Sunday 5 May 2024

পেচমেকাৰৰ বাবে অক্সিজেন বেটাৰী


ৰোগীৰ শৰীৰত স্থাপন কৰা চিকিৎসা সঁজুলিবোৰ যেনে পেচমেকাৰ, নিউৰ’ষ্টিমুলেটৰ আদিয়ে হৃদস্পন্দন বজাই ৰাখিবলৈ তথা শৰীৰৰ বিষ কমোৱাৰ বাবে বেটাৰীৰ কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু সকলো বেটাৰীৰ দৰেই এই বেটাৰীবোৰৰ শক্তিও শেষ হৈ যায়। পেচমেকাৰৰ বেটাৰীবোৰ প্ৰায় ৩০ গ্ৰাম বা তাতকৈ অলপ কম ওজনৰ হয়। সাধাৰণতে এই বেটাৰীবোৰ ছালৰ তলত ইনফ্ৰাক্লেভিকুলাৰ এলেকাত স্থাপন কৰা হয়। 

পেচমেকাৰৰ বেটাৰীবোৰ লিথিয়াম আয়’ডাইড কোষ যিবোৰ সাধাৰণতে ৭ৰ পৰা ৮ বছৰ মানহে কাৰ্যক্ষম হৈ থাকে। ইয়াৰ ফলত জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে এই সঁজুলিবোৰ চলাই ৰাখিবলৈ নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে ইয়াৰ বেটাৰী সলনি কৰিবলগীয়া হয়। কিন্তু বৰ্তমান গৱেষকসকলে এই অসুবিধাসমূহ দূৰ কৰিবলৈ মানৱ শৰীৰৰ অক্সিজেন ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰতে এই ইমপ্লাণ্টেড বেটাৰীবোৰ পুনৰ চাৰ্জ হ'ব পৰা বেটাৰী প্ৰস্তুত কৰিছে। 

ইয়াৰ বাবে গৱেষকসকলে বেটাৰীৰ ইলেক্ট্ৰ’ডসমূহ চুলিৰ প্ৰস্থতকৈও হাজাৰ গুণ সূক্ষ্ম আৰু ছিদ্ৰযুক্ত নেন’প’ৰাছ সোণ আৰু ছডিয়াম ব্যৱহাৰ কৰি তৈয়াৰ কৰা এবিধ বিশেষ মিশ্ৰণ ব্যৱহাৰ কৰি তৈয়াৰ কৰিছিল।  এই মিশ্ৰণটো মানৱ শৰীৰৰ বাবে নিৰাপদ কাৰণ ছডিয়াম মানুহৰ শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান আৰু সোণ মানৱ দেহৰ জৈৱিক ব্যৱস্থাৰ সৈতে কাম কৰাৰ ক্ষমতাৰ বাবে সুপৰিচিত এবিধ মৌল।

বিদ্যুৎ উৎপাদন কৰিবলৈ ইলেক্ট্ৰ’ডবোৰে মানুহৰ শৰীৰৰ অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰে। পৰীক্ষাৰ বাবে বিজ্ঞানীসকলে নিগনিৰ পিঠিৰ ছালৰ তলত এই বেটাৰী স্থাপন কৰি বেটাৰীয়ে উৎপাদন কৰা বিদ্যুতৰ পৰিমাণ জুখিছিল। দুসপ্তাহৰ পিছত যেতিয়া তেওঁলোকে বেটাৰীটো পুনৰ পৰীক্ষা কৰিছিল, তেতিয়া তেওঁলোকে আৱিষ্কাৰ কৰিলে যে এই বেটাৰীবোৰে ১.৩ আৰু ১.৪ ভ'ল্টৰ ভিতৰত এক স্থিৰ ভল্টেজ উৎপন্ন কৰিব পাৰে আৰু ইয়াৰ সৰ্বোচ্চ শক্তি ঘনত্ব ২.৬ μW/cm2। 

চিকিৎসা সঁজুলি পেচমেকাৰক নিৰবছিন্ন ভাবে শক্তি প্ৰদান কৰিব পৰাকৈ উৎপাদন কৰা বেটাৰীৰ ডিজাইনে নিসন্দেহে হৃদৰোগী সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

Saturday 13 April 2024

হাতীপটিৰ কেন্দ্ৰত 'শিৱ' আৰু 'শক্তি'


জ্যোতিৰ্বিজ্ঞানী সকলে 'শিৱ’ আৰু ‘শক্তি’ নামেৰে নামাকৰণ কৰা দুটা প্ৰাচীন তৰাৰ ধাৰা চিনাক্ত কৰিছে, যিবোৰ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ আদিম "বিল্ডিং ব্লক" সমূহৰ ভিতৰত অন্যতম। ইউৰোপীয় মহাকাশ সংস্থাৰ "গিয়া" নামৰ মহাকাশ দূৰবীণ ব্যৱহাৰ কৰি 'শিৱ’ আৰু ‘শক্তি’ৰ তথ্য পোৱা হৈছে। 

জ্যোতিৰ্বিজ্ঞানী সকলৰ মতে, এই 'শিৱ’ আৰু ‘শক্তি’ প্ৰায় ১২ বিলিয়ন বছৰ আগতে কোনো প্ৰাচীন তাৰকাৰাজ্যৰ আদিম টুকুৰাবোৰৰ সৈতে একত্ৰিত হোৱা দুখন সুকীয়া তাৰকাৰাজ্যৰ ধ্বংসাৱশেষ। গৱেষকসকলে জনোৱা মতে এনে সৰু সৰু তাৰকাৰাজ্যবোৰ একত্ৰিত হৈ একোটা বৃহৎ তাৰকাৰাজ্য গঠন কৰে। তেওঁলোকৰ মতে আমাৰ হাতীপটি তাৰকাৰাজ্যখন শিৱ’ আৰু ‘শক্তি’ নামৰ দুই প্ৰাচীন তাৰকাৰাজ্যৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে। 'শিৱ' আৰু ‘শক্তি’ৰ প্ৰতিটো তৰাৰ ভৰ আমাৰ সূৰ্য্যতকৈ প্ৰায় এক কোটি গুণ বেছি! 

গৱেষক দলটোৰ মূখ্য বিজ্ঞানী ড° মালহানৰ মতে এই দুই প্ৰাচীন মহাজাগতিক গঠনক হিন্দু ধৰ্মৰ অন্যতম প্ৰাথমিক দেৱতা "শিৱ" আৰু তেওঁৰ পত্নী হিচাপে চিত্ৰিত কৰা নাৰী "শক্তি"ৰ নামেৰে নামাকৰণ কৰা হৈছে। এই 'শিৱ’ আৰু ‘শক্তি' প্ৰাচীন তাৰকাৰাজ্য দুখন আমাৰ হাতীপটিৰ কেন্দ্ৰস্থলত আজিও বিদ্যমান।

Monday 5 February 2024

মানুহৰ মগজুত মাইক্ৰচিপ স্থাপন


বিগত সপ্তাহত ইলন মাস্কে ঘোষণা কৰিছে যে তেওঁৰ কোম্পানী নিউৰালিংকে প্ৰথমবাৰৰ বাবে মানুহৰ মগজুত Brain Machine Interface (BMI) বা সাধাৰণ অৰ্থত কম্পিউটাৰৰ মাইক্ৰচিপ সংস্থাপন কৰিছে। উল্ল্যেখযোগ্য যে মানুহৰ মগজুত মাইক্ৰচিপ সংস্থাপনৰ পৰীক্ষা আৰম্ভ কৰিবলৈ ইলন মাস্কৰ কোম্পানীটোৱে তাৰ বাবে আন্তৰ্জাতিক খাদ্য আৰু ঔষধ প্ৰশাসন (এফ.ডি.এ)ৰ তৰফৰ পৰা বিগত বছৰৰ মে মাহত প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে।

প্ৰতিটো ওয়াৰলেচ নিউৰেলিং ডিভাইচ বা মাইক্ৰচিপত ১০০০ৰো অধিক অতিপাতল, নমনীয় পৰিবাহীৰ চিপ আৰু ইলেক্ট্ৰ’ড থাকে যিবোৰ এটা অস্ত্ৰোপচাৰ কৰিব পৰা ৰবটে মানুহৰ মস্তিষ্কৰ কৰ্টেক্সত স্থাপন কৰে। এই মাইক্ৰচিপবোৰে মানুহৰ মগজুত সৃষ্টি হোৱা বৈদ্যুতিক তৰংগবোৰৰ মাধ্যমেৰে প্ৰকাশ পোৱা চিন্তা ধাৰাবোৰ ডিজিটেল ৰূপত ধৰা পেলাই মগজুৰ চিন্তাধাৰাৰ লগতে মগজুৰ কাৰ্যশক্তিক নিয়ন্ত্ৰণ কৰিবলৈ ডিজাইন কৰা হয়।

মানুহৰ মগজুৰ মাইক্ৰ’চিপ, যাক সাধাৰণতে ব্ৰেইন ইমপ্লাণ্ট বা নিউৰেল ইমপ্লাণ্ট বুলি কোৱা হয়, ই এবিধ মানুহৰ মগজুৰ স্নায়ুবৰ্তনীৰ সৈতে সংযোগ স্থাপনৰ বাবে প্ৰস্তুত কৰা যন্ত্ৰ। এই মাইক্ৰচিপবোৰে মগজুৰ স্নায়ুৰ কাৰ্য্যকলাপ নিয়ন্ত্ৰণ কৰি বিভিন্ন স্নায়ুজনিত অৱস্থা, যেনে পাৰ্কিনছন ৰোগ বা মৃগীৰোগৰ চিকিৎসাৰ লগতে পেৰালাইচিচত আক্ৰান্ত ব্যক্তিৰ দেহত স্বাভাৱিক অংগ সঞ্চালনৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনা সৃষ্টি কৰিছে। এই গৱেষণাৰ আন এটা প্ৰধান লক্ষ্য হৈছে মানুহৰ জ্ঞানমূলক কাৰ্য্য বৃদ্ধিৰ বাবে বা আনকি মানৱ মগজুক বাহ্যিক যন্ত্ৰৰ সৈতে সংযোগ কৰাৰ বাবে উন্নত প্ৰযুক্তি বিকশিত কৰা। 

মানুহৰ মগজুত বহুল ভাবে মাইক্ৰ’চিপ সংস্থাপনৰ সম্ভাৱনা স্নায়ু প্ৰযুক্তিৰ গৱেষণাৰ উন্নতিৰ লগত নিহিত হৈ আছে।গৱেষকসকলে বিগত কিছুবছৰ ধৰি মানুহৰ মগজু-মেচিন আন্তঃপৃষ্ঠ (BMI)ৰ বিকাশৰ বিষয়ে অন্বেষণ কৰি আহিছে। বৰ্তমানৰ অধ্যয়নসমূহত পশুৰ দেহৰ লগতে মানুহৰ দেহতো আশাব্যঞ্জক ফলাফল দেখুৱাইছে, যিয়ে মানুহৰ দেহত কৃত্ৰিম অংগৰ নিয়ন্ত্ৰণ, সংবেদনশীল কাৰ্য্যৰ পুনৰুদ্ধাৰৰ লগতে মানুহৰ জ্ঞানমূলক ক্ষমতা বৃদ্ধিৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে।

এনে ইমপ্লাণ্টৰ বিকাশ আৰু ব্যৱহাৰৰ নৈতিক চিন্তা আৰু গোপনীয়তাৰ সমস্যাৰ বাবে, বিষয়টো কিছু পৰিমানে বিতৰ্কিত হৈ আছে যদিও বিজ্ঞানীসকলে মনপুতি নিজৰ গৱেষণা অব্যাহত ৰাখিছে।

Monday 22 January 2024

ৰহস্যময় নক্ষত্ৰ : মাইৰা


আকাশৰ তৰাবোৰে মানুহক সদায়ে আকৰ্ষণ কৰে। এই সকলোবোৰ তৰাৰ ভিতৰত "মাইৰা-এ" (মিৰা) নামৰ তৰাটো অতি ৰহস্যময়। কাৰণ এই তৰাটোৱে প্ৰায় ১৩ আলোকবৰ্ষ দীঘল এডাল প্ৰকাণ্ড নেজৰ সৈতে মহাকাশত প্ৰতি ঘণ্টাত প্ৰায় ৪৬০০০০ কি:মি: বেগত হাতীপটিৰ চৌদিশে ঘূৰি আছে!  মহাবিশ্বৰ এই অতি বিৰল তৰাটোৱে বিজ্ঞানীসকলৰ মাজত বাৰুকৈয়ে আলোড়ন সৃষ্টি কৰি আহিছে।

এই তৰাটো আমাৰ সৌৰজগতৰ পৰা প্ৰায় ২৫০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত আৰু তৰাটো সূৰ্য্যতকৈ প্ৰায় ৩০০ গুণ ডাঙৰ। ই এটা বিৰল আৰু বৃদ্ধ ৰঙা দৈত্য তৰা। কোটি কোটি বছৰ আগতে ই আমাৰ সূৰ্য্যৰ দৰেই আছিল যদিও সময়ৰ লগে লগে তৰাটোৱে নিজৰ ইন্ধন প্ৰায় শেষ কৰি বৰ্তমান এটা ৰঙা দৈত্যলৈ পৰিণত হৈছে। "মাইৰা-এ" নামৰ এই তৰাটো "চিটাছ" বা তিমি নক্ষত্ৰমণ্ডলত অৱস্থিত। বিজ্ঞানীসকলে এই তৰাটোক "অমাইক্ৰন চেটি'' বুলি নামাকৰণ কৰিছে।

মাইৰা প্ৰকৃততে এক বাইনাৰী তৰাতন্ত্ৰ। এই বাইনাৰী ব্যৱস্থাটো সদায় দুটা একেলগে তৰা থাকে। মাইৰা বাইনাৰী তন্ত্ৰটোত থকা তৰাদুটাক ক্ৰমে "মাইৰা-এ" আৰু "মাইৰা-বি" বুলি জনা যায়। এই তৰা দুটাই প্ৰতি ৫০০ বছৰত এবাৰকৈ ইটোৱে সিটোৰ চাৰিওফালে ঘূৰে। "মাইৰা-বি" নামৰ তৰাটো বৰ্তমান এটা বগা বামন তৰালৈ পৰিণত হৈছে।

জীৱন কালৰ অন্তিম দশাত এই তৰাটোৱে প্ৰতি ১০ বছৰত এখন পৃথিৱীৰ সমান ভৰৰ নাক্ষত্ৰিক পদাৰ্থ যেনে গেছ, প্লাজমা আদি হেৰুৱাই আহিছে। এই পদাৰ্থবোৰ তৰাটোৰ পৃষ্ঠৰ পৰা মহাবিশ্বৰ বুকুলৈ ছিটিকি যায়। ইতিমধ্য তৰাটোৱে ইয়াৰ নিজস্ব ভৰৰ আধা পৰিমাণৰ ভৰ হেৰুৱাই পেলাইছে। বিগত ৩০ হাজাৰ বছৰত তৰাটোৱে যিমান পদাৰ্থ হেৰুৱাইছে, সেইবোৰেৰে পৃথিৱীৰ আকাৰৰ ৫০০০ টা গ্ৰহৰ জন্ম হ’ব পাৰিব!

জীৱনৰ অন্তিম দশাত উপনীত হোৱাৰ পৰাই তৰাটোৱে এনেদৰে অবিৰত ভাবে হেৰুৱাই অহা গেছ আৰু প্লাজমাবোৰ তৰাটোৰ মহাকৰ্ষণ বলৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাই আৰু সেয়ে এই সকলোবোৰ পদাৰ্থই গতিশীল তৰাটোৰ গতিৰ বিপৰীত দিশে অৱস্থান কৰি তৰাটোৰ পিছে পিছে মহাকাশৰ বুকুত ১৩ আলোকবৰ্ষ দীঘল এডাল প্ৰকাণ্ড নেজ হৈ তৰাটোৰ পিছে পিছে দৌৰি ফুৰিছে অহৰহ! এই বিশালকায় নেজডালৰ বাবে তৰাটো বিজ্ঞান মহলত এক ৰহস্যময় তৰা।

অনুজ্বল হ'লেও ফৰকাল জোনাকবিহীন ৰাতিৰ আকাশত মাইৰা তৰাতন্ত্ৰটো সহজেই দেখা পোৱা যায়। আকাশৰ তৰা আৰু গ্ৰহবোৰৰ অৱস্থান সম্বন্ধে সামান্য অভিজ্ঞতা থাকিলে বৃহস্পতি গ্ৰহ আৰু মীন ৰাশিৰ ওচৰত অৱস্থান কৰা তৰাটো দেখা পোৱা যায়। অৱশ্যে, ২৫০ আলোকবৰ্ষ দূৰৰ এই তৰাটোৰ নেজডাল চাবলৈ আপোনাক এটা দূৰবীণ লাগিব।  অধিক তথ্যৰ বাবে তলৰ লিংকটো খুলি চাব পাৰে 👇

https://youtu.be/siHcFTbpkxg?si=voz54Sp4118wP6_b