Friday 6 January 2017

বৰণহীন আইনাৰ দৰে স্বচ্ছ সামুদ্রিক প্ৰাণীবোৰ


সচৰাচৰ আমি দেখি অহা বিভিন্ন প্ৰাণী বা উদ্ভিদ সমূহৰ দেহৰ এটা নিৰ্দিষ্ট বৰণ আছে। আমাৰ ছাল, চুলি, নখ, চকু আদিকে ধৰি শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ অংগ সমূহৰো একোটা নিজস্ব ৰং আছে। একেদৰে উদ্ভিদৰো অংগভেদে বিভিন্ন বৰণ দেখা যায়। কিছুমান প্ৰাণীয়ে আকৌ দেহৰ বৰণ সঘনাই সলনি কৰিব পাৰে। জীৱবিজ্ঞানৰ মতে জীৱৰ দেহৰ বৰণ প্ৰাণী বা উদ্ভিদসমূহৰ জীৱন ধাৰণৰ প্ৰয়োজনীয়তাতেই সৃষ্টি হয়। পিছে, বিভিন্ন ৰঙৰ সমাহাৰ ঘটা জীৱ জগতত এনে কেতবোৰ প্ৰাণীও আছে যাৰ দেহত কোনো বৰণেই বিচাৰি পোৱা নেযায়। বৰণহীন এনে প্ৰাণীবোৰ কোনো ৰূপকথাৰ কাল্পনিক চৰিত্ৰ নহয়। আজি তেনে বৰণহীন, স্বচ্ছ সামুদ্ৰিক প্ৰাণীৰ কথাকেই আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতেই আমাৰ মনলৈ এটি প্ৰশ্ন আহে : প্ৰাণী বা উদ্ভিদৰ দেহ বিভিন্ন ৰঙেৰে ৰঞ্জিত কিয় ? জীৱবিজ্ঞানৰ ভাষাত প্ৰাণীৰ দেহৰ ৰঙে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি লয়। সেইবোৰ মূলতঃ
ক) খাদ্যৰ বাবে চিকাৰৰ সময়ত চিকাৰ কৰিবলগীয়া প্ৰাণীটোক বিপথে পৰিচালনা কৰা।
খ) শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা।
গ) প্ৰজননৰ বাবে সংগীক আকৰ্ষণ কৰা।
ঘ) পাৰিপাৰ্শ্বিক বাতাবৰণৰ লগত খাপ খোৱা।
ঙ) কোষৰ আভ্যন্তৰীণ বিভিন্ন জৈৱ-ৰসায়নিক প্ৰক্ৰিয়া সমূহ নিঁয়াৰিকৈ চলাই নিয়া।
চ) খাদ্যাভাষৰ জৰিয়তে দেহত আহৰণ কৰা পদাৰ্থ সমূহৰ দ্বাৰা নিয়ন্ত্ৰিত বৰণ ইত্যাদি।

ইয়াৰ পৰা বুজা যায় যে শৰীৰৰ বৰণ জীৱদেহৰ বাবে অত্যন্ত হিতকাৰী। তেন্তে, কিছুমান প্ৰাণী স্বচ্ছ বা বৰণহীন কিয় ? তেনে কিছুমান বৰণহীন স্বচ্ছ প্ৰাণী হ'ল: Glass Shrimp নামৰ ক্ৰাষ্টেচিয়া বিধ, Glass Frog নামৰ আমেৰিকান ভেকুলীবোৰ, কলোম্বিয়া আৰু পেৰুৰ Glasswing Butterfly, নিউজিলেণ্ডৰ Sea Salp আৰু Cyanogaster নামৰ মাছবোৰ, গভীৰ সামুদ্ৰিক Transparent Sea Cucumber, Glass Squid, Jellyfish আদি এশ এবুৰি উদাহৰণ। প্ৰাণী সমূহ বৰণহীন হোৱাৰ কাৰণো জীৱবিজ্ঞানৰ ভাষাত জীৱন সংগ্ৰামৰেই পৰিণতি। যিবোৰ বিশেষ কাৰণত প্ৰাণীবোৰৰ দেহত ৰঙৰ বুলনি দেখা যায়, আচৰ্যকৰ হ'লেও সেই একেবোৰ কাৰণতেই প্ৰাণী এটা স্বচ্ছ বা বৰণহীনো হ'ব পাৰে।

এটা উদাহৰণেৰে কথাটো বুজিবলৈ চেষ্টা কৰো। কেতবোৰ চিকাৰী সামুদ্ৰিক প্ৰাণীয়ে সাগৰত চিকাৰ কৰোতে পোনপটীয়াকৈ চিকাৰক অনুসৰণ নকৰি পানীত সাতুৰি-নাদুৰি ঘুৰি ফুৰা চিকাৰৰ ছাঁটোহে অনুসৰণ কৰে। তেনে কৰাৰ ফলত চিকাৰী প্ৰাণীটোৰ অভিসন্ধি সম্পৰ্কে চিকাৰটো জ্ঞাত নহয়। ফলস্বৰূপে চিকাৰী প্ৰাণীটোৰ সফলতাৰ হাৰ বৃদ্ধি পায়। এনে পৰিস্থিতিত আমাৰ এই বৰণহীন, স্বচ্ছ সামুদ্ৰিক প্ৰাণীবোৰ চিকাৰীৰ আক্ৰমণৰ পৰা কিন্তু বাচি যায়। কাৰণ এই প্ৰাণীবোৰ স্বচ্ছ হোৱা বাবে, এই প্ৰাণীবোৰে ছাঁ সৃষ্টি নকৰে। আনহাতে দেহৰ বৰণৰ স্বচ্ছতা হেতুকে এই প্ৰাণীবোৰৰ দেহৰ মাজেৰে পোহৰ প্ৰতিসৰিত হয়। এই প্ৰতিসৰিত পোহৰে যদিও কোনো প্ৰতিবিম্ব সৃষ্টি কৰে, এই প্ৰতিবিম্ববোৰ প্ৰকৃত স্থানৰ বিপৰীতে কোনো আপাত স্থানতহে সৃষ্টি হয়। গতিকে চিকাৰী প্ৰাণীয়ে এনে স্বচ্ছ প্ৰাণীবোৰ চিকাৰ কৰিব নোৱাৰে। আনহাতে স্বচ্ছ প্ৰাণীবোৰ যদি নিজেই চিকাৰী হয়, তেন্তে বৰণহীন, স্বচ্ছ এই প্ৰাণীবোৰে চিকাৰৰ চকুত ধৰা নপৰাকৈ থাকি সহজেই খাদ্য সংগ্ৰহ কৰিব পাৰে। চিকাৰীৰ আক্ৰমণৰ পৰা বাচি থাকিবলৈ অথবা নিজে চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰিবলৈ এই প্ৰাণীবোৰে সেয়েহে অত্যাধিক শাৰীৰিক শক্তিৰ অপচয় কৰিব নেলাগে। সেইবাবে এনে প্ৰাণীবোৰ জীৱন সংগ্ৰামত সহজেই জয়ী হয়। ডাৰউইনৰ ভাষাত: "Survival of the fittest"

No comments:

Post a Comment