Saturday 26 December 2015

তেজস্ক্ৰিয় কাৰ্বনৰ সহায়ত জীৱাশ্মৰ বয়স নিৰ্ধাৰণ


মহাকাশৰ বিভিন্ন গ্রহ, নক্ষত্র বা মহাজাগতিক অন্যান্য পদাৰ্থসমূহৰ পৰা সদায়ে এক ধৰণৰ তেজস্ক্রিয় ৰশ্মি বিকিৰণ হৈ আমাৰ বায়ুমণ্ডলত প্ৰবেশ কৰে। এই ৰশ্মিক মহাজাগতিক ৰশ্মি বোলে। মহাজাগতিক ৰশ্মিত যিবোৰ নিউট্রন থাকে সেইবোৰে বায়ুমণ্ডলৰ নাইট্রোজেন পৰমাণুৰ নিউক্লিয়াচত আঘাত কৰাৰ ফলত নিউক্লিয় বিক্রিয়া সংঘটিত হয় আৰু নাইট্রোজেন নিউক্লিয়াচৰ ভঙ্গন হয়। ইয়াৰ ফলত সম্পূর্ণ নতুন ভৰ সংখ্যাৰ দুটি ভিন ভিন পৰমাণুৰ নিউক্লিয়াচ সৃষ্টি হয়। নবগঠিত এই পৰমাণু দুটাৰ এটা হ'ল হাইড্রোজেন আৰু আনটো তেজস্ক্রিয় কার্বন। উৎপন্ন হোৱাৰ অলপ সময়ৰ পিছতেই তেজস্ক্রিয় কার্বন পৰমাণুবোৰে বায়ুমণ্ডলৰ অক্সিজেন পৰমাণুৰ সতে যুক্ত হৈ তেজস্ক্রিয় কার্বন-ডাই-অক্সাইড অনু গঠন কৰে। সেউজীয়া উদ্ভিদে খাদ্য তৈয়াৰ কৰাৰ উদ্দেশ্যে বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড (স্থিতিশীল ও তেজস্ক্রিয় উভয় প্রকাৰৰ) শোষণ কৰে আৰু শোষণ কৰা এই কার্বন-ডাই-অক্সাইড অণুবোৰে উদ্ভিদৰ দেহৰ ভিতৰত ৰাসায়নিক বিক্রিয়া কৰি কাবর্ন (তেজস্ক্রিয় ও অতেজস্ক্রিয়) আৰু অক্সিজেন পৰমাণুত বিভক্ত হৈ যায়। পৰিবর্তিত এই অক্সিজেন পৰমাণুবোৰ পৰ্যায়ক্ৰমে উদ্ভিদৰ দেহৰ পৰা বিভিন্ন জৈৱিক প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই আহে কিন্তু তেজস্ক্রিয় ও অতেজস্ক্রিয় উভয় প্রকাৰৰ কার্বন পৰমাণুবোৰ উদ্ভিদ দেহৰ ভিতৰতে থাকি যায়। যিহেতু পশু পক্ষীৰ আৰু মানুহে খাদ্য হিচাবে উদ্ভিদ, ফলমূল ও শস্যৰ দানা গ্রহণ কৰে, ফলত উদ্ভিদৰ দেহত জমা হৈ থকা কার্বন (তেজস্ক্রিয় ও অতেজস্ক্রিয়) পশু পক্ষী আৰু মানুহৰ শৰীৰত প্ৰবেশ কৰে। 

উদ্ভিদ আৰু প্রাণীৰ দেহত কার্বনৰ এই সৰবৰাহ এনেদৰে ঘটি থাকে যে, মৃত্যুৰ সময়ত প্রতিটো জীবদেহত তেজস্ক্রিয় আৰু অতেজস্ক্রিয় কার্বনৰ অনুপাত সদায় সমান অৰ্থাৎ ১:১ অনুপাতত থাকে। মৃত্যুৰ পিছত জীৱদেহৰ তেজস্ক্রিয় কার্বনৰ পৰমাণুবোৰে তেজস্ক্রিয় ৰশ্মি বিকিৰণ কৰি ধীৰে ধীৰে ক্ষয়প্রাপ্ত হৈ থাকে। কিন্তু অতেজস্ক্রিয় কার্বন পৰমাণুবোৰৰ নিউক্লিয়াচ সুস্থিৰ। সেয়ে মৃতদেহত যুগ যুগ ধৰি অতেজস্ক্রিয় কার্বনৰ প্রতিটো পৰমাণু অক্ষুন্ন হৈ থাকে। গবেষণাত এইটো প্রমাণিত হৈছে যে তেজস্ক্রিয় কার্বনৰ অর্ধায়ু কাল ৫৭৬০ বছৰ। অর্থাৎ ৫৭৬০ বছৰৰ পিছত কোনো মৃতদেহত থকা তেজস্ক্রিয় কার্বন পৰমাণুৰ সংখ্যা কমি পূৰ্বৰ আধা হৈ পৰে। 

এতিয়া ধৰা হওঁক, এটা জীৱাশ্মত ৫০০টা তেজস্ক্রিয় ও ১০০০টা অতেজস্ক্রিয় কার্বন পৰমাণু আছে। তেন্তে জীৱাশ্মটোত তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত ০.৫ : ১। অৰ্থাৎ জীৱাশ্মটো অর্ধায়ু কালত উপস্থিত হৈছে। সেয়ে এই জীৱাশ্মটোৰ বর্তমান বয়স ৫৭৬০ বছৰ। তেনেদৰে জীৱাশ্মটোত যেতিয়া তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত ০.২৫ : ১ হ'ব, তেতিয়া জীৱাশ্মটোৰ বয়স হ'বগৈ ৫৭৬০ x ২ = ১১৫২০ বছৰ। বিজ্ঞানত এনেদৰেই তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত নির্ণয় কৰি কার্বনৰ অর্ধায়ু কালৰ দ্বাৰা এটি গাণিতিক সমীকৰণৰ সহায়ত যিকোনো পুৰণি বস্তু, শিলাখণ্ড, জীৱাশ্ম আনকি পৃথিৱী বা আন গ্ৰহৰ বয়স নির্ণয় কৰা হয়।

Thursday 24 December 2015

জোনবাইৰ বুকুত এখন সপোনৰ ঘৰ


1969ৰ পৰা 1972 চনলৈ সৰ্বমুঠ 12 জন মানুহে চন্দ্ৰত পদাৰ্পণ কৰাৰ পিছত আজিলৈকে যিবোৰ চন্দ্ৰ অভিযান সম্পণ্ণ হৈছে, সেইবোৰ মানববিহীন। ভাৰতৰ মহান বিজ্ঞানী এ পি জে আব্দুল কালামে পোন প্ৰথম বাৰৰ বাবে কৈছিল : "পৃথিৱীৰ বাহিৰেও বহি:বিশ্বৰ কোনোবা গ্ৰহ-গ্ৰহান্তৰত এদিন মানুহে বসতি স্থাপন কৰিব লাগিব আৰু প্ৰাথমিক পদক্ষেপ হিচাবে মানুহে জোনবাইকে বাচি ল'ব লাগিব"। ডঃ কালামৰ সেই সপোন আজি সাৰ্থক হোৱাৰ পথত। ইউৰোপীয় মহাকাশ সংস্থা, ৰাচিয়াৰ ফেডাৰেল স্পেচ এজেন্সী আৰু চীনৰ বিজ্ঞানীসকলে বৰ্তমান ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিছে জোনবাইৰ বুকুত মানুহৰ বসতি স্থাপনৰ সপোন সাৰ্থক কৰাৰ বাবে। ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ হিচাবে বিভিন্ন ৰবট আৰু ৰবটিক যান প্ৰেৰণ কৰি জোনবাইৰ দেশত এখন উপনিবেশ স্থাপন কৰা হ'ব। উপনিবেশ তৈয়াৰ হোৱাৰ পিছত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু পানী চন্দ্ৰপৃষ্ঠৰ মাটিৰ পৰাই আহৰণ কৰাৰ পৰিকল্পনা যুগুতাই উলিয়াইছে বিজ্ঞানীসকলে। বিজ্ঞানীসকলৰ আশাকৰা মতে অহা বছৰ অৰ্থাৎ 2016 চনৰ পৰাই এই প্ৰজেক্টৰ কাম আৰম্ভ হ'ব আৰু সকলো সুচাৰুৰূপে পৰিচালিত হ'লে 2040 চনৰ ভিতৰত মানুহে জোনবাইৰ সপোনৰ ঘৰত কটাব পাৰিব জীৱনৰ সেই অপূৰ্ব সময়বোৰ। হয়তো আপোনাৰ জোনবাইৰ ঘৰলৈ এপাক ফুৰি অহাৰ চলেৰে কোনোবা এটা গ্ৰীষ্মৰ বন্ধত আমাৰো যোৱাৰ সৌভাগ্য হ'ব পাৰে।

Tuesday 22 December 2015

শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ


1907 চনৰ কথা। তেতিয়া তেওঁ 20 বছৰীয়া এজন চফল ডেকা। ভীষণ আৰ্থিক সংকট আৰু পেটত ক্ষুধাৰ যন্ত্ৰণা লৈ তেওঁ ব্ৰতী হৈ ৰৈছিল গণিতৰ জগতখনত। তেওঁ আছিল শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ। 1887 চনৰ 22 ডিচেম্বৰত তামিলনাডুৰ পাল্লীপালায়াম নামৰ গাওঁত এই বিখ্যাত গণিতজ্ঞজনৰ জন্ম হৈছিল। তেওঁৰ দেউতাকে এখন কাপোৰৰ দোকানত কৰ্মচাৰী হিচাবে কাম কৰি যি অৰ্থ উপাৰ্জন কৰিছিল সেই অৰ্থৰে সংসাৰ চলোৱাত অসুবিধা হৈছিল বাবে তেওঁৰ মাতৃয়েওমন্দিৰত গীত গাই ধন উপাৰ্জন কৰিবলগীয়া হৈছিল। 1892 চনত 5 বছৰ বয়সত ৰামানুজনক প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়া হৈছিল। 1897 চনত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি হাইস্কুলত নামভৰ্তি কৰাৰ পিছত তেওঁ গণিতৰ সোৱাদ পায় আৰু গণিত তেওঁৰ প্ৰিয় বিষয় হৈ পৰে। অতি আচৰিত হ'লেও এইটো সত্য যে মাত্ৰ 11 বছৰ বয়সতে ৰামানুজনে বিদ্যালয় পৰ্যায়ৰ গণিত শেষ কৰি কলেজৰ ছাত্ৰৰ পৰা কলেজীয়া গণিত পাঠ্যক্ৰম শিকিবলৈ লয়। মাত্ৰ 13 বছৰ বয়সতে কলেজ পৰ্যায়ৰ S. L. Loneyৰ দ্বাৰা প্ৰণেত Advanced Trigonometry নামৰ গণিতৰ কিতাপখন সংগ্ৰহ কৰি সেইখনত বুৎপত্তি লাভ কৰে। তেওঁ বিদ্যালয়ত গণিতৰ পৰীক্ষা এঘণ্টাৰ ভিতৰতে শেষ কৰি সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হৈছিল। তেওঁ বিদ্যালয়ত পঢ়ি থাকোতেই গণিতত থকা পাৰদৰ্শীতাৰ বাবে বিভিন্ন বঁটা, সন্মান আৰু জলপানী পাইছিল। পিছলৈ তেওঁ এজন বিখ্যাত গণিতজ্ঞ হিচাবে পৰিচিত হৈছিল। মাত্ৰ 32 বছৰ বয়সত এই মহান গণিতজ্ঞজনৰ মৃত্যু হয়। আজি তেওঁৰ 128 বছৰীয়া জন্মদিনত তেখেতলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।

Sunday 20 December 2015

দাৰ্শনিক চক্ৰেটিচ আৰু এপিয়লা হেমলক


তেওঁৰ মুখত নাই কোনো উৎকণ্ঠতাৰ ভাব। শান্ত-সমাহিত ভাবে তেওঁ বহি আছে জেলৰ এচুকৰ আসনখনত। ভগৱান সম্বন্ধে থকা প্ৰচলিত ধাৰণাৰ বিৰুদ্ধাচৰণ কৰা আৰু যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ অভিযোগত চক্ৰেটিচ বিচাৰৰ কাঠগড়াত থিয় হৈছিল। তেওঁক দোষী সাব্যস্ত কৰা হ'ল। বিচাৰৰ ৰায় হিচাবে তেওঁক মৃত্যুদণ্ড বিহা হ'ল। মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ বাবে তৈয়াৰ কৰা হৈছে এপিয়লা বিহ- হেমলক ! জেলৰ বিষয়াজনে ইংগিত প্ৰদান কৰাৰ লগে-লগে ক্ষীণকায় চেহেৰাৰ ভৃত্য এজনে তেওঁলৈ আগবঢ়াই দিলে বিষাক্ত হেমলকৰ পিয়লাটো।
জেলৰ বিষয়াজনে ক'লে: মহাশয়, আপুনি নিশ্চয় বুজি পাইছে এয়া কি ?
চক্ৰেটিচে পিয়লাটো হাতত লৈ সুধিলে: এতিয়া মই কি কৰিব লাগিব ?
বিষয়াজনে ক'লে: আপুনি পিয়লাৰ বিষখিনি পান কৰি কোঠাটোৰ ভিতৰতে অলপ পায়চাৰি কৰক। যেতিয়া আপোনাৰ ভৰি দুখন গধুৰ-গধুৰ যেন অনুভৱ হ'ব, তেতিয়া আপুনি সেই বিচনাখনত শুই দিব।
: মই বুজি পাইছো। - চক্ৰেটিচে ক'লে।
জেলৰ ভিতৰত যেন ভয়াবহ নীৰৱতা। চক্ৰেটিচে মূৰ তুলি চালে। তেওঁ দেখা পালে, তেওঁৰ মৰমৰ ছাত্ৰবোৰৰ চকুবোৰ চলচলীয়া। জেলৰ নীৰৱতা ভাঙি চক্ৰেটিচে ক'বলৈ ধৰিলে: এয়া কেনে কথা ! কন্দা কটা হ'ব বুলিয়েই মই জেলৰ ভিতৰলৈ মহিলাসকলক আহিবলৈ অনুমতি দিয়া নাছিলো, আৰু এতিয়া তোমালোকে এনে কৰিলে ভাল হ'ব জানো ?
চক্ৰেটিচৰ প্ৰিয় শিষ্য এপোলোডাচ বেছিকৈ বিচলিত হৈছিল। তেওঁৰ উচুপনি বন্ধ কৰিবলৈ চক্ৰেটিচে ক'লে: মই নীৰৱতাৰ মাজত মৰিব বিচাৰো। আশাকৰো তুমি বুজি পাইছা এপোলোডাচ...।
এইবুলি কৈ তেওঁ দুচকু ক্ষন্তেকৰ বাবে বন্ধ কৰি পোন হৈ বহি ল'লে আৰু তাৰপিছত জেলৰ ভিতৰৰ সকলো শিষ্যৰ পিনে এবাৰ চাই হেমলকৰ পিয়লাটোৰ পৰা বিষখিনি মুখত ঢালি দিলে। জেলৰ ভিতৰত তেতিয়া কেবল উচুপনিৰ শব্দ। চক্ৰেটিচে জেলৰ কোঠাটোৰ ভিতৰতে পায়চাৰি কৰিবলৈ ধৰিলে। এটা সময়ত তেওঁ মৰমৰ আন এজন শিষ্য ক্ৰিটোক জনালে যে তেওঁৰ ভৰি দুখন ক্ৰমে জথৰ হৈ আহিছে। শিষ্যসকলে তৎক্ষাণাত তেওঁক আলফুলে ধৰি কাষতে থকা বিচনাখনত শুৱাই দিলে। তেওঁৰ মূৰত এখন কাপোৰ ঢাকি দিয়া হ'ল। কেইজনমানে তেওঁৰ ভৰি দুখনত মৃদু ভাবে মালিচ দিবলৈ আৰম্ভ কৰিলে।
: মহাশয়, ভৰি দুখনত কিবা অনুভৱ কৰিছে নে ? - শিষ্যসকলে সোধে।
চক্ৰেটিচে চকুৰে কিবা এটি ইংগিত দিয়ে। শিষ্যসকলৰ উচুপনিৰ শব্দবোৰ ক্ৰমাৎ বেছি হৈ আহিল। এনেতে চক্ৰেটিচে মূৰৰ পৰা কাপোৰখন আঁতৰাই কৈ উঠিল: ক্ৰিটো, মই এচক্লেপিয়াচক কুকুৰা এটা দিবলৈ থাকি গ'ল। তুমি মোৰ হৈ তেওঁক কুকুৰাটোৰ মূল্যটো পৰিশোধ কৰি দিবানে ?
হুকহুকাই কান্দি উঠিল ক্ৰিটো। থোকাথুকি মাতেৰে তেওঁ ক'লে: নিশ্চয় কৰিম মহাশয়। আপুনি আৰু কিবা ক'বনে ?
চক্ৰেটিচৰ পৰা আৰু কোনো উত্তৰ নাহিল। ইতিমধ্যে পৃথিৱীৰ মায়া এৰি নীৰৱেই গুচি গৈছিল বিখ্যাত দাৰ্শনিক চক্ৰেটিচ।

সপোন : এক বিষ্ময়কৰ অৱচেতন অনুভূতি



যোৱাকালিৰ কথাবোৰ আজিৰ বাবে এটি স্মৃতি মাথোন আৰু অহাকালিৰ কথাবোৰ আজিৰ বাবে এটি সপোন। সপোন সঁচাকৈয়ে এক আচৰিত অনুভৱ। মানুহে নিজৰ সম্পূৰ্ণ জীৱনকালৰ প্ৰায় 33% সময় নিদ্ৰাৰ মাজেৰে পাৰ কৰে আৰু এই নিদ্ৰামগ্ন সময়চোৱাত মানুহৰ অৱচেতন মনত ভূমুকি মাৰি যায়হি কল্পনাশ্ৰয়ী সপোন বোৰে। সপোনক লৈ ৰহস্যৰ শেষ নাই। পৃথিৱীত এনে এজন মানুহ পোৱা নেযাব- যিজনে সপোন দেখা নাই। আচৰিত যেন লাগিলেও এইটো সত্য যে অন্ধ ব্যক্তিয়েও সপোনৰ সোৱাদ লয়, অৱশ্যে তেখেতসকলৰ সপোনত থাকে কেবল শব্দৰ সমাহাৰ। জন্মৰ পিছত মানব শিশুৱে প্ৰায় তিনি বছৰ বয়সৰ পৰাই সপোনৰ লগত পৰিচিত হয়। বিজ্ঞানীসকলৰ মতে শিশু সকলে নিদ্ৰামগ্ন অৱস্থাত আটাইতকৈ বেছি সপোন দেখে। বয়স বাঢ়ি কৈশোৰ অৱস্থা পোৱালৈ সপোনৰ সংখ্যা কমি আহে। যুৱকালৰ পৰা প্ৰৌঢ় অৱস্থালৈ বয়স বাঢ়ি অহাৰ লগতে সপোনৰ পৰিমাণো কমি আহে। গৱেষক সকলৰ মতে নবৈ বছৰ বয়সৰ পিছত মানুহে সপোন প্ৰায় নেদেখেই আৰু এনে বয়সৰ লোকে বহুদিন সপোন নেদেখাকৈ পৃথিৱীৰ পৰা মেলানি মাগে। সচৰাচৰ ক্লান্ত এজন লোকে নিদ্ৰাৰ প্ৰথম দুঘণ্টাত সপোন নেদেখে। এই সপোন নেদেখা নিদ্ৰাৰ সময়চোৱাক Nonrapid Eye Movement Period বোলে। ইয়াৰ পিছৰ পৰ্যায়ত, যেতিয়া নিদ্ৰামগ্ন অৱস্থাত দেহৰ ক্লান্তি আঁতৰে, তেতিয়াই মানুহে সপোন দেখা আৰম্ভ কৰে আৰু এই সময়চোৱাক Rapid Eye Movement Period বা REM বোলে। এজন মানুহৰ নিদ্ৰাকালৰ প্ৰতি 90 মিনিটৰ একোটা পৰ্যায়ত প্ৰায় 10 মিনিটৰ একোটা REM Period থাকে। অৰ্থাৎ যিজন মানুহে নিতৌ ছঘণ্টা সময় শোৱে, তেওঁ নিদ্ৰাকালত চাৰিটা REM Period পায় আৰু সেয়েহে মানুহজনে নিদ্ৰামগ্ন অৱস্থাত অতি কমেও চাৰিটা সপোন দেখাৰ সম্ভাৱনা থাকে। পিছে দুখৰ কথাটো হ'ল এয়ে যে সাৰ পোৱালৈ আমি সপোনবোৰৰ প্ৰায় 90% কথাই পাহৰি যাওঁ। প্ৰতিদিনে ছঘণ্টাকৈ টোপনি যোৱা এজন মানুহে দৈনিক গড় হিচাবে যদি চাৰিটা সপোন দেখে, তেন্তে তেওঁ এমাহত মুঠ সপোন দেখিব প্ৰায় 120 টা। একেদৰে বছৰত এই সংখ্যাটো হ'বগৈ 1440 টা। এই গণনাৰ আঁত ধৰি আমি হিচাব কৰি পাম যে 70 বছৰ বয়সলৈ তেওঁ দেখা সপোনৰ সংখ্যা হ'বগৈ প্ৰায় এক লাখ টা ! এতিয়া আপুনি নিজেই হিচাব কৰি উলিয়াব পাৰিব আপুনি এতিয়ালৈকে দেখা সপোনৰ সংখ্যাটো। পিছে, আপুনি ইয়াৰ 90%তকৈও বেছি সপোনেই মনত ৰাখিব পৰা নাই। বৰ আচৰিত কথা নহয়নে বাৰু ? শুভৰাত্ৰি ! ইংৰাজীত কোৱাৰ দৰেই: Sweet Dreams !!!

Friday 18 December 2015

ইলেকট্ৰণৰ আৱিষ্কাৰক যোচেফ জন থমচন



ইলেকট্ৰণৰ আৱিষ্কাৰক এই মহান বিজ্ঞানীজনৰ আজি 159তম ওপজা দিন। 1856 চনৰ 18 ডিচেম্বৰৰ দিনা ইংলেণ্ডৰ মানচেষ্টাৰ চহৰত থমচনৰ জন্ম হৈছিল। লণ্ডনৰ ৰয়েল চচাইটিৰ সদস্য এই মহান বিজ্ঞানীজনে 1884 চনৰ পৰা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰফেচৰ হিচাবে আসন শুৱনি কৰিছিল। সেই সময়চোৱাত তেখেতে আৰ্নেষ্ট ৰাডাৰফৰ্ড, অপেনহেইমাৰ, নেইলচ ব'ৰ আদি বিখ্যাত বিজ্ঞানীসকলক শিক্ষাগুৰু হিচাবে পাঠদান কৰিছিল। 1897 চনত তেখেতে এক যুগান্তকাৰী আৱিষ্কাৰ কৰে। তেখেতে এটি দীঘল কাচৰ নলীৰ মাজেৰে বৈদ্যুতিক সোঁত প্ৰবাহিত কৰি কেথড ৰশ্মিৰ ওপৰত এলানি পৰীক্ষা কৰি থাকোতে আৱিষ্কাৰ কৰি পেলালে যে কেথড ৰশ্মিবোৰ বিদ্যুৎ ঋণাত্মক আৰু এই ঋণাত্মক আধানযুক্ত কেথড ৰশ্মিবোৰ পদাৰ্থৰ পৰমাণুতকৈও সূক্ষ্ম কিছুমান কণাৰ সমষ্টি। তেখেতে গণনা কৰি উলিয়ালে যে এই ঋণাত্মক কণাবোৰৰ আধান আৰু ভৰৰ অনুপাতটো যথেষ্ট বেছি। অৰ্থাৎ আধানৰ তুলনাত ভৰৰ মান তেনেই নগন্য এই কণাবোৰ পৰমাণুৰেই এটা সূক্ষ্মতম অংশ (subatomic particle)। এই সূক্ষ্মতম কণাবোৰকেই "ইলেকট্ৰণ" বুলি নামাকৰণ কৰা হয়। থমচনৰ এই আৱিষ্কাৰে জন ডেল্টনৰ পাৰমানবিক তত্বটো লৰক-ফৰক কৰি তোলে আৰু পৰমাণু যে অবিভাজ্য নহয় তাৰ প্ৰমাণ দাঙি ধৰে। তেখেতৰ এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ বাবে 1906 চনত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা প্ৰদান কৰা হয়। 1906 চনত নবেল বঁটাৰে সন্মানিত হোৱা বিজ্ঞানীজনৰ সাত জন ছাত্ৰ (বিজ্ঞানী) আৰু তেওঁৰ নিজৰ সন্তান জৰ্জ থমচনেও বিভিন্ন বিষয়ত ভিন ভিন সময়ত নবেল বঁটাৰে বিভুষিত হৈছিল। 1940 চনৰ 30 আগষ্টৰ দিনা 83 বছৰীয়া এই মহান বিজ্ঞানীজনৰ দেহাৱসান ঘটে। আজি তেখেতৰ 159তম ওপজা দিনত আমাৰ সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ।

Thursday 17 December 2015

বিজ্ঞানী নিউটন আৰু তেওঁৰ আপেল গছজোপা


বাগিচাত এজোপা আপেল গছৰ তলত বহি থাকোতে হঠাৎ নিউটনৰ মূৰত এটা আপেল সৰি পৰাৰ কাহিনীটো আমি সকলোৱে জানো। কিন্তু সেই আপেল গছজোপাৰ কিছু কথা আমি বহুতেই নেজানো। আজিৰ পৰা 328 বছৰ পূৰ্বে অৰ্থাৎ 1687 চনত বিজ্ঞানী আইজাক নিউটনে তেখেতৰ মাধ্যাকৰ্ষণৰ তত্বটো প্ৰকাশ কৰিছিল। যিজোপা আপেল গছৰ তলত বিজ্ঞানীজনৰ এই চিন্তাৰ উদ্ৰেক ঘটিছিল, তেওঁলোকৰ বাগিচাৰ সেই আপেল গছজোপা বৰ্তমান বয়সৰ হিচাবত প্ৰায় 360 বছৰীয়া ! সাধাৰণতে এজোপা আপেল গছ 50 ৰ পৰা 80 বছৰলৈহে জীয়াই থাকে। পিছে ইংলেণ্ডৰ লিংকনশায়াৰ উইলসথর্পমানৰ এই আপেল গছজোপাৰ কথা সুকীয়া। ইংলেণ্ডৰ গ্রান্থাম চহৰৰ কিংচ স্কুলৰ দাবী অনুসৰি এই আপেল গছজোপা স্কুল কর্তপক্ষই কিনি লৈ নতুনকৈ স্কুল চৌহদত ৰোপণ কৰিছিল। পিছত এই গছজোপাৰ পৰা অংগজ প্ৰজনন ঘটাই কেমব্রিজৰ ট্রিনিটি কলেজ চৌহদত পুনৰ ৰোপণ কৰা হয়। নিউটন ট্রিনিটি কলেজত অধ্যয়নৰত অৱস্থাত কলেজৰ যি কক্ষত থাকি পঢ়াশুনা কৰিছিল, থিক তাৰ নিচেই কাষতেই গছজোপা বৰ্তমান অবস্থিত। এই গছজোপা প্ৰকৃততে নিউটনৰ বাগিচাৰ সেই আপেলজোপা হয় নে নহয়, তাৰ সত্যতা নিৰূপণ কৰাৰ বাবে অক্সফোর্ড ইউনিভাৰ্চিটিত গছজোপাৰ DNA পৰীক্ষা সম্পণ্ণ কৰা হৈছিল আৰু পৰীক্ষাৰ পৰা এইটো নিশ্চিত হোৱা যায় যে এই জোপা গছেই সেই বিশেষ আপেল গছজোপাৰ অংশবিশেষ, যিজোপা গছৰ তলত বহি সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী আইজাক নিউটনে আৱিষ্কাৰ কৰিছিল মাধ্যাকৰ্ষণৰ সূত্ৰ।

Sunday 13 December 2015

বিগ ক্রাঞ্চ বা মহা সংকোচন


আমি প্ৰায় সকলোৱে বিগ বেং বা মহানাদৰ বিষয়ে কিছু কথা জানো। এই তত্ব মতে আমাৰ দৃষ্টিত ধৰা পৰা সসীম মহাবিশ্বৰ লগতে আমাৰ চকুৰ পৰা সদায়ে আঁতৰত থাকি যোৱা বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাৰ সৃষ্টিৰ মূল হ'ল এই বিগ বেং। আচৰিত হ'লেও সত্য যে বিগ বেঙৰ পৰাই সৃষ্টি হৈছে সময়। পিছে বিগ বেঙৰ প্ৰতিৰূপ আন এক পৰিঘটনা সম্বন্ধেও বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে আৰু এই পৰিঘটনাটোক বিগ ক্রাঞ্চ বা মহা সংকোচন বোলা হয়। এই তত্ব মতে আমাৰ বিশ্বব্ৰহ্মাণ্ড ভৱিষ্যতে পুনৰ সংকুচিত হৈ এটা আদি বিন্দুত পৰিণত হ'ব, স্থবিৰ হৈ পৰিব সময়। পিছে এই তত্বটোনো কি? নিউটনৰ মহাকৰ্ষণ সূত্ৰ আমি সকলোৱেই জানো। একেদৰে আমি জানো যে বল প্ৰয়োগ কৰিলে পদাৰ্থৰ স্থান সলনি হোৱাৰ লগতে পদাৰ্থটো ত্বৰিত (accelerate) হয়। বিগ বেঙৰ সময়ত সৃষ্টি হোৱা বলে সৃষ্টি মূহুৰ্তৰ পদাৰ্থকণাবোৰক ত্বৰণ দিছিল আৰু এই ত্বৰণৰ বাবেই পদাৰ্থকণাবোৰ কেউদিশে বিস্তাৰিত হৈছিল। বিজ্ঞানী এডুইন হাব'লৰ মতে এই প্ৰক্ৰিয়া এতিয়াও চলি আছে অৰ্থাৎ আমাৰ বিশ্বব্ৰহ্মাণ্ড প্ৰসাৰণশীল অৱস্থাত আছে। পিছে আইজাক নিউটনৰ মহাকৰ্ষণ সূত্ৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ পদাৰ্থকণাবোৰৰ মাজত মহাকৰ্ষণ বলে ক্ৰিয়া কৰি আছে। অৰ্থাৎ মহাকৰ্ষণ বল আৰু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণশীলতা- এই দুই পৰিঘটনাৰ ক্ষেত্ৰত এটাই আনটোৰ বিপৰীত দিশে ক্ৰিয়া কৰি আছে। গাণিতিক ভাবে মহাকৰ্ষণ বল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণশীল বলতকৈ কম হোৱা বাবে বিশ্বব্ৰহ্মাণ্ডৰ পৰিসৰ সদায়ে বৃদ্ধি হৈ আছে। কিন্তু এটা সময়ত এই দুই বলৰ মান সমান হ'ব আৰু তেতিয়াই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণ বন্ধ হ'ব। ইতিমধ্যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত ডাৰ্ক মেটাৰ বা অন্ধকাৰ পদাৰ্থৰ উপস্থিতি ঘোষণা কৰিছে। এই ডাৰ্ক মেটাৰবোৰে বিজ্ঞানীসকলে আশা কৰাতকৈ অধিক ক্ষিপ্ৰভাবে মহাকৰ্ষণ বল শক্তিশালী কৰি তুলিছে। যদি এইটো সত্য, তেন্তে ভৱিষ্যতৰ সময়চোৱাৰ কোনোবাখিনিত আমাৰ প্ৰসাৰণশীল বিশ্বব্ৰহ্মাণ্ডখন স্থবিৰ হৈ পৰিব আৰু তাৰপিছত বিশ্বব্ৰহ্মাণ্ডখন ক্ৰমে সংকুচিত হ'বলৈ ধৰিব। বিশ্বব্ৰহ্মাণ্ডৰ এই সংকোচন প্ৰক্ৰিয়াকেই বিজ্ঞানীসকলে বিগ ক্রাঞ্চ বা মহাসংকোচন বুলি অভিহিত কৰিছে। এনেদৰে সংকুচিত হৈ হৈ এদিন আমাৰ বিশ্বব্ৰহ্মাণ্ডখন পুনৰ এটা বিন্দু সদৃশ কণালৈ পৰিবৰ্তিত হ'ব আৰু এই বিন্দুটোকেই বিজ্ঞানৰ ভাষাত "চিংগুলাৰিটি" বুলি কোৱা হয়। সেই চিংগুলাৰিটিত আপুনি, মই, গছ-লতিকা, চৰাই , আকাশ, চন্দ্ৰ-সূৰ্য একোৱেই নেথাকিব। নেথাকিব বতাহ, নেথাকিব পোহৰ অথবা আপোনাৰ-মোৰ ঘড়ীত টিক-টিক কৈ বাজি থকা সময় !!!

পানীৰে আলোকিত হোৱা লেম্প বা লণ্ঠনটো


আয়েছা মিজেনো আৰু ৰাফেল মিজেনো নামৰ দুজন ভাই ককাইৰ এটা প্ৰধান সমস্যা আছিলে- ফিলিপাইনৰ বৈদ্যুতিক নাটনি। ছাত্ৰ অৱস্থাৰ পৰাই দৰিদ্ৰ পৰিয়ালৰ এই দুই ভাতৃয়ে বিদ্যুতৰ সমস্যাৰ বাবে পঢ়াশুনাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কেৰাচিনৰ অভাবে এই সমস্যা দুগুণে বঢ়াইছিল। তেওঁলোকৰ এই সমস্যাই কিন্তু তেওঁলোকক হতাশ কৰাৰ সলনি কিবা এটা নতুনকৈ চিন্তা কৰিবলৈহে অনুপ্ৰাণিত কৰিলে। পিছলৈ এই ভাতৃদ্বয়ে সাজি উলিয়ালে পানীৰে আলোকিত হোৱা Sustainable Alternative Lighting বা SALt লেম্প। ইয়াৰ বাবে তেওঁলোকে ধাতুৰ সৰু দণ্ড বিদ্যুতদ্বাৰ আৰু লুণীয়া পানীক বিদ্যুত বিশ্লেষ্য হিচাপে লৈ পানীৰ পৰাই বিভৱ সৃষ্টি কৰি তাৰ সহায়ত LED বা Light Emitting Diodৰ পৰা পৰ্যাপ্ত পোহৰ পোৱাৰ এটি কৌশল আৱিষ্কাৰ কৰে। পিছলৈ কেইজনমান বিশেষজ্ঞ ইঞ্জিনীয়াৰৰ উদ্যোগত এই লেম্পটোৰ প্ৰয়োজনীয় সালসলনি খিনি কৰি বৰ্তমান ইয়াক ফিলিপাইনৰ বাসিন্দাসকলৰ বাবে সহজলভ্য ভাবে বজাৰত মুকলি কৰি দিয়া হৈছে। এই লেম্পটোৰ বিশেষ সুবিধাবোৰ হৈছে - ই পৰিবেশৰ বাবে ক্ষতিকাৰক নহয়, কেৰাচিনৰ অভাব দূৰ কৰে, পানীক ইন্ধন হিচাবে লোৱা বাবে কম খৰছী, সাগৰৰ লুণীয়া পানীৰে কাম চলাব পাৰি, ইয়াৰ পৰা আহৰণ কৰা বিদ্যুতৰ সহায়ত মোবাইল চাৰ্জ কৰিব পাৰি ইত্যাদি। নিসন্দেহে ই এক চমকপ্ৰদ আৱিষ্কাৰ। কম দিনৰ ভিতৰতে এই বিশেষ পানীৰে চলা লণ্ঠনটো পৃথিৱীৰ বিভিন্ন বজাৰলৈ আমদানি হ'ব।

Sunday 6 December 2015

সৌৰজগতৰ ব্যতিক্ৰমী সূৰ্যোদয় আৰু সূৰ্যাস্ত


সুৰুযে সদায় ৰাতিপুৱা পূৱ আকাশত ভূমুকি মাৰি সন্ধিয়াৰ পশ্চিম আকাশত হেঙুলীয়া বোলেৰে অস্তমিত হয়। আমাৰ মতে এইয়াই চিৰসত্য, শ্বাশত। হয়, বৰ্তমানলৈ পৃথিৱীৰ আকাশত এই পৰিঘটনাটোৱেই সত্য। অকল পৃথিৱীয়েই নহয়, সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত ছয়টা গ্ৰহৰ বাবেই ই এক স্বাভাৱিক প্ৰক্ৰিয়া। শুক্ৰগ্ৰহ আৰু ইউৰেনাচৰ বেলিকা পিছে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ কাহিনী সুকীয়া। এই দুয়োটা গ্ৰহতেই ৰাতিপুৱা পশ্চিমত সূৰ্যোদয় আৰু সন্ধিয়া পূৱ আকাশত সূৰ্যাস্তৰ দৃশ্য দেখিবলৈ পোৱা যায়। এৰা, তাৎক্ষণিক ভাবে কথাটো বৰ আচহুৱা যেন লাগিলেও, এইয়াই সত্য। সৌৰজগতৰ গ্ৰহবোৰে সূৰ্যৰ মেৰুদণ্ড সাপেক্ষে নিজৰ মেৰুদণ্ডৰ একোটা নিৰ্দিষ্ট কোণৰ মান স্থিৰে ৰাখি নিজ নিজ মেৰুদণ্ডৰ চৌদিশে ঘুৰি থাকে। পৃথিৱীৰ ক্ষেত্ৰত এই কোণৰ মান 23 ডিগ্ৰী আৰু এই কোণৰ মান স্থিৰে ৰাখি পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ 24 ঘণ্টাত এপাক ঘূৰে বাবে পৃথিৱীৰ আকাশত সূৰ্যোদয় আৰু সূৰ্যাস্ত স্বাভাৱিক ভাবেই দেখা যায়। বুধ, মংগল, বৃহস্পতি, শনি আৰু নেপচুনৰ বেলিকাও সূৰ্যোদয় আৰু সূৰ্যাস্ত পৃথিৱীৰ দৰে প্ৰায় একেই। কিন্তু শুক্ৰগ্ৰহৰ মেৰুদণ্ড সূৰ্যৰ মেৰুদণ্ড সাপেক্ষে 177 ডিগ্ৰী কোণত থকা বাবে এই গ্ৰহটোৰ ঘূৰ্ণন পৃথিৱীৰ ঘূৰ্ণনৰ বিপৰীত দিশত হয়। একেদৰে ইউৰেনাচৰ মেৰুদণ্ডৰ কোণ 98 ডিগ্ৰী হোৱা বাবে ইউৰেনাচৰ বেলিকাও কথাটো শুক্ৰ গ্ৰহৰ দৰেই হয়। বিজ্ঞানীসকলৰ মতে মেৰুদণ্ডৰ কোণ 90 ডিগ্ৰীতকৈ বেছি হ'লেই গ্ৰহৰ ঘূৰ্ণন পূবৰ পৰা পশ্চিমলৈ হয় আৰু তেতিয়াই সূৰ্যোদয় পশ্চিম আকাশত আৰু সূৰ্যাস্ত পূব আকাশত হয়। অৰ্থাৎ সাৰ্বজনীন ভাবে সূৰ্য পূবত উদয় হোৱা অথবা পশ্চিমত অস্ত যোৱা কথাটো শুদ্ধ নহয়।

Thursday 3 December 2015

যেতিয়া জোনবাই আমাৰ আকাশৰ পৰা হেৰাই যাব !!


জোনবাইৰ মহাকৰ্ষণৰ বাবে আমাৰ সাগৰ-মহাসাগৰবোৰত জোৱাৰ ভাটাৰ সৃষ্টি হয় বুলি আমি সকলোৱে জানো। পিছে এই জোৱাৰ ভাটাবোৰৰ বাবেই আমাৰ পৰা আঁতৰি যাবলৈ ওলাইছে আমাৰ মৰমৰ জোনবাই জনী ! আচৰিত হ'লেও এইয়াই সত্য। মহাকৰ্ষণ বলে সদায় পদাৰ্থবোৰৰ মাজত ক্ৰিয়া কৰি থাকে। এই বলৰ মান পদাৰ্থৰ ভৰ আৰু পদাৰ্থবোৰৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল। জোৱাৰৰ সময়ত সমূদ্ৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়ে। কানাডাৰ ফান্দি উপকুলত জোৱাৰৰ সময়ত সমূদ্ৰ পৃষ্ঠত 54 ফুট পৰ্যন্ত ওখ ঢৌৰ সৃষ্টি হয়। তেনে সময়ত এনে উচ্চতালৈ উঠি অহা ঢৌৱে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ মহাকৰ্ষণীয় বলক প্ৰভাৱিত কৰে। তদুপৰি গতিশীল পৃথিৱীৰ সমূদ্ৰত এনে ঢৌবোৰেও এক বিশেষ দিশত বল প্ৰয়োগ কৰে। এই দুই পৰিঘটনাৰ ফলত জোনবাইৰ কক্ষপথ পৃথিৱীৰ পৰা প্ৰতি বছৰে 3.78 ছেমি কৈ আঁতৰি গৈ আছে। এনেদৰে ক্ৰমান্বয়ে জোনবাইৰ কক্ষপথ পৃথিৱীৰ পৰা আঁতৰি গৈ থকা বাবে কেই বিলিয়ন মান বছৰ পিছত জোনবাই পৃথিৱীৰ মাধ্যাকৰ্ষণীয় প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হৈ পৰিব আৰু জোনবাই শুক্ৰ গ্ৰহৰ দিশে ধাৱমান হ'ব। যদিহে সেই সময়চোৱালৈ মানুহ গামা ৰশ্মি বিকিৰণ, মহাজাগতিক সংঘৰ্ষ বা আন কোনো দুৰ্যোগৰ কবলত পৰি ধ্বংস হৈ নাযায়, পৃথিৱীৰ বাসিন্দা হিচাপে আমাৰ উত্তৰপূৰুষে জোনবাইক বেজী এটা খোজা সাধুকথা বোৰ ইতিহাসৰ অন্তৰ্গত বিষয়বস্তু হৈ পৰিব।

Tuesday 1 December 2015

আকাশৰ সবাতোকৈ উজ্জ্বল নক্ষত্ৰ লুব্ধক বা Sirius



পৃথিৱীৰ পৰা প্ৰায় 8.611 আলোকবৰ্ষ দূৰত থকা বৃহৎ কুকুৰ তাৰকামণ্ডলৰ এই তৰাটোক "স্বাতী নক্ষত্ৰ " বুলিও কোৱা হয়। বিজ্ঞানীসকলৰ মতে এই লুব্ধক নক্ষত্ৰটোৰ লগতে সমগ্র বৃহৎ কুকুৰ তাৰকামণ্ডলখন আমাৰ সৌৰজগতৰ দিশে আগুৱাই আহি থকা বাবে এই নক্ষত্ৰটোৰ উজ্জ্বলতা অহা 60,000 বছৰলৈ ক্ৰমান্বয়ে বাঢ়ি থাকিব আৰু ভৱিষ্যতে লুব্ধক নক্ষত্ৰটো ৰাতিৰ আকাশত প্ৰায় জোনবাইৰ দৰেই উজ্জ্বল দেখা যাব । লুব্ধক নামৰ নক্ষত্ৰটো প্ৰকৃততে এযোৰ যুগ্ম তৰাহে। চিৰিয়াছ এ আৰু চিৰিয়াছ বি নামৰ এযোৰ তৰাই চিৰিয়াছ তন্ত্ৰটো গঠন কৰিছে। আমি পৃথিৱীৰ পৰা দেখা উজ্জ্বলতম এই তৰাটো চিৰিয়াছ এ। এই তৰাটো সূৰ্যতকৈ প্ৰায় 25 গুণ বেছি উজ্জ্বল আৰু ইয়াৰ ভৰ সূৰ্যতকৈ প্ৰায় দুগুণ বেছি। চিৰিয়াছ বি নামৰ তৰাটো ইতিমধ্যে এটা শ্বেত-বামণত পৰিণত হৈছে আৰু সেয়েহে ইয়াক খালী চকুৰে দেখা নেযায়। চিৰিয়াছ যুগ্ম তৰাতন্ত্ৰৰ এই তৰা দুটাৰ মাজত 9ৰ পৰা 20 AU ৰ মাজত পৰ্যায়ক্ৰমে সলনি হৈ থাকে। তাতোকৈ উল্লেখযোগ্য যে এই তৰা দুটাই এটাই আনটোৰ চৌদিশে এক উমৈহতীয়া ভৰকেন্দ্ৰক আশ্ৰয় কৰি ঘূৰ্ণীয়মান অৱস্থাত আছে। চিৰিয়াছ নক্ষত্ৰটো আকাশত বিচাৰি উলিয়াবলৈ তেনেই সহজ। আপুনি সহজতে পূৱ-দক্ষিণ আকাশত শীতকালৰ সন্ধিয়া এই তৰাটোৰ সন্ধান পাব। অন্যথা আপুনি অৰায়ন বা কালপুৰুষ নক্ষত্ৰমণ্ডলটোলৈ লক্ষ্য কৰক। এতিয়া অৰায়ন বেল্ট বা কালপুৰুষৰ কঁকালৰ পটীত থকা তৰাকেইটাক সংযোগী কাল্পনিক ৰেখাডাল পূৱ-দক্ষিণ দিশলৈ বঢ়াই দিয়ক। এই ৰেখাডালে অনতিদূৰত এটা অতি উজ্জ্বল নক্ষত্ৰক স্পৰ্শ কৰিব। এই নক্ষত্ৰটোৱেই হ'ল 300 মিলিয়ন বছৰ বয়সীয়াল লুব্ধক বা স্বাতী নক্ষত্ৰ।

Friday 27 November 2015

নিউটনৰ উত্তৰ নিমিলা অংকটো


নিউটন তেতিয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত। এদিনাখনৰ কথা- নিউটন নিজৰ কোঠাত অধ্যয়নত ব্যস্ত। এনেতে লগুৱাজনে নিউটনৰ কোঠাৰ দুৱাৰমুখত থিয় হৈ মাত লগালে: "মহাশয়, প্ৰতিটোত সাত পেনি হাৰত মই তিনিটা মাছ কিনিছোঁ। মাছ বেপাৰী জন বাহিৰত ৰৈ আছে। অনুগ্ৰহ কৰি তেওঁৰ প্ৰাপ্য ধনখিনি দি দিব।" লগুৱাজন গুচি গ'ল। নিউটনে তৎক্ষাণাত এখিলা কাগজ আৰু গণিতৰ ঘাতাংক তালিকাখন উলিয়াই লৈ সমস্যাটো সমাধান কৰাত লাগি গ'ল। বহু সময় অতিক্ৰম কৰাৰ পিছতো প্ৰাপ্য ধন নোপোৱাৰ বাবে বাহিৰৰ পৰা ধৈৰ্য্যচ্যুতি ঘটা মাছ বেপাৰীজনে গৃহস্থক মাত লগালে। নিউটনৰ সেইবোৰলৈ ভ্ৰূক্ষেপেই নাই, একানপতীয়াকৈ লাগি ৰ'ল মাছৰ মূল্য নিৰূপণ কৰা গণিতত। মাছ বেপাৰীজনৰ মাতত লগুৱাজন পুনৰ নিউটনৰ কাষ পালেহি।
: মহাশয়, মাছ বেপাৰীজনৰ ধনখিনি.....
: ৰ'বাচোন, ধৈৰ্য্য ধৰা। এই গণনাটোত এটা সমস্যা সৃষ্টি হৈছে। - নিউটনে ক'লে ।
: কিন্তু মাছ বেপাৰীজনে একৈশ পেনি বিচাৰি চিঞৰ বাখৰ লগাইছে ।
নিউটন যেন আচৰিত হৈ গ'ল ! তেখেতে উত্তেজিত হৈ চিঞৰি ক'লে: কি ! তেওঁ কেনেকৈ ইমান সোনকালে উত্তৰটো বিচাৰি পালে ? তেওঁক ভিতৰলৈ মাতাচোন। তেওঁৰ পৰা মই এইটো শিকিব লাগিব।
লগুৱাজন শিল পৰা কপৌৰ দৰে দুৱাৰমুখত থিয় হৈ ৰ'ল।

Thursday 26 November 2015

মংগল গ্ৰহৰ দুই ক্ষুদ্ৰ উপগ্ৰহ : ফ'বচ আৰু ডিম'চ


1877 চনত আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানী এচাফ হ'লে এটি বিশালকায় দূৰবীন যন্ত্ৰৰ সহায়ত আৱিষ্কাৰ কৰিছিল ফ'বচ আৰু ডিম'চ নামৰ মংগলৰ উপগ্ৰহ দুটা। মংগলৰ এই উপগ্ৰহ দুটা আকৃতিত তেনেই সৰু। ফ'বচ নামৰ উপগ্ৰহটো দীঘলে মাত্ৰ 27 কিমি এক শিলাখণ্ড। এই উপগ্ৰহটোৱে মংগল পৃষ্ঠৰ পৰা মাত্ৰ 9377 কিমি ওপৰেৰে মংগলৰ চৌদিশে আবৰ্তন কৰি আছে। ফ'বচৰ আয়তন মাত্ৰ 27x22x19 কিমি। এই ক্ষুদ্ৰাকৃতিৰ গ্ৰহটো প্ৰায় 7.5 ঘণ্টাৰ মুৰে মুৰে মংগলৰ পশ্চিম আকাশত উদিত হয়। মংগলৰ আনটো উপগ্ৰহ ডিম'চ সৌৰজগতৰ ক্ষুদ্ৰতম উপগ্ৰহবোৰৰ ভিতৰত অন্যতম। ডিম'চ দীঘলে মাত্ৰ 8.5 কিমি, কিন্তু এই উপগ্ৰহটো মংগল পৃষ্ঠৰ পৰা প্ৰায় 20,000 কিমি আঁতৰত থাকি গ্ৰহটোৰ চৌদিশে প্ৰদক্ষিণ কৰি আছে। এই দুয়োটা গ্ৰহৰ আকৃতি জুইত পুৰি চেঁচা হবলৈ দিয়া আলুগুটিৰ নিচিনা, অসমান আৰু অনিয়মিত গঠনৰ। গ্ৰহদুটাৰ পৃষ্ঠত উল্কাপিণ্ডৰ আঘাতত সৃষ্টি হোৱা অজস্ৰ হোৱা গাঁত দেখিবলৈ পোৱা যায়।  বিজ্ঞানীসকলৰ মতে মংগলৰ পৃষ্ঠৰ পৰা নিচেই ওচৰত থকা বাবে এই ফ'বচৰ কক্ষপথ ক্ৰমান্বয়ে মংগলৰ পিনে আকৰ্ষিত হৈ আহিছে আৰু অদূৰ ভৱিষ্যতে ফ'বচ মংগলৰ পৃষ্ঠত জাহ যাব। আনহাতে ডিম'চ মংগল পৃষ্ঠৰ পৰা ক্ৰমে আঁতৰি যাব ধৰিছে !!!

Monday 23 November 2015

মৃত্যু পথৰ যাত্ৰী: বিটলজুইচ বা আৰ্দ্ৰা নক্ষত্ৰ


পৃথিৱীৰ পৰা প্ৰায় 600 আলোকবৰ্ষ দূৰৰ কালপুৰুষ তাৰকামণ্ডলৰ দ্বিতীয় উজ্জ্বলতম নক্ষত্ৰটো হ'ল বিটলজুইচ। ভাৰতত এই নক্ষত্ৰটোক আৰ্দ্ৰা নক্ষত্ৰ বুলি কোৱা হয়। শীতকালৰ সন্ধিয়াৰ আকাশত এই নক্ষত্ৰ বা তৰাটো এটি উজ্জ্বল ৰঙা তৰা হিচাবে পুব আকাশত উদিত হয়। কালপুৰুষ চিনি পালে এই তৰাটো আকাশত সহজেই চিনি উলিয়াব পাৰি। এই তৰাটো আমাৰ সূৰ্যতকৈ প্ৰায় 1000 গুণ ডাঙৰ আৰু ইয়াৰ উজ্জ্বলতাও সূৰ্যতকৈ প্ৰায় 1,00,000 গুণে বেছি। এই পৰিসংখ্যাৰ পৰাই সহজে অনুমান কৰিব পাৰি যে এই তৰাটো আকাৰত কিমান ডাঙৰ। বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা মতে এই তৰাটোৰ ভৰ সূৰ্যৰ ভৰৰ প্ৰায় 25 গুণ। এই তৰাটো 10 মিলিয়ন বছৰৰ আগতে জন্ম হৈছিল। সেই দিশৰ পৰা বিটলজুইচ এটা তজবজীয়া যুৱ তৰাহে মাত্ৰ। অথচ আপেক্ষিক ভাৱে ডেকা বয়সতেই মৃত্যুৰ পিনে তিলতিলকৈ আগবাঢ়িছে এই তৰাটো। প্ৰকৃততে অতি বৃহৎ ভৰৰ তৰাবোৰৰ নিউক্লিয় ইন্ধন হাইড্ৰজেন, অত্যাধিক হাৰত নিউক্লিয় সংযোজন বিক্ৰিয়াত হিলিয়ামলৈ আৰু তাৰপিছত পৰ্যায়ক্ৰমে হিলিয়ামতকৈ গধুৰ মৌললৈ সলনি হয়। এই প্ৰক্ৰিয়াটো তৰাবোৰৰ কেন্দ্ৰভাগত লোৰ পৰমাণু সৃষ্টি হোৱালৈ চলি থাকে। ইয়াৰ পিছত এই প্ৰক্ৰিয়াটো বন্ধ হয় আৰু তৰাটো ইন্ধনৰ নাটনিত ভোগে। তেনে অৱস্থাত তৰাটোৰ উত্তাপ হ্ৰাস পায় আৰু ই ৰঙচুৱা হৈ পৰে। পৰ্যায়ক্ৰমে তৰাটোৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰে আৰু একোটা "ৰঙা দৈত্য" বা red giant তলৈ সলনি হয়। বিটলজুইচ বা আৰ্দ্ৰা নক্ষত্ৰটো বৰ্তমান এনে এক দশাতেই আছে। এটা সময়ত এই তৰাটোৰ কেন্দ্ৰভাগৰ উষ্ণতাৰ লগত বহিঃপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ বাবে এনে তৰাবোৰ চুপাৰনভা হিচাবে বিষ্ফোৰিত হয়। পৃথিৱীৰ পৰা 600 আলোকবৰ্ষ আঁতৰৰ এই তৰাটোও তেনে এক বিষ্ফোৰণৰ অপেক্ষাত। অৱশ্যে তৰাটো বিষ্ফোৰিত হোৱাৰ 600 বছৰৰ পিছতহে পৃথিৱীবাসীয়ে পাব বিষ্ফোৰণৰ সেই বাৰ্তা !!!

Friday 20 November 2015

বোকাত ফুলা পদুম- মাইকেল ফেৰাডে


লণ্ডনৰ এটা অতি দুখীয়া পৰিয়ালত 1791 চনত 22 ছেপ্তেম্বৰত জন্ম হৈছিল বিজ্ঞান জগতৰ বিস্ময়ৰ প্ৰতিভা মাইকেল ফেৰাডেৰ। তেওঁৰ পিতৃ জেমচ ফেৰাডে পেছাত আছিল এজন কমাৰ আৰু মাতৃ মাৰ্গাৰেটে পৰিয়ালটোৰ আৰ্থিক দৈন্যতা তথা তেওঁৰ স্বামী জেমচৰ ৰুগীয়া অৱস্থাৰ বাবে আনৰ ঘৰত বনকৰা লিগিৰী হিচাবে কাম কৰিছিল। মাইকেলৰ শব্দ উচ্চাৰণৰ ক্ষেত্ৰত কিছু অস্পষ্টতা থকা বাবে বিদ্যালয়ৰ শিক্ষকৰ হাতত প্ৰায়েই শাস্তি পাইছিল আৰু এক দুৰ্তাগ্যজনক পৰিস্থিতিৰ গৰাহত পৰি প্ৰাথমিক পৰ্যায়তেই আনুষ্ঠানিক শিক্ষাৰ সমাপ্তি ঘটাব লগীয়া হৈছিল। 13 বছৰ বয়সত যেতিয়া মাইকেলৰ সমবয়সীয়া ল'ৰাই বিদ্যালয় শিক্ষা গ্ৰহণ কৰি, চিলা উৰুৱাই সময় পাৰ কৰিছিল, মাইকেলে সেই বয়সত আৰ্থিক দৈন্যতাৰ বাবে কিতাপ বন্ধোৱা এখন দোকানত কাম কৰিবলগীয়া হৈছিল। এই সময়ত মাতৃ মাৰ্গাৰেটে মাইকেলক ঘৰতে নিজাকৈ পঢ়াশুনা কৰাত সহায় কৰিছিল। ইতিমধ্যে মাইকেলৰ কিতাপৰ দোকানলৈ বন্ধাবলৈ অনা পুৰণি কিতাপবোৰ পঢ়াৰ এটা ভাল অভ্যাস গঢ় লৈ উঠিছিল। সেই সময়ত পঢ়িবলৈ পোৱা দুখন কিতাপে মাইকেলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। কিতাপ দুখন আছিল জেন মাৰচেটৰ 600 পৃষ্ঠাৰ "Conversations on Chemistry" আৰু আনখন "The Encyclopedia Britannica"। এই দুখন কিতাপে তেওঁক বিদ্যুত বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি তোলে। কিতাপ দুখনত উল্লেখ কৰা বিভিন্ন বিদ্যুত সম্পৰ্কীয় পৰীক্ষাবোৰ নিজাকৈ কৰিবলৈ মাইকেলে তেওঁৰ যি নাম মাত্র দৰমহা, তাৰ কিছু অংশ খৰছ কৰি পেলাইছিল। তেনে সময়তেই মাইকেলে জন টাটুম নামৰ এজন পদাৰ্থ বিজ্ঞানীৰ এটি ভাষণ এক চিলিং মূল্যৰ টিকটৰ বিনিময়ত শুনাৰ সুবিধা পায়। কিছুদিন পিছতেই উইলিয়াম ডাঞ্চ নামৰ লোকে বন্ধাবলৈ এখন পুৰণি কিতাপ লৈ মাইকেলৰ ওচৰলৈ আহে। মাইকেলে কিন্তু নিৰ্ধাৰিত দিনত কিতাপখন বন্ধাই দিব নোৱাৰিলে। তেওঁক এই বিষয়ে কৈফিয়ত বিচৰাত ক'লে যে কিতাপখনৰ আৰু কেইটামান পৃষ্ঠা তেওঁৰ পঢ়িবলৈ বাকী থকা বাবে সময়মতে বন্ধাব পৰা নাই। কথাটোৱে উইলিয়ামক বৰ আচৰিত কৰিলে যে কিতাপ বন্ধোৱা দোকানৰ 15 বছৰীয়া কৰ্মচাৰীয়ে পদাৰ্থ বিজ্ঞানৰ কিতাপ পঢ়ে !! উইলিয়াম বৰ উৎসাহিত হ'ল আৰু মাইকেলক পুৰষ্কাৰ স্বৰূপে দিলে ৰয়েল ইনস্টিটিউটত চাৰ হামফ্ৰি ডেভিৰ এলানি বক্তৃতা শুনিবলৈ এটি টিকট। মাইকেলে ডেভিৰ চাৰিটা বক্তৃতা শুনিলে, বিষয় আছিল - Acids বা অম্ল। মাইকেলে ডেভিৰ বক্তৃতা শুনি এনেদৰে প্ৰভাৱিত হৈছিল যে বক্তৃতাবোৰৰ সাৰমৰ্মৰ লগতে মাইকেলৰ নিজস্ব দৃষ্টিভংগী বৰ্ণনা কৰি 300 পৃষ্ঠাৰ এটা টোকা লিখি ডেভিলৈ পঠিয়াই দিলে। লগতে লিখি পঠিয়ালে এখন চিঠি য'ত মাইকেলে ডেভিৰ ওচৰত কাম কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল। গুণীয়েহে গুণীৰ মোল বুজে। ডেভিয়ে মাইকেলক মাতি আনি তেওঁৰ গৱেষণাগাৰৰ চকীদাৰ হিচাবে নিয়োগ কৰিলে। মাইকেলে যেন হাতেৰে সৰগহে ঢুকি পালে ! মাইকেলে ডেভিৰ লেৱৰটোৰীত সম্পাদন কৰি গ'ল এটাৰ পিছত আনটোকৈ পৰীক্ষা, আৱিষ্কাৰ কৰি গ'ল এটাৰ পিছত আনটোকৈ বিজ্ঞানৰ সত্য। বিদ্যুৎ-চুম্বকীয় আবেশ, ফেৰাডে মটৰ, ফেৰাডে জেনেৰেটৰ, ফেৰাডে কেজ, তড়িৎ বিশ্লেষণ, ক্লৰিণৰ হাইড্ৰেট আৰু বহুতো আৱিস্কাৰেৰে বিজ্ঞান জগতলৈ আপুৰুগীয়া অৱদান আগবঢ়াই গৈছে এই মহান বিজ্ঞানীজনে। মাইকেল ফেৰাডে বিজ্ঞানৰ এক বিস্ময়কৰ প্ৰতিভা।

Tuesday 17 November 2015

গ্ৰেগৰ যোহান্স মেণ্ডেল আৰু তেখেতৰ সেই আঠটা বছৰ



1847 চনত ধৰ্মীয় যাজক হিচাপে গীৰ্জাত নিযুক্তি পোৱাৰ পিছত ভিয়েনা বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈছিল। তেখেতৰ ইচ্ছা আছিল বিদ্যালয়ত শিক্ষকতা কৰাৰ। পৰিতাপৰ কথা যে শিক্ষকতাৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভৰ পৰীক্ষাত অকৃতকাৰ্য হৈ বিফল মনোৰথে ঘুৰি আহি ব্ৰুণোত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়তেই শিক্ষকতা কৰিবলৈ লয়। এই বিদ্যালয়ত কাৰ্য নিৰ্বাহ কৰি থকা সময়তেই তেখেতে মটৰ মাহৰ ওপৰত আঠ বছৰ জুৰি এলানি পৰীক্ষা সম্পন্ন কৰিছিল আৰু এই পৰীক্ষাৰ সিদ্ধান্ত সমূহ লিপিবদ্ধ কৰি এখন গৱেষণা পত্ৰ যুগুতাই উলিয়ালে। পিছে এই গৱেষণা পত্ৰখন পাঠ কৰাৰ বাবে তেখেতে যোগাযোগ কৰাৰ পিছতো বিভিন্ন বিশ্ববিদ্যালয়ে তেখেতক আমন্ত্ৰণ নকৰিলে। মেণ্ডেল প্ৰায় হতাশ হৈ পৰাৰ সময়তেই ব্ৰুণোৰ এখন বিজ্ঞান সন্মিলনলৈ তেখেতক গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল। 

1865 চনৰ ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখৰ সন্ধিয়াৰ কথা। ক'লা ৰঙৰ এটা হলৌচোলা, মুৰত ক'লা টুপী আৰু চকুত ঘুৰণীয়া ফ্ৰেমৰ এযোৰ চশমা পিন্ধি খোজকাঢ়ি মেণ্ডেল ওলাল সন্মিলনলৈ বুলি। কাষলতিৰ তলত চেপা মাৰি ললে গৱেষণা পত্ৰখন। মেণ্ডেলৰ চকুৱে মুখে আনন্দৰ চাপ। সময়ত সন্মিলন আৰম্ভ হ'ল। দুই এখন গৱেষণা পত্ৰ পাঠ হোৱাৰ পিছত মেণ্ডেলক তেখেতৰ গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল। মটৰ মাহৰ বংশগতি সম্পৰ্কে তেওঁ যুগুতাই অনা গৱেষণা পত্ৰখন লৈ মঞ্চলৈ আগবাঢ়োতে তেখেতে অনুভৱ কৰিলে এক মৃদু উত্তেজনা। 

তেখেতে আৰম্ভ কৰিলে: Respected gentlemen, Since 1855, I was working on pea plants to find out the results of hybridization.....! শ্ৰোতা সকলে যেন নিজৰ বিৰক্তিক দমাই ৰাখি শান্ত ভাবে শুনি গৈছিল মেণ্ডেলৰ গৱেষণা পত্ৰখন। গৱেষণা পত্ৰখন পাঠ কৰা শেষ হোৱাৰ পিছত মেণ্ডেলে বিশেষজ্ঞ সকলৰ পিনে চালে। তেখেতে মন কৰিলে দুজন বিশেষজ্ঞই পৰস্পৰে পৰস্পৰৰ পিনে হাউলি গৈ অস্ফুত মাতেৰে কিবা কথা পাতিছে। মেণ্ডেলে উৎকণ্ঠিত দৃষ্টিৰে তেখেতসকললৈ চাই ৰ'ল। সভাগৃহত গুণগুণনি। 

বিশেষজ্ঞ এজনে তাৰ মাজতে মাত লগালে: ডাঙৰীয়া, আপুনি যি কাৰ্য সমাধা কৰিব বিচাৰিছে, সেই বিষয়ে বিশ্বক জনাব লগীয়া বিশেষ একো কথাই আমি বিচাৰি পোৱা নাই আপোনাৰ গৱেষণা পত্ৰখনত। ক্ষমা কৰিব ডাঙৰীয়া, আপোনাৰ গৱেষণাৰ বিষয়বস্তু সলনি কৰি আন বিষয় এটা বাচি লওক। হয়তো আমি পুনৰ মিলিত হ'ম। 

দুখ আৰু হতাশাত ভাগি পৰা মেণ্ডেলৰ তেনেতে কাণত পৰিল সভাগৃহৰ কোনো এক স্থানৰ পৰা উৰি অহা এষাৰি বাক্য: সাধাৰণ মটৰ মাহৰ বৃদ্ধি পৰ্যবেক্ষন কৰিয়েই আঠ বছৰ সময় কটাইছে, সময়ৰ কি যে অপচয় !!!



উল্লেখযোগ্য যে মেণ্ডেলে তেখেতৰ জীৱন কালত এই গৱেষণাৰ কোনো স্বীকৃতিয়েই নেপালে। তেখেতৰ মৃত্যুৰ পিছত কৰ্ণেচ, দ্য ভ্ৰিচ আৰু টেচমাৰ্ক নামৰ তিনিজন বিজ্ঞানীয়ে মেণ্ডেলৰ সিদ্ধান্তবোৰৰ যথাৰ্থতা উপলব্ধি কৰে আৰু নতুনকৈ প্ৰতিষ্ঠা কৰে। বৰ্তমান মেণ্ডেলৰ সূত্ৰ সমূহ আৰু তেখেতৰ পৰীক্ষা সমূহ আনুবংশিক বিজ্ঞানৰ মূল ভেটি আৰু মেণ্ডেলক কোৱা হয় আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি।

Monday 16 November 2015

মহাকাশৰ অচিন অতিথি


যোৱা নিশা সংগোপনে আহিছিল মহাকাশৰ এক অচিন অতিথি !!! মহাকাশত অনাই-বনাই ঘুৰি ফুৰা এটি প্ৰকাণ্ড শিলাখণ্ড। হয়, এটি কঠিন শিলাখণ্ড ! আকৃতিত প্ৰায় 30 ফুট ব্যাসৰ এক মহাজাগতিক শিলাখণ্ড যোৱাকালি 15 নৱেম্বৰৰ পুৱা ভাৰতীয় সময় অনুসৰি প্ৰায় 7 বজাত পৃথিৱীৰ নিচেই কাষেৰে আমাৰ অলক্ষিতে ধুমুহাৰ দৰেই পাৰ হৈ গ'ল। এৰিজনাত অৱস্থিত কেটেলিনা মহাকাশ কেন্দ্ৰৰ বিজ্ঞানীসকলে এই শিলাখণ্ডটো প্ৰথমে প্ৰত্যক্ষ কৰে। বিজ্ঞানীসকলে এই শিলাখণ্ডটোৰ নাম ৰাখিলে 2015 VY105 । পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত এই শিলাখণ্ডটোৰ বেগ আছিল অকল্পনীয়ভাবে 17,000 মিটাৰ/ছেকেণ্ড ! প্ৰশান্ত মহাসাগৰৰ ওপৰেদি পাৰ হৈ যোৱা এই কক্ষচ্যুত শিলাখণ্ডটো সেইসময়ত পৃথিৱীৰ অতি নিকট দূৰত্বৰে পাৰ হৈ যায়। পৃথিৱীৰ পৰা প্ৰেৰিত কৃত্ৰিম উপগ্ৰহ সমূহতকৈও কম দূৰত্বৰে পাৰ হৈ যোৱা এই শিলাখণ্ডটোৱে অৱশ্যে পৃথিৱীত কোনো বিপদৰ সৃষ্টি নকৰি নীৰৱে পাৰ হৈ যায়। এই শিলাখণ্ডটোৰ ভৰ পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্রত প্ৰায় 6500,00,000 কেজি ! এনেধৰণৰ মহাজাগতিক শিলাখণ্ড সমূহে মাজে সময়ে পৃথিৱীলৈ কঢ়িয়াই আনে দুৰ্যোগ। এনে শিলাখণ্ডৰ আঘাতত পৃথিৱীত সৃষ্টি হৈছে বহুতো গভীৰ হ্ৰদ। মহাৰাষ্ট্ৰৰ লোনাৰ হ্ৰদ তেনে এটি উদাহৰণ। তাৰোপৰি জীৱবিজ্ঞানী সকলে প্ৰমাণ কৰিছে যে তেনে এক মহাজাগতিক শিলাখণ্ডৰ আঘাততেই পৃথিৱীৰ পৰা বিলুপ্ত হৈছিল বিশালকায় ডাইন'চৰ সমূহ। অৱশ্যে বিজ্ঞানীসকলে আমালৈ আনিছে কিছু আনন্দৰ বতৰা- এনে বিপদৰ পুনৰাবৃত্তি সতকাই হোৱাৰ সম্ভাৱনা তেনেকৈ কম। আমাৰ সুৰক্ষাৰ বাবে অহৰহ মহাকাশৰ চৌদিশে তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে মহাকাশ বিজ্ঞানীসকলে।


Saturday 14 November 2015

ক্ৰেব নেবুলা: এটা নক্ষত্ৰৰ মৃত্যু !


1054 চনৰ আগষ্ট মাহৰ কোনোবা এটা দিনত চীনৰ এজন জ্যোতিৰ্বিজ্ঞানী য়াং ৱেই টেই চীনদেশৰ ৰজাৰ আগত এটা আচৰিত ঘটনাৰ কথা বৰ্ণনা কৰিছিল। তেখেতৰ মতে 1054 চনৰ 4 জুলাইৰ নিশা প্ৰায় 2 বজাত এক বিষ্ফোৰণৰ শব্দই তেওঁৰ নিদ্ৰা ভংগ কৰাত বাহিৰলৈ ওলাই আহি দেখিলে যে আকাশত এটা অতি উজ্জ্বল তৰাৰ আৱিৰ্ভাব হৈছে আৰু এই তৰাটোৰ পোহৰত সমগ্ৰ আকাশমাৰ্গ উদ্ভাসিত হৈ পৰিছে। এই তৰাটো ইমানেই উজ্জ্বল আছিল যে ইয়াক দিনৰ আকাশতো 23 দিনলৈ খালী চকুৰে দেখা গৈছিল। প্ৰায় চাৰি মাহ জুৰি ৰাতিৰ আকাশত সূৰ্যৰ দৰেই আলোকময় হৈ ৰোৱা এই তৰাটো ইয়াৰ পিছত ক্ৰমে নিস্তেজ হৈ আহে আৰু পিছলৈ খালী চকুৰে নেদেখা হৈ পৰে। প্ৰায় 1000 বছৰ আগতে চীন দেশত দৃষ্টিগোচৰ হোৱা এই বিষ্ফোৰিত তৰাটো বৰ্তমানৰ বিজ্ঞানীসকলে এটি বিষ্ফোৰিত “চুপাৰনভা” প্ৰমাণ কৰিছে আৰু উন্নত দূৰবীন যন্ত্ৰৰ সহায়ত এই বিষ্ফোৰিত তৰাটো ধৰা পেলাইছে। বিজ্ঞানীসকলে এই তৰাটো বৃষ ৰাশিৰ (Taurus) তাৰকামণ্ডলৰ দক্ষিণ দিশে আৱিষ্কাৰ কৰি ইয়াৰ নাম ৰাখিছে ক্ৰেব নেবুলা। 1884 চনত এজন বৃটিছ বিজ্ঞানীয়ে প্ৰথমে এই নেবুলাটোৰ অস্তিত্ব ঘোষণা কৰে আৰু ইয়াৰ আকৃতি কেঁকোৰাৰ দৰে হোৱা বাবে ইয়াৰ নাম ৰাখে ক্ৰেব নেবুলা। এই নেবুলাটোৰ প্ৰথম আলোক চিত্ৰখন পিছে 1892 চনতহে এডুইন হাব’লে লবলৈ সক্ষম হয় আৰু তেখেতে এই নেবুলাটো চীন দেশত দেখা পোৱা সেই বিষ্ফোৰিত তৰাটোৰ ধ্বংসাৱশেষ বুলি প্ৰমাণিত কৰে। ইয়াৰ পিছত সৌ সিদিনা 1967 চনত জোচেলিন বেল নামৰ এজন ডেকা গৱেষক ছাত্ৰই অতি আকস্মিক ভাৱে এই তৰাটোৰ বিষ্ফোৰণৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ পালচাৰ বা নিউট্ৰন তৰাটো আৱিষ্কাৰ কৰে। এটা দূৰবীন যন্ত্ৰৰ সহায়ত Taurus তাৰকামণ্ডলৰ তেনেই কাষতে আপুনিও দেখা পাব এই ক্ৰেব নেবুলাটো। আপুনি জানি আচৰিত হ’ব যে এই নেবুলাটো আমাৰ পৃথিৱীৰ পৰা 6523 আলোকবৰ্ষ দূৰত অৱস্থিত অৰ্থাৎ এই নেবুলাটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰোতে সময় লাগে 6523 বছৰ !!!

আইনষ্টাইন আৰু চেপলিন



বিশ্ব বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু জনপ্ৰিয় অভিনেতা চাৰ্লি চেপলিন এবাৰ একেলগে একেখন মঞ্চতে বহি আছিল । মানুহবোৰৰ হাত চাপৰিত সভাগৃহ ৰজনজনাই আছে । আইনষ্টাইনে চেপলিনৰ কাষলৈ হাউলি আহি ক’লে : আপুনি মুখেৰে কোনো কথা নোকোৱাকৈয়ে কেৱল অভিনয়ৰ জৰিয়তে মানুহক সকলো বুজাই দিব পাৰে । সেয়ে আপুনি ইমান জনপ্ৰিয় । এই হাত চাপৰিবোৰ নিশ্চয়  কেৱল আপোনাৰ বাবেই ।
চেপলিন হাঁহি মাৰি ক’লে: হয়, আপুনি ঠিকেই কৈছে । কিন্তু আপোনাৰ জনপ্ৰিয়তা তাতোকৈ আচৰিত । আপুনি মেলে মিটিঙে যিবোৰ কথা কয় সেইবোৰ কোনেও বুজি নেপায় অথচ সমগ্ৰ বিশ্বতেই আপুনি বন্দিত !!!

এটি আমোদজনক Tossৰ কাহিনী


ৱাটচন আৰু ক্ৰিক নামৰ এই দুজন মহান বিজ্ঞানীয়ে ১৯৫৩ চনৰ ২৫ এপ্ৰিলত DNA অনুৰ দ্বিসৰ্পিল গঠন আগবঢ়াইছিল । এই আৱিষ্কাৰৰ বাবে তেওঁলোকক ১৯৬২ চনত নবেল বঁটাৰে সন্মান জনোৱা হৈছিল । আমোদজনক কথাটো হ’ল তেখেত সকলৰ গৱেষণা পত্রত কোনজন বিজ্ঞানীৰ নাম আগত উল্লেখ কৰিব তাক নিৰ্ধাৰণ কৰিবলৈ ৱাটচনে এটি মূদ্ৰাৰে Toss কৰিছিল । Tossত অৱশ্যেই ৱাটচন জিকিছিল আৰু আজিও সেইবাবে জীৱবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে তেখেত সকলক ৱাটচন আৰু ক্ৰিক বুলিয়েই পঢ়ে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে পুত্ৰ টেড লিংকনৰ শিক্ষকলৈ লিখা এখন মূল্যৱান চিঠি


মহাশয়,
মই ভাবোঁ যে মোৰ ল’ৰাটোৱে শিকিব লাগিব, সকলো মানুহেই সত্যনিষ্ঠ নহয়। কিন্তু আপুনি তেওঁক পাৰিলে শিকাওক কিতাপৰ মহিমা, কিন্তু লগতে এখন সেউজীয়া পাহাৰীয়া ঠাইত ৰ’দে ফুলে উৰি ফুৰা মৌ-মাখি-পখিলা, আকাশত উৰি ফুৰা চৰাই আদিৰ শাশ্বত ৰহস্যবোৰৰ বিষয়ে ভাবিবলৈ নীৰৱ সময় দিয়ক। স্কুলত তেওঁক শিকাব যে কাৰোবাক প্ৰৱঞ্চনা কৰাতকৈ হাৰ মনাটো বেছি সন্মানজনক। নিজৰ ধাৰণাৰ ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক শিক্ষা দিয়ক, যদিও প্ৰত্যেকজন মানুহেই কয় যে তেওঁ ভুল। ভদ্ৰ মানুহৰ লগত নম্ৰ হ’বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ হ’বলৈ তেওঁক শিকাব। যেতিয়া প্ৰত্যেক মানুহে ৰাজপথৰ সমদলত চামিল হয় তেতিয়া এনে মানুহৰ জুমক অনুসৰণ নকৰিবলৈ মোৰ ল’ৰাটোক শিকাব । সকলো মানুহৰ কথা শুনিবলৈ তেওঁক শিকাব, কিন্তু সত্যৰ চালনীৰে চালি সৰকি অহা কেৱল ভালখিনিহে গ্ৰহণ কৰিবলৈ ক’ব। যদি পাৰে তেওঁক শিকাব যে চকুলোত কোনো লাজ নাই। অসৎসকলক বিদ্ৰূপ কৰিবলৈ শিকাব আৰু সাৱধান কৰি দিব অতি মিষ্টভাষীসকলৰ পৰা। তেওঁৰ শক্তি আৰু মেধাক সৰ্বোচ্চ মূল্য দিয়াজনৰ ওচৰতহে সঁপিবলৈ শিক্ষা দিব। কিন্তু মানুহৰ মন-প্ৰাণৰ লগত কোনো দৰ-দাম নকৰিবলৈ শিকাব। শিকাব যে এনেয়ে লাভ কৰা লাখ টকাতকৈ শ্ৰম কৰি পোৱা এটকাৰ মূল্য বেছি। যেতিয়া নিজকে সঠিক পথত থকা বুলি ভাবে তেতিয়া কোলাহলৰ মাজত কাণ বন্ধ কৰি অটল হৈ থাকি যুঁজি যাবলৈ ক’ব। তেওঁক কথাবোৰ নম্ৰতাৰে শিকাব, কিন্তু তেওঁক লাই নিদিব। কাৰণ উত্তম তীখাক একমাত্ৰ জুইত পুৰিহে পৰীক্ষা কৰি চাব পাৰি। ধৈৰ্যশীল হ’বলৈ তেওঁক সাহস দিব। নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিবলৈ ক’ব, কাৰণ তেতিয়াহে তেওঁৰ আস্থা থাকিব মানৱ জাতিৰ ওপৰত। এয়া এটা ডাঙৰ কাম। মোৰ পুত্ৰ এটা কণমানি ভাল ল’ৰা, আপুনি বাৰু চাওঁকচোন কি কৰিব পাৰি।
ইতি
আব্ৰাহাম লিংকন 

মহা মনিষী এলবাৰ্ট আইনষ্টাইনৰ বিলৈ !!!


এলবাৰ্ট আইনষ্টাইন এদিন এখন ৰেষ্টুৰেণ্টত সোমাল । ৱেইটাৰজনে তেওঁৰ কাষলৈ আহি সম্ভাষণ জনাই মেন্যুখন আগবঢ়াই দিলে । আইনষ্টাইনে জেপত হাতখন ভৰাই খেপিয়াই চালে । ঠিকেই চশমাযোৰ ঘৰতেই এৰি আহিল তেওঁ ।
আইনষ্টাইনে ৱেইটাৰজনক ক’লে: অনুগ্ৰহ কৰি এইখন তুমিয়েই পঢ়ি দিয়াচোন ।
সেমেনা-সেমেনি কৰি ৱেইটাৰজনে ক’লে:
মহাশয়, আপোনাক সহায় কৰিব পাৰিলে মই আনন্দিত হ’লোহেতেন । কিন্তু ক্ষমা কৰিব, ময়ো আপোনাৰ দৰেই নিৰক্ষৰ !!!

কপাৰনিকাছ


নিকোলাচ কপাৰনিকাছে তেখেতৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ ওপৰত “On the Revolutions of the Celestial Spheres” নামৰ গ্ৰন্থখনত প্ৰকাশ কৰিছিল ১৫৪৩ চনত । কিন্তু প্ৰকৃততে তেখেত এই তত্বটো বহু আগতেই লিখি উলিয়াইছিল । তেতিয়াৰ অত্যন্ত গোড়া ৰোমান কেথলিক চাৰ্চৰ ৰোষত পৰাৰ ভয়ত কপাৰনিকাছে এই তত্বটো সম্বন্ধে কেইজনমান শিষ্যৰ লগত গুপুতে আলোচনা কৰিছিল আৰু শিষ্যসকলক তেখেতৰ মৃত্যুৰ পিছত তত্বটো প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছিল । এনেদৰে বহু বছৰ পাৰ হোৱাৰ পিছত ১৫৪৩ চনত তেওঁ নৰিয়াত পৰিল । তেখেত নৰিয়াপাটীত থকা সময়তেই তেখেতৰ শিষ্যসকলে খটবান্ধজুৰি লাগি প্ৰকাশ কৰাৰ অনুমতি লৈ সৌৰকেন্দ্ৰিক তত্বটো প্ৰকাশ কৰে । অৱশ্যেই ধাৰণা কৰাৰ দৰেই চৌদিশে তোলপাৰ লাগিল । কপাৰনিকাছৰ মৃত্যুৰ পিছলৈও চলি থাকিল এই খৰিয়াল । কপাৰনিকাছৰ পিছত বিজ্ঞানী গেলিলিওৱে এই তত্বটো সমৰ্থন কৰাত তেখেতকো ৰোমান কেথলিক চাৰ্চে শাস্তি প্ৰদান কৰি জেললৈ প্ৰেৰণ কৰিছিল । সচাকৈয়ে অতীতৰ সেই বিজ্ঞানী সকলে যি পৰিস্থিতিৰ মাজত থাকি বা মৰণত শৰণ লৈ বিজ্ঞান চৰ্চা কৰিছিল সেইটো ভাবিলেই বুজি পোৱা যায় যে আধুনিক বিজ্ঞান ধ্ৰুপদী বিজ্ঞানৰ ওচৰত সদায়েই ঋণী হৈ থাকিব ।

জন ডেল্টন


জোতা মেৰামতি কৰা জনাথন ডেল্টনৰ পুত্ৰ যোচেফ এজন কাপোৰ বোৱা সাধাৰণ কৰ্মী । তেখেতৰ ঘৰতেই ১৭৬৬ চনৰ ৬ ছেপ্তেম্বৰত ওপজিছিল জন ডেল্টন । মাত্র ১২ বছৰ বয়সতেই অভাৱৰ তাৰণাত grammar school ত শিক্ষকতা কৰিবলৈ বাধ্য হৈছিল তেওঁ । প্ৰায় ৬০ জন ছাত্ৰক শিক্ষা দান কৰিছিল তেওঁ । ১৭৯৩ চনত তেওঁ মানচেষ্টাৰলৈ গৈ অংকশাস্ত্ৰ পঢ়ুৱাবলৈ লয় । সেই বছৰতেই তেওঁ Meteorological Observations and Essays নামৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায় । তেখেতে বায়ুমণ্ডলত ৮০% নাইট্ৰজেন আৰু ২০% অক্সিজেন আছে বুলি লিখিছিল । পিছলৈ তেখেত পাৰমানবিক সূত্ৰৰ বাবে বিখ্যাত হৈ পৰে । এই মনিষী জনেই বৰ্ণান্ধতা সম্বন্ধেও গৱেষণা কৰিছিল । যদিওবা তেখেতৰ পাৰমানবিক তত্বই আজি নতুন ৰূপত জনপ্ৰিয়তা লাভ কৰিছে, বিজ্ঞানৰ জগতত তেখেতৰ নাম সদায়ে সোণালী আখৰেৰে লিখা থাকিব ।

মহাজাগতিক


“আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

মুচিৰ সন্তান আব্ৰাহাম লিংকন


আব্ৰাহাম লিংকন এজন মুচিৰ সন্তান আছিল আৰু পিছলৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল । সেইসময়ৰ আমেৰিকাৰ সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ বাবে এইয়া যেন এটা হজম কৰিব নোৱাৰা বিষয় ! 

যিদিনা আব্ৰাহাম লিংকন প্ৰথম বাৰৰ বাবে চিনেটত ভাষণ দিবলৈ গৈছিল, তেওঁ মঞ্চত উঠাৰ সময়তেই সভাগৃহত উপস্থিত থকা এজন তথাকথিত ভদ্ৰলোকে থিয় হৈ ক’বলৈ ধৰিলে : “মিষ্টাৰ লিংকন, দুৰ্তাগ্যজনক ভাৱে আপুনি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে । কিন্তু আপুনি পাহৰি নেযাব যে আপুনি এজন মুচিৰ সন্তান আৰু আপুনি আপোনাৰ দেউতাৰ লগত মোৰ ঘৰলৈ আহি জোতা মেৰামতি কৰিছিল । আজিও চিনেটত আপোনাৰ দেউতাই বনোৱা জোতা পিন্ধি কেইবাজনো চিনেটৰ ইয়ালৈ আহিছে ।”

চিনেটত হাঁহিৰ ৰোল উঠিল । বিচলিত নহৈ লিংকনে ক’বলৈ ধৰিলে : “ধন্যবাদ মহাশয় এই পবিত্র ক্ষণত মোৰ পিতৃক স্মৰণ কৰাই দিয়া বাবে । মোৰ পিতৃ এজন অসাধাৰণ প্ৰতিভা সম্পণ্ণ মুচি আৰু তেখেতৰ যশস্যা চৌদিশে জনাজাত । মই সম্ভৱতঃ ৰাষ্ট্ৰপতি হৈও এনে খ্যাতি লাভ কৰিব নোৱাৰিম । শুনক মহাশয়, দেউতাৰ পৰা জোতা মেৰামতি কৰা গুণটো ময়ো আয়ত্ব কৰি থৈছোঁ । মোৰ পিতৃয়ে বনাই দিয়া আপোনালোকৰ সেই জোতাবোৰ যদি কেতিয়াবা বেয়া হয়, আপোনালোকে মোক এতিয়াও মেৰামতিৰ বাবে আপোনালোকৰ ঘৰলৈ মাতিব পাৰে ।”

চিনেটত তেতিয়া কাঁহ পৰি জিন যোৱা অৱস্থা ।

সূৰুযে বিলাইছে 40,000 হাজাৰ বছৰৰ পুৰণি পোহৰ


ৰাতিপুৱা আমি সূৰ্যৰ পৰা যিখিনি পোহৰ পাওঁ, সেই পোহৰখিনি আপুনি বিশ্বাস কৰকেই বা নকৰক, আজিৰ পৰা 40,000 বছৰ পূৰ্বে সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হৈছিল । সূৰ্যৰ কেন্দ্ৰ ভাগত ঘনত্ব অপৰিসীম । কেন্দ্ৰভাগত সম্পন্ন হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াত উৎপন্ন হোৱা ফ’টন কণিকাবোৰ পুনৰ আন হাইড্ৰজেন পৰমাণুৱে শোষণ কৰি লয় । পৰবৰ্তী সময়ত এই ফ’টন কণিকাবোৰ নিৰ্গত হয় যদিও পৌণপৌণিক ভাৱে এইবোৰ শোষিত হয় । এনেদৰে এটাৰ পৰা আনটো হাইড্ৰজেন পৰমাণুৰ মাধ্যমেৰে ফ’টন কণিকাবোৰ সূৰ্যৰ কেন্দ্ৰৰ পৰা সূৰ্যৰ পৃষ্ঠলৈ একা বেকা বাটেৰে প্ৰায় 7,00,000 কিমি পথ অতিক্ৰম কৰি সৌৰপৃষ্ঠ পাবলৈ প্ৰায় 40,000 বছৰ সময়ৰ প্ৰয়োজন হয় । সৌৰপৃষ্ঠৰ পৰা এই ফ’টন কণিকাবোৰ 15,00,00,000 কিমি দূৰৰ পৃথিৱী পাবলৈ মাত্র ৮ মিনিট সময়ৰ প্ৰয়োজন হয় আৰু তেতিয়াই আমি সূৰ্যৰ পোহৰ দেখা পাওঁ । গতিকে সত্য এইটোৱেই যে আমি দেখি থকা সূৰ্যৰ পোহৰখিনি 40,000 বছৰ পুৰণি ।

বিগ বেংগৰ থিক পিছতেই….


বিগ বেংগ বা মহানাদৰ থিক পিছতেই পোহৰৰ গতিতকৈ অধিক বেগত সম্প্ৰসাৰিত হৈছিল এই বিশ্বব্ৰহ্মাণ্ড । পদাৰ্থ বিজ্ঞানৰ তত্ব অনুসৰি এয়া অসম্ভৱ । কোনো পদাৰ্থ অথবা পদাৰ্থ কণিকাই পোহৰৰ বেগতকৈ অধিক বেগত গতি কৰিব নোৱাৰে । তেন্তে সম্প্ৰসাৰণশীল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক সময়চোৱাত এয়া কেনেদৰে সম্ভৱ হ’ল ? বিজ্ঞানী সকলৰ মতে 13.8 বিলিয়ন বছৰৰ আগেয়ে হোৱা এই মহানাদৰ সময়ত কোনো পদাৰ্থ কণিকাই নাছিল । মাথোন বিষ্ফোৰণৰ পিছত সৃষ্টি হৈছিল স্থান বা space । এই স্থানৰ হে সম্প্ৰসাৰণ হৈছিল, তাকো পোহৰৰ বেগতকৈও অধিক বেগত । তাৰপিছত ক্ৰমান্বয়ে বিষ্ফোৰিত মহাবিশ্বৰ উষ্ণতা কমি অহাত পদাৰ্থ সৃষ্টিকাৰী কণিকাসমূহ তৈয়াৰ হ’বলৈ ধৰিলে । তেনে কণিকাসমূহৰ ভিতৰত ফ’টন কণিকাবোৰো আছে । ফ’টন সৃষ্টি হোৱাৰ পিছতহে বিশ্বব্ৰহ্মাণ্ড আলোকিত হৈছিল । তাৰ আগৰ অৱস্থা কেৱল অন্ধকাৰ !!!

পৃথিৱীৰো আছিল এটা আঙুঠি !


কিছুমান বিজ্ঞানীৰ মতে শনি গ্ৰহৰ দৰেই আমাৰ পৃথিৱীৰো আদিতে এটি আঙুঠি আছিল । তেখেতসকলৰ মতে কেইবা বিলিয়ন বছৰৰ আগেয়ে “থিয়া” (Theia) নামৰ এটি গ্ৰহই পৃথিৱীৰ লগত সংঘৰ্ষৰ সৃষ্টি কৰিছিল । এই সংঘৰ্ষৰ ফলত অতি বৃহৎ পৰিমাণৰ আবৰ্জনাৰ সৃষ্টি হৈছিল আৰু এই আবৰ্জনাবোৰ পৃথিৱীৰ চৌদিশে সিচৰিত হৈ এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীক আৱৰ্তন কৰি পৃথিৱীৰ এটি আঙুঠি সৃষ্টি কৰিছিল । কালক্ৰমত এই আঙুঠিত থকা আবৰ্জনাবোৰৰ পৰাই পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ উৎপত্তি হৈছিল । অৱশ্যে এই ব্যাখ্যা বিতৰ্কৰ উৰ্ধত নহয় !

অসাধাৰণ প্ৰতিভাৰ শিশু



সেয়া 1785 চনৰ কথা । জাৰ্মানীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে 1 ৰ পৰা 100 লৈ সংখ্যাকেইটাৰ যোগফল উলিয়াবলৈ দিলে । শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰে অংকটো কৰিবলৈ আৰম্ভ কৰিলে: 1 + 2 + 3 + 4 +…….+ 100 = ? সকলোৱেই গণনাত ব্যস্ত । এজন ছাত্ৰই তৎক্ষণাত অংকটো কৰি শিক্ষকক দেখুৱালে । অংকটো দেখি শিক্ষকজন আচৰিত হৈ গল । লৰাজনে সম্পূৰ্ণ এটা নতুন নিয়মেৰে অংকটো কৰি পেলাইছে । সি কৰা অংকটো (1 + 100) + (2 + 99) + (3 + 98) + . . . . + (50 + 51) । প্ৰতি বাৰতেই যোগফল 101 আৰু এনে যুৰীয়া সংখ্যাৰ সংখ্যা মুঠ 50 টা । এতেকে যোগফল 101 x 50 = 5050 । সেই অসাধাৰণ ছাত্ৰজনেই হ’ল যোহান কাৰ্ল ফ্ৰেডেৰিক গাউচ যিয়ে পৰবৰ্তী সময়ত এজন প্ৰসিদ্ধ গণিতজ্ঞ হিচাপে পৰিচিত হৈছিল ।

বুধৰ আকাশত সুৰুযৰ ভুমুকি



সৌৰজগতৰ কাহিনীবোৰ বৰ আজব । বুধ, সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ আৰু বুধ গ্ৰহৰ পৃষ্ঠৰ পৰা সূৰ্যক অস্বাভাৱিক ৰূপে ডাঙৰ দেখা যায় । বুধৰ আকাশত সুৰুযে এক বিশাল অবয়ব লৈ উদিত হয় । বুধ গ্ৰহ সূৰ্যৰ নিচেই কাষতে থকা বাবে ইয়াৰ কক্ষিক বেগো অতি বেছি আৰু সেয়েহে মাত্ৰ তিনি মাহতেই বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক মাৰে । কিন্তু নিজ মেৰুদণ্ডৰ চৌদিশে বুধে অত্যন্ত ধীৰ গতিত আবৰ্তন কৰা বাবে বুধৰ এটা দিন দুমাহ দিঘলীয়া । অৰ্থাৎ বুধৰ দুবছৰ সময়ত মাত্র তিনিটা দিনহে থাকে !

এদিনতেই দুবাৰ সূৰ্যোদয় হোৱা গ্ৰহ বুধ


বুধ গ্ৰহত এদিনতেই দুবাৰ সূৰ্যোদয় হয় । বুধে নিজৰ মেৰুদণ্ডক আশ্ৰয় কৰি অতি ধীৰ গতিৰে আবৰ্তন কৰে বাবে বুধৰ এটা দিন আমাৰ পৃথিৱীৰ প্ৰায় 59 দিনৰ সমান । আনহাতে বুধ গ্ৰহই নিজৰ কক্ষপথেৰে অতি বেছি বেগত সূৰ্যৰ চাৰিওফালে ঘূৰে । এতিয়া ধৰা হ’ল বুধত সূৰ্যোদয় হৈছে আৰু সূৰ্যই স্বাভাৱিক ভাবে পূৱৰ পৰা পশ্চিমলৈ গতি কৰিছে (সূৰ্য প্ৰকৃততে স্থিৰ) । এনে ক্ষেত্রত বুধৰ কক্ষিক বেগ আবৰ্তন বেগতকৈ বেছি হোৱা বাবে সূৰ্যই থিক মুৰৰ ওপৰত স্থান লোৱাৰ পিছত পুণৰ পূৱ দিগন্তলৈ উভটি যায় । কিন্তু কিছু সময়ৰ পিছত বুধ সূৰ্যৰ পৰা আঁতৰি যোৱাৰ লগে লগে ইয়াৰ কক্ষিক বেগো কমি যোৱাত সূৰ্যক পুনৰ পশ্চিমলৈ ধাবিত হোৱা দেখা যায় ।

এষ্ট্ৰোচাটৰ সফল উৎক্ষেপন


ভাৰতৰ মহাকাশ বিজ্ঞানীৰ দ্বাৰা এষ্ট্ৰোচাটৰ সফল উৎক্ষেপন সম্পন্ন হল । সৌ সিদিনা ইছৰোৰ বিজ্ঞানী সকলে সফলতাৰে আৰু সম্পূৰ্ণ নিজস্ব কাৰিকৰী কৌশলেৰে তথা নুন্যতম খৰছত মংগল গ্ৰহলৈ MOMক প্ৰেৰণ কৰি পৃথিৱীক চমক খুৱাই আজি পুনৰ এষ্ট্ৰোচাট নামৰ মহাকাশ অভিযান সফলতাৰে সম্পণ্ণ কৰে । এই উৎক্ষেপনৰ জৰিয়তে ভাৰতে প্ৰথম বাৰলৈ নিজস্ব মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ অধিকাৰী হোৱাৰ গৌৰৱ আহৰণ কৰিলে । এষ্ট্ৰোচাটৰ কাৰ্যপদ্ধতি আমেৰিকাৰ হাবল মহাকাশ নিৰীক্ষণ যন্ত্ৰৰ লেখিয়া হ’ব । আমেৰিকা, ইউৰোপ, জাপান আৰু ৰাচিয়াৰ পিছতেই ইয়াৰ দ্বাৰা ভাৰত মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ অধিকাৰী বিশ্বৰ পঞ্চমখন দেশ হিচাবে পৰিগণিত হ’ল । 1513 কেজি ওজনৰ এষ্ট্ৰোচাটক লৈ PSLV প্ৰক্ষেপক যানখন আজি পুৱা দহ বজাত উৎক্ষেপিত হয় আৰু মাত্র 22 মিনিটৰ ভিতৰতে পৃথিৱীৰ পৰা 650 কিমি ওপৰৰ কক্ষপথত স্থাপন কৰা হয় । এই অভিযানত ভাৰতে এষ্ট্ৰোচাটৰ লগতে কানাডা, ইন্দোনেচিয়া আৰু আমেৰিকাৰ 6টা কৃত্ৰিম উপগ্ৰহও কঢ়িয়াই নি সফলতাৰে কক্ষপথত স্থাপন কৰে । ভাৰতীয় হিচাবে আমি গৌৰৱ অনুভৱ কৰিছো । ইছৰোৰ বিজ্ঞানী সকললৈ শুভেচ্ছা যাচিলোঁ ।

জোনবাইৰ কথাৰে


জোনবাই প্ৰতিদিনেই প্ৰায় ৫০ মিনিট পলমকৈ ওলায় । জোনবায়ে আকাশত পশ্চিমৰ পৰা পূৱলৈ পৃথিৱীৰ চাৰিওফালে ঘুৰে । পৃথিৱীৰ চাৰিওফালে এপাক ঘুৰিবলৈ জোনবাইক ২৭.৩ দিন লাগে । পৃথিৱীৰ চৌদিশে ৩৬০ ডিগ্ৰী ঘুৰিবলৈ যিহেতু জোনবাইক ২৭.৩ দিন লাগে, সেয়ে জোনবায়ে যোৱা ৰাতিৰ স্থানৰ পৰা ২৪ ঘণ্টাত পৃথিৱীৰ চৌদিশে ৩৬০/২৭.৩ ডিগ্ৰী অৰ্থাৎ ১৩.১৮ ডিগ্ৰী পূৱলৈ ঘুৰে । প্ৰতি ডিগ্ৰী দ্ৰাঘিমাত ৪ মিনিটকৈ সময়ৰ পাৰ্থক্যৰ বাবে এদিনত মুঠ সময়ৰ পাৰ্থক্য হৈ পৰে ১৩.১৮ x ৪ মিনিট অৰ্থাৎ ৫২.৭ মিনিট । যিহেতু জোনবায়ে পূৱলৈ গতি কৰে, পৃথিৱীৰ পৰা আমি জোনবাইক প্ৰায় ৫০ মিনিট পলমকৈ ওলোৱা দেখা পাওঁ ।

সময় কি ?


এটা বৰ জটিল প্ৰশ্ন । আজি একবিংশ শতিকাত আমি বৈজ্ঞানিক অৱদানেৰে এনেদৰে ধন্য হৈছো যে ক্ষুদ্ৰতকৈয়ো ক্ষুদ্ৰতম সময় আমি সঠিক ভাবে জুখি উলিয়াব পাৰিছোঁ । কিন্তু পৰিতাপৰ কথা এইটোৱেই যে যেতিয়াই আমাক সোধা হয়, “সময় কি” – আমি দোমোজাত পৰিছোঁ, উত্তৰ বিচাৰি হাবাথুৰি খাইছোঁ । এৰা, সময় এক জটিল বিষয় । সময়ৰ স্বৰূপ কি অথবা সময়ৰ বৈশিষ্ট্য কি ? সময় কেতিয়া জন্ম হৈছিল, সময়ৰ মৃত্যু হব নকি ? – এইবোৰ প্ৰশ্নৰ উত্তৰ সতকাই পোৱা কঠিন । ইতিহাসবিদ, দাৰ্শনিক, মনোবৈজ্ঞানিক, ধৰ্মযাজক অথবা সাম্প্ৰতিক সময়ৰ বিজ্ঞানী – সকলোৱেই সময় সম্বন্ধে আলোচনা কৰিছে বা ব্যাখ্যা আগবঢ়াইছে । মহান বিজ্ঞানী ষ্টিফেন হকিঙে তেখেতৰ “সময়ৰ সংক্ষিপ্ত বুৰঞ্জী” নামৰ গ্ৰন্থ খনতো সময়ৰ ব্যাখ্যা আগবঢ়াইছে । প্ৰায় ২৫০০ বছৰ আগতে দাৰ্শনিক এৰিষ্ট’টলে কৈছিল, “Time is the most unknown of all unknown things” – এৰা সময় বৰ আচৰিত ভাবে জটিল বিষয় !

সৌৰজগতৰ বিক্ষিপ্ত বৰষুণজাক !


আমাৰ পৃথিৱীত বৰষুণ হয় বুলি আমি সকলোৱে জানো । কিন্তু সৌৰজগতৰ আন গ্ৰহৰ বুকুত বৰষুণ হয়নে ? অথবা সৌৰজগতৰ বাহিৰৰ কোনোবা অজানতিমুলুকত ? আমাৰ বিজ্ঞানী সকলৰ মতে পৃথিৱীৰ বাহিৰেও আন গ্ৰহতো বৰষুণ হয় ! বিশ্বাস কৰকেই বা নকৰক বৃহস্পতি আৰু শনিগ্ৰহৰ বুকুত বৰষুণত টোপাটোপে সৰে হীৰাৰ টুকুৰা ! বৃহস্পতিৰ অশান্ত বায়ুমণ্ডলৰ মিথেন গেছ কাৰ্বনলৈ সলনি হয় । এই কাৰ্বন পৰমাণুবোৰ বায়ুমণ্ডলত ক্ৰমে গ্ৰেফাইটলৈ আৰু পিছত গ্ৰেফাইটৰ চাপ বৃদ্ধি হৈ হীৰালৈ পৰিবৰ্তিত হয় । এই হীৰাৰ টুকুৰাবোৰ পৰবৰ্তী সময়ত বৰষুণৰ ৰূপত সৰি পৰে । শুক্ৰ গ্ৰহৰ বুকুতো বৰষুণ হয় । শুক্ৰৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পই ছালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এচিদ সৃষ্টি কৰে আৰু বৰষুণ ৰূপে সৰি পৰে । শনি গ্ৰহৰ উপগ্ৰহ টাইটানত তৰল মিথেন গেছৰ বৰষুণ হয় । আচৰিত নহ’ব – HD189733b নামৰ সৌৰজগতৰ বাহিৰৰ গ্ৰহটোত বৰষুণত সৰে আইনাৰ টুকুৰা আনহাতে COROT-7b নামৰ বহিৰ্বিশ্বৰ শিলাময় গ্ৰহটোৰ বুকুত বৰষুণত সৰে শিলৰ অজস্ৰ টুকুৰা !!!

পালচাৰ : মৃত নক্ষত্ৰৰ অস্থিভষ্ম


পালচাৰ তৰাবোৰক বিশ্বব্ৰহ্মাণ্ডৰ পোহৰৰ উৎস বোলা হয় কাৰণ এই তৰাবোৰে নিজৰ অক্ষত ঘূৰ্ণীয়মান অৱস্থাত চৌদিশে বিদ্যুৎ চুম্বকীয় তৰংগ বিকিৰণ কৰি থাকে । পালচাৰ তৰা সমূহ একপ্ৰকাৰৰ নিউট্ৰন তৰা । সূৰ্যতকৈ প্ৰায় ৮ গুণ বেছি ভৰৰ তৰাবোৰৰ বাৰ্ধক্যজনিত মৃত্যুৰ সময়ত এনে তৰাবোৰ একোটা অতি উজ্জ্বল তৰা বা Super Novaলৈ পৰিবৰ্তিত হয় আৰু বিশ্বব্ৰহ্মাণ্ডৰ বহু দুৰলৈ আলোকৰ মেলা পাতে । এনে অৱস্থাত প্ৰকৃততে তৰাটোৰ বাহিৰৰ আৱৰণখন বিষ্ফোৰণৰ দ্বাৰা চিটিকি যায় আৰু ভিতৰৰ আৱৰণখন তৰাটোৰ মাধ্যাকৰ্ষণৰ ফলত ক্ৰমান্বয়ে সংকুচিত হবলৈ ধৰে । এই মাধ্যকৰ্ষণ ইমানেই শক্তিশালী যে তৰাটোৰ আভ্যন্তৰত থকা পৰমাণুবোৰো প্ৰভাৱিত হয় । এনে অৱস্থাত তৰাটোৰ কেন্দ্ৰভাগত থকা পৰমাণুবোৰৰ প্ৰোটন আৰু ইলেকট্ৰণবোৰ একেলগে বান্ধ খাই নিউট্ৰনলৈ সলনি হয় । এই তৰাবোৰৰ কেন্দ্ৰভাগৰ মাধ্যাকৰ্ষণৰ মান আমাৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ প্ৰায় ২০০০০০০০০০০০ গুণ বেছি হয় ! এই প্ৰচণ্ড মাধ্যাকৰ্ষণৰ বাবে ভৰ অনুসৰি তৰাবোৰ বিষ্ফোৰিত হৈ একোটা Super Nova অথবা সংকুচিত হৈ একোটা কৃষ্ণগহ্বৰ বা Black Hole হ’ব পাৰে । আনহাতে সূৰ্যৰ দৰে কম ভৰৰ তৰাবোৰ একোটা শ্বেত-বামণ বা White Dwarf লৈ সলনি হয় । কিন্তু সূৰ্যতকৈ প্ৰায় 4 গুণ মান ডাঙৰ তৰাবোৰ তুলনামূলক ভাৱে কম ভৰযুক্ত হোৱা বাবে এনেবোৰ তৰা কৃষ্ণ-গহ্বৰ হোৱাৰ সলনি একোটা নিউট্ৰন তৰা বা পালচাৰ হিচাবে ৰৈ যায় । এনে নিউট্ৰন বা পালচাৰ তৰাবোৰ আয়তনত অতি ক্ষুদ্ৰাকৃতিৰ হোৱা বাবে এইবোৰক চকুৰে দেখা পোৱা নেযায়, মাথোন এই তৰাবোৰে বিকিৰণ কৰা বিদ্যুৎ-চুম্বকীয় তৰংগৰ জৰিয়তে এইবোৰৰ উপস্থিতি নিৰ্ধাৰণ কৰিব পৰা যায় । 1967 চনত জোচেলিন বেল আৰু এন্টনী হেৱিছ নামৰ দুজন গৱেষক ছাত্ৰই অতি আচম্বিত ভাবে এই মৃত নক্ষত্ৰৰ অৱস্থিত অংশ – পালচাৰ তৰাৰ আৱিষ্কাৰ কৰিছিল ।

মাইকেল ফেৰাডে !


ৰয়েল ইনষ্টিটিউটলৈ এজন ডেকা বিজ্ঞানী আহি গৱেষণাৰ কামত ব্ৰতী হ’ল । কেইবাদিনো পাৰ হৈ গ’ল । তেওঁ পিছে মন কৰি আহিছিল গৱেষণাগাৰৰ এচুকত নিৰলে কিবাকিবি কৰি থকা বয়সীয়াল, বিবৰ্ণ পোছাক পৰিহিত জধলা লোকজনক । এদিন ডেকা বিজ্ঞানীজন আগবাঢ়ি গৈ তেখেতৰ ওচৰ পালেগৈ ।
: নমস্কাৰ ।
বয়সীয়াল লোকজনে মুৰ দাঙি চাই ঈষৎ হাঁহি এটাৰে মাত লগালে : নমস্কাৰ ।
: আপুনি কিজানি বহু বছৰ ধৰি ইয়াত কাম কৰি আহিছে !
: হয় । 
: দৰমহাও নিশ্চয় ভাল !
: হয় ।
: আপুনি নিশ্চয় এই গৱেষণাগাৰৰ কেয়াৰটেকাৰ !
বয়সীয়াল ব্যক্তিজনে হাঁহি এটা মাৰিলে ।
ডেকা বিজ্ঞানীয়ে পুনৰ সুধিলে: আপোনাৰ নাম ?
: মাইকেল ফেৰাডে !
আমাৰ ডেকা বিজ্ঞানীজন সৰগ পৰা মানুহৰ দৰে হৈ কোনোমতে সেপ ঢুকি অস্ফুত মাতেৰে ক’লে : ক্ষমা কৰিব মহাশয় ! মই আপোনাক চিনি পোৱা নাছিলোঁ !!!

বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-গ্ৰহান্তৰৰ গছ লতিকাবোৰ !



এইয়া সচাঁনে ? কল্পকাহিনীৰ পটভূমি নহয়তো ! আমাৰ মনলৈ প্ৰায়েই আহি থকা অযুত প্ৰশ্নৰ ভিতৰত ইয়ো এটা : আছেনে পৃথিৱীৰ বাহিৰেও কোনো অজানতিমুলুকত গছ লতিকাৰে ভৰা অন্য এখন পৃথিৱী !!! বিশ্বব্ৰহ্মাণ্ডৰ অসীমতা কল্পনাৰ উৰ্ধত । এই বিশাল ব্ৰহ্মাণ্ডৰ কোনোবা অজান কেইটামান গ্ৰহৰ বুকুতো থাকিব পাৰে গছ বিৰিখৰ ছাঁ । থাকিব পাৰে পক্ষীৰ কলৰোল সেই বিৰিখৰ ডালত । এই সম্ভাৱনাৰ কথা অস্বীকাৰ কৰা নাই নাছাৰ বিজ্ঞানী সকলে । সৌৰজগতৰ বাহিৰত এতিয়ালৈকে বিজ্ঞানীসকলে বহুতো তাৰকা আৰু সেইবোৰৰ চৌদিশে ঘূৰি থকা অসংখ্য গ্ৰহ আৱিষ্কাৰ কৰিছে । তেনেবোৰ গ্ৰহৰ মাজত কেইটামান পৃথিৱী সদৃশ গ্ৰহও আৱিষ্কাৰ কৰিছে । বিজ্ঞানীসকলৰ মতে সেইবোৰ গ্ৰহত জীৱনৰ সম্ভাৱনা নথকা নহয় । তেখেতসকলৰ মতে সেই গ্ৰহবোৰত থকা জীৱবোৰৰ জীৱন ধাৰণৰ পদ্ধতি আমাৰ পৃথিৱীৰ জীৱবোৰৰ দৰে একে নহবও পাৰে কাৰণ গ্ৰহবোৰৰ পৰিবেশ অনুসৰি তাৰ ক্ৰমবিবৰ্তনৰ পথবোৰো ভিন্ন । সেইবাবেই সৌৰজগতৰ বাহিৰৰ এই গ্ৰহবোৰৰ জীৱবোৰৰ জীৱন প্ৰক্ৰিয়া সমূহো আমাৰ পৃথিৱীতকৈ বেলেগ হোৱাৰ সম্ভাৱনা বেছি । অৰ্থাৎ সেই গ্ৰহৰ জীৱবোৰে অক্সিজেন অথবা পানী অবিহনে জীয়াই থাকিব পৰাকৈ অভিযোজিত হোৱাৰ সম্ভাৱনা প্ৰবল । তেনে জীৱবোৰৰ দেহত আমাৰ পৃথিৱীৰ জীৱৰ দৰে কাৰ্বন যৌগৰ সলনি চিলিকনৰ যৌগ থকাৰ সম্ভাৱনাৰ কথা বিজ্ঞানীসকলে প্ৰকাশ কৰিছে । এই গ্ৰহবোৰ বিজ্ঞানীসকলৰ মতে গছ লতিকাৰে জাতিষ্কাৰ । পাৰ্থক্য ইমানেই যে সেই গছ লতাবোৰ আমাৰ পৃথিৱীৰ গছবোৰৰ দৰে সেউজীয়া নহৈ হালধীয়া, ক’লা অথবা কমলা ৰঙৰ হ’ব পাৰে, সালোক সংশ্লেষণৰ পদ্ধতি বেলেগ হ’ব পাৰে । আমাৰ প্ৰতিবেশী গ্ৰহ মংগলতো কোনো কোনো বিজ্ঞানীৰ মতে ক’লা ৰঙৰ উদ্ভিদ আছে । অৱশ্যে এইয়া প্ৰমাণিত হোৱা নাই । নাছাৰ এদল জীৱ বিজ্ঞানীয়ে জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা পৰীক্ষাগাৰত এক বিশেষ গছৰ উদ্ভাৱন কৰাৰ বাবে মন বান্ধি লৈ গৱেষণাত ব্ৰতী হৈছে, যিবোৰ উদ্ভিদ মংগল গ্ৰহৰ শুষ্ক, কঠিন শিলাময় বুকুত গজি উঠিব পাৰিব । একবিংশ শতিকাৰ শেষৰ পিনে মানুহে মংগল গ্ৰহত উপনিবেশ স্থাপন কৰাৰ আশা মনত পুহি ৰাখিছে । মানুহৰ বাবে মংগল গ্ৰহক বাসোপযোগী কৰি তুলিবলৈ, মংগল গ্ৰহৰ বুকুত সেউজীয়া সপোন ৰচাৰ গুৰু দায়িত্বও এই জীৱ বিজ্ঞানীসকলৰ ওপৰত ন্যস্ত । আৰু যদি এইয়া সম্ভৱ হৈ উঠে এদিন ৰঙচুৱা মংগল গ্ৰহ পৃথিৱীৰ দৰেই সেউজীয়া হ’ব । হয়তো বিশ্বব্ৰহ্মাণ্ডৰ আন আন বহুতো গ্ৰহত হালধীয়া, ক’লা অথবা কমলাৰঙী গছবোৰৰ পাতেও বতাহত দেও দি দি নাচিব !!!

সূৰ্য প্ৰকৃততে উদয় হয়নে ?


দোকমোকালিৰ ক্ষন্তেক পিছতেই আমি সুৰুযে পূব আকাশত ভূমুকি মৰা দেখো । কিন্তু প্ৰকৃততে কথাটো সচাঁ নহয় । সৌৰজগতৰ কতোৱেই সূৰ্য উদয় নহয় । পৃথিৱীৰ আহ্নিক গতিৰ বাবেহে সুৰুযক পূব আকাশত ভূমুকি মাৰি সন্ধিয়া পুনৰ পশ্চিম আকাশত অস্ত যোৱা দেখো । সূৰ্য উদয় হোৱা বা অস্ত যোৱা- এই দুয়োটা পৰিঘটনাই আমাৰ একো একোটা দৃষ্টিভ্ৰম । এই দুয়োটা পৰিঘটনাৰেই কোনো যুক্তিযুক্ততা নথকা স্বত্তেও আমি ইয়াক চিৰন্তন সত্য বুলি মানি আহিছোঁ ।

জোনবাইৰ দেশতো আছে বায়ুমণ্ডল



জোনবাইৰ বুকুত আমি জীয়াই থাকিব পাৰিমনে ? আমি জনাত জোনবাইৰ কোনো বায়ুমণ্ডল নাই । এক শুষ্ক মৰুময় দেশ; যত নাই প্ৰাণৰ স্পন্দন । আমেৰিকাৰ এপ’লো কাৰ্যক্ৰমৰ সময়ত মহাকাশযাত্ৰী সকলে কিন্তু জোনবাইৰ এক আচৰ্যকৰ ছবি সংগ্ৰহ কৰিছিল যত জোনবাইৰ আঁৰত লুকাই থকা সুৰুযৰ ৰেঙনিয়ে জোনবাইৰ দেশত বায়ুমণ্ডলৰ উপস্থিতিৰ সম্ভাৱনাৰ দিশটো সম্বন্ধে বিজ্ঞানীসকলক ভবাই তোলে । সুৰুযৰ ৰেঙনিয়ে জোনবাইৰ দেশত সৃষ্টি কৰা এই পোহৰৰ দৃশ্যক বিজ্ঞানীসকলে Lunar Horizon Glow (LHG) বুলি নামাকৰণ কৰিছে । ইয়াৰ পিছৰ পৰাই বিজ্ঞানীসকলে কৰা গৱেষণাত এইটো প্ৰতিপন্ন হয় যে জোনবাইৰ দেশত আছে প্ৰায় 25000 কেজি ওজনৰ এক পাতল বায়ুমণ্ডল । এই বায়ুমণ্ডলত বিজ্ঞানীসকলৰ মতে আৰ্গন-40, হিলিয়াম-4, কাৰ্বনডাই-অক্সাইড, মিথেন, এমোনিয়া, নাইট্ৰজেন আৰু সামান্য মাত্ৰাত অক্সিজেন গেছো আছে । বিজ্ঞানীসকলৰ মতে জোনবাইৰ মাটিৰ আভ্যন্তৰত সংঘটিত হৈ থকা তেজস্ক্ৰিয় পদাৰ্থৰ বিভংগনৰ ফলত এই গেছবোৰ সৃষ্টি হৈছে আৰু এইবোৰ গেছেই সৃষ্টি কৰিছে জোনবাইৰ দেশৰ বায়ুমণ্ডল । ওপৰৰ ছবিত জোনবাইৰ LHG আৰু বাওঁফালে ওপৰত শুক্ৰ গ্ৰহটো দেখা গৈছে ।