যেতিয়া এজন মানুহ অৰ্ধ-চেতন মানসিক অৱস্থাত থাকে, তেতিয়া তেওঁৰ স্বাভাৱিক ধৰণে চিন্তা কৰাৰ ক্ষমতা হ্ৰাস পায়। মিছা কথা ক'বলৈ মানুহে মগজু ব্যৱহাৰ কৰি চিন্তা কৰিব লাগে। তদুপৰি মিছা কথা এটা সজাই পৰাই ক'বলৈ মানুহক প্ৰখৰ বুদ্ধিমত্তাৰ লগতে কল্পনাৰ শক্তিৰো প্ৰয়োজন হয়। কাৰন, মিছা ক'বলৈ এটা মনে গঢ়া কাহিনীও সৃষ্টি কৰিব লাগে। যিহেতু ছডিয়াম পেণ্টাথল, ছডিয়াম এমাইটেল অথবা স্কোপোলেমাইন জাতীয় ঔষধবোৰে মানুহৰ মগজুৰ চিন্তা কৰা শক্তিক অস্থায়ী ৰূপে ব্যাহত কৰে, সেয়ে অভিযুক্ত জনে মিছাৰ আশ্ৰয় নোলোৱাকৈ তেওঁক কৰা প্ৰশ্নবোৰৰ যথাযথ উত্তৰ দিয়ে। অভিযুক্ত ব্যক্তিজনক তেতিয়া চিকিৎসকৰ উপস্থিতিত বিশেষ অনুসন্ধানকাৰী সংস্থাসমূহে জেৰা কৰে। এই পৰ্যায়ত কৰা নাৰ্কো পৰীক্ষাৰ সকলো তথ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হয়।
অভিযুক্তই কোৱা কথাৰ সত্যতা সম্বন্ধে জ্ঞাত হ'বলৈ উনবিংশ শতিকাত পোন প্ৰথমবাৰৰ বাবে ইটালীৰ ক্ৰিমিনোলজিষ্ট চিজাৰ লম্ব্ৰোচোৱে জেৰাৰ সময়ত অভিযুক্তৰ ৰক্তচাপৰ পৰিৱৰ্তন জোখাৰ বাবে এটা যন্ত্ৰ ব্যৱহাৰ কৰিছিল। তাৰপিছৰ নাৰ্কো-বিশ্লেষণ বা নাৰ্কো টেষ্ট শব্দটো হৰ্চলি নামৰ এজন বিশেষজ্ঞই ব্যৱহাৰ কৰিছিল। ১৯২২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অপৰাধমূলক অনুসন্ধানত প্ৰথমবাৰৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। টেক্সাছৰ প্ৰসূতি বিশেষজ্ঞ ৰবাৰ্ট হাউচে দুজন বন্দীৰ ওপৰত স্কোপোলামাইন ঔষধ ব্যৱহাৰ কৰিছিল। এই স্কোপোলামাইনক "ট্ৰুথ চিৰাম" বুলিও কোৱা হয়। বৰ্তমান সময়ত অভিযুক্তৰ স্বীকাৰোক্তিৰ সত্যতা নিৰূপণৰ বাবে নাৰ্কো টেষ্টৰ লগতে "ব্ৰেইন মেপিং" আৰু "পলিগ্ৰাফ টেষ্ট" নামৰ আন দুটা পদ্ধতিও ব্যৱহাৰ কৰা হয়।
No comments:
Post a Comment