Monday, 22 June 2026

দেউতাৰ টুলবক্স

 

ঘৰৰ পুৰণি চকী এখনৰ খুৰাকেইটাই লৰচৰ কৰিবলৈ আৰম্ভ কৰিছে, দেৱালত ওলমি থকা ঘড়ীটোৰ কাঁটা দুডাল বহুদিনৰ পৰা স্থবিৰ হৈ আছে অথবা মুৰৰ ওপৰৰ ফেনখনে ঘূৰোতে আগৰ দৰে মসৃণ শব্দ নকৰে! আজিৰ যুগত এনে বস্তুবোৰৰ সলনি দোকানৰ পৰা অথবা এমাজন, ফ্লিপকাৰ্ট আদিৰ পৰা নতুন কিনি অনাটো একেবাৰেই সহজ। কিন্তু প্ৰায়বোৰ ঘৰৰ দেউতাকলৈ যদি লক্ষ্য কৰে, দেখা পাব যে তেওঁ নতুন বস্তু কিনিবলৈ খৰখেদা নকৰে। তাৰ সলনি নীৰৱে তেওঁ নিজৰ পুৰণি টুলবক্সটো উলিয়াই আনি ধৈৰ্যসহকাৰে বস্তুটো মেৰামতি কৰিবলৈ বহি যায়। সেই দৃশ্যবোৰ হয়তো আমি বহুবাৰ দেখিছোঁ, কিন্তু হয়তো কেতিয়াও আমি গভীৰভাৱে অনুভৱ কৰা নাই। আমি ভাবোঁ— "ইমান কষ্ট কিয়? নতুন এটা কিনিলেই তো হয়!"

কিন্তু হয়তো ঘৰখনৰ দেউতাকজনে সেই সময়ত কেৱল এটা বস্তুৱেই মেৰামতি নকৰে। তেতিয়া হয়তো তেওঁ নিজৰ জীৱনৰ এটা অংশ, নিজৰ স্মৃতিৰ এটা অধ্যায় অথবা নিজৰ পৰিয়ালৰ সৈতে জড়িত কিছুমান অমূল্য মুহূৰ্ত সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰি থাকে। পুত্ৰৰ চাইকেলখনৰ ব্ৰেকডাল টানি দিয়া, জীয়াৰীৰ "ৰিভলভিং চেয়াৰ"ৰ লৰি থকা হেণ্ডেলডাল ঠিক কৰি দিয়া, বন্ধ হোৱা ঘড়ীটো পুনৰ চলাই দিয়া অথবা গেছৰ বাৰ্ণাৰটোৰ সমস্যা দূৰ কৰা আদি সাধাৰণ কামবোৰতেই দেউতাকবোৰৰ দায়িত্ব আৰু ভালপোৱাবোৰ অন্য এক ৰূপত প্ৰকাশ পায়।

পিতৃসকলৰ জীৱনটো প্ৰায়ে সমস্যাৰ সমাধান কৰোতেই পাৰ হৈ যায়। সন্তানৰ সমস্যাৰ সমাধান, পৰিয়ালৰ আৰ্থিক সংকটৰ সমাধান, জীৱনৰ কঠিন সময়ৰ সমাধান…! সেয়ে হয়তো তেওঁলোকে যেতিয়াই ঘৰৰ এটা ক্ৰুটিযুক্ত বস্তু দেখা পায়, তেওঁলোকৰ অন্তৰে ক'ব খোজে —"যেতিয়ালৈকে পাৰা, বস্তুটো পুনৰ জীয়াই তোলা।" 

যেতিয়া এজন পিতৃয়ে এনে ক্ৰুটিপূৰ্ণ সামগ্ৰীবোৰ মেৰামতি কৰে, তেতিয়া তেওঁ কেৱল কাঠ, লোহা বা প্লাষ্টিকবোৰেই জোৰা নিদিয়ে; বৰং তেওঁ নিজৰ অতীতক, নিজৰ পৰিয়ালৰ কোনোবা বিশেষ মুহূৰ্ত আৰু নিজৰ ভালপোৱাবোৰকেই সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰে। দেউতাকবোৰৰ বাবে সেই ক্ৰুটিপূৰ্ণ বস্তুবোৰ কেৱল এটা বস্তুৱেই নহয়। সেই যে পুৰণি চকীখন দেখিছে, হয়তো কেতিয়াবা তেওঁ সেইখন চকীতেই সন্তানক কোচত লৈ কোনোবা ৰজা ৰাণীৰ সাধু কৈছিল। সেই টেবুলখনত হয়তো তেওঁৰ সন্তানে প্ৰথমবাৰৰ বাবে অ-আ, ক-খ লিখিছিল। সেই ঘড়ীটো হয়তো বহু বছৰ ধৰি ঘৰখনৰ সুখ-দুখ, হাঁহি-কান্দোন, উৎসৱ-পাৰ্বণৰ আদিৰ সাক্ষী হৈ আছিল। এই বস্তুবোৰৰ লগতেইতো সময় জড়িত থাকে। সময়ৰ লগত জড়িত হৈ থাকে স্মৃতি আৰু স্মৃতিৰ লগত জড়িত থাকে মানুহৰ আটাইতকৈ কোমল সম্পদ - "হৃদয়"।

কিন্তু জীৱনৰ আটাইতকৈ বেদনাদায়ক সত্যটো হ'ল—এদিন পিতৃসকলো ক্লান্ত হয়। স্ক্ৰু-ড্ৰাইভাৰ, হাতুৰী তুলি লোৱা সেই হাতবোৰো কঁপি উঠে। তেওঁলোকৰ চকুযুৰি ধূসৰ হৈ পৰে। আৰু এদিন হয়তো টুলবক্সটো চিৰদিনৰ বাবে বন্ধ হৈ যায়। তাৰ পিছত আমি লাহে লাহে উপলব্ধি কৰোঁ যে ঘৰখনৰ সেই পুৰণি ঘড়ীটো, সেই মেৰামতি কৰা চকীখন অথবা সেই টেবুলখন কেৱল একোবিধ বস্তুৱেই নাছিল। সেইবোৰতেই লুকাই আছিল দেউতাৰ স্পৰ্শ। তেওঁৰ ধৈৰ্য, তেওঁৰ ত্যাগ, তেওঁৰ দায়িত্ববোধ আৰু তেওঁৰ নিঃশব্দ ভালপোৱা।

সেইবাবেই পিতৃসকলক পৃথিৱীৰ নিঃশব্দ শিল্পী বোলা যায়।তেওঁলোকৰ ত্যাগ, দায়িত্ব, ভালপোৱা আৰু মৰম - চেনেহবোৰ  আমাৰ সকলোৰে ঘৰৰ কোনোবা এটা চুকত হয়তো আমাৰ দৃষ্টিৰ অগোচৰে এখন মেৰামতি কৰা চকীৰ মাজত, এটা পুৰণি দেৱাল ঘড়ীৰ মাজত অথবা এটা পুৰণি টুলবক্সৰ মাজত জীয়াই থাকে চিৰদিন। 

(সকলো পিতৃলৈ উৎসৰ্গিত)

Saturday, 20 June 2026

ফেৰেংগাদাও


তেওঁ মৃত্যুক ভয় কৰা মানুহ নাছিল; তেওঁ আছিল এনে এজন শিল্পী, যিয়ে মৃত্যুৰ দুৱাৰমুখতো জীৱনক গানৰ সুৰেৰে অভিবাদন জনাইছিল। তেনে মানুহ নিশ্চয় সাধাৰণ মানুহ নহয়, যিজন মানুহে মৃত্যুৰ কেইদিনমান আগতে, দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ৰ বিচনাত শুই শুই এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ পিছফালে লিখি পেলাইছিল— 

“এয়ে মোৰ শেষ গান

মোৰ জীৱন নাটৰ শেষ ৰাগিণী

কল্যান খৰমান…” 

এইটো কেৱল এটা গানেই নহয়; ই মহান শিল্পীজনৰ জীৱন-দৰ্শন, সংগ্ৰাম আৰু আত্মাৰ শেষ উচ্চাৰণ। এজন সৃষ্টিশীল, সাহসী আৰু জীৱনপ্ৰেমী শিল্পীৰ পৰিচয় ইমান সহজে বৰ্ণনা কৰিব নোৱাৰি। মৃত্যুৰ ছাঁ একেবাৰে ওচৰ চাপি আহিলেও যিজনে হতাশা, ভয় বা অভিযোগত ডুবি নগৈ, নিজৰ অন্তিম মুহূৰ্ততো সৃষ্টিৰ মাজেৰে জীৱনক উদযাপন কৰে, তেওঁ এক অসাধাৰণ মানসিক শক্তিৰ অধিকাৰী। তেওঁ জানিছিল যে সময় শেষ হৈ আহিছে, তথাপিও তেওঁৰ কণ্ঠত কোনো আৰ্তনাদ নাই; আছে কেৱল শিল্পীৰ নীৰৱ ঘোষণা - “মই যি ক’ব লাগিছিল, সেয়া মোৰ গানেৰে কৈ গ’লোঁ।”

ৰাভাদেৱযৰ জীৱন সংগ্ৰামৰ প্ৰথমটি বাধা হিচাবে থিয় হয় ১৯৬৮ চনত আৰম্ভ হোৱা তেওঁৰ কৰ্কট ৰোগ। ৮ ডিচেম্বৰত তেওঁক চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ কৰা হয়। টাটা মেম'ৰিয়েল কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা দুমাহৰ পাছত কিছু আৰোগ্য হৈ তেওঁ উভতি আহে আৰু তেজপুৰত থাকিবলৈ লয়। চিকিৎসকে ৰাভাক জিৰণী ল'বলৈ উপদেশ দিয়া সত্ত্বেও তেওঁ বিভিন্ন কামৰ লগতে সংগীত আৰু নাটকৰ তাড়নাত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ঘূৰি থাকিল। ইয়াৰ বাবে বিষ্ণু ৰাভাৰ শৰীৰ ক্ৰমান্বয়ে ভাঙি আহিছিল। তাৰ মাজতে ১৯৬৯ চনৰ ২৬ জানুৱাৰীত তেওঁ পুনৰ মুম্বাইত গৈ চিকিৎসা সম্পৰ্কীয় কেইবাটাও পৰীক্ষা কৰি আহে। পিছে অসুখে বেচিকৈ আমনি দিয়াত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ চিকিৎসাধীন হ'ল। কিন্তু ভাল নাপালে। তেওঁ আকৌ তেজপুৰলৈ উভতিল। 

কেইদিনমান পিছতেই তেওঁ পুনৰ গুৰুতৰ ভাবে অসুস্থ হৈ পৰিল। ততাতৈয়াকৈ তেওঁক তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল। কেইবাদিনো চিকিৎসালয়ৰ বিচনাত তেওঁ কটালে। অনেক গুণমুগ্ধই তেওঁৰ খৱৰ ল'বলৈ আহে। এদিন এজন গুণমুগ্ধই তেওঁৰ খৱৰ লোৱাৰ লগতে ঘৰৰে বিয়া এখনলৈ নিমন্ত্ৰণ জনাই তেওঁলৈ এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ আগবঢ়ালে। সেয়া ১৯৬৯ চনৰ মে' মাহৰ অন্তিম সপ্তাহৰ কথা। চিঠিখন ৰাভাদেৱৰ চিকিৎসালয় বিচনাৰ কাষৰ বিভিন্ন দৰৱ পাতিৰে ভৰি থকা টেবুলখনতেই আছিল। 

১৯৬৯ চনৰ জুন মাহৰ দ্বিতীয় সপ্তাহৰ কোনোবা এটা দিনত তেওঁ সেই নিমন্ত্ৰণী পত্ৰখনৰ ওলোটা পিনে লিখি পেলালে তেওঁৰ জীৱনৰ সৰ্বশেষ গীতটি –

‘এয়ে মোৰ শেষ গান

মোৰ জীৱন নাটৰ শেষ ৰাগিনী

কল্যাণ খৰমান...।' 

অজস্ৰ গুণমুগ্ধই সদায়ে ভিৰ কৰেহি তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়। মৰমৰ শিল্পীজনৰ খা-খবৰ লয়, কিছু মুহূৰ্ত পাৰ কৰে তেওঁৰ সান্নিধ্যত। তাৰমাজতে এদিন আহিল কমৰেড দধি মহন্ত। বিভিন্ন কথাৰ মাজতে আথেবেথে দধি মহন্তৰ হাতত গীতটো তুলি দি ক'লে -- কাৰোবাৰ কণ্ঠেৰে গোৱাবা। দুদিনৰ ভিতৰত অৰ্থাৎ, ১৯৬৯ চনৰ ১৯ জুনৰ দিনা দধি মহন্তই গুৱাহাটী ক্লাৱৰ এখন চাহৰ দোকানত গীতটো তুলি দিলে দৰদী শিল্পী খগেন মহন্তৰ হাতত। আনপিনে সিদিনাই ৰাভাদেৱৰ শৰীৰৰ অৱস্থা গুৰুতৰ হৈ পৰিল। আৰু ৰাতিলৈ ৰাভাদেৱে মাতবোল কৰিব নোৱাৰা হ'ল। নিশা দুই বাজি ১০ মিনিটত বিয়পি পৰিল সমগ্ৰ অসমক ম্ৰিয়মাণ কৰি তোলা সেই খৱৰটো - ৰাভাদেৱ আৰু নাই!

ৰাতিটোৰ ভিতৰতেই খগেন মহন্তই গীতটো সুৰ দি ২০ জুনৰ পুৱাতেই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত গীতটো বাণীবদ্ধ কৰিলে। ইপিনে তেজপুৰৰ ভৈৰৱী মন্দিৰৰ সমীপৰ চানমাৰী পাহাৰৰ কাষত, মৰাভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংযোগস্থলীত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা। কাৰণ তাত সাঁজি উলিওৱা হৈছে এখন চিতা - ৰাভাদেৱৰ চিতা। চিতাৰ কাষৰ মাইকত বাজি আছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই ওৰেটো দিন বজাই থকা সেই কৰুণ গীতটো…

"এয়ে মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান...।'

Wednesday, 17 June 2026

কল্যাণ খৰমান


অসমৰ সমাজ জীৱনত এক প্ৰভাৱ পেলোৱা ব্যক্তিসকলৰ ভিতৰত বিষ্ণু ৰাভা অন্যতম। অসমৰ জনগোষ্ঠীৰ সমন্বয়ত আৰু সংস্কৃতিৰ বিকাশত আমি বিষ্ণু প্ৰসাদ ৰাভাৰ নাম ল'ব পাৰো। শোষণ-নিপীড়নৰ অৱসানৰ হকে কৰিবলগীয়া যুঁজত বিষ্ণু ৰাভাই বস্তুনিষ্ঠভাৱে সংগ্ৰাম চলাইছিল।  শংকৰদেৱে  ঐক্য সংহতি ৰক্ষাৰ  সংগ্ৰামত যিদৰে অৱতীৰ্ণ হৈছিল, সেইদৰে অসমৰ ঐক্যতাৰ ভেটি মজবুত কৰাৰ আপ্ৰাণ চেষ্টা চলাইছিল বিষ্ণু ৰাভাই। নিজ সৃষ্টিশীলতাৰে তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি, কৃষ্টি, পৰম্পৰা আৰু তেওঁলোকৰ জীৱন সংগ্ৰামৰ বিষয়ে গান লিখি গৈছে। সেই গান মানুহৰ গান আছিল। কৃষকৰ গান। ধনতন্ত্ৰবাদৰ বিৰুদ্ধে আছিল তেওঁৰ গান। 

অবিভক্ত ঢাকা মহানগৰীৰ সেনাৰ ছাউনীত ১৮৯০ চনৰ ৩১ জানুৱাৰীত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল। বিষ্ণু ৰাভাৰ পিতৃৰ নাম আছিল চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ দাস আৰু মাতৃৰ নাম গেথীবালা ৰাভা। পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ দাস আছিল ইষ্টাৰ্ণ ৰাইফলচৰ চুবেদাৰ মেজৰ। ৰাভাৰ ককা-দেউতাকৰ নাম আছিল শনিৰাম কছাৰী [মুছাহাৰী]। তেওঁ ইংৰাজৰ সামৰিক বিভাগত চিপাহীৰ পদত কৰ্মৰত আছিল। গোপাল দাসৰ শৈশৱতেই মাতৃৰ বিয়োগ হয়। চান্দবৰ ৰাভা আছিল শনিৰাম কছাৰীৰ সখী। চান্দবৰ নিঃসন্তান হোৱা হেতুকে মাউৰা গোপাল চন্দ্ৰক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব লয়। চান্দবৰ ৰাভাৰ তত্ত্বাৱধানত গোপাল ৰাভাই তেজপুৰ হাইস্কুলত নৱম শ্ৰেণীলৈ পঢ়ি তেজপুৰত থকা অসম ৰাইফলছত ভৰ্তি হয়। গোপাল ৰাভাৰ মুঠ সন্তান আছিল আঠজন। পুত্ৰ পাঁচজন দিলীপ ৰাভা, গোপাল ৰাভা, নন্দলাল ৰাভা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ৰঞ্জিত ৰাভা। কন্যা তিনিগৰাকী মনমোহিনী, কমল আৰু লক্ষ্মী।

বিষ্ণু ৰাভাই শিক্ষা আৰম্ভ কৰে বাংলা ভাষাত। তেওঁ প্ৰথমে ঢাকাৰ প্ৰাইমেৰী স্কুলত নিজৰ শিক্ষা জীৱনৰ পাতনি মেলে। তাৰ পৰা তেজপুৰলৈ আহি তেজপুৰৰ চৰকাৰী হাইস্কুলত চতুৰ্থ শ্ৰেণীত ভৰ্তি হয়। বাংলা মাধ্যমৰ পৰা পোনপ্ৰথমে অসমীয়া মাধ্যমত নাম ভৰ্তি কৰা হেতুকে প্ৰথম বছৰ পৰীক্ষাত অকৃতকাৰ্য হয়। পিছৰ বাৰ উত্তীৰ্ণ হয়। তাৰ পাছত ১৯২৬ চনত দৰং জিলাৰ ভিতৰত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম হৈ ৰাভাই খ্যাতি অক্ষুণ্ণ ৰাখে। সেই বছৰতে ৰাভাই কলকাতাৰ ছণ্টপল কলেজত বিজ্ঞান শাখাত আই এছ চি শ্ৰেণীত (বৰ্তমান উ: মা) নাম লগায়। তাতেই সংগীত, কলা, নাটক, খেল-ধেমালি আদিৰ প্ৰতি মনোযোগ দিয়ে। তেওঁৰ মনোযোগৰ পৰিপ্ৰেক্ষিতত সেই বছৰ ৰাভাই ক্ৰিকেট বিভাগৰ সম্পাদকো নিৰ্বাচিত হয়। ৰাভাই প্ৰথম বিভাগত আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯২৮ চনত কলকাতাৰ ৰিপন কলেজত বি এছ চি মহলাত পদাৰ্থ বিজ্ঞানৰ অনাৰ্ছ লৈ পঢ়ে। ৰিপন কলেজৰ ছাত্ৰ একতা সভাৰ সম্পাদক হিচাপেও তেওঁ সেই বছৰ নিৰ্বাচিত হৈছিল। ১৯৩০ চনত বি এছ চি বাছনি পৰীক্ষাত কলেজৰ ভিতৰতে তেওঁ সৰ্বোচ্চ নম্বৰ লাভ কৰে। 

ঠিক সেই সময়তে স্বাধীনতা আন্দোলনৰ জোৱাৰে কলকাতা মহানগৰীখন অস্থিৰ কৰি তোলে। ব্ৰিটিছৰ বিৰুদ্ধে হোৱা আন্দোলনত বিষ্ণু ৰাভাই অংশগ্ৰহণ কৰে। তীব্ৰ আন্দোলনত অংশগ্ৰহণ কৰা বাবে ৰাভা ব্ৰিটিছৰ চকুত পৰে আৰু এদিন ব্ৰিটিছ চিপাহীয়ে ৰাভাৰ হোষ্টেলৰ কোঠালিটো তালাচি কৰে। এই তদন্তৰ পৰা অতিষ্ঠ হৈ ৰাভাই ৰিপন কলেজ এৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰি পঢ়া-শুনা আৰম্ভ কৰে।

মহাত্মা গান্ধীৰ ইতিমধ্যে স্বাধীনতা আন্দোলনে দেশজুৰি জনজাগৰণৰ সৃষ্টি কৰিছিল। কোচবিহাৰত সেই সময়ত এজন, দেশীয় ৰজাই শাসন কাৰ্য চলাইছিল। তেওঁক নিয়ন্ত্ৰণ কৰিছিল ইংৰাজ ৰেচিভেটৰ বিষয়াই। তেতিয়াৰ দিনৰ ব্ৰিটিছ শাসকবৰ্গৰ নিয়ম আছিল– কোনো ব্ৰিটিছ বিষয়া বাটেৰে গৈ থাকিলে অন্য বাটৰুৱাসকলে বাটৰ কাষত ৰৈ থাকিব লাগিছিল। এনে বৈষম্যৰ বিৰুদ্ধে বিষ্ণু ৰাভাই প্ৰতিবাদ সাব্যস্ত কৰাৰ চিন্তা কৰিলে। এদিন পুৱা ছয়-সাতজনমান সমনীয়াৰ সৈতে খোজকাঢ়ি আছিল। কিছু সময় পিছতেই ইংৰাজী ৰেচিডেণ্ট জেনেৰেলে হাচিন্সন আৰু দেৱান নলিনী ৰঞ্জন মাস্তগী ঘোঁৰাৰ পিঠিত উঠি গৈ আছিল। বিষ্ণু ৰাভা আৰু তেওঁৰ সমনীয়াৰ বাদে সকলোৱে ৰাস্তাৰ কাষত মূৰ তল কৰিছিল। কিন্তু বিষ্ণু ৰাভা তেওঁৰ সমীয়াসকলে মূৰ তল নকৰি গৈ থাকিল। অসন্তুষ্ট হাচিন্স আৰু মাস্তগীৰে তেওঁলোকক ৰাজদ্ৰোহী আখ্যা দি আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিলে। এই নিৰ্দেশক কেৰেপ নকৰি ইয়াৰ বিপৰীতে এখন বগা কাগজত এটা কলা আৰু এটা বগা ৰঙৰ পঠা ছাগলীৰ ছবি আঁকি তলৰ কবিতাটি লিখি ৰাজপ্ৰসাদৰ দেৱালৰ বেৰত আঁৰি আহে–

‘ৰাজ্যে আছে দুইটি পাঠা

একটি কালো একটি সাদা,

ৰাজ্যেৰ যদি মংগল চাও

দুইটি পাঠাই বলি দাও।'

ৰাভা আৰু তেওঁৰ লগৰীয়াসকলৰ এই কাৰ্যত ক্ষুণ্ণ হৈ ৰাভাক ২৪ ঘণ্টাৰ ভিতৰত কোচবিহাৰ ৰাজ্য ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। ৰাজ দৰবাৰৰ ৰোষত পৰি ৰাভা আৰু তেওঁৰ লগৰীয়াসকলে কোচবিহাৰ ত্যাগ কৰে। সেই সময়ত তেওঁৰ মাতৃৰ বিয়োগ হয়। কিছুদিনৰ পাছত পূৰ্ববংগৰ মাইকেল কলেজত নাম লগায়। মাইকেল কলেজত তেওঁ ক্ৰিকেট বিভাগৰ সম্পাদক হয়। কোচবিহাৰ ত্যাগ কৰাৰ পাছতো বিষ্ণু ৰাভাৰ বৃটিছৰ প্ৰতি বিৰোধিতা কমি যোৱা নাছিল। সেই সময়ৰ মাইকেল কলেজৰ তিনিমহলীয়া অট্টালিকাৰ ওপৰত উৰি থকা ব্ৰিটিছৰ ৰাষ্ট্ৰীয় পতাকা ‘ইউনিয়ন জেক'খন ৰাভা আৰু কেইজনমানে নমাই জ্বলাই দিয়ে আৰু তাৰ ঠাইত ভাৰতীয় ত্ৰিৰংগা জাতীয় পতাকাখন আৰি দিয়ে। ব্ৰিটিছ প্ৰশাসনে এই ঘটনাৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। ইমানেই নহয় মাইকেল কলেজত পঢ়ি থাকোতে এবাৰ সৰস্বতী পূজাৰ মূৰ্তি নিজে সাজি নিজে পূজাৰী হৈ পূজাৰ শেষত মূৰ্তি বিসৰ্জনো দিছিল। এই কাৰণত কুমাৰ সম্প্ৰদায় ক্ষুণ্ণ হয়। এনে বিভিন্ন ঘটনাৰ পৰিণতিস্বৰূপে ৰাভাই মাইকেল কলেজো এৰিবলৈ বাধ্য হয় আৰু ১৯৩১ চনত বিষ্ণু ৰাভাৰ ছাত্ৰ জীৱনৰ সমাপ্তি ঘটে।

বিষ্ণু ৰাভাৰ কৃষ্টি আৰু সংস্কৃতি চিন্তা বহু পৰিমাণে শিল্পী পল ৰবচন আৰু কাডৱেলৰ ধাৰণাৰ সৈতে সম্পৰ্কযুক্ত। ৰাভাৰ চিন্তাৰ মাজত শ্ৰমজীৱী জনসাধাৰণে যথেষ্ট গুৰুত্ব লাভ কৰিছে। তেওঁ নিজৰ ‘অসমীয়া কৃষ্টি' শীৰ্ষক লেখাটোত কৃষ্টি-সংস্কৃতিৰ সংজ্ঞা দাঙি ধৰিছে। তেওঁ লিখিছিল - "কাব্য, গান, শিল্প, দৰ্শন আদিৰ ধাৰণা নাইবা আচাৰ ব্যৱহাৰ, ভদ্ৰতা-শিষ্টাচাৰ, নীতি-নিয়মকেই সাধাৰণঃ মানুহে বুজে কৃষ্টি বা কালচাৰ বুলি। কিন্তু দৰাচলতে বাস্তৱ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি, সেয়েহে আচল কৃষ্টি, আচল সংস্কৃতি, ৰিয়েল কালচাৰ। জীৱন যাত্ৰাৰ ঘাত-প্ৰতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয়, সংস্কৃতিৰ আলম লৈ জীৱন যাত্ৰাও তেনেকৈ আগুৱাই যায়। গতিকে জীৱনযাত্ৰাৰ লগত কৃষ্টি-সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত যি কৃষ্টি-সংস্কৃতি প্ৰগতিশীল নহয়, সেই জাতিৰ জীৱনযাত্ৰাও স্থিৰ নহয়।

বিষ্ণু ৰাভা আৰু সংস্কৃতিৰ পৰা আমি এই কথাই বুজো যে জনসাধাৰণৰ কৃষ্টি-সংস্কৃতি কৃষি আৰু শ্ৰমৰ লগত জড়িত। অৰ্থাৎ শ্ৰমভিত্তিক যি গণসংস্কৃতি সেয়াই হ'ল আচল সংস্কৃতি। ধনতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু ভোগবাদী জীৱন প্ৰণালীৰ সৈতে জড়িত সংস্কৃতিৰ বিপৰীতে গণসংস্কৃতিয়ে যুগে যুগে মানুহক প্ৰেৰণা যোগাই আহিছে, মানুহক সুস্থ আৰু সংগ্ৰামী জীৱন-যাপনৰ সমল যোগায়। কৃষক আৰু শ্ৰমজীৱীৰ দ্বাৰা সৃষ্টি হোৱা সংস্কৃতিৰ ৰক্ষা আৰু সমাজত চলিত অসমতাবোৰৰ ওপৰত চকু ফুৰায়ে বিষ্ণু ৰাভাই মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষিত হয়। 

বিষ্ণু ৰাভাৰ একাংশ অনুৰাগীয়ে ৰাভাক কেৱল কলাগুৰু বুলি মূল্যায়ন কৰে। কিন্তু ৰাভাই যি কলা-সংস্কৃতিৰ কথা কৈছিল সেই বিষয়ক চিন্তা আৰু কৰ্মৰ মাজত নতুনত্ব, ৰূপান্তৰৰ স্বপ্ন আৰু বৈপ্লৱিক জাগৰণ পৰিলক্ষিত হৈছিল।ৰাভাৰ জীৱনৰ এক ব্যাপক অংশ ৰাজনীতিয়ে দখল কৰি আছে। এই ৰাজনীতিৰ আদৰ্শ হ'ল মাৰ্ক্সবাদ। ৰাভাৰ অস্থিৰ জীৱনলৈ মাৰ্ক্সবাদে আনি দিছিল সাগৰ সদৃশ গভীৰতা। পিতৃপ্ৰদত্ত শ শ বিঘা মাটি দুখীয়া কৃষকৰ মাজত তেওঁ বিলাই দিছিল। ইয়াৰ গুৰিয়েই আছিল মানৱ প্ৰেম আৰু সাম্যবাদী আদৰ্শ।

১৯৪৫ চনত ৰাভাই ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি [আৰ চি পি আই]ৰ সভ্যপদ লাভ কৰে। পিছলৈ ১৯৫৫ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি [চি পি আই]ত যোগদান কৰে। ৰাভাই ৰাজনীতিৰ পথাৰত ভৰি দি ১৯৫৭ চনত কোকৰাঝাৰ সংসদীয় সমষ্টিত চি পি আইৰ প্ৰাৰ্থীৰূপে পৰাজয় বৰণ কৰে। ৰাভাৰ মাৰ্ক্সবাদ-লেনিনবাদ দৰ্শনৰ আভাস পোৱা যায় ১৯৬৯ চনত তেওঁৰ ৰোগশয্যাৰ পৰা চি পি আইলৈ লিখা চিঠিৰ পৰা। অসম ৰাজ্যিক পৰিষদলৈ লিখা চিঠিখনত তেওঁ উল্লেখ কৰিছিল, ‘'যিসকল অসমীয়াৰ প্ৰাণস্বৰূপ, যিসকল অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক সেইসকল হালোৱা, হজুৱা, বনুৱা, তল মজলীয়া ৰাইজ, শোষিত, দলিত, নিষ্পেষিত আৰু নিপীড়িত। এই ৰাইজৰ দুখত সমদুখী হৈ ৰাইজৰ হিয়াৰ মৰম, চেনেহৰ অথাই সাগৰৰ পানীত সাঁতুৰি-নাদুৰি মই উমলি ফুৰিছিলো।…"

কমিউনিষ্ট পাৰ্টিত যোগদান কৰি ৰাভাই প্ৰবল দুৰ্যোগত পৰিছিল। চৰকাৰী ৰোষত পৰি আত্মগোপন কৰিব লগা হৈছিল। এই সময়চোৱাত ৰাভাদেৱে আমাৰ ওদালগুৰি জিলাৰ বিভিন্ন স্থানতো, বিশেষকৈ ডিমাকুচি, ভেৰগাও, খৈৰাবাৰী, টংলা আদি বিভিন্ন স্থানত ছদ্মবেশ ধাৰণ কৰি আত্মগোপন কৰিব লগা হৈছিল। কৃষকৰ আধিয়াৰ স্বত্বৰ সপক্ষে আন্দোলন কৰাৰ বাবে আৰু জমিদাৰৰ বিৰুদ্ধে চলা এই সংগ্ৰামত ৰাভাৰ অংশগ্ৰহণত চৰকাৰী পুলিচে তেওঁক বিচাৰি ফুৰে। 

সমাজবাদী সমাজৰ পৃষ্ঠপোষক ৰাভাৰ ছাত্ৰ জীৱনৰ পাছৰ ঘটনাৱলীসমূহে ৰাভাক দৃঢ় আৰু মানৱদৰদী কৰি তোলে। ছাত্ৰ অৱস্থাত যে তেওঁ সমাজৰ প্ৰতি সচেতন নাছিল তেনে নহয়। ১০১৭ চনতেই ৰাভাৰ পিতৃ গোপাল দাসৰ মৃত্যু হয়। মাতৃ গেথীবালা ৰাভাৰ দেহাৱসান ঘটে ১৯২৬ চনত। অকালতে পিতৃ-মাতৃক হেৰুৱায়ো বিষ্ণু ৰাভা মানসিকভাৱে ভাগি পৰা নাছিল। কলেজীয়া জীৱনৰ সমাপ্তিৰ পাছত তেওঁ কিছুদিন কলকাতাত থাকে। কলকাতাত ৰাভাই ‘বাঁহী' আলোচনীৰ নতুনকৈ খোলা ‘চিত্ৰলেখা' শিতানটি পৰিচালনা কৰে। তেতিয়া তেওঁ সাংস্কৃতিক কামত হাত দিয়ে। সেই সময়ত ককায়েক নন্দনলালৰ কথা মতে বি এছ পিৰ পদৰ বাবে ইণ্টাৰভিউ দিয়ে। কিন্তু ইণ্টাৰভিউত প্ৰথম হৈয়ো তেওঁ সেই চাকৰি নলয়।

গীত-নৃত্য আৰু অন্যান্য সাংস্কৃতিক কামত ব্যস্ত ৰাভাই এবাৰ কলকাতাত ডিব্ৰুগড়ৰ সোঁতৰ বছৰীয়া গায়িকা প্ৰিয়বালাক লগ পায়। ইজনে-সিজনক লাহে লাহে অধিক জানিবলৈ ধৰিলে আৰু ১৯৩৭ চনৰ ২৪ নৱেম্বৰত দুয়ো বৈবাহিক জীৱন আৰম্ভ কৰে। কিন্তু বিয়াৰ ২৮ দিন পাছতেই অত্যন্ত জ্বৰত প্ৰিয়বালাই কলকাতা মেডিকেল কলেজত প্ৰাণ হেৰুৱায়। পত্নী প্ৰিয়বালা দত্তৰ বিয়োগৰ পাছত তেজপুৰত থাকি ১৯৩৭-৩৮ দুটা বৰ্ষ অসমৰ গাঁৱে-ভূঞে সাংস্কৃতিক কৰ্মী হিচাপে পাৰ কৰে। ১৯৩৯ চনত তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ত ১০৮ বিধ নৃত্য পৰিৱেশন কৰি যথেষ্ট সমাদৰ পায়।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে। বিষ্ণু ৰাভাৰ দৃষ্টিত এই স্বাধীনতা প্ৰকৃত নাছিল। স্বাধীনতা দিৱসৰ দিনা টিহুত কিছু লোকে কলা পতাকা উৰুৱাই ‘য়ে আজাদী ঝুঠা হ্যে' বুলি ধ্বনি দিয়ে। তাৰ মাজৰ এজন আছিল ৰাভা। স্বাধীনতা লাভৰ পিছৰ পৰা চৰকাৰী পুলিচে ৰাভাক বিচাৰি ফুৰে আৰু জীৱিত বা মৃত অৱস্থাত ধৰাই দিব পাৰিলে দহ হেজাৰ টকা পুৰস্কাৰ দিব বুলি ঘোষণা কৰিলে। নলবাৰীত আত্মগোপন কৰি থাকোতে কনকলতা মেধিক লগ পাই ১৯৫১ চনত দুয়ো যুগ্মজীৱনৰ পাতনি মেলে। কনকলতা নিজেও বিদ্ৰোহী আছিল। ১৯৫২ চনৰ ১৭ জুলাইত পুলিচ বাহিনীৰ দলে দুয়োকে আটক কৰে। কাৰাগাৰত ৬ মাহ থকাৰ পাছত তেওঁলোক তেজপুৰৰ ঘৰতেই থাকে।

১৯৬২ চনৰ ৪ জানুৱাৰীত পত্নী কনকলতাই দুজন পুত্ৰ পৃথ্বিৰাজ আৰু হেমৰাজ ৰাভাক এৰি মৃত্যুক আঁকোৱালি লয়। কণমানি শিশু দুটিক লৈ ৰাভা বিমোৰত পৰে। ঠিক একে সময়তে কংগ্ৰেছ চৰকাৰে চীন-ভাৰতৰ বিবাদ সন্দৰ্ভত ৰাভাক বিদ্ৰোহী সজাই উৰিষ্যাৰ বৰহমপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। ১৯৬৩ চনৰ আগষ্টত মুক্তি লাভ কৰে। ১৯৬৪ চনত তেওঁ মোহিনী ৰাভাৰ সংগ লাভ কৰে। বিয়াৰ পাছত মোহিনী ৰাভাৰ মেণ্ডেলা নামৰ এক পুত্ৰ জন্ম হয়। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত ৰাভাই পুনৰ কৃষকৰ মাজত জপিয়াই পৰে। ১৯৬৭ চনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেজপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়। পাছত আকৌ ১৯৬৮ চনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজিত হয়।

ৰাভাৰ জীৱন সংগ্ৰামত প্ৰথমটি বাধা হয় ১৯৬৮ চনতে হোৱা তেওঁৰ কৰ্কট ৰোগ। ৮ ডিচেম্বৰত তেওঁক চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ কৰা হয়। টাটা মেম'ৰিয়েল কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা দুমাহৰ পাছত কিছু আৰোগ্য হৈ তেওঁ উভতি আহে আৰু তেজপুৰত থাকিবলৈ লয়। চিকিৎসকে ৰাভাক জিৰণী ল'বলৈ উপদেশ দিয়া সত্ত্বেও তেওঁ বিভিন্ন কামৰ লগতে সংগীত আৰু নাটকৰ তাড়নাত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ঘূৰি থাকিল। ইয়াৰ বাবে বিষ্ণু ৰাভাৰ শৰীৰ ক্ৰমান্বয়ে ভাঙি আহিছিল। তাৰ মাজতে ১৯৬৮ চনৰ ২৬ জানুৱাৰীত তেওঁ পুনৰ মুম্বাইত গৈ চিকিৎসা সম্পৰ্কীয় কেইবাটাও পৰীক্ষা কৰি আহে। পিছে অসুখে বেচিকৈ আমনি দিয়াত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ চিকিৎসাধীন হ'ল। কিন্তু ভাল নাপালে। তেওঁ আকৌ তেজপুৰলৈ উভতিল। 

কেইদিনমান পিছতেই তেওঁ পুনৰ গুৰুতৰ ভাবে অসুস্থ হৈ পৰিল। ততাতৈয়াকৈ তেওঁক তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল। কেইবাদিনো চিকিৎসালয়ৰ বিচনাত তেওঁ কটালে। অনেক গুণমুগ্ধই তেওঁৰ খৱৰ ল'বলৈ আহে। এদিন এজন গুণমুগ্ধই তেওঁৰ খৱৰ লোৱাৰ লগতে ঘৰৰে বিয়া এখনলৈ নিমন্ত্ৰণ জনাই তেওঁলৈ এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ আগবঢ়ালে। সেয়া ১৯৬৯ চনৰ মে' মাহৰ অন্তিম সপ্তাহৰ কথা। চিঠিখন ৰাভাদেৱৰ চিকিৎসালয় বিচনাৰ কাষৰ টেবুলখনতেই পৰি আছিল। 

১৯৬৯ চনৰ জুন মাহৰ দ্বিতীয় সপ্তাহৰ কোনোবা এটা দিনত তেওঁ সেই নিমন্ত্ৰণী পত্ৰখনৰ ওলোটা পিনে লিখি পেলালে তেওঁৰ জীৱনৰ সৰ্বশেষ গীতটি –

‘এয়ে মোৰ শেষ গান

মোৰ জীৱন নাটৰ শেষ ৰাগিনী

কল্যাণ খৰমান...।' 

অজস্ৰ গুণমুগ্ধই সদায়ে ভিৰ কৰেহি তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়। তাৰমাজতে আহিল কমৰেড দধি মহন্ত। আথেবেথে দধি মহন্তৰ হাতত গীতটো তুলি দি ক'লে - কাৰোবাৰ কণ্ঠেৰে গোৱাবা। দুদিনৰ ভিতৰত অৰ্থাৎ , ১৯৬৯ চনৰ ১৯ জুনৰ দিনা দধি মহন্তই গুৱাহাটী ক্লাৱৰ এখন চাহৰ দোকানত গীতটো তুলি দিলে দৰদী শিল্পী খগেন মহন্তৰ হাতত। আনপিনে সিদিনাই ৰাভাদেৱৰ শৰীৰৰ অৱস্থা গুৰুতৰ হৈ পৰিল। আৰু ৰাতিলৈ ৰাভাদেৱে মাতবোল কৰিব নোৱাৰা হ'ল। নিশা দুই বাজি ১০ মিনিটত বিয়পি পৰিল সমগ্ৰ অসমক ম্ৰিয়মাণ কৰি তোলা সেই খৱৰটো - ৰাভাদেৱ আৰু নাই!

ৰাতিটোৰ ভিতৰতেই খগেন মহন্তই গীতটো সুৰ দি ২০ জুনৰ পুৱাতেই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত গীতটো বাণীবদ্ধ কৰিলে। ইপিনে তেজপুৰৰ ভৈৰৱী মন্দিৰৰ সমীপৰ চানমাৰী পাহাৰৰ কাষত, মৰাভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংযোগস্থলীত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা। কাৰণ তাত সাঁজি উলিওৱা হৈছে এখন চিতা - ৰাভাদেৱৰ চিতা। চিতাৰ কাষৰ মাইকত বাজি আছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই ওৰেটো দিন বজাই থকা সেই কৰুণ গীতটো…

"এয়ে মোৰ শেষ গান

মোৰ জীৱন নাটৰ শেষ ৰাগিনী

কল্যাণ খৰমান...।'



Thursday, 11 June 2026

মহাকাশৰ পৰা পৃথিৱীলৈ মৰা জাপটো !


২০১২ চনৰ ১৪ অক্টোবৰ। পৃথিৱীৰ কোটি কোটি মানুহে টেলিভিছন আৰু ইণ্টাৰনেটত চকু থৈ অপেক্ষা কৰি আছিল এক অভূতপূৰ্ব মুহূৰ্তৰ বাবে। অষ্ট্ৰিয়াৰ Felix Baumgartner নামৰ দুঃসাহসী স্কাইডাইভাৰ জনে মানৱ ইতিহাসৰ এক নতুন অধ্যায় ৰচিবলৈ ওলাইছিল।

তেওঁ কোনো বিমান, ৰকেট বা মহাকাশযানৰ পৰা নহয়, বৰং এটা বিপদসংকুল পৰীক্ষাৰ বাবে তেওঁ এটা সৰু কেপচুলৰ ভিতৰত সোমাই এটা বিশাল হিলিয়াম বেলুনৰ সহায়ত পৃথিৱীৰ পৰা প্ৰায় ৩৯ কিলোমিটাৰ উচ্চতালৈ উঠি গৈ তাৰ পৰা পৃথিৱীৰ বুকুলৈ এটা ৩৯ কি.মি. দীঘল জাপেৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ আৰু বায়ুমণ্ডলৰ তীব্ৰ বাধাক নেওচি সুকলমে ধৰাৰ বুকুলৈ ঘূৰি অহাৰ বাবে প্ৰস্তুত হৈছিল। এই অভিযানটোৰ নাম আছিল Red Bull Stratos। বিজ্ঞানী, অভিযন্তা আৰু বিশেষজ্ঞসকলে বহু বছৰ ধৰি এই অভিযানৰ বাবে প্ৰস্তুতি চলাইছিল, কাৰণ সেই উচ্চতাত হোৱা সামান্য এটা ভুলেও মৃত্যু আনিব পাৰে।

১৪ অক্টোবৰৰ দিনা বিশাল হিলিয়াম বেলুনটোৰ সহায়ত Roswellৰ মৰুভূমিৰ পৰা ফেলিক্সে উৰিবলৈ আৰম্ভ কৰে। দুই ঘণ্টাৰো অধিক সময় তেওঁ কেৱল ওপৰলৈ উঠি থাকিল। ধীৰে ধীৰে মুৰৰওপৰৰ নীলা আকাশখনে বৰণ সলাই অন্ধকাৰ হৈ পৰিল আৰু অৱশেষত তেওঁ এনে এক উচ্চতাত উপনীত হ'লগৈ, য'ৰ পৰা তলৰ পৃথিৱীখনৰ বক্ৰতা স্পষ্টকৈ দেখা পোৱা গৈছিল। সেই উচ্চতাত বায়ুৰ চাপ অতি কম। সুৰক্ষা অবিহনে কোনো মানুহ তাত বাচি থাকিব নোৱাৰে। সেইবাবে ফেলিক্সে মহাকাশচাৰীসকলৰ দৰেই বিশেষ ভাবে তৈয়াৰ কৰা চাপযুক্ত পোছাক পিন্ধি লৈছিল। তেওঁৰ শ্বাস-প্ৰশ্বাস, দেহৰ তাপমাত্ৰা আৰু জীৱন ৰক্ষাৰ সকলো ব্যৱস্থা সেই পোছাকটোৰ ওপৰতেই নিৰ্ভৰশীল আছিল।

এটা সময়ত ফেলিক্সৰ কেপচুলটো পৃথিবীৰ পৰা ৩৮.৯ কিলোমিটাৰ উচ্চতাত উপনীত হ'ল। মিছন কণ্ট্ৰ'লে অনুমতি দিয়াৰ পিছত ফেলিক্সে কেপচুলৰ দুৱাৰখন দুৱাৰমুখত থিয় হ'ল। তেওঁৰ সন্মুখত তেতিয়া কেৱল অসীম শূন্যতা আৰু বহুত তলত মৰমৰ পৃথিৱীখন। কেপচুলটোৰ দুৱাৰমুখৰ সৰু প্লেটফৰ্মত থিয় হৈ তেওঁ শেষবাৰৰ বাবে তলৰ পৃথিৱীখনলৈ চালে আৰু তাৰ পিছত শান্ত, অনুচ্চ কণ্ঠেৰে ক'লে -“I'm coming home now" আৰু লগে লগেই তেওঁ কেপচুলটোৰ পৰা তললৈ জঁপিয়াই দিলে।

প্ৰথম কেইছেকেণ্ডত ফেলিক্সে কিমান বেগেৰে তললৈ নামিছে - সেইটো অনুভৱেই কৰিব নোৱাৰিল, কাৰণ তাত বায়ুৰ ঘনত্ব আৰু চাপ অতি কম আছিল। কিন্তু আৰু কেইটামান ছেকেণ্ড অতিক্ৰম কৰাৰ পিছত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে তেওঁক ক্ৰমে অধিক বেগেৰে তললৈ টানিবলৈ ধৰিলে। কেইটামান মুহূৰ্তৰ পিছতেই তেওঁৰ গতিবেগ বাঢ়ি বাঢ়ি এনে এক পৰ্যায়ত উপনীত হ'ল যে তেওঁ শব্দৰ গতিবেগো (ছেকেণ্ডত প্ৰায় ৩৩০ মিটাৰ) অতিক্ৰম কৰিলে। সেই সময়ত তেওঁৰ সৰ্বোচ্চ গতি হৈছিল ১,৩৪২ কিলোমিটাৰ প্ৰতি ঘণ্টা (প্ৰায় ৩৭২.৮ মিটাৰ/ছেকেণ্ড)। কোনো ৰকেট, মহাকাশযান অথবা যান্ত্ৰিক বাহনৰ সহায় নোহোৱাকৈ শব্দৰ বেগকো অতিক্ৰম কৰা তেওঁ হ'ল পৃথিৱীৰ প্ৰথমজন মানুহ! 

তেওঁৰ এই ওভটনি যাত্ৰা কিন্তু সম্পূৰ্ণ নিৰাপদ নাছিল। তললৈ নামি আহোতে এটা সময়ত তেওঁ এটা বিপদজনক বায়ুমণ্ডলৰ ঘূৰ্ণনৰ ভিতৰত সোমাই পৰে। তেওঁৰ শৰীৰটো অত্যন্ত বেগেৰে শূণ্যতে চাকনৈয়াৰ দৰে ঘূৰিবলৈ আৰম্ভ কৰে। এই অৱস্থাত মানুহ এজন অচেতন হৈ পাৰে। মিচন কণ্ট্ৰোলৰ বিশেষজ্ঞ সকলৰ লগতে পোনপটীয়া প্ৰচাৰ চাই থকা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ মুখৰ মাত হেৰাই গ'ল। সেই মুহূৰ্তটো আছিল অত্যন্ত সংকটজনক। তেনে পৰিস্থিতিৰ মাজতো কিছুপৰ যুঁজি ফেলিক্সে অতি বিচক্ষণতাৰে নিজৰ নিয়ন্ত্ৰণ পুনৰ ঘূৰাই আনিবলৈ সক্ষম হয়। যিমানেই তেওঁ তললৈ নামি আহিবলৈ ধৰিলে, সিমানেই বায়ুৰ ঘনত্ব বৃদ্ধি হ'বলৈ ধৰিলে। ইয়াৰ ফলত বায়ুমণ্ডলৰ বাধাই তেওঁৰ গতিবেগ সামান্য পৰিমানে কমাই আনে। মহাকাশৰ ক'লা আকাশখন ধীৰে ধীৰে আকৌ নীলা আকাশলৈ পৰিণত হ'ল। পৃথিৱীখনো ক্ৰমে তেওঁৰ দুচকুত ডাঙৰ আৰু স্পষ্ট হৈ উঠিল। এনেদৰে ৪ মিনিট ২০ ছেকেণ্ড সময় ধৰি হোৱা মুক্ত পতনৰ পিছত পূৰ্বেই নিৰ্ধাৰিত কৰি থোৱা উচ্চতাত তেওঁ পেৰাচুটটো খুলিলে। পেৰাচুটটো সম্পূৰ্ণভাৱে খোল খোৱাৰ পিছত বাকীখিনি পথ তেওঁ সুৰক্ষিত ভাবেই তললৈ নামি আহিল আৰু তাৰ কেইমিনিটমান পিছতেই তেওঁ নিউ মেক্সিকোৰ মৰুভূমিৰ মাজত নিৰাপদে অৱতৰণ কৰিলে। মাটিত নামিয়েই তেওঁ দুয়োখন হাত ওপৰলৈ তুলি বিজয়ৰ আনন্দ প্ৰকাশ কৰিলে। মিচন কণ্ট্ৰোলৰ বিশেষজ্ঞ সকলৰ লগতে, পৰিয়ালবৰ্গ আৰু সমগ্ৰ বিশ্বৰ কোটি কোটি দৰ্শকে উল্লাসেৰে তেওঁৰ অৱতৰণক আদৰণি জনায়।

মানৱ ইতিহাসৰ সৰ্বোচ্চ উচ্চতাৰ পৰা মৰা এই জাপটো কেৱল এটা বিশ্ব ৰেকৰ্ডেই নহয়, সেই জাপটো আছিল মানুহৰ সাহসৰ লগতে বিজ্ঞান আৰু অনুসন্ধিৎসাৰ এক অনন্য নিদৰ্শনো। পৃথিৱীৰ সীমা অতিক্ৰম কৰি, মহাকাশৰ কোনো এক স্থানৰ পৰা এজন মানুহে শূন্যলৈ জঁপিয়াই সিদিনা প্ৰমাণ কৰিছিল যে মানুহৰ সাহস আৰু সপোনৰ কোনো সীমা নাই। 

Tuesday, 2 June 2026

মেটাভাৰ্ছ আৰু ডিজিটেল যমজ


ভাবকচোন, আপুনি ঘৰতে বহি আছে। কিন্তু একে সময়তে আপোনাৰেই আন এক "সত্তা"ই পৃথিৱীৰ কোনো এটা প্ৰান্তত কোনো এখন সভাত অংশ লৈ আছে, বিজ্ঞানৰ কোনো লেৱৰ'টৰীত গৱেষণা কৰি আছে, ছাত্ৰ-ছাত্ৰীৰ জটিল প্ৰশ্নৰ সলসলীয়াকৈ উত্তৰ দিছে আনকি আপোনাৰ হৈ বজাৰ-সমাৰো কৰি আছে! আপোনাৰ এই সত্তাটো কিন্তু কোনো মানুহ নহয়, ই হৈছে আপোনাৰ ডিজিটেল যমজ (Digital Twin) — এটা বুদ্ধিমান কৃত্ৰিম সত্তা, যিয়ে আপোনাৰ আচৰণ, অভ্যাস, চিন্তা-ধাৰা আৰু সিদ্ধান্ত গ্ৰহণৰ ধৰণ ইতিমধ্যে হুবহু শিকি লৈছে।

এইবোৰ এতিয়া আৰু বিজ্ঞান-কল্পকাহিনীৰ বিষয় হৈ থকা নাই। মেটাভাৰ্ছ (Metaverse) আৰু কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)-ৰ যুগলবন্দীয়ে এই অলীক যেন লগা কল্পনাক বাস্তৱলৈ আনিবলৈ আৰম্ভ কৰিছে। কিন্তু কি এই মেটাভাৰ্ছ ?

"Metaverse" শব্দটো দুটা শব্দৰ সমষ্টি—"Meta" (পৰৱৰ্তী বা ঊৰ্ধ্ব) আৰু "Universe" (বিশ্বব্ৰহ্মাণ্ড)। সহজ ভাষাত ক'বলৈ গ'লে, মেটাভাৰ্ছ হৈছে এক বিশাল ত্ৰিমাত্ৰিক ডিজিটেল জগত, য'ত মানুহে নিজৰেই এক ডিজিটেল ৰূপত বিচৰণ কৰিব পাৰিব। মেটাভাৰ্ছৰ জৰিয়তে সম্ভৱ হৈ পৰিব আপোনাৰ বা মোৰ ডিজিটেল যমজ! 

ডিজিটেল যমজ হৈছে আপোনাৰ বা মোৰ এক ভাৰ্চুৱেল প্ৰতিচ্ছবি বা দ্বিতীয় সত্তা। আৰম্ভণিতে এই ধাৰণাটো বিমান, কাৰখানা বা মহাকাশযানৰ দৰে যন্ত্ৰসমূহৰ কাৰ্যকুশলতা অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বিজ্ঞানীসকলে যন্ত্ৰ এটাৰ ডিজিটেল মডেল সৃষ্টি কৰি তাৰ কাৰ্যকলাপবোৰ পৰ্যবেক্ষণ কৰিছিল। কিন্তু এতিয়া বিজ্ঞানীসকলে মানুহৰ ডিজিটেল যমজ তৈয়াৰ কৰাৰ দিশত আগবাঢ়িছে। এই ডিজিটেল যমজে আপোনাৰ ই-মেইল, পঢ়াশুনা, সামাজিক মাধ্যমৰ পোষ্ট, কথা-বতৰাৰ ধৰণ, পছন্দ-অপছন্দ আদিৰ লগতে আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আদি সকলোবোৰ গুণাগুণ AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত বিশ্লেষণ কৰি ধীৰে ধীৰে থিক আপোনাৰ দৰেই কথা ক'ব, আপোনাৰ দৰেই যুক্তি দিব অথবা আপোনাৰ দৰেই সিদ্ধান্ত ল'ব পাৰিব। অৰ্থাৎ, আপুনি নিজৰেই এক "ডিজিটেল" ৰূপত পুনৰ জন্ম ল'ব। অৱশ্যে মানুহৰ দৰে ডিজিটেল যমজৰ এটা নিজৰ মগজু নাথাকিব, কিন্তু অত্যাধুনিক AI ব্যৱস্থাই কোটি কোটি তথ্য বিশ্লেষণ কৰি মগজুৰ অবিহনেই ডিজিটেল যমজক আপোনাৰ হৈ সকলো সিদ্ধান্ত লোৱাত সহায় কৰিব।

যদি আপুনি এজন শিক্ষক হয়, তেন্তে আপোনাৰ ডিজিটেল যমজে ছাত্ৰৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব। যদি আপুনি চিকিৎসক হয়, তেন্তে ই ৰোগীক প্ৰয়োজনীয় সাধাৰণ পৰামৰ্শ দিব পাৰিব। যদি আপুনি বিজ্ঞানী হয়, তেন্তে ই গৱেষণাৰ তথ্য বিশ্লেষণ কৰি নতুন ধাৰণা আগবঢ়াব পাৰিব। এই ডিজিটেল যমজবোৰ ২৪ ঘণ্টাই সক্ৰিয় থাকিব। আপুনি শুই থাকিলেও সিহঁতে কাম কৰি থাকিব। 

এগৰাকী শিক্ষকে একে সময়তে মাত্ৰ এটা শ্ৰেণী কক্ষতহে পাঠদান কৰিব পাৰে। কিন্তু তেওঁৰ ডিজিটেল যমজে হাজাৰ হাজাৰ শিক্ষাৰ্থীক একেলগে একেসময়তে পাঠদান কৰিব পাৰিব। এজন ছাত্ৰই যদি ৰাতি ২ বজাত প্ৰশ্ন কৰে, ডিজিটেল শিক্ষকজনে লগে লগে উত্তৰ দিব পাৰিব।ইয়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ'ব। 

ভৱিষ্যতে চিকিৎসকসকলে মানুহৰ ডিজিটেল যমজৰ শৰীৰত ঔষধ প্ৰয়োগ কৰি পৰীক্ষা কৰি ঔষধৰ গুণাগুণ তথা কাৰ্যকাৰিতা সম্বন্ধে অধ্যয়ন কৰিব পাৰিব। ইয়াৰ ফলত চিকিৎসা অধিক নিৰাপদ আৰু নিখুঁত হ'ব। ফিজিওথেৰাপিষ্ট সকলে নিৰ্দিষ্ট থেৰাপীবোৰ ডিজিটেল যমজত প্ৰয়োগ কৰি থেৰাপীৰ উপযুক্ততা নিৰ্ধাৰণ কৰিব পাৰিব। তদুপৰি ডিজিটেল যমজসমূহে বজাৰৰ তথ্য বিশ্লেষণ কৰি ব্যৱসায়ীসকলক নতুন ব্যৱসায়িক সিদ্ধান্তৰ পৰামৰ্শ দিব পাৰিব। 

মেটাভাৰ্ছ আৰু ডিজিটেল যমজৰ আগমণে অমৰত্বৰ এক নতুন ধাৰণাও কঢ়িয়াই আনিছে। বিজ্ঞানীসকলৰ মতে মানুহৰ স্মৃতি, অভিজ্ঞতা আৰু চিন্তা-ধাৰাৰ একোটা বৃহৎ অংশ ডিজিটেল ৰূপত সংৰক্ষণ কৰিব পৰা যাব। ইয়াৰ ফলত এজন ব্যক্তিৰ মৃত্যুৰ পিছতো তেওঁৰ ডিজিটেল যমজে কথা পাতি থাকিব, জ্ঞান বিতৰণ কৰি থাকিব।

যদিও এই প্ৰযুক্তি আকৰ্ষণীয়, তথাপি ইয়াৰ কিছুমান গুৰুতৰ বিপদো আছে। প্ৰথমতে, ব্যক্তিগত তথ্যৰ সুৰক্ষা। যদি কোনোবাই আপোনাৰ ডিজিটেল যমজক হেক কৰে, তেন্তে আপোনাৰ ব্যক্তিগত জীৱনৰ সকলোবোৰ তথ্য এজন হেকাৰে লাভ কৰিব আৰু আপুনি বিপদত পৰিব পাৰে।দ্বিতীয়তে আছে পৰিচয়ৰ সমস্যা। যদি ডিজিটেল যমজে আপোনাৰ দৰেই কথা কয় বা সিদ্ধান্ত লয়, তেন্তে বাস্তৱ ক্ষেত্ৰত "আপুনি" আৰু ডিজিটেল "আপুনি"-ৰ মাজত পাৰ্থক্য কি থাকিব ? আপোনাৰ প্ৰয়োজনেই বা কি বাকী থাকিব? তৃতীয়তে, নৈতিক প্ৰশ্ন। যদি ডিজিটেল যমজে ভুল সিদ্ধান্ত লয়, তাৰ নৈতিক দায়িত্ব কোনে ল'ব? আপোনাৰ বা মোৰ ডিজিটেল যমজে কৰা কোনো সামাজিক অপৰাধৰ শাস্তি কোনে ভোগ কৰিব?

মানৱ সভ্যতাই জুই, চকা, ছপাশাল, বিদ্যুৎ আৰু ইণ্টাৰনেটৰ দৰে বহুতো যুগান্তকাৰী আৱিষ্কাৰৰ সাক্ষী হৈছে। মেটাভাৰ্ছ আৰু ডিজিটেল যমজ সেই তালিকাৰ এক আসন্ন কিন্তু নিশ্চিত পৰৱৰ্তী বৃহৎ বিপ্লৱ। এদিন হয়তো আপোনাৰ ডিজিটেল যমজে আপোনাৰ হৈ কোনো সভাত অংশ ল'ব, কোনো ইউনিভাৰ্ছিটিৰ গৱেষণাগাৰত জটিল গৱেষণাত ব্ৰতী হ'ব, কোনো কঠিন পৰিস্থিতিত আপোনাৰ হৈ সিদ্ধান্ত গ্ৰহণ কৰিব অথবা আপোনাক আগতীয়াকৈ কোনো বিপদৰ আগজাননী দিব। তেতিয়া প্ৰশ্নটো হ'ব— "প্ৰকৃত আপুনি কোন? বাস্তৱ জগতৰ মানুহজন, নে মেটাভাৰ্ছত বাস কৰা আপোনাৰ বুদ্ধিমান ডিজিটেল সত্তাটো?" মেটাভাৰ্ছৰ দুৱাৰখন ইতিমধ্যে খোল খাইছে। মেটাভাৰ্ছৰ সেই নতুন জগতত হয়তো আপোনাৰ দ্বিতীয় "সত্তা"টোৱেও জন্ম ল'বলৈও অপেক্ষা কৰি আছে। আপুনি বাৰু সাজুনে?

✍️ প্ৰণৱজ্যোতি দাস

Monday, 1 June 2026

জুইশলাৰ আৱিষ্কাৰ


মানৱ ইতিহাসৰ বহুতো মহান আৱিষ্কাৰ গভীৰ গৱেষণা আৰু পৰিকল্পনাৰ ফল। কিন্তু কেতিয়াবা এটা অসাৱধানৱশতঃ কৰা সৰু ভুলেও পৃথিৱীখন সলনি কৰিব পেলাব পৰা আৱিষ্কাৰ হ'ব পাৰে। এনে এক আশ্চৰ্যকৰ কাহিনীৰ নায়ক আছিল জন ৱাকাৰ, এজন সাধাৰণ ইংৰাজ ফাৰ্মাচিষ্ট, যাৰ হাতত জন্ম লৈছিল পৃথিৱীৰ প্ৰথমটো দিয়াচলাই! 

সেয়া ১৮২৬ চনৰ কথা। ইংলেণ্ডৰ ষ্টকটন-অন-টিছ চহৰত থকা নিজৰ সৰু দোকানখনত জন ৱাকাৰে বিভিন্ন ৰাসায়নিক পদাৰ্থৰ পৰীক্ষা কৰি আছিল। তেওঁৰ উদ্দেশ্য আছিল বিশেষ এবিধ বিস্ফোৰক সামগ্ৰীৰ ওপৰত পৰীক্ষা কৰা। পৰীক্ষাৰ সময়ত এডাল কাঠিৰ আগত কিছু ৰাসায়নিক মিশ্ৰণ লগাই শুকুৱাই থৈছিল। অসাৱধানবশতঃ সেই কাঠিডাল টেবুলৰ পৰা পৰি গৈ তলত থকা এটুকুৰা শিলত ঠেকা খালে আৰু লগে লগেই কাঠিডালৰ ৰসায়নিক সংমিশ্ৰণ সনা মুৰটো জ্বলি উঠিল। সেই মুহূৰ্ততে হয়তো ৱাকাৰে নিজেও বুজিব পৰা নাছিল যে তেওঁ ইতিহাসৰ এক নতুন অধ্যায়ৰ দুৱাৰ মুকলি কৰিছে। কাৰণ, সেই সময়ত জুই জ্বলোৱা সহজ কাম নাছিল। মানুহে শিল, ইস্পাত অথবা আন কোনো কঠিন পদাৰ্থত ঘৰ্ষণ প্ৰয়োগ কৰি অতি জটিল পদ্ধতিৰে জুই জ্বলাইছিল। কিন্তু জন ৱাকাৰৰ আৱিষ্কাৰে প্ৰথমবাৰৰ বাবে মানুহক হাতৰ মুঠিতেঈ একুৰা অদৃশ্য জুই লৈ ঘূৰি ফুৰাৰ এক সুবিধা কৰি দিলে। 

জন ৱাকাৰে আচলতে দিয়াচলাই আৱিষ্কাৰ কৰাৰ উদ্দেশ্যে কোনো পৰীক্ষা কৰা নাছিল। তেওঁ জ্বলনশীল ৰাসায়নিক পদাৰ্থৰ ওপৰত বিশেষ পৰীক্ষা এটাহে চলাই আছিল। সিদিনা তেওঁ পটাছিয়াম ক্ল'ৰেট (Potassium Chlorate), এণ্টিমনি ছালফাইড (Antimony Sulfide), গাম আৰু অন্যান্য পদাৰ্থ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিছিল।

পৰীক্ষাৰ সময়ত এডাল সৰু কাঠৰ কাঠিৰ আগত এই মিশ্ৰণৰ অলপ অংশ লগাই শুকুৱাই থৈছিল। পিছত তেওঁ কাঠিডাল পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰোঁতে কাঠিডাল হাতৰ পৰা পিচলি মজিয়াত পৰি এচটা খহটা শিলৰ পৃষ্ঠত ঘঁহনি খায়। হঠাতে হোৱা ঘৰ্ষণৰ ফলত কাঠিডালৰ মুৰত থকা ৰসায়নিক সংমিশ্ৰণটোত তাপ উৎপন্ন হয় আৰু মিশ্ৰণটো মুহূৰ্তৰ ভিতৰতে জ্বলি উঠে। 

এই ঘটনাই তেওঁক এটা নতুন চিন্তাৰ খোৰাক যোগায়। তেওঁ বুজি পাইছিল যে যদি উপযুক্ত ৰাসায়নিক মিশ্ৰণ কাঠিডালৰ আগত লগোৱা হয়, তেন্তে কেৱল ঘৰ্ষণৰ দ্বাৰাই জুই উৎপন্ন কৰিব পাৰি। এই ধাৰণাৰ ভিত্তিত তেওঁ বহু পৰীক্ষা কৰি ৰসায়নিক সংমিশ্ৰণৰ অনুপাত উন্নত কৰে আৰু ১৮২৭ চনত "Friction Lights" নামৰ প্ৰথম ব্যৱহাৰিক দিয়াচলাই বাকচৰ উৎপাদন আৰম্ভ কৰে।

আজি আমাৰ ঘৰত থকা সাধাৰণ দিয়াচলাৰ প্ৰতিটো কাঠিয়ে এটা ইতিহাসৰ কথা কয় যে এজন সাধাৰণ ফাৰ্মাচিষ্টে অসাৱধানতাবশতঃ কৰা এটা পৰীক্ষাৰ মাজেৰে সমগ্ৰ পৃথিৱীক নতুন পোহৰৰ এটা বাট উপহাৰ দিছিল। এৰা, কেতিয়াবা ভুলৰ মাজতো লুকাই থাকে যুগান্তকাৰী আৱিষ্কাৰৰ বীজ।