Tuesday 2 October 2018

সৌৰজগতৰ বিক্ষিপ্ত বৰষুণ এজাক



"হে আকাশ…
মই তোমাৰ প্ৰেমত পৰিছোঁ।
বিষণ্ণ গধুলিবোৰত 
মোৰ বুকুৰ সেউজ উপত্যকালৈ 
তুমিয়েইতো নামি আহা
এজাক বৰষুণ হৈ……"

বৰষুণ - শব্দটোৱেই এক মাদকতা কঢ়িয়াই লৈ ফুৰে। এই বৰষুণক লৈ কবিয়ে কবিতা ৰচে, গৰমত আতুৰ হৈ পৰা পথিকে বৰষুণত তিতি আত্মহাৰা হয়। পথাৰখন শইছেৰে নদন বদন কৰা বৰষুণজাক নাহিলে ভেঁকুলীৰ বিয়া পতা সেই দিনবোৰলৈ মনত নপৰেনে বাৰু ? এৰা, বৰষুণ এক নষ্টালজিয়া।

কিন্তু সৌৰজগতৰ আন গ্ৰহৰ বুকুত বা অজানতিমুলুকৰ কোনোবা অন্য গ্ৰহৰ বুকুত আহেনে হেপাহৰ বৰষুণ এজাক ? আমাৰ বিজ্ঞানী সকলৰ মতে পৃথিৱীৰ বাহিৰেও আন গ্ৰহতো বৰষুণ হয় ! বিশ্বাস কৰকেই বা নকৰক বৃহস্পতি আৰু শনিগ্ৰহৰ বুকুত বৰষুণত টোপাটোপে সৰে হীৰাৰ টুকুৰা ! বৃহস্পতিৰ অশান্ত বায়ুমণ্ডলৰ মিথেন গেছ কাৰ্বনলৈ সলনি হয়। এই কাৰ্বন পৰমাণুবোৰ বায়ুমণ্ডলত ক্ৰমে গ্ৰেফাইটলৈ আৰু পিছত গ্ৰেফাইটৰ চাপ বৃদ্ধি হৈ হীৰালৈ পৰিবৰ্তিত হয়। এই হীৰাৰ টুকুৰাবোৰ পৰবৰ্তী সময়ত বৰষুণৰ ৰূপত সৰি পৰে। শনি আৰু বৃহস্পতি গ্ৰহৰ উপৰিও ইউৰেনাচ আৰু নেপচুন গ্ৰহটো হীৰাৰ বৰষুণ হয়।

শুক্ৰ গ্ৰহৰ বুকুতো বৰষুণ হয়। শুক্ৰৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পই ছালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এচিদ সৃষ্টি কৰে আৰু বৰষুণ ৰূপে সৰি পৰে। শুক্ৰগ্ৰহ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত আৰু গ্ৰহটোৰ বুকুত সৰি পৰা বৰষুণত থকা লেড (সীহ) আৰু ছালফাৰে শুক্ৰগ্ৰহত এক নৰক সদৃশ পৰিবেশৰ সৃষ্টি কৰি ভৱিষ্যতে মানুহৰ উপস্থিতি বা অৱতৰণৰ বাবে গ্ৰহটোক অনুপযোগী কৰি তুলিছে।

কেচিনি মহাকাশ যানে প্ৰেৰণ কৰা তথ্য অনুসৰি শনি গ্ৰহৰ উপগ্ৰহ টাইটানত তৰল মিথেন গেছৰ বৰষুণ হয় আৰু বৰষুণত নামি অহা তৰল মিথেন গেছবোৰে টাইটানৰ বুকুত মিথেনৰ মহাসাগৰ সৃষ্টি কৰিছে।

পৃথিৱীৰ পৰা প্ৰায় ৬৩ আলোকবৰ্ষ দূৰৰ এটা নীলাভ গ্ৰহ। গ্ৰহটোৰ নাম HD189733b। ইয়াৰ উষ্ণতা প্ৰায় ১০০০ ডিগ্ৰী ছেণ্টিগ্ৰেড।  HD189733b নামৰ সৌৰজগতৰ বাহিৰৰ এই গ্ৰহটোৰ বুকুত নামি অহা বৰষুণত সৰে কেবল আইনাৰ টুকুৰা। আনহাতে COROT-7b নামৰ বহিৰ্বিশ্বৰ শিলাময় গ্ৰহটোৰ বুকুত বৰষুণত সৰি পৰে কঠিন শিলৰ অজস্ৰ টুকুৰা !!!

২০০৩ চনত আৱিষ্কাৰ হোৱা ভিন্ন গ্ৰহ OGLE-TR-56b বৰ্তমানলৈ  আৱিষ্কৃত গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ দূৰৰ গ্ৰহ। বিজ্ঞানীসকলৰ মতে আইৰণ অক্সাইডেৰে পূৰ্ণ এই গ্ৰহটোৰ উষ্ণতা প্ৰায় ২০০০-২৫০০ ডিগ্ৰী ছেণ্টিগ্ৰেড। এই উষ্ণতাত গ্ৰহটোৰ পৃষ্ঠৰ পৰা লো বাষ্পীভূত হৈ গ্ৰহটোৰ পৃষ্ঠৰ পৰা সামান্য উচ্চতাত লোৰ ডাৱৰ সৃষ্টি কৰে আৰু পৰবৰ্তী সময়ত OGLE-TR-56b নামৰ গ্ৰহটোৰ বুকুলৈ নামি আহে লোৰ এজাক গধুৰ বৰষুণ !!!

No comments:

Post a Comment