Tuesday 9 February 2016

পৰ্যাবৃত্ত তালিকাৰ জনক: ডেমিট্ৰি মেণ্ডেলিভ


ছোভিয়েট ৰাছিয়াৰ ছাইবেৰিয়া প্ৰদেশত এজন শিক্ষকৰ ঘৰত 1834 চনৰ 8 ফেব্ৰুৱাৰীত এটি দেৱ শিশুৰ জন্ম হয়। পিতৃ-মাতৃয়ে মৰমতে নাম ৰাখিলে ডেমিট্ৰি। ডেমিট্ৰি মেণ্ডেলিভ। ঘৰৰ ওচৰৰে বিদ্যালয় এখনত মেণ্ডেলিভে আৰম্ভ কৰিলে আনুষ্ঠানিক শিক্ষা। দিনবোৰ ভালেই পাৰ হৈছিল। দেউতাকৰ এটা গ্লাছ ফেক্টৰীও আছিল। পিছে ব্যৱসায় বৰ ভাল নোহোৱা বাবে দেউতাকে ফেক্টৰীটো বন্ধ কৰাৰ সিদ্ধান্ত ল'লে। নিয়তিয়ে যেন কিবা এটা কুটিল হাঁহি মাৰিলে- কিছুদিনৰ পিছতেই ডেমিট্ৰিৰ পিতৃ এটা দুৰ্ঘটনাত পতিত হৈ অন্ধ হৈ পৰিল। শিক্ষকতাৰ চাকৰিটোও তেওঁ এৰিব লগা হ'ল। ঘৰখনলৈ যেন অন্ধকাৰ নামি আহিল। সতি সন্তানেৰে ভৰা ডাঙৰ পৰিয়ালটো ভৰণ পোষণ দিয়াত সমস্যা সৃষ্টি হ'ল। এনে এক দুৰ্যোগৰ সময়তেই এদিন ডেমিট্ৰিৰ পিতৃৰ মৃত্যু হয়। ডেমিট্ৰি তেতিয়া মাত্ৰ 13 বছৰীয়া। দেউতাকৰ মৃত্যুৰ পিছত ডেমিট্ৰিৰ মাতৃয়ে পুৰণি গ্লাছৰ ফেক্টৰীটো পুনৰ আৰম্ভ কৰিলে। ফেক্টৰীৰ সীমিত উপাৰ্জনেৰে পৰিয়ালটো যেনে তেনে চলি আছিল। পিছে বিধিয়ে দিলেও বিধাতাই নিদিয়ে। দুবছৰ পিছত ফেক্টৰীটোত জুই লাগি সম্পূৰ্ণ ছাঁই হৈ গ'ল। পৰিয়ালৰ মুৰত যেন সৰগ ভাগি পৰিল। উপায়হীন হৈ ডেমিট্ৰিৰ মাতৃয়ে আনৰ ঘৰত বনকৰা লিগিৰী হিচাবে থাকি ধন উপাৰ্জন কৰিব লগা হৈছিল। 16 বছৰীয়া ডেমিট্ৰি মেণ্ডেলিভে ইতিমধ্যে বহু কষ্ট আৰু অনাতনৰ মাজেৰে বিদ্যালয়ৰ শিক্ষা শেষ কৰি ঘৰৰ পৰা কিছু আঁতৰৰ ছেইন্ট পিটাৰবাৰ্গৰ কলেজত পঢ়িবলৈ গ'ল। 1855 চনত 21 বছৰীয়া ডেমিট্ৰি মেণ্ডেলিভে শিক্ষকতা আৰম্ভ কৰে। শিক্ষকতাৰ লগে লগে তেওঁ আগবঢ়াই নিছিল তেওঁৰ উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণা। 1856 চনত ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বৈজ্ঞানিক গৱেষণাত অধিক মনোনিৱেশ কৰে। 1859-1860 চনত তেওঁ জাৰ্মানীৰ হেইডেলবাৰ্গ বিশ্ববিদ্যালয়ত থকা সময়ত লগ পাইছিল প্ৰসিদ্ধ ৰসায়ন বিজ্ঞানী ৰবাৰ্ট বুনচেন আৰু গুস্তাভ' কিৰ্চফক। সেই বছৰতেই ডেমিট্ৰি মেণ্ডেলিভে আন্তৰাষ্ট্ৰীয় ৰসায়ন অধিবেশনত যোগদান কৰাৰ সুবিধা লাভ কৰে। এই অধিবেশনত যোগদান কৰাৰ পিছত তেওঁ মৌল সমূহৰ শ্ৰেণীবিভাজন কৰাৰ বাবে গৱেষণা আৰম্ভ কৰে। ইয়াৰ বাবে তেওঁ সেই সময়ত আৱিষ্কৃত 65 টা মৌলৰ নাম কেইখনমান কাৰ্ডত লিখি ল'লে। প্ৰতিখন কাৰ্ডত এটাকৈ মৌলৰ নামৰ লগত এই মৌলবোৰৰ পাৰমানবিক ভৰ আৰু বিভিন্ন ধৰ্মসমূহ লিখি কাৰ্ডবোৰ বিভিন্ন ধৰণে সজাই সেইবোৰ নিৰীক্ষণ কৰি থাকোতে গম পালে যে পাৰমানবিক ভৰৰ উৰ্ধক্ৰমত সজালে মৌলবোৰৰ ৰসায়নিক আৰু ভৌতিক গুণবোৰৰ পৰ্যায়ক্ৰমে পুণৰাবৃত্তি ঘটে। এয়া এক যুগান্তকাৰী আৱিষ্কাৰ। এই আৱিষ্কাৰৰ ফলত সহজ হৈ পৰিল ৰসায়ন বিজ্ঞানৰ অধ্যয়ন। মেণ্ডেলিভে আৱিষ্কাৰ কৰা এই তত্ব সমগ্ৰ বিশ্বত বন্দিত হ'ল। আজি আমি সকলোৱে মেণ্ডেলিভৰ দ্বাৰা সৃষ্ট এই তালিকাখনক মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বুলি জানো। বিজ্ঞানৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে বুজি পায় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ গুৰুত্ব। আজি তেওঁৰ জন্মদিনত আমাৰ হিয়াভৰা ওলগ আৰু আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ।

No comments:

Post a Comment