Monday 25 May 2020

দুৰ্বল হৈ অহা পৃথিৱীৰ চুম্বকক্ষেত্ৰখন


সমগ্ৰ মহাবিশ্বতেই বিভিন্ন মহাজাগতিক ৰশ্মিৰ বিকিৰণ হৈ আহিছে অহৰহ। এই মহাজাগতিক ৰশ্মিবোৰৰ বেছি ভাগেই কিন্তু সমস্ত জীৱকুলৰ বাবে প্রাণঘাতী। তথাপিও বাৰু পৃথিৱীখনত সমগ্ৰ জীৱকুল কেনেদৰে সুকলমে জীয়াই আছে? ইয়াৰ প্ৰধান কাৰণ হ'ল ক্ষতিকাৰক এই মহাজাগতিক ৰশ্মিবোৰ পৃথিবীৰ বাতাবৰণত প্রৱেশই কৰিব নোৱাৰে। এই ক্ষতিকাৰক ৰশ্মিবোৰক বাধা দিবলৈ আমাৰ পৃথিৱীৰ আছে এক শক্তিশালী কৱচ, যাৰ নাম পৃথিৱীৰ চুম্বকক্ষেত্র। কিন্তু এই ৰক্ষাকাৰী কৱচ স্বৰূপ পৃথিৱীৰ চৌদিশৰ চুম্বকক্ষেত্ৰখনেই এতিয়া দিনে দিনে দুর্বল হৈ পৰিছে!

ইউৰোপিয়ান স্পেছ এজেঞ্চিৰ উচ্চ প্রযুক্তিসম্পন্ন তিনিটা কৃত্ৰিম উপগ্ৰহই বিগত ২০১৩ চনৰ পৰাই পৃথিৱীৰ আশপাশে কক্ষপথত ঘূর্ণীয়মান নক্ষত্রপুঞ্জবোৰৰ লগত পৃথিৱীৰ আকর্ষণ আৰু বিকর্ষণ বলৰ তথ্য প্ৰদান কৰি আহিছে। এই তথ্য সমূহৰ আধাৰতেই ইউৰোপিয়ান স্পেছ এজেঞ্চিৰ বিজ্ঞানীসকলে পৃথিৱীৰ সমুদ্রতলৰ বিভিন্ন স্থানত ভূচুম্বকীয় বলৰেখাবোৰৰ পৰিমাপ নিৰ্ধাৰণ কৰি আহিছে।

২০২০ চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ  বিজ্ঞানী সকলে চলোৱা গৱেষণাত আকস্মিক ভাৱে ধৰা পৰে যে বিগত সময়চোৱাত পৃথিবীৰ  চৌম্বক ক্ষেত্রখনৰ কিছু অংশ ধীৰে ধীৰে দুর্বল হৈ আহিছে। ইউৰোপিয়ান মহাকাশ সংস্থাৰ বিজ্ঞানী সকলে জনাইছে যে আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন স্থানৰ লগতে দক্ষিণ আটলান্টিক মহাসাগৰৰ বিভিন্ন স্থানত ইতিমধ্যে ভূচুম্বকীয় বলৰেখাবোৰ বিশেষ ভাবে দুর্বল হৈ পৰিছে। তেওঁলোকৰ মতে এই স্থান সমূহত পৃথিৱীৰ চৌম্বকক্ষেত্রৰ শক্তি ইয়াৰ স্বাভাৱিক মান ২৪,০০০ নেন'টেছলাৰ পৰা কমি ২২,০০০ নেন'টেছলা হৈছে। তাতকৈয়ো গুৰুতৰ কথাটো হ'ল, বিগত তিনিটা বছৰত গড় হিচাবে প্রতি বছৰত প্ৰায় ৪০০ বৰ্গ কিলোমিটাৰ দুৰত্বলৈ চৌম্বকক্ষেত্রৰ দুর্বলতা ক্ৰমে বাঢ়ি আহিছে।

হয়তো মনলৈ এটা প্ৰশ্ন আহিছে - পৃথিৱীৰ চুম্বকক্ষেত্ৰ কি ? আমি সকলোৱেই জানো যে ভূপৃষ্ঠৰ অভ্যন্তৰত গলিত লাভা আছে আৰু এই গলিত লাভাবোৰ লো আদি বিভিন্ন ধাতু তথা ধাতবীয় খনিজ পদার্থৰে গঢ়া। ভূগৰ্ভৰ প্রচণ্ড উত্তাপ আৰু চাপৰ প্ৰভাৱত এই ধাতু বা ধাতবীয় যৌগবোৰ গলিত হৈ ভাসমান অবস্থাত আছে। ভূপৃষ্টৰ পৰা প্রায় ৩০০০ কিলোমিটাৰ তলত এই গলিত লৌহ জাতীয় পদাৰ্থবোৰ কিন্তু একেঠাইতে স্থিৰে থাকিব নোৱাৰে। বৰং পৃথিৱীৰ অতি দ্ৰুত হাৰত হোৱা ঘূৰ্ণনৰ বাবে এই গলিত লাভাবোৰো পৃথিৱীৰ আভ্যন্তৰত অতিশয় গতিশীল হৈ থাকে। ভূগৰ্ভত থকা এই গলিত লৌহ জাতীয় পদাৰ্থবোৰৰ গতিশীলতাৰ বাবেই পৃথিৱীৰ চৌদিশে এখন চৌম্বকক্ষেত্র সৃষ্টি হয়। আৰু এই চৌম্বক্ষেত্ৰখনেই সূৰ্যৰ পৰা অহা ক্ষতিকাৰক বিকিৰণৰ লগতে বিভিন্ন মহাজাগতিক ৰশ্মিবোৰৰ পৰা আমাৰ পৃথিৱীখনক সুৰক্ষা প্ৰদান কৰি আহিছে, থিক যেনেদৰে বায়ুমণ্ডলৰ অজ'ন স্তৰে আমাক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা বচাই আহিছে।

বিজ্ঞানীসকলৰ মতে চৌম্বকক্ষেত্র এখন যিমানেই শক্তিশালী হয়, সিমানেই ক্ষতিকাৰক বিকিৰণক বাধা প্ৰদান কৰাত ই সক্ষম হয়। কিন্তু চিন্তাৰ বিষয় এই যে দক্ষিণ আটলান্টিক মহাসাগৰ প্ৰমুখ্যে আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত বিগত তিনিটা বছৰত পৃথিৱীৰ চুম্বকক্ষেত্ৰখন বাৰুকৈয়ে দুৰ্বল হৈ পৰিছে। ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানী সকল বৰ্তমান চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হোৱাৰ প্ৰকৃত কাৰণ জানিবৰ বাবে ভূগর্ভৰ সমস্ত গলিত লাভাৰ চালচলন আৰু ইয়াৰ বিভিন্ন পৰিবর্তনবোৰ বুজিবলৈ গৱেষণা আৰম্ভ কৰিছে।

বিজ্ঞানীসকলৰ মতে পৃথিবীৰ চৌম্বকক্ষেত্র দুর্বল হোৱাৰ অন্যতম এটা কাৰণ হ'ল পৃথিবীৰ চুম্বকীয় মেৰু পৰিবর্তন। পৃথিবীৰ চুম্বকীয় উত্তৰ আৰু দক্ষিণ মেৰুৱে সময়ে সময়ে নিজৰ স্থান পৰিবৰ্তন কৰে। প্ৰায় ২.৫ লাখ বছৰৰ মুৰে মুৰে এনেদৰে পৃথিবীৰ চুম্বকীয় মেৰু পৰিবর্তন হোৱাতো এক স্বাভাৱিক প্ৰক্ৰিয়া। এইখিনিতেই উল্ল্যেখ কৰা উচিত যে পৃথিৱীৰ উত্তৰ মেৰু আৰু ভূচুম্বকীয় উত্তৰ মেৰু একে নহয়। এই চুম্বকীয় মেৰু পৰিবর্তনৰ ফলত বিভিন্ন  ক্ষতিকাৰক মহাজাগতিক ৰশ্মিবোৰ পৃথিবীৰ বাতাৰণত সহজেই প্ৰবেশ কৰিব পাৰে। আৰু ই সমস্ত জীৱকুলৰ বাবেই এক ভয়াবহ মহাজাগতিক অভিশাপ হৈ পৰিব পাৰে। তদুপৰি ইয়াৰ ফলত বিভিন্ন কৃত্ৰিম উপগ্রহবোৰো অকামিলা হৈ সমস্ত যোগাযোগ ব্যৱস্থাটোৱেই স্থৱিৰ কৰি তুলিব পাৰে। যাৰ ফলত টেলিকম নেটৱর্ক, মোবাইল ফোন, বতৰ বিজ্ঞান, দুৰসংবেদন, উৰাজাহাজৰ চলাচল আদি বাৰুকৈয়ে প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে।


অৱশ্যে এটা কথা সঁচা যে পৃথিৱীৰ চুম্বকীয় উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ স্থান পৰিবর্তন এক অতি লেহেমীয়া প্ৰক্ৰিয়া আৰু ইয়াক পূৰ্ণ হ'বলৈ আৰু বহুত সময়ৰ প্ৰয়োজন হ'ব। সেয়েহে আমাৰ বিজ্ঞানীসকল আশাবাদী যে যথাসময়ত তেওঁলোকে এই মহাজাগতিক অভিশাপৰ পৰা জীৱকুলক ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা উদ্ভাৱন কৰিব পাৰিব।

No comments:

Post a Comment