টলা চহৰৰ দাঁতি কাষৰীয়া পুৰন্দিয়া সামেইকুছি গাওঁখন যেন এক মিলনতীৰ্থলৈ পৰিণত হ'ল। হিলদল ভাঙি মানুহৰ সোঁত বৈছে সোমাইকুছিলৈ। বিস্তৃৰ্ণ পথাৰৰ মাজত, পথাৰৰ কাষেৰে পাৰ হৈ যোৱা গাৱঁৰ আলিটোত বিৰ দি বাট নোপোৱা অৱস্থা। পথাৰখনৰ মাজত এটি সুদৃশ্য তাজমহল। আলিবাটেৰে লাখুটিত ভৰ দি বাটকুৰি বাই অহা আশীতিপৰ এগৰাকী বৃদ্ধাই কৈছে: টিভিত দেখা তাজমহলটো চাওঁ বুলি আহিছোঁ বোপাই....। উখল-মাখল, উথপথপ এইকেইদিন সামেইকুছি। ন'হবই বা কিয় ? গাঁৱৰেই বাৰজন যুৱকে নৰা, খেৰ আৰু বাঁহেৰে পথাৰৰ মাজত সাজি উলিয়াইছে এটি তাজমহলৰ প্ৰতিকৃতি। অপূৰ্ব, চমৎকাৰ সৃষ্টিশীলতাৰ এক নিদৰ্শন। অপলক নেত্ৰে ৰাইজে মাথোন লক্ষ্য কৰিছে তাজমহলৰ চৌদিশ। মাইকত অতি নিম্নস্বৰত বাজি থকা সংগীতে পৰিবেশটো অধিক মায়াময় কৰি তুলিছে। মই মন্ত্ৰমুগ্ধ হৈ পৰিছো। উৎসুকতাৰে বিচাৰি ফুৰিছো সেই শিল্পীসকলক, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে প্ৰেমৰ সৌধ তাজমহলৰ প্ৰতিকৃতিটোৱে। এনেতে লগ পালোঁ দীপক বড়ো আৰু ভাস্কৰ বণিয়া নামৰ দুজন কম বয়সীয়া যুৱকক যি দুজনে আৰু দহজন ল'ৰাৰ সৈতে মিলি বিগত কেইদিনমানৰ একানপটীয়া প্ৰচেষ্টাৰে সাজি উলিয়াইছে এই তাজমহলৰ প্ৰতিকৃতিটো। টংলাৰ প্ৰেছিডেন্সী জুনিয়ৰ কলেজৰ উ: মা: পৰ্যায়ৰ ছাত্ৰ দীপকে ভাস্কৰ, ৰূপসিং, বাবুল, নয়ন আদি হায়াৰ চেকেণ্ডাৰী আৰু হাইস্কুল পৰ্যায়ত পঢ়ি থকা কেইজনমান ল'ৰাৰ লগত লগ হৈ তাজমহলৰ এই প্ৰতিকৃতিটো সাজি উলিয়ায়। পিছলৈ তেওঁলোকৰ কামটো দেখা পাই অৱশ্যে গাওঁবাসীয়েও সহায়ৰ হাত আগবঢ়ায়।
মই সুধিলো: এইটো জ্বলাই দিবা ?
ভাস্কৰে ক'লে: নিজ হাতেৰে সাজি উলিওৱা এনে এটি সৃষ্টি জ্বলাই দিবলৈ বেয়া লগাটো নিতান্তই স্বাভাৱিক। খুবেই বেয়া লাগিব। কিন্তু আমি নিৰুপায়।
সম্প্ৰতি জানিবলৈ পাৰিছোঁ, তেওঁলোকে এই প্ৰতিকৃতিটো জ্বলাই নিদি খুলি পেলাব। ভেলাঘৰ আৰু সাম্প্ৰতিক সময়ত চলি থকা এনে বিতৰ্কবোৰৰ পৰা আঁতৰি আহি এখন্তেক ভাবিছোঁ : এই সৃষ্টি সঁচাকৈয়ে অনুপম। এই শিল্পীসকল সৃষ্টি হোৱা নাই, জন্মগত শিল্পী এওঁলোক। দীপক, ভাস্কৰ, ৰূপসিং, বাবুলহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
No comments:
Post a Comment