Monday 28 November 2022

চাইবৰ্গ : ভৱিষ্যতৰ মানুহ


প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে ভৱিষ্যতে মানুহৰ মগজুত স্থাপন কৰা RFIDৰ জৰিয়তে মানুহৰ স্মৃতি শক্তিৰ লগতে মগজুৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ সম্ভাৱনা সৃষ্টি হৈছে। আমাৰ আঙুলিৰ মাংসপেশীৰ মাজত ৰোপণ কৰা একোটা সূক্ষ্ম চুম্বক অথবা RFID (Radio Frequency IDentification) চিপচে কি-বৰ্ড আৰু পাচৱৰ্ডৰ প্ৰয়োজনীতা নোহোৱা কৰি তুলিব। শৰীৰৰ আভ্যন্তৰত থকা হাড়ৰ জকা আৰু মাংসপেশীত স্থাপন কৰা সৰু সৰু কম্পিউটাৰ চিপচবোৰে শৰীৰত হোৱা বিভিন্ন বিসংগতিবোৰ ধৰা পেলাই তাৎক্ষণিক ভাবে তাৰ নিৰাময়ৰ উপায় আপোনাক প্ৰদান কৰিব। শৰীৰত স্থাপন কৰা অতি শক্তিশালী ক্ষূদ্ৰাকৃতিৰ ৰেডিও এন্টেনাৰ সহায়ত আপুনি বা মই পোনপটীয়াকৈ ছেটেলাইটৰ লগত সংযোগ স্থাপন কৰি ব্ৰহ্মাণ্ডৰ খা-খৱৰবোৰ নিজৰ শৰীৰতেই ল'ব পাৰিম। - এয়া কোনো হলিউদৰ চিনেমাৰ বিষয়বস্তু নহয়। মানুহৰ জৈৱিক শৰীৰত বিভিন্ন প্ৰযুক্তিগত আহিলাবোৰ স্থাপন কৰি মানুহৰ জীৱনক অন্য এক স্তৰলৈ লৈ যোৱাৰ এনে প্ৰয়াসে মানুহক এদিন "চাইবৰ্গ" হিচাবে বিকশিত কৰিব। অন্ততঃ বিজ্ঞানীসকলে তেনে এক সম্ভাৱনাৰ পথেৰেই আগবাঢ়িছে।

কথাবোৰ আচহুৱা যেনেই লাগিছে নিশ্চয়। পিছে এয়া বৰ বেছি আচহুৱা কথা নহয়। কাৰন, তেজ মঙহেৰে গঢ়া হৃদযন্ত্ৰৰ স্পন্দন যেতিয়া অনিয়মীয়া হয়, তেতিয়া চিকিৎসকে হৃদযন্ত্ৰত পেচমেকাৰ লগোৱাৰ কথা আমি সকলোৱে জানো। এই পেচমেকাৰবোৰ বেটেৰী চালিত একোটা যান্ত্ৰিক সাৰঞ্জামহে। তেনে ৰোগীৰ দেহৰ হৃদযন্ত্ৰবোৰ "অৰ্ধ জৈৱিক আৰু অৰ্ধ যান্ত্ৰিক"। একেদৰে চকুৰ লেন্স বেয়া হ'লে বিভিন্ন সময়ত মানুহে চকুত "কনটেক্ট লেন্স" ব্যৱহাৰ কৰে। ৰোগীৰ হাড় যোৰা লগাবলৈ আজিকালি চিকিৎসকে নাট-ব'ল্টৰ সহায়ত "ষ্টিলৰ পাটী" মানুহৰ শৰীৰত স্থাপন কৰে। এনে বহুতো উদাহৰণে আমাক আলোচ্য বিষয়টোৰ লগত চিনাকী কৰি দিব।

যিহেতু ঔষধ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱনে দিনক দিনে চিকিৎসা বিজ্ঞানক বহুদূৰ আগুৱাই নিছে, তেনে পৰিপ্ৰেক্ষিতত নিতৌ ভিন ভিন যন্ত্ৰপাতি আমাৰ শৰীৰত স্থাপন হোৱাটো অধিক সুলভ হ'ব। বিজ্ঞানীসকলৰ মতে এনে যন্ত্ৰপাতিবোৰে আমাক পৰিৱেশৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলাৰ লগতে আমাৰ দৈনন্দিন জীৱনৰ মানদণ্ডও উন্নত কৰিব। অৱশ্যে ইয়াৰ লগত নৈতিকতাৰ প্ৰশ্নটোও নিসন্দেহে উত্থাপন হ'ব। ইতিমধ্যে আমাৰ মাজত এনে কিছুমান মানুহ আছে যিসকল বাস্তৱ জীৱনত একো একোজন চাইবৰ্গ। তেওঁলোক মানুহ আৰু যন্ত্ৰৰ সহাৱস্থানৰ একোডাল সীমাৰেখা।

#নীল_হাৰ্বিচন: মূৰত এডাল এণ্টেনাৰ সৈতে হাৰ্বিচনক দেখাত সাইলাখ হলিউডৰ কোনো চিনেমাৰ চৰিত্ৰ যেনেই লাগিব। হাৰ্বিচন প্ৰকৃততে এক্ৰোমেটোপচিয়া বা অত্যাধিক ৰঙৰ অন্ধত্বৰ সৈতে জন্ম গ্ৰহণ কৰা এজন শিল্পী। তেওঁ ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে। তেওঁৰ বাবে এই বিনন্দীয়া পৃথিৱীখন কেৱল ক'লা আৰু বগা ৰঙৰ। এই অসুবিধাৰ পৰা বাচিবলৈ তেওঁ চিকিৎসকৰ শৰণাপন্ন হোৱাত চিকিৎসকে তেওঁক বিশেষ ধৰণৰ বৈদ্যুতিক চকু বা বায়নিক চকু (আইবৰ্গ) লগাই দিছিল যাৰ সহায়ত তেওঁ ৰঙীন পৃথিৱীখন দেখা পাইছিল। কিন্তু আচৰিত কথাটো হ'ল এই যে বৈদুতিক চকুযুৰিৰ সহায়ত হাৰ্বিচনে সাধাৰণ মানুহে দেখাতকৈ অধিক ভিন্ন প্ৰকাৰৰ ৰং অনুভৱ কৰিব পাৰিছিল। 

পিছলৈ হাৰ্বিচনে মূৰত এণ্টেনা স্থাপন কৰোৱাই লয়। এই এণ্টেনাই তেওঁক তথ্য যোগান ধৰিবলৈ তেওঁৰ লাওখোলাৰ মাজেৰে শ্ৰৱণযোগ্য কম্পন প্ৰেৰণ কৰে। এই কম্পনবোৰ পৰবৰ্তী পৰ্যায়ত কিছুমান কম্পিউটাৰ চিপচৰ সহায়ত তেওঁৰ বাবে কিছুমান সাংকেতিক শব্দলৈ ৰূপান্তৰিত হয়। তদুপৰি হাৰ্বচনে এই এণ্টেনাৰ সহায়ত বিদ্যুতচুম্বকীয় তৰংগৰ মাধ্যমত ফোন কল কৰাৰ উপৰিও ভিডিঅ' বা সংগীতৰ আমেজো ল'ব পাৰে। তাতকৈও আচৰিত কথাটো হ'ল যে তেওঁৰ ৱাই-ফাই সক্ষম বিশেষ এণ্টেনাই তেওঁক উপগ্ৰহৰ পৰা পোনপটীয়াকে সংকেত আৰু তথ্য লাভ কৰিবলৈও সুবিধা কৰি দিয়ে। 

#জেছি_চুলিভান: জেছি চুলিভানে বৈদ্যুতিক লাইনছমেন হিচাপে কাম কৰিছিল। ২০০১ চনৰ মে মাহত তেওঁ এক দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ ইমান গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হৈছিল যে তেওঁৰ দুয়োখন বাহুৱেই কাটি পেলোৱাৰ প্ৰয়োজন হৈছিল। চিকাগোৰ চিকিৎসকে চাইবৰ্গ বিশেষজ্ঞৰ লগত আলোচনা কৰি জেছিৰ কটা বাহু দুটাৰ অভাৱ পুৰ কৰিবলৈ তেওঁৰ দেহত দুটা "ৰ'বটিক প্ৰস্থেটিকছ" বা ৰ'বটিক বাহু লগাই দিছিল। চিকিৎসকে এই ৰ'বটিক বাহু দুটা জেছিৰ স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ লগত গ্ৰাফ্টিংৰ জৰিয়তে সংযোগ কৰি জেছিক বায়'নিক অংগ যুক্ত "বায়নিক মেন" হিচাবে বিকশিত কৰি তোলে। 

একেদৰে নাইজেল অকলেণ্ড নামৰ ধাতুৰ কাৰখানাত কাম কৰা লোক এজনে দুৰ্ঘটনাত সোঁহাতখন হেৰুৱাব লগীয়া হৈছিল। কিলাকুটিৰ তলৰ পৰা বিছিন্ন হৈ যোৱা হাতখনৰ সলনি চিকিৎসকে তেওঁৰ দেহতো "বায়োনিক হাত" স্থাপন কৰিছিল। এনে অলেখ উদাহৰণ বিচাৰিলেই পোৱা যায়।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীৰ বিভিন্ন দেশত চাইবৰ্গৰ ওপৰত চিন্তা চৰ্চা, আলোচনা আৰু পৰীক্ষা নিৰীক্ষা চলি আছে। অদূৰ ভৱিষ্যতে মানব শৰীৰৰ সৈতে প্ৰযুক্তিৰ সংমিশ্ৰণ হৈ আমাৰ ভৱিষ্যত প্ৰজন্ম বোৰ চাইবৰ্গ ( cyborg) হোৱাৰ সম্ভাৱনাই অধিক। ইয়াৰ উপৰিও মানুহৰ দীৰ্ঘ জীৱন-কাল, কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ সামৰ্থ, বুদ্ধিমত্তাৰ বৃদ্ধি  আৰু অন্য গ্ৰহত মানৱ সভ্যতাৰ বিকাশৰ বাবে ভৱিষ্যতৰ মহাকাশচাৰী সৃষ্টি কৰিবলৈ চাইবৰ্গৰ প্ৰয়োজনীয়তাৰ ওপৰত বিজ্ঞানীসকলে গুৰুত্ব আৰোপ কৰিছে।

Friday 25 November 2022

আৱিষ্কাৰৰ আঁৰৰ সপোনবোৰ


সপোনত আৱেগ, অনুভূতি আৰু বাস্তৱৰ মিশ্ৰণো থাকে। সপোনবোৰ যেন এক তাৎক্ষণিক অথচ অবিৰত একোটি আখ্যান, যিবোৰ আমাৰ বাবে কেতিয়াবা বাস্তৱ জীৱনৰ দৰেই জীৱন্ত হৈ উঠে। যদিওবা মানুহে দেখা পোৱা বহুতো সপোন কেৱল কিছুমান খেলিমেলি বিষয়ৰ সংমিশ্ৰণ, কেতবোৰ এনে সপোনো আছে যিবোৰে বিজ্ঞানৰ জটিল কিছুমান সমস্যা সমাধান কৰাৰ পথ প্ৰদৰ্শন কৰিছে। এই সপোনবোৰে পৃথিৱীখনকেই সলনি কৰি দিছে অথবা প্ৰচলিত বহুতো ভ্ৰান্ত ধাৰণাক আমাৰ মনৰ পৰা আঁতৰাই তাৰ ঠাইত প্ৰকৃত সত্যক আমাৰ সন্মুখত দাঙি ধৰাত সহায়ক হৈ পৰিছে। আজি তেনে কেইটামান বিখ্যাত সপোনৰ কথাকেই উল্লেখ কৰিব খুজিছোঁ যিবোৰে বিজ্ঞানক আৰু এখোজ আগুৱাই যোৱাত মূল ভূমিকা গ্ৰহণ কৰিছিল।

বেনজিনৰ গঠন আৰু এটি সপোন: 
আগষ্ট কেকুলে বেঞ্জিনৰ গঠনত কাৰ্বন আৰু হাইড্ৰজেনৰ পৰমাণুবোৰ কেনেদৰে সজ্জিত হৈ থাকে সেই বিষয়ে চিন্তিত হৈ আছিল। এইটো এটা জটিল সমস্যা আছিল, কিয়নো বেনজিনত কাৰ্বন আৰু হাইড্ৰজেন পৰমাণুৰ অনুপাত আন হাইড্ৰ'কাৰ্বন যৌগৰ লগত অমিল। ১৮৬৫ চনৰ এটা শীতৰ নিশা নিজৰ কোঠাত কেকুলে সমস্যাটোৰ ওপৰত কাম কৰিছিল। বহুপৰ ভাবি চিন্তিও তেওঁ সমস্যাটোৰ কোনো সমাধান বিচাৰি নাপালে। ভাগৰুৱা কেকুলে চকীখন জুঁইৰ অলপ কাষলৈ টানি আনি পুনৰ চিন্তাত মগ্ন হ'ল যদিও তেওঁ বহী থকা চকীখনতেই নিদ্ৰাৰ কোলাত ঢলি পৰিল। তেওঁৰ অৱচেতন মনে তেওঁক কঢ়িয়াই লৈ গ'ল সপোনৰ দেশলৈ। সপোনত তেওঁ দেখা পালে  পৰমাণু নৃত্য ! নৃত্যৰত পৰমাণুবোৰে লাহে লাহে নিজকে সাপৰ আকৃতিত সজ্জিত কৰিলে আৰু তাৰ পিছত সাপটোৱে ঘূৰি ঘূৰি নিজৰ নেজটো কামুৰিবলৈ আৰম্ভ কৰিলে…। চিলমিল টোপনিৰ পৰা সাৰ পাই উঠিল কেকুল। সাপটোৰ প্ৰতিচ্ছবি তেওঁৰ চকুৰ আগত নাচি থাকিল। তেওঁ অনুভৱ কৰিলে যে সপোনৰ সাপটোৱে তেওঁক যেন কৈ আছে : "বেঞ্জিনৰ অণুত কাৰ্বন পৰমাণুৰ আঙুঠিৰ দৰে গঠনেৰে সজ্জিত।" লগে লগে কাগজ কলম লৈ কেকুল বহি গ'ল আৰু আৱিষ্কাৰ হ'ল বেঞ্জিনৰ ৰসায়নিক গঠন।

পৰ্যাবৃত্ত তালিকা আৰু মেণ্ডেলিভৰ সপোন: সেই সময়ত ডেমিত্ৰি মেণ্ডেলিভে ৰাসায়নিক মৌলবোৰক সংগঠিত কৰাৰ এক যৌক্তিক উপায় বিচাৰি উলিওৱাত ব্যস্ত আছিল। কেইবামাহ ধৰি তেওঁ এই কামটো সমাধা কৰিবলৈ চেষ্টা কৰি আছিল। ১৮৬৯ চনত তেখেতে কিছুমান কাৰ্ডত তেতিয়ালৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ নামৰ লগতে প্ৰতিটো মৌলৰ গুণাগুণবোৰ লিখি লৈছিল। কিন্তু তেওঁ মৌলবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি সেইবোৰক সংগঠিত কৰাৰ কোনো আৰ্হিয়েই বিচাৰি নাপালে। কাৰ্ডবোৰ টেবুলৰ ওপৰত ৰাখি লৰচৰ কৰি থাকোতেই মেণ্ডেলিভ ডেস্কতেই টোপনিত ঢলি পৰে। মেণ্ডেলিভে লিখিছিল : “In a dream I saw a table where all the elements fell into place as required. Awakening, I immediately wrote it down on a piece of paper and I had the periodic table in front of me."

গণিতৰ সপোন আৰু ৰামানুজন : শ্ৰীনিবাস ৰামানুজনৰ অৱদান গণিতৰ জগতত অপৰিসীম। তেওঁ ৩২ বছৰ বয়সতেই ইহলীলা সম্বৰণ কৰে। তেওঁৰ সংক্ষিপ্ত জীৱনকালত তেওঁ বিশুদ্ধ গণিতত প্ৰায় ৪০০০ মান গাণিতিক প্ৰমাণ, অনুমান আৰু সমীকৰণ প্ৰস্তুত কৰিছিল। উপবৃত্তাকাৰ ফাংচন আৰু নাম্বাৰ থিয়ৰীৰ ক্ষেত্ৰত তেওঁৰ ধাৰণা কেৱল শুদ্ধই নাছিল; তেওঁৰ জীৱিত কালচোৱাত তেওঁৰ অৱদান সমূহ সেই সময়ৰ আন গণিতজ্ঞৰ তুলনাত বহুত আগবাঢ়ি আছিল। ৰামানুজনৰ সৈতে একেলগে কাম কৰা কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতজ্ঞ গডফ্ৰে এইচ. হাৰ্ডিয়ে কৈছিল যে যদি গণিতজ্ঞসকলক ০ৰ পৰা ১০০লৈ যদি প্ৰতিভাৰ আধাৰত মূল্যাঙ্কন কৰা হয়, তেন্তে তেওঁ নিজে ২৫, জে. ই. লিটলউড ৩০, ডেভিড হিলবাৰ্ট ৮০ আৰু শ্ৰীনিবাস ৰামানুজন ১০০ নম্বৰৰ যোগ্য। এই গৰাকী ৰামানুজনে লিখি গৈছে যে তেওঁৰ পৰম আৰাধ্যা হিন্দু দেৱী নামাক্কালে তেওঁৰ সপোনত আহি জটিল গাণিতিক সমস্যাবোৰ সমাধান কৰাৰ কৌশল দি যায়। ৰামানুজনে লিখিছে : “While asleep, I had an unusual experience. There was a red screen formed by flowing blood, as it were. I was observing it. Suddenly a hand began to write on the screen. It was Goddess Namakkal. I became all attention. That hand wrote a number of elliptic integrals. They stuck to my mind. As soon as I woke up, I committed them to writing.”

মানুহৰ অৱচেতন মনটো অতি শক্তিশালী। যদি সচেতন মনটোৱে চিন্তা কৰি থকা বিষয়টোৰ তথ্যসমূহ গভীৰ ভাবে হৃদয়ঙ্গম কৰি সেইবোৰ স্মৃতি হিচাবে সঞ্চিত কৰে, তেন্তে নিদ্ৰাৰত মানুহৰ অৱচেতন মনত সেইবোৰে দোলা দি পাৰে। আৰু এই অৱচেতন অৱস্থাতেই বা টোপনিৰ আলজালত সপোন দেখা অৱস্থাতেই বহুতো জটিল সমস্যা সমাধানৰ পথ দেখা পোৱা সম্ভৱ। ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বৈজ্ঞানিক আৱিষ্কাৰবোৰৰ ভিতৰত এনে বহুতো উদাহৰণ আছে যাৰ সমাধান সপোনত পোৱা হৈছিল।


 

Sunday 20 November 2022

সঁচা-মিছাৰ বিচাৰত নাৰ্কো টেষ্ট


নাৰ্কো টেষ্ট এক প্ৰকাৰৰ সত্যাসত্য বিচাৰ কৰা এটা পৰীক্ষা। এই পৰীক্ষাটো কৰিবলৈ, অভিযুক্ত লোক এজনৰ শৰীৰৰ সিৰাত বেজীৰ জৰিয়তে স্কোপোলেমাইন, ছডিয়াম পেণ্টাথল অথবা ছডিয়াম এমাইটেল জাতীয় ঔষধ প্ৰয়োগ কৰা হয়। এই ঔষধবোৰৰ প্ৰয়োগৰ ফলত মানৱ শৰীৰ ক্ৰমান্বয়ে শিথিল হয় আৰু অস্থায়ী ভাবে অৰ্ধ-চেতন অৱস্থালৈ গুছি যায়। বিশেষজ্ঞসকলৰ মতে, নাৰ্কো পৰীক্ষাৰ সময়ত প্ৰয়োগ কৰা ঔষধবোৰে আণৱিক স্তৰত অভিযুক্তৰ স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰি ব্যক্তিজনৰ চিন্তা শক্তিক বাধা প্ৰদান কৰে। বেজী হিচাবে দিয়া ঔষধৰ পৰিমান অভিযুক্ত ব্যক্তিজনৰ লিংগ, বয়স, স্বাস্থ্য আৰু শাৰীৰিক স্থিতি অনুসৰি নিৰ্ধাৰণ কৰা হয়।

যেতিয়া এজন মানুহ অৰ্ধ-চেতন মানসিক অৱস্থাত থাকে, তেতিয়া তেওঁৰ স্বাভাৱিক ধৰণে চিন্তা কৰাৰ ক্ষমতা হ্ৰাস পায়। মিছা কথা ক'বলৈ মানুহে মগজু ব্যৱহাৰ কৰি চিন্তা কৰিব লাগে। তদুপৰি মিছা কথা এটা সজাই পৰাই ক'বলৈ মানুহক প্ৰখৰ বুদ্ধিমত্তাৰ লগতে কল্পনাৰ শক্তিৰো প্ৰয়োজন হয়। কাৰন, মিছা ক'বলৈ এটা মনে গঢ়া কাহিনীও সৃষ্টি কৰিব লাগে। যিহেতু ছডিয়াম পেণ্টাথল, ছডিয়াম এমাইটেল অথবা স্কোপোলেমাইন জাতীয় ঔষধবোৰে মানুহৰ মগজুৰ চিন্তা কৰা শক্তিক অস্থায়ী ৰূপে ব্যাহত কৰে, সেয়ে অভিযুক্ত জনে মিছাৰ আশ্ৰয় নোলোৱাকৈ তেওঁক কৰা প্ৰশ্নবোৰৰ যথাযথ উত্তৰ দিয়ে। অভিযুক্ত ব্যক্তিজনক তেতিয়া চিকিৎসকৰ উপস্থিতিত বিশেষ অনুসন্ধানকাৰী সংস্থাসমূহে জেৰা কৰে। এই পৰ্যায়ত কৰা নাৰ্কো পৰীক্ষাৰ সকলো তথ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হয়।

অভিযুক্তই কোৱা কথাৰ সত্যতা সম্বন্ধে জ্ঞাত হ'বলৈ উনবিংশ শতিকাত পোন প্ৰথমবাৰৰ বাবে ইটালীৰ ক্ৰিমিনোলজিষ্ট চিজাৰ লম্ব্ৰোচোৱে জেৰাৰ সময়ত অভিযুক্তৰ ৰক্তচাপৰ পৰিৱৰ্তন জোখাৰ বাবে এটা যন্ত্ৰ ব্যৱহাৰ কৰিছিল। তাৰপিছৰ নাৰ্কো-বিশ্লেষণ বা নাৰ্কো টেষ্ট শব্দটো হৰ্চলি নামৰ এজন বিশেষজ্ঞই ব্যৱহাৰ কৰিছিল। ১৯২২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অপৰাধমূলক অনুসন্ধানত প্ৰথমবাৰৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। টেক্সাছৰ প্ৰসূতি বিশেষজ্ঞ ৰবাৰ্ট হাউচে দুজন বন্দীৰ ওপৰত স্কোপোলামাইন ঔষধ ব্যৱহাৰ কৰিছিল। এই  স্কোপোলামাইনক "ট্ৰুথ চিৰাম" বুলিও কোৱা হয়। বৰ্তমান সময়ত অভিযুক্তৰ স্বীকাৰোক্তিৰ সত্যতা নিৰূপণৰ বাবে নাৰ্কো টেষ্টৰ লগতে "ব্ৰেইন মেপিং" আৰু "পলিগ্ৰাফ টেষ্ট" নামৰ আন দুটা পদ্ধতিও ব্যৱহাৰ কৰা হয়।

Friday 18 November 2022

সম্প্ৰসাৰিত ব্ৰহ্মাণ্ড আৰু এডুইন হাব'ল


তেতিয়া পৃথিৱী বা জোনবাই নাছিল, এই বিশাল ব্ৰহ্মাণ্ডও নাছিল। আনকি স্পেচ-টাইম বুলিও একো নাছিল, নাছিল সময়। অসীম ভৰযুক্ত আৰু অসীম ঘনত্বৰ কেৱল এটা বিন্দুহে (!) আছিল। হঠাতে সেই বিন্দুটোত কিবা এটা ঘটিল। কোনো অজ্ঞাত কাৰণত, সেই অদ্ভুত বিন্দুটোৱে বিষ্ফোৰিত হৈ চৌদিশে প্ৰসাৰিত হ'বলৈ ধৰি স্পেচ-টাইম নামৰ এখন মেলি থোৱা চাদৰৰ দৰে ৰূপ ল'লে। বিন্দুটোৰ ভিতৰত থকা স্থান-কাল, অণু-পৰমাণু, শক্তি সকলোবোৰ অতি দ্ৰুত গতিত বিয়পিবলৈ ধৰে। পৰে। ইয়াৰ পৰাই ক্ৰমান্বয়ে বিভিন্ন উপাদান, যৌগ, গ্ৰহ, নক্ষত্ৰ, নীহাৰিকা, ছায়াপথ আদিবোৰ এটা এটাকৈ সৃষ্টি হ'বলৈ ধৰিলে! বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক "বিগ বেং" বা মহানাদ বুলি কোৱা হয়। এই ব্ৰহ্মাণ্ডৰ অসংখ্য ছায়াপথৰ মাজৰ হাতীপটি ছায়াপথৰ এটা হালধীয়া তৰাৰ চাৰিওফালে ঘূৰি থকা সৌৰজগতৰ এটা ক্ষূদ্ৰাকৃতিৰ গ্ৰহৰ উপৰিভাগৰ এটুকুৰা স্থানত বহি ফেইচবুকত এই প্ৰবন্ধটো পঢ়ি আছে।

আচৰিত নহয় নে বাৰু? তাতকৈও আচৰিত এই যে বিশ্বব্ৰহ্মাণ্ডৰ এই প্ৰসাৰণ এতিয়াও হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। কিন্তু সেয়া দেখা পাবলৈ আপুনি বা মই, সঁচা অৰ্থত এই মানৱ সভ্যতাই হয়তো জীৱিত নাথাকিব। কথাবোৰ দেখোন বিশ্বাস কৰিবলৈ যেন অসুবিধা হয়। আনকি বিখ্যাত বিজ্ঞানী আইনষ্টাইনেও ইয়াক বিশ্বাস কৰা নাছিল। তেওঁৰ দ্বাৰা আৱিষ্কৃত "আইনষ্টাইন ক্ষেত্ৰ সমীকৰণ"ত এই সম্প্ৰসাৰণ বন্ধ কৰিবলৈ এটা ধ্ৰুৱক ৰাখিছিল। সকলোৱেই তেওঁৰ উৎসাহী অনুৰাগী আৰু সেয়ে সকলোৱে ইয়াকেই মানিও লৈছিল।

আন এজন বিজ্ঞানী ৰাছিয়াৰ আলেকজেণ্ডাৰ ফ্ৰীডমেন। তেওঁ প্ৰথমে কৈছিল যে বিশ্বব্ৰহ্মাণ্ড সম্প্ৰসাৰিত হৈ আছে, যি সকলো দিশত সমানে আগবাঢ়ে। তেতিয়া কোনেও সেই কথা বিশ্বাস কৰা নাছিল। কিন্তু তাৰ পিছত এডুইন হাব'ল নামৰ আন এজন জ্যোতিৰ্বিজ্ঞানীয়ে দূৰবীণেৰে বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ প্ৰমাণ কৰিছিল। এডুইন হাব'লে কোনোবা এটা গভীৰ নিশা দূৰবীণ যন্ত্ৰেৰে আকাশৰ বুকুত পিটপিটাই ধন্যবাদ যাঁচিছিল পোহৰৰ "ৰঙা সৰণ" নামৰ বিশেষ ধৰ্মটোক, কাৰন ইয়াৰ সহায়তেই তেওঁ প্ৰমাণ কৰিছিল বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ কথাটো। ইয়াৰ ফলত আইনষ্টাইনৰ অস্প্ৰসাৰণশীল ব্ৰহ্মাণ্ডৰ ধাৰণাটোও ক্ৰমে স্তিমিত হৈ পৰিছিল।

কিন্তু কি এই পোহৰৰ ৰঙা সৰণ বা "ৰেড চিফ্ট"? এই বিষয়ে জনাৰ আগত আমি "ড'পলাৰ ইফেক্ট"ৰ বিষয়ে জানিব লাগিব। যদি কোনো স্থিৰ উৎসৰ পৰা অবিৰত ভাবে এটা শব্দ আহে, তেন্তে ই চৌদিশে সমানে বিয়পিব। কিন্তু যদিহে শব্দৰ উৎসটোৱে গতিশীল শব্দৰ দিশতেই গতি কৰে তেন্তে সেই দিশত শব্দৰ তৰংগদৈৰ্ঘ্য কমি যায় আৰু ইয়াৰ কম্পাঙ্ক বৃদ্ধি পায়। আনহাতে ইয়াৰ বিপৰীত দিশত শব্দৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি পায় আৰু কম্পাঙ্ক হ্ৰাস পায়। শব্দৰ তৰংগদৈৰ্ঘ্য যিমানেই কম হয়, অৰ্থাৎ কম্পনাঙ্ক যিমানেই বেছি হয়, শব্দটো সিমানেই তীক্ষ্ণ হৈ পৰে। একেদৰে তৰংগদৈৰ্ঘ্য বৃদ্ধি হোৱাৰ লগে লগে অৰ্থাৎ কম্পনাঙ্ক কমি অহাৰ লগে লগে শব্দটো নিস্তেজ হৈ পৰে। উদাহৰণ স্বৰূপে আপোনাৰ দিশলৈ আহি থকা গাড়ী এখনৰ মাইকত গান বাজি থাকিলে আপোনাৰ কাণত গানটো যেনেদৰে বাজিব, গাড়ীখন আপোনাৰ পৰা আঁতৰি যাওঁতে মাইকৰ গানটো যথেষ্ঠ বিকৃত সুৰত শুনিব। ইয়াৰ কাৰণ - ডোপলাৰ ইফেক্ট। 

এই কথাখিনি পোহৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। কাৰণ পোহৰো এক প্ৰকাৰৰ তৰংগ। পোহৰৰ তৰংগ বিদ্যুৎচুম্বকীয় তৰংগ। যদিহে কোনো তাৰকাৰাজ্য আমাৰ তাৰকাৰাজ্য বা পৃথিৱীৰ পৰা আঁতৰি গৈ আছে, তেন্তে ডপলাৰ ইফেক্ট অনুসৰি ইয়াৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্যবোৰ পৃথিৱীৰ দিশলৈ অধিক হ’ব আৰু তাৰকাৰাজ্যখন আঁতৰি যোৱাৰ দিশত তৰংগদৈৰ্ঘ কম হ’ব। ফলত সেই তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰৰ বৰ্ণালীৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি হ'ব। অৰ্থাৎ তাৰকাৰাজ্যখনৰ পৰা পৃথিৱীৰ দিশলৈ অহা বৰ্ণালীৰ বৰণ ৰঙাৰ ফালে গতি কৰিব। যিহেতু ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ দীঘল আৰু কম্পনাঙ্ক কম, সেয়েহে তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰ দৃশ্যমান পোহৰৰ বৰ্ণালীৰ ৰঙা মূৰৰ ফালে ‘স্থানান্তৰিত’ হ’ব, যাক জ্যোতিৰ্বিজ্ঞানত ৰঙা সৰণ বা "Ref shift" বোলা হয়।

আকৌ যদি কোনো তাৰকাৰাজ্যই পৃথিৱীৰ দিশে আগবাঢ়ি আহে তেন্তে ডপলাৰ ইফেক্ট অনুসৰি তাৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্য পৃথিৱীৰ ফালে কম আৰু তাৰকাৰাজ্যখনৰ পথৰ বিপৰীত দিশত বেছি হ’ব। কাৰণ তৰংগদৈৰ্ঘ্য কমি যোৱাৰ লগে লগে উৎসৰ পৰা অহা পোহৰৰ দৃশ্যমান পোহৰৰ বৰ্ণালী বেঙুনীয়া ৰঙৰ ফালে গতি কৰিব কাৰণ বেঙুনীয়া ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ কম আৰু কম্পনাংঙ্ক সৰ্বাধিক। আৰু ইয়াক নেগেটিভ ৰেড শ্বিফ্ট বা নীলা সৰণ বা ভায়োলেট শ্বিফ্ট বোলা হয়।

বিজ্ঞানী হাবলে এই ধাৰণাটো লৈয়েই এই গৱেষণাত ব্ৰতী হৈছিল। তেতিয়া তেওঁ দেখিলে যে এণ্ড্ৰমেডা গেলেক্সীৰ পৰা অহা পোহৰৰ তৰংগদৈৰ্ঘ্য বেঙুনীয়া ৰঙৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ নীলা ৰঙৰ পৰিৱৰ্তন দেখুৱাইছে। একেদৰে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৰ পোহৰৰ তৰংগদৈৰ্ঘ্য ৰঙাৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ ৰঙাৰ পৰিৱৰ্তন দেখুৱাইছে। পিছলৈ অধিক পৰ্যবেক্ষণৰ অন্তত তেওঁ নিশ্চিত কৰিলে যে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৱেই ৰঙা পৰিৱৰ্তন দেখুৱায়। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰ ঘটিছে। আনকি প্ৰতিটো মুহূৰ্তত ই আগৰ তুলনাত অধিক বেগেৰে সম্প্ৰসাৰিত হৈছে। ই যেন এটা অবিৰাম সম্প্ৰসাৰিত হৈ থকা অথচ বন্ধ কৰিব নোৱাৰা স্বয়ংক্ৰিয় বোমা যিয়ে প্ৰতি মুহূৰ্ততে ৰঙা সৰণৰ জৰিয়তে নিজৰ কাৰ্যকলাপ দৃঢ়ৰ পৰা অধিক দৃঢ় কৰি আহিছে। ইয়াৰ লগে লগে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনো অকল্পনীয় বিশালতাৰ পৰা আৰু অধিক বিশালতাৰ দিশে নিৰন্তৰ আগুৱাই গৈ আছে।

Thursday 10 November 2022

বিক্ৰম-১ : ভাৰতৰ প্ৰথম বানিজ্যিক ৰকেট


 ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা সকলোবোৰ মহাকাশ অভিযানতেই "ইছৰো"ৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত "ইছৰো"ৰ সলনি ভাৰতৰেই এটা কোম্পানীয়ে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত পৃথিৱীৰ পৰা মহাকাশলৈ এটা ৰকেট প্ৰেৰণ কৰিবলৈ ওলাইছে। মহাকাশ বিশেষজ্ঞ সকলৰ মতে এয়া ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এটা নতুন যুগৰ আৰম্ভণি।


হায়দৰাবাদস্থিত এটা ব্যক্তিগত কোম্পানী ''স্কাইৰুট এৰোস্পেচ''ৰ দ্বাৰা বিকশিত কৰা এই ৰকেটটোৰ নাম ভাৰতৰ প্ৰসিদ্ধ গৱেষক বিজ্ঞানী আৰু মহাকাশ অভিযানৰ আত্মা স্বৰূপ বিক্ৰম চাৰাভাইৰ নামেৰে "বিক্ৰম-এচ" ৰখা হৈছে। বিগত ৮ নৱেম্বৰ, মঙলবাৰে স্কাইৰুট এৰোস্পেচ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দানাই জানিব দিয়া মতে ''স্কাইৰুট'' অভিযানৰ এই ''ষ্টাৰ্ট আপ'' মিচনৰ প্ৰথম পদক্ষেপ অনুসৰি বিক্ৰম-এচ নামৰ ৰকেটটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণস্থলীৰ পৰাই এই নৱেম্বৰ মাহৰ ভিতৰতেই উৎক্ষেপণ কৰা হ'ব। ইছৰোৱে এই ৰকেট প্ৰস্তুত কৰাত 'স্কাইৰুট'ক সহায় কৰিছে।

স্কাইৰুটে বিক্ৰম ৰকেটৰ তিনিটা প্ৰকাৰ বিকশিত কৰি আছে। বিক্ৰম-১ ৰকেটটোৱে পৃথিৱীৰ নিম্নতম কক্ষপথলৈ ৪৮০ কিলোগ্ৰাম পেলোড কঢ়িয়াই নিব পাৰিব। আনহাতে বিক্ৰম-২ ৰকেটটোৱে ৫৯৫ কিলোগ্ৰাম কাৰ্গোৰ সৈতে মহাকাশ যাত্ৰা কৰিবলৈ সক্ষম। এই চিৰিজৰ বিক্ৰম-৩ ৰকেটটোৱে ৮১৫ কিলোগ্ৰাম পেলোড পৃথিৱীৰ পৰা ৫০০ কিলোমিটাৰ ওপৰৰ কক্ষপথলৈ ক্ষিপ্ৰতাৰে উৎক্ষেপণ কৰিব পাৰিব।

কেইদিনমানৰ ভিতৰতে উৎক্ষেপণ হ'বলগীয়া বিক্ৰম-১ ৰকেটটো কালাম-১০০ নামৰ উৎক্ষপণ যানখনৰ সহায়ত কৰা হ'ব। এই বছৰৰ আৰম্ভণিতে স্কাইৰুট এৰোস্পেচ এজেন্সীয়ে কালাম -১০০ মহাকাশ যানখনৰ সফলতাৰ পৰীক্ষা সম্পন্ন কৰিছে। এই অভিযানত তিনিটা পেলোড মহাকাশলৈ বহন কৰা হ'ব। ইয়াৰ ভিতৰত "স্পেচ কিডচ ইণ্ডিয়া" (Space Kidz India)ৰ অধীনত ভাৰতৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ণৰত শিক্ষাৰ্থীসকলে বিকশিত কৰা ২.৫ কিলোগ্ৰামৰ পেলোডো অন্তৰ্ভূক্ত হৈ আছে।

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনৰ "স্কাইৰুট এৰোস্পেচ''ৰ অন্তৰ্ভূক্তি নিসন্দেহে এক আশাৰ বতৰা।

Tuesday 8 November 2022

সূৰ্যৰ পোহৰত লুকাই থকা দানৱ গ্ৰহাণু

এটা প্ৰায় ১.৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এপ'লো শ্ৰেণীৰ গ্ৰহাণু! নাম ২০২২-এপি৭। পৃথিৱীৰ কক্ষপথক স্পৰ্শ কৰি পাৰ হোৱা গ্ৰহাণুবোৰক এপ'লো শ্ৰেণীৰ গ্ৰহাণু (Asteroid) বুলি কোৱা হয়। এই গ্ৰহাণুটোৱে শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ মাজৰ এক উপবৃত্তাকাৰ কক্ষপথেৰে সূৰ্যৰ চৌদিশে প্ৰদক্ষিণ কৰি আছে। বিজ্ঞানীসকলৰ মতে ই পৃথিৱীৰ বাবে এক সম্ভাৱ্য বিপদজনক মহাজাগতিক বস্তু (Potentially Hazardous Object)। এই গ্ৰহাণুটোৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ গৈছে। সেইবাবেই এই গ্ৰহাণুটোক অতি বিপদজনক বুলি গণ্য কৰা হৈছে। চিলিৰ আকাশত সূৰ্যাস্তৰ ১০ মিনিটৰ ভিতৰৰ সময়চোৱাত স্কট শ্বেপৰ্ড নামৰ এজন বিজ্ঞানীয়ে "চেৰো ট'লোলো অবজাৰ্ভেটৰী"ৰ ডাৰ্ক এনাৰ্জি কেমেৰা ব্যৱহাৰ কৰি বিগত ২০২২ চনৰ ১৩ জানুৱাৰী তাৰিখে এই গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল। এই গ্ৰহাণুটোৰ আৱিষ্কাৰত চিলিৰ ভিক্টৰ এম ব্লাঙ্কো নামৰ এজন বিজ্ঞানীৰ নামো সংযুক্ত হৈ আছে। তেওঁলোকে ইয়াক বিচাৰি উলিওৱাৰ বাবে দূৰবীণত ডাৰ্ক মেটাৰ অধ্যয়ন কৰিবলৈ ব্যৱহৃত উচ্চ-প্ৰযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰিছিল। কিন্তু নিৰন্তৰ ভাবে প্ৰায় ৫ বছৰৰ মুৰে মুৰে সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰা ২০২২-এপি৭ সৌ সিদিনালৈ বিজ্ঞানীসকলৰ চকুৰ পৰা লুকাই থকাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল, এই গ্ৰহাণুটো সূৰ্যৰ খুব ওচৰত এনে এটুকুৰা ঠাইত আছে যে সূৰ্যৰ তীব্ৰ পোহৰৰ বাবে ইয়াক ধৰা পেলোৱাতো অতি কঠিন হৈ পৰে। 

 কাৰ্নেগী ইনষ্টিটিউচন ফৰ ছাইন্সৰ মহাকাশ বিজ্ঞানী স্কট শ্বেপৰ্ডৰ মতে ২০২২-এপি৭ গ্ৰহাণুটোৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ যোৱা বাবেই ইয়াক বিপদজনক শ্ৰেণীত ৰখা হৈছে। সদ্যহতে এই গ্ৰহাণুটোৱে পৃথিৱীক আঘাত কৰাৰ কোনো সম্ভাৱনা নাই যদিও পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ অহা এই গ্ৰহাণুটো প্ৰতিবাৰ প্ৰদক্ষিণৰ অন্তত ক্ৰমে পৃথিৱীৰ ওচৰলৈ আহি আছে। তেনেস্থলত অদূৰ ভৱিষ্যতত ২০২২-এপি৭ নামৰ গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনা প্ৰবল। বিজ্ঞানীসকলৰ মতে, মহাকাশত থকা আন গ্ৰহবোৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াক কেনেদৰে প্ৰভাৱিত কৰে তাৰ ওপৰত এই গ্ৰহাণুটোৱে পৃথিৱীৰ লগত সংঘৰ্ষ কৰিব নে সংঘৰ্ষ নকৰাকৈ আঁতৰি যাব, সেইটো নিৰ্ভৰ কৰিব। বিজ্ঞানীসকলৰ মতে এই পৰিস্থিতিত এতিয়াই এই বিষয়ে ভৱিষ্যতবাণী কৰাটো অতি কঠিন। আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত "নায়াৰ লেব"ৰ বিজ্ঞানীসকলৰ মতে এই গ্ৰহাণুটোৱে যিহেতু সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ প্ৰায় ৫ বছৰ সময় লয়, এনেদৰে পৃথিৱীৰ পৃথিৱীৰ চৌদিশে পৰিভ্ৰমনৰ সময়ত গ্ৰহাণুটো পৃথিৱীৰ আটাইতকৈ ওচৰত থাকিলেও, ইয়াৰ দূৰত্ব আমাৰ পৰা কেইবা কৌটি কিলোমিটাৰ আঁতৰত থাকিব। এতিয়ালৈকে, পৃথিৱীৰ আশে পাশে পৰিভ্ৰমণ কৰি থকা প্ৰায় ৩০,০০০টা মান গ্ৰহাণু আৱিষ্কাৰ কৰা হৈছে। এইবোৰৰ ভিতৰত এক কিলোমিটাৰতকৈ অধিক ব্যাসাৰ্ধৰ ৮৫০ টা গ্ৰহাণু আছে। এইবোৰক পৃথিৱীৰ ওচৰত বস্তু (Near Earth Object) বুলি কোৱা হয়। এইবোৰৰ মাজৰ বহুত কেইটা সূৰ্যৰ তীব্ৰ পোহৰৰ আঁৰত লুকাই আছে। 

অৱশ্যে, বিজ্ঞানীসকলে আমাক নিৰ্ভয় প্ৰদান কৰি কৈছে যে পৰৱৰ্তী ১০০ বছৰলৈ, এই গ্ৰহাণুবোৰৰ কোনেও পৃথিৱীত আঘাত নকৰে। গ্ৰহাণুবোৰৰ পৰা পৃথিৱীৰ ক্ষতিৰ কথা মনত ৰাখিয়েই নাছাই বিগত ২০২২ চনৰ ছেপ্টেম্বৰ মাহত সফলতাৰে ডাৰ্ট অভিযান সম্পূৰ্ণ কৰিছিল। ডাৰ্ট মিচনৰ দৰে এনে ধৰণৰ অভিযানবোৰৰ জৰিয়তে গ্ৰহাণুৰ সংঘৰ্ষৰ পৰা আমাৰ পৃথিৱীখন বচাই ৰাখিবলৈ বিপদজনক গ্ৰহাণুৰ গতি আৰু দিশ সলনি কৰি আমাক নিৰাপত্তা দিবলৈ নাছাৰ বিজ্ঞানীসকল সদা ব্যস্ত হৈ আছে। বিজ্ঞানীসকলৰ এই প্ৰচেষ্টা সফল হওক।