Tuesday 16 April 2019

চাৰ্লি চেপলিন : চকুলো ঢাকি আনক হহুওৱা অভিনেতাজন


"বৰষুণত খোজকাঢ়ি মই ভালপাও, কাৰণ বৰষুণে সকলোৰে অলক্ষিতে মোৰ দুচকুৰ চকুলো ধূৱাই নিয়ে। আন কোনেও মোৰ চকুলো দেখা নেপায়।" এই বিখ্যাত উক্তিটো পৃথিৱী বিখ্যাত মূকাভিনেতা চাৰ্লি চেপলিনৰ, যিয়ে নিজৰ চকুলো লুকুৱাই ৰাখি মূকাভিনয়েৰে বিশ্বৰ অগণন মানুহক হাঁহিৰ খোৰাক যোগাইছিল। 

১৮৮৯ চনৰ ১৬ এপ্রিলত ইংলেণ্ডৰ দক্ষিণ লণ্ডনস্থিত ওৱেলৱর্থৰ বার্লে ষ্ট্ৰিটত তেওঁৰ জন্ম। তেওঁৰ দেউতাকৰ নাম চার্লচ চেপলিন আৰু মাতৃৰ নাম হান্না চেপলিন। মাক দেউতাক দুয়োজনেই বিনোদন জগতৰ শিল্পী আছিল যদিও পিতৃ চার্লচ চেপলিন অত্যন্ত মদাহী ব্যক্তি আছিল। সৰু সুৰা কথাতেই চার্লচে চেপলিনৰ মাতৃ হান্নাৰ লগত কাজিয়া পেচাল কৰি অত্যাচাৰ কৰিছিল। কমদিনৰ ভিতৰতেই চার্লচ চেপলিনে হান্না আৰু তেওঁৰ দুই সন্তানক এৰি আঁতৰি গৈছিল। তাৰপিছৰ পৰাই আৰম্ভ হৈছিল চাৰ্লি চেপলিনৰ আৰু তেওঁৰ মাতৃ হান্নাৰ দুখৰ অধ্যায়।

খাই বৈ জীয়াই থকাৰ তাড়নাত চার্লিৰ মাকে দুই সন্তানক লৈ দক্ষিণ লণ্ডনৰ বিভিন্ন লোকৰ ঘৰত ভাৰাতীয়া হিচাবে বাস কৰিছিল যদিও ভাৰা ঠিক মতে দিব নোৱাৰা বাবে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। পেটৰ ভাত মুঠিৰ বাবে হান্নাই অতি সামান্য মাননিৰ বিনিময়ত থিয়েটাৰত অস্থায়ী শিল্পী হিচাবে গান গাইছিল। নিশাটো কটাবলৈ তেওঁলোক গৈছিল লণ্ডনৰ বিভিন্ন পার্কলৈ। পাৰ্কৰ বেঞ্চত শুয়েই পাৰ কৰিছিল বহুতো দুখৰ ৰাতি। 

চার্লিৰ বয়স তেতিয়া মাথোন পাচ বছৰ। মাক হান্নাই আনদিনাৰ দৰেই মঞ্চত গীত পৰিবেশন কৰি আছিল। যোৱা দুদিনমান ধৰি তেওঁৰ অসুখ। গীত পৰিবেশনত যথেষ্ঠ কষ্ট হোৱা স্বত্তেও লৰাদুটাৰ ভোক নিবাৰণৰ বাবে তেওঁ গান গাবই লাগিব। কিন্তু…… কিন্তু আজি তেওঁ যেন অপাৰগ। হান্নাৰ মাতটো সম্পূৰ্ণ বহি গ'ল। গীতটো আধাতে সামৰি তেওঁ চকুলো টুকি মঞ্চৰ পৰা নামি আহিল। দৰ্শকৰ হাঁহি আৰু তাচ্ছিল্যই চাৰ্লিক ব্যাথিত কৰি তোলে।মাকৰ দুৰাৱস্থা দেখি পাচ বছৰীয়া চাৰ্লিয়ে মঞ্চলৈ উঠি আহি গাবলৈ ধৰিলে মাকৰ মুখৰ আধৰুৱা গীতটি  - "জেক জোনচ ৱেলনৌন টু এভৰি বডি…" 

চার্লিৰ গীতে দর্শকক মুগ্ধ কৰি তোলে। হাত চাপৰিৰে তেওঁলোকে চাৰ্লিক উৎসাহিত কৰি আৰু এটি গীতৰ বাবে অনুৰোধ কৰে। চার্লিয়ে মুখেৰে বিভিন্ন ভংগীমা কৰি ক'বলৈ ধৰিলে : মই এতিয়া গান নেগাও। প্ৰথমে পইচাবোৰ বুটলি লও। তাৰ পিছত মই আকৌ গীত গাম। এইবুলি কৈ চাৰ্লিয়ে দৰ্শকে মঞ্চলৈ দলিওৱা পইচাবোৰ বুটলিবলৈ ধৰিলে।

ইয়াৰ পৰবৰ্তী পৰ্যায়ত জীয়াই থকাৰ বাবে চার্লি চেপলিনে প্রথমে এজন মুচিৰ দোকানত কাম কৰিছিল। তাৰপিছত এখন চিকিৎসালয়ত চাফচিকুনতা ৰক্ষাকাৰী সাধাৰণ কৰ্মচাৰী হিচাবে নিয়োজিত হয়। পিছে ইয়াতো সৰহ দিন কাম কৰিবলৈ নেপালে তেওঁ।এইবাৰ এজন মানুহৰ ঘৰত লগুৱা হিচাবে বাচন বৰ্তন ধোৱা কামত ব্ৰতী হয় তেওঁ। তাৰপিছত পৰ্যায়ক্ৰমে চাৰ্লিয়ে কাঁচৰ কাৰষাণা, ৰঙৰ দোকান, লোহাৰ দোকান, ছাপাশাল আদিত কাম কৰাৰ উপৰিওঁ বাতৰি কাগজো বিক্রী কৰিবলগীয়া হৈছিল। সেই সময়ত চার্লি আৰু তেওঁৰ পৰিয়ালৰ অর্থনৈতিক অৱস্থা ইমানেই বেয়া আছিল যে তেওঁলোকে পেলনীয়া খাদ্যৰেও ভোক নিবাৰণ কৰিবলগীয়া হৈছিল।

মাক হান্নাৰ হাতত ধৰিয়েই চার্লি অভিনয় জগতলৈ আহিল। দুই এটা সৰু সুৰা অভিনয়েৰে সামান্য উপাৰ্জন চলি আছিল। তেনে সময়তেই চার্লিৰ মাতৃ হান্না অসুস্থ হৈ পৰে। মাতৃৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱত চার্লিয়ে সেই সময়ত লণ্ডনৰ বিভিন্ন বাৰবোৰত নাচি টকা উপার্জন কৰিবলগীয়া হৈছিল। ইপিনে অপুষ্টিজনিত ৰোগে চার্লিৰ মাতৃ হান্নাক ভাৰাক্ৰান্ত কৰি পেলাইছিল। আৰ্থিক ভাবে জুৰুলা চাৰ্লিয়ে উপায় নেপায় মাকক এটি আশ্রয় কেন্দ্রলৈ লৈ যায়। এই আশ্ৰয় কেন্দ্ৰতেই চাৰ্লিৰ মাকৰ পৰলোক প্ৰাপ্তি হয়।

১৮৯৮ চনত মাত্ৰ ৯ বছৰ বয়সতে চার্লিয়ে এটি নৃত্য দলত যোগদান কৰে। এই দলটোৰ লগত ঘূৰি বিভিন্ন স্থানত নাচ গান কৰি কোনোমতে দুবেলা দুসাজ খাই তেওঁ জীয়াই আছিল। পৰবৰ্তী সময়ত তেওঁ যুক্ত হৈ পৰে এটি কৌতুক গোষ্ঠীৰ লগত। ইয়াত তেওঁ কৌতুক অভিনয়ৰ উপৰিও মূকাভিনয়ো কৰিবলৈ লয়। দৰ্শকে তেওঁৰ মূকাভিনয় বৰ ভাল পাবলৈ ধৰিলে। লাহে লাহে তেওঁৰ হাতলৈ ধন আহিব ধৰিলে।

সেয়া ১৯১৩ চন। ২৪ বছৰীয়া চার্লি ইংলেণ্ড এৰি আমেৰিকা পালেগৈ। সেই বছৰেই নিউইর্য়ক মোচন কোম্পানীয়ে সপ্তাহত ১৫০ ডলাৰৰ বিনিময়ত চার্লিক চুক্তিবদ্ধ কৰে। লাহে লাহে চাৰ্লিৰ ভাগ্য উদয় হ'বলৈ ধৰে। পৰবৰ্তী বছৰত চাৰ্লিৰ কেইবাখনো ছবি মুক্তি পায়। ৰাতিটোৰ ভিতৰতেই চাৰ্লি পৰিচিত হৈ পৰে চৌদিশে।  ১৯১৮ চনৰ পৰা  ১৯২৩ চনলৈ পুনৰ ৯ খন চলচিত্রই তেওঁৰ জনপ্ৰিয়তাক সাৰ্বজনীন কৰি তোলে। ১৯২৫ চনত তেওঁ নিজে প্ৰযোজনা কৰা চলচিত্ৰৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় "একাডেমী এৱার্ড"। ১৯৩৬ চনত মুক্তি পায় তেওঁৰ অন্যতম জনপ্ৰিয় ছবি "মর্ডান টাইমচ" আৰু ১৯৫২ চনত মুক্তি পায় "লাইম লাইট" নামৰ তেওঁৰ আত্মজীবনীমূলক ছবিখন। এই ছবিখনৰ মাধ্যমেৰে পৃথিৱীৰ সকলো দর্শকে জানিবলৈ পায় অগণন মানুহৰ মুখত হাঁহি বিৰিঙাই সকলোৰে অলক্ষিতে চকুলো টোকা চাৰ্লি চেপলিনৰ দুখময় তথা সংগ্ৰামী শৈশৱ আৰু যৌৱনৰ সেই দিনবোৰৰ কথা।


আজি ১৬ এপ্ৰিল, ২০১৯ তাৰিখে চাৰ্লি চেপলিনৰ ১৩০ বছৰীয়া জন্মদিনত এই লিখনিটোৰ দ্বাৰা তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। - প্ৰণৱজ্যোতি দাস, টংলা।

Friday 12 April 2019

সীমাহীন অন্ধকাৰৰ প্ৰথমখন ছবি


হালধীয়া আৰু বাদামী ৰঙেৰে উদ্ভাসিত গেছ আৰু ধুলিৰ এটি প্ৰকাণ্ড চাকনৈয়া। আমাৰ পৃথিবীৰ পৰা ৫ কৌটি ৫০ লাখ আলোকবর্ষ দূৰৰ কন্যা ৰাশিৰ তাৰকাৰাজ্য মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত হালধীয়া আৰু বাদামী ৰঙৰ গেছ আৰু ধূলৰ এটি চাকনৈয়াই এক অজ্ঞাত অন্ধকাৰ বিন্দুসম কেন্দ্ৰৰ চৌদিশে চক্ৰাকাৰে ঘূৰিব লাগিছে অবিৰতভাবে। তাৰকাৰাজ্য মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগৰ পৰা ৪০০০ কৌটি কিমি ব্যাসাৰ্ধৰ এক বিস্তৃৰ্ণ এলেকা পৰ্যন্ত কেবল ৰঙৰ সমাহাৰ। বিজ্ঞানীসকলে গণনা কৰি পালে যে এই বিশালতা আমাৰ সৌৰজগতৰ পৰিসীমাতকৈ প্ৰায় ৩০ লাখ গুণে ডাঙৰ আৰু ইয়াৰ কেন্দ্ৰভাগত থকা সূক্ষ্মতম অজ্ঞাত অন্ধকূপটোৰ ভৰ আমাৰ সূৰ্যৰ ভৰতকৈ ৬৫০ গুণ বেছি।

২০১৭ চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা এই তথ্যৰ ভিত্তিত তেওঁলোকে অধ্যয়ণ কৰি গম পালে যে মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত অৱস্থিত এই আচৰ্যকৰ অন্ধকূপটো দৰাচলতে এটি অতিকায় বিশাল (চুপাৰমাচিভ) ব্লেকহোলহে। লগে লগে 
আমেৰিকা যুক্তৰাষ্ট্রৰ বিজ্ঞান গবেষণা সংস্থা "নেচনেল চায়েন্স ফাউণ্ডেচন"ৰ তত্বাৱধানত দুশৰো অধিক জ্যোতিবিজ্ঞানী এই বিষয়ে অধিক গৱেষণাত ব্যস্ত হৈ পৰিল। 

ব্লেকহোলৰ চৌদিশে এক নিৰ্দিষ্ট সীমাৰ ভিতৰত মধ্যাকর্ষণ বল ইমানেই বেছি যে সেই স্থানৰ পৰা পোহৰো পাৰ হৈ আহিব নোৱাৰে। বিজ্ঞানীসকলে এই সীমাটোকেই "পইণ্ট অফ নো ৰিটাৰ্ণ" বা "ইভেণ্ট হৰাইযন" বোলে। নেচনেল চায়েন্স ফাউণ্ডেচনৰ বিজ্ঞানীসকলে মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত অৱস্থিত এই ব্লেকহোলটোৰ অধ্যয়ণৰ বাবে ব্যৱহাৰ কৰে ৮টা বিশালকায় "ইভেণ্ট হৰাইযন টেলিস্কোপ"। 

পৃথিবীৰ ৮ খন দেশৰ বিভিন্ন স্থানত স্থাপন কৰা অত্যন্ত শক্তিশালী এই ৮টা ইভেণ্ট হৰাইযন ৰেডিও টেলিস্কোপৰ পৰা আহৰণ কৰা ৰেডিও তৰংগৰ সহায়ত যোৱা বুধবাৰ, ১০ এপ্ৰিল, ২০১৯ত বিজ্ঞানীসকলে সংগ্ৰহ কৰি লয় মানৱ সভ্যতাৰ ইতিহাসৰ প্ৰথমখন "সীমাহীন অন্ধকাৰৰ ৰাজ্য" বা ব্লেকহোলৰ ছবি। ব্লেকহোলৰ এই ছৱিখনে ব্লেকহোলৰ অৱস্থিতি সম্বন্ধে থকা সন্দেহ দূৰ কৰি আইনস্টাইনৰ তত্বক পুনৰ এবাৰ অধিক মজবুত কৰি তোলে। 

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যবোৰৰ ভিতৰত ব্লেকহোল বা কৃষ্ণগহ্বৰ অন্যতম। বিজ্ঞানীসকলৰ মতে কৃষ্ণগহ্বৰবোৰ অতি বেছি ভৰ আৰু ঘনত্ব বিশিষ্ট ইন্ধনৰ অভাৱ ঘটা একোটা তাৰকা। হয়, থিক আমাৰ সূৰ্যৰ দৰেই একোটা তৰা। পাৰ্থক্য এইটোৱেই যে ব্লেকহোল তাৰকাবোৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। অতি বৃহৎ তাৰকাবোৰৰ ভিতৰত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়াত পৰ্যায় ক্ৰমে তৰাটোৰ কেন্দ্রভাগত হাইড্ৰজেনৰ পৰা হিলিয়াম আৰু পিছলৈ গধুৰ মৌল সমুহ সৃষ্টি হ'বলৈ ধৰে। 

এনেদৰে ক্ৰমান্বয়ে গধুৰ মৌলবোৰ উৎপন্ন হোৱাৰ ফলত তৰাটোৰ কেন্দ্রত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়া স্থবিৰ অথবা বন্ধ হৈ পৰে। ফলস্বৰূপে তৰাটো ইন্ধনৰ অভাৱত ভূগিবলৈ আৰম্ভ কৰে।এনেদৰে ইন্ধনৰ অভাৱ ঘটা তৰাটোৰ উষ্ণতাও ক্ৰমে হ্ৰাস পায় আৰু ইয়াৰ লগে-লগে তৰাটো সংকুচিত হ'বলৈ আৰম্ভ কৰে। তৰাটোৰ এই সংকোচন প্ৰক্ৰিয়া নিৰবচিন্ন ভাবে চলি থাকে। ফলত তৰাটোৰ ভৰ একে থকাৰ পিছতো আয়তন দ্ৰুত হাৰত কমি যোৱা বাবে ইয়াৰ ঘনত্ব অকল্পনীয় ভাবে বাঢ়ি থাকে। সংকুচিত এনে তৰাবোৰৰ শেষ পৰিনতি ভাবিলে আচৰিত হোৱাৰে কথা কিয়নো আমাৰ সূৰ্যৰ সমান ভৰ বিশিষ্ট তৰা এটা এই সংকোচনৰ ফলত এখন ফুটবল খেলপথাৰৰ সমান আয়তনৰ হৈ পৰিব ! বেছি ভাগ এনে সংকোচনশীল তৰা এটি চুপাৰনোভা হিচাবে বিষ্ফোৰিত হয় আৰু তৰাটোৰ অৱশিষ্ট অংশ এটি কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয়। এই কৃষ্ণগহ্বৰ বোৰৰ ঘনত্ব আৰু ভৰ ইমানেই বেছি যে ইয়াৰ মহাকৰ্ষণ বলো অকল্পনীয় হৈ পৰে। এই প্ৰচণ্ড মহাকৰ্ষণ বল অতিক্ৰম কৰি আনকি পোহৰো পাৰ হৈ আহিব নোৱাৰে আৰু সেইবাবেই কৃষ্ণগহ্বৰ বোৰ মহাকাশৰ একোটা অন্ধকাৰ গহ্বৰ সদৃশ। 

এইখিনিতেই এটি প্ৰশ্ন মনলৈ আহে - কৃষ্ণগহ্বৰৰ পৰা যিহেতু পোহৰ নিৰ্গত নহয়, বিজ্ঞানীসকলে ইয়াৰ অস্তিত্ব কেনেদৰে ধৰা পেলাইছে ? বিজ্ঞানীসকলে মহাকাশৰ বিভিন্ন স্থানত বিক্ষিপ্ত ভাবে কিছুমান তৰাই কোনো এটা বিশেষ বিন্দুক কেন্দ্ৰ কৰি ঘূৰ্ণীয়মান অৱস্থাত থকাটো ধৰা পেলাইছে। আন কিছুমান বিজ্ঞানীয়ে আকৌ কেতবোৰ মহাজাগতিক গেছীয় পদাৰ্থ সৰ্পিলাকাৰে দূৰ মহাকাশত কোনো এক বিন্দুৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত প্ৰত্যক্ষ কৰিছে। তেখেতসকলৰ মতে সেই অদৃশ্য কেন্দ্ৰবিন্দুবোৰেই একোটা কৃষ্ণগহ্বৰ, যাৰ প্ৰচণ্ড মহাকৰ্ষণীয় বলৰ প্ৰভাৱত চৌকাষৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহ আকৰ্ষিত হৈ কৃষ্ণগহ্বৰৰ বুকুত জাহ গৈ আছে অহৰহ। বিজ্ঞানীসকলে আমাৰ হাতীপটী তাৰকাৰাজ্যৰ কেন্দ্ৰটো এটা অতি শক্তিশালী কৃষ্ণগহ্বৰ থকা বুলি সদৰি কৰিছে। তেখেতসকলে এই কৃষ্ণগহ্বৰটোৰ নাম ৰাখিছে Sagittarius A.

Friday 5 April 2019

মৃত্যুশয্যাত আলেকজেণ্ডাৰৰ অন্তিম ইচ্ছা


মেচিড'নীয়াৰ ৰজা দ্বিতীয় ফিলিপৰ সুযোগ্য সন্তান আলেকজেণ্ডাৰৰ জন্ম হৈছিল খৃষ্ট পূৰ্ব ৩৫৬ চনত। বিখ্যাত দাৰ্শনিক এৰিষ্ট'টলৰ শিষ্য আলেকজেণ্ডাৰ লৰালিৰ পৰাই দুৰ্দান্ত সাহসী আছিল। এঘাৰ বছৰ বয়সত কেবল তৰোৱাল এখন লৈ মাত্ৰ ৩৫ হেজাৰ সৈন্যৰে বিশাল পাৰ্চীয়ান সাম্ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়ি গৈছিল আলেকজেণ্ডাৰ। খৃষ্ট পূৰ্ব ৩৩৬ চনত পিতৃ দ্বিতীয় ফিলিপৰ মৃত্যুত বিশ বছৰ বয়সতেই উত্তৰাধিকাৰী সূত্ৰে মেচিড’নীয়া নামৰ সৰু ভূখণ্ডৰ ৰজা হৈছিল তেওঁ। তাৰ দুবছৰ পিছৰ পৰাই আলেকজেণ্ডাৰে আৰম্ভ কৰে যুদ্ধ যাত্ৰা।

বৃহৎ পাৰ্চীয়ান সাম্ৰাজ্য জয় কৰি তেওঁ নিজকে ফাৰাও ঘোষণা কৰে। তাৰ পাছত আলেকজেণ্ড্ৰিয়া নগৰ প্ৰতিষ্ঠা কৰে যিখন নগৰ পিছলৈ শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে স্বীকৃতি লাভ কৰিছিল। পৰবৰ্তী সময়ত আলেকজেণ্ডাৰে মধ্য এচিয়া জয় কৰি হিন্দুকুশ পৰ্বত পাৰ হৈ সিন্ধু উপত্যকাৰ ৰজা পুৰুক পৰাস্ত কৰি সেই ভূমিখণ্ডও তেওঁৰ সাম্ৰাজ্যৰ অধীন কৰি লৈছিল। গ্ৰীছৰ পৰা ইজিপ্ট, মধ্য এচিয়া হৈ ভাৰত পৰ্যন্ত সেই সময়ৰ সকলো সভ্য দেশ জয় কৰি আলেকজেণ্ডাৰ হৈ পৰিছিল একছত্ৰী সম্ৰাট।

দেশ জয় কৰি সম্ৰাট আলেকজেণ্ডাৰ যেতিয়া গ্ৰীছলৈ ঘুৰি গৈ আছিল, তেতিয়া বেবিলন নামৰ ঠাইখনত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে আৰু শয্যাগত হয়। সম্ৰাট আলেকজেণ্ডাৰৰ অসুস্থতাই তেওঁৰ সৈন্য সকলক ব্যাথিত কৰি তোলে আৰু লগে লগে তেওঁলোকে কেইবাজনো চিকিৎসকক তেওঁৰ চিকিৎসাত নিয়োগ কৰে৷ চিকিৎসককৰ অপ্ৰাণ চেষ্টাৰ পিছতো আলেকজেণ্ডাৰৰ স্বাস্থ্যৰ উন্নতি হোৱা নাছিল। পৃথিৱী বিজয়ী সম্ৰাট আলেকজেণ্ডাৰেও যেন বুজি পাইছিল যে তেওঁৰ মৃত্যু সমাগত।

মৃত্যুৰ আগতে এবাৰ মাকক চাবলৈ অফুৰন্ত হেপাহ আছিল আলেকজেণ্ডাৰৰ৷ সেয়ে চিকিৎসক সকলক কোৱা হ'ল যাতে অন্তত তেওঁক শেষবাৰৰ কাৰণে গ্ৰীছলৈ যাব পৰাকৈ সুস্থ কৰি তোলা হয়৷ চিকিৎসক সকলেও সম্ৰাটৰ আৰোগ্যৰ বাবে সকলো চেষ্টা কৰিলে৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি নহ'ল৷ মৃত্যু অৱধাৰিত বুলি বুজি পাই সম্ৰাট আলেকজেণ্ডাৰে তেওঁৰ সেনাপতি সকলক কাষলৈ মাতি আনি ক'লে-
-ঃঃ মোৰ মাক কবা যে মই শেষবাৰৰ বাবে তেওঁক এবাৰ চাবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ৷

হুমুনিয়াহ এটা এৰি তেওঁ পুনৰ ক'বলৈ ধৰিলে : মোৰ তিনিটা শেষ ইছা আছে। মই বিচাৰো যাতে মোৰ মৃত্যুৰ পিছত সেইকেইটা অকণো হেৰফেৰ নোহোৱাকৈ আখৰে আখৰে পালন কৰা হয়।

-ঃঃ হে সম্ৰাট, আপোনাৰ আদেশ আমি নিশ্চিত ভাবে পালন কৰিম, আপুনি মাথোন আমাক আদেশ দিয়ক। - সেনাপতি সকলে ক'লে।

আলেকজেণ্ডাৰে ক'বলৈ ধৰিলে : মোৰ প্ৰথম ইচ্ছা এই যে, মোৰ মৃত্যুৰ পিছত যাতে মোৰ চিকিৎসক সকলেহে মোৰ কফিনটো কান্ধত লৈ যায়।

কিছুসময় ৰৈ তেওঁ পুনৰ ক'বলৈ ধৰিলে : মোৰ কফিনটো যেতিয়া মোৰ কবৰলৈ কঢ়িয়াই লৈ যোৱা হ'ব, তেতিয়া মোৰ কফিনটো যি পথেৰে যাব সেই পথটো যেন মই জীৱনত সংগ্ৰহ কৰা সোন, ৰূপ, হীৰা আৰু অন্যান্য বহুমূলীয়া ৰত্নবোৰেৰে সজাই তোলা হয়।

ভাগৰুৱা আলেকজেণ্ডাৰে কিছু জিৰণি লৈ পুনৰ ক'বলৈ ধৰিলে : মোৰ মৃত্যুৰ পিছত মোৰ দুয়োখন হাত মোৰ কফিনৰ বাহিৰত উলিয়াই ৰাখিহে কফিনটো কঢ়িয়াই নিবলৈ দিবা।

কিছুপৰ সকলো মৌন হৈ ৰ'ল। সকলোৰে অন্তৰত দুখৰ চাপ আৰু কৌতুহলী চাৱনি। নীৰবতা ভংগ কৰি আলেকজেণ্ডাৰৰ আটাইতকৈ প্ৰিয় সেনাপতিজন আগবাঢ়ি আহি তেওঁক সুধিলে -

: হে সম্ৰাট, আপোনাৰ আদেশ আমি অকনো হেৰফেৰ নোহোৱাকৈ পালন কৰিম ৷ কিন্তু আপোনাৰ এনে শেষ ইচ্ছাৰ কিবা বিশেষ কাৰণ আছে নেকি?

কম্পিত মাতেৰে ভাগৰুৱা আলেকজেণ্ডাৰে ক'বলৈ ধৰিলে : সেনাপতি, মোৰ প্ৰতিটো ইচ্ছাৰে অৰ্ন্তনিহিত একোটা কাৰণ আছে ৷ সকলোৱে বুজি পোৱা উচিত যে পৃথিৱীৰ কোনো চিকিৎসকেই কাকো সৰ্বকালৰ কাৰণে আৰোগ্য কৰি ৰাখিব নোৱাৰে। কোনো চিকিৎসকেই মৃত্যুক বাধা দিব নোৱাৰে। কোনেও যেন জীৱনটো অনন্ত কালৰ বাবে বুলি ধৰি নলয়। সেয়েহে মই বিচাৰো যেন মোৰ মৃতদেহ কঢ়িওৱা কফিনটো যেন মোৰ চিকিৎসক সকলেই কঢ়িয়াই নিয়ে।

মোৰ কফিনটো কঢ়িয়াই নিয়া পথত পৰি থকা মণি মুক্তাবোৰ দেখি মানুহে বুজিব পাৰিব যে সেইবোৰ আচলতে মূল্যহীন৷ মই মোৰ সমস্ত জীৱন এই অৰ্থহীন বস্তুবোৰ গোটোৱাতেই ব্যয় কৰিলো। কিন্তু আজি সেইবোৰ একো মোৰ লগত নাযায় ৷ মই গুছি যাম আৰু সেই সকলোবোৰ মণি মুকুটা মোৰ কফিন কঢ়িয়াই নিয়া বাটতেই পৰি ৰব ৷

মোৰ হাত দুখন কফিনৰ পৰা বাহিৰত উলিয়াই ৰাখিবা। সকলোৱে দেখা পাব যে মই যিদিনা পৃথিৱীলৈ আহিছিলো সেইদিনা খালী হাতেৰে আহিছিলোঁ আৰু আজি সমগ্ৰ বিশ্ব জয় কৰি সীমাহীন সম্পত্তিৰ মালিক হোৱাৰ পিছতো মই খালী হাতেৰেই উভতি যাবলৈ ওলাইছোঁ।

এই কথাখিনি কৈ মহান সম্ৰাট আলেকজেণ্ডাৰ মৌন হৈ পৰিল আৰু তাৰ কিছুসময় পিছতেই খৃষ্ট পূৰ্ব ৩২৩ চনত মাত্ৰ ৩৩ বছৰ বয়সতেই তেওঁ ইহলীলা সম্বৰণ কৰে।