শিৱানীৰ পিতৃ ভেঙ্কটাচাৰী আছিল এজন সাধাৰণ মটৰচাইকেল মেকানিক। পুৱাৰ পৰা গধূলিলৈকে হাতত মবিল-গ্ৰীজ সানি দুচকীয়া বাহন মেৰামতি কৰি যিখিনি উপাৰ্জন কৰিছিল, তাৰেই পৰিয়ালটো চলিছিল। কিন্তু কন্যাৰ এই অৱস্থা দেখি পিতৃৰ হৃদয় ভাগি পৰিল। তেলেংগানাৰ ইখন চিকিৎসালয়ৰ পৰা সিখনলৈ, এজন বিশেষজ্ঞৰ পৰা আন এজনলৈ তেওঁ কন্যাক লৈ ঘূৰি ফুৰিলে। সঞ্চিত সকলো ধন খৰচ হ’ল। চিকিৎসাবিজ্ঞানে হাত দাঙি দিলে—এই ৰোগৰ কোনো স্থায়ী আৰোগ্য নাই। এয়া এক আজীৱন সংগ্ৰাম। শিৱানীৰ শাৰীৰিক অৱস্থাটোক "জেনেটিক অৰ্থপেডিক ল’ক’ম’টৰ ডিছঅৰ্ডাৰ" বা "অষ্টিঅ’জেনেছিছ ইম্পাৰফেকটা" (Osteogenesis Imperfecta) বুলি কোৱা হয়। এই ধৰণৰ জন্মগত বিকাৰত মানুহৰ কংকালতন্ত্ৰ অতিশয় ঠুনুকা হোৱাৰ বাবে ৰোগীয়ে স্বাভাৱিক ভাবে চলাফিৰা কৰাৰ ক্ষমতা হেৰুৱাই পেলায়।
ডাঙৰ হৈ অহাৰ লগে লগে শিৱানীৰ হাড়বোৰ সামান্য স্পৰ্শতেই ভাঙিবলৈ ধৰিলে। আনকি মৰমতে কোলাত তুলি লওঁতেও হাড় ভাঙি যোৱাৰ ভয় আছিল। দেউতাকে তাইক বুকুৰ মাজত সাৱটি কৈছিল —“মোৰ এইজনী কাঁচৰ পুতলা।” সাত বছৰ বয়স হোৱালৈকে বাৰে বাৰে হাড় ভঙাৰ ফলত তাইৰ হাত-ভৰিৰ গঠন সম্পূৰ্ণৰূপে বেঁকা হৈ পৰিল আৰু লাহে লাহে তাই নিজৰ ভৰিত থিয় হোৱাৰ সকলো শক্তি হেৰুৱাই পেলালে।
কিন্তু শৰীৰ দুৰ্বল হ’লেও, শিৱানীৰ চকুত আছিল এক গভীৰ উজ্জ্বলতা। সেই উজ্জ্বলতা আছিল জ্ঞানৰ প্ৰতি, জীয়াই থকাৰ প্ৰতি। চাৰিওফালৰ আন শিশুসকলক স্কুললৈ যোৱা দেখি তাইৰ মনটো উৰি ফুৰিছিল। তাই দেউতাকক সুধিলে, "দেউতা, মই কেতিয়াও পঢ়িবলৈ নাপামনে?"
সেই এটা প্ৰশ্নই পিতৃ ভেঙ্কটাচাৰীৰ মনত নতুন সংকল্পৰ সৃষ্টি কৰিলে। নিয়তিয়ে তেওঁৰ জীয়েকৰ খোজকঢ়াৰ শক্তি কাঢ়ি লৈছিল সঁচা, কিন্তু তেওঁ জীয়েকৰ সপোনৰ ডেউকা ভাঙি যাবলৈ নিদিলে। আঠ বছৰ বয়সত শিৱানীক স্কুলত নাম লগাই দিয়া হ’ল।
তাৰ পিছত আৰম্ভ হ’ল এক ঐতিহাসিক পিতৃ-কন্যাৰ যাত্ৰা। পুৱা নিয়ম মতে সাজু হোৱাৰ পিছত, দেউতাকে শিৱানীক বুকুৰ মাজত আলফুলকৈ তুলি লৈ স্কুললৈ খোজ লয়। ক্লাছৰ বেঞ্চত তাইক বহুৱাই থৈ তেওঁ নিজৰ গেৰেজলৈ কাম কৰিবলৈ যায়। আকৌ ছুটিৰ সময়ত সকলো কাম এৰি স্কুলৰ দুৱাৰমুখত হাজিৰ হয়, যাতে জীয়েকক আকৌ সাবধানে ঘৰলৈ আনিব পাৰে।
বতাহ, বৰষুণ, প্ৰখৰ ৰ’দ - কোনো প্ৰাকৃতিক প্ৰতিকূলতাই ভেঙ্কটাচাৰীক ৰখাব নোৱাৰিলে। স্কুলৰ প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি হাইস্কুল, মহাবিদ্যালয় আৰু তাৰ পিছত স্নাতকোত্তৰ পৰ্যায়লৈকে প্ৰায় ডেৰটা দশক ধৰি তেওঁ জীয়েকক কোলাত কঢ়িয়াই লৈ ফুৰিলে। যেতিয়া শিৱানীৰ বয়স বাঢ়িছিল, দেউতাকৰো বয়স বাঢ়িছিল, কঁকালখন বেঁকা হৈ আহিছিল, কিন্তু জীয়েকৰ ভবিষ্যৎ গঢ়াৰ সংকল্পত তেওঁৰ দুভৰি কেতিয়াও থমকি ৰোৱা নাছিল।
শিৱানীয়েও দেউতাকৰ এই ত্যাগৰ মূল্য বৃথা হ’বলৈ নিদিলে। শৰীৰৰ অসহ্য বিষ, হাড়ৰ বিকৃতি আৰু আন সকলো শাৰীৰিক সীমাৱদ্ধতাক একাষৰীয়া কৰি তাই দিন-ৰাতি একাকাৰ কৰি কিতাপৰ মাজত ডুবি থাকিল। কমাৰ্চত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তাই স্নাতকোত্তৰ (M.Com) শ্ৰেণীত নামভৰ্তি কৰিলে। যেতিয়া ফলাফল ওলাল, সকলো আচৰিত হ’ল - শিৱানীয়ে ৯০ শতাংশ নম্বৰ লাভ কৰি কৃতিত্বৰে M.Com পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
যিগৰাকী কন্যাক নিয়তিয়ে খোজ কাঢ়িবলৈ শক্তি দিয়া নাছিল, পিতৃৰ অগাধ বিশ্বাস আৰু নিজৰ অপৰাজেয় মনোবলৰ বলত সেইগৰাকী শিৱানীয়ে আজি উচ্চশিক্ষিত হৈ সমাজৰ সন্মুখত গৌৰৱেৰে থিয় দিছে। আজি ২৭ বছৰীয়া শিৱানীৰ এটাই সপোন - তাই নিজৰ মেধাৰে এটা সন্মানজনক চাকৰি কৰিব বিচাৰে, যাতে নিজৰ ভৰিত থিয় হ’ব নোৱাৰিলেও, তাই দেউতাক আৰু পৰিয়ালটোৰ এটা শক্তিশালী অৱলম্বন হ’ব পাৰে।
শিৱানী আৰু তেওঁৰ পিতৃৰ এই কাহিনী কেৱল শাৰীৰিক প্ৰতিবন্ধকতাৰ যুদ্ধ নহয়; এয়া হৈছে নিঃস্বাৰ্থ পিতৃ-স্নেহ আৰু এগৰাকী নাৰীৰ অদম্য ইচ্ছাশক্তিৰ এক জীৱন্ত অধ্যায়, যিয়ে প্ৰমাণ কৰে যে সপোন যদি গভীৰ হয়, তেন্তে নিয়তিয়ে জীৱনৰ পথত পাৰি থোৱা কঠিন শিলকো ফালি চিৰি নতুন পথ সৃষ্টি কৰিব পাৰি।

No comments:
Post a Comment