Wednesday 29 April 2020

সুৰুজৰ বুকুৰ বৰষুণ এজাক


বৰষুণ শব্দটোৰ মাজত লুকাই থাকে এক সুকীয়া মাদকতা। আকাশৰ বুকুৰ পৰা টোপা টোপে নামি অহা বৰষুণৰ টোপালবোৰে শুকান ধৰাৰ বুকুত জীৱনৰ ছৱি আঁকে। বৰষুণক লৈ কবিয়ে কবিতা ৰচে, চিত্ৰশিল্পীৰ তুলিকাত বৰষুণৰ টোপালে কথা কয়। টোপা টোপে সৰি পৰা বৰষুণৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ বাবে প্ৰিয়জনৰ সতে একান্তভাবে বৰষুণত অলপ তিতাৰ আমেজ লোৱাৰ মাদকতাই সুকীয়া।

সাধাৰণভাবে ক'বলৈ হ'লে, ভূপৃষ্ঠৰ পানী সুৰুজৰ তাপত বাষ্পীভূত হৈ আকাশৰ মেঘলৈ পৰিণত হোৱাৰ পিছত ঘণীভৱনৰ প্ৰক্ৰিয়াৰে বৰষুণ ৰূপে পুনৰ ভূপৃষ্ঠলৈ আপতিত হয়। কিন্তু এবাৰ চিন্তা কৰকচোন, প্রায় ৪০ হাজাৰ ডিগ্রী ছেলছিয়াচ উষ্ণতাৰ কোনো  স্থানত বাৰু এজাক বৰষুণ সম্ভৱ নে? হয়, থিকেই ভাবিছে, আমি সূর্যৰ কথাই ক'বলৈ ওলাইছো। সূৰ্যৰ বুকুত জানো পানী আছে? তেন্তে কিদৰে বাৰু সম্ভৱ হ'ব পাৰে সুৰুজৰ বুকুত সপোনৰ বৰষুণ এজাক?

মূলত হাইড্ৰ'জেন আৰু হিলিয়াম গেছেৰে পৰিপূৰ্ণ হৈ থকা আমাৰ সূর্যটো হ'ল সৌৰজগতৰ সবাতোকৈ বিশাল গোলাকাৰ মহাজাগতিক পদাৰ্থ। সূৰ্যৰ আভ্যন্তৰত অবিৰাম ভাবে সংঘটিত হৈ থকা ফিউচন বা নিউক্লীয় সংযোজন বিক্রিয়াৰ ফলত হাইড্র'জেন পৰমাণুবোৰ ক্ৰমে হিলিয়ামলৈ ৰূপান্তৰ হৈ আছে। যাৰ ফলত সূৰ্যৰ কেন্দ্ৰভাগত সৃষ্টি হৈছে অত্যাধিক তাপশক্তি। এই তাপশক্তিয়ে সূৰ্যৰ বুকুত থকা সকলোবোৰ গেছকেই প্লাজমা অৱস্থালৈ পৰিণত কৰিছে। প্লাজমা হ'ল আয়নিত অৱস্থাত থকা অতি উত্তপ্ত মুক্ত গেছ। যিহেতু প্লাজমাবোৰ আয়নিত গেছ, সেয়ে সূর্যৰ অতি শক্তিশালী চুম্বকীয় ক্ষেত্ৰখনে প্লাজমা গেছসমূহক যথেষ্ঠ ভাৱে প্রভাবিত কৰে। আয়নিত প্লাজমা গেছবোৰৰ অত্যাধিক তাপমাত্রাৰ বাবে প্লাজমা গেছৰ ঘনত্বও অতি নগণ্য আৰু তাৰ ফল স্বৰূপে এই প্লাজমা গেছসমূহ সূর্যপৃষ্ঠৰ পৰা যথেষ্ঠ ওপৰতেই অৱস্থান কৰে।

এই গেছবোৰ কিন্তু সূৰ্যপৃষ্ঠৰ উপৰিভাগত থিৰে থাকিব নোৱাৰে। কাৰণ সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰৰ লগতে সূৰ্যৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত এই প্লাজমা গেছসমূহ সূৰ্যৰ বুকুলৈ আকৰ্ষিত হয়। সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰত থকা এই প্লাজমা গেছৰ অৱস্থানো সূর্যপৃষ্ঠৰ পৰা বহুত ওপৰত হোৱা বাবে সেই স্থানত তাপমাত্রাও যথেষ্ঠ কম। ফলত আপেক্ষিক ভাবে শীতল এই প্লাজমা গেছবোৰ পুণৰায় সূর্যৰ পৃষ্ঠলৈ নামি আহে যেন সুৰুজৰ বুকুত প্লাজমা গেছৰ এজাক বৰষুণহে ! আনহাতে সূৰ্যৰ পৃষ্ঠত পৰাৰ লগে লগেই পুনৰ উত্তপ্ত হৈ তড়িৎ গতিত ওপৰলৈ উঠি যায়। এনেদৰেই সূৰ্যৰ বুকুত অবিৰত ভাবে প্লাজমা গেছৰ বৰষুণ হয়। 

নাছাৰ গৱেষক বিজ্ঞানী এমিলি মেছনে (Emily Mason) সর্বপ্রথম এই পৰিঘটনাটো লক্ষ্য কৰিছিল। তেখেতৰ মতে, সূর্যৰ অভ্যন্তৰত কেইবা মিলিয়ন ডিগ্রী তাপমাত্রা থাকিলেও সূৰ্যৰ মেগনেটিক ফিল্ড বা চুম্বকীয় ক্ষেত্ৰত তাপমাত্রা ছয় হাজাৰ ডিগ্রী মানহে। ফলত সূৰ্যৰ ফিউচন বিক্রিয়াত উৎপন্ন হোৱা তাপশক্তিৰ এনট্ৰপিৰ সঘন পৰিবর্তন হৈ থাকে। তাৰ ফলশ্ৰুতিত সূৰ্যৰ পৃষ্ঠখন সদায় অশান্ত আৰু অনবৰত প্লাজমাৰ অতি উত্তপ্ত গেছীয় বৰষুণ এজাকে সুৰুজক সদায়ে বুৰাই ৰাখে।

No comments:

Post a Comment