Wednesday 29 June 2016

কাঠ পেঞ্চিলৰ আখৰবোৰ


কাঠ পেঞ্চিলৰ আখৰবোৰ ৰবৰেৰে ঘঁহি ঘঁহি মচা লৰালিৰ সেই দিনবোৰলৈ মনত নপৰেনে বাৰু? পিছে ৰবৰেৰে ঘঁহিলে কাঠ পেঞ্চিলৰ দাগবোৰ কিয় উঠি যায় বাৰু? আচলতে কাঠ পেঞ্চিল বনাওতে গ্ৰাফাইট আৰু বিশেষ ধৰণৰ আলতীয়া মাটিৰ এক মিশ্ৰণ পানীৰ লগত মিহলাই কাঠ পেঞ্চিলৰ মাজৰ মজ্জাটো তৈয়াৰ কৰা হয়। গ্ৰাফাইট সমূহ কাৰ্বনৰেই এটা ৰূপ। একোটা সুষম ষড়ভূজৰ আকৃতিত কাৰ্বন পৰমাণুবোৰ তৰপে তৰপে সজ্জিত হৈ গ্ৰাফাইট গঠন কৰে। গ্ৰাফাইটৰ এই তৰপবোৰ এটা আনটোৰ লগত অতি দূৰ্বল আকৰ্ষণ বলৰ দ্বাৰা সংযুক্ত হৈ থাকে বাবে এই তৰপবোৰ অনায়াসে এটাই আনটোৰ ওপৰেৰে পিছলি যাব পাৰে। সেয়ে গ্ৰাফাইট পিছল। হেঁচা প্ৰয়োগ কৰি কাগজৰ ওপৰেৰে চোচোৰাই নিলে গ্ৰাফাইটৰ পাতল এটা তৰপ কাগজৰ সৰু সৰু আঁহবোৰত লাগি ধৰে আৰু কাগজৰ ওপৰত এটা কলা বৰণৰ দাগ সৃষ্টি কৰে। এনেদৰেই কাঠ পেঞ্চিলৰ সহায়ত আমি লিখো। পিছে, কাঠ পেঞ্চিলেৰে লিখা আখৰবোৰ ভুল হলে বা সলনি কৰিব লগীয়া হ'লে, আখৰৰ ওপৰেৰে ৰবৰ এডাল চোচোৰাই নিলে কাঠ পেঞ্চিলৰ দাগবোৰ নোহোৱা হৈ যায়। কাঠ পেঞ্চিলৰ আখৰ মচিবলৈ ৰবৰ ব্যৱহাৰ কৰা হয় যদিও আজিকালি পলিভিনাইল ক্ল'ৰাইডৰ এবিধ যৌগ ব্যৱহাৰ কৰা হয়। কাগজ গঠনকাৰী যৌগ চেলুলোজ আৰু কাঠ পেঞ্চিলৰ আখৰ মচিবলৈ ব্যৱহাৰ কৰা পলিভিনাইল ক্ল'ৰাইডৰ যৌগ দুটাৰ মাজৰ এটা বিশেষত্ব এয়ে যে - পলিভিনাইল ক্ল'ৰাইডৰ এটা লিকটীয়া বা sticky গুণ আছে। কাগজৰ ওপৰত এই ৰবৰবোৰ হেঁচা প্ৰয়োগ কৰি ঘঁহিলে ঘৰ্ষণৰ ফলত ৰবৰৰ টুকুৰাটো গৰম হয় আৰু ইয়াৰ এঠা জাতীয় গুণটো বেছি প্ৰভাৱী হৈ পৰে। ইয়াৰ ফলত ৰবৰৰ টুকুৰাটোৱে কাগজৰ পৰা কাঠ পেঞ্চিলৰ আখৰ হিচাবে থকা গ্ৰাফাইটৰ তৰপটো আঁতৰাই আনিব পাৰে।

Sunday 26 June 2016

অভিনন্দন ISRO


আজি ৰাতিপুৱা 9 বজাৰ ক্ষন্তেক সময় পিছতেই বিশটা কৃত্ৰিম উপগ্ৰহ বুকুত বান্ধি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ PSLV C34 উৎক্ষেপক যানখনে মুঠ 1288 কেজি ভৰ সহ শ্ৰীহৰিকোটাৰ সতীশ ধাবন উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশ অভিমুখে উৰা মাৰে আৰু উৎক্ষেপণৰ 26 মিনিট পিছতে আটাইকেইটা কৃত্ৰিম উপগ্ৰহ সফলতাৰে পৃথিৱীৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰি বিশ্ববাসীৰ সন্মুখত ভাৰতীয় মহাকাশ বিজ্ঞানৰ জয়যাত্ৰা সজোৰে পুনৰ এবাৰ প্ৰতিষ্ঠা কৰে। উল্লেখযোগ্য যে চন্দ্ৰযান আৰু মংগলযানৰ সফল উৎক্ষেপণ পিছত আজিৰ উৎক্ষেপণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী সকলে আমেৰিকাৰ 7টা, জাৰ্মানীৰ 3টা, গুগলৰ 1টা, ভাৰতৰ নিজা 3টা আৰু কানাডা, ইন্দোনেছিয়া আদি দেশৰ মুঠ 20টা কৃত্ৰিম উপগ্ৰহ এবাৰতেই মহাকাশৰ বুকুলৈ কঢ়িয়াই নি সফলতাৰে কক্ষপথত স্থাপন কৰি সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। এই উৎক্ষেপণত আমেৰিকাৰ SKYSAT GEN 1-2, জাৰ্মানীৰ BIROS of Germany আৰু MVV, ইন্দোনেছিয়াৰ LAPAN A3 আদি কৃত্ৰিম উপগ্ৰহ সমূহ অন্তৰ্ভুক্ত হৈ আছে। ভাৰতীয় বিজ্ঞানী সকলৰ এই সাফল্যত আমি অতিশয় গৌৰৱ বোধ কৰিছোঁ। আন্তৰিক অভিনন্দন ISRO !