কোলাহল পূৰ্ণ পৰিস্থিতি আৰু তথ্যৰ বোজাই মানুহৰ মন ভাৰাক্ৰান্ত কৰি তোলে। এনে পৰিস্থিতিত মৌনতাই আমাৰ স্নায়ুতন্ত্ৰক বিশ্ৰাম প্ৰদান কৰি পুনৰ সজীৱ কৰি তোলাৰ কাম কৰে। মৌনতাই আমাৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ উত্তেজনা কমাই আনি ৰক্তচাপ নিয়ন্ত্ৰণ আৰু মানসিক ক্লান্তি হ্ৰাস কৰাত সহায় কৰে। বাহ্যিক শব্দৰ কোলাহল আৰু ব্যস্ততা আঁতৰি গ'লে মস্তিষ্কৰ 'ডিফল্ট ম’ড নেটৱৰ্ক' (DMN) সক্ৰিয় হৈ পৰে। মস্তিষ্কৰ এই অৱস্থাই আমাৰ বিচ্ছিন্ন চিন্তাক সংযোগ কৰি নতুন আৰু সুখদায়ক মৌলিক ধাৰণা গঢ়াত সহায় কৰে।
কথোপকথনত শব্দই বিষয়বস্তু প্ৰকাশ কৰে, কিন্তু সেই শব্দবোৰৰ মাজতেই ব্যক্তি এজনৰ মৌনতাই ভাবৰ গাম্ভীৰ্যতা আৰু গভীৰতা নিৰ্ধাৰণ কৰে। কোনো কথা শুনি লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি সামান্য সময় মৌন হৈ থাকিলে আৱেগিক প্ৰতিঘাতৰ সলনি বিবেচনাশীল সিদ্ধান্ত লোৱাৰ অৱকাশ পোৱা যায়। শব্দেৰে কোৱা কথাতকৈ কেতিয়াবা এটা অৰ্থপূৰ্ণ মৌনতাই মানুহৰ আত্মনিয়ন্ত্ৰণ আৰু গভীৰ আত্মবিশ্বাস প্ৰকাশ কৰে, যিয়ে আনকো চিন্তা কৰিবলৈ বাধ্য কৰে।
মুখেৰে নীৰৱতা অৱলম্বন কৰিলে অন্তৰৰ খিৰিকীখন খোল খায় আৰু তেতিয়া ব্যক্তি এজনে তেওঁৰ চাৰিওফালৰ জগতখন সূক্ষ্ম ভাবে নিৰীক্ষণ কৰি প্ৰকৃতিৰ গভীৰ ছন্দবোৰ বুজি পাবলৈ সক্ষম হয়। তাতোকৈ ডাঙৰ কথাটো হ'ল - অৰ্থপূৰ্ণ নীৰৱতাই মানুহক নিজৰ মৌলিক চিন্তা, মূল্যবোধ আৰু জীৱনৰ গভীৰ প্ৰশ্নসমূহৰ মুখোমুখি কৰায়।
মনোবিজ্ঞানীসকলে কৈছে যে নীৰৱতা অবচেতন মনৰ সংশ্লেষণ আৰু 'ইনকিউবেচন'। যেতিয়া মস্তিষ্ক বাহ্যিক উত্তেজনাৰ পৰা মুক্ত হয়, তেতিয়া অবচেতন মনে পূৰ্বৰ অভিজ্ঞতা, অধ্যয়ন আৰু কল্পনাৰ মাজত এক অদৃশ্য সাঁকো গঢ়ি তোলে। যিদৰে ঘোলা পানী স্থিৰ হৈ থাকিলেহে তলিত গেদবোৰ জমা হয়, ঠিক তেনেদৰে নীৰৱতাই মানুহৰ মনৰ বিক্ষিপ্ত চিন্তাবোৰক শান্ত কৰি মূল সত্যটোক স্পষ্ট কৰি তোলে। নীৰৱতাই দৰাচলতে আমাৰ আত্ম-প্ৰতাৰণাৰ আৱৰণখন আঁতৰাই পেলায়, যাৰ ফলত আমি নিজৰ গভীৰতম সংশয়, বিস্ময় আৰু অনুভূতিসমূহৰ সৈতে সততাৰে মুখামুখী হ’ব পাৰো। মৌনতা বা নীৰৱতাৰ সৈতে পৰিচিত নহ’লে শব্দৰ ওজন আৰু গভীৰতা অনুভৱ কৰিব নোৱাৰি।
আমাৰ চেতনাৰ বাবে মৌনতা এটা নিৰ্জন আৰু শূন্য পাত্ৰৰ দৰে। এই পাত্ৰ খালী হৈ থাকিলেহে তাত নতুন ধাৰণা, মৌলিক সত্য অথবা চিৰন্তন প্ৰজ্ঞাৰ জ্যোতি প্ৰতিফলিত হ’ব পাৰে। হয়তো এনে অপৰিসীম শক্তি আৰু নীৰৱ সাধনাৰ মাহাত্ম্য বুজি পায়েই প্ৰাচীন যুগৰ ঋষি-মুনিসকলে কোলাহলময় জনসমুদ্ৰৰ পৰা আঁতৰি নিভৃত প্ৰকৃতিৰ কোলাত ধ্যানমগ্ন হৈছিল—মৌনতাৰ অতল গহ্বৰতেই বিচাৰি পাইছিল জীৱনৰ পৰম উপলব্ধি।
✍️ - প্ৰণৱজ্যোতি দাস
