Saturday, 10 October 2026

বনতলী বাগিচাত এজোপা পলাশ


দৰং কলেজৰ Dissection Labত স্কেলপেল, ফৰচেপ আৰু সৰু কেঁচিৰে স্কলিওডনৰ নাৰ্ভাছ চিষ্টেম বা জোকৰ ইউৰিনোজেনাইটেল চিষ্টেমৰ ব্যৱচ্ছেদ কৰা হাতখনলৈও যে নিজৰ ভিতৰৰ অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ কেতিয়াবা কলম এটা আহিব - মই ভাবিবই পৰা নাছিলোঁ। তেজপুৰৰ জিলা পুথিভঁৰালৰ অমূল্য কিতাপৰ সুবাস, হৃদয় জুৰোৱা কালজয়ী গল্প-উপন্যাস, Manashৰ নিস্বাৰ্থ অন্তৰংগ বন্ধুত্ব আদিবোৰে লাহে লাহে মোৰ অন্তৰৰ নিভৃত কোণত লাহে লাহে জন্ম দিছিল এক নতুন নিচাৰ — "চুটি গল্প"।

আৰম্ভণিৰ দিনবোৰত এই লিখাৰ প্ৰক্ৰিয়াটো আছিল কেৱল মনৰ ভিতৰচ’ৰাত অহৰহ জমা হৈ থকা অব্যক্ত কথাবোৰ আৰু আৱেগ-অনুভূতিবোৰ নীৰৱে বগা কাগজৰ বুকুত সাঁচি থোৱাৰ এক আকুল প্ৰয়াস। কিন্তু দিন যোৱাৰ লগে লগে মোৰ চুটি গল্পবোৰ অসমৰ বিভিন্ন বাতৰি কাকত আৰু সাহিত্য আলোচনীত প্ৰকাশ পাবলৈ ধৰিলে। তেজপুৰৰ পৰা প্ৰকাশ পোৱা সেই সময়ৰ "মহাজাতি" কাকতত প্ৰায়েই ছপা হৈ ওলাইছিল গল্পবোৰ। অসম ভিত্তিক বিভিন্ন প্ৰতিযোগিতাবোৰতো পুৰস্কাৰ আহিবলৈ ধৰিলে। মোৰ এই প্ৰচেষ্টাক দেখি মহাবিদ্যালয়ৰ সতীৰ্থ বন্ধুসকলে মোক অপৰিসীম উৎসাহ আৰু প্ৰেৰণা যোগাবলৈ আৰম্ভ কৰিলে। বন্ধু মানস এইক্ষেত্ৰত আগৰণুৱা। তেওঁলোকে মোক উৎসাহিত কৰিব ধৰিলে এখন পূৰ্ণাংগ কিতাপ প্ৰকাশ কৰিবলৈ। 

বন্ধুসকলৰ সেই কথাবোৰক সাৰ কৰিয়েই আগবাঢ়িছিলো। সেয়া ১৯৯০ চন। তেতিয়াও মই দৰং মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ এজন নিয়মীয়া ছাত্ৰ। সেই ছাত্ৰাৱস্থাতেই মোৰ জীৱনৰ প্ৰথমখন চুটি গল্পৰ সংকলন - “বনতলী বাগিচাত এজোপা পলাশ” প্ৰকাশিত হ’ল। তেজপুৰৰ ভাৰতী প্ৰেছে ছপা কৰি উলিয়ালে। এজন তৰুণ কলেজীয়া ছাত্ৰৰ বাবে ছপা আখৰত নিজৰ এখন কিতাপ ছপা হোৱাৰ অনুভৱ যে কিমান অপৰিসীম, স্বৰ্গীয় আৰু ৰোমাঞ্চকৰ—সেয়া হয়তো জীৱনত নিজে এখন কিতাপ প্ৰকাশ কৰি নোচোৱালৈকে কোনোদিন উপলব্ধি কৰিব নোৱাৰি! ইয়াৰ বাবে মোক প্ৰেৰণা যোগোৱা মোৰ সকলো বন্ধু বান্ধৱী বিশেষকৈ মানস, বেদানন, নৱনীতা, পুষ্কৰজ্যোতি, তপনহঁতৰ ওচৰত মই কৃতজ্ঞ।

No comments:

Post a Comment