শৈশৱৰ পৰাই আমাক শিকোৱা হৈছে— সৌৰজগতৰ একমাত্ৰ আমাৰ ধৰণীখনেই প্ৰাণৰ বিচৰণ ভূমি। বাকী গ্ৰহবোৰত অক্সিজেন আৰু পানীৰ অভাৱ, নতুবা চৰম বিষম উষ্ণতাৰ বাবে জীৱনৰ কোনো সম্ভাৱনাই নাই। সেয়েহে আমি মানি লৈছিলোঁ যে মানুহৰ বাবে এই বিশাল মহাবিশ্বত পৃথিৱীয়েই আমাৰ একমাত্ৰ আৰু শ্ৰেষ্ঠ ঠিকনা।
কিন্তু আধুনিক বিজ্ঞানে এতিয়া মোহাৰি পেলাব ওলাইছে পুৰণি সেই ধাৰণাটো। বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে এক বিস্ময়কৰ সত্য— জীৱন ধাৰণৰ বাবে পৃথিৱীয়েই হয়তো সৰ্বোত্তম ঠাই নহয়! আমাৰ বাবে তাতোকৈয়ো অধিক সুচল, নিৰাপদ আৰু আৰামদায়ক জগত বিশ্বব্ৰহ্মাণ্ডৰ ক’ৰবাত আজিও লুকাই আছে।
বিজ্ঞানীসকলে এনে সম্ভাৱ্য গ্ৰহবোৰক আখ্যা দিছে ‘চুপাৰহেবিটেবল ৱৰ্ল্ড’ বা ‘অতিবাসযোগ্য জগত’।
আশ্চৰ্যজনকভাৱে, এই গ্ৰহবোৰৰ বিশেষত্ব আমাৰ পৃথিৱীৰ তুলনাত বহু বেছি অনুকূল:
👉 বিশাল আকাৰ আৰু উন্নত পৰিৱেশ: এই গ্ৰহবোৰ আকাৰত পৃথিৱীতকৈ প্ৰায় ২০ৰ পৰা ৩০ শতাংশ ডাঙৰ আৰু ভৰ প্ৰায় দুগুণ।
👉 দৃঢ় সুৰক্ষা কৱচ: অধিক ভৰৰ বাবে এইবোৰৰ মহাকৰ্ষণ আৰু কেন্দ্ৰীয় চুম্বকীয় ক্ষেত্ৰ অতি শক্তিশালী। ই মহাজাগতিক ক্ষতিকাৰক বিকিৰণ প্ৰতিহত কৰি এক স্বাস্থ্যকৰ, ঘন আৰু স্থিতিশীল বায়ুমণ্ডল ধৰি ৰাখিব পাৰে।
👉 অনুকূল জলবায়ু আৰু প্ৰচুৰ পানী: বিজ্ঞানীসকলৰ মতে, তাত পানীৰ পৰিমাণ পৃথিৱীতকৈ বেছি হোৱাৰ সম্ভাৱনা। ফলত তাত বিৰাজ কৰিব পাৰে এক অধিক সুষম, আৰামদায়ক আৰু সেমেকা জলবায়ু— যি প্ৰাণৰ বিস্তাৰৰ বাবে এক সোণালী সুযোগ।
দৰাচলতে এই ধাৰণা একেবাৰে নতুন নহয়। ২০১০ চনৰ পৰাই জ্যোতিৰ্বিজ্ঞানী ৰেনে হেলাৰ আৰু জন আৰ্মষ্ট্ৰঙে পৃথিৱীৰ এই ‘একচ্ছত্ৰী আধিপত্য’ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। ২০১৪ চনৰ এখন গৱেষণা পত্ৰত তেওঁলোকে দেখুৱাইছিল যে পৃথিৱীৰ জীৱকুল আচলতে এক অতি সংবেদনশীল ভাৰসাম্যৰ ওপৰতহে টিকি আছে। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সামান্য ইফাল-সিফাল হ’লেই হয়তো মহাসাগৰৰ অস্তিত্বই বিপন্ন হৈ পৰিলহেঁতেন। তদুপৰি, দিনে দিনে বাঢ়ি অহা সূৰ্যৰ উত্তাপৰ ফলত আৰু মাত্ৰ ৫০ কোটি বছৰৰ পিছতেই হয়তো এই পৃথিৱীখন জীৱনৰ বাবে অনুপযোগী হৈ পৰিব।
তেনেস্থলত এই ‘অতিবাসযোগ্য’ গ্ৰহবোৰৰ বিশেষত্ব কি এইবোৰৰ অধিকাংশই আৱৰ্তন কৰে ‘কে-ড্ৱাৰ্ফ’ (K-dwarf) নামৰ এক বিশেষ শ্ৰেণীৰ নক্ষত্ৰক। আমাৰ সূৰ্যতকৈ এই তৰাবোৰ কিছু শীতল আৰু সৰু, কিন্তু ইহঁতৰ আয়ুস অত্যন্ত দীঘলীয়া। সূৰ্যৰ ইন্ধন য’ত দ্ৰুতভাৱে শেষ হৈ আহিছে, এই নক্ষত্ৰবোৰে কিন্তু কেইবা হাজাৰ কোটি বছৰ ধৰি স্থিৰভাৱে পোহৰ আৰু উত্তাপ বিলাই থাকিব পাৰিব। ফলত তাৰ গ্ৰহবোৰত জীৱৰ বিৱৰ্তন আৰু জটিল প্ৰাণৰ বিকাশৰ বাবে পোৱা যাব অফুৰন্ত সময়।
এই কল্পনাতীত জগতৰ সন্ধানত বিজ্ঞানীসকলে সাজু কৰিছে মহাকাশৰ নতুন চকু। ইউৰোপীয় মহাকাশ গৱেষণা সংস্থাই হাতত লৈছে অভিলাষী অভিযান ‘প্লেটো’ (PLATO), যাৰ জৰিয়তে মহাকাশত এনে বাসস্থানৰ ওপৰত সন্ধান চলোৱা হ’ব। ইয়াৰ সমান্তৰালভাৱে মাৰ্কিন মহাকাশ সংস্থা নাছাইও ২০৪০ চনৰ বাবে যুগুতাইছে সুদূৰপ্ৰসাৰী পৰিকল্পনা। অৱশ্যে বিজ্ঞানী হেলাৰে স্পষ্ট কৰি দিছে যে কোনো গ্ৰহৰ সন্ধান পোৱা মানেই তৎক্ষণাত তাত মানুহৰ বসতি আৰম্ভ হোৱা নুবুজায়। সেয়া হ’ব এক অন্তহীন যাত্ৰাৰ প্ৰথমটো পদক্ষেপহে। প্ৰথমে নিৰীক্ষণ কৰা হ’ব বায়ুমণ্ডলৰ উপাদান, তাৰ পিছতহে আৰম্ভ হ’ব প্ৰকৃত পৰীক্ষা।
কোটি কোটি বছৰৰ নিৰাপদ স্থিতি, পৰ্যাপ্ত পানী আৰু জীৱনৰ অনুকূল পৰিৱেশ— মহাবিশ্বৰ কোনোবা এক অচিন কোণত হয়তো এনে এখন পৃথিৱীয়ে আমালৈ বাট চাই ৰৈছে, যিখন পৃথিৱী হয়তো আমাৰ এই নীলাভ ধৰণীখনতকৈয়ো অধিক আপোন আৰু মায়াময় হ’ব পাৰে।

No comments:
Post a Comment