সদা ওজাৰ জীৱনৰ সময়বোৰ ফাটি ফাটি এৰাই আহিছে। সময় বৰ গতিমান। গতিশীলতাই ইয়াৰ ধৰ্ম। তথাপিও এক অদৃশ্য জৰীৰে সদা ওজাই জীৱনৰ প্ৰতিটো পল অনুপলকেই বান্ধি ৰাখিব খোজে। ক্ৰমাগতভাৱে বান্ধি ৰখা জীৱনৰ পল অনুপলবোৰ ওজাৰ স্মৃতিজনিত একোখন ৰঙীন ছবিৰ এলবাম। সময়ে বহুত কঢ়িয়ালে ওজাক। শৈশৱ, কৈশোৰ, যৌৱন……… আৰু অৱশেষত এয়া বার্ধক্য! জীয়াই থাকিলে বার্ধক্য এটা বাধ্যকতা, তথাপিও জীৱনৰ কোনো কোনো সময়ত ওজাৰ এনে অনুভৱ হয়, যেন তেওঁ বাৰ্দ্ধক্যৰ বোজা ববলৈ অপাৰগ! তেওঁ নিঃসংগ। নিঃসংগতা তেওঁৰ আজন্ম বান্ধৱ। হয়তো নিঃসংগতা বহুতৰে প্ৰিয়। কিন্তু, বৃদ্ধাবস্থাৰ নিঃসংগতা চৰম বিৰক্তিদায়ক।
কিন্তু নিষ্ঠুৰ সময়েও কেতিয়াবা মিঠা-মিঠা আমেজত পৰিণত হয়। তেনে অলপমান সময়ে মানুহৰ চিত্ত চঞ্চল কৰি তোলে। এদিন ওজাকো কৰিছিল। সেইদিনা সময়ে তেওঁলৈ কঢ়িয়াই আনিছিল এক পৰম বান্ধৱ। ওজাৰ নিঃসংগ জীৱনৰ নীৰৱতা কেনিবা আঁতৰি গৈছিল। অন্ততঃ ওজাই সেইবুলিয়েই সন্তুষ্টি লভে। তেওঁৰ হাতৰ মুঠিৰ লাখুটিডালটো সময়ৰেই দান। লাখুটিডাল এতিয়া তেওঁৰ পৰম বান্ধৱ।
সোঁহাতৰ তলুৱাৰে লাখুটিডালৰ ওপৰত এটা মৃদু হেঁচা দি সদা ওজা ঠিয় হ’ল। হ’ল বুলিনো ঘণ্টাৰ পিছত ঘণ্টা লাইব্ৰেৰীটোত বহি থাকিব পাৰিনে? তেওঁ লাইব্ৰেৰীত সদায় বাতৰি কাকতখন পঢ়ে! লাইব্ৰেৰীলৈ আহোঁতে-যাওঁতে তেওঁ সদায়ে মন কৰি আহিছে— তেওঁৰ বয়সৰ কোনো লোকেই লাইব্ৰেৰীলৈ নাহে। তেওঁ দেখা নেপায়। কেইটামান উঠনদুৱা যুৱক, দুই-এজন ভদ্ৰলোক, স্কুল-কলেজৰ ছাত্র-ছাত্রী, কেতিয়াবা মেটিনি শ্ব'ৰ টিকেট নেপাই সন্ধিয়ালৈ অপেক্ষা কৰা লোক আদিৰেই লাইব্ৰেৰীটো পৰিপূৰ্ণ। তাতে আজিৰ বাতৰিখনত নতুন বুলিবলৈ একোৱেই নাই। যিখিনি আছে সদায়ে ঘটি থকা একো-একোটা নিস্তেজ ঘটনা।
এখোজ-দুখোজ কৰি তেওঁ লাইব্ৰেৰীৰ বাৰান্দাখন পালেহি। ডিঙিটো ওপৰলৈ বেঁকা কৰি বিতচকুৰ তলেৰে দূৰৰ নীলা আকাশখনলৈ চালে। এখন পৰিষ্কাৰ, নিৰ্মল, সুনীল আকাশ। এজাক বগলী ধপ্ধপাই পাখী কোবাই উৰি গ’ল পশ্চিমৰ পৰা। সূৰুযটো তেতিয়া পশ্চিম আকাশৰ এবেগতমান ওপৰত ওলমি আছিল।
এইখিনি সময়ত লুইতৰ দাঁতিত বহিলে কেনে হয় বাৰু?—নিজকে নিজে সুধিলে ওজাই। পিছে, বিবেকৰ উত্তৰলৈ বাট নেচাই তেওঁ আগবাঢ়ি গ’ল। থিয় গৰাটোৰে তললৈ নামি গণেশঘাট পালেগৈ। লুইতখন তেতিয়া নিঃশব্দে বুকুত অপাৰ জলধি সামৰি বৈ আছিল—অহৰহ!
ক’লা শিল! লুইতৰ দাঁতিৰ কলা শিল। কোনে জানে কিমান পোত খাই আছে পাৰৰ বালিত! বাৰিষা পানীয়ে তিয়াই থৈ যায়। খৰালি শুহাই কৰকৰীয়া মাৰে। ইতিহাসে পৰশি যোৱা লুইতৰ দাঁতিৰ ক’লা শিল, নিমজ! কোনোবা কাহানিতেই হয়তো হিমালয়ৰ পৰা বিচ্ছিন্ন হৈ সোঁতে-সোঁতে উটি ভাঁহি লুইতৰ পাৰ পালেহি। কিমান যে দুখ-যাতনা, মানুহৰ সৰ্বস্ব হেৰুওৱা কাঙাল-স্বৰূপৰ জীয়া সাক্ষী এই শিলবোৰ! ওজাই তেনে এটা শিলৰ ওপৰতেই বহি লৈ ক্ষীণ দৃষ্টিৰ চকুহাল মেলি পঠিয়ালে লুইতৰ বিশালতা ভেঁদি সিপাৰৰ ৰিণি-ৰিণি গাঁওবোৰলৈ। কিবা ধূসৰ-ধূসৰ! অস্পষ্ট দূৰৰ সৰু-সৰু গাঁওবোৰ! লুইতৰ বুকুত এখন নাওঁ। সেইখন নাওঁ হয় নে নহয় সন্দেহ হয় ওজাৰ। এৰা, চকুৰে চোন ভালদৰে মনিবই নোৱাৰি! লাখুটিডাল ভৰি দুখনৰ মাজত আওঁজাই থৈ ওজাই আপোনমনে চাই ৰ’ল লুইতৰ পৌৰুষদীপ্ত চালচলনলৈ!
লুইতৰ পবিত্ৰতাই তেওঁক বৰকৈ আকৰ্ষণ কৰে। লুইতৰ পাৰত বহি তেওঁ নিজেওঁ যেন শান্তি অনুভৱ কৰে। সঁচাই, পানী বৰ পবিত্ৰ। সেয়ে এদিন তেওঁ কাৰোবাৰ অটোগ্ৰাফত লিখি দিছিল, “পানীৰ দৰে চঞ্চল নহ’বা, কিন্তু পবিত্ৰ হোৱা।” কিন্তু পিছমুহূৰ্ত্ততেই অনুভৱ কৰিছিল কি যে ভুল কৰি পেলালে তেওঁ! পানীৰ চঞ্চলতাৰ বাবেই ই চোন বৰ সোনকালে অপৱিত্ৰওঁ হয়। তেন্তে জানো পানী পবিত্ৰ? লুইতখন একা??
হুঁহ্! যিদিনত আকাশ-বতাহহো কলুষিত, সেই দিনত লুইত কোন কুটা? সম্পত্তিৰ বাবে নিজ বাপেকক ভৰণীয়া গুণ্ডা লগাই হত্যা কৰি, সেই একেজন পুতেকেই যদি লুইতত পিণ্ড দিয়েহি, লুইতখন জানো পবিত্ৰ হৈ ৰ’ব? নিশাৰ এন্ধাৰৰ সুযোগ লৈ অসহায় অবলাক বলপূৰ্ব্বক ধৰ্ষণ কৰি যদি মৰাশটো লুইততে উটুৱাই দিয়ে তেতিয়া একা??
ওচৰতে বহি চাদা মোহাৰি থকা বিহাৰীটোৰ হাতৰ চাপৰত ওজা প্ৰকৃতিস্থ হয়!
আজি কিছুদিনৰ পৰা মানসিকভাৱে তেওঁ বৰ অস্থিৰ হৈ পৰিছে। মাজে মাজে ভাবে বৃদ্ধাবস্থাৰ বিকাৰ বুলি! ক’তা, নাইচোন! ইটো বিকাৰ হ’ব নোৱাৰে। তেন্তে? আচলতে তেওঁ মানুহৰ মানৱতাৰ মৃত্যু দেখি ম্ৰিয়মান হৈ পৰে। বাতৰি কাকতখন মেলিবই নোৱাৰি! লুটপাত……… গুলীচালনা……… হত্যাকাণ্ড……… মাৰপিট……… বানপানী……… ধৰ্ষণ……… ড্ৰাগছ্……। ছিঃ! মানুহ ইমান তললৈও নামিব পাৰেনে? এনে এখন সমাজত মানুহ জীয়াই থকাওঁ টান।
লুইত, তুমি কেনেদৰে ইমান নিঃশব্দে বৈ যাব পাৰা? তুমি জানো প্ৰতিবাদ কৰিব নোৱাৰা! সম্পত্তিৰ লোভত পিতৃহন্তাই তোমাক কলংকিত কৰে, তুমি মৌন! তোমাৰ সমুখতে তোমাৰ জীয়ৰীক বলাৎকাৰ কৰে, হত্যা কৰে, তুমি বাৰু সেই জীয়ৰীৰ মৃতদেহটো সাবটি লৈ কেনে সত্যেৰে বৈ যোৱা? তুমি মৰি গ’লানেকি হে লুইত? ধিক তোমাৰ জীৱন!
ছিঃ ছিঃ! এনে সমাজত জীয়াই থকাওঁ পাপ। কেতিয়াবা তেওঁৰ এনে লাগে যেন লাখুটিৰে কোবাই চিধা বনাই দিব সেই ভণ্ডবোৰক……! তেওঁ দুভৰিৰ মাজত আওঁজাই থোৱা লাখুটিডালত হাত ফুৰাই চায়। এৰা, লাখুটিডালৰ বহুত শক্তি আছে। আছে এক মৰ্য্যদা, অন্ততঃ তেওঁৰ বাবে।
লাখুটিডালে তেওঁৰ জীৱনৰ এচোৱা কালৰ সমস্ত বৃত্তান্ত ক’ব পাৰে। ওজাৰ হাতত লাখুটিডালেও এটা আশ্ৰয় অনুভৱ কৰে, যেনেদৰে ওজাই অনুভৱ কৰে এক অনামী নিৰাপত্তা! হাতৰ মুঠিতে থাকি লাখুটিডালে ওজাক বহুপতি কথাই কয়। ওজাই শুনি যায়। ভাল পায় শুনি। অভিনেতাৰ মুখৰ সংলাপ অভিনয়ৰ পাছত সকলোৱে পাহৰি যোৱাৰ দৰে, লাখুটিডালৰ ভাষাওঁ আনৰ ওচৰত মূল্যহীন হলেওঁ, ই ওজাৰ বাবে সাঁচিপাতৰ ইতিহাস!
ইতিমধ্যে বিহাৰীটো আঁতৰি গ’ল। তাৰঠাইত বহি আছে কেইজনমান যুৱক। সিহঁতৰ হাঁহি-খিকিন্দালিত ওজাৰ শান্তি ব্যাহত হয়। তেওঁ বিচাৰিছিল কিছু নীৰৱতা। যুৱক কেইজনক ভদ্রভাৱে কিবা এটা কোৱাৰ সাহস, আজি কালি কৰাটোওঁ মূৰ্খামী। বিহু ল’ৰা! কোনে জানে, কি নগুৰ-নাকটি কৰে! তেওঁ নিজেই তাৰপৰা আঁতৰি অহাটো সমীচিন বুলি ভাবিলে।
“এই দোস্ত! আজি তোৰ পাল
আছিল নহয়? কি হ’ল, মাল আনিছনে নাই?”
এই উঠি আহো-নাহো মনোভাৱেৰে বহি থকা ওজাৰ কাণত কথাষাৰ খহটাকৈ বাজিল। কি মালৰ কথা কয় ইহঁতে? ওজাৰ মনত অপাৰ বিস্ময়। তেওঁ সিহঁতলৈ বুলি কাণ উনালে—
: হয় বে! কিমান যে বিচাৰিলো—মালেই নাই।
: মালেই নাই! কথা ক’বলৈ আহিছ……… (অশ্লীল!)…। শুনিছ টনী, ই হেনো মালেই বিচাৰি নাপালে!
: হয় ভাই কচম খাই কৈছো। — যুৱকজনে ডিঙিত শপত খোৱাৰ ঢং এটাৰে বুঢ়া আৰু তৰ্জনী আঙুলিৰে চেপি ধৰিলে। “পুলিছে কিবা গম পালে জান। আজি দুপৰীয়া আব্দুলক ধৰি নিছে।”
: আব্দুলক ধৰি নিছে……!” কচম খাই কৈছো —আটাইকেইটাই অবিশ্বাসৰ ভাৱ দেখুৱাই চিঞঁৰিলে। আমি দেখোন গমকেই পোৱা নাই!
: বাদ দে এতিয়া সেইবোৰ! যি অলপমান পাইছো, তাকে এই চিগাৰেটবোৰৰ মাজত খাজি আনিছো। আহ দিলীপ, হিমাংশু আহ।
আটাইকেইটাই যেন চিগাৰেটকেইটাত উবুৰি খাইহে পৰিব! কিন্তু সিহঁতে যে ক’লে… এই যে পুলিচ………, আব্দুল! অ’ আব্দুল। সিটো ওজাৰ ঘৰৰ কাষতে থাকে। আজি তাক পুলিচে ধৰি নিয়াটোওঁ সঁচা। ওজাই ইমানদিনে আব্দুলক ভাল মানুহ বুলিয়েই ভাবি আছিল। চাল্লা হাৰামজাদা! সি এই ল’ৰাবোৰ খালে। আজি পুলিচে ধৰি নিওঁতেহে জোলোঙাৰ মেকুৰী বাহিৰ হ’ল! সি হাৰামজাদাই বোলে ড্ৰাগছৰ ব্যৱসায় কৰে! হা: !! ড্ৰাগছ !! তাৰমানে…… তাৰমানে এই ল’ৰাকেইটাই ড্ৰাগছ খাইছে……!
মুহূৰ্ত্ততে খংটো টিঙিচ কৰি উঠিল ওজাৰ। কটা নিধকহঁত! ড্ৰাগছ খাই সুন্দৰ জীৱনটো ধ্বংস কৰিবলৈ আহিছ! হেৰ’ তহঁতে জান নে নাজান যে ড্ৰাগছ বৰ বিহ! দিওঁনেকি লগাই ঢুকোৰমান লাখুটিডালেৰে! ওজাই ভাবে। কিন্তু হঠাৎ তেওঁৰ মনটো কোঁচ খাই গ’ল। সাহে নুকুলাল। যদি সিহঁতে ওভটি ধৰি কয়, “হেৰৌ বুঢ়া! আমি তোৰ ধনেৰে খোৱা নাই নহয়! কিহলৈনো ইমান দৰদ দেখুৱাবলৈ আহিছ?”—সেইটো অৱশ্যে ডাঙৰ কথা নহয়। যদি সিহঁতে শাৰীৰীকভাৱে আক্ৰমণ কৰে? কিন্তু আজি তেওঁৰ লগত ধনীৰাম, নন্দেশ্বৰ অথবা মেলেঙাহঁতৰ কোনোবা এটাওঁ যদি থাকিলহেঁতেন—! পিছে, সিহঁত যে আজি নাই। কালৰ আহ্বানত আঁতৰি গৈছে।
লাখুটি ডালত হাতৰ তলুৱাৰে হেঁচা দি ওজা উঠিল। বহু সময় বহি থকা বাবেই ভৰি দুখনো জিনজিনাইছিল। আৰু কিছুপৰ বহাৰ একান্ত ইচ্ছা আছিল তেওঁৰ। কিন্তু, এইবোৰ যে ড্ৰাগছ মতলামি……… অশ্লীলতা……… লুটপাট…… ধৰ্ষণ……… হত্যাত………অহাকালিৰ বাতৰি কাকতৰ হেডলাইন… এইবোৰ……! উস্ নহয়। অসহ্য! সহ্য নহয়! তাতকৈ নিঃসংগতাই শ্ৰেয়। এনে পৰিবেশ মুঠেই সহ্য নহয় তেওঁৰ। তাতকৈ অকলে থাকিলেই ভাল পাব তেওঁ।
থৰক-বৰক খোজেৰে ওজা আগবাঢ়ি গ’ল। সমুখৰ গণেশ মন্দিৰৰ কাষত ৰৈ কিজানি কিছুপৰ মৌন ভাৱে প্ৰাৰ্থনা কৰিলে তেওঁ। অকলসৰে! তাৰ পিছত সেই ওখ গৰাটো বগাই মূল পথটোলৈ উঠিছে। লাইব্ৰেৰীটোৰ সমুখেৰে তেওঁ খোজবোৰ আগবঢ়াই দিছে। লাখুটিডালে সহায় কৰিছে, বাট চিনাই দিছে। এই লাখুটিডালে তেওঁক কেতিয়াও বিশ্বাসঘাতকতা কৰা নাই। লাখুটিডাল তেওঁৰ বৰ আপোন। লাখুটিডালে তেওঁক আগবঢ়াই নিয়া পথত তেওঁতো কেতিয়াও মাতাল, ড্ৰাগছ সেৱনকাৰী, লম্পট আদিবোৰ লগ পোৱা নাই। লাখুটিডালৰ পথেৰে যাওঁতে, তেওঁকতো কোনোদিনেই গাড়ীয়ে বোকা-পানী সিঁচি বুৰাই থৈ যোৱাহি নাই! লাখুটিডালত তেওঁৰ হাতৰ মুঠিৰ খামোচটো অজানিতে দৃঢ় হৈ পৰে।
ক'লপাৰ্কৰ সমুখেৰে তেওঁ গৈ আছে। এন্ধাৰৰ এটি মায়াপী আৱৰণে ইতিমধ্যে বাট-পথবোৰ আৱৰি ধৰিছে। ওজাই মন কৰিলে নিৰ্জন পথটোৰ নীৰৱতাত লাখুটিডালে পকীৰাস্তাৰ পিঠিত খট্খট্ শব্দ কৰি ওজাক কিবা ক’ব লাগিছে। ভালকৈ মন দিলে তেওঁ। হয়, লাখুটিডালে তেওঁকেই কৈ গৈছে, “তুমি কিয় লুইতৰ দাঁতিৰ পৰা নীৰৱে আঁতৰি আহিলা? তুমি কৰিবলগীয়া একোৱেই নাছিল জানো তাত? অলপ আগতে তুমিয়েই জানো লুইতক নীৰৱতাৰ বাবে ধিক্কাৰ দিয়া নাছিলা? নে সেইজন মানুহ এতিয়া তোমাৰ মাজত নাই? মৰি গ’ল নেকি??”
: কিন্তু… কিন্তু মই নিঃসহায়, দুৰ্ব্বল বুঢ়া মানুহ! মই কি কৰিব পাৰিলোহেতেন?
: বহুত কিবা কৰিব পাৰিলাহেতেন।
: মই যে অকলশৰীয়া, পংগু বুঢ়া মানুহ। তুমি জানো নাজানা?
: কোনে ক’লে তোমাক অকলশৰীয়া বুলি! মইতো আছিলো তোমাৰ লগত। মই জানো কাহানিবা তোমাৰ লগ এৰিছো? তুমি ভুল কৰিলা, ডাঙৰ ভুল। যুৱচামৰ অধঃপতনৰ বাবে তুমিও আব্দুলৰ সমানেই দায়ী। ছিঃ, তুমি বৰ নীচ।
কোনোমতে সেপ ঢুকি তেওঁ ক’ব বিচাৰিছিল,— “মই দুঃখিত।” কিন্তু মাত নোলাল। ডিঙিটো শুকাই কৰকৰীয়া মাৰিলে তেওঁৰ। একো নামাতি তেওঁ লাহে-লাহে খোজ দি থাকিল। লাখুটিডাল তেওঁ দাঙি ল’লে, যাতে মাটিত নালাগে। মাটিত লাগিলেই পুনৰ গৰ্জি উঠিব।
বিবেকৰ দংশনত তেওঁ বৰ অস্থিৰ হৈ পৰিছে। যেন কিবা অপকৰ্মৰ বাবে তেওঁৰ স্বৰ্গচ্যুতি ঘটি পৃথিৱীত অভিশপ্ত জীৱন কটাইছেহি। নিজকেই তেওঁৰ লুইতখনৰ দৰেই লাগি যায়গৈ! নীৰৱ! শত-সহস্ৰ জনৰ বেদনা, দুখ, অধঃপতন দেখিওঁ নির্লজ্জ ভাৱে অহৰহ বৈ থাকিব পৰা বুঢ়া লুইত। ওজা অস্থিৰ হৈ পৰে।
এন্ধাৰৰ আগতে ঘৰ পোৱা হ’লে ভাল আছিল। এন্ধাৰবোৰ বৰ ডাঠ হৈ পৰিছে।
কৌটিকলীয়া আকাশৰ এলান্দু!! খুপি-খুপি তেওঁ আগবাঢ়ি গ’ল। লাখুটিডাল অজানিতে তেওঁৰ
হাতৰ পৰা নামি গৈ পকীৰাস্তাৰ ওপৰত তেওঁক খোজকঢ়াত সহায় কৰাত ব্ৰতী হ’ল। খট্… খট্…
খট্… লাখুটিডালে পুনৰ কিবা কৈছিল যদিওঁ তেওঁ নুশুনিলে। ৰেলষ্টেচনৰ পৰা এটি বিকট
দীঘলীয়া ৰেলৰ উঁকি উৰি আহি ওজাৰ কাণত পৰিল। কাণদুখন তালমাৰি ধৰিছে।
-- প্ৰণৱজ্যোতি দাস
ৰচনাকাল : ১৯৯০
গল্প
সংকলন :
(তেজপুৰ সাহিত্য সভাৰ
চুটিগল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত)

No comments:
Post a Comment