Sunday 14 March 2021

ওপজা দিনৰ শুভকামনা চাৰ আইনষ্টাইন


চাৰ এলবাৰ্ট আইনষ্টাইনৰ জীৱনৰ অনেক আমোদজনক কাহিনীৰ মাজৰ পৰা এটি কাহিনীৰে আজি তেখেতক ওপজা দিনত শ্ৰদ্ধা নিবেদন কৰিছোঁ।

এখন সভাত এলবাৰ্ট আইনষ্টাইনক গুণমুগ্ধসকলে আগুৰি আছে। তেনেতে এজন ছাত্ৰই তেখেতক সুধিলে: মহাশয়, আপোনাৰ সাধাৰণ আপেক্ষিকতাবাদৰ তত্বটো অলপ সহজকৈ বুজাই দিব নেকি ?

আইনষ্টাইনে ক'বলৈ ধৰিলে: ডেকা ক'ৰা, আপেক্ষিকতাবাদৰ তত্বটো জনাৰ আগত তুমি মোৰ এটি বিশেষ অভিজ্ঞতাৰ বিষয়ে জানিব লাগিব।

ছাত্ৰজনৰ চকু দুটা উজ্বল হৈ পৰিল। তেওঁ ক'লে : মহাশয়, মই আগ্ৰহেৰে শুনিবলৈ ৰৈ আছো।

আইনষ্টাইনে ক'বলৈ ধৰিলে : এবাৰ মই পাৰ্ক এখনত এজন বন্ধুৰ লগত সময়ত অতিবাহিত কৰি আছিলো। বন্ধুজন আছিল অন্ধ। কথা বতৰাৰ মাজতে মই বন্ধুক জনালো যে মোৰ গাখীৰ খাবলৈ বৰ ইচ্ছা হৈছে।

বন্ধুজনে ক'লে : গাখীৰ ময়ো খাইছো, কিন্তু গাখীৰ কেনে বস্তু মই আজিলৈ নেজানিলোঁ।

আইনষ্টাইন : বন্ধু কথাটো তেনেই সাধাৰণ। গাখীৰ এবিধ বগা ৰঙৰ তৰল পদাৰ্থ। তদুপৰি পুষ্টিকৰ।

বন্ধু : তৰল পদাৰ্থৰ বিষয়ে মই জানো। হাতেৰে স্পৰ্শ কৰিলে বুজি পাও। কিন্তু, তুমি যে ক'লা "বগা ৰঙৰ" বুলি - সেইটোহে বুজি নেপালোঁ।

আইনষ্টাইন : বগা মানে… সেই যে চৰাইটো, অৰ্থাৎ সাইলাখ বগলীজনীৰ গাৰ ৰঙটোৰ দৰে....!

বন্ধু : বগলী মানে…? বগলী দেখিবলৈ নো কেনেকুৱা?

আইনষ্টাইন : আস্…! সেই যে দীঘল আৰু বেঁকা ডিঙিৰ চৰাইটো…!!! 

কিছু বিৰক্তিৰে আইনষ্টাইনে তেওঁৰ বন্ধুজনক বুজাবলৈ চেষ্টা কৰিলে। ইতিমধ্যে বন্ধুজনেও আইনষ্টাইনৰ কথাৰ সুৰত যেন বুজি পাইছিল যে আইনষ্টাইনে কিছু বিৰক্তি বোধ কৰিছে। কিছুপৰ মৌনতাৰ পিছত তেওঁ সেপ ঢুকি পুনৰ আইনষ্টাইনক সুধিলে : ডিঙিটো বাৰু বুজিলো, কিন্তু "বেঁকা" মানে কি হ'ব পাৰে তাকে হে ভাবি আছিলোঁ…!!!

আইনষ্টাইনৰ যেন ধৰ্য্যৰ বান্ধ খুলি গ'ল। তেওঁ বন্ধুজনৰ সোঁহাতখন নিজৰ দিশলৈ টানি আনি কিলাকুটিত ভাঁজ লগাই তেওঁক বুজাবলৈ চেষ্টা কৰিলে "বেঁকা" মানে কি !

তাৰপিছত তেওঁ বন্ধুজনক সুধিলে : আশাকৰো "বেঁকা" মানে কি তুমি এতিয়া বুজিব পাৰিছা।

মিচিকিয়া হাঁহিৰে বন্ধুজনে তপৰাই মাত লগালে : ইমান দিনে খাই অহা মোৰ প্ৰিয় আহাৰৰ অন্যতম গাখীৰ কি বস্তু মই আজিহে ভালদৰে বুজি পালো…!!!

(বি:দ্ৰ: ছাত্ৰজনে আইনষ্টাইনৰ পৰা আপেক্ষিকতাবাদৰ বিষয়ে শিকিলে নে নাই, সেইটো অৱশ্যে জনা নগ'ল !)

ওপজা দিনৰ শুভকামনা চাৰ আইনষ্টাইন। (১৪ মাৰ্চ, পাই দিৱস)

Saturday 13 March 2021

বিভামণি দাসৰ গ্ৰন্থ

 


ফেইচবুকে মোক জীৱনৰ যোগাত্মক দিশত বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। বিগত ১২টা বছৰত ফেইচবুকৰ "ভাৰ্ছুৱেল" জগতখনৰ মাজত কেইবাজনো জীৱনমুখী "ৰিয়েল" বন্ধু বিচাৰি পাইছো। তেওঁলোকৰ কোনোবাজনে যদি জীৱন দৰ্শনৰ পাঠ শিকাইছে, আন কোনোজনে আকৌ কলা, বিজ্ঞান, সংগীত, শিল্পকে আদি কৰি বিভিন্ন দিশ সমূহত জ্ঞান বৰ্ধনত সহায় কৰি আহিছে। 

কেইবছৰমান আগত এই ফেইচবুকৰ মজিয়াতেই বন্ধু হিচাবে বিচাৰি পাইছিলোঁ বিশ্বনাথ চাৰিআলিৰ বিভামণি দাসক ( Bibhamoni )। পেশাত এগৰাকী শিক্ষয়িত্ৰী বিভামণি দাস ভাৰতীয় দলিত সাহিত্য "আম্বেদকাৰ" বঁটা বিজয়ী হোৱাৰ উপৰিও ভাৰত চৰকাৰৰ মানৱ অধিকাৰ আয়োগৰ ২০২০ বৰ্ষৰ "International Excellent Award" সন্মানেৰে বিভূষিতা। 

তেজ মঙহৰ সম্পৰ্ক নেথাকিলেও বিভামণি মোৰ মৰমৰ ভনী। সিদিনা তেওঁৰ পৰা এটি উপহাৰৰ টোপোলা আহিল। টোপোলাটিৰ ভিতৰত তেওঁৰ চাৰিখন স্বৰচিত গ্ৰন্থ (চক্ৰবেহু, সন্ধ্যা তৰাৰ স'তে, সুখৰ বালিমাহী আৰু অনামী অনুৰাগৰ ঢৌ)ৰ লগতে শ্ৰীমতী আৰু মোলৈ লিখা এখন নাতিদীৰ্ঘ চিঠি। ইতিমধ্যে বিভামণিয়ে নিজকে এগৰাকী সুলেখিকা হিচাবে প্ৰতিষ্ঠা কৰিছে। দহ খনতকৈও অধিক গ্ৰন্থৰ লেখিকা বিভামণিৰ আন কেইবাখনো গ্ৰন্থ বৰ্তমান ছপাশালত।

জীৱনৰ কোনোবা মুহূৰ্তত যদি সুখ দুখবোৰ হিচাব কৰা বা অনুভৱ কৰা যায়, তেতিয়া বুজিব পাৰি যে মানুহৰ সুখ আৰু দুখৰ টোপোলা দুটা প্ৰায় সমানেই। মনৰ মাজত থকা আশাবোৰ যদিও কেতিয়াবা সেমেকি যায় তথাপি জীৱনৰ দায়িত্ববোৰ গতানুগতিক ভাবেই চলি গৈ থাকে। আমি মানুহবোৰ সময়ৰ দাস। এই সময়বোৰ আমাৰ জীৱনৰ কোনো মূহুৰ্তত বন্ধু স্বৰূপ অথচ আন কোনো মূহুৰ্তত হৈ পৰে দুৰ্বিষহ। বিভামণিৰ কলমত দুঃসময় আৰু জীৱনৰ ছৱিয়ে জীৱন্ত ৰূপত ধৰা দিছে।

ছেগা চোৰোকাকৈ অনুগল্প পঢ়িছোঁ। সীমিত পৰিসৰত সীমিত কথাৰে গল্পকাৰে অনুগল্পৰ জৰিয়তে দাঙি ধৰে তেওঁৰ বক্তব্যৰ এক অনন্য উন্মোচন। বর্ণনাৰ বাহুল্য নথকা অণুগল্পবোৰত "গল্প" থাকিবই লাগিব বুলি কোনো কথা নাই। Fredric Brown নামৰ আমেৰিকান লিখকজনৰ অনুগল্প ‘Knock’ মাত্ৰ ১৭ টা শব্দেৰে লিখা এটা বিশেষ অনুগল্প। গল্পটো এনেধৰণৰ… “The last man on Earth sat alone in a room. There was a knock on the door…” বিশেষ কথাৰ অৱতাৰণা নকৰাকৈয়ে এক ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি কৰি পাঠকক নিজেই তাৰ অর্থ বিচাৰি উলিয়াবলৈ বাধ্য কৰিব পৰা সৃষ্টিশীলতাকেই হয়তো অনুগল্প বুলিব পাৰি। বিভামণিৰ গ্ৰন্থ "চক্ৰবেহু" ৪২ টা অনুগল্পৰ এটি সংকলন। আটাইকেইটা অনুগল্পই আমাক এক সুকীয়া সোৱাদ প্ৰদান কৰিছে। বিভীষিকাময় পৰিস্থিতি, সামাজিক অৱক্ষয়, প্রতিনিয়ত ভাবে সপোন ভঙাৰ বেদনা, নৈতিকতা আদি বিষয়বোৰ সামৰি লৈ লিখি উলিওৱা অনুগল্পকেইটা অৱশ্যেই পঠনীয়। বিভামণিৰ "সুখৰ বালিমাহী" ২০ টা চুটিগল্পৰ সংকলন। সুখৰ বালিমাহীয়ে এইটো প্ৰমাণ কৰিছে যে বিভামণি অনুগল্প আৰু চুটিগল্প - গল্পৰ এই দুয়োটা ধাৰাতেই পৰিপক্ক।

বিভামণি এগৰাকী সুকবিও। তেওঁৰ কবিতা সংকলন "অনামী অনুৰাগৰ ঢৌ" ৩৫ টা কবিতাৰ কুঁকি। কবি বিভামণিৰ "সন্ধ্যা তৰাৰ স'তে" আন এখন অনন্য কবিতাৰ সংকলন। তেওঁৰ ভাষাৰেই "…মোৰ মনত, হৃদয়ত মেগমাৰ দৰে উতলি থকা কিছুমান অভিজ্ঞতা শব্দ হৈ উচ্চাৰিত হৈছে। …… সন্ধ্য তৰাৰ স'তে বিনিময় কৰো মোৰ হৃদয়ৰ দুখ…।"

বিভামণিৰ কলমেৰে সৃষ্টি হওঁক আৰু বহুতো অপূৰ্ব লিখনি। প্ৰীতি আৰু শুভেচ্ছাৰে