটন চহৰলৈ স্থানান্তৰিত হ’ল। ঘৰ সলনিৰ ব্যস্ততা, বস্তু-বাহানিৰ স্থানান্তৰণ আৰু নতুন জীৱনৰ আৰম্ভণিৰ মাজত কাগজৰ টাইডাল ক’ৰবাত হেৰাই গ’ল! জীয়েক মেগানে ভাবিলে, টাইডাল চাগে চিৰদিনৰ বাবে হেৰাই থাকিল। তাই দেউতাকক ধেমালি কৰি কৈছিল — “দেউতা, মোৰ বিয়াত পিন্ধিবলৈ তোমাৰ সেই টাইডাল দেখোন হেৰাই থাকিল!” গ্লেনে একো নক’লে। সেই নীৰৱতাৰ আঁৰত যে লুকাই আছিল এটা প্ৰতিশ্ৰুতি, সেয়া মেগানে কল্পনাও কৰিব পৰা নাছিল।
২৪ বছৰৰ পাছত প্ৰতিশ্ৰুতি পূৰণৰ সেই সোণালী ক্ষণটি আহি পৰিল। ১৯৯৭ চনৰ সেই পাঁচ বছৰীয়া কণমানিজনী ২০২১ চনৰ অক্টোবৰ মাহত জীৱনৰ এক নতুন অধ্যায়ত প্ৰৱেশ কৰিবলৈ সাজু হ’ল। মেগানৰ বিয়া। তাইৰ জীৱনসংগী ট্ৰেভিছৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ সেই বিশেষ দিনটোত আনন্দত উথলি উঠিছিল পৰিয়াল আৰু আত্মীয়-স্বজনৰ হৃদয়। সুন্দৰকৈ সজোৱা বিবাহ মণ্ডপত সম্পন্ন হ’ল বিবাহৰ মাংগলিক অনুষ্ঠান। হাঁহি, আনন্দ, আশীৰ্বাদ আৰু শুভকামনাৰে ভৰি পৰিল চৌদিশ।
তাৰ পাছত আহিল সেই বিশেষ মুহূৰ্ত — দেউতাক আৰু জীয়েকৰ নৃত্য। এগৰাকী জীয়েকৰ জীৱনৰ এনে এটা মুহূৰ্ত, য’ত তাইৰ হাতখনত ধৰি থকা মানুহজন কেৱল তাইৰ দেউতাকেই নহয়; তেওঁ তাইৰ শৈশৱৰ প্ৰথম নায়ক, প্ৰথম নিৰাপত্তা, প্ৰথম আশ্ৰয়।
মণ্ডপত মেগানৰ লগতে আন সকলোৱে গ্লেনৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু গ্লেনক ক’তো দেখা নগ’ল। মেগানে ইফালে-সিফালে বিচাৰিবলৈ ধৰিলে। দেউতাক ক’লৈ গ’ল? এই বিশেষ মুহূৰ্তটোত তাই দেউতাকক কাষত নেদেখি উদাস হৈ পৰিছিল।
ঠিক তেনেতে— ধীৰ খোজেৰে গ্লেন মণ্ডপৰ পিনে আগবাঢ়ি আহিল। প্ৰথমতে সকলোৱে স্বাভাৱিকভাৱেই তেওঁৰ ফালে চালে। কিন্তু কেইটামান মুহূৰ্তৰ ভিতৰতে মানুহবোৰৰ দৃষ্টিয়ে থিতাপি ল’লেগৈ গ্লেনৰ বুকুৰ ওচৰত, গ্লেনৰ ডিঙিত ওলমি থকা টাইডালত।
এডাল পুৰণি, বিবৰ্ণ হৈ পৰা কাগজৰ টাই! ৰংবোৰ আগৰ দৰে উজ্জ্বল হৈ থকা নাছিল। সময়ৰ আঁচোৰে কাগজখনৰ সৌন্দৰ্যও ম্লান কৰি পেলাইছিল। কিন্তু তাৰ মাজত লুকাই থকা মৰমৰ উজ্জ্বলতা অকণো ম্লান হোৱা নাছিল। মেগানে দেউতাকলৈ চালে - হয়, ঠিক সেই টাইডালেই। ১৯৯৭ চনত পাঁচ বছৰীয়া মেগানে নিজৰ অকণমানি হাতেৰে আঁকি দেউতাকক উপহাৰ দিয়া টাইডালেই!
ঘৰ সলনি কৰাৰ সময়ত মেগানৰ মাকে সেই অমূল্য স্মৃতি দস্তাবেজটো হেৰাই যাবলৈ দিয়া নাছিল। তেওঁ টাইডাল সযতনে সংৰক্ষণ কৰি ৰাখিছিল। আৰু গ্লেনে অপেক্ষা কৰি আছিল সেই বিশেষ দিনটোলৈ— যিদিনা তেওঁৰ জীয়েকৰ জীৱনৰ আটাইতকৈ আনন্দময় মুহূৰ্তবোৰৰ মাজত তেওঁ সেই টাইডাল পিন্ধিব পাৰিব।
গ্লেন আহি জীয়েক মেগানৰ সন্মুখত আহি থিয় হ’ল। মেগানে প্ৰথমে যেন কথাবোৰ বুজিয়েই পোৱা নাছিল। তাইৰ দৃষ্টি স্থিৰ হৈ ৰ’ল দেউতাকৰ ডিঙিত ওলমি থকা সেই পুৰণি টাইডালত। এটা মুহূৰ্তৰ বাবে যেন সময়ো থমকি ৰ’ল। তাইৰ মনলৈ উভতি আহিল শৈশৱৰ সেই দিনটো - ৰঙীন পেঞ্চিলবোৰ, কাগজখন, নিজৰ হাতেৰে বনোৱা টাইডাল আৰু উপহাৰটো হাতত লৈ আনন্দত জপিয়াই উঠা দেউতাকৰ মুখখন। তাইৰ কাণত যেন পুনৰবাজি উঠিল সেই বহু পুৰণি বাক্যটো—“মাজনী, তোমাৰ বিয়াত দেউতাই এই টাইডালেই পিন্ধিব।”
মেগানৰ চকু দুটা চকুপানীৰে ভৰি পৰিল। তাই হয়তো সেই মুহূৰ্তত একো ক’ব পৰা নাছিল। ক’বলৈ শব্দৰ প্ৰয়োজনো নাছিল। বুকুৰ ভিতৰত উথলি উঠা অনুভৱবোৰ ভাষাৰে প্ৰকাশ কৰাটো অসম্ভৱ আছিল। তাই দৌৰি গৈ দেউতাকক সাৱটি ধৰিলে। বুকুত মুখ গুঁজি উচুপি উচুপি কান্দি উঠিল। সেই কান্দোনত আছিল বিস্ময়, কৃতজ্ঞতা, আনন্দ আৰু সীমাহীন মৰম। আছিল শৈশৱৰ স্মৃতি আৰু দেউতাকৰ বুকুত আজিও সযতনে জীয়াই থকা নিজৰ অস্তিত্বক নতুনকৈ আৱিষ্কাৰ কৰাৰ অনুভৱ।
দেউতাকেও জীয়েকক বুকুৰ মাজত সাৱটি ধৰিলে। যেন ২৪ বছৰৰ ব্যৱধান মুহূৰ্ততে বিলীন হৈ গ’ল। মেগান আকৌ এবাৰ হৈ পৰিল সেই পাঁচ বছৰীয়া কণমানিজনী, যিজনীয়ে নিজৰ সৰু সৰু হাতেৰে এডাল টাই বনাই ভাবিছিল, তাই দেউতাকক পৃথিৱীৰ আটাইতকৈ ধুনীয়া উপহাৰটো দিছে। কিন্তু সেয়াটো ১৯৯৭ চনৰ পিতৃ দিৱসৰ এটা উপহাৰহে আছিল। কিন্তু পিতৃ গ্লেনৰ বাবে যে সেয়া এক জীৱনজোৰা উপহাৰ হ'ব পাৰে - তাই কল্পনাই কৰিব পৰা নাছিল।
উপস্থিত মানুহবোৰৰ চকুবোৰ সেমেকি উঠিছিল। কাৰোবাৰ মুখত হাঁহি, কাৰোবাৰ চকুত চকুপানী। সেই মুহূৰ্তত সকলো আড়ম্বৰপূৰ্ণ উপহাৰ, দামী সাজ-পোছাক অথবা মূল্যৱান অলংকাৰৰ গুৰুত্ব নাছিল। এডাল কাগজৰ টায়ে সকলোকে যেন কৈ গৈছিল -- এজন দেউতাকৰ বাবে জীয়েকৰ প্ৰথমটি খোজ, প্ৰথম থুনুক থানাক মাত, প্ৰথম উপহাৰ আৰু প্ৰথম আলিংগন— এইবোৰ কেৱল একোটা ঘটনা নহয়। এইবোৰ এজন পিতৃৰ হৃদয়ৰ গোপন কোঠালিত সযতনে জমা হৈ ৰোৱা সম্পদ, যাক সময়ে কেতিয়াও ম্লান কৰি নোৱাৰে।
(সকলো পিতৃ আৰু তেওঁলোকৰ মৰমৰ জীয়ৰীসকললৈ)
প্ৰণৱজ্যোতি দাস, টংলা।





