Sunday 17 December 2017

জয় আলোকময়, অনাদি অনন্ত প্ৰসাৰি


ঘৰৰ চৌহদটি শুৱনিকৈ ৰাখিবলৈ আমি বহুতেই টাবত বিভিন্ন ধৰণৰ ফুল গছ ৰোপন কৰো। আনকি বহুতে ঘৰৰ ভিতৰতো বিশেষ কেতবোৰ গছ টাবত ৰোপন কৰি সজাই ৰাখে। কিন্তু আমি কেতিয়াও পোহৰৰ উৎস হিচাবে গছপুলি ঘৰৰ চৌহদত অথবা ঘৰৰ ভিতৰত ৰোপন কৰা নাই। পিছে সাম্প্ৰতিক সময়চোৱাৰ বৈজ্ঞানিক সকলে এনেধৰণৰ চিন্তা কৰিয়েই উদ্ভাৱন কৰি উলিয়াইছে কেতবোৰ বিশেষ উদ্ভিদ, যিবোৰে আপোনাৰ বা মোৰ ঘৰৰ এচুকত থাকি ঘৰটোৰ শোভা বৰ্ধনৰ লগতে নিশাৰ ভাগত আমাৰ বাবে প্ৰয়োজনীয় পোহৰৰ যোগানো ধৰিব !


কেমব্ৰীজৰ মাচাচুচেটচ্ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত Massachusetts Institute of Technology বা চমুকৈ MITৰ গৱেষক বিজ্ঞানী সকলে সম্প্ৰতি জিনীয় অভিযন্ত্ৰণ আৰু নেনো বিজ্ঞানৰ আধাৰত এবিধ বিশেষ ধৰণৰ উদ্ভিদ সৃষ্টি কৰিছে যিয়ে অন্ধকাৰৰ মাজত পোহৰ বিলাই সৃষ্টি কৰিব পাৰে মায়াময় এক আলোকময় পৰিবেশৰ।

অলপতে MITৰ নিজস্ব Science Journal "The Nano Letters"ত গৱেষক বিজ্ঞানীসকলে প্ৰকাশ কৰা গৱেষণা পত্ৰত এই বিষয়ে বিতং তথ্য প্ৰকাশ পাইছে। গৱেষণা গ্ৰন্থৰ তথ্য অনুসৰি বিজ্ঞানীসকলে এই কামটো কৰিবলৈ জোনাকী পৰুৱাৰ পোহৰ বিলাব পৰা বিশেষ জৈৱ ৰসায়নিক প্ৰক্ৰিয়াটোৰ অনুকৰণ কৰি এজোপা বিশেষ উদ্ভিদক জোনাকী পৰুৱাৰ দৰেই পোহৰ বিলাব পৰা ক্ষমতা প্ৰদান কৰিছে। 

জোনাকী পৰুৱাই পোহৰ বিলোৱাৰ বাবে লুচিফেৰেজ নামৰ এবিধ উৎসেচকৰ দ্বাৰা লুচিফেৰিন নামৰ এটা এটি যৌগক ৰসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰোৱাই পোহৰ সৃষ্টি কৰে। গৱেষণাৰ কালচোৱাত বিজ্ঞানীৰ দলটোৱে সেই বিশেষ ৰসায়নিক দ্ৰব্য দুবিধ - লুচিফেৰিন আৰু লুচিফেৰেজক আন এটা সহ-উৎসেচকৰ লগত ব্যৱহাৰ কৰি এই মিশ্ৰনটো বিশেষ ধৰণৰ নেন' কণিকাৰ মাজত আৱদ্ধ কৰি এক ধৰণৰ দ্ৰৱত দ্ৰৱীভূত কৰি ৰাখে। এতিয়া বিশেষ ধৰণৰ এবিধ উদ্ভিদ এই দ্ৰৱটোত ডুবাই ৰাখি নিৰ্দিষ্ট পৰিমানৰ চাপ আৰু উত্তাপ প্ৰয়োগ কৰি দেখিলে যে নেন' কণিকাৰ লগতে লুচিফেৰিন আৰু লুচিফেৰেজৰ মিশ্ৰনটো উদ্ভিদজোপাই শোষণ কৰি লৈছে আৰু এই সমস্ত পদাৰ্থবোৰ উদ্ভিদজোপাৰ পাতলৈ প্ৰবাহিত হৈছে। পৰবৰ্তী সময়চোৱাত উদ্ভিদজোপাৰ পাতৰ ভিতৰত লুচিফেৰিন আৰু লুচিফেৰেজৰ বিক্ৰিয়া সংঘটিত হৈ পাতবোৰৰ পৰা নিৰবচিন্ন ভাবে পোহৰ নিৰ্গত হ'বলৈ ধৰে।

বিজ্ঞানী সকলৰ মতে এই ধৰণৰ পোহৰ বিলাব পৰা উদ্ভিদ সৃষ্টি কৰি ভৱিষ্যতে আমি ৰাষ্টা-ঘাট, দোকান-বজাৰৰ লগতে আমাৰ ঘৰবোৰো উজ্বলাই তুলিব পাৰিম। তেতিয়া আমাক বিজুলী চাকিৰ প্ৰয়োজন নহ'ব। অৱশ্যে, প্ৰাথমিক ভাবে সৃষ্টি কৰা এনে পোহৰ বিলোৱা গছবোৰে প্ৰায় এঘণ্টা মানহে পোহৰ বিলাব পাৰে কাৰণ পাতৰ ভিতৰৰ লুচিফেৰিন আৰু লুচিফেৰেজবোৰ বিক্ৰিয়াৰ শেষত ধ্বংস হৈ যায়। পুনৰ এই গছবোৰ বিশেষ ধৰণৰ দ্ৰৱটোত ডুবাই ৰাখিলে কাৰ্যক্ষম হৈ উঠে। সেয়েহে বিজ্ঞানী সকলে এইবাৰ জিনীয় অভিযন্ত্ৰনৰ সহায়ত জোনাকী পৰুৱাৰ ডি.এন.এ.ৰ পৰা লুচিফেৰিন আৰু লুচিফেৰেজ সৃষ্টি কৰিব পৰা জিনৰ অংশবোৰ কাটি আনি উদ্ভিদৰ দেহত সংস্থাপন কৰাৰ দিশত আগবাঢ়িছে। হয়তো খুব কম দিনৰ ভিতৰতেই বিজ্ঞানী সকলে জিনৰ এই স্থানান্তৰণ সুকলমে সম্পন্ন কৰি তুলিব আৰু আপোনাৰ বা আমাৰ ঘৰৰ এচুকত থাকি টাবত লহপহকৈ বাঢ়ি অহা গছবোৰে পোহৰৰ মেলা পাতিব।