Monday 23 January 2017

ঈশ্বৰকণাৰ যৎকিঞ্চিত


সাধাৰণ মানুহৰ কথা বাদেই, ঈশ্বৰ কণা সম্বন্ধে বিজ্ঞানী সকলৰো উৎকণ্ঠাৰ শেষ নাই। এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থৰ মূল গঠনকাৰী উপাদান হ'ল পৰমাণু। এসময়ত পৰমাণুবোৰ অবিভাজ্য বুলি ভবা হৈছিল যদিও পিছলৈ ইলেকট্ৰণ, প্ৰোটন আৰু নিউট্ৰনৰ আৱিষ্কাৰে পৰমাণুবোৰ পদাৰ্থৰ অন্তিম ৰূপ নোহোৱাতোকেই প্ৰতিপন্ন কৰিলে। পিছলৈ বিজ্ঞানী সকলৰ প্ৰচেষ্টাত ইলেকট্ৰণ, প্ৰোটন আদিতকৈও ক্ষুদ্ৰ কণিকা সমূহৰ উপস্থিতি ধৰা পৰে। কোৱাৰ্ক, লেপ্টন, এন্টিকোৱাৰ্ক আৰু এন্টিপ্ৰোটন আদিবোৰ ফাৰ্মিওন কণিকা হিচাবে কণিকা পদাৰ্থ বিজ্ঞানত অধ্যয়ন কৰা হয়। এইবোৰ সকলো একোটা অৱ-পাৰমাণবিক কণিকা।

শেহতীয়াকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত আন এবিধ অৱ-পাৰমাণবিক কণিকাৰ নাম সংযোজিত হৈছে যাক বিজ্ঞানৰ ভাষাত Fundamental Bosons (Gauge bosons আৰু Higgs boson) বোলা হয়। এই কণিকাবোৰ একোটা বল কণিকা বা "force particles" যিয়ে ফাৰ্মিওন কণিকাবোৰৰ মাজত যোগসূত্ৰৰ স্থাপন কৰে। আমি আলোচনালৈ অনা ঈশ্বৰ কণা হ'ল হিগস বোসন নামৰ এক অব-পাৰমাণবিক (Subatomic) কণিকাৰ এটা উপনাম (nickname)।

সাধাৰণ মানুহৰ ভাষাত বিভিন্ন অব-পাৰমাণবিক কণিকাই পদার্থক বিভিন্ন ধর্ম প্রদান কৰে। ৰহস্যজনক তথা গুৰুত্বপূৰ্ণ ধর্মসমূহৰ এটা হৈছে পদার্থৰ ভৰ। প্রোটন আৰু নিউটন সমূহৰ ভৰ (mass) আছে। কিন্তু ফোটন কণিকাৰ ভৰ নাই। হিগস বোসন বা ‘ঈশ্বৰকণা'ক সেই বিশেষ কণিকা বুলি বিশ্বাস কৰা হয় যিয়ে পদার্থক ভৰ প্রদান কৰে। কণিকা পদার্থবিদ্যাৰ আদর্শ প্রতিৰূপ (Standard model)টো হ'ল এনে এটি ব্যৱস্থা যত পদার্থ গঠনকাৰী মৌলিক কণিকা সমূহৰ বল, গাঠনিক উপাদান আৰু পাৰস্পৰিক বিক্রিয়া সমূহক বর্ণনা কৰাৰ চেষ্টা কৰা হয়। ইয়াত যে কেবল পৰমাণুসমূহ আৰু সেইবোৰৰ গঠনকাৰী উপাদানসমূহক লৈয়ে কাম কৰা হয় সেইটো নহয় বৰং সেই সকলো কণিকাৰ ওপৰত কাম কৰা হয় যিবোৰে কোনো অব-পাৰমাণবিক কণিকাও গঠন কৰে। এই আদর্শ প্রতিৰূপটি আজিও কণিকা পদার্থ বিজ্ঞানক বুজাৰ এটি অতি সুন্দৰ পদ্ধতি। এই মডেলটিয়ে ভবিষ্যতবানী কৰে যে এনে বিশেষ কিছু মৌলিক কণিকা (elementary partiebs) আছে; যিবোৰ প্রোটন আৰু ইলেকট্রন সমূহতকৈও ক্ষুদ্রতৰ। বৰ্তমান পৰীক্ষা মূলকভাবে এনে এবিধ কণাৰ অস্তিত্ব প্ৰমাণিত হৈছে যাক বিজ্ঞানী সকলে হিগস বোসন বা ‘ঈশ্বৰকণা' বুলি উল্লেখ কৰিছে।

১৯২১ চনত সত্যেন্দ্ৰনাথ বসু নামৰ এজন ভাৰতীয় বিজ্ঞানীয়ে তথ্য আগবঢ়াই যে পোহৰ প্ৰকৃততে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ শক্তিৰ টোপোলা বা Energy packet হে। পৰবৰ্তী সময়ত এনে শক্তিৰ টোপোলা বোৰক ফোটন নাম দিয়া হয়। বসু-প্লাংকৰ বিকিবিকিৰণ তত্ব অনুসৰি গাণিতিক ৰাশিৰে পৰবৰ্তী সময়ত দুটা ফোটনক ভিন্ন ভাবে পৰ্যবেক্ষণ কৰাৰ পথ মুকলি হয়।। এই তত্বটো আইনষ্টাইনৰ বিভিন্ন প্ৰয়োগ ক্ষেত্রটো ব্যৱহাৰ হৈছিল যাক আমি বোস-আইনষ্টাইন পৰিসংখ্যা বুলি জানো। এনে পৰ্যবেক্ষণত যিবোৰ কণিকাৰ স্পিন এটা পূৰ্ণ সংখ্যা নহয়, সেইবোৰও বোস-আইনষ্টাাইন সংখ্যা মানি চলে আৰু সেইবোৰক আজি আমি বোসন কণা বুলি কওঁ। উল্লেখযোগ্য যে এই নামটো ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ নামৰ আধাৰত দিয়া হৈছে।

১৯৬৪ চনত প্ৰকাশিত এখন জার্নালত পিটাৰ হিগস নামৰ এজন বিজ্ঞানীয়ে এটা তথ্য আগবঢ়ালে য'ত তেওঁ কৈছিল এবিধ বিশেষ অৱ-পাৰমাণবিক কণিকাৰ কথা যাৰ ভৰ আছে কিন্তু শূণ্য স্থানত আধানহীন। তাতোকৈ আচৰিত এই যে এই কণিকাবোৰৰ সান্নিধ্যত আন আন কণিকাবোৰ সক্ৰিয় হৈ উঠে। কোনো তাত্বিক কণিকা এটিক বাস্তৱ ক্ষেত্রত এটি প্ৰকৃত কণিকাৰ ৰূপ প্ৰদান কৰিব পৰা এই কণিকাটোক সেই সময়ত সকলোৱে নাম দিছিল : "ঈশ্বৰ কণা" ! নোবেল বঁটা বিজয়ী বিজ্ঞানী লিউ লেডাৰমেন এজন আস্তিক পদার্থবিদ। তেওঁ সর্বপ্রথমে এই কণিকাবোৰৰ নাম ৰাখিছিল God particle বা ঈশ্বৰ কণা। কিন্তু বিজ্ঞানী হিগসে ইয়াৰ বিৰোধীতা কৰিছিল। পিছে তেওঁৰ আপত্তি নৰজিল। প্ৰকাশকে পাঠকক আকৰ্ষিত কৰিবলৈ এই কণিকাৰ ওপৰত লিখা তেখেতৰ গৱেষণা পত্ৰখনত God Particle নামটোৱেই ৰাখিলে। আজি সাধাৰণ মানুহৰ লগতে বিজ্ঞানৰ ক্ষেত্ৰখনতো হিগচ-বোচনক ঈশ্বৰ কণা বুলিয়েই কোৱা হয়।


Sunday 22 January 2017

বিস্ফোৰণৰ অপেক্ষাৰত এটি তৰা: বিটলজুচ


ৰাতিৰ আকাশৰ অগণন তৰাৰ মাজত অতি সহজে চিনি উলিয়াব পৰা এটি তৰা হ'ল বিটলজুচ বা আৰ্দ্ৰা নক্ষত্ৰ। কালপুৰুষ বা অৰায়ন (Orion) তাৰকামণ্ডল প্ৰায় সকলোৱেই চিনি পায়। বৰ্তমান জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ সন্ধিয়াৰ পূৱ আকাশত দেখা পোৱা এটি প্ৰধান তাৰকামণ্ডলেই হ'ল কালপুৰুষ। এই কালপুৰুষৰ সোঁবাহুৰ উজ্জ্বল ৰঙচুৱা নক্ষত্ৰটোৱই বিটলজুচ বা আৰ্দ্ৰা। বিজ্ঞানী সকলৰ ভাষাত এই তৰাটোৰ নাম Alpha Orionis. আমাৰ সূৰ্যতকৈ 25 গুণ অধিক ভৰ বিশিষ্ট বিটলজুচ আয়তনৰ ক্ষেত্ৰতো সূৰ্যতকৈ প্ৰায় 500 গুণ ডাঙৰ। অতি বৃহৎ আকাৰৰ M শ্ৰেণীৰ এই তৰাটোক এটা ৰঙা অতিদানব বা Red Supergiant বুলি কোৱা হয়। আচৰিত হ'লেও এইটো সঁচা যে আকাৰত অতি বৃহৎ হোৱা স্বত্তেও এই তৰাটো আমাৰ সূৰ্যতকৈ শীতল। বিটলজুচৰ উষ্ণতা 6000 ডিগ্ৰী ফাৰেনহাইট, আনহাতে আমাৰ সূৰ্যৰ উষ্ণতা প্ৰায় 10,000 ডিগ্ৰী ফাৰেনহাইট। পৃথিৱীৰ পৰা প্ৰায় 640 আলোকবৰ্ষ আঁতৰৰ এই তৰাটোৰ বয়স প্ৰায় 10 মিলিয়ন বছৰ। সূৰ্যৰ তুলনাত প্ৰতি ছেকেণ্ডত প্ৰায় 700 গুণ অধিক হাইড্ৰজেন ইন্ধন হিচাবে জ্বলোৱা বিটলজুচৰ ইতিমধ্যে ইন্ধনৰ অভাৱ ঘটিছে আৰু তৰাটোৰ নিউক্লিয় বিক্ৰিয়া অতি স্তিমিত হৈ পৰিছে। বিজ্ঞানী সকলে গাণিতিক ভাবে বিশ্লেষণ কৰি আগবঢ়োৱা তথ্য অনুসৰি বিটলজুচ বৰ্তমান এটি অকালতে বৃৃদ্ধ হৈ পৰা তৰা। ইয়াৰ কেন্দ্ৰত ঘটা হাইড্ৰজেনৰ নাটনিয়ে বৰ্তমান এক জটিল অৱস্থা পাইছে আৰু সেয়েহে যিকোনো মূহুৰ্ততে তৰাটো মৃত্যুমুখত পৰাটো নিশ্চিত। পিছে বিটলজুচৰ নিচিনা এনে বৃহৎ তৰা এটি জানো নিশব্দে আঁতৰি যাব ? বিজ্ঞানীসকলে উল্লেখ কৰা মতে ইন্ধনৰ অভাৱ ঘটা বিটলজুচ লাহে লাহে শীতল হৈ আহিছে আৰু তৰাটোৰ কেন্দ্রভাগ ক্ৰমে সংকুচিত হৈ পৰিছে। ইয়াৰ ফলত তৰাটোৰ কেন্দ্ৰত গেছীয় প্লাজমা (পদাৰ্থৰ চতুৰ্থ অৱস্থা)ৰ ঘনত্ব ক্ৰমান্বয়ে বাঢ়ি আছে। পিছে এই প্ৰক্ৰিয়া বেছি দিন চলি থাকিব নোৱাৰে। খুব সোনকালেই এই পৰিক্ৰমা শেষ হ'ব আৰু এক প্ৰচণ্ড বিস্ফোৰণত চিন্ন-বিচিন্ন হৈ যাব বিটলজুচ নামৰ তৰাটো। এনেদৰে বিস্ফোৰিত হোৱা তৰাবোৰৰ বিভিন্ন উপাদান সমূহ বিশ্বব্ৰহ্মাণ্ডৰ কেউদিশে সিঁচৰতি হৈ পৰে। এনে উপাদানসমূহত বিভিন্ন গেছ, নাক্ষত্ৰিক ধূলিকণা বা Steller dust, বিভিন্ন ধাতু আদি অসংখ্য পদাৰ্থ থাকে। Carl Sagan নামৰ বিখ্যাত বিজ্ঞানীজনে এই পদাৰ্থ বোৰক "Star-stuff" বুলি অভিহিত কৰি লিখিছে : The nitrogen in our DNA, the calcium in our teeth, the iron in our blood, the carbon in our apple pies were made in the interiors of collapsing stars. We are made of star-stuff". ডিঙিৰ অলংকাৰ বা আঙুলিত পিন্ধা আঙুঠিৰ সোনখিনি, ঘৰ বনাবলৈ ব্যৱহাৰ কৰা লোহাবোৰ, পাকঘৰৰ বাচন বৰ্তনবোৰত ব্যৱহাৰ হোৱা ধাতুবোৰকে ধৰি আমাৰ পৃথিৱীৰ প্ৰায় প্ৰতিটো উপাদানেই মহাবিশ্বৰ কোনোবা বিশালকায় তৰাৰ কেন্দ্ৰত থকা চুল্লীতেই সৃষ্টি হৈ পিছত তৰাটোৰ বিস্ফোৰণৰ সময়ত চিটিকি আহি চৌদিশে বিয়পি পৰাৰ লগতে আমাৰ পৃথিৱীও পাইছিলহি। এদিন বিটলজুচো একেদৰে বিস্ফোৰিত হ'ব, মহাবিশ্বৰ কেউদিশে ছটিয়াই যাব তৰাটোৰ অস্থিভষ্ম আৰু এই অস্থিভষ্ম সমূহৰ পৰাই এদিন পুণৰ সৃষ্টি হ'ব আন এটি নতুন তৰা। ই এক চিৰ-শ্বাশত প্ৰক্ৰিয়া। পিছে বিজ্ঞানীসকলৰ মনলৈ অহাৰ দৰেই আপোনাৰ বা মোৰ মনলৈও অহা প্ৰশ্নটো হ'ল : বিটলজুচৰ বিস্ফোৰণটো হ'ব কেতিয়া ? আজিৰ দিনত বিজ্ঞানীসকলৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ কোনো সঠিক উত্তৰ বিজ্ঞানীসকলৰ হাততো নাই। এই বিস্ফোৰণটো কালিলৈও হ'ব পাৰে অথবা আজিৰ পৰা কেই হাজাৰমান বছৰ পিছতো হ'ব পাৰে। হয়তো ইতিমধ্যে বিস্ফোৰণটো হৈ গৈছেই ! বিটলজুচ যিহেতু আমাৰ পৰা 640 আলোকবৰ্ষ আঁতৰত আছে, সেয়েহে বিটলজুচৰ পৰা অহা পোহৰ আমাৰ পৃথিৱী পাবলৈ সময় লাগে 640 বছৰ। আজি সন্ধিয়াৰ আকাশত আপুনি দেখা বিটলজুচ বা আৰ্দ্ৰা নক্ষত্ৰটো দৰাচলতে 640 বছৰ আগৰ। যদিহে 1950 চনৰ কোনোবা এটা দিনতেই বিটলজুচ বিস্ফোৰিত হৈ ধ্বংসপ্ৰাপ্তও হৈছে, সেই খবৰটো পোহৰে আনি পৃথিৱীবাসীক দিবহি 2590 চনতহে !! সঁচাকৈয়ে আচৰিত এই বিশ্বব্ৰহ্মাণ্ড।

Saturday 14 January 2017

সৃষ্টিশীলতাৰ উৎকৃষ্ট নিদৰ্শন



টলা চহৰৰ দাঁতি কাষৰীয়া পুৰন্দিয়া সামেইকুছি গাওঁখন যেন এক মিলনতীৰ্থলৈ পৰিণত হ'ল। হিলদল ভাঙি মানুহৰ সোঁত বৈছে সোমাইকুছিলৈ। বিস্তৃৰ্ণ পথাৰৰ মাজত, পথাৰৰ কাষেৰে পাৰ হৈ যোৱা গাৱঁৰ আলিটোত বিৰ দি বাট নোপোৱা অৱস্থা। পথাৰখনৰ মাজত এটি সুদৃশ্য তাজমহল। আলিবাটেৰে লাখুটিত ভৰ দি বাটকুৰি বাই অহা আশীতিপৰ এগৰাকী বৃদ্ধাই কৈছে: টিভিত দেখা তাজমহলটো চাওঁ বুলি আহিছোঁ বোপাই....। উখল-মাখল, উথপথপ এইকেইদিন সামেইকুছি। ন'হবই বা কিয় ? গাঁৱৰেই বাৰজন যুৱকে নৰা, খেৰ আৰু বাঁহেৰে পথাৰৰ মাজত সাজি উলিয়াইছে এটি তাজমহলৰ প্ৰতিকৃতি। অপূৰ্ব, চমৎকাৰ সৃষ্টিশীলতাৰ এক নিদৰ্শন। অপলক নেত্ৰে ৰাইজে মাথোন লক্ষ্য কৰিছে তাজমহলৰ চৌদিশ। মাইকত অতি নিম্নস্বৰত বাজি থকা সংগীতে পৰিবেশটো অধিক মায়াময় কৰি তুলিছে। মই মন্ত্ৰমুগ্ধ হৈ পৰিছো। উৎসুকতাৰে বিচাৰি ফুৰিছো সেই শিল্পীসকলক, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে প্ৰেমৰ সৌধ তাজমহলৰ প্ৰতিকৃতিটোৱে। এনেতে লগ পালোঁ দীপক বড়ো আৰু ভাস্কৰ বণিয়া নামৰ দুজন কম বয়সীয়া যুৱকক যি দুজনে আৰু দহজন ল'ৰাৰ সৈতে মিলি বিগত কেইদিনমানৰ একানপটীয়া প্ৰচেষ্টাৰে সাজি উলিয়াইছে এই তাজমহলৰ প্ৰতিকৃতিটো। টংলাৰ প্ৰেছিডেন্সী জুনিয়ৰ কলেজৰ উ: মা: পৰ্যায়ৰ ছাত্ৰ দীপকে ভাস্কৰ, ৰূপসিং, বাবুল, নয়ন আদি হায়াৰ চেকেণ্ডাৰী আৰু হাইস্কুল পৰ্যায়ত পঢ়ি থকা কেইজনমান ল'ৰাৰ লগত লগ হৈ তাজমহলৰ এই প্ৰতিকৃতিটো সাজি উলিয়ায়। পিছলৈ তেওঁলোকৰ কামটো দেখা পাই অৱশ্যে গাওঁবাসীয়েও সহায়ৰ হাত আগবঢ়ায়। 
মই সুধিলো: এইটো জ্বলাই দিবা ?
ভাস্কৰে ক'লে: নিজ হাতেৰে সাজি উলিওৱা এনে এটি সৃষ্টি জ্বলাই দিবলৈ বেয়া লগাটো নিতান্তই স্বাভাৱিক। খুবেই বেয়া লাগিব। কিন্তু আমি নিৰুপায়। 
সম্প্ৰতি জানিবলৈ পাৰিছোঁ, তেওঁলোকে এই প্ৰতিকৃতিটো জ্বলাই নিদি খুলি পেলাব। ভেলাঘৰ আৰু সাম্প্ৰতিক সময়ত চলি থকা এনে বিতৰ্কবোৰৰ পৰা আঁতৰি আহি এখন্তেক ভাবিছোঁ : এই সৃষ্টি সঁচাকৈয়ে অনুপম। এই শিল্পীসকল সৃষ্টি হোৱা নাই, জন্মগত শিল্পী এওঁলোক। দীপক, ভাস্কৰ, ৰূপসিং, বাবুলহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।


Thursday 12 January 2017

সাম্ভাব্য সংঘৰ্ষৰ পথত দুটা আকাশৰ তৰা


বিশ্বব্ৰহ্মাণ্ডত অসম্ভৱ বুলি হয়তো একোৱেই নাই। অসম্ভৱ, অবাস্তব যেন লগা অথবা কোনোদিনেই কল্পনা নকৰা বিভিন্ন প্ৰাকৃতিক পৰিঘটনা সমূহে আমাক প্ৰায়েই ৰোমাঞ্চিত কৰে। তেনে আন এটি অতি বিৰল মহাজাগতিক ঘটনাই পুনৰ আমাক ৰোমাঞ্চিত কৰি তুলিবহি অহা 2022 চনত। American Astronomical Societyৰ 229তম অধিবেশনত শেহতীয়াকৈ Lawrence Molnar আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে এই তথ্য সদৰি কৰিছে। তেখেতসকলৰ গৱেষণা পত্ৰৰ মতে অহা 2021 চনৰ নৱেম্বৰৰ পৰা 2022 চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত বিশ্ববাসীয়ে দেখা পাব এক অতি বিৰল মহাজাগতিক পৰিঘটনা, য'ত দুটা প্ৰকাণ্ড ন'ভা তৰাৰ মুখামুখি সংঘৰ্ষৰ ফলত নিশাৰ আকাশো হৈ পৰিব দিনৰ আকাশৰ দৰেই আলোকময়। Molnar আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে বিগত 2013 চনৰ পৰাই KIC-9832227 নামৰ এখন Contact Binary System বা সংলগ্ন যুগ্ম তৰাতন্ত্ৰ এখনৰ ওপৰত অধ্যয়ন চলাই আহিছে। KIC-9832227 নামৰ এই তৰাতন্ত্ৰখন পৃথিৱীৰ পৰা 1800 আলোকবৰ্ষ দূৰৰ Cygnus তাৰকাৰাজ্যত অৱস্থিত। KIC-9832227 তৰাতন্ত্ৰখনৰ বিশেষত্ব এয়ে যে ইয়াত এযোৰ যুগ্ম তৰাই পৰস্পৰে পৰস্পৰক 11 ঘণ্টাৰ মূৰে মূৰে প্ৰদক্ষিণ কৰে। 11 ঘণ্টাৰ মূৰে মূৰে এটা তৰাই আনটোক প্ৰদক্ষিণ কৰা সময়ত, ইয়াৰ এটা তৰাই আনটোক আৱৰি ৰাখি তৰাটোৰ "গ্ৰহণ" বা Eclipse সম্পন্ন কৰে বাবে এই তৰাতন্ত্ৰটোক Eclipsing Binary বুলি কোৱা হয়। এই তৰা দুটাৰ এটা আমাৰ সূৰ্যতকৈ প্ৰায় 40 গুণ ডাঙৰ আৰু আনটো প্ৰায় সূৰ্যৰ 13 গুণ। বিগত 2013 চনৰ পৰা কৰি অহা অধ্যয়নত Molnar আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে ধৰা পেলালে যে তৰা দুটাই এটাই আনটোক প্ৰদক্ষিণ কৰা গতিবগ ক্ৰমে বৃদ্ধি পাইছে। ইয়াৰ ফলত 11 ঘণ্টাৰ মূৰে মূৰে নিয়মিত ভাবে Pulse বা ৰেডিঅ সংকেত প্ৰেৰণ কৰা তৰাতন্ত্ৰটোৰ পৰা এতিয়া 11 ঘণ্টাতকৈ কম সময়ত তেনে সংকেতবোৰ পৃথিৱীত উপলব্ধ হৈছে। এই বিষয়টোৱে তেওঁলোকক চিন্তিত কৰি তুলিলে। পৰবৰ্তী সময়ত অধিক পৰ্যবেক্ষণ আৰু জটিল গাণিতিক পদ্ধতিৰে তেওঁলোকে এইটো ধৰা পেলালে যে তৰাতন্ত্ৰটোৰ তৰা দুটাৰ পাৰস্পৰিক আবৰ্তন বেগ বৃদ্ধি হোৱাৰ মূল কাৰণটো হ'ল এইয়ে যে তৰা দুটাই পৰস্পৰে পৰস্পৰৰ কাষ চাপি আহিছে আৰু আপেক্ষিক ভাবে কম ব্যাসাৰ্ধৰ কক্ষপথেৰে পৰস্পৰক আবৰ্তন কৰিছে।



এই তথ্যই তেওঁলোকক বেছিকৈ ৰোমাঞ্চিত কৰি তুলিলে কাৰণ 2013 চনৰ পৰা বৰ্তমানলৈ এই ৰেডিঅ সংকেতবোৰ ক্ৰমে অধিক খৰতকীয়া হৈ আহিছে। ইয়াৰ পৰা এইটো প্ৰতিপন্ন হয় যে KIC-9832227 তৰাতন্ত্ৰটোৰ যুগ্ম তৰা দুটাই নিৰবচিন্ন ভাবে ইটোৱে সিটোৰ কাষ চাপি আহি আছে। ৰেডিঅ সংকেতৰ পৰ্যায়কাল, তৰাতন্ত্ৰটোৰ উজ্জ্বলতাৰ ক্ৰমাগত পৰিবৰ্তন আদি আনুসংগিক বিষয়বোৰ অধ্যয়ন কৰি Molnar আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে গণনা কৰি উলিয়ালে যে যি হাৰত তৰা দুটা পৰস্পৰৰ কাষ চাপি আহিছে, সেই দিশৰ পৰা অহা 2022 চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত তৰা দুটা মুখামুখি সংঘৰ্ষত পতিত হোৱাটো নিশ্চিত। Molnar আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে কোৱাৰ দৰেই যদিহে এই মুখামুখি সংঘৰ্ষ সংঘটিত হয়, তেন্তে অহা 2022 চনৰ ছেপ্তেম্বৰ মাহৰ নিশাৰ আকাশত পোহৰৰ মেলা দেখা পোৱা যাব। দিনত সূৰ্যৰ পোহৰে আলোকিত কৰি ৰখা আকাশখন নিশা KIC-9832227 তৰাতন্ত্ৰই পোহৰাই তুলিব। এইখিনিতেই উল্লেখ কৰা ভাল যে 2022 চনত যদিহে বিজ্ঞানীসকলে কোৱাৰ দৰেই এই সংঘৰ্ষ সংঘটিত হয়, আপুনি এইটো জনা উচিত হ'ব যে এই সংঘৰ্ষটো আজিৰ পৰা 1800 বছৰ আগতেই সংঘটিত হৈছিল। মাথোন পোহৰে Cygnus তাৰকাৰাজ্যৰ পৰা এই বাতৰি আমালৈ কঢ়িয়াই আনিছে 1800 বছৰ পিছত। এৰা, পোহৰৰ এই লেহেমীয়া (!) গতিবেগৰ বাবেই আমি 2022 চনত এবাৰ অতীতলৈ উভতি চোৱাৰ এটি সুযোগ পাম।

Tuesday 10 January 2017

মহাবিশ্বৰ ব্যৰ্থ তৰা বা বাদামী বামন


গেছ আৰু ধূলিকণাৰ বিশাল পুঞ্জবোৰৰ সংকোচনৰ ফলত জন্ম হয় একোটি তৰাৰ। তৰাবোৰৰ ভৰ অতি বেছি। তৰাবোৰৰ আন এটা প্রধান লক্ষণ হ'ল ইয়াৰ কেন্দ্রৰ নিউক্লিয় ফিউচন বিক্রিয়া আৰু ইয়াৰ মাধ্যমত বিকিৰণ হোৱা পোহৰ আৰু তাপ। কিন্তু বাদামী বামন বা Brown Dwarf তৰাবোৰৰ ভৰ তুলনামূলক ভাবে বহুত কম আৰু সেয়েহে এই তৰাবোৰৰ অভিকর্ষণ চাপে নিউক্লিয় সংযোজন বিক্রিয়া সংঘটিত কৰিব নোৱাৰে। এই ব্যর্থতাৰ বাবে মহাবিশ্বৰ এই বাদামী বামন তৰাবোৰ আন আন তৰাবোৰৰ দৰে নহৈ আপেক্ষিক ভাবে শীতল একোটি গেছীয় পুঞ্জ হিচাবে ৰৈ যায়। উষ্ণতা কম হোৱা বাবে এই তৰাবোৰ বাদামী ৰঙৰ হয় আৰু সেয়েহে এই ব্যৰ্থ তৰাবোৰক বাদামী বামন বুলি কোৱা হয়। অন্যান্য প্রধান ক্রমৰ তৰাবোৰৰ দৰেই জীবন আৰম্ভ হয় এই বাদামী তৰাবোৰৰ। প্রধান ক্রমৰ বা Main Sequence নক্ষত্রবোৰৰ ক্ষেত্রত অভিকর্ষীয় চাপে তৰা গঠনকাৰী গেছীয় পিণ্ডটো ভিতৰৰ দিশলৈ অনবৰতে সংকুচিত ৰাখে। এই সংকোচনৰ ফলত গেছীয় পিণ্ডটোৰ কেন্দ্রভাগ হাইড্রোজেনক হিলিয়ামলৈ সলনি কৰা একোটি কাৰষাণালৈ পৰিণত হয়। কিন্তু বাদামী বামনবোৰৰ অভিকৰ্ষণ বল কম হোৱা বাবে ইয়াৰ কেন্দ্ৰভাগত পৰ্যাপ্ত উষ্ণতা নেথাকে আৰু সেয়েহে হাইড্রোজেনৰ ফিউশন আৰম্ভ হোৱাৰ আগতেই এই তৰাবোৰৰ জীৱনলৈ নামি আহে স্থবিৰতা। একোটা বাদামী বামন তৰা আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ ভৰৰ প্ৰায় 20ৰ পৰা 75 গুণ বেছি হ'ব পাৰে। বৃহস্পতিতকৈ ভৰ অধিক হ'লেও এই বাদামী বামন তৰাবোৰ সূর্যৰ ভৰৰ প্রায় দহ ভাগৰ এভাগ মানহে হয়। অৰ্থাৎ এই তৰাবোৰ আমাৰ সূৰ্যতকৈ দহ গুণ সৰু। বিজ্ঞানত তৰাবোৰক সিহঁতৰ বর্ণালীৰ ওপৰত ভিত্তি কৰি শ্রেণীবিভক্ত কৰা হয়। M প্ৰকাৰৰ তৰাবোৰ হল সফল তৰা অথচ শীতল শ্ৰেণীৰ তৰা। মহাবিশ্বত এনে তৰাৰ সংখ্যাও বেছি। M শ্ৰেণীৰ অধিকাংশ তৰাই লোহিত বামন হলেও কিছু বাদামী বামন তৰাও এই শ্ৰেণীত পোৱা যায়। এনে বামন শ্ৰেণীৰ তৰাবোৰৰ মাজত Y Dwarfsবোৰ সবাতোকৈ শীতল। কোনো কোনো এই Y Dwarf তৰাৰ উষ্ণতা মাত্ৰ 150ৰ পৰা 500 ডিগ্ৰী চেণ্টিগ্ৰেড। অতি কম উষ্ণতা বিশিষ্ট এই শ্ৰেণীৰ তৰাবোৰে তাপ আৰু পোহৰ বিলাব নোৱাৰে। তাপ আৰু পোহৰৰ উৎস বিহীন এনে তৰাবোৰ সেইবাবে ধৰা পেলোৱাটোও এক কঠিন কাম। এনেবোৰ কাৰণতেই 1980 চনলৈ এই বাদামী বামন তৰাবোৰ আমাৰ দৃষ্টিৰ অগোচৰেই আছিল। এই তৰাবোৰৰ বিষয়ে কেৱল বিজ্ঞানৰ কিতাপত তাত্বিক আলোচনাহে পঢ়িবলৈ পোৱা গৈছিল।

Saturday 7 January 2017

দুটা বুলেটৰ মুখামুখি সংঘৰ্ষৰ বিৰল মূহুৰ্ত


1915 চনৰ 25 এপ্ৰিলৰ পৰা 1916 চনৰ 9 জানুৱাৰীলৈ সম্পূৰ্ণ আঠ মাহ পোন্ধৰ দিন জুৰি গেল্লিপোলিৰ যুদ্ধ বা Gallipoli Campaign হৈছিল। সেই যুদ্ধত বহুতো সৈনিক হতাহত হৈছিল। সমীক্ষক সকলৰ মতে গেল্লিপোলিৰ যুদ্ধত প্ৰায় 58,000 সৈনিকৰ মৃত্যু হোৱাৰ উপৰিও এক লাখতকৈও অধিক সৈনিক আহত হৈছিল। যোৱা 2015 চনত গেল্লিপোলি যুদ্ধৰ এশটা বছৰ উকলি যোৱাৰ মূহুৰ্তত প্ৰথম বিশ্বযুদ্ধৰ অংশ বিশেষ এই গেল্লিপোলি যুদ্ধৰ মৃত সৈনিকৰ স্মৃতিত আয়োজন কৰা স্মৃতিচাৰণ অনুস্থানত 1915 চনৰ বিভীষিকাময় এই যুুদ্ধৰ অসংখ্য ফটো প্ৰদৰ্শন কৰা হৈছিল। এনে বহুতো ফটোৰ মাজৰ এখন বিশেষ ফটোৱে সমগ্র বিশ্বজুৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এই ফটোখনত দুয়োপক্ষৰ দুটা বন্দুকৰ পৰা পৰস্পৰৰ দিশে তীব্ৰ বেগে ওলাই অহা দুটা বুুলেটৰ মুখামুখি সংঘৰ্ষৰ এটা জীৱন্ত ৰূপ কেমেৰাত বন্দী হৈছে। ফটোখনৰ শিৰোনামা : “Two Bullets Collided In Mid-Air”

Friday 6 January 2017

বৰণহীন আইনাৰ দৰে স্বচ্ছ সামুদ্রিক প্ৰাণীবোৰ


সচৰাচৰ আমি দেখি অহা বিভিন্ন প্ৰাণী বা উদ্ভিদ সমূহৰ দেহৰ এটা নিৰ্দিষ্ট বৰণ আছে। আমাৰ ছাল, চুলি, নখ, চকু আদিকে ধৰি শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ অংগ সমূহৰো একোটা নিজস্ব ৰং আছে। একেদৰে উদ্ভিদৰো অংগভেদে বিভিন্ন বৰণ দেখা যায়। কিছুমান প্ৰাণীয়ে আকৌ দেহৰ বৰণ সঘনাই সলনি কৰিব পাৰে। জীৱবিজ্ঞানৰ মতে জীৱৰ দেহৰ বৰণ প্ৰাণী বা উদ্ভিদসমূহৰ জীৱন ধাৰণৰ প্ৰয়োজনীয়তাতেই সৃষ্টি হয়। পিছে, বিভিন্ন ৰঙৰ সমাহাৰ ঘটা জীৱ জগতত এনে কেতবোৰ প্ৰাণীও আছে যাৰ দেহত কোনো বৰণেই বিচাৰি পোৱা নেযায়। বৰণহীন এনে প্ৰাণীবোৰ কোনো ৰূপকথাৰ কাল্পনিক চৰিত্ৰ নহয়। আজি তেনে বৰণহীন, স্বচ্ছ সামুদ্ৰিক প্ৰাণীৰ কথাকেই আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতেই আমাৰ মনলৈ এটি প্ৰশ্ন আহে : প্ৰাণী বা উদ্ভিদৰ দেহ বিভিন্ন ৰঙেৰে ৰঞ্জিত কিয় ? জীৱবিজ্ঞানৰ ভাষাত প্ৰাণীৰ দেহৰ ৰঙে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি লয়। সেইবোৰ মূলতঃ
ক) খাদ্যৰ বাবে চিকাৰৰ সময়ত চিকাৰ কৰিবলগীয়া প্ৰাণীটোক বিপথে পৰিচালনা কৰা।
খ) শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা।
গ) প্ৰজননৰ বাবে সংগীক আকৰ্ষণ কৰা।
ঘ) পাৰিপাৰ্শ্বিক বাতাবৰণৰ লগত খাপ খোৱা।
ঙ) কোষৰ আভ্যন্তৰীণ বিভিন্ন জৈৱ-ৰসায়নিক প্ৰক্ৰিয়া সমূহ নিঁয়াৰিকৈ চলাই নিয়া।
চ) খাদ্যাভাষৰ জৰিয়তে দেহত আহৰণ কৰা পদাৰ্থ সমূহৰ দ্বাৰা নিয়ন্ত্ৰিত বৰণ ইত্যাদি।

ইয়াৰ পৰা বুজা যায় যে শৰীৰৰ বৰণ জীৱদেহৰ বাবে অত্যন্ত হিতকাৰী। তেন্তে, কিছুমান প্ৰাণী স্বচ্ছ বা বৰণহীন কিয় ? তেনে কিছুমান বৰণহীন স্বচ্ছ প্ৰাণী হ'ল: Glass Shrimp নামৰ ক্ৰাষ্টেচিয়া বিধ, Glass Frog নামৰ আমেৰিকান ভেকুলীবোৰ, কলোম্বিয়া আৰু পেৰুৰ Glasswing Butterfly, নিউজিলেণ্ডৰ Sea Salp আৰু Cyanogaster নামৰ মাছবোৰ, গভীৰ সামুদ্ৰিক Transparent Sea Cucumber, Glass Squid, Jellyfish আদি এশ এবুৰি উদাহৰণ। প্ৰাণী সমূহ বৰণহীন হোৱাৰ কাৰণো জীৱবিজ্ঞানৰ ভাষাত জীৱন সংগ্ৰামৰেই পৰিণতি। যিবোৰ বিশেষ কাৰণত প্ৰাণীবোৰৰ দেহত ৰঙৰ বুলনি দেখা যায়, আচৰ্যকৰ হ'লেও সেই একেবোৰ কাৰণতেই প্ৰাণী এটা স্বচ্ছ বা বৰণহীনো হ'ব পাৰে।

এটা উদাহৰণেৰে কথাটো বুজিবলৈ চেষ্টা কৰো। কেতবোৰ চিকাৰী সামুদ্ৰিক প্ৰাণীয়ে সাগৰত চিকাৰ কৰোতে পোনপটীয়াকৈ চিকাৰক অনুসৰণ নকৰি পানীত সাতুৰি-নাদুৰি ঘুৰি ফুৰা চিকাৰৰ ছাঁটোহে অনুসৰণ কৰে। তেনে কৰাৰ ফলত চিকাৰী প্ৰাণীটোৰ অভিসন্ধি সম্পৰ্কে চিকাৰটো জ্ঞাত নহয়। ফলস্বৰূপে চিকাৰী প্ৰাণীটোৰ সফলতাৰ হাৰ বৃদ্ধি পায়। এনে পৰিস্থিতিত আমাৰ এই বৰণহীন, স্বচ্ছ সামুদ্ৰিক প্ৰাণীবোৰ চিকাৰীৰ আক্ৰমণৰ পৰা কিন্তু বাচি যায়। কাৰণ এই প্ৰাণীবোৰ স্বচ্ছ হোৱা বাবে, এই প্ৰাণীবোৰে ছাঁ সৃষ্টি নকৰে। আনহাতে দেহৰ বৰণৰ স্বচ্ছতা হেতুকে এই প্ৰাণীবোৰৰ দেহৰ মাজেৰে পোহৰ প্ৰতিসৰিত হয়। এই প্ৰতিসৰিত পোহৰে যদিও কোনো প্ৰতিবিম্ব সৃষ্টি কৰে, এই প্ৰতিবিম্ববোৰ প্ৰকৃত স্থানৰ বিপৰীতে কোনো আপাত স্থানতহে সৃষ্টি হয়। গতিকে চিকাৰী প্ৰাণীয়ে এনে স্বচ্ছ প্ৰাণীবোৰ চিকাৰ কৰিব নোৱাৰে। আনহাতে স্বচ্ছ প্ৰাণীবোৰ যদি নিজেই চিকাৰী হয়, তেন্তে বৰণহীন, স্বচ্ছ এই প্ৰাণীবোৰে চিকাৰৰ চকুত ধৰা নপৰাকৈ থাকি সহজেই খাদ্য সংগ্ৰহ কৰিব পাৰে। চিকাৰীৰ আক্ৰমণৰ পৰা বাচি থাকিবলৈ অথবা নিজে চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰিবলৈ এই প্ৰাণীবোৰে সেয়েহে অত্যাধিক শাৰীৰিক শক্তিৰ অপচয় কৰিব নেলাগে। সেইবাবে এনে প্ৰাণীবোৰ জীৱন সংগ্ৰামত সহজেই জয়ী হয়। ডাৰউইনৰ ভাষাত: "Survival of the fittest"

Thursday 5 January 2017

ISRO সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ এটি অধ্যায়


ভাৰতীয় মহাকাশ বিজ্ঞানৰ আন এক ঈৰ্ষণীয় পদক্ষেপে সামগ্ৰীক ভাবে বিশ্বৰ বিজ্ঞান দৰবাৰত ভাৰতৰ জয়যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ ওলাইছে। এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা চমুকৈ ইছৰো (ISRO)এ ভাৰতৰ নিৰ্ভৰযোগ্য উৎক্ষেপক যান PSLV-C37ৰ সহায়ত এবাৰতে 103 টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰি সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত এক অসাধ্য সাধন কৰিবলৈ আগবাঢ়িছে। অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন প্ৰক্ষেপণ কেন্দ্ৰৰ পৰা PSLV-C37 নামৰ যানখনে ভাৰতৰ 3 টা কৃত্ৰিম উপগ্ৰহৰ লগতে বিদেশী ৰাষ্ট্ৰসমূহৰ আন 100 টা কৃত্ৰিম উপগ্ৰহ বুকুত বান্ধি লৈ মহাকাশৰ বুকুলৈ উৰা মাৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ PSLV-C37ৰ সহায়ত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰোৱাৰ বাবে চুক্তিবদ্ধ এই বিদেশী ৰাষ্ট্ৰসমূহৰ ভিতৰত ইজৰাইল, কাজাখিস্থান, নেডাৰলেণ্ড, চুইজাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰধান। ভাৰতে এই উৎক্ষেপণৰ জৰিয়তে দেশীয় 730 কেজি ওজনৰ 3 টা Cartosat-2 শ্ৰেণীৰ কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰিব। আনহাতে বাকী 100 টা 600 কেজি ওজন বিশিষ্ট Microsatellite একে উৎক্ষেপণৰ জৰিয়তে পৃথিৱীৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিব। এই প্ৰক্ষেপণৰ payload 1350 কেজি। ইতিপূৰ্বে আমেৰিকাৰ নাছাই এবাৰত সৰ্বোচ্চ 29 টা আৰু 2014 চনত ৰাছিয়াই DNEPR ৰকেটৰ সহায়ত এবাৰত একেলগে সৰ্বোচ্চ 37 টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰি অভিলেখ স্থাপন কৰি থৈছে। ভাৰতেও ইতিপূৰ্বে বিগত 2016 চনত PSLV-C34 উৎক্ষেপক যানৰ সহায়ত এবাৰতে 20 টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰি বিশ্বৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত নিজৰ বলিষ্ঠ ভূমিকাৰ কথা প্ৰতিপন্ন কৰিছে। কিন্তু এইবাৰৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পদক্ষেপ সমগ্ৰ বিশ্বৰ বাবে এক নজিৰ বিহীন ঘটনা। আশাকৰো ইছৰোৰ বিজ্ঞানীসকলৰ এই প্ৰক্ষেপণে ভাৰতলৈ পুনৰ সুনাম কঢ়িয়াই আনিব।

Monday 2 January 2017

বৃহস্পতি গ্ৰহই সূৰ্যক প্ৰদক্ষিণ নকৰে


"বৃহস্পতি গ্ৰহই বাৰু সঁচাকৈয়ে সূৰ্যক প্ৰদক্ষিণ কৰেনে ?" 
প্ৰশ্নটো তাৎক্ষণিক ভাবে অবান্তৰ যেন লাগিলেও বিশ্বৰ বিজ্ঞানীসকলক বহুদিন ধৰি এই প্ৰশ্নটোৱে বাৰুকৈয়ে আমনি কৰি আহিছিল। শেহতীয়া ভাবে নাছাৰ বিজ্ঞানীসকলে অনুসন্ধান কৰি পোৱা তথ্যই আমাৰ দৰে সাধাৰণ মানুহৰ চকু কপালত তুলিছে। তেখেতসকলৰ মতে বৃহস্পতি গ্ৰহই সূৰ্যক কেন্দ্ৰ কৰি ঘুৰাৰ সলনি সূৰ্যৰ পৰা যথেষ্ট আঁতৰৰ এক শূন্য স্থানক কেন্দ্ৰ কৰিহে আবৰ্তন কৰি আছে। কথাটো বুজিবৰ বাবে আমি Barycenter বা উমৈহতীয়া কেন্দ্ৰ নামৰ বলবিজ্ঞানৰ এটা ধাৰণাৰ লগত পৰিচিত হ'ব লাগিব। যেতিয়া ভিন্ন ভৰৰ দুটা পদাৰ্থৰ এটাই আনটোৰ চৌদিশে ঘুৰিবলৈ ধৰে বা ঘুৰাৰ চেষ্টা কৰে, তেতিয়া কম ভৰৰ পদাৰ্থটো বেছি ভৰৰ পদাৰ্থটোৰ চৌদিশে নুঘুৰি দুয়োটা পদাৰ্থই এটা Barycenter বা উমৈহতীয়া কেন্দ্ৰৰ চাৰিওফালে ঘুৰিবলৈ ধৰে। উদাহৰণ স্বৰূপে যেতিয়া জোনবায়ে পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰে, তেতিয়া জোনবায়ে পৃথিবীক কেন্দ্ৰ কৰি নুঘুৰি পৃথিৱী আৰু জোনবায় উভয়ে এটা উমৈহতীয়া কেন্দ্ৰৰ চৌপাশেহে ঘুৰি থাকে। এই উমৈহতীয়া কেন্দ্ৰটো বেছি ভৰৰ পদাৰ্থটোৰ ওচৰত থাকে। যদিহে আনটো পদাৰ্থও তুলনামূলক ভাবে অধিক ভৰযুক্ত হয়, তেন্তে উমৈহতীয়া কেন্দ্ৰটো পদাৰ্থ দুটাৰ মাজৰ কোনো এক শূন্য স্থানত অৱস্থান কৰে। জোনবায়ে পৃথিৱীৰ চৌদিশে আবৰ্তন কৰাৰ সময়ত এই উমৈহতীয়া কেন্দ্ৰটো পৃথিৱীৰ কেন্দ্ৰৰ পৰা 4670 কিমি আঁতৰত থাকে। যিহেতু পৃথিৱীৰ ব্যাসাৰ্ধ 6378 কিমি, সেয়ে এই উমৈহতীয়া কেন্দ্ৰটো পৃথিৱীৰ ভিতৰতেই অৱস্থিত। সেই দিশৰ পৰা চালে জোনবায়ে প্ৰকৃতাৰ্থত পৃথিৱীক প্ৰদক্ষিণ কৰে। একেদৰেই পৃথিৱীকে আদি কৰি আন সাতটা গ্ৰহয়ো সূৰ্যৰ চৌদিশে প্ৰদক্ষিণ কৰে। এতিয়া এটা প্ৰশ্ন আপুনি নিজকে কৰিব পাৰে আৰু সেইটো হ'ল : যদিহে জোনবাইটো আকাৰত দুই বা তিনিগুণ ডাঙৰ হ'লহেতেন, তেতিয়া এই উমৈহতীয়া কেন্দ্ৰটো পৃথিৱীৰ ভিতৰত অৱস্থিত হৈ থাকিলহেতেননে ? নিশ্চয় নেথাকিল হেতেন। থিক এনে এটি ঘটনাই সংঘটিত হৈছে সূৰ্য আৰু বৃহস্পতি গ্ৰহৰ ক্ষেত্ৰত। ভৰৰ দিশৰ পৰা বৃহস্পতিৰ ভৰ অতি বেছি হোৱা বাবে বৃহস্পতি আৰু সূৰ্যৰ Barycenter বা উমৈহতীয়া কেন্দ্ৰটো সূৰ্যৰ কেন্দ্ৰৰ পৰা বহুত দূৰত (সূৰ্যৰ পৃষ্ঠৰ পৰা যথেষ্ট আঁতৰৰ) এক শূন্য স্থানত অৱস্থিত। ফলস্বৰূপে বৃহস্পতি গ্ৰহই সূৰ্যক কেন্দ্ৰ কৰি ঘুৰাৰ সলনি সূৰ্যৰ পৰা যথেষ্ট আঁতৰৰ এক শূন্য স্থানক কেন্দ্ৰ কৰি আবৰ্তন কৰি আছে। 
তলৰ লিংকটো খুলি চাব পাৰে: http://www.express.co.uk/news/science/693961/Jupiter-the-sun-NASA-image-gif