Sunday 22 January 2017

বিস্ফোৰণৰ অপেক্ষাৰত এটি তৰা: বিটলজুচ


ৰাতিৰ আকাশৰ অগণন তৰাৰ মাজত অতি সহজে চিনি উলিয়াব পৰা এটি তৰা হ'ল বিটলজুচ বা আৰ্দ্ৰা নক্ষত্ৰ। কালপুৰুষ বা অৰায়ন (Orion) তাৰকামণ্ডল প্ৰায় সকলোৱেই চিনি পায়। বৰ্তমান জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ সন্ধিয়াৰ পূৱ আকাশত দেখা পোৱা এটি প্ৰধান তাৰকামণ্ডলেই হ'ল কালপুৰুষ। এই কালপুৰুষৰ সোঁবাহুৰ উজ্জ্বল ৰঙচুৱা নক্ষত্ৰটোৱই বিটলজুচ বা আৰ্দ্ৰা। বিজ্ঞানী সকলৰ ভাষাত এই তৰাটোৰ নাম Alpha Orionis. আমাৰ সূৰ্যতকৈ 25 গুণ অধিক ভৰ বিশিষ্ট বিটলজুচ আয়তনৰ ক্ষেত্ৰতো সূৰ্যতকৈ প্ৰায় 500 গুণ ডাঙৰ। অতি বৃহৎ আকাৰৰ M শ্ৰেণীৰ এই তৰাটোক এটা ৰঙা অতিদানব বা Red Supergiant বুলি কোৱা হয়। আচৰিত হ'লেও এইটো সঁচা যে আকাৰত অতি বৃহৎ হোৱা স্বত্তেও এই তৰাটো আমাৰ সূৰ্যতকৈ শীতল। বিটলজুচৰ উষ্ণতা 6000 ডিগ্ৰী ফাৰেনহাইট, আনহাতে আমাৰ সূৰ্যৰ উষ্ণতা প্ৰায় 10,000 ডিগ্ৰী ফাৰেনহাইট। পৃথিৱীৰ পৰা প্ৰায় 640 আলোকবৰ্ষ আঁতৰৰ এই তৰাটোৰ বয়স প্ৰায় 10 মিলিয়ন বছৰ। সূৰ্যৰ তুলনাত প্ৰতি ছেকেণ্ডত প্ৰায় 700 গুণ অধিক হাইড্ৰজেন ইন্ধন হিচাবে জ্বলোৱা বিটলজুচৰ ইতিমধ্যে ইন্ধনৰ অভাৱ ঘটিছে আৰু তৰাটোৰ নিউক্লিয় বিক্ৰিয়া অতি স্তিমিত হৈ পৰিছে। বিজ্ঞানী সকলে গাণিতিক ভাবে বিশ্লেষণ কৰি আগবঢ়োৱা তথ্য অনুসৰি বিটলজুচ বৰ্তমান এটি অকালতে বৃৃদ্ধ হৈ পৰা তৰা। ইয়াৰ কেন্দ্ৰত ঘটা হাইড্ৰজেনৰ নাটনিয়ে বৰ্তমান এক জটিল অৱস্থা পাইছে আৰু সেয়েহে যিকোনো মূহুৰ্ততে তৰাটো মৃত্যুমুখত পৰাটো নিশ্চিত। পিছে বিটলজুচৰ নিচিনা এনে বৃহৎ তৰা এটি জানো নিশব্দে আঁতৰি যাব ? বিজ্ঞানীসকলে উল্লেখ কৰা মতে ইন্ধনৰ অভাৱ ঘটা বিটলজুচ লাহে লাহে শীতল হৈ আহিছে আৰু তৰাটোৰ কেন্দ্রভাগ ক্ৰমে সংকুচিত হৈ পৰিছে। ইয়াৰ ফলত তৰাটোৰ কেন্দ্ৰত গেছীয় প্লাজমা (পদাৰ্থৰ চতুৰ্থ অৱস্থা)ৰ ঘনত্ব ক্ৰমান্বয়ে বাঢ়ি আছে। পিছে এই প্ৰক্ৰিয়া বেছি দিন চলি থাকিব নোৱাৰে। খুব সোনকালেই এই পৰিক্ৰমা শেষ হ'ব আৰু এক প্ৰচণ্ড বিস্ফোৰণত চিন্ন-বিচিন্ন হৈ যাব বিটলজুচ নামৰ তৰাটো। এনেদৰে বিস্ফোৰিত হোৱা তৰাবোৰৰ বিভিন্ন উপাদান সমূহ বিশ্বব্ৰহ্মাণ্ডৰ কেউদিশে সিঁচৰতি হৈ পৰে। এনে উপাদানসমূহত বিভিন্ন গেছ, নাক্ষত্ৰিক ধূলিকণা বা Steller dust, বিভিন্ন ধাতু আদি অসংখ্য পদাৰ্থ থাকে। Carl Sagan নামৰ বিখ্যাত বিজ্ঞানীজনে এই পদাৰ্থ বোৰক "Star-stuff" বুলি অভিহিত কৰি লিখিছে : The nitrogen in our DNA, the calcium in our teeth, the iron in our blood, the carbon in our apple pies were made in the interiors of collapsing stars. We are made of star-stuff". ডিঙিৰ অলংকাৰ বা আঙুলিত পিন্ধা আঙুঠিৰ সোনখিনি, ঘৰ বনাবলৈ ব্যৱহাৰ কৰা লোহাবোৰ, পাকঘৰৰ বাচন বৰ্তনবোৰত ব্যৱহাৰ হোৱা ধাতুবোৰকে ধৰি আমাৰ পৃথিৱীৰ প্ৰায় প্ৰতিটো উপাদানেই মহাবিশ্বৰ কোনোবা বিশালকায় তৰাৰ কেন্দ্ৰত থকা চুল্লীতেই সৃষ্টি হৈ পিছত তৰাটোৰ বিস্ফোৰণৰ সময়ত চিটিকি আহি চৌদিশে বিয়পি পৰাৰ লগতে আমাৰ পৃথিৱীও পাইছিলহি। এদিন বিটলজুচো একেদৰে বিস্ফোৰিত হ'ব, মহাবিশ্বৰ কেউদিশে ছটিয়াই যাব তৰাটোৰ অস্থিভষ্ম আৰু এই অস্থিভষ্ম সমূহৰ পৰাই এদিন পুণৰ সৃষ্টি হ'ব আন এটি নতুন তৰা। ই এক চিৰ-শ্বাশত প্ৰক্ৰিয়া। পিছে বিজ্ঞানীসকলৰ মনলৈ অহাৰ দৰেই আপোনাৰ বা মোৰ মনলৈও অহা প্ৰশ্নটো হ'ল : বিটলজুচৰ বিস্ফোৰণটো হ'ব কেতিয়া ? আজিৰ দিনত বিজ্ঞানীসকলৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ কোনো সঠিক উত্তৰ বিজ্ঞানীসকলৰ হাততো নাই। এই বিস্ফোৰণটো কালিলৈও হ'ব পাৰে অথবা আজিৰ পৰা কেই হাজাৰমান বছৰ পিছতো হ'ব পাৰে। হয়তো ইতিমধ্যে বিস্ফোৰণটো হৈ গৈছেই ! বিটলজুচ যিহেতু আমাৰ পৰা 640 আলোকবৰ্ষ আঁতৰত আছে, সেয়েহে বিটলজুচৰ পৰা অহা পোহৰ আমাৰ পৃথিৱী পাবলৈ সময় লাগে 640 বছৰ। আজি সন্ধিয়াৰ আকাশত আপুনি দেখা বিটলজুচ বা আৰ্দ্ৰা নক্ষত্ৰটো দৰাচলতে 640 বছৰ আগৰ। যদিহে 1950 চনৰ কোনোবা এটা দিনতেই বিটলজুচ বিস্ফোৰিত হৈ ধ্বংসপ্ৰাপ্তও হৈছে, সেই খবৰটো পোহৰে আনি পৃথিৱীবাসীক দিবহি 2590 চনতহে !! সঁচাকৈয়ে আচৰিত এই বিশ্বব্ৰহ্মাণ্ড।

No comments:

Post a Comment