Wednesday 29 March 2023

দৃষ্টি ভ্ৰম বা 𝐎𝐩𝐭𝐢𝐜𝐚𝐥 𝐈𝐥𝐥𝐮𝐬𝐢𝐨𝐧


ইংৰাজীত এফাকি কথা আছে - "Seeing is believing"! প্ৰকৃততে, আমি যি দেখো আৰু আমি যি দেখা বুলি বিশ্বাস কৰো, সেয়া সম্পূৰ্ণ দুটা বেলেগ বিষয়। আমাৰ ইন্দ্ৰিয়বোৰে বহিঃজগতৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰে আৰু এইবোৰ আমাৰ মগজুলৈ প্ৰেৰণ কৰে। কিন্তু আমাৰ মগজুৱে কেৱল এই তথ্য সমূহেই লাভ নকৰে। বৰং মগজুৱে বহিঃজগতৰ বিভিন্ন বস্তুসমূহৰ বিষয়ে আমাৰ মনত একোটা ধাৰণাৰো সৃষ্টি কৰে। অৰ্থাৎ মগজুৱে যদি কোনো বস্তু বা বিষয় সম্বন্ধে অসম্পূৰ্ণ তথ্য লাভ কৰে, তেন্তে আমাৰ মগজুত সৃষ্টি হোৱা অসম্পূৰ্ণ তথ্যবোৰৰ খালী স্থান পূৰণ কৰিবলৈ মগজুৱে তৎক্ষণাত এখন চিত্ৰ প্ৰস্তুত কৰি আমাৰ মনত সেই বিষয়টো সম্বন্ধে এটি অপ্ৰকৃত ধাৰণাৰ সৃষ্টি কৰে! এই অপ্ৰকৃত ধাৰণাটোৱেই আমাৰ বাবে এটা Optical Illusion বা "দৃষ্টি ভ্ৰম"।

কিন্তু এনে কিয় হয়? বিজ্ঞানীসকলৰ মতে এয়া বিৱৰ্তনৰ বাবেই সম্ভৱ হৈছে! আমাৰ অতি জটিল জীৱন প্ৰক্ৰিয়া সমূহ সুচাৰু ৰূপে পৰিচালিত হ'বলৈ আমাৰ শৰীৰৰ বিভিন্ন জৈৱিক ক্ৰিয়া সমূহ শৰীৰৰ ভিতৰত অতি দ্ৰুত প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। তাৰ বাবে মগজুৰ বিকাশ অপৰিহাৰ্য। বিৱৰ্তনৰ ফলত বিকাশ লাভ কৰা মানুহৰ মগজুৱে তথ্য হিচাবে লাভ কৰা টুকুৰা টুকুৰ স্নায়ৱিক সংকেতবোৰ একেলগ কৰি দ্ৰুততাৰে কাম কৰিবলৈ বিকশিত হৈছে। তেনে সময়ত যদিহে মগজুত পৰ্যাপ্ত তথ্যৰ যোগান ধৰা নহয়, মগজুৱে সম্পূৰ্ণ নিজৰ চিন্তা শক্তিৰে এই অসম্পূৰ্ণ তথ্যবোৰৰ খালী স্থান পূৰণ কৰে আৰু তৎক্ষণাত তথ্যবোৰ লগ লগাই এখন মনোগ্ৰাহী চিত্ৰ প্ৰস্তুত কৰি আমাৰ মনত এটা অপ্ৰকৃত ধাৰণা আঁকি দি কৰি দৃষ্টি ভ্ৰম সৃষ্টি কৰে। সেয়েহে বিজ্ঞানীসকলে ক'ব খোজে যে "Seeing is believing" কথাটো আংশিক সত্যহে।

পোষ্টটোৰ লগত সংলগ্ন ছৱিখনো এটা দৃষ্টি ভ্ৰম। ইয়াত আপুনি যি অনুভৱ কৰি আছে সেয়া হৈছে ভ্ৰান্ত গতি; এক দৃষ্টি ভ্ৰম, য'ত স্থিৰ প্ৰতিচ্ছবি এখন লৰচৰ কৰি থকা যেন দেখা যায়। ইয়াৰ কাৰণ ৰঙৰ বৈপৰীত্য আৰু বৰ্গক্ষেত্ৰবোৰৰ স্থিতি।

 

Saturday 25 March 2023

জোনবাই আৰু শুক্ৰ গ্ৰহৰ অকালটেচন


২৪ মাৰ্চ, ২০২৩ তাৰিখে জোনবাই শুক্ৰ গ্ৰহৰ সন্মুখেৰে পাৰ হৈ গৈছে, যিটো কেবল এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পৰাহে দৃশ্যমান। জ্যোতিৰ্বিজ্ঞানত এনে পৰিঘটনাক "অকালটেচন" বুলি কোৱা হয়। এই ছবিখন টংলা চহৰত অৱস্থিত আমাৰ ঘৰৰ চোতালৰ পৰা মোবাইলৰ সহায়ত লোৱা। দুয়োটা মহাকাশীয় বস্তুৰ মাজৰ ব্যৱধান অতি দ্ৰুতগতিত বৃদ্ধি হ'ব, আৰু সেয়েহে এই অকালটেচন কেৱল সীমিত সময়ৰ বাবেহে দৃশ্যমান।

 

Tuesday 21 March 2023

ক্ৰু এস্কেপ চিষ্টেম : ইছৰো


মানুহৰ নিৰাপদ মহাকাশ যাত্ৰাৰ বাবে এটা অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ বাবে ভাৰতীয় মহাকাশ সংস্থা বা ইছৰোৱে বিগত ২০১৮ চনৰ পৰা চলাই নিয়া বিশেষ গৱেষণাই বিশ্বৰ মহাকাশ বিজ্ঞানক এক অনন্য মাত্ৰা প্ৰদান কৰিব। ইছৰোৰ বিজ্ঞানী সকলে মহাকাশত হ'ব পৰা সাম্ভাব্য দুৰ্ঘটনাৰ পৰা মহাকাশচাৰী সকলৰ জীৱন ৰক্ষা কৰিবলৈ "ক্ৰু এস্কেপ চিষ্টেম" (Crew Escape System) নামৰ এটা মডিউল তৈয়াৰ কৰিছে। মহাকাশত হোৱা যিকোনো জৰুৰীকালীন অৱস্থাত এই "ক্ৰু এস্কেপ চিষ্টেম" নামৰ মডিউলটোৱে মহাকাশচাৰী সকলক ক্ষিপ্ৰতাৰে উৎক্ষেপণ যান বা ৰকেটৰ পৰা সুৰক্ষিত ভাবে ধৰাৰ বুকুলৈ ঘূৰাই আনিব পাৰিব। 

ইতিমধ্যে ইছৰোৱে ইয়াৰ বাবে সফলতাৰে প্ৰথমটো পৰীক্ষা বা "পেড এবৰ্ট টেষ্ট" সফলতাৰে সম্পন্ন কৰিছে। এই পৰীক্ষাৰ সময়ত ৫ ঘণ্টাৰ "কাউণ্ট ডাউন"ৰ অন্তত "ক্ৰু এস্কেপ চিষ্টেম" মডিউলটোৰ লগত ১২.৬ টন ভৰৰ এটা "চিমুলেটেড ক্ৰু মডিউল" ৰাতিপুৱা ৭:০০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰোৱা হৈছিল। পৰীক্ষাটো ৩০০ ছেকেণ্ডৰ বাবে প্ৰগ্ৰেমিং কৰি ক্ৰু মডিউলটো উৎক্ষেপণ কৰা হৈছিল। ৩০০ ছেকেণ্ড পিছতেই এই ক্ৰু মডিউলটো বংগোপসাগৰৰ ওপৰত উৎক্ষেপণ যানৰ পৰা সফলতাৰে বিচ্ছিন্ন হৈ শ্ৰীহৰিকোটাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰৰ বংগোপসাগৰলৈ পেৰাচুটৰ সহায়ত উভতি আহিছিল।

১৯৮৪ চনৰ ৩ এপ্ৰিলত প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ৰাছিয়াৰ মহাকাশযানত মহাকাশলৈ গৈ ইতিহাস ৰচিছিল। ইয়াৰ ৩৪ বছৰৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে ঘোষণা কৰিছিল যে তেওঁলোকে সম্পূৰ্ণ ৰূপে ভাৰতত নিৰ্মিত মহাকাশযানত ভাৰতীয় মহাকাশচাৰী সকলক মহাকাশলৈ প্ৰেৰণ কৰিব। এই মহাকাশ যানক ইতিমধ্যে ''গগনযান" নামেৰে নামাকৰণ কৰা হৈছে।

ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ পৰিণামৰ কথা সৰোগত কৰি ভাৰতীয় মহাকাশচাৰী সকলক কেনেদৰে সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনিব পাৰি তাৰ ব্যৱস্থাৰ কথা চিন্তা কৰিয়েই ইছৰোৱে এই গৱেষণা আৰম্ভ কৰিছিল।

ইছৰোৱে বিজ্ঞানীসকলে দাবী কৰিছে যে যদি মহাকাশত উৎপন্ন হোৱা যিকোনো জৰুৰীকালীন পৰিস্থিতিত দেশীয় ভাবে তৈয়াৰ কৰা এই উন্নত প্ৰযুক্তিয়ে মহাকাশচাৰী সকলৰ জীৱন ৰক্ষা কৰিব পাৰিব। এই প্ৰণালীত, মহাকাশচাৰীসকল ৰকেটৰ সৈতে সংযোজিত এটা বিশেষ মডিউলৰ ভিতৰত থাকিব। যদিহে ৰকেটত কোনো বিসংগতিয়ে দেখা দিয়ে, মডিউলৰ লগত সংলগ্ন কম্পিউটাৰৰ মনিটৰত ইয়াৰ তথ্য প্ৰকাশ হ'ব আৰু মহাকাশচাৰীসকলে তৎক্ষণাৎ এই মডিউলটো মূল মহাকাশযানখনৰ পৰা পৃথক কৰি সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰিব পাৰিব। পৰীক্ষাৰ সময়ত এইটোও নিৰীক্ষণ কৰা হৈছিল যাতে এই প্ৰযুক্তিয়ে পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰৰ যিকোনো উচ্চতাত এই "ক্ৰু এস্কেপ চিষ্টেম"টোৱে নিখুঁতভাৱে কাম কৰিব পাৰে। এই মডিউলটোৰ দ্বিতীয় লানি পৰীক্ষা অহা মে মাহত সম্পন্ন কৰিবলৈ ইছৰোৱে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইছৰোৰ এই সফলতাই সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানক নিসন্দেহে এক অনন্য মাত্ৰা প্ৰদান কৰিব।

Saturday 18 March 2023

বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৌশল


বিশ্বব্ৰহ্মাণ্ডৰ বয়স ১৩.৮ ± ০.০২ বিলিয়ন বছৰ। সৌ সিদিনা, অৰ্থাৎ ৬ মিলিয়ন বছৰ আগত হে ক্ৰমবিকাশৰ জখলাত মানুহৰ পূৰ্বপুৰুষ সকলে খোজ দিছিল। তাৰ বহুত পিছত অৰ্থাৎ এতিয়াৰ পৰা মাত্ৰ ২ লাখ বছৰ আগত আদিম মানুহৰ আৱিৰ্ভাৱ। আনহাতে আধুনিক মানৱ সভ্যতা মাথোন ৬০০০ বছৰ পুৰণি। তেনেস্থলত স্বাভাৱিকতেই মনলৈ এটা প্ৰশ্ন আহে যে মাত্ৰ ৬০০০ বছৰ আগত সভ্যতা লাভ কৰা মানুহে এই বিচিত্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰিলেই বা কেনেকৈ?

বিশ্বব্ৰহ্মাণ্ডৰ বয়স মুখ্যতঃ দুই ধৰণে নিৰ্ধাৰণ কৰা হয়। সেইবোৰৰ প্ৰথমটো হ'ল ব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাৰ বয়স নিৰ্ধাৰণৰ দ্বাৰা আৰু দ্বিতীয়টো বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ বেগৰ সহায়ত। 

#আটাইতকৈ_তৰাৰ_বয়স_অনুসৰি অৰ্থাৎ প্ৰথম পদ্ধতিটোত গ্ল'বুলাৰ ক্লাষ্টাৰৰ ভূমিকা তাৎপৰ্যপূৰ্ণ। গ্ল'বুলাৰ ক্লাষ্টাৰবোৰ হ'ল একে ঠাইত একেলগে বাস কৰা বহুতো তৰাৰ সমষ্টি। এনে প্ৰতিটো গোটত কোটি কোটি তৰা থাকে। সূৰ্যৰ ভৰৰ আধা ভৰযুক্ত তৰাবোৰ প্ৰায় ২০ বিলিয়ন বছৰ জীয়াই থাকে। কিন্তু সূৰ্যৰ দৰে এটা তৰা প্ৰায় ১০ বিলিয়ন বছৰ জীয়াই থাকে। একেদৰে সূৰ্যতকৈ দহ গুণ বেছি ভৰযুক্ত তৰাবোৰ মাত্ৰ ২ মিলিয়ন বছৰ মানহে জীয়াই থাকে। তৰাবোৰ যিমানে ডাঙৰ আৰু গধুৰ হয় সিমানেই তৰাবোৰৰ উজ্জ্বলতা বৃদ্ধি হয় কিন্তু জীৱন কাল সিমানেই হ্ৰাস পায়।

এটা গ্ল'বুলাৰ ক্লাষ্টাৰৰ সকলোবোৰ তৰাই প্ৰায় একে সময়তে গঠন হয়। এই তৰাবোৰৰ উজ্জ্বলতা আৰু ভৰ সূৰ্যৰ সৈতে তুলনা কৰি তৰাবোৰৰ বয়স নিৰ্ধাৰণ কৰা হয়। বিজ্ঞানী সকলে গণনা কৰি উলিয়াইছে যে যদি এটা গ্ল'বুলাৰ ক্লাষ্টাৰৰ তৰাবোৰ সূৰ্যতকৈ প্ৰায় ১০০০ গুণ উজ্জ্বল হয়, তেনেহ'লে সেই তৰাবোৰৰ ভৰ সূৰ্যতকৈ প্ৰায় ১০ গুণ বেছি হ'ব। গ্ল'বুলাৰ ক্লাষ্টাৰৰ আটাইতকৈ পুৰণি তৰাবোৰৰ ভৰ সূৰ্যতকৈ ০.৭ গুণ বেছি। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাবোৰৰ বয়স ১২ৰ পৰা ১৪ বিলিয়ন বছৰ পুৰণি হ'ব।

নাছাৰ WMAP (Wilkinson Microwave Anisotropy Probe)ৰ দ্বাৰা ৯ বছৰ ধৰি সংগ্ৰহ কৰা তথ্য অনুসৰি, বিশ্বব্ৰহ্মাণ্ড সৃষ্টিহোৱাৰ প্ৰায় ২০০ নিযুত বছৰ পিছতহে এই তৰাবোৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৰ্থাৎ ব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাবোৰৰ বয়সৰ লগত ২০০ নিযুত বছৰ যোগ কৰি দিলেই বিশ্বব্ৰহ্মাণ্ডৰ বয়স ওলাই পৰে।

#বিশ্বব্ৰহ্মাণ্ডৰ_সম্প্ৰসাৰণ_বেগৰ ভিত্তিত বয়স নিৰ্ধাৰণ কৌশলটোৰ শ্ৰেয় বিজ্ঞানী এডুইন হাব'লক দিবই লাগিব। সেয়া ১৯২৫ চনৰ কথা। জ্যোতিৰ্বিজ্ঞানী এডউইন হাব'লে প্ৰমাণ কৰি দেখুৱালে যে বিশ্বব্ৰহ্মাণ্ড সঁচাকৈয়ে সম্প্ৰসাৰিত হৈ আছে। আইনষ্টাইনেও তেখেতৰ ভুল স্বীকাৰ কৰি নিজৰ সূত্ৰটো শুদ্ধ ৰূপলৈ আনিব লগিয়া হ'ল! হাব'লৰ সূত্ৰত থকা ধ্ৰুৱকটোৱে  বিশ্বব্ৰহ্মাণ্ডৰ এই সম্প্ৰসাৰণ কিমান দ্ৰুত তাৰ তথ্য দিয়ে। 

বিশ্বব্ৰহ্মাণ্ড গঠন হোৱাৰ সময়ত বিদ্যমান মুক্ত ফ'টনবোৰৰ তৰংগদৈৰ্ঘ্যও বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ সৈতে ক্ৰমে বৃদ্ধি পাইছিল। বিজ্ঞানীসকলে গণনা কৰি পাইছে যে এই তৰংগবোৰ কেতবোৰ  মহাজাগতিক মাইক্ৰ'ৱেভ, যাক "পৃষ্ঠ ভূমি বিকিৰণ" বা কচমিক মাইক্ৰ'ৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েচন (CMBR) বুলি কোৱা হয়। নাছাৰ  মহাজাগতিক পৃষ্ঠভূমি এক্সপ্ল'ৰাৰ (COBI), ৱিলকিনছন মাইক্ৰ'ৱেভ এনাইচোট্ৰপি প্ৰোব (WMAP) আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ "প্লেংক"ৰ অধীনৰ প্ৰকল্পবোৰে বিশ্বব্ৰহ্মাণ্ড কিমান দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে তাৰ তথ্য প্ৰদান কৰিছে।

যিহেতু ব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ লগে লগে স্থানো সম্প্ৰসাৰিত হৈ আছে আৰু কিমান দ্ৰুত গতিত প্ৰসাৰিত হৈছে সেইটোও আমি জানিব পাৰিছো, গতিকে এই তথ্যৰ দ্বাৰা বিজ্ঞানীসকলে সময়ৰ বিপৰীত দিশত ঘূৰি গৈ বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰা "বিগ বেং" কেতিয়া হৈছিল তাক নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। যিহেতু বিগ বেং বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক অৱস্থা, সেয়েহে বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰাটোে সম্ভৱ হৈ পৰিছে।