Monday 28 November 2022

চাইবৰ্গ : ভৱিষ্যতৰ মানুহ


প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে ভৱিষ্যতে মানুহৰ মগজুত স্থাপন কৰা RFIDৰ জৰিয়তে মানুহৰ স্মৃতি শক্তিৰ লগতে মগজুৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ সম্ভাৱনা সৃষ্টি হৈছে। আমাৰ আঙুলিৰ মাংসপেশীৰ মাজত ৰোপণ কৰা একোটা সূক্ষ্ম চুম্বক অথবা RFID (Radio Frequency IDentification) চিপচে কি-বৰ্ড আৰু পাচৱৰ্ডৰ প্ৰয়োজনীতা নোহোৱা কৰি তুলিব। শৰীৰৰ আভ্যন্তৰত থকা হাড়ৰ জকা আৰু মাংসপেশীত স্থাপন কৰা সৰু সৰু কম্পিউটাৰ চিপচবোৰে শৰীৰত হোৱা বিভিন্ন বিসংগতিবোৰ ধৰা পেলাই তাৎক্ষণিক ভাবে তাৰ নিৰাময়ৰ উপায় আপোনাক প্ৰদান কৰিব। শৰীৰত স্থাপন কৰা অতি শক্তিশালী ক্ষূদ্ৰাকৃতিৰ ৰেডিও এন্টেনাৰ সহায়ত আপুনি বা মই পোনপটীয়াকৈ ছেটেলাইটৰ লগত সংযোগ স্থাপন কৰি ব্ৰহ্মাণ্ডৰ খা-খৱৰবোৰ নিজৰ শৰীৰতেই ল'ব পাৰিম। - এয়া কোনো হলিউদৰ চিনেমাৰ বিষয়বস্তু নহয়। মানুহৰ জৈৱিক শৰীৰত বিভিন্ন প্ৰযুক্তিগত আহিলাবোৰ স্থাপন কৰি মানুহৰ জীৱনক অন্য এক স্তৰলৈ লৈ যোৱাৰ এনে প্ৰয়াসে মানুহক এদিন "চাইবৰ্গ" হিচাবে বিকশিত কৰিব। অন্ততঃ বিজ্ঞানীসকলে তেনে এক সম্ভাৱনাৰ পথেৰেই আগবাঢ়িছে।

কথাবোৰ আচহুৱা যেনেই লাগিছে নিশ্চয়। পিছে এয়া বৰ বেছি আচহুৱা কথা নহয়। কাৰন, তেজ মঙহেৰে গঢ়া হৃদযন্ত্ৰৰ স্পন্দন যেতিয়া অনিয়মীয়া হয়, তেতিয়া চিকিৎসকে হৃদযন্ত্ৰত পেচমেকাৰ লগোৱাৰ কথা আমি সকলোৱে জানো। এই পেচমেকাৰবোৰ বেটেৰী চালিত একোটা যান্ত্ৰিক সাৰঞ্জামহে। তেনে ৰোগীৰ দেহৰ হৃদযন্ত্ৰবোৰ "অৰ্ধ জৈৱিক আৰু অৰ্ধ যান্ত্ৰিক"। একেদৰে চকুৰ লেন্স বেয়া হ'লে বিভিন্ন সময়ত মানুহে চকুত "কনটেক্ট লেন্স" ব্যৱহাৰ কৰে। ৰোগীৰ হাড় যোৰা লগাবলৈ আজিকালি চিকিৎসকে নাট-ব'ল্টৰ সহায়ত "ষ্টিলৰ পাটী" মানুহৰ শৰীৰত স্থাপন কৰে। এনে বহুতো উদাহৰণে আমাক আলোচ্য বিষয়টোৰ লগত চিনাকী কৰি দিব।

যিহেতু ঔষধ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱনে দিনক দিনে চিকিৎসা বিজ্ঞানক বহুদূৰ আগুৱাই নিছে, তেনে পৰিপ্ৰেক্ষিতত নিতৌ ভিন ভিন যন্ত্ৰপাতি আমাৰ শৰীৰত স্থাপন হোৱাটো অধিক সুলভ হ'ব। বিজ্ঞানীসকলৰ মতে এনে যন্ত্ৰপাতিবোৰে আমাক পৰিৱেশৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলাৰ লগতে আমাৰ দৈনন্দিন জীৱনৰ মানদণ্ডও উন্নত কৰিব। অৱশ্যে ইয়াৰ লগত নৈতিকতাৰ প্ৰশ্নটোও নিসন্দেহে উত্থাপন হ'ব। ইতিমধ্যে আমাৰ মাজত এনে কিছুমান মানুহ আছে যিসকল বাস্তৱ জীৱনত একো একোজন চাইবৰ্গ। তেওঁলোক মানুহ আৰু যন্ত্ৰৰ সহাৱস্থানৰ একোডাল সীমাৰেখা।

#নীল_হাৰ্বিচন: মূৰত এডাল এণ্টেনাৰ সৈতে হাৰ্বিচনক দেখাত সাইলাখ হলিউডৰ কোনো চিনেমাৰ চৰিত্ৰ যেনেই লাগিব। হাৰ্বিচন প্ৰকৃততে এক্ৰোমেটোপচিয়া বা অত্যাধিক ৰঙৰ অন্ধত্বৰ সৈতে জন্ম গ্ৰহণ কৰা এজন শিল্পী। তেওঁ ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে। তেওঁৰ বাবে এই বিনন্দীয়া পৃথিৱীখন কেৱল ক'লা আৰু বগা ৰঙৰ। এই অসুবিধাৰ পৰা বাচিবলৈ তেওঁ চিকিৎসকৰ শৰণাপন্ন হোৱাত চিকিৎসকে তেওঁক বিশেষ ধৰণৰ বৈদ্যুতিক চকু বা বায়নিক চকু (আইবৰ্গ) লগাই দিছিল যাৰ সহায়ত তেওঁ ৰঙীন পৃথিৱীখন দেখা পাইছিল। কিন্তু আচৰিত কথাটো হ'ল এই যে বৈদুতিক চকুযুৰিৰ সহায়ত হাৰ্বিচনে সাধাৰণ মানুহে দেখাতকৈ অধিক ভিন্ন প্ৰকাৰৰ ৰং অনুভৱ কৰিব পাৰিছিল। 

পিছলৈ হাৰ্বিচনে মূৰত এণ্টেনা স্থাপন কৰোৱাই লয়। এই এণ্টেনাই তেওঁক তথ্য যোগান ধৰিবলৈ তেওঁৰ লাওখোলাৰ মাজেৰে শ্ৰৱণযোগ্য কম্পন প্ৰেৰণ কৰে। এই কম্পনবোৰ পৰবৰ্তী পৰ্যায়ত কিছুমান কম্পিউটাৰ চিপচৰ সহায়ত তেওঁৰ বাবে কিছুমান সাংকেতিক শব্দলৈ ৰূপান্তৰিত হয়। তদুপৰি হাৰ্বচনে এই এণ্টেনাৰ সহায়ত বিদ্যুতচুম্বকীয় তৰংগৰ মাধ্যমত ফোন কল কৰাৰ উপৰিও ভিডিঅ' বা সংগীতৰ আমেজো ল'ব পাৰে। তাতকৈও আচৰিত কথাটো হ'ল যে তেওঁৰ ৱাই-ফাই সক্ষম বিশেষ এণ্টেনাই তেওঁক উপগ্ৰহৰ পৰা পোনপটীয়াকে সংকেত আৰু তথ্য লাভ কৰিবলৈও সুবিধা কৰি দিয়ে। 

#জেছি_চুলিভান: জেছি চুলিভানে বৈদ্যুতিক লাইনছমেন হিচাপে কাম কৰিছিল। ২০০১ চনৰ মে মাহত তেওঁ এক দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ ইমান গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হৈছিল যে তেওঁৰ দুয়োখন বাহুৱেই কাটি পেলোৱাৰ প্ৰয়োজন হৈছিল। চিকাগোৰ চিকিৎসকে চাইবৰ্গ বিশেষজ্ঞৰ লগত আলোচনা কৰি জেছিৰ কটা বাহু দুটাৰ অভাৱ পুৰ কৰিবলৈ তেওঁৰ দেহত দুটা "ৰ'বটিক প্ৰস্থেটিকছ" বা ৰ'বটিক বাহু লগাই দিছিল। চিকিৎসকে এই ৰ'বটিক বাহু দুটা জেছিৰ স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ লগত গ্ৰাফ্টিংৰ জৰিয়তে সংযোগ কৰি জেছিক বায়'নিক অংগ যুক্ত "বায়নিক মেন" হিচাবে বিকশিত কৰি তোলে। 

একেদৰে নাইজেল অকলেণ্ড নামৰ ধাতুৰ কাৰখানাত কাম কৰা লোক এজনে দুৰ্ঘটনাত সোঁহাতখন হেৰুৱাব লগীয়া হৈছিল। কিলাকুটিৰ তলৰ পৰা বিছিন্ন হৈ যোৱা হাতখনৰ সলনি চিকিৎসকে তেওঁৰ দেহতো "বায়োনিক হাত" স্থাপন কৰিছিল। এনে অলেখ উদাহৰণ বিচাৰিলেই পোৱা যায়।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীৰ বিভিন্ন দেশত চাইবৰ্গৰ ওপৰত চিন্তা চৰ্চা, আলোচনা আৰু পৰীক্ষা নিৰীক্ষা চলি আছে। অদূৰ ভৱিষ্যতে মানব শৰীৰৰ সৈতে প্ৰযুক্তিৰ সংমিশ্ৰণ হৈ আমাৰ ভৱিষ্যত প্ৰজন্ম বোৰ চাইবৰ্গ ( cyborg) হোৱাৰ সম্ভাৱনাই অধিক। ইয়াৰ উপৰিও মানুহৰ দীৰ্ঘ জীৱন-কাল, কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ সামৰ্থ, বুদ্ধিমত্তাৰ বৃদ্ধি  আৰু অন্য গ্ৰহত মানৱ সভ্যতাৰ বিকাশৰ বাবে ভৱিষ্যতৰ মহাকাশচাৰী সৃষ্টি কৰিবলৈ চাইবৰ্গৰ প্ৰয়োজনীয়তাৰ ওপৰত বিজ্ঞানীসকলে গুৰুত্ব আৰোপ কৰিছে।

No comments:

Post a Comment