Wednesday 29 April 2020

সুৰুজৰ বুকুৰ বৰষুণ এজাক


বৰষুণ শব্দটোৰ মাজত লুকাই থাকে এক সুকীয়া মাদকতা। আকাশৰ বুকুৰ পৰা টোপা টোপে নামি অহা বৰষুণৰ টোপালবোৰে শুকান ধৰাৰ বুকুত জীৱনৰ ছৱি আঁকে। বৰষুণক লৈ কবিয়ে কবিতা ৰচে, চিত্ৰশিল্পীৰ তুলিকাত বৰষুণৰ টোপালে কথা কয়। টোপা টোপে সৰি পৰা বৰষুণৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ বাবে প্ৰিয়জনৰ সতে একান্তভাবে বৰষুণত অলপ তিতাৰ আমেজ লোৱাৰ মাদকতাই সুকীয়া।

সাধাৰণভাবে ক'বলৈ হ'লে, ভূপৃষ্ঠৰ পানী সুৰুজৰ তাপত বাষ্পীভূত হৈ আকাশৰ মেঘলৈ পৰিণত হোৱাৰ পিছত ঘণীভৱনৰ প্ৰক্ৰিয়াৰে বৰষুণ ৰূপে পুনৰ ভূপৃষ্ঠলৈ আপতিত হয়। কিন্তু এবাৰ চিন্তা কৰকচোন, প্রায় ৪০ হাজাৰ ডিগ্রী ছেলছিয়াচ উষ্ণতাৰ কোনো  স্থানত বাৰু এজাক বৰষুণ সম্ভৱ নে? হয়, থিকেই ভাবিছে, আমি সূর্যৰ কথাই ক'বলৈ ওলাইছো। সূৰ্যৰ বুকুত জানো পানী আছে? তেন্তে কিদৰে বাৰু সম্ভৱ হ'ব পাৰে সুৰুজৰ বুকুত সপোনৰ বৰষুণ এজাক?

মূলত হাইড্ৰ'জেন আৰু হিলিয়াম গেছেৰে পৰিপূৰ্ণ হৈ থকা আমাৰ সূর্যটো হ'ল সৌৰজগতৰ সবাতোকৈ বিশাল গোলাকাৰ মহাজাগতিক পদাৰ্থ। সূৰ্যৰ আভ্যন্তৰত অবিৰাম ভাবে সংঘটিত হৈ থকা ফিউচন বা নিউক্লীয় সংযোজন বিক্রিয়াৰ ফলত হাইড্র'জেন পৰমাণুবোৰ ক্ৰমে হিলিয়ামলৈ ৰূপান্তৰ হৈ আছে। যাৰ ফলত সূৰ্যৰ কেন্দ্ৰভাগত সৃষ্টি হৈছে অত্যাধিক তাপশক্তি। এই তাপশক্তিয়ে সূৰ্যৰ বুকুত থকা সকলোবোৰ গেছকেই প্লাজমা অৱস্থালৈ পৰিণত কৰিছে। প্লাজমা হ'ল আয়নিত অৱস্থাত থকা অতি উত্তপ্ত মুক্ত গেছ। যিহেতু প্লাজমাবোৰ আয়নিত গেছ, সেয়ে সূর্যৰ অতি শক্তিশালী চুম্বকীয় ক্ষেত্ৰখনে প্লাজমা গেছসমূহক যথেষ্ঠ ভাৱে প্রভাবিত কৰে। আয়নিত প্লাজমা গেছবোৰৰ অত্যাধিক তাপমাত্রাৰ বাবে প্লাজমা গেছৰ ঘনত্বও অতি নগণ্য আৰু তাৰ ফল স্বৰূপে এই প্লাজমা গেছসমূহ সূর্যপৃষ্ঠৰ পৰা যথেষ্ঠ ওপৰতেই অৱস্থান কৰে।

এই গেছবোৰ কিন্তু সূৰ্যপৃষ্ঠৰ উপৰিভাগত থিৰে থাকিব নোৱাৰে। কাৰণ সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰৰ লগতে সূৰ্যৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত এই প্লাজমা গেছসমূহ সূৰ্যৰ বুকুলৈ আকৰ্ষিত হয়। সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰত থকা এই প্লাজমা গেছৰ অৱস্থানো সূর্যপৃষ্ঠৰ পৰা বহুত ওপৰত হোৱা বাবে সেই স্থানত তাপমাত্রাও যথেষ্ঠ কম। ফলত আপেক্ষিক ভাবে শীতল এই প্লাজমা গেছবোৰ পুণৰায় সূর্যৰ পৃষ্ঠলৈ নামি আহে যেন সুৰুজৰ বুকুত প্লাজমা গেছৰ এজাক বৰষুণহে ! আনহাতে সূৰ্যৰ পৃষ্ঠত পৰাৰ লগে লগেই পুনৰ উত্তপ্ত হৈ তড়িৎ গতিত ওপৰলৈ উঠি যায়। এনেদৰেই সূৰ্যৰ বুকুত অবিৰত ভাবে প্লাজমা গেছৰ বৰষুণ হয়। 

নাছাৰ গৱেষক বিজ্ঞানী এমিলি মেছনে (Emily Mason) সর্বপ্রথম এই পৰিঘটনাটো লক্ষ্য কৰিছিল। তেখেতৰ মতে, সূর্যৰ অভ্যন্তৰত কেইবা মিলিয়ন ডিগ্রী তাপমাত্রা থাকিলেও সূৰ্যৰ মেগনেটিক ফিল্ড বা চুম্বকীয় ক্ষেত্ৰত তাপমাত্রা ছয় হাজাৰ ডিগ্রী মানহে। ফলত সূৰ্যৰ ফিউচন বিক্রিয়াত উৎপন্ন হোৱা তাপশক্তিৰ এনট্ৰপিৰ সঘন পৰিবর্তন হৈ থাকে। তাৰ ফলশ্ৰুতিত সূৰ্যৰ পৃষ্ঠখন সদায় অশান্ত আৰু অনবৰত প্লাজমাৰ অতি উত্তপ্ত গেছীয় বৰষুণ এজাকে সুৰুজক সদায়ে বুৰাই ৰাখে।

Thursday 23 April 2020

সময় কিয় সদায় আগলৈ যায়



এখন পৃথিৱী কল্পনা কৰকচোন, য'ত সময়ে আগলৈ গতি কৰাৰ সলনি পিছুৱাই যায়। ঘড়ীৰ কাটাবোৰ অবিৰাম বিপৰীত দিশত ঘূৰে। মানুহবোৰ প্ৰাপ্তবয়স্ক অৱস্থাত জন্ম হৈ ধীৰে ধীৰে যৌৱনপ্ৰাপ্ত হয় আৰু ক্ৰমান্বয়ে তেওঁলোকৰ বয়স কমি কমি এসময়ত একোটি শিশুলৈ পৰিণত হয়। এৰা, আমাৰ পৃথিৱীখনতো এনেবোৰ অদ্ভুত ঘটনাই সম্ভৱ হৈ উঠিলহেতেন, যদিহে সময় আগলৈ যোৱাৰ সলনি পিছুৱাই গ'লহেতেন। কিন্তু সময় সদায় আগলৈহে যায় কিয়? কিহৰ বাবে বাৰু সময়ে পিছলৈ খোজ নলয়?

পদার্থবিজ্ঞানৰ প্রতিটি সূত্রই সময়ৰ লগত সাঙোৰ খাই আছে। অর্থাৎ এই সূত্ৰবোৰ সময়ৰ অগ্ৰগতিৰ লগত সম্পৰ্কিত। বিজ্ঞানৰ এটি সূত্রৰ কথা ক'ব বিচাৰিছোঁ - তাপগতিবিদ্যাৰ দ্বিতীয় সূত্র। সহজ ভাষাত এই সূত্রটোৰ মূল কথাখিনি হ'ল সময়ৰ লগত জড়িত হৈ ব্ৰহ্মাণ্ডৰ সকলোবোৰেই এক স্বাভাবিক সুশৃঙ্খল অৱস্থাৰ পৰা আন এক বিশৃঙ্খল অৱস্থালৈ গৈ আছে। বিশ্বব্ৰহ্মাণ্ডৰ এই বিশৃঙ্খল অৱস্থাকেই "এনট্রপি" বুলি কোৱা হয়।

যদি আমি কোনো এটা তন্ত্ৰৰ পৰা শক্তি ব্যৱহাৰ কৰি কিবা এটা কাম কৰো তেনেক্ষেত্ৰত কিন্তু আমি কেতিয়াও তন্ত্ৰটোৰ পৰা লোৱা সম্পূৰ্ণ শক্তিখিনি কাৰ্যলৈ ৰূপান্তৰিত কৰিব নোৱাৰিম। কিয়নো কিছু পৰিমানৰ শক্তি পৰিবেশ অথবা তন্ত্ৰটোৱে শোষণ কৰি ৰাখিব। এই শোষিত শক্তিৰ পৰিমাণটোৱেই হৈছে "এনট্রপি"। অর্থাৎ এই পৰিঘটনাটো যিহেতু এক বিশৃঙ্খলতা, সেয়ে এই বিশৃঙ্খল অৱস্থাৰ পৰিমাপেই হৈছে এনট্রপি।

এটা উদাহৰণ লোৱা যাওঁক। ধৰা হ'ল এটি বন্ধ পাত্ৰৰ ভিতৰত এবিধ নির্দিষ্ট প্রকাৰৰ গেছ ভৰাই থ'ব লাগে। তাৰবাবে সেই বন্ধ পাত্ৰটোৰ ভিতৰৰ এটি নিৰ্দিষ্ট কোণত বিশেষভাবে গেছটোৰ অনুবোৰ ৰখা হ'ল। সেই বিশেষ সময়চোৱাত পাত্ৰটোৰ ভিতৰত এক সুশৃঙ্খল অৱস্থা বিৰাজমান। এতিয়া যদি পাত্ৰটো এইদৰেই কিছুসময় ৰাখি থোৱা হয়, তেন্তে গেছৰ স্বাভাবিক ধর্ম অনুযায়ী, সময় আগবঢ়াৰ লগে লগে গেছটোৰ অনুবোৰ ধীৰে ধীৰে সমগ্র পাত্ৰটোৰ ভিতৰত বিস্তাৰিত হৈ পৰিব। অর্থাৎ সুশৃঙ্খল অৱস্থাত থকা পাত্ৰটোৰ ভিতৰখন ক্ৰমে বিশৃঙ্খল অৱস্থালৈ গতি কৰিব। আমি যদি গেছৰ অনুবোৰ পাত্ৰটোৰ ভিতৰৰ সেই নিৰ্দিষ্ট কোণটোলৈ ঘূৰাই আনিব বিচাৰো, অৰ্থাৎ বিশৃঙ্খল অৱস্থাৰ পৰা পুনৰ সুশৃঙ্খল অৱস্থালৈ আনিব বিচাৰো, তেন্তে আমি বাহিৰৰ পৰা শক্তি প্রয়োগ কৰিব লাগিব। অন্যথা পুনৰ সুশৃঙ্খল অৱস্থালৈ ঘূৰি অহাতো অসম্ভৱ। অর্থাৎ সময়ৰ লগে লগে পাত্ৰটোৰ ভিতৰৰ পৰিবেশৰ দৰেই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডতেই সুশৃঙ্খল অৱস্থাবোৰ ক্ৰমান্বয়ে বিশৃঙ্খল অবস্থাৰ দিশে গতি কৰি আছে। এনেদৰে পাত্ৰটোৰ ভিতৰত এনট্রপি বৃদ্ধি পাইছে। মহাবিশ্বতো থিক এনেদৰেই প্রতিনিয়তভাবে এনট্রপিৰ মান বাঢ়ি গৈ আছে অর্থাৎ সকলোবোৰ স্বাভাবিক অৱস্থাই ক্ৰমে ক্ৰমে বিশৃঙ্খল অৱস্থাৰ দিশলৈ ধাবিত হৈ আহিছে অহৰহ। যিহেতু সময়ৰ লগতে এনট্রপিও এনে  বিশৃঙ্খলতাৰেই এক পৰিমাপ, সেয়ে এনট্রপিয়েই সময়ৰ গতিৰ দিশ নিৰ্ধাৰণ কৰে। সময়ৰ গতিৰ দিশ বুজিবলৈ এনট্রপি এটি সুন্দৰ উপস্থাপন।

কিন্তু এনেদৰে সদায়ে আগলৈ গতি কৰা সময়ৰ আৰম্ভণি ক'ত? এই প্রশ্নৰ উত্তৰো এনট্রপিয়েই দিব পাৰে। যেতিয়া মহাবিশ্বৰ এনট্রপিৰ মান শূণ্য আছিল অর্থাৎ সৃষ্টিৰ পাতনিতেই বিগ বেং নামৰ এক মহাবিষ্ফোৰণ হৈছিল, ঠিক তেতিয়াৰ পৰাই সময়ে জন্ম হৈ গতি কৰিবলৈ লয়। সেই তেতিয়াৰ পৰা আজিলৈকে সময়ে কেৱল সন্মুখলৈ গতি কৰি আহিছে আৰু সময়ৰ লগে লগে মহাবিশ্বখনো সম্প্রসাৰিত হৈ আহিছে। এই সময়ৰ জন্ম হৈছিল আজিৰ পৰা ১৩.৮ বিলিয়ন বছৰ আগতে থিক বিগ বেং নামৰ মহাবিষ্ফোৰণটোৰ লগে লগে।

যিহেতু সময়ৰ জন্ম হৈছিল, স্বাভাৱিকতেই এটা প্রশ্ন উদয় হয় – সময়ৰ মৃত্যু হ'বনে? অথবা স্থবিৰ হৈ পৰিব নেকি সময়? অথবা সময়ে ওলোটাকৈ বাট বুলিব নেকি কাহানিবা ? সাধাৰণভাবে আমি ক'ব পাৰো যে যেতিয়াই মহাবিশ্বৰ এনট্রপিয়ে চূড়ান্ত মান গ্রহণ কৰিব অর্থাৎ মহাবিশ্বত যেতিয়াই সর্বোচ্চ বিশৃঙ্খল অৱস্থা আহি পৰিব, তেতিয়াই সময় স্থিৰ হৈ পৰিব। মৃত্যু হ'ব সময়ৰ !! কিন্তু কেতিয়া ??

এইটো নিৰ্ভৰ কৰিব "ডাৰ্ক এনাৰ্জি" বা অজ্ঞাত শক্তিৰ ওপৰত। আমাৰ তাৰকাৰাজ্যবোৰৰ প্রধান এক সাংগঠনিক উপাদানেই হ'ল এই ডার্ক এনার্জিবোৰ। এই ডার্ক এনার্জিৰ পৰিমাণো প্রতিনিয়তভাবে বাঢ়ি আছে। এই হাৰত বাঢ়ি থাকিলে অদূৰ ভৱিষ্যতে এনে এটা দিন আহিব, যিদিনা এই মহাবিশ্বখন ছিন্ন-বিচ্ছিন্ন হৈ যাব আন এক বিষ্ফোৰণত। এই সাম্ভাব্য বিষ্ফোৰণটোক বিজ্ঞানীসকলে নামাকৰণ কৰিছে "বিগ ৰিপ" বুলি। আনহাতে ডার্ক এনার্জিৰ পৰিমাণ যদি কোনো কাৰণত কমি যায় আৰু প্ৰায় শূণ্য হয়, তেন্তে বিগ বেঙৰ বিপৰীত অৰ্থাৎ "বিগ ক্রাঞ্চ"ত পতিত হৈ মহাবিশ্বখন পুণৰ অদৃশ্য হৈ পৰিব। বিজ্ঞানীসকলৰ মতে এনে হ'বও পাৰে যে বিশ্বব্ৰহ্মাণ্ডখন আজীৱন সম্প্রসাৰিত হৈয়েই  থাকিব আৰু ডার্ক এনার্জিৰ কিছু বিশেষ বৈশিষ্ট্যৰ বাবে আমাৰ ব্ৰহ্মাণ্ডখনৰ মৃত্যু ঘটিব আৰু আন এটি নতুন বিগ বেং সংঘটিত হৈ জন্ম হ'ব এখন নতুন ব্ৰহ্মাণ্ডৰ, য'ত আমাৰ এইখন ব্ৰহ্মাণ্ডৰ পৰিচিত সময়ে পুণৰ জনম ল'ব।

সময়ৰ শেষ পৰিণতি কি হ'ব - সেই বিষয়ে খাটাংকৈ সিদিনাহে ক'ব পৰা যাব, যিদিনা আমি ডাৰ্ক এনাৰ্জিক বুজি পাম। অন্ততঃ তেতিয়ালৈ আমি এইটোৱেই মানি লৈছো যে সময় কেতিয়াও পিছুৱাই নাহে বৰং আগলৈহে যায়। সময়ৰ টিকনিডাল আগফালে উৰে। পিছে সময়ৰ এই সম্মুখ যাত্রা কেতিয়াবা শেষ হ'ব নে -  তাৰ উত্তৰটো কিন্তু সময়েহে দিব পাৰিব।

Monday 20 April 2020

সফলতাৰ আঁৰৰ ব্যৰ্থতাবোৰ



প্রতিজন সফল মানুহৰ জীৱনত ব্যর্থতাৰ একোটি কৰুণ কাহিনীও থাকে। এবাৰৰ প্ৰচেষ্টাতেই তেওঁলোক সফল হোৱা নাই। সফল উদ্যোক্তা, ৰাজনীতিবিদ, শিল্পী, লেখক অথবা বিজ্ঞানী; যাৰেই কথাই নকও কিয় - প্ৰতিজনেই ব্যর্থতাৰ কঠিন পথেৰে অশেষ ধৈৰ্য সহকাৰে খোজ দিয়েই অৱশেষত সফলতাৰ শিখৰত আৰোহণ কৰিছে। বিফলতাৰ তিক্ততাই যেন কোনোদিনেই তেওঁলোকক হতাশ কৰিব পৰা নাই! এই সফল ব্যক্তিসকলৰ সকলোৰেই মাজত আশ্চৰ্যকৰ মানসিক শক্তি আৰু আত্মবিশ্বাস আছে। তেওঁলোকৰ সফলতাৰ পথত হেঙাৰ স্বৰূপে থিয় দিয়া ব্যর্থতাৰ কাহিনীবোৰৰ পৰা আমি অনেক কথাই শিকিব পাৰো। আজি দুগৰাকীমান তেনে মহান ব্যক্তিৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ।


১৮০৯ চনত জন্মগ্ৰহন কৰা এই মহান ব্যক্তি গৰাকী আমেৰিকাৰ ১৬তম প্রেচিডেণ্ট। আমেৰিকাৰ সর্বকালৰ শ্ৰেষ্ঠ প্রেচিডেণ্ট হিচাবে তেওঁকেই গণ্য কৰা হয়। আমেৰিকাৰ ক'লা ছালৰ কৃতদাস সকলৰ স্বাধীনতাৰ প্ৰধান হোতা হিচাবে তেওঁ সৰ্বজন পৰিচিত। ৰাজনীতি আৰু খ্যাতিৰ দিশত আব্রাহাম লিংকন নিসন্দেহে পৃথিবীৰ ইতিহাসত এজন অন্যতম সফল ব্যক্তি। কিন্তু তেওঁৰ এই সফলতাৰ আঁৰত আছে ব্যর্থতাৰ কৰুণ কাহিনী।

মাত্ৰ ২৩ বছৰ বয়সত তেওঁ চাকৰি হেৰুৱায়। সমসাময়িক ভাবে তেখেতে প্রথমবাৰলৈ আমেৰিকাৰ নির্বাচনত অংশগ্ৰহণ কৰি পৰাজিত হয়। ২৯ বছৰ বয়সত আমেৰিকাৰ হাউচ অফ ৰিপ্রেজেণ্টেটিভৰ সদস্য হোৱাৰ বাবে নির্বাচনত প্ৰতিদন্দিতা কৰি পুনৰ পৰাজিত হয়। ইয়াৰ পিছত ১৮৪৮ চনত, ৩৯ বছৰ বয়সীয়া লিংকনে ওৱাচিংটনৰ জেনাৰেল লেণ্ড অফিচৰ কমিচনাৰ পদৰ বাবে নির্বাচনত প্ৰতিদন্দিতা কৰি পুনৰ পৰাজিত হয়।

ব্যৰ্থতাৰ ধাৰা যেন শেষেই নহ'ব…! ৪৯ বছৰ বয়সত লিংকনে চিনেটৰ হ'বলৈ পুনৰ নির্বাচনত অংশগ্ৰহন কৰি শোচনীয় ভাবে পৰাজিত হয়। ইমান ব্যর্থতায়ো যেন তেওঁক হতাশ কৰিব নোৱাৰিলে। অবশেষত ১৮৬১ চনত ৫২ বছৰ বয়সীয়া লিংকনে আমেৰিকাৰ প্রেচিডেণ্ট হ'বলৈ পুনৰ নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়ায় আৰু আমেৰিকাৰ প্ৰেচিডেণ্ট হিচাবে নির্বাচিত হয়। প্রেচিডেণ্ট হিচাবে নিৰ্বাচিত হোৱাৰ আগৰ প্ৰতিটো খোজতেই লিংকনে কেৱল ব্যর্থতাৰেই মোকাবিলা কৰি গৈছিল।

ৰাষ্ট্ৰপতি হোৱাৰ পিছত যিদিনা আব্ৰাহাম লিংকন প্ৰথম বাৰৰ বাবে চিনেটত ভাষণ দিবলৈ গৈছিল, তেতিয়া তেওঁ মঞ্চত উঠাৰ সময়তেই সভাগৃহত উপস্থিত থকা এজন তথাকথিত ভদ্ৰলোকে থিয় হৈ ক’বলৈ ধৰিলে : “মিষ্টাৰ লিংকন, দুৰ্তাগ্যজনক ভাৱে আপুনি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। কিন্তু আপুনি পাহৰি নেযাব যে আপুনি এজন মুচিৰ সন্তান আৰু আপুনি আপোনাৰ দেউতাৰ লগত মোৰ ঘৰলৈ আহি জোতা মেৰামতি কৰিছিল । আজিও চিনেটত আপোনাৰ দেউতাই বনোৱা জোতা পিন্ধি কেইবাজনো চিনেটৰ ইয়ালৈ আহিছে।”

চিনেটত হাঁহিৰ ৰোল উঠিল । বিচলিত নহৈ লিংকনে ক’বলৈ ধৰিলে : “এই পবিত্র ক্ষণত মোৰ পিতৃক স্মৰণ কৰাই দিয়া বাবে আপোনাক ধন্যবাদ মহাশয়। মোৰ পিতৃ এজন অসাধাৰণ প্ৰতিভা সম্পণ্ণ মুচি আৰু তেখেতৰ যশস্যা চৌদিশে জনাজাত। মই সম্ভৱতঃ ৰাষ্ট্ৰপতি হৈও এনে খ্যাতি লাভ কৰিব নোৱাৰিম। শুনক মহাশয়, দেউতাৰ পৰা জোতা মেৰামতি কৰা গুণটো ময়ো আয়ত্ব কৰি থৈছোঁ। মোৰ পিতৃয়ে বনাই দিয়া আপোনালোকৰ সেই জোতাবোৰ যদি কেতিয়াবা বেয়া হয়, আপোনালোকে মোক এতিয়াও মেৰামতিৰ বাবে আপোনালোকৰ ঘৰলৈ মাতিব পাৰে।” চিনেটত তেতিয়া কাঁহ পৰি জিন যোৱা অৱস্থা।


বিজ্ঞানৰ জগতখনত সকলোতকৈ বিখ্যাত আৰু সফল বিজ্ঞানীসকলৰ ভিতৰত এজন হ'ল এলবার্ট আইনষ্টাইন। বিজ্ঞানৰ ইতিহাসত অন্যতম মেধাবী ব্যক্তি বুলিলে তেওঁ এলবার্ট আইনষ্টাইন। কিন্তু ১৮৭৯ চনত জন্ম হোৱা এই জার্মান বিজ্ঞানী গৰাকীক এসময়ত অতি সাধাৰণ পৰ্যায়ৰ ছাত্ৰ হিচাবেই গণ্য কৰা হৈছিল। কোনো বিষয়তেই তেওঁ ভাল ছাত্ৰ নাছিল। আনকি কথা ক'বলৈ শিকিবলৈ তেওঁক ৪ বছৰ সময় লাগিছিল। পঢ়াশুনাতো আছিল কেঁচা। ১৬ বছৰ বয়সত জুৰিখৰ চুইচ ফেডাৰেল পলিটেকনিক স্কুলৰ নামভর্তিৰ বাচনি পৰীক্ষাতো তেওঁ শোচনীয় ভাবে ফেইল কৰিছিল।

কলেজত পঢ়াৰ সময়ত পাঠ্যক্ৰমৰ বিষয়বস্তুবোৰ তেওঁ ভালদৰে আয়ত্ত কৰিব পৰা নাছিল। আনকি একাধিকবাৰ তেওঁ পঢ়াশুনা বাদ দিয়াৰ কথাও চিন্তা কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ দেউতাকে আক্ষেপ কৰিছিল যে তেওঁৰ পুত্ৰক তেওঁৰ জীৱিত কালত কোনো কামতেই উপযুক্ত হোৱা দেখা নেপালে। কোনো কাম নোপোৱাৰ বাবে তেওঁ বাধ্য হৈ বীমা কোম্পানীৰ এজেণ্ট হিচাবে কৰ্মজীৱনৰ আৰম্ভণি কৰিব লগা হৈছিল। ২ বছৰ বীমা কোম্পানীৰ কাম কৰাৰ পিছত তেওঁ পেটেণ্ট অফিচত কেৰাণীৰ চাকৰি কৰিছিল।

কিন্তু পৰবৰ্তী সময়ত এই মানুহজনেই বিজ্ঞানৰ ধাৰণাকেই সলনি কৰি পেলাইছিল। তথাকথিত কেঁচা মগজুৰ ছাত্ৰজনেই পদার্থ বিজ্ঞানৰ জগতখনলৈ কেইবাটিও মূল সূত্রৰ অৱদান দিছিল। বিজ্ঞানৰ জগতলৈ তেওঁৰ এই মহান অৱদানৰ বাবেই তেওঁক নোবেল বঁটাৰে সন্মানীত কৰা হৈছিল।


১৮৮৯ চনৰ ১৬ এপ্রিলত ইংলেণ্ডৰ দক্ষিণ লণ্ডনস্থিত ওৱেলৱর্থৰ বার্লে ষ্ট্ৰিটত তেওঁৰ জন্ম। তেওঁৰ দেউতাকৰ নাম চার্লচ চেপলিন আৰু মাতৃৰ নাম হান্না চেপলিন। মাক দেউতাক দুয়োজনেই বিনোদন জগতৰ শিল্পী আছিল যদিও পিতৃ চার্লচ চেপলিন অত্যন্ত মদাহী ব্যক্তি আছিল। সৰু সুৰা কথাতেই চার্লচে চেপলিনৰ মাতৃ হান্নাৰ লগত কাজিয়া পেচাল কৰি অত্যাচাৰ কৰিছিল। কমদিনৰ ভিতৰতেই চার্লচ চেপলিনে হান্না আৰু তেওঁৰ দুই সন্তানক এৰি আঁতৰি গৈছিল। তাৰপিছৰ পৰাই আৰম্ভ হৈছিল চাৰ্লি চেপলিনৰ আৰু তেওঁৰ মাতৃ হান্নাৰ দুখৰ অধ্যায়।

খাই বৈ জীয়াই থকাৰ তাড়নাত চার্লিৰ মাকে দুই সন্তানক লৈ দক্ষিণ লণ্ডনৰ বিভিন্ন লোকৰ ঘৰত ভাৰাতীয়া হিচাবে বাস কৰিছিল যদিও ভাৰা ঠিক মতে দিব নোৱাৰা বাবে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। পেটৰ ভাত মুঠিৰ বাবে হান্নাই অতি সামান্য মাননিৰ বিনিময়ত থিয়েটাৰত অস্থায়ী শিল্পী হিচাবে গান গাইছিল। নিশাটো কটাবলৈ তেওঁলোক গৈছিল লণ্ডনৰ বিভিন্ন পার্কলৈ। পাৰ্কৰ বেঞ্চত শুয়েই পাৰ কৰিছিল বহুতো দুখৰ ৰাতি।

চার্লিৰ বয়স তেতিয়া মাথোন পাচ বছৰ। মাক হান্নাই আনদিনাৰ দৰেই মঞ্চত গীত পৰিবেশন কৰি আছিল। যোৱা দুদিনমান ধৰি তেওঁৰ অসুখ। গীত পৰিবেশনত যথেষ্ঠ কষ্ট হোৱা স্বত্তেও লৰাদুটাৰ ভোক নিবাৰণৰ বাবে তেওঁ গান গাবই লাগিব। কিন্তু…… কিন্তু আজি তেওঁ যেন অপাৰগ। হান্নাৰ মাতটো সম্পূৰ্ণ বহি গ'ল। গীতটো আধাতে সামৰি তেওঁ চকুলো টুকি মঞ্চৰ পৰা নামি আহিল। দৰ্শকৰ হাঁহি আৰু তাচ্ছিল্যই চাৰ্লিক ব্যাথিত কৰি তোলে।মাকৰ দুৰাৱস্থা দেখি পাচ বছৰীয়া চাৰ্লিয়ে মঞ্চলৈ উঠি আহি গাবলৈ ধৰিলে মাকৰ মুখৰ আধৰুৱা গীতটি - "জেক জোনচ ৱেলনৌন টু এভৰি বডি…"

চার্লিৰ গীতে দর্শকক মুগ্ধ কৰি তোলে। হাত চাপৰিৰে তেওঁলোকে চাৰ্লিক উৎসাহিত কৰি আৰু এটি গীতৰ বাবে অনুৰোধ কৰে। চার্লিয়ে মুখেৰে বিভিন্ন ভংগীমা কৰি ক'বলৈ ধৰিলে : মই এতিয়া গান নেগাও। প্ৰথমে পইচাবোৰ বুটলি লও। তাৰ পিছত মই আকৌ গীত গাম। এইবুলি কৈ চাৰ্লিয়ে দৰ্শকে মঞ্চলৈ দলিওৱা পইচাবোৰ বুটলিবলৈ ধৰিলে।

ইয়াৰ পৰবৰ্তী পৰ্যায়ত জীয়াই থকাৰ বাবে চার্লি চেপলিনে প্রথমে এজন মুচিৰ দোকানত কাম কৰিছিল। তাৰপিছত এখন চিকিৎসালয়ত চাফচিকুনতা ৰক্ষাকাৰী সাধাৰণ কৰ্মচাৰী হিচাবে নিয়োজিত হয়। পিছে ইয়াতো সৰহ দিন কাম কৰিবলৈ নেপালে তেওঁ।এইবাৰ এজন মানুহৰ ঘৰত লগুৱা হিচাবে বাচন বৰ্তন ধোৱা কামত ব্ৰতী হয় তেওঁ। তাৰপিছত পৰ্যায়ক্ৰমে চাৰ্লিয়ে কাঁচৰ কাৰষাণা, ৰঙৰ দোকান, লোহাৰ দোকান, ছাপাশাল আদিত কাম কৰাৰ উপৰিওঁ বাতৰি কাগজো বিক্রী কৰিবলগীয়া হৈছিল। সেই সময়ত চার্লি আৰু তেওঁৰ পৰিয়ালৰ অর্থনৈতিক অৱস্থা ইমানেই বেয়া আছিল যে তেওঁলোকে পেলনীয়া খাদ্যৰেও ভোক নিবাৰণ কৰিবলগীয়া হৈছিল।

মাক হান্নাৰ হাতত ধৰিয়েই চার্লি অভিনয় জগতলৈ আহিল। দুই এটা সৰু সুৰা অভিনয়েৰে সামান্য উপাৰ্জন চলি আছিল। তেনে সময়তেই চার্লিৰ মাতৃ হান্না অসুস্থ হৈ পৰে। মাতৃৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱত চার্লিয়ে সেই সময়ত লণ্ডনৰ বিভিন্ন বাৰবোৰত নাচি টকা উপার্জন কৰিবলগীয়া হৈছিল। ইপিনে অপুষ্টিজনিত ৰোগে চার্লিৰ মাতৃ হান্নাক ভাৰাক্ৰান্ত কৰি পেলাইছিল। আৰ্থিক ভাবে জুৰুলা চাৰ্লিয়ে উপায় নেপায় মাকক এটি আশ্রয় কেন্দ্রলৈ লৈ যায়। এই আশ্ৰয় কেন্দ্ৰতেই চাৰ্লিৰ মাকৰ পৰলোক প্ৰাপ্তি হয়।

১৮৯৮ চনত মাত্ৰ ৯ বছৰ বয়সতে চার্লিয়ে এটি নৃত্য দলত যোগদান কৰে। এই দলটোৰ লগত ঘূৰি বিভিন্ন স্থানত নাচ গান কৰি কোনোমতে দুবেলা দুসাজ খাই তেওঁ জীয়াই আছিল। পৰবৰ্তী সময়ত তেওঁ যুক্ত হৈ পৰে এটি কৌতুক গোষ্ঠীৰ লগত। ইয়াত তেওঁ কৌতুক অভিনয়ৰ উপৰিও মূকাভিনয়ো কৰিবলৈ লয়। দৰ্শকে তেওঁৰ মূকাভিনয় বৰ ভাল পাবলৈ ধৰিলে। লাহে লাহে তেওঁৰ হাতলৈ ধন আহিব ধৰিলে।

সেয়া ১৯১৩ চন। ২৪ বছৰীয়া চার্লি ইংলেণ্ড এৰি আমেৰিকা পালেগৈ। সেই বছৰেই নিউইর্য়ক মোচন কোম্পানীয়ে সপ্তাহত ১৫০ ডলাৰৰ বিনিময়ত চার্লিক চুক্তিবদ্ধ কৰে। লাহে লাহে চাৰ্লিৰ ভাগ্য উদয় হ'বলৈ ধৰে। পৰবৰ্তী বছৰত চাৰ্লিৰ কেইবাখনো ছবি মুক্তি পায়। ৰাতিটোৰ ভিতৰতেই চাৰ্লি পৰিচিত হৈ পৰে চৌদিশে। ১৯১৮ চনৰ পৰা ১৯২৩ চনলৈ পুনৰ ৯ খন চলচিত্রই তেওঁৰ জনপ্ৰিয়তাক সাৰ্বজনীন কৰি তোলে। ১৯২৫ চনত তেওঁ নিজে প্ৰযোজনা কৰা চলচিত্ৰৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় "একাডেমী এৱার্ড"। ১৯৩৬ চনত মুক্তি পায় তেওঁৰ অন্যতম জনপ্ৰিয় ছবি "মর্ডান টাইমচ" আৰু ১৯৫২ চনত মুক্তি পায় "লাইম লাইট" নামৰ তেওঁৰ আত্মজীবনীমূলক ছবিখন। এই ছবিখনৰ মাধ্যমেৰে পৃথিৱীৰ সকলো দর্শকে জানিবলৈ পায় অগণন মানুহৰ মুখত হাঁহি বিৰিঙাই সকলোৰে অলক্ষিতে চকুলো টোকা চাৰ্লি চেপলিনৰ দুখময় তথা সংগ্ৰামী শৈশৱ আৰু যৌৱনৰ সেই দিনবোৰৰ কথা।

পুনশ্চ : জীৱনত কিবা এটা কৰিবলৈ বা কিবা এটা পাবলৈ হলে সপোন দেখিবলৈ শিকিব লাগিব। বিল গেইটচ্, মার্ক জুকাৰবার্গ আৰু ষ্টিভ জবচ – এই তিনিওজনৰ মাজত এটা মিল আছে। কি জানেনে? তেওঁলোক তিনিওজনেই ইউনিভাৰ্চিটি "ড্রপ আউট" স্টুডেণ্ট! জুকাৰবাৰ্গৰ বাৰু এটা বেচ্ছেল'ৰ ডিগ্রী আছেই, কিন্তু আন দুজনৰ সেয়াও নাই! শিক্ষাৰ্থী হিচাবে চূড়ান্তভাবে ব্যৰ্থ এই তিনিও জনৰেই কিন্তু আছিল ব্যৰ্থতাক ভৰিৰে মোহাৰি সফলতাৰ পিছত দৌৰাৰ একোটিকৈ দুৰন্ত সপোন আৰু সপোনক বাস্তৱত ৰূপ দিয়াৰ মানসিক দৃঢ়তা।

এণ্ড্ৰু কার্নেগী আছিল অতি গৰীব ঘৰৰ সন্তান। তেওঁ এটি সাধাৰণ কাৰখানাত মজদুৰ হিচাবে কাম আৰম্ভ কৰিছিল আৰু তাৰপৰাই পৰৱৰ্তী সময়ত তেওঁ নিজকে আমেৰিকাৰ অন্যতম শ্রেষ্ঠ ধনী ব্যক্তি হিচাবে প্ৰতিষ্ঠা কৰিছিল। হলিউডৰ বিখ্যাত অভিনেতা ব্রেড পিটে জীৱনৰ আৰম্ভণিতে এখন ৰেষ্টোৰেণ্টত "ৱেইটাৰ" হিচাবে কাম কৰিছিল। দুভৰিৰ যাদুৰে বিশ্বপ্ৰসিদ্ধ ফুটবলাৰ লিওনেল মেচিয়েও ফুটবলৰ প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰিবলৈ চাহৰ দোকানত কাম কৰিছিল।

বিজ্ঞানী টমাচ এলভা এডিচনক ছাত্ৰাৱস্থাত "ঘোলা কণী" বুলি শিক্ষকে উপহাস কৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰেল ষ্টেচনত বাতৰি কাকত বিক্ৰী কৰি পেটৰ ভোক নিবাৰণ কৰিবলগীয়া হৈছিল। কিন্তু পিছলৈ এইজন টমাচ এলভা এডিচনেই বৈদ্যুতিক বাল্বৰ পৰা আৰম্ভ কৰি একাধিক আৱিষ্কাৰেৰে এজন বিশ্ববিখ্যাত বিজ্ঞানীলৈ পৰিণত হৈছিল।

প্রতিজন মানুহৰ জীৱনতেই ব্যর্থতা আহে। কোনো সপোনেই এবাৰতেই পূৰণ নহয়। এয়া জীৱনৰেই এটা অংশ। পৃথিবীত অসাধাৰণ সাফল্য সেই সকল মানুহেই অর্জন কৰিছে, যিসকলে বাৰে বাৰে ব্যর্থ হোৱাৰ পিছতো চেষ্টা অব্যাহত ৰাখিছে। এবাৰ ব্যর্থ হোৱাৰ পিছত তেওঁলোকে ভুলৰ পৰা শিক্ষা লৈছে আৰু পৰবৰ্তী প্ৰচেষ্টাত তাক শুধৰাই লৈছে। তেওঁলোকেই এদিন সফলতাৰ শিখৰত আৰোহণ কৰিছে, সলনি কৰি দিছে পৃথিবীৰ ইতিহাস। তেওঁলোক আমাৰ আৰু আমাৰ উত্তৰ পুৰুষসকলৰ বাবে একোজন আদৰ্শ, একোটোকৈ অনুপ্ৰেৰণা।
 

Saturday 4 April 2020

মঙ্গল গ্ৰহৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত


সূৰ্যোদয় আৰু সূর্যাস্তৰ সময়ত পৃথিৱীৰ আকাশ হেঙুলীয়া হয়। সুৰুযটো ৰঙাকৈ জিলিকি উঠে। দুৰ দিগন্তলৈ আকাশত সানি দিয়ে সোণালী হেঙুলীয়া মুঠি মুঠি ৰং। পৃথিৱীৰ আকাশত সূৰ্যোদয় আৰু সূর্যাস্তই সৃষ্টি কৰে একোটি মায়াময় পৰিবেশৰ। কিন্তু আমাৰ সৌৰজাগতিক প্রতিবেশী গ্রহ মঙ্গলৰ বুকুৰ পৰা সূৰ্যোদয় আৰু সূর্যাস্ত দেখাত বাৰু কেনে হ'ব পাৰে?

মঙ্গল এটি ৰঙচুৱা গ্রহ। ইয়াৰ কাৰণ হ'ল মঙ্গল গ্ৰহৰ শিল আৰু মাটিত যথেষ্ঠ পৰিমানে লো, ক্ল'ৰিণ আৰু ছালফাৰ আছে। মঙ্গল গ্ৰহৰ কাৰ্বন ডাইঅক্সাইডেৰে ভৰা বায়ুমণ্ডলৰ প্ৰভাৱত মঙ্গলৰ বুকুত থকা এই শিলাখণ্ডবোৰ যুগ যুগ ধৰি ক্ষয়প্রাপ্ত হৈ আহি ক্ষূদ্ৰ ক্ষূদ্ৰ ধূলিকণালৈ পৰিবৰ্তিত হৈছে। এই ধূলিকণাবোৰৰ ৰং ৰঙা। তদুপৰি মাটিত যথেষ্ঠ পৰিমাণৰ আইৰণ বা লৌহ জাতীয় যৌগ থকা বাবে মঙ্গল গ্রহৰ মাটিও ৰঙচুৱা। মঙ্গলৰ বায়ুমণ্ডলৰ ৰঙচুৱা ধূলিকণা আৰু ৰঙচুৱা মাটিৰ বাবেই পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙচুৱা দেখো।

কিন্তু আচৰিত এয়ে যে ৰঙচুৱা মঙ্গল গ্ৰহত সূৰ্যোদয় আৰু সূর্যাস্তৰ সময়ত কিন্তু সূৰ্যটো হেঙুলীয়া বৰণৰ সলনি নীলা দেখা যায়। আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ গৱেষণা সংস্থা নাছাই মঙ্গল গ্ৰহলৈ পঠিওৱা মহাকাশ যান কিউৰিওছিটিৰ লগত যোৱা ৰোবটটোৱে ২০১৫ চনৰ এপ্ৰিল মাহত মঙ্গল গ্রহৰ বুকুৰ পৰা প্রথমবাৰৰ বাবে মঙ্গলৰ বুকুৰ পৰা পৃথকে পৃথকে সূৰ্যোদয় আৰু সূর্যাস্তৰ ৰঙীণ ছবি তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। নাছাৰ বিজ্ঞানী সকলে সেই ছৱিৰ বিশ্লেষণ কৰি জানিবলৈ দিছে যে মঙ্গল গ্রহৰ সূৰ্যোদয় আৰু সূর্যাস্তৰ ৰং নীলা।

নাছাই মঙ্গল গ্ৰহলৈ প্ৰেৰণ কৰা কিউৰিওছিটি ৰোভাৰত থকা ৰোবটটোৱে মঙ্গল গ্রহৰ এটি বৃহৎ খাদ ‘'গেল ক্রেটাৰ''ৰ সমীপৰ পৰা তোলা বিশেষ ছৱিখনত মঙ্গলৰ আকাশৰ নীলাভ দৃশ্য বন্দী হৈছে। দেখাত এখন সৰু গাড়ীৰ দৰে এই স্বয়ংক্রিয় ৰোবটটো ২০১২ চনৰ ০৬ আগষ্টত মঙ্গলৰ বুকুত অবতৰণ কৰে। অৱতৰণৰ প্রায় এহেজাৰ দিন পিছত ৰোবটটো "গেল ক্রেটাৰ"ৰ ওচৰত থমকি ৰয়হি আৰু তাৰ পৰাই সংগ্ৰহ কৰে মঙ্গল গ্ৰহৰ সূৰ্যাস্তৰ ছৱিখন।

নাছাৰ বিজ্ঞানী সকলৰ মতে মঙ্গল গ্ৰহৰ বুকুত থকা ক্ষূদ্ৰ ক্ষূদ্ৰ ৰঙচুৱা ধূলিকণাবোৰ গ্ৰহটোৰ বায়ুমণ্ডলত মিহলি হৈ পৰে। মঙ্গল গ্ৰহৰ ধূলিকণাবোৰ পৃথিৱীৰ ধূলিকণাতকৈ বেছি ক্ষুক্ষ্ম আৰু স্বচ্ছ। উদিত বা অস্তগামী সূৰ্যৰ পোহৰ মঙ্গলৰ বায়ুমণ্ডলত থকা ধূলিকণাবোৰৰ মাজেৰে পাৰ হৈ আহোতে পোহৰৰ বিচ্ছুৰণ ঘটি সূৰ্যৰ সাতটা ৰঙৰ ভিতৰত কেৱল নীলা ৰঙটোহে মঙ্গলৰ পৃষ্ঠত পৰেহি। আৰু সেইবাবেই মঙ্গল গ্ৰহৰ দিগন্তত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ বৰণ নীলা।